প্ৰধানমন্ত্ৰী মোদীয়ে জন ঔষধিৰ হিতাধিকাৰীসকলৰ ভিতৰত এগৰাকীৰ সৈতে কথা পাতি আবেগিক হৈ পৰে৷ ডেৰাডুনৰ দীপা শ্বাহ যি ২০১১ চনৰ পৰা পেৰালাইছিছত আক্ৰান্ত হৈ আছে, তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ মাজত ঈশ্বৰক দেখা পোৱা বুলি উল্লেখ কৰে৷ তেওঁ প্ৰধানমন্ত্ৰী মোদীক জন ঔষধি যোজনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয়, ‘‘মই ঈশ্বৰ দেখা পোৱা নাই কিন্তু আপোনাৰ মাজত ঈশ্বৰক দেখা পাইছো৷’’
প্ৰধানমন্ত্ৰী মোদীক কৃতজ্ঞতা জনাই তেওঁ কয়, ‘‘আপোনাৰ কণ্ঠস্বৰ আৰু আপোনাৰ আশীৰ্বাদত মই আৰোগ্য লাভ কৰিছো আৰু কথা ক’বলৈ সক্ষম হৈছো৷’’ মহিলাগৰাকীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱাটকো তেওঁৰ আৰোগ্য লাভত সহায় কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে৷
তেওঁ প্ৰধানমন্ত্ৰীক এইবুলিও অৱগত কৰে যে জন ঔষধি আঁচনিৰ ফলত তেওঁ প্ৰতিমাহে ৩,৫০০ টকাকৈ ৰাহি কৰিবলৈ সমৰ্থ হৈছে৷
প্ৰধানমন্ত্ৰী মোদীয়ে মহিলাগৰাকীৰ সাহসক প্ৰশংসা কৰি কয়, ‘‘আপুনি নিজৰ ইচ্ছাশক্তিৰে ৰোগক পৰাভূত কৰিছে৷ আপোনাৰ সাহসেই হ’ল আপোনাৰ বাবে ঈশ্বৰ আৰু তেওঁৱেই এই বৃহৎ সমস্যাৰ পৰা মুক্তি পোৱাৰ শক্তি প্ৰদান কৰিছে৷ আপুনি এই আত্মবিশ্বাস কঢ়িয়াই লৈ ফুৰা উচিত৷’’