Inaugurates three National Ayush Institutes
“Ayurveda goes beyond treatment and promotes wellness”
“International Yoga day is celebrated as global festival of health and wellness by the whole world”
“We are now moving forward in the direction of forming a 'National Ayush Research Consortium”
“Ayush Industry which was about 20 thousand crore rupees 8 years ago has reached about 1.5 lakh crore rupees today”
“Sector of traditional medicine is expanding continuously and we have to take full advantage of its every possibility”
“'One Earth, One Health' means a universal vision of health”

গোৱাৰ ৰাজ্যপাল শ্ৰী পি এছ শ্ৰীধৰণ পিল্লাইজী, জনপ্ৰিয় যুৱ মুখ্যমন্ত্ৰী বৈদ্য প্ৰমোদ সাৱন্তজী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালজী, শ্ৰীপদ নায়ক জী, ড০ মহেন্দ্ৰভাই মুঞ্জাপাৰা জী, শ্ৰী শেখৰজী, বিশ্ব আয়ুষৰ ক্ষেত্ৰৰ সকলো পণ্ডিত আৰু বিশেষজ্ঞ, সমগ্ৰ বিশ্বৰ ভদ্ৰমহিলা আৰু গণ্যমান্য ব্যক্তিসকল!

গোৱাৰ সুন্দৰ ভূমিত বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ বাবে ভাৰত আৰু বিদেশৰ পৰা সমবেত হোৱা সকলো বন্ধুক মই স্বাগতম জনাইছো। বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ সফলতাৰ বাবে মই আপোনালোক সকলোকে হৃদয়েৰে অভিনন্দন জনাইছো। এই অনুষ্ঠানটো এনে এক সময়ত অনুষ্ঠিত হৈছে যেতিয়া ভাৰতৰ স্বাধীনতাৰ 'অমৃত কাল' (সোণালী যুগ) যাত্ৰা আৰম্ভ হৈছে। আমাৰ জ্ঞান, বিজ্ঞান আৰু সাংস্কৃতিক অভিজ্ঞতাৰ জৰিয়তে বিশ্বৰ কল্যাণৰ সংকল্প হৈছে 'অমৃত কাল'ৰ এক ডাঙৰ লক্ষ্য আৰু আয়ুৰ্বেদ ইয়াৰ বাবে এক শক্তিশালী আৰু কাৰ্যকৰী মাধ্যম। ভাৰতেও এই বছৰ জি-২০ গোটৰ আয়োজন আৰু অধ্যক্ষতা কৰিছে। জি-২০ সন্মিলনৰ বিষয়বস্তু হৈছে – "এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত"! বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছত সমগ্ৰ বিশ্বৰ স্বাস্থ্যৰ সৈতে আপোনালোক সকলোৱে এনে বিষয়ৰ ওপৰত আলোচনা কৰিব। মই সুখী যে বিশ্বৰ ৩০ খনতকৈও অধিক দেশে আয়ুৰ্বেদক পৰম্পৰাগত ঔষধৰ ব্যৱস্থা হিচাপে স্বীকৃতি দিছে। আমি একেলগে আয়ুৰ্বেদৰ স্বীকৃতিৰ বাবে ইয়াক অধিক সংখ্যক দেশলৈ লৈ যাব লাগিব।

বন্ধুসকল,

আজি মই আয়ুষ সম্পৰ্কীয় তিনিটা প্ৰতিষ্ঠান দেশবাসীলৈ উৎসৰ্গা কৰাৰ সুযোগ পাইছো। মই বিশ্বাস কৰোঁ যে সৰ্বভাৰতীয় আয়ুৰ্বেদ-গোৱা প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় ইনষ্টিটিউট অৱ ইউনানী মেডিচিন-গাজিয়াবাদ আৰু নেচনেল ইনষ্টিটিউট অৱ হোমিঅ'পেথি-দিল্লীয়ে আয়ুষ স্বাস্থ্য সেৱা প্ৰণালীক এক নতুন গতি প্ৰদান কৰিব।

বন্ধুসকল,

আয়ুৰ্বেদ হৈছে এনে এক বিজ্ঞান যাৰ দৰ্শন আৰু মূলমন্ত্ৰ হৈছে- 'सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयः' অৰ্থাৎ, 'সকলো সুখী হওক, সকলো ৰোগৰ পৰা মুক্ত হওক'। অৰ্থাৎ, যেতিয়া কোনো ৰোগ হয়, ইয়াৰ চিকিৎসা কৰাটো এক বাধ্যবাধকতা নহয়, কিন্তু জীৱন ৰোগৰ পৰা মুক্ত হ'ব লাগে। সাধাৰণ ধাৰণাটো হ'ল যে যদি কোনো স্পষ্ট ৰোগ নাথাকে তেন্তে আমি স্বাস্থ্যৱান। কিন্তু আয়ুৰ্বেদ অনুসৰি স্বাস্থ্যৱান হোৱাৰ সংজ্ঞা বহুত বহল। আপুনি সকলোৱে জানে যে আয়ুৰ্বেদে কয় सम दोष समाग्निश्च, सम धातु मल क्रियाः। प्रसन्न आत्मेन्द्रिय मनाः, स्वस्थ इति अभिधीयते অৰ্থাৎ, যাৰ শৰীৰ সন্তুলিত, সকলো কাৰ্যকলাপ সন্তুলিত, আৰু মন সুখী, তেওঁ স্বাস্থ্যৱান। সেইকাৰণে আয়ুৰ্বেদ চিকিৎসাৰ বাহিৰত যায় আৰু সুস্থতাৰ বিষয়ে কয় আৰু সুস্থতা বৃদ্ধি কৰে। পৃথিৱীখনো এতিয়া সকলো পৰিৱৰ্তন আৰু প্ৰৱণতাৰ পৰা ওলাই আহিছে আৰু জীৱনৰ এই প্ৰাচীন দৰ্শনলৈ ঘূৰি আহিছে। আৰু মই বহুত সুখী যে ভাৰতে ইয়াৰ ওপৰত বহু আগতে কাম কৰা আৰম্ভ কৰিছিল। যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ পালন কৰিছিলো, আমি আয়ুৰ্বেদৰ প্ৰচাৰৰ বাবে বহুতো প্ৰচেষ্টা আৰম্ভ কৰিছিলো। আমি আয়ুৰ্বেদ সম্পৰ্কীয় প্ৰতিষ্ঠানসমূহৰ প্ৰচাৰ কৰিছিলো আৰু গুজৰাট আয়ুৰ্বেদ বিশ্ববিদ্যালয়ৰ আধুনিকীকৰণ কৰিছিলো। ইয়াৰ ফলাফল হৈছে যে আজি বিশ্বৰ পৰম্পৰাগত ঔষধৰ বাবে একমাত্ৰ গোলকীয় কেন্দ্ৰ জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা মুকলি কৰা হৈছে। আমি চৰকাৰত আয়ুষৰ এটা পৃথক মন্ত্ৰালয় স্থাপন কৰিছিলো যাৰ ফলত আয়ুৰ্বেদৰ প্ৰতি উৎসাহ আৰু বিশ্বাস বৃদ্ধি পাইছিল। আজি এইমছৰ আৰ্হিত 'সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান' মুকলি কৰা হৈছে। বিশ্ব ব্যাপী আয়ুষ উদ্ভাৱন আৰু বিনিয়োগ সন্মিলনো এই বছৰ সফলতাৰে আয়োজন কৰা হৈছিল আৰু বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ প্ৰচেষ্টাকো প্ৰশংসা কৰিছিল। সমগ্ৰ বিশ্বই এতিয়া স্বাস্থ্য আৰু সুস্থতাৰ এক গোলকীয় উৎসৱ হিচাপে আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰে। অৰ্থাৎ, যোগ আৰু আয়ুৰ্বেদ, যাক আগতে উপেক্ষা কৰা হৈছিল, আজি সমগ্ৰ মানৱতাৰ বাবে এক নতুন আশা হৈ পৰিছে।

বন্ধুসকল,

আয়ুৰ্বেদৰ সৈতে সম্পৰ্কিত আন এটা দিশ আছে, যিটো মই নিশ্চিতভাৱে বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছত উল্লেখ কৰিব বিচাৰো। অনাগত শতিকাত আয়ুৰ্বেদৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এইটো সমানে প্ৰয়োজনীয়।

বন্ধুসকল,

আয়ুৰ্বেদ সম্পৰ্কে বিশ্বব্যাপী সহমত আৰু গ্ৰহণযোগ্যতাৰ বাবে ইমান সময় লাগিছিল কিয়নো প্ৰমাণক আধুনিক বিজ্ঞানৰ আধাৰ হিচাপে গণ্য কৰা হয়। আয়ুৰ্বেদৰ ক্ষেত্ৰত আমাৰ ফলাফলৰ লগতে প্ৰভাৱো আছিল, কিন্তু প্ৰমাণৰ ক্ষেত্ৰত আমি পিছ পৰি আছিলো। আৰু সেয়েহে, আজি আমাৰ বাবে 'ডাটা-আধাৰিত প্ৰমাণ'ৰ নথিপত্ৰ কৰাটো অত্যাৱশ্যকীয়। আমি এই ক্ষেত্ৰত দীৰ্ঘদিন ধৰি একেৰাহে কাম কৰিব লাগিব। আমি আমাৰ চিকিৎসা তথ্য, গৱেষণা আৰু আলোচনীবোৰ একেলগে আনিব লাগিব আৰু আধুনিক বৈজ্ঞানিক মাপকাঠিৰ ওপৰত প্ৰতিটো দাবী প্ৰমাণিত কৰিব লাগিব। বিগত কেইবছৰমানত ভাৰতত এই দিশত বৃহৎ পৰিমাণে প্ৰচেষ্টা কৰা হৈছে। আমি প্ৰমাণ-আধাৰিত গৱেষণা তথ্যৰ বাবে এটা আয়ুষ গৱেষণা পৰ্টেলো সৃষ্টি কৰিছো। ইয়াত প্ৰায় ৪০,০০০ গৱেষণা অধ্যয়নৰ তথ্য আছে। ক’ৰোনা কালতো আয়ুষ সম্পৰ্কীয় প্ৰায় ১৫০ টা নিৰ্দিষ্ট গৱেষণা অধ্যয়ন আমাৰ আছে। সেই অভিজ্ঞতাক আগুৱাই লৈ আমি এতিয়া 'ৰাষ্ট্ৰীয় আয়ুষ গৱেষণা কনচৰ্টিয়াম' গঠনৰ দিশত আগবাঢ়িছো। যোগ আৰু আয়ুৰ্বেদ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ গৱেষণা এইমছৰ চেণ্টাৰ ফৰ ইণ্টিগ্ৰেটেড মেডিচিনৰ দৰে প্ৰতিষ্ঠানতো কৰা হৈছে। মই সুখী যে ইয়াৰ পৰা আয়ুৰ্বেদ আৰু যোগ সম্পৰ্কীয় গৱেষণা পত্ৰসমূহ সন্মানীয় আন্তঃৰাষ্ট্ৰীয় আলোচনীত প্ৰকাশিত হৈছে। শেহতীয়াকৈ, আমেৰিকান কলেজ অফ কাৰ্ডিঅ'লজী আৰু নিউৰোলজী জাৰ্নেলৰ দৰে সন্মানীয় আলোচনীত বহুতো গৱেষণা পত্ৰ প্ৰকাশিত হৈছে। মই বিচাৰো যে বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ সকলো অংশগ্ৰহণকাৰী য়ে আয়ুৰ্বেদৰ বাবে বিশ্বব্যাপী মৰ্যাদা নিশ্চিত কৰিবলৈ ভাৰতৰ সৈতে আহিব, সহযোগিতা কৰক আৰু অৱদান আগবঢ়াওক।

ভাতৃ আৰু ভগ্নীসকল,

আয়ুৰ্বেদৰ আন এটা বৈশিষ্ট্য আছে যিটো খুব কমকৈ আলোচনা কৰা হয়। কিছুমান লোকে ভাবে যে আয়ুৰ্বেদ কেৱল চিকিৎসাৰ বাবে, কিন্তু ইয়াৰ গুণ হৈছে যে আয়ুৰ্বেদে আমাক জীৱন কেনেদৰে জীয়াই থাকিব লাগে সেয়া শিকায়। মই আপোনাক এটা উদাহৰণ দিওঁ যদি মই আধুনিক পৰিভাষা ব্যৱহাৰ কৰি এইটো ব্যাখ্যা কৰিব লগা হয়…. আপুনি পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ কোম্পানীৰ পৰা সৰ্বশ্ৰেষ্ঠ গাড়ী ক্ৰয় কৰে। এখন মেনুৱেল কিতাপ আছে যিখন সেই গাড়ীখনৰ সৈতে আহে। আমি মনত ৰাখিব লাগিব ইয়াত কোনবিধ ইন্ধন ব্যৱহাৰ কৰিব লাগে, কেতিয়া আৰু কেনেদৰে সেৱা প্ৰদান কৰিব লাগে আৰু ইয়াক কেনেদৰে বৰ্তাই ৰাখিব লাগে। যদি পেট্ৰ'ল ডিজেল ইঞ্জিনৰ গাড়ীত ব্যৱহাৰ কৰা হয়, তেন্তে সমস্যা হোৱাটো নিশ্চিত। একেদৰে, যদি আপুনি কম্পিউটাৰ এটা চলাই আছে, তেন্তে ইয়াৰ সকলো হাৰ্ডৱেৰ আৰু ছফ্টৱেৰে সঠিকভাৱে কাম কৰিব লাগে। যেতিয়া আমি আমাৰ যন্ত্ৰবোৰৰ যত্ন লওঁ, আমি কেনে ধৰণৰ খাদ্য খাব লাগে, আমি কেনে ধৰণৰ ৰুটিন মানি চলিব লাগে আৰু কি পৰিহাৰ কৰিব লাগে সেই বিষয়ে আমাৰ শৰীৰৰ প্ৰতি মনোযোগ নিদিও। আয়ুৰ্বেদে আমাক শিকায় যে হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ দৰে, শৰীৰ আৰু মন একেলগে স্বাস্থ্যৱান হ'ব লাগিব আৰু সেইবোৰ একেলগে থাকিব লাগিব। উদাহৰণ স্বৰূপে, আজি সঠিক টোপনি চিকিৎসা বিজ্ঞানৰ বাবে এক ডাঙৰ বিষয়। কিন্তু আপুনি জানেনে, মহৰ্ষি চৰকৰ দৰে আচাৰ্যসকলে শতিকা পূৰ্বে এই বিষয়ে বিতংভাৱে লিখিছে। এয়া হৈছে আয়ুৰ্বেদৰ গুণ।

বন্ধুসকল,

আমাৰ দেশত এটা প্ৰবাদ আছে: 'स्वास्थ्यम् परमार्थ साधनम्' অৰ্থাৎ স্বাস্থ্য হৈছে উদ্দেশ্য আৰু প্ৰগতিৰ মাধ্যম। এই মন্ত্ৰটো আমাৰ ব্যক্তিগত জীৱনৰ বাবে যিমান অৰ্থপূৰ্ণ, ই অৰ্থনীতিৰ দৃষ্টিকোণৰ পৰাও সমানে প্ৰাসংগিক। আজি, আয়ুষৰ ক্ষেত্ৰত সীমাহীন নতুন সম্ভাৱনা আছে। আয়ুৰ্বেদিক বনৌষধিৰ খেতি, আয়ুষ ঔষধৰ উৎপাদন আৰু যোগান, বা ডিজিটেল সেৱাই হওক, আয়ুষ ষ্টাৰ্ট-আপৰ বাবে যথেষ্ট সুযোগ আছে।

ভাতৃ আৰু ভগ্নীসকল,

আয়ুষ উদ্যোগৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে যে সকলোৰে বাবে বিভিন্ন ধৰণৰ সুযোগ উপলব্ধ আছে। উদাহৰণ স্বৰূপে, প্ৰায় ৪০,০০০ এমএছএমই, ক্ষুদ্ৰ উদ্যোগবোৰে বিভিন্ন সামগ্ৰী আগবঢ়াইছে আৰু ভাৰতত আয়ুষৰ ক্ষেত্ৰত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ই স্থানীয় অৰ্থনীতিক উৎসাহিত কৰিছে। প্ৰায় আঠ বছৰ আগতে দেশত আয়ুষ উদ্যোগ আছিল কেৱল ২০,০০০ কোটি টকাৰ। আজি আয়ুষ উদ্যোগ প্ৰায় ১.৫ লাখ কোটি টকাৰ। ইয়াৰ অৰ্থ হৈছে ৭-৮ বছৰত প্ৰায় ৭ গুণ বৃদ্ধি। আপুনি কল্পনা কৰিব পাৰে যে আয়ুষ নিজেই এটা ডাঙৰ উদ্যোগ আৰু এটা ডাঙৰ অৰ্থনীতি হিচাপে উদীয়মান হৈছে। ই অদূৰ ভৱিষ্যতে বিশ্ববজাৰত আৰু অধিক সম্প্ৰসাৰিত হ'বলৈ বাধ্য। আপুনি এইটোও জানে যে বিশ্বব্যাপী ভেষজ ঔষধ আৰু মচলাৰ বজাৰ প্ৰায় ১২০ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১০ লাখ কোটি টকা। পৰম্পৰাগত ঔষধৰ এই খণ্ডটো নিৰন্তৰ ভাৱে সম্প্ৰসাৰিত হৈ আছে আৰু আমি প্ৰতিটো সম্ভাৱনাৰ সম্পূৰ্ণ সুবিধা লোৱা উচিত। কৃষিৰ এক সম্পূৰ্ণ নতুন খণ্ড গ্ৰাম্য অৰ্থনীতিৰ বাবে, আমাৰ কৃষকসকলৰ বাবে মুকলি হৈ আছে, আৰু তেওঁলোকে অতি ভাল মূল্য লাভ কৰিব পাৰে। এই খণ্ডত যুৱসকলৰ বাবে লাখ লাখ নতুন চাকৰি সৃষ্টি কৰা হ'ব।

বন্ধুসকল,

আয়ুৰ্বেদৰ বৰ্ধিত জনপ্ৰিয়তাৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ'ল আয়ুৰ্বেদ আৰু যোগ পৰ্যটন। গোৱাৰ দৰে ৰাজ্যত, যি হৈছে পৰ্যটনৰ কেন্দ্ৰ, আয়ুৰ্বেদ আৰু নেচাৰোপেথিৰ প্ৰচাৰৰ দ্বাৰা পৰ্যটন খণ্ডক এক নতুন উচ্চতা প্ৰদান কৰিব পাৰি। সৰ্বভাৰতীয় আয়ুৰ্বেদ-গোৱা প্ৰতিষ্ঠান এই দিশত এক গুৰুত্বপূৰ্ণ আৰম্ভণি হিচাপে প্ৰমাণিত হ'ব পাৰে।

বন্ধুসকল,

আজি ভাৰতে বিশ্বৰ সন্মুখত 'এক পৃথিৱী, এক স্বাস্থ্য'ৰ এক ভৱিষ্যত দৰ্শন আগবঢ়াইছে। 'এক পৃথিৱী, এক স্বাস্থ্য'ৰ অৰ্থ হৈছে স্বাস্থ্যৰ বাবে এক সাৰ্বজনীন দৃষ্টি। পানীত বাস কৰা জন্তু, বন্য জন্তু, মানুহ বা উদ্ভিদৰ স্বাস্থ্য আন্তঃসংযোগিত। তেওঁলোকক এককভাৱে চোৱাৰ পৰিৱৰ্তে, আমি তেওঁলোকক সামগ্ৰিকভাৱে চাব লাগিব। আয়ুৰ্বেদৰ এই সামগ্ৰিক দৃষ্টিভংগী ভাৰতৰ পৰম্পৰা আৰু জীৱনশৈলীৰ এটা অংশ হৈ আহিছে। গোৱাত অনুষ্ঠিত হোৱা এই বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছত এনে সকলো দিশৰ বিষয়ে বিতংভাৱে আলোচনা কৰাটো মই বিচাৰো। আমি কেনেকৈ আয়ুৰ্বেদ আৰু আয়ুষক সামগ্ৰিকভাৱে আগুৱাই নিব পাৰোঁ তাৰ ওপৰত এখন ৰোডমেপ প্ৰস্তুত কৰা উচিত। মই নিশ্চিত যে আপোনাৰ প্ৰচেষ্টা নিশ্চিতভাৱে এই দিশত কাৰ্যকৰী হ'ব। এই বিশ্বাসৰ সৈতে, আপোনালোক সকলোলৈ অশেষ ধন্যবাদ! আৰু আয়ুষ আৰু আয়ুৰ্বেদলৈ অশেষ শুভকামনা থাকিল।

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM Modi's address at the Parliament of Guyana
November 21, 2024

Hon’ble Speaker, मंज़ूर नादिर जी,
Hon’ble Prime Minister,मार्क एंथनी फिलिप्स जी,
Hon’ble, वाइस प्रेसिडेंट भरत जगदेव जी,
Hon’ble Leader of the Opposition,
Hon’ble Ministers,
Members of the Parliament,
Hon’ble The चांसलर ऑफ द ज्यूडिशियरी,
अन्य महानुभाव,
देवियों और सज्जनों,

गयाना की इस ऐतिहासिक पार्लियामेंट में, आप सभी ने मुझे अपने बीच आने के लिए निमंत्रित किया, मैं आपका बहुत-बहुत आभारी हूं। कल ही गयाना ने मुझे अपना सर्वोच्च सम्मान दिया है। मैं इस सम्मान के लिए भी आप सभी का, गयाना के हर नागरिक का हृदय से आभार व्यक्त करता हूं। गयाना का हर नागरिक मेरे लिए ‘स्टार बाई’ है। यहां के सभी नागरिकों को धन्यवाद! ये सम्मान मैं भारत के प्रत्येक नागरिक को समर्पित करता हूं।

साथियों,

भारत और गयाना का नाता बहुत गहरा है। ये रिश्ता, मिट्टी का है, पसीने का है,परिश्रम का है करीब 180 साल पहले, किसी भारतीय का पहली बार गयाना की धरती पर कदम पड़ा था। उसके बाद दुख में,सुख में,कोई भी परिस्थिति हो, भारत और गयाना का रिश्ता, आत्मीयता से भरा रहा है। India Arrival Monument इसी आत्मीय जुड़ाव का प्रतीक है। अब से कुछ देर बाद, मैं वहां जाने वाला हूं,

साथियों,

आज मैं भारत के प्रधानमंत्री के रूप में आपके बीच हूं, लेकिन 24 साल पहले एक जिज्ञासु के रूप में मुझे इस खूबसूरत देश में आने का अवसर मिला था। आमतौर पर लोग ऐसे देशों में जाना पसंद करते हैं, जहां तामझाम हो, चकाचौंध हो। लेकिन मुझे गयाना की विरासत को, यहां के इतिहास को जानना था,समझना था, आज भी गयाना में कई लोग मिल जाएंगे, जिन्हें मुझसे हुई मुलाकातें याद होंगीं, मेरी तब की यात्रा से बहुत सी यादें जुड़ी हुई हैं, यहां क्रिकेट का पैशन, यहां का गीत-संगीत, और जो बात मैं कभी नहीं भूल सकता, वो है चटनी, चटनी भारत की हो या फिर गयाना की, वाकई कमाल की होती है,

साथियों,

बहुत कम ऐसा होता है, जब आप किसी दूसरे देश में जाएं,और वहां का इतिहास आपको अपने देश के इतिहास जैसा लगे,पिछले दो-ढाई सौ साल में भारत और गयाना ने एक जैसी गुलामी देखी, एक जैसा संघर्ष देखा, दोनों ही देशों में गुलामी से मुक्ति की एक जैसी ही छटपटाहट भी थी, आजादी की लड़ाई में यहां भी,औऱ वहां भी, कितने ही लोगों ने अपना जीवन समर्पित कर दिया, यहां गांधी जी के करीबी सी एफ एंड्रूज हों, ईस्ट इंडियन एसोसिएशन के अध्यक्ष जंग बहादुर सिंह हों, सभी ने गुलामी से मुक्ति की ये लड़ाई मिलकर लड़ी,आजादी पाई। औऱ आज हम दोनों ही देश,दुनिया में डेमोक्रेसी को मज़बूत कर रहे हैं। इसलिए आज गयाना की संसद में, मैं आप सभी का,140 करोड़ भारतवासियों की तरफ से अभिनंदन करता हूं, मैं गयाना संसद के हर प्रतिनिधि को बधाई देता हूं। गयाना में डेमोक्रेसी को मजबूत करने के लिए आपका हर प्रयास, दुनिया के विकास को मजबूत कर रहा है।

साथियों,

डेमोक्रेसी को मजबूत बनाने के प्रयासों के बीच, हमें आज वैश्विक परिस्थितियों पर भी लगातार नजर ऱखनी है। जब भारत और गयाना आजाद हुए थे, तो दुनिया के सामने अलग तरह की चुनौतियां थीं। आज 21वीं सदी की दुनिया के सामने, अलग तरह की चुनौतियां हैं।
दूसरे विश्व युद्ध के बाद बनी व्यवस्थाएं और संस्थाएं,ध्वस्त हो रही हैं, कोरोना के बाद जहां एक नए वर्ल्ड ऑर्डर की तरफ बढ़ना था, दुनिया दूसरी ही चीजों में उलझ गई, इन परिस्थितियों में,आज विश्व के सामने, आगे बढ़ने का सबसे मजबूत मंत्र है-"Democracy First- Humanity First” "Democracy First की भावना हमें सिखाती है कि सबको साथ लेकर चलो,सबको साथ लेकर सबके विकास में सहभागी बनो। Humanity First” की भावना हमारे निर्णयों की दिशा तय करती है, जब हम Humanity First को अपने निर्णयों का आधार बनाते हैं, तो नतीजे भी मानवता का हित करने वाले होते हैं।

साथियों,

हमारी डेमोक्रेटिक वैल्यूज इतनी मजबूत हैं कि विकास के रास्ते पर चलते हुए हर उतार-चढ़ाव में हमारा संबल बनती हैं। एक इंक्लूसिव सोसायटी के निर्माण में डेमोक्रेसी से बड़ा कोई माध्यम नहीं। नागरिकों का कोई भी मत-पंथ हो, उसका कोई भी बैकग्राउंड हो, डेमोक्रेसी हर नागरिक को उसके अधिकारों की रक्षा की,उसके उज्जवल भविष्य की गारंटी देती है। और हम दोनों देशों ने मिलकर दिखाया है कि डेमोक्रेसी सिर्फ एक कानून नहीं है,सिर्फ एक व्यवस्था नहीं है, हमने दिखाया है कि डेमोक्रेसी हमारे DNA में है, हमारे विजन में है, हमारे आचार-व्यवहार में है।

साथियों,

हमारी ह्यूमन सेंट्रिक अप्रोच,हमें सिखाती है कि हर देश,हर देश के नागरिक उतने ही अहम हैं, इसलिए, जब विश्व को एकजुट करने की बात आई, तब भारत ने अपनी G-20 प्रेसीडेंसी के दौरान One Earth, One Family, One Future का मंत्र दिया। जब कोरोना का संकट आया, पूरी मानवता के सामने चुनौती आई, तब भारत ने One Earth, One Health का संदेश दिया। जब क्लाइमेट से जुड़े challenges में हर देश के प्रयासों को जोड़ना था, तब भारत ने वन वर्ल्ड, वन सन, वन ग्रिड का विजन रखा, जब दुनिया को प्राकृतिक आपदाओं से बचाने के लिए सामूहिक प्रयास जरूरी हुए, तब भारत ने CDRI यानि कोएलिशन फॉर डिज़ास्टर रज़ीलिएंट इंफ्रास्ट्रक्चर का initiative लिया। जब दुनिया में pro-planet people का एक बड़ा नेटवर्क तैयार करना था, तब भारत ने मिशन LiFE जैसा एक global movement शुरु किया,

साथियों,

"Democracy First- Humanity First” की इसी भावना पर चलते हुए, आज भारत विश्वबंधु के रूप में विश्व के प्रति अपना कर्तव्य निभा रहा है। दुनिया के किसी भी देश में कोई भी संकट हो, हमारा ईमानदार प्रयास होता है कि हम फर्स्ट रिस्पॉन्डर बनकर वहां पहुंचे। आपने कोरोना का वो दौर देखा है, जब हर देश अपने-अपने बचाव में ही जुटा था। तब भारत ने दुनिया के डेढ़ सौ से अधिक देशों के साथ दवाएं और वैक्सीन्स शेयर कीं। मुझे संतोष है कि भारत, उस मुश्किल दौर में गयाना की जनता को भी मदद पहुंचा सका। दुनिया में जहां-जहां युद्ध की स्थिति आई,भारत राहत और बचाव के लिए आगे आया। श्रीलंका हो, मालदीव हो, जिन भी देशों में संकट आया, भारत ने आगे बढ़कर बिना स्वार्थ के मदद की, नेपाल से लेकर तुर्की और सीरिया तक, जहां-जहां भूकंप आए, भारत सबसे पहले पहुंचा है। यही तो हमारे संस्कार हैं, हम कभी भी स्वार्थ के साथ आगे नहीं बढ़े, हम कभी भी विस्तारवाद की भावना से आगे नहीं बढ़े। हम Resources पर कब्जे की, Resources को हड़पने की भावना से हमेशा दूर रहे हैं। मैं मानता हूं,स्पेस हो,Sea हो, ये यूनीवर्सल कन्फ्लिक्ट के नहीं बल्कि यूनिवर्सल को-ऑपरेशन के विषय होने चाहिए। दुनिया के लिए भी ये समय,Conflict का नहीं है, ये समय, Conflict पैदा करने वाली Conditions को पहचानने और उनको दूर करने का है। आज टेरेरिज्म, ड्रग्स, सायबर क्राइम, ऐसी कितनी ही चुनौतियां हैं, जिनसे मुकाबला करके ही हम अपनी आने वाली पीढ़ियों का भविष्य संवार पाएंगे। और ये तभी संभव है, जब हम Democracy First- Humanity First को सेंटर स्टेज देंगे।

साथियों,

भारत ने हमेशा principles के आधार पर, trust और transparency के आधार पर ही अपनी बात की है। एक भी देश, एक भी रीजन पीछे रह गया, तो हमारे global goals कभी हासिल नहीं हो पाएंगे। तभी भारत कहता है – Every Nation Matters ! इसलिए भारत, आयलैंड नेशन्स को Small Island Nations नहीं बल्कि Large ओशिन कंट्रीज़ मानता है। इसी भाव के तहत हमने इंडियन ओशन से जुड़े आयलैंड देशों के लिए सागर Platform बनाया। हमने पैसिफिक ओशन के देशों को जोड़ने के लिए भी विशेष फोरम बनाया है। इसी नेक नीयत से भारत ने जी-20 की प्रेसिडेंसी के दौरान अफ्रीकन यूनियन को जी-20 में शामिल कराकर अपना कर्तव्य निभाया।

साथियों,

आज भारत, हर तरह से वैश्विक विकास के पक्ष में खड़ा है,शांति के पक्ष में खड़ा है, इसी भावना के साथ आज भारत, ग्लोबल साउथ की भी आवाज बना है। भारत का मत है कि ग्लोबल साउथ ने अतीत में बहुत कुछ भुगता है। हमने अतीत में अपने स्वभाव औऱ संस्कारों के मुताबिक प्रकृति को सुरक्षित रखते हुए प्रगति की। लेकिन कई देशों ने Environment को नुकसान पहुंचाते हुए अपना विकास किया। आज क्लाइमेट चेंज की सबसे बड़ी कीमत, ग्लोबल साउथ के देशों को चुकानी पड़ रही है। इस असंतुलन से दुनिया को निकालना बहुत आवश्यक है।

साथियों,

भारत हो, गयाना हो, हमारी भी विकास की आकांक्षाएं हैं, हमारे सामने अपने लोगों के लिए बेहतर जीवन देने के सपने हैं। इसके लिए ग्लोबल साउथ की एकजुट आवाज़ बहुत ज़रूरी है। ये समय ग्लोबल साउथ के देशों की Awakening का समय है। ये समय हमें एक Opportunity दे रहा है कि हम एक साथ मिलकर एक नया ग्लोबल ऑर्डर बनाएं। और मैं इसमें गयाना की,आप सभी जनप्रतिनिधियों की भी बड़ी भूमिका देख रहा हूं।

साथियों,

यहां अनेक women members मौजूद हैं। दुनिया के फ्यूचर को, फ्यूचर ग्रोथ को, प्रभावित करने वाला एक बहुत बड़ा फैक्टर दुनिया की आधी आबादी है। बीती सदियों में महिलाओं को Global growth में कंट्रीब्यूट करने का पूरा मौका नहीं मिल पाया। इसके कई कारण रहे हैं। ये किसी एक देश की नहीं,सिर्फ ग्लोबल साउथ की नहीं,बल्कि ये पूरी दुनिया की कहानी है।
लेकिन 21st सेंचुरी में, global prosperity सुनिश्चित करने में महिलाओं की बहुत बड़ी भूमिका होने वाली है। इसलिए, अपनी G-20 प्रेसीडेंसी के दौरान, भारत ने Women Led Development को एक बड़ा एजेंडा बनाया था।

साथियों,

भारत में हमने हर सेक्टर में, हर स्तर पर, लीडरशिप की भूमिका देने का एक बड़ा अभियान चलाया है। भारत में हर सेक्टर में आज महिलाएं आगे आ रही हैं। पूरी दुनिया में जितने पायलट्स हैं, उनमें से सिर्फ 5 परसेंट महिलाएं हैं। जबकि भारत में जितने पायलट्स हैं, उनमें से 15 परसेंट महिलाएं हैं। भारत में बड़ी संख्या में फाइटर पायलट्स महिलाएं हैं। दुनिया के विकसित देशों में भी साइंस, टेक्नॉलॉजी, इंजीनियरिंग, मैथ्स यानि STEM graduates में 30-35 परसेंट ही women हैं। भारत में ये संख्या फोर्टी परसेंट से भी ऊपर पहुंच चुकी है। आज भारत के बड़े-बड़े स्पेस मिशन की कमान महिला वैज्ञानिक संभाल रही हैं। आपको ये जानकर भी खुशी होगी कि भारत ने अपनी पार्लियामेंट में महिलाओं को रिजर्वेशन देने का भी कानून पास किया है। आज भारत में डेमोक्रेटिक गवर्नेंस के अलग-अलग लेवल्स पर महिलाओं का प्रतिनिधित्व है। हमारे यहां लोकल लेवल पर पंचायती राज है, लोकल बॉड़ीज़ हैं। हमारे पंचायती राज सिस्टम में 14 लाख से ज्यादा यानि One point four five मिलियन Elected Representatives, महिलाएं हैं। आप कल्पना कर सकते हैं, गयाना की कुल आबादी से भी करीब-करीब दोगुनी आबादी में हमारे यहां महिलाएं लोकल गवर्नेंट को री-प्रजेंट कर रही हैं।

साथियों,

गयाना Latin America के विशाल महाद्वीप का Gateway है। आप भारत और इस विशाल महाद्वीप के बीच अवसरों और संभावनाओं का एक ब्रिज बन सकते हैं। हम एक साथ मिलकर, भारत और Caricom की Partnership को और बेहतर बना सकते हैं। कल ही गयाना में India-Caricom Summit का आयोजन हुआ है। हमने अपनी साझेदारी के हर पहलू को और मजबूत करने का फैसला लिया है।

साथियों,

गयाना के विकास के लिए भी भारत हर संभव सहयोग दे रहा है। यहां के इंफ्रास्ट्रक्चर में निवेश हो, यहां की कैपेसिटी बिल्डिंग में निवेश हो भारत और गयाना मिलकर काम कर रहे हैं। भारत द्वारा दी गई ferry हो, एयरक्राफ्ट हों, ये आज गयाना के बहुत काम आ रहे हैं। रीन्युएबल एनर्जी के सेक्टर में, सोलर पावर के क्षेत्र में भी भारत बड़ी मदद कर रहा है। आपने t-20 क्रिकेट वर्ल्ड कप का शानदार आयोजन किया है। भारत को खुशी है कि स्टेडियम के निर्माण में हम भी सहयोग दे पाए।

साथियों,

डवलपमेंट से जुड़ी हमारी ये पार्टनरशिप अब नए दौर में प्रवेश कर रही है। भारत की Energy डिमांड तेज़ी से बढ़ रही हैं, और भारत अपने Sources को Diversify भी कर रहा है। इसमें गयाना को हम एक महत्वपूर्ण Energy Source के रूप में देख रहे हैं। हमारे Businesses, गयाना में और अधिक Invest करें, इसके लिए भी हम निरंतर प्रयास कर रहे हैं।

साथियों,

आप सभी ये भी जानते हैं, भारत के पास एक बहुत बड़ी Youth Capital है। भारत में Quality Education और Skill Development Ecosystem है। भारत को, गयाना के ज्यादा से ज्यादा Students को Host करने में खुशी होगी। मैं आज गयाना की संसद के माध्यम से,गयाना के युवाओं को, भारतीय इनोवेटर्स और वैज्ञानिकों के साथ मिलकर काम करने के लिए भी आमंत्रित करता हूँ। Collaborate Globally And Act Locally, हम अपने युवाओं को इसके लिए Inspire कर सकते हैं। हम Creative Collaboration के जरिए Global Challenges के Solutions ढूंढ सकते हैं।

साथियों,

गयाना के महान सपूत श्री छेदी जगन ने कहा था, हमें अतीत से सबक लेते हुए अपना वर्तमान सुधारना होगा और भविष्य की मजबूत नींव तैयार करनी होगी। हम दोनों देशों का साझा अतीत, हमारे सबक,हमारा वर्तमान, हमें जरूर उज्जवल भविष्य की तरफ ले जाएंगे। इन्हीं शब्दों के साथ मैं अपनी बात समाप्त करता हूं, मैं आप सभी को भारत आने के लिए भी निमंत्रित करूंगा, मुझे गयाना के ज्यादा से ज्यादा जनप्रतिनिधियों का भारत में स्वागत करते हुए खुशी होगी। मैं एक बार फिर गयाना की संसद का, आप सभी जनप्रतिनिधियों का, बहुत-बहुत आभार, बहुत बहुत धन्यवाद।