QuotePays tributes to members of Constituent Assemblies
Quote“The conduct of members in the house and the conducive environment therein directly impact the productivity of the assembly”
Quote“Some parties support objectionable behavior of their members instead of counseling them”
Quote“We now witness public glorification of convicted corrupt individuals, which is detrimental to the integrity of the executive, judiciary and the Constitution”
Quote“India's progress hinges on the advancement of our states. And the progress of states depends on the determination of their legislative and executive bodies to define their development goals collectively”
Quote“Simplification of the judicial system has eased the challenges faced by the common man and enhanced the ease of living”

লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা মহোদয়, ৰাজ্যসভাৰ উপাধ্যক্ষ শ্ৰীযুত হৰিবংশ মহোদয়, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দে মহোদয়, বিধানসভাৰ অধ্যক্ষ ৰাহুল নৰৱেকাৰ মহোদয়, আৰু বিভিন্ন ৰাজ্যিক বিধানসভাৰ প্ৰিজাইডিং অফিচাৰসকল।

ভদ্ৰলোক আৰু ভদ্ৰমহিলাসকল,

সৰ্বভাৰতীয় প্ৰিজাইডিং অফিচাৰ সন্মিলনৰ বাবে আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছো। এই সন্মিলনে এইবাৰ বিশেষ তাৎপৰ্য বহন কৰিছে। ৭৫সংখ্যক গণৰাজ্য দিৱসৰ ঠিক পিছতে ইয়াৰ আয়োজন কৰা হৈছে। আমাৰ সংবিধান কাৰ্যকৰী হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ল। আমাৰ দেশৰ সকলো নাগৰিকৰ হৈ মই সংবিধান সভাৰ সমূহ সদস্যলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

প্ৰিজাইডিং অফিচাৰৰ এই সন্মিলনখনত আমি আমাৰ সংবিধান সভাৰ পৰা বহুখিনি কথা শিকিব পাৰিম। বিভিন্ন ধাৰণা, বিষয়, মতামতৰ মাজত এক ঐকমত গঠনৰ দায়িত্ব সংবিধান সভাৰ সদস্যসকলৰ আছিল। আৰু তেওঁলোকে সেই কাম প্ৰশংসনীয়ভাৱে কৰিলে। এই সন্মিলনে সকলো প্ৰিজাইডিং অফিচাৰক পুনৰবাৰ সংবিধান সভাৰ আদৰ্শৰ পৰা প্ৰেৰণা লাভ কৰাৰ সুযোগ প্ৰদান কৰে। আপোনালোক সকলোৱে নিজৰ কাৰ্যকালত এনে প্ৰচেষ্টা চলাব লাগে যি ভৱিষ্যত প্ৰজন্মৰ বাবে উত্তৰাধিকাৰ হিচাপে পৰিগণিত হ’ব পাৰে।

বন্ধুসকল,

মোক জনোৱা হৈছে যে এইবাৰ সন্মিলনৰ প্ৰধান গুৰুত্ব হৈছে বিধানসভা আৰু সমিতিৰ ফলপ্ৰসূতা বৃদ্ধি কৰা। এইবোৰ অতি গুৰুত্বপূৰ্ণ বিষয়। আজি দেশৰ জনসাধাৰণে প্ৰতিজন প্ৰতিনিধিক সতৰ্কতাৰে নিৰীক্ষণ কৰি থকাৰ সময়তে এনে পৰ্যালোচনা আৰু আলোচনা অসীম লাভজনক হ’ব। বিধানসভাত প্ৰতিনিধিৰ আচৰণে দেশৰ সংসদীয় ব্যৱস্থা গঢ় দিয়াত উল্লেখযোগ্য ভূমিকা পালন কৰে। সদনত প্ৰতিনিধিসকলৰ সামঞ্জস্যপূৰ্ণ ইতিবাচক আচৰণ কেনেকৈ বজাই ৰাখিব পাৰি আৰু সদনৰ উৎপাদনশীলতা কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই সম্পৰ্কে এই সন্মিলনৰ পৰা উদ্ভৱ হোৱা সুনিৰ্দিষ্ট পৰামৰ্শসমূহ অতি সহায়ক হ’ব।

বন্ধুসকল,

এটা সময় আছিল যেতিয়া কোনো সদস্যই যদি সদনৰ শিষ্টাচাৰ ভংগ কৰি নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণৰ বাবে আমন্ত্ৰণ জনায়, তেতিয়া সদনৰ জ্যেষ্ঠ সদস্যসকলে সেই সদস্যজনক এনে ভুল ৰোধ কৰিবলৈ পৰামৰ্শ দিছিল আৰু ভৱিষ্যতে সদনৰ শিষ্টাচাৰ ভংগ নকৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু আজিৰ সময়ত আমি লক্ষ্য কৰিছোঁ যে কিছুমান ৰাজনৈতিক দলে এনে সদস্যৰ ভুলক সুৰক্ষা দিবলৈ আৰম্ভ কৰে। সংসদেই হওক বা বিধানসভাই হওক এই পৰিস্থিতি গ্ৰহণযোগ্য নহয়। এই মঞ্চত সদনৰ শিষ্টাচাৰ কেনেকৈ বজাই ৰাখিব পাৰি সেই বিষয়ে আলোচনা কৰাটো অতি গুৰুত্বপূৰ্ণ।

 

|

বন্ধুসকল,

আজি আমি আন এক পৰিৱৰ্তনৰ সাক্ষী হৈ আছো। পূৰ্বে সদনৰ কোনো সদস্যৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হ’লে ৰাজহুৱা জীৱনত সকলোৱে তেওঁৰ পৰা দূৰত্ব বজাই ৰাখিছিল। কিন্তু আজি আমি দেখিবলৈ পাওঁ আদালতৰ শাস্তি পোৱা দুৰ্নীতিগ্ৰস্ত ব্যক্তিকো ৰাজহুৱাভাৱে সন্মান জনোৱা হৈছে। এইটো কাৰ্যবাহী আৰু ন্যায়পালিকাৰ প্ৰতি অসন্মান, লগতে ভাৰতৰ মহান সংবিধানৰ প্ৰতিও অসন্মান। এই সন্মিলনত এই বিষয়ত আলোচনা আৰু দৃঢ় পৰামৰ্শই ভৱিষ্যতৰ বাবে এক নতুন ৰোডমেপ তৈয়াৰ কৰাত সহায় কৰিব।

বন্ধুসকল,

এটা ডাঙৰ বিষয় হ’ল অপ্ৰয়োজনীয় আইনসমূহ বিলপ্ত কৰা। বিগত ১০ বছৰত কেন্দ্ৰীয় চৰকাৰে আমাৰ শাসন ব্যৱস্থাৰ বাবে ক্ষতিকাৰক ২০০০ৰো অধিক আইন বাতিল কৰিছে। এই আইনবোৰ এক প্ৰকাৰ বোজা হৈ পৰিছিল। আইনী ব্যৱস্থাৰ এই সৰলীকৰণে সাধাৰণ মানুহে সন্মুখীন হোৱা অসুবিধাসমূহ হ্ৰাস কৰি জীৱন-যাপনৰ সহজতা বৃদ্ধি কৰিছে। প্ৰিজাইডিং অফিচাৰ হিচাপে যদি আপুনি এনে আইনৰ অধ্যয়ন কৰে, তালিকা তৈয়াৰ কৰে, নিজৰ নিজৰ চৰকাৰ আৰু বিধায়কৰ দৃষ্টি আকৰ্ষণ কৰে, তেন্তে সকলোৱে অধিক উৎসাহেৰে কাম কৰিবলৈ আগবাঢ়ি আহিব। ইয়াৰ ফলত নাগৰিকসকলৰ জীৱনত যথেষ্ট ইতিবাচক প্ৰভাৱ পৰিব।

 

|

বন্ধুসকল,

আপুনি জানে যে মাত্ৰ যোৱা বছৰতে সংসদে নাৰী শক্তি বন্দন অধিনিয়মত অনুমোদন জনাইছিল। এই সন্মিলনত মহিলা সবলীকৰণৰ বাবে প্ৰচেষ্টা আৰু অধিক বৃদ্ধি কৰা আৰু তেওঁলোকৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰা পৰামৰ্শৰ ওপৰতো আলোচনা হোৱা উচিত। ভাৰতৰ দৰে যুৱ দেশত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া উচিত। আমাৰ যুৱ প্ৰতিনিধিসকলে কেৱল অধিক সুযোগ পোৱাই নহয়, সদনত নিজৰ মতামত প্ৰকাশ কৰিবলৈ আৰু নীতি নিৰ্ধাৰণত অধিক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈও উৎসাহিত কৰা উচিত।

বন্ধুসকল,

২০২১ চনত আমাৰ আলোচনাৰ সময়ত মই এক দেশ-এক বিধায়িনী সভাৰ কথা উল্লেখ কৰিছিলোঁ। মই জানি আনন্দিত হৈছো যে আমাৰ সংসদ আৰু আমাৰ ৰাজ্যৰ বিধায়িনী দলসমূহে এতিয়া ই-বিধান আৰু ডিজিটেল সংসদৰ মঞ্চৰ জৰিয়তে এই লক্ষ্যৰ দিশত কাম কৰি আছে। এই অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে আকৌ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছো। এই সন্মিলনৰ সফল আয়োজনৰ বাবে সকলো প্ৰিজাইডিং বিষয়ালৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাক অশেষ ধন্যবাদ।

 

  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    बीजेपी
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Devendra Kunwar October 08, 2024

    BJP
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • krishangopal sharma Bjp July 20, 2024

    नमो नमो 🙏 जय भाजपा 🙏
  • krishangopal sharma Bjp July 20, 2024

    नमो नमो 🙏 जय भाजपा 🙏
  • krishangopal sharma Bjp July 20, 2024

    नमो नमो 🙏 जय भाजपा 🙏
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • DEVENDRA SHAH MODI KA PARIVAR March 24, 2024

    jay shree ram
  • Raju Saha March 23, 2024

    joy Shree ram
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Blood boiling but national unity will steer Pahalgam response: PM Modi

Media Coverage

Blood boiling but national unity will steer Pahalgam response: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in an accident in Mandsaur, Madhya Pradesh
April 27, 2025
QuotePM announces ex-gratia from PMNRF

Prime Minister, Shri Narendra Modi, today condoled the loss of lives in an accident in Mandsaur, Madhya Pradesh. He announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased and Rs. 50,000 to the injured.

The Prime Minister's Office posted on X :

"Saddened by the loss of lives in an accident in Mandsaur, Madhya Pradesh. Condolences to those who have lost their loved ones. May the injured recover soon.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"