দেশৰ নাগৰিকক বিভিন্ন সেৱা ডিজিটেলযোগে প্ৰদান কৰিব পৰাকৈ ২০১৫ চনৰ ১ জুলাই তাৰিখে ডিজিটেল ইণ্ডিয়া কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। এই পৰ্যন্ত ই এক অতি সফল কাৰ্যসূচী বুলি প্ৰমাণিত হৈছে।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ডিজিটেল ইণ্ডিয়া কাৰ্যসূচী সম্প্ৰসাৰণৰ বাবে যাৱতীয় অনুমোদন জনায়। ইয়াৰ বাবে মুঠ ব্যয় ধাৰ্য্য কৰা হৈছে ১৪,৯০৩ কোটি টকা।

এই সম্প্ৰসাৰণ কাৰ্যসূচীয়ে নিম্নলিখিত দিশবোৰক সক্ৰিয় কৰি তুলিব:

    • ফিউচাৰস্কিলছ প্ৰাইম প্ৰগ্ৰেমৰ অধীনত ৬.২৫ লাখ আই টি পেছাদাৰীক পুনৰ প্ৰশিক্ষণেৰে দক্ষ কৰি তোলাৰ উপৰি আৰু আপ-স্কিল কৰা হ’ব;
    • তথ্য সুৰক্ষা আৰু শিক্ষা সজাগতা পৰ্যায় (আই এছ ই এ) কাৰ্যসূচীৰ অধীনত ২.৬৫ লাখ ব্যক্তিক তথ্য সুৰক্ষাৰ প্ৰশিক্ষণ দিয়া হ’ব;
    • ইউনিফাইড মোবাইল এপ্লিকেচন ফৰ নিউ-এজ গভৰ্নেন্স (UMANG) এপ্প/ প্লেটফৰ্মৰ অধীনত ৫৪০ টা অতিৰিক্ত সেৱা উপলব্ধ হ’ব। বৰ্তমান এই উমংগ প্লেটফৰ্মত ১৭০০ৰো অধিক সেৱা উপলব্ধ হৈ আছে;
    • ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটাৰ মিছনৰ অধীনত আৰু ৯টা ছুপাৰ কম্পিউটাৰ সংযোজন কৰা হ’ব। ইয়াৰ উপৰিও ইতিমধ্যে ১৮টা ছুপাৰ কম্পিউটাৰ নিয়োজিত হৈ আছে;
    • ভাষিনী, কৃত্ৰিম বুদ্ধিমত্তা বা এআই সক্ষম বহুভাষিক অনুবাদ সঁজুলি ২২টা সূচীভুক্ত ভাষাৰ ৮ ভাষাৰ সকলোতে প্ৰযোজ্য কৰা হ’ব। সম্প্ৰতি এই সুবিধা ১০টা ভাষাত উপলব্ধ;
    • ১,৭৮৭ খন শিক্ষানুষ্ঠানক সংযোগ কৰা ৰাষ্ট্ৰীয় জ্ঞান নেটৱৰ্ক (এন কে এন)ৰ আধুনিকীকৰণ;
    • ডিজি লকাৰৰ অধীনত ডিজিটেল নথিপত্ৰ পৰীক্ষণৰ সুবিধা এতিয়া এমএছএমই আৰু অন্যান্য সংস্থাসমূহৰ বাবে উপলব্ধ হ’ব;
    • ২ বা ৩ স্তৰৰ চহৰত ১২০০ টা ষ্টাৰ্টআপলৈ সমৰ্থন আগবঢ়োৱা হ’ব;
    • স্বাস্থ্য, কৃষি আৰু বহনক্ষম চহৰৰ ওপৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ৩টা উৎকৰ্ষ বৃদ্ধি কেন্দ্ৰ স্থাপন কৰা হ’ব;
    • ১২ কোটি কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে চাইবাৰ-সজাগতা পাঠ্যক্ৰম;
    • চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত নতুন পদক্ষেপসমূহৰ ভিতৰত আছে সা-সঁজুলিৰ বিকাশ আৰু ৰাষ্ট্ৰীয় চাইবাৰ সমন্বয় কেন্দ্ৰৰ সৈতে ২০০ৰো অধিক স্থানৰ একত্ৰীকৰণ।

আজিৰ ঘোষণাই ভাৰতৰ ডিজিটেল অৰ্থনীতিক এক ব্যাপক উত্থান প্ৰদান কৰিব, সেৱাসমূহৰ ডিজিটেল প্ৰৱেশৰ ক্ষেত্ৰত সহায় কৰিব, আৰু ভাৰতৰ তথ্য প্ৰযুক্তি আৰু ইলেক্ট্ৰনিক্স পৰিৱেশ তন্ত্ৰক সমৰ্থন কৰিব।

 

  • Jitendra Kumar June 04, 2025

    🙏🙏🙏
  • Reena chaurasia September 08, 2024

    BJP BJP
  • Babla sengupta February 14, 2024

    Babla sengupta
  • Babla sengupta February 08, 2024

    Babla sengupta
  • Babla sengupta January 05, 2024

    Babla sengupta
  • Deepak Kumar September 17, 2023

    peepak,kumar
  • Deepak Kumar September 17, 2023

    b.jp
  • T.ravichandra Naidu August 23, 2023

    దేశానికే గర్వకారణం ఇస్రో సాధించిన విజయం చంద్రయాన్ 3 చేరను గమ్యం ఇది దేశ ప్రజలకు ఇస్రో శాస్త్రవేత్తలకు శుభ పరిణామం జయహో భారత్ భారత్ మాతాకీ జై జై శ్రీరామ్
  • RAKESHBHAI RASIKLAL DOSHI August 23, 2023

    સરકારશ્રી દ્વારા ડિજિટલ પર તરફ આગળ વધવાના અનેક પ્રયત્નો કરવામાં આવી છે પણ છેલ્લા 22 દિવસથી ગુજરાત સરકારની આરટીઓની વેબસાઈટ બંધ છે સરકારી વેબસાઈટ જ ચોખાડી ગઈ હોય તો પછી આમાં ડીઝીટલાઇઝેશનની વાત કરવી ખરેખર વ્યાજબી લાગે છે આપને?. કે ફક્ત વાતો કરીને જ લોકોને મન મનાવવામાં આવે છે તેવી રીતે ભાવનગર જિલ્લામાં પણ સબ રજીસ્ટા ઓફિસથી લઈને અનેક જગ્યાએ સવારનો વાર વેબસાઈટ એક થવાને કારણે લોકોએ ખૂબ જ મોટી હેરાનગતિ ભોગવી પડે છે અને લોકોનો સમય અને નાણાંનો ખૂબ મોટો વેદ પાઠ થાય છે માટે આવી દરેક જગ્યાએ ગુજરાત સરકારની જે પણ વેબસાઈટ છે તે વ્યવસ્થિત ચાલે અને ઇન્ટરનેટની સુવિધા નિયમિત અને સારી રીતે મળે આવા અનેક પ્રયત્નો સરકાર દ્વારા જલ્દીથી કરવામાં આવે.
  • Sunu Das August 20, 2023

    🥳🥳🥳🥳🥳( Jay shree Ram 🚩 😎)🥳🥳🥳🥳🥳🥳🥳🥳bohot acha kaam kar raha ho Modi🦁ji social media ka power aapko pata chal raha hai tab धीरे-धीरे Haryana ka system😎 hila dega elvish 🔥 Bhai Yuva ladka hai 😎😎😎😎 link 👇👇👇👇👇👇👇😍 https://youtu.be/Lc0iVDAW0VY.
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Building AI for Bharat

Media Coverage

Building AI for Bharat
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Gujarat Governor meets Prime Minister
July 16, 2025

The Governor of Gujarat, Shri Acharya Devvrat, met the Prime Minister, Shri Narendra Modi in New Delhi today.

The PMO India handle posted on X:

“Governor of Gujarat, Shri @ADevvrat, met Prime Minister @narendramodi.”