‘‘২০১৯ চনত মহাত্মা গান্ধীৰ ১৫০তম জন্মজয়ন্তীত এক স্বচ্ছ ভাৰত প্ৰদান কৰাই হ’ব তেওঁৰ প্ৰতি উত্তম শ্ৰদ্ধাঞ্জলি’, নতুন দিল্লীৰ ৰাজপথত স্বচ্ছ ভাৰত অভিযানৰ সূচনা কৰি শ্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়৷ ২০১৪ চনৰ ২ অক্টোবৰৰ দিনা সমগ্ৰ ভাৰততে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী হিচাপে স্বচ্ছ ভাৰত অভিযানৰ সূচনা হৈছিল৷
স্বচ্ছতাৰ জন আন্দোলনক নেতৃত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে জনতাক মহাত্মা গান্ধীৰ স্বচ্ছ আৰু সুস্থ ভাৰতৰ সপোনক বাস্তৱায়িত কৰি তুলিবলৈ আহ্বান জনায়৷ শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বয়ং মন্দিৰ মাৰ্গ আৰক্ষী থানাত স্বচ্ছতা অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ লেতেৰা পৰিষ্কাৰ কৰাৰ বাবে হাতত ঝাৰু উঠাই প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণে লেতেৰা কৰা উচিতো নহয় আৰু আনকো লেতেৰা কৰিবলৈ দিব নালাগে৷ ইয়াৰ বাবে তেওঁ সকলোলৈ এফাঁকি মন্ত্ৰ প্ৰদান কৰে- ‘‘নিজেও লেতেৰা নকৰো আৰু আনকো কৰিবনৈ নিদিও৷’’ শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক এই স্বচ্ছতাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ তথা প্ৰত্যেককে আন নজন ব্যক্তিক আমন্ত্ৰণ কৰিবলৈ আহ্বান জনায়৷
এই অভিযানলৈ জনসাধাৰণক আমন্ত্ৰণৰ জৰিয়তে স্বচ্ছতা অভিযান এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ জন আন্দোলনলৈ পৰিৱৰ্তিত হৈছে৷ জনসাধাৰণৰ মনত স্বচ্ছ ভাৰত অভিযানৰ প্ৰতি এক দায়িত্ববোধৰ উদ্ৰেক হৈছে৷ অধিক সংখ্যক জনতাৰ অংশগ্ৰহণৰ দ্বাৰা মহাত্মা গান্ধীয়ে দেখা ‘স্বচ্ছ ভাৰত’ৰ সপোনে এতিয়া মাত্ৰা লাভ কৰিছে৷
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বক্তৃতা তথা কাৰ্যৰে জনতাৰ মাজত স্বচ্ছ ভাৰতৰ বাৰ্তা প্ৰচাৰত সহায় লাভ কৰিছে৷ তেওঁ বাৰাণসীতো এক স্বচ্ছতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ এই কাৰ্যসূচী তেওঁ গংগা নদীৰ আশীঘাটত সম্পন্ন কৰে৷ তাতে তেওঁ স্থানীয় বাসিন্দাই গ্ৰহণ কৰা স্বচ্ছতা অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে একে সময়তে ঘৰসমূহত উপযুক্ত টয়লেটৰ অভাৱৰ বাবে ভাৰতীয় পৰিয়ালসমূহত হোৱা স্বাস্থ্য সমস্যাৰ বিষয়েও মন্তব্য প্ৰদান কৰে৷
সমাজৰ বিভিন্ন অংশৰ লোকে আগবাঢ়ি আহি এই স্বচ্ছতাৰ জন আন্দোলনত অংশগ্ৰহণ কৰিছে৷ চৰকাৰী কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি জোৱানলৈ, বলিউদৰ অভিনেতাৰ পৰা ক্ৰীড়াবিদলৈ, ঔদ্যোগীৰ পৰা আধ্যাত্মিক নেতালৈ, সকলোৱে এই মহৎ কৰ্মৰ অংশীদাৰ হৈছে৷ সমগ্ৰ দেশৰ লক্ষাধিক লোকে ভাৰতক পৰিষ্কাৰ কৰি তোলাৰ অৰ্থে চৰকাৰী বিভাগ, এনজিঅ’ আৰু স্থানীয় সামাজিক কেন্দ্ৰৰ সৈতে সংবদ্ধ হৈছে৷ বিভিন্ন নাটক আৰু গীতৰ দ্বাৰা সঘনাই অনুষ্ঠিত কৰা পৰিষ্কাৰ শিবিৰৰ দ্বাৰা সমগ্ৰ ৰাষ্ট্ৰতে স্বাস্থ্যবিধি সন্দৰ্ভত সজাগতা প্ৰকাশ কৰা হৈছে৷
বলীউদৰ চেলিব্ৰেটীৰ পৰা আৰম্ভ কৰি টেলিভিচনৰ অভিনেতাসকলো আগবাঢ়ি আহি এই অভিযানৰ অংশীদাৰ হৈছে৷ উল্লেখযোগ্য ব্যক্তিত্ব যেনে অমিতাভ বচ্চন, আমিৰ খান, কৈলাশ খেৰ, প্ৰিয়ংকা চোপ্ৰা, ছাব টিভিৰ ‘তাৰক মেহতা কা উল্টা চশমা’ টিভি শ্ব’ৰ সমূহ কৰ্মকৰ্তাই এই স্বচ্ছ ভাৰত অভিযানত হাত উজান দিছে৷ আনহাতে শচীন তেণ্ডুলকাৰ, ছানিয়া মিৰ্জা, ছাইনা নেহৱাল আৰু মেৰী কমৰ দৰে ক্ৰীড়াবিদেও স্বচ্ছ ভাৰত অভিযানৰ অংশীদাৰ হৈছে৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ত স্বচ্ছ ভাৰত অভিযানক সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ব্যক্তিবিশেষৰ প্ৰয়াসক যথেষ্ট প্ৰশংসা কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ হাৰডা জিলাৰ চৰকাৰী কৰ্মচাৰীসকলক স্বচ্ছ ভাৰত অভিযানত প্ৰদান কৰা ভূমিকাক ভূয়সী প্ৰশংসা কৰে৷ বেংগালোৰৰ নিউ হৰাইজন বিদ্যালয়ৰ পাঁচ গৰাকী শিক্ষাৰ্থীয়ে পেলনীয়া সামগ্ৰী বেচা কিনা কৰাৰ বাবে প্ৰস্তুত কৰা এপৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোককো প্ৰশংসা কৰে৷
আইচিআইচিআই বেংক, পাঞ্জাৱ নেচনেল বেংক, এক্সএলআৰআই জামছেদপুৰ আৰু আইআইএম বাংগালোৰৰ দৰে সংস্থাসমূহেও জনসাধাৰণক স্বচ্ছতা সন্দৰ্ভত সজাগ কৰি তোলাৰ উদ্দেশ্যে স্বচ্ছতা অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷
শ্ৰী নৰেন্দ্ৰ মোদীয়েই সদায়েই ছ’চিয়েল মিডিয়াৰ জৰিয়তে জনসাধাৰণৰ অংশগ্ৰহণক মুকলিকৈ প্ৰশংসা কৰি আহিছে৷ শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত দৰ্শিকা শ্বাহৰ টেমছুটুলাইমছং আৰু স্বেচ্ছাসেৱীৰ দল এটাই প্ৰণয়ন কৰা ‘মিছন প্ৰভুঘাট’ শীৰ্ষক কাৰ্যসূচীকো প্ৰশংসা কৰে৷
সমগ্ৰ ৰাষ্ট্ৰতে নাগৰিকসকলে স্বচ্ছ ভাৰত অভিযানৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীক প্ৰচাৰ কৰিবলৈ একে সময়তে ‘#মাই ক্লীন ইণ্ডিয়া’ৰো মুকলি কৰা হয়৷
জনতাৰ অভুতপূৰ্ব সঁহাৰিয়ে স্বচ্ছ ভাৰত অভিযানক ‘জন আন্দোলন’ত পৰিণত কৰে৷ নাগৰিকসকলেও বৃহৎ সংখ্যাত পৰিষ্কাৰ আৰু স্বচ্ছ ভাৰতৰ শপত গ্ৰহণ কৰে৷ স্বচ্ছ ভাৰত অভিযানৰ সূচনা হোৱাৰ পিছত ঝাৰু লৈ পথ পৰিষ্কাৰ কৰা, জাৱৰ পৰিষ্কাৰ কৰা, অনাময়ত গুৰুত্ব প্ৰদান কৰা তথা স্বাস্থ্যবিধি পৰিবেশ বাহাল ৰখা আদি কাৰ্যসূচী নিত্য নৈমিত্তিক কাৰ্যসূচীৰ দৰে হৈ পৰিছে৷ জনতাই এতিয়া ‘ঈশ্বৰৰ পিছতেই স্বচ্ছতা’ শীৰ্ষক বাৰ্তাও প্ৰচাৰ কৰিবলৈ ধৰিছে৷
নগৰ অঞ্চলত ব্যক্তিগত টয়লেট নিৰ্মাণ আৰু গোটা জাবৰ ব্যৱস্থাপনাৰ দ্বাৰা স্বচ্ছ ভাৰত অভিযানক অগ্ৰগতি প্ৰদান কৰা হৈছে৷ গ্ৰামাঞ্চলত আন্তঃব্যক্তিগত যোগাযোগৰ সহিতে আচৰণগত পৰিৱৰ্তনত গুৰুত্ব প্ৰদান কৰাৰ লগতে গাঁও পঞ্চায়ত পৰ্যায়ত যোগান ব্যৱস্থাপনাৰ প্ৰণয়নক সৱলীকৰণ কৰা হৈছে যি স্থানীয় সংস্কৃতি, অভ্যাস, সংবেদনশীলতা আৰু চাহিদাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত৷ টয়লেট নিৰ্মাণৰ সাহায্য ২০০০ টকাৰ পৰা ১০০০০ টকা আৰু ১২০০০ টকালৈ বৃদ্ধি কৰা হৈছে৷ গাঁও পঞ্চায়ত পৰ্যায়ত গোটা আৰু তৰল জাবৰ ব্যৱস্থাপনা (এছএলডব্লিউএম)ৰ বাবে পুঁজিও আৱণ্টন দিয়া হৈছে৷