জৰুৰীকালীন অৱস্থাৰ অন্ধকাৰ দিনবোৰত, নৰেন্দ্ৰ মোদী কংগ্ৰেছ চৰকাৰখনে কৰা অত্যাধিকতাৰ বিৰুদ্ধে গুপ্ত আন্দোলন (underground movement) ত সক্ৰিয়ভাৱে জড়িত আছিল। ১৯৭৫ ৰ এক কৌতূহলোদ্দীপক সংঘৰ্ষৰ বৰ্ণনা কৰি গুজৰাটৰ বাসিন্দা ৰোহিত আগৰৱালাই কয়, "নৰেন্দ্ৰ কাকাই নিজকে চৰ্দাৰজী বুলি ছদ্মবেশ ধৰি আৰক্ষীৰপৰা পলাই চলিছিল।"
শ্ৰী আগৰৱালাই সেই ঘটনাটোৰ বৰ্ণনা কৰি কয়, নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰৰ পোছাক পিন্ধি ঘৰৰপৰা ওলাই আহিছিল আৰু ঠিক সেই মুহূৰ্ততে আৰক্ষীৰ জোৱানসকলে তেখেতকেই বিচাৰি আহিছিল। আগৰৱালাই কয় যে কেৱল আৰক্ষীয়েই নহয় বৰঞ্চ তেওঁৰ ঘৰৰো কোনেও তেখেতক নৰেন্দ্ৰ মোদী বুলি চিনাক্ত কৰিব নোৱাৰিলে।
ৰোহিত আগৰৱালাই কয়, "১৯৭৫ ত ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰোতে নৰেন্দ্ৰ কাকাই সেই সময়ত মধু কুঞ্জস্থিত আমাৰ ঘৰত আমাৰ সৈতে চৰ্দাৰজীৰ ছদ্মবেশেৰে আছিল। এবাৰ তেখেতে চৰ্দাৰজীৰ বেশত বাহিৰলৈ ওলাই আহিছিল আৰু আৰক্ষীয়ে তেখেতৰ ওচৰলৈ গৈ সুধিছিল– নৰেন্দ্ৰ মোদী ক'ত আছে? মোদীয়ে মই নাজানো বুলি উত্তৰ দিয়ে। তেখেতে আপোনালোকে ভিতৰলৈ যাব আৰু অনুসন্ধান কৰিব পাৰে বুলি কয়। নৰেন্দ্ৰভায়ে আৰক্ষীক ভিতৰলৈ যাবলৈ কয় আৰু মোৰ ভ্ৰাতৃৰ সৈতে স্কুটাৰত উঠি প্ৰস্থান কৰে। নৰেন্দ্ৰ মোদীৰ প্ৰকাশ (appearance) ক লৈ কেৱল আৰক্ষীয়েই নহয়, আনকি আমিও বিবুদ্ধিত পৰিছিলো।"
#ModiStory
— Modi Story (@themodistory) March 29, 2022
Do you know how Narendra Modi evaded police during emergency?
Rohit Agrawal from Gujarat narrates an interesting encounter.
For more: https://t.co/9iulCar3rR
Follow: @themodistory pic.twitter.com/mYPbzRMTDu
দাবী অস্বীকাৰঃ
এয়া হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কেন্দ্ৰ কৰি জনতাৰ আমোদজনক কথা/ তেখেত সন্দৰ্ভত অভিমত/ বিশ্লেষণ বৰ্ণনাকাৰী বা স্মৰণ কৰা ও মানুহৰ জীৱনত তেখেতৰ প্ৰভাৱ সম্পৰ্কীয় ঘটনাৰাজি সংগ্ৰহৰ প্ৰচেষ্টাৰ এটি অংশ।