প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাডাখৰ জনসাধাৰণৰ জীৱন সহজসাধ্য কৰি তুলিবলৈ লোৱা অংগীকাৰৰ কথা দোহাৰে। তেওঁ লাডাখ লোকসভাৰ সাংসদ জাময়াং চেৰিং নামগিয়ালৰ এটা টুইটৰ সঁহাৰি দিছিল য'ত সাংসদগৰাকীয়ে লাডাখক সকলো বতৰৰ অনুকূল যাতায়াত ব্যৱস্থা প্ৰদান কৰাৰ বাবে ৪.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ শিনকুন লা নিৰ্মাণৰ বাবে ১৬৮১.৫১ কোটি টকাৰ অনুমোদন দিয়াত লাডাখৰ জনসাধাৰণ সুখী হোৱাৰ বাৰ্তা দাঙি ধৰিছিল।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
লাডাখৰ জনসাধাৰণৰ জীৱন সহজসাধ্য কৰি তুলিবলৈ আমি কোনোধৰণৰ চেষ্টাৰ ক্ৰুটি কৰা নাই।
लद्दाख के लोगों का जीवन आसान बने, इसके लिए हम कोई कोर-कसर नहीं छोड़ने वाले हैं। https://t.co/1HMil5paGK
— Narendra Modi (@narendramodi) February 19, 2023