মহিলাসকলৰ সন্মানাৰ্থে প্ৰধানমন্ত্ৰী মোদীয়ে ‘ছী ইন্সপায়াৰ্ছ আছ’ অভিযানৰ মুকলি কৰাৰ পিছত কাশ্মীৰৰ আৰিফা জানে প্ৰধানমন্ত্ৰীৰ একাউণ্টৰ পৰা নিজৰ জীৱনৰ কাহিনী সকলোৰে সৈতে বিনিময় কৰে৷ আৰিফা হ’ল কাশ্মীৰৰ এগৰাকী শিল্পী যিয়ে ‘নামদা কলা’ৰ পুনৰুদ্ধাৰত ব্ৰতী হৈছে৷
তেওঁ নিজৰ প্ৰথম ব্যৱসায়িক কাৰ্যকলাপৰ বিষয়ে বিনিময় কৰে য’ত তেওঁ নতুন দিল্লীত অনুষ্ঠিত হস্তশিল্পৰ প্ৰদৰ্শনী এখনত অংশগ্ৰহণ কৰিবলৈ আহিছিল৷ তাত তেওঁ নিজৰ সামগ্ৰীসমূহৰ উপযুক্ত গ্ৰাহক পোৱাৰ লগতে যথেষ্ট পৰিমাণৰ ধনো অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল৷
প্ৰধানমন্ত্ৰী মোদীৰ ‘ছী ইনস্পায়াৰ্ছ আছ’ অভিযানক প্ৰশংসা কৰি আৰিফাই কয় যে এই পদক্ষেপৰ জৰিয়তে তেওঁ নিজৰ আত্মবিশ্বাস বৃদ্ধি হৈছে আৰু ইয়ে তেওঁক আৰু লগতে কাশ্মীৰৰ সকলো শিল্পীক কঠোৰ পৰিশ্ৰম কৰিবলৈ উদগনি যোগাব৷
I always dreamt of reviving the traditional crafts of Kashmir because this is a means to empower local women.
— Narendra Modi (@narendramodi) March 8, 2020
I saw the condition of women artisans and so I began working to revise Namda craft.
I am Arifa from Kashmir and here is my life journey. #SheInspiresUs pic.twitter.com/hT7p7p5mhg