পৰীক্ষা পে চৰ্চা অনুষ্ঠানত শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী মোদীক প্ৰশ্ন কৰে যে অধ্যয়নৰ শ্ৰেষ্ঠ সময় কোনখিনি, একেবাৰে পুৱা নে গভীৰ নিশা?
শিক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে শিক্ষাৰ্থীক উপদেশ দিয়াৰ ক্ষেত্ৰত তেওঁৰ ৫০ শতাংশহে কৰ্তৃত্ব আছে, কিয়নো তেওঁ পুৱাই উঠে যদিও ব্যস্ত সূচীৰ বাবে নিশা দেৰিলৈ থাকিবগলীয়া হয়৷
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মই তোমালোকক পুৱা সোনকাল উঠিবলৈ উপদেশ দিও৷ কাৰণ, পুৱা আমাৰ মন সতেজ হৈ থাকে আৰু পঢ়া কথাবোৰ ভালকৈ মনত ৰাখিব পাৰো৷ কিন্তু সকলোৰে নিজৰ নিজৰ কিছুমান অভ্যাস থাকে আৰু নিজৰ সুবিধা অনুসৰি ইয়াক অনুসৰণ কৰা উচিত৷’
প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে কিদৰে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে মাকক নিজৰ পচন্দৰ খাদ্য বিচাৰি বা পঢ়িবলৈ পুৱা সোনকাল জগাই দিবলৈ দাবী জনায়৷