জম্মু আৰু কাশ্মীৰৰ পুলৱামাৰ জন ঔষধিৰ হিতাধিকাৰী গুলাম নবী ডৰে প্ৰধানমন্ত্ৰী মোদীক আঁচনিটোৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে ইয়াৰ জৰিয়তে তেওঁ আৰু আন নাগৰিকসকলে ব্যয়সাধ্য মূল্যত জেনেৰিক ঔষধৰ দ্বাৰা উপকৃত হৈছে৷ জন ঔষধি কেন্দ্ৰত ঔষধ ক্ৰয়ৰ জৰিয়তে তেওঁ প্ৰায় ৯০০০ টকা ৰাহি কৰিবলৈ সমৰ্থ হৈছে বুলি অৱগত কৰে৷
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জম্মু আৰু কাশ্মীৰৰ জনতাই এই আঁচনিৰ পৰা উপকৃত হোৱা জানি তেওঁ সন্তোষ লাভ কৰিছে৷ তেওঁ কয় যে চৰকাৰে এই আঁচনিক প্ৰতিখন গাঁৱলৈ লৈ যোৱাৰ বাবে প্ৰয়াস কৰিব যাতে সকলো নাগৰিক উপকৃত হয়৷
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘অনুচ্ছেদ ৩৭০ বাহাল থকাৰ পূৰ্বে জম্মু আৰু কাশ্মীৰত উন্নয়ন সাধন কৰাটো কঠিন কাম আছিল৷ কিন্তু বৰ্তমান অঞ্চলটোৰ জনসাধাৰণে চৰকাৰী আঁচনিসমূহৰ দ্বাৰা উপকৃত হৈছে৷ এইমছ নিৰ্মাণৰ কাম চলি আছে৷ সকলোৱে জম্মু আৰু কাশ্মীৰত ‘সকলোৰে সৈতে সকলোৰে বিকাশ আৰু সকলোৰে বিশ্বাস’ প্ৰত্যক্ষ কৰিবলৈ সমৰ্থ হৈছে৷
গুলাম নবী ডৰৰ সৈতে হোৱা বন্ধুত্বপূৰ্ণ বাৰ্তালাপত প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছ নেতা গুলাম নবী আজাদৰ কথা উল্লেখ কৰি কয়, ‘‘গুলাম নবী চাহাব, দিল্লীত মোৰ আপোনাৰ নামৰ সৈতে এজন বন্ধু আছে৷ যেতিয়া মই পৰৱৰ্তী সময়ত গুলাম নবী মহোদয়ক সাক্ষাৎ কৰিম তেতিয়া পুলৱামাত এজন প্ৰকৃত গুলাম নবীৰ সাক্ষাতৰ সুযোগ পোৱা বুলি উল্লেখ কৰিম৷’’