Quote“Viksit Bharat Budget guarantees to strengthen the foundation of a developed India”
Quote“This budget carries the confidence of continuity”
Quote“This budget is a reflection of the aspirations of Young India”
Quote“We set a big goal, achieved it, and then set an even bigger goal for ourselves”
Quote“Budget focuses on empowering the poor and middle-class”

মোৰ প্ৰিয় দেশবাসী,

আজিৰ বাজেট যদিও অন্তৱৰ্তীকালীন বাজেট, তথাপি ই সৰ্বাংগীন আৰু উদ্ভাৱনীমূলক। এই বাজেটে ধাৰাবাহিকতাৰ আস্থা কঢ়িয়াই আনিছে। এই বাজেটে ‘বিকশিত ভাৰত’ৰ চাৰিওটা স্তম্ভ ক্ৰমে যুৱক-যুৱতী, দৰিদ্ৰ, মহিলা, আৰু কৃষকক শক্তিশালী কৰিব।। নিৰ্মলা জীৰ বাজেট দেশৰ ভৱিষ্যত গঢ়াৰ বাজেট। এই বাজেটত ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ৰ ভেটি সুদৃঢ় কৰাৰ নিশ্চয়তা আছে। নিৰ্মলা জী আৰু তেওঁৰ দলটোক মই আন্তৰিকতাৰে অভিনন্দন জনাইছো।

বন্ধুসকল,

এই বাজেটত ভাৰতৰ যুৱ সমাজৰ আকাংক্ষাক প্ৰতিফলিত কৰা হৈছে। বাজেটত দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। গৱেষণা আৰু উদ্ভাৱনৰ বাবে ঘোষণা কৰা হৈছে এক লাখ কোটি টকাৰ পুঁজি। ষ্টাৰ্ট আপৰ বাবে কৰ ৰেহাই বৃদ্ধিৰ কথাও বাজেটত ঘোষণা কৰা হৈছে।

বন্ধুসকল,

এই বাজেটত বিত্তীয় ঘাটি নিয়ন্ত্ৰণত ৰাখি ঐতিহাসিকভাৱে সৰ্বাধিক ১১ লাখ ১১ হাজাৰ ১১১ কোটি টকা মূলধনী ব্যয়ৰ বাবে আবণ্টন দিয়া হৈছে। অৰ্থনীতিবিদসকলৰ ভাষাত এইটো কিছু সুমিষ্ট কেন্দ্ৰ হৈ পৰিছে। ইয়াৰ ফলত ভাৰতত একবিংশ শতিকাৰ আধুনিক আন্তঃগাঁথনি নির্মাণ হোৱাই নহয়, যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ অগণন নতুন সুযোগৰো সৃষ্টি হ’ব৷ বাজেটত ‘বন্দে ভাৰত ষ্টেণ্ডাৰ্ড’ৰ অধীনত ৪০ হাজাৰ আধুনিক ডবা নিৰ্মাণ কৰি নিয়মীয়া যাত্ৰীবাহী ৰে’লত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰা হৈছে। ইয়াৰ দ্বাৰা দেশৰ বিভিন্ন ৰে’লপথত লাখ লাখ যাত্ৰীৰ বাবে আৰামদায়ক যাত্ৰাৰ অভিজ্ঞতা বৃদ্ধি পাব।

 

|

বন্ধুসকল,

আমি এটা ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰো আৰু সেইটোত উপনীত হও, তাৰ পিছত নিজৰ বাবে আৰু অধিক ডাঙৰ লক্ষ্য নিৰ্ধাৰণ কৰো। আমি গাঁও, চহৰত দৰিদ্ৰ লোকৰ বাবে ৪ কোটিতকৈও অধিক ঘৰ সাজিছো। এতিয়া আমি আৰু ২ কোটি নতুন ঘৰ নিৰ্মাণৰ লক্ষ্য হাতত লৈছো। আমাৰ প্ৰাৰম্ভিক লক্ষ্য আছিল ২ কোটি মহিলাক ‘লাখপতি দিদি’ কৰি তোলা। এতিয়া এই লক্ষ্য বৃদ্ধি কৰি ৩ কোটি ‘লাখপতি দিদি’ কৰা হৈছে। আয়ুষ্মান ভাৰত আঁচনিখনেও দৰিদ্ৰ লোকসকলক যথেষ্ট সহায় কৰিছে। এতিয়া অংগনবাড়ী আৰু আশা কৰ্মীসকলো এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব।

 

|

বন্ধুসকল,

এই বাজেটত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক সবলীকৰণৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে, তেওঁলোকৰ বাবে নতুন আয়ৰ সুযোগ সৃষ্টি কৰা হৈছে। ৰূফটপ ছ’লাৰ কেম্পেইনৰ অধীনত সৌৰ ছাঁদৰ পেনেলৰ জৰিয়তে এক কোটি পৰিয়ালে বিনামূলীয়া বিদ্যুৎ লাভ কৰিব। কেৱল এয়াই নহয়, চৰকাৰক উদ্বৃত্ত বিদ্যুৎ বিক্ৰী কৰিও মানুহে বছৰি ১৫ৰ পৰা ২০ হাজাৰ টকা অতিৰিক্ত উপাৰ্জন কৰিব। এই আয় প্ৰতিটো পৰিয়ালৰ বাবে উপলব্ধ হ’ব।

 

  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    बीजेपी
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Devendra Kunwar October 08, 2024

    BJP
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • krishangopal sharma Bjp July 19, 2024

    नमो नमो 🙏 जय भाजपा 🙏
  • krishangopal sharma Bjp July 19, 2024

    नमो नमो 🙏 जय भाजपा 🙏
  • krishangopal sharma Bjp July 19, 2024

    नमो नमो 🙏 जय भाजपा 🙏
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • ROYALINSTAGREEN April 05, 2024

    i request you can all bjp supporter following my Instagram I'd _Royalinstagreen 🙏🙏
  • Raju Saha April 04, 2024

    joy Shree ram
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Markets record 2nd straight monthly gain in April; Sensex jumps nearly 4 pc

Media Coverage

Markets record 2nd straight monthly gain in April; Sensex jumps nearly 4 pc
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 মে’ 2025
May 01, 2025

9 Years of Ujjwala: PM Modi’s Vision Empowering Homes and Women Across India

PM Modi’s Vision Empowering India Through Data, and Development