Quote“Today the cheetah has returned to the soil of India”
Quote“When we are away from our roots, we tend to lose a lot”
Quote“Amrit has the power to revive even the dead”
Quote“International guidelines are being followed and India is trying its best to settle these cheetahs”
Quote“Employment opportunities will increase as a result of the growing eco-tourism”
Quote“For India, nature and environment, its animals and birds, are not just about sustainability and security but the basis of India’s sensibility and spirituality”
Quote“Today a big void in our forest and life is being filled through the cheetah”
Quote“On one hand, we are included in the fastest growing economies of the world, at the same time the forest areas of the country are also expanding rapidly”
Quote“Since 2014, about 250 new protected areas have been added in the country”
Quote“We have achieved the target of doubling the number of tigers ahead of time”
Quote“The number of elephants has also increased to more than 30 thousand in the last few years”
Quote“Today 75 wetlands in the country have been declared as Ramsar sites, of which 26 sites have been added in the last 4 years”

মোৰ মৰমৰ দেশবাসী,

মানৱতাৰ সন্মুখত খুব কমেহে এনে সময় আহে যেতিয়া সময়ৰ চক্ৰই আমাক অতীত সংশোধন কৰি এক নতুন ভৱিষ্যত গঢ়াৰ সুযোগ দিয়ে। আজি সৌভাগ্যক্ৰমে আমাৰ হাতলৈ এনে এক ক্ষণ আহিছে। কেইবা দশক পূৰ্বে, জৈৱ বৈচিত্ৰ্যৰ বহু পুৰণি সংযোগ বিচ্ছিন্ন হৈছিল, বিলুপ্ত হৈ গৈছিল, আৰু আজি আমি ইয়াক পুনৰুদ্ধাৰৰ সুযোগ পাইছো। আজি, ভাৰতৰ মাটিলৈ চিতা ঘূৰি আহিছে। আৰু মই এইটোও ক'ম যে এই চিতাবোৰৰ লগতে ভাৰতৰ প্ৰকৃতিপ্ৰেমী চেতনাও সম্পূৰ্ণৰূপে জাগ্ৰত হৈছে। এই ঐতিহাসিক অনুষ্ঠানত মই সকলো দেশবাসীক অভিনন্দন জনাইছোঁ।

বিশেষকৈ, মই আমাৰ বন্ধু দেশ নামিবিয়া আৰু তাৰ চৰকাৰকো ধন্যবাদ জনাইছো, যাৰ সহযোগিতাত কেইবা দশকৰ পিছত ভাৰতৰ মাটিলৈ চিতা ঘূৰি আহিছে।

মই নিশ্চিত, এই চিতাবোৰে আমাক কেৱল প্ৰকৃতিৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ বিষয়ে সজাগ কৰাই নহয়, আমাৰ মানৱীয় মূল্যবোধ আৰু পৰম্পৰাৰ প্ৰতিও সচেতন কৰি তুলিব।

বন্ধুসকল,

যেতিয়া আমি আমাৰ শিপাৰ পৰা আঁতৰত থাকো তেতিয়া আমি বহুত হেৰুৱাওঁ। সেয়েহে স্বাধীনতাৰ এই অমৃত কালত আমি 'আমাৰ ঐতিহ্যক লৈ গৌৰৱ কৰা' আৰু 'দাসত্বৰ মানসিকতাৰ পৰা মুক্তি'ৰ দৰে পঞ্চ প্ৰণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছোঁ। বিগত শতিকাবোৰত, আমি সেই সময়ো দেখিছোঁ যেতিয়া প্ৰকৃতিৰ শোষণক শক্তি আৰু আধুনিকতাৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল। ১৯৪৭ চনত, যেতিয়া দেশখনত কেৱল অন্তিম তিনিটা চিতাহে বাকী আছিল, তেওঁলোককো শাল অৰণ্যত নিৰ্মমভাৱে আৰু দায়িত্বহীনভাৱে চিকাৰ কৰা হৈছিল। এইয়া দুৰ্ভাগ্যজনক যে আমি ১৯৫২ চনত দেশৰ পৰা চিতা বিলুপ্ত বুলি ঘোষণা কৰিছিলোঁ, কিন্তু চিতাবোৰক পুনৰুদ্ধাৰ কৰাৰ বাবে কেইবা দশক ধৰি কোনো অৰ্থপূৰ্ণ প্ৰচেষ্টা কৰা হোৱা নাছিল।

আজি, স্বাধীনতাৰ অমৃত সময়ত, দেশখনে এতিয়া নতুন শক্তিৰে চিতাবোৰক পুনৰুদ্ধাৰ কৰিবলৈ একত্ৰিত হৈছে। মৃতককো পুনৰুজ্জীৱিত কৰাৰ শক্তি আছে অমৃতৰ । মই সুখী যে স্বাধীনতাৰ অমৃত কালত কৰ্তব্য আৰু বিশ্বাসৰ এই অমৃতে আমাৰ ঐতিহ্যক পুনৰুজ্জীৱিত কৰাৰ লগতে ভাৰতৰ মাটিলৈ এতিয়া চিতাবোৰ ওভতাই আনিছে।

ইয়াৰ আঁৰত আমাৰ বহু বছৰৰ কঠোৰ পৰিশ্ৰম আছে। আমি এনে এটা কামৰ আঁৰত যথেষ্ট শক্তি ৰাখিছোঁ যাক ৰাজনৈতিক দৃষ্টিকোণৰ পৰা কোনেও গুৰুত্ব নিদিয়ে। ইয়াৰ বাবে, এক বিতং চিতা কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল। আমাৰ বিজ্ঞানীসকলে দীঘলীয়া গৱেষণা কৰিছিল, দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ বিশেষজ্ঞসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল। আমাৰ দলবোৰ তালৈ গৈছিল, তাৰ বিশেষজ্ঞসকলো ভাৰতলৈ আহিছিল। সমগ্ৰ দেশতে চিতাৰ বাবে আটাইতকৈ উপযুক্ত এলেকাৰ বাবে বৈজ্ঞানিক জৰীপ কৰা হৈছিল, আৰু তাৰ পিছত এই শুভ আৰম্ভণিৰ বাবে কুনো ৰাষ্ট্ৰীয় উদ্যান বাছনি কৰা হৈছিল। আৰু আজি, ইয়াৰ ফলস্বৰূপে আমাৰ সেই কঠোৰ পৰিশ্ৰমৰ ফল আমাৰ সন্মুখত আছে।

বন্ধুসকল,

এইটো সঁচা যে যেতিয়া প্ৰকৃতি আৰু পৰিৱেশ সুৰক্ষিত হয়, তেতিয়া আমাৰ ভৱিষ্যতো সুৰক্ষিত হয়। বিকাশ আৰু সমৃদ্ধিৰ পথো মুকলি হয়। যেতিয়া কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাবোৰে পুনৰ দৌৰিব, ইয়াৰ ঘাঁহনি পৰিৱেশ-প্ৰণালী পুনৰ পুনৰুদ্ধাৰ হ'ব, জৈৱ-বৈচিত্ৰ্য আৰু বৃদ্ধি হ'ব। আগন্তুক দিনত, ইয়াত পৰিৱেশ-পৰ্যটনো বৃদ্ধি পাব, ইয়াত উন্নয়নৰ নতুন সম্ভাৱনা সৃষ্টি হ'ব, নিযুক্তিৰ সুযোগ বৃদ্ধি পাব। কিন্তু বন্ধুসকল, মই আজি আপোনালোক, সকলো দেশবাসীৰ ওচৰত এটা আহ্বান কৰিব বিচাৰো। দেশবাসীয়ে কেইমাহমান ধৈৰ্য্য দেখুৱাব লাগিব, কুনো ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়া চিতাবোৰ চাবলৈ অপেক্ষা কৰিব লাগিব। আজি এই চিতাবোৰ অতিথি হিচাপে আহিছে, চিতাবোৰ এই অঞ্চলটোৰ বিষয়ে অজ্ঞাত। কুনো ৰাষ্ট্ৰীয় উদ্যানক তেওঁলোকৰ ঘৰ হিচাপে গঢ়ি তুলিবলৈ আমি এই চিতাবোৰক কেইমাহমান দিব লাগিব। আন্তৰ্জাতিক নিৰ্দেশনা অনুসৰণ কৰি, ভাৰতে এই চিতাবোৰক বসতি স্থাপনৰ বাবে যথাসাধ্য চেষ্টা কৰি আছে। আমি আমাৰ প্ৰচেষ্টা বিফল হ'বলৈ দিব নালাগে।

বন্ধুসকল,

আজি, যেতিয়া বিশ্বই প্ৰকৃতি আৰু পৰিৱেশৰ প্ৰতি লক্ষ্য কৰে, ই বহনক্ষম বিকাশৰ কথা কয়। কিন্তু ভাৰতৰ বাবে প্ৰকৃতি আৰু পৰিৱেশ, জীৱ-জন্তু আৰু চৰাই, এইবোৰ কেৱল বহনক্ষমতা আৰু সুৰক্ষাৰ বিষয় নহয়। আমাৰ বাবে, সেইবোৰ আমাৰ সংবেদনশীলতা আৰু আধ্যাত্মিকতাৰ আধাৰ। আমি সেইসকল লোক যাৰ সাংস্কৃতিক অস্তিত্ব 'सर्वम् खल्विदम् ब्रह्म' মন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল। অৰ্থাৎ, পৃথিৱীত পশু-চৰাই, গছ-গছনি, শিপা-পুলি যিয়েই নহওঁক, ই হৈছে ঈশ্বৰৰ ৰূপ, আমাৰ নিজৰ সম্প্ৰসাৰণ। আমি সেইসকল লোক যিয়ে কয়-

'परम् परोपकारार्थम्

यो जीवति स जीवति'।

অৰ্থাৎ নিজৰ সুবিধাবোৰৰ কথা মনত ৰাখি জীয়াই থকাটো বাস্তৱ জীৱন নহয়। বাস্তৱ জীৱন সেয়া যিয়ে পৰোপকাৰৰ বাবে যি জীয়াই থাকে। সেয়েহে, যেতিয়া আমি নিজে খাওঁ, তাৰ আগতে জন্তু আৰু চৰাইৰ বাবে খাদ্য ভগাই দিও। আমাক আমাৰ চাৰিওফালে বাস কৰা আটাইতকৈ সৰু জীৱটোৰ বিষয়ে চিন্তা কৰিবলৈ শিকোৱা হয়। আমাৰ মূল্যবোধ এনেকুৱা যে যদি কোনো কাৰণ নোহোৱাকৈ জীৱৰ মৃত্যু হয়, তেন্তে আমি অপৰাধবোধ অনুভৱ কৰোঁ। তেনেহ'লে আমি কেনেকৈ স্বীকাৰ কৰিব পাৰোঁ যে আমাৰ বাবে এটা জীৱৰ সম্পূৰ্ণ অস্তিত্ব নাইকিয়া কৰি পেলোৱা হৈছে?

আপোনাসৱে ভাবক, আমাৰ দেশৰ কিমান শিশুৱে আনকি নাজানে যে তেওঁলোকে যি চিতাৰ নাম শুনি ডাঙৰ হৈছিল সেই চিতা যোৱা শতিকাত তেওঁলোকৰ দেশৰ পৰা নাইকিয়া হৈ হৈছে।

আজি, আফ্ৰিকাৰ কিছুমান দেশত, ইৰাণত চিতা পোৱা যায়, কিন্তু বহু আগতে ভাৰতৰ নাম সেই তালিকাৰ পৰা মচি দিয়া হৈছিল। শিশুসকলে অনাগত বছৰবোৰত এই বিড়ম্বনাৰ মাজেৰে পাৰ হব নালাগিব।  মই নিশ্চিত, তেওঁলোকে তেওঁলোকৰ নিজৰ দেশত, কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতা দৌৰি থকা দেখিবলৈ সক্ষম হ'ব। চিতাৰ জৰিয়তে, আজি আমাৰ অৰণ্য আৰু জীৱনৰ এক ডাঙৰ শূন্যতা পূৰণ কৰা হৈছে।

বন্ধুসকল,

আজি একবিংশ শতিকাৰ ভাৰতে সমগ্ৰ বিশ্বক এক বাৰ্তা প্ৰদান কৰিছে যে অৰ্থনীতি আৰু পৰিৱেশ বিজ্ঞান বিৰোধী ক্ষেত্ৰ নহয়। পৰিৱেশ সুৰক্ষাৰ সমান্তৰালভাৱে দেশ এখনে যে উন্নতি কৰিব পাৰে সেই কথা ভাৰতে বিশ্বক দেখুৱাইছে। আজি, এফালে, আমি বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতিবোৰৰ ভিতৰত অন্যতম, আৰু একে সময়তে, দেশৰ বনাঞ্চলবোৰো দ্ৰুতগতিত সম্প্ৰসাৰিত হৈ আছে।

বন্ধুসকল,

২০১৪ চনত আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত, দেশখনত প্ৰায় ২৫০টা নতুন সংৰক্ষিত এলেকা সংযোজন কৰা হৈছে। ইয়াত এছিয়াটিক সিংহৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। আজি গুজৰাটে দেশত এছিয়াটিক সিংহৰ এক মুখ্য অঞ্চল হিচাপে আত্মপ্ৰকাশ কৰিছে। কেইবা দশকৰ কঠোৰ পৰিশ্ৰম, গৱেষণাভিত্তিক নীতি আৰু জনসাধাৰণৰ অংশগ্ৰহণে ইয়াৰ আঁৰত এক ডাঙৰ ভূমিকা পালন কৰিছে। মোৰ মনত আছে, আমি গুজৰাটত এটা প্ৰস্তাৱ লৈছিলোঁ – আমি বন্য জন্তুৰ প্ৰতি সন্মান বৃদ্ধি কৰিম, আৰু সংঘাত হ্ৰাস কৰিম। আজি সেই চিন্তাধাৰাৰ প্ৰভাৱ আমাৰ সন্মুখত আছে। দেশত আমি সময়ৰ পূৰ্বে বাঘৰ সংখ্যা দুগুণ কৰাৰ লক্ষ্যত উপনীত হৈছোঁ। অসমত এটা সময়ত, এটা শিঙৰ গঁড়ৰ অস্তিত্ব বিপদাপন্ন হ'বলৈ ধৰিছিল, কিন্তু আজি ইয়াৰ সংখ্যাও বৃদ্ধি পাইছে। যোৱা বছৰবোৰত হাতীৰ সংখ্যাও ৩০ হাজাৰতকৈও অধিক হৈছে।

ভাই-ভনীসকল,

দেশৰ প্ৰকৃতি আৰু পৰিৱেশৰ দৃষ্টিকোণৰ পৰা কৰা আন এটা ডাঙৰ কাম হ'ল আৰ্দ্ৰভূমিৰ সম্প্ৰসাৰণ! কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বৰ লাখ লাখ লোকৰ জীৱন আৰু প্ৰয়োজনীয়তা আৰ্দ্ৰভূমিৰ পৰিস্থিতিতন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল। আজি, দেশৰ ৭৫ টা আৰ্দ্ৰভূমিক ৰামচাৰ স্থান হিচাপে ঘোষণা কৰা হৈছে, যাৰ ভিতৰত যোৱা ৪ বছৰত ২৬টা স্থান সংযোগ কৰা হৈছে। দেশৰ এই প্ৰচেষ্টাৰ প্ৰভাৱ অনাগত শতিকাজুৰি দেখা যাব আৰু প্ৰগতিৰ নতুন পথ প্ৰশস্ত কৰিব।

বন্ধুসকল,

আজি আমি গোলকীয় সমস্যা, সমাধান আৰু আনকি আমাৰ জীৱনকো সামগ্ৰিকভাৱে চাব লাগিব। সেয়েহে, আজি ভাৰতে লাইফ অৰ্থাৎ বিশ্বৰ বাবে পৰিৱেশৰ বাবে জীৱনশৈলীৰ দৰে এক জীৱন-মন্ত্ৰ প্ৰদান কৰিছে। আজি আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ দৰে প্ৰচেষ্টাৰ জৰিয়তে ভাৰতে বিশ্বক এক মঞ্চ প্ৰদান কৰিছে, যিয়ে এক দৃষ্টিভংগী প্ৰদান কৰিছে। এই প্ৰচেষ্টাসমূহৰ সফলতাই পৃথিৱীৰ দিশ আৰু ভৱিষ্যত নিৰ্ণয় কৰিব। সেয়েহে, আজি বিশ্বৰ প্ৰত্যাহ্বানসমূহক বিশ্বৰ নহয়, আমাৰ ব্যক্তিগত প্ৰত্যাহ্বান হিচাপে বিবেচনা কৰাৰ সময়। আমাৰ জীৱনৰ এটা সৰু পৰিৱৰ্তন সমগ্ৰ পৃথিৱীৰ ভৱিষ্যতৰ আধাৰ হ'ব পাৰে। মই নিশ্চিত যে ভাৰতৰ প্ৰচেষ্টা আৰু পৰম্পৰাই সমগ্ৰ মানৱ জাতিক এই দিশত পথ প্ৰদৰ্শন কৰিব, এখন উন্নত বিশ্বৰ সপোনক শক্তি প্ৰদান কৰিব।

এই বিশ্বাসৰ সৈতে, মই এই মূল্যৱান সময়ত আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছোঁ, এই ঐতিহাসিক সময়ত, মই আপোনালোকক বহুত অভিনন্দন জনাইছোঁ।

  • Virudthan May 09, 2025

    🌺🌺🌹India is rapidly emerging as a global hub for film production, digital content, gaming, fashion, and music.The live entertainment industry, particularly live concerts, also holds immense potential for growth in the country.Currently, the global animation market is valued at over $430 billion and is projected to double within the next decade.This presents a significant opportunity for India's animation and graphic design industry to thrive and establish itself on a global scale - PM Modiji
  • Ratnesh Pandey April 16, 2025

    भारतीय जनता पार्टी ज़िंदाबाद ।। जय हिन्द ।।
  • Ratnesh Pandey April 10, 2025

    🇮🇳जय हिन्द 🇮🇳
  • Jitendra Kumar April 02, 2025

    🙏🇮🇳❤️
  • Dr srushti March 29, 2025

    namo
  • Devendra Kunwar October 17, 2024

    BJP
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • Sanjay Shivraj Makne VIKSIT BHARAT AMBASSADOR June 07, 2024

    नमो
  • JBL SRIVASTAVA May 30, 2024

    मोदी जी 400 पार
  • Jayanta Kumar Bhadra February 17, 2024

    Jay Sree Ram
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Retail inflation falls to 2.82% in May, lowest since February 2019

Media Coverage

Retail inflation falls to 2.82% in May, lowest since February 2019
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Sikkim Governor meets Prime Minister
June 13, 2025

The Governor of Sikkim, Shri Om Prakash Mathur met the Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office handle posted on X:

“Governor of Sikkim, Shri @OmMathur_Raj, met Prime Minister @narendramodi.”