Quote“সনাতন কেৱল এটা শব্দ নহয়, ই নিত্য নতুন, নিত্য পৰিৱৰ্তিত। অতীতৰ পৰা ইয়াৰ নিজকে উন্নত কৰাৰ অন্তৰ্নিহিত ইচ্ছা আছে আৰু সেয়েহে ই চিৰন্তন আৰু অমৰ”
Quote“যিকোনো দেশৰ যাত্ৰা ইয়াৰ সমাজৰ যাত্ৰাত প্ৰতিফলিত হয়”
Quote“যুগ যুগ আগৰ ত্যাগৰ প্ৰভাৱ বৰ্তমান প্ৰজন্মত আমি দেখিবলৈ পাইছো”
Quote“বছৰ বছৰ ধৰি একেলগে আমি কুচ্চক সজীৱ কৰি তুলিছো”
Quote"সামাজিক সম্প্ৰীতি, পৰিৱেশ আৰু প্ৰাকৃতিক কৃষি সকলোবোৰ দেশৰ অমৃত সংকল্পৰ সৈতে সম্পৰ্কিত"

আটাইকে হৰি ঔঁম, জয় উমিয়া মা, জয় লক্ষ্মীনাৰায়ণ!

এই মোৰ কচ্ছী পেটেলসকল এতিয়া কেৱল কচ্ছৰে নহয়ে, বৰং সমগ্ৰ ভাৰতৰে গৌৰৱ হৈ পৰিছে। কাৰণ মই ভাৰতৰ যি কোণলৈকে যাওঁ, মই এই সম্প্ৰদায়ৰ লোকসকলক দেখা পাওঁ। সেয়েহে কোৱা হয়, " कच्छड़ो खेले खलक में जो महासागर में मच्छ, जे ते हद्दो कच्छी वसे उत्ते रियाडी कच्छ।!

অনুষ্ঠানত উপস্থিত শাৰদপীঠৰ জগদগুৰু পূজ্য শংকৰাচাৰ্য স্বামী সমানন্দ সৰস্বতী জী, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰ কেবিনেটৰ মোৰ সহযোগী পুৰুষোত্তম ৰূপালা, অখিল ভাৰতীয় কাচ্ছ কড়ৱা পাটিদাৰ সমাজৰ অধ্যক্ষ শ্ৰীযুত অৱজী ভাই বস্ত ভাই কানানী, আৰু আন সকলো সুধীবৃন্দ!

সকলোকে সনাতনী শতাব্দী মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মোৰ বাবে সোণত সুৱগা চৰাৰ দৰেই হৈছে, এয়া মোৰ বাবে প্ৰথম সুযোগ যে শংকৰাচাৰ্য পদ গ্ৰহণ কৰাৰ পিছত জগদগুৰু শংকৰাচাৰ্য স্বামী সদানন্দ সৰস্বতী জীৰ উপস্থিতিত এটা অনুষ্ঠানলৈ অহাৰ সুযোগ পাইছো। তেখেতৰ মৰম সদায় মোৰ লগত আছে, আমাৰ সকলোৰে প্ৰতি আছে, গতিকে আজি মই তেখেতক শ্ৰদ্ধা জনোৱাৰ সুযোগ পাইছো।

বন্ধুসকল,

সমাজসেৱাৰ ১০০ বছৰীয়া পূণ্যকাল, যুৱ শাখাৰ ৫০ বছৰ আৰু মহিলা শাখাৰ ২৫ বছৰ, আপোনালোকে সৃষ্টি কৰা এই ত্ৰিবেণী সংগমটো নিজেই এক অতি সুখৰ কাকতলীয়া পৰিঘটনা। এখন সমাজৰ যুৱক-যুৱতী, সেই সমাজৰ মাতৃ-ভগ্নীয়ে যেতিয়া নিজেই নিজৰ সমাজখনৰ দায়িত্ব কান্ধত লয়, তেতিয়া সেই সমাজৰ সফলতা আৰু সমৃদ্ধি নিশ্চিত হয়। শ্ৰী অখিল ভাৰতীয় কচ্চ কড়ৱা পাটিদাৰ সমাজৰ যুৱ-মহিলা শাখাৰ এই আনুগত্য আজি এই উৎসৱৰ ৰূপত সকলোতে দেখা পোৱাত মই আনন্দিত। আপোনালোকে মোক আপোনাৰ পৰিয়ালৰ সদস্য হিচাপে সনাতনী শতাব্দী মহোৎসৱৰ অংশ কৰি তুলিছে, ইয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো। সনাতন কেৱল এটা শব্দ নহয়, ই নিত্য নতুন, নিত্য পৰিৱৰ্তিত, অতীতৰ পৰা নিজকে উন্নত কৰাৰ এক অন্তৰ্নিহিত ইচ্ছা ই, আৰু সেয়েহে সনাতন অমৰ।

বন্ধুসকল,

যিকোনো জাতিৰ যাত্ৰাই তাৰ সমাজৰ যাত্ৰাৰ প্ৰতিফলন ঘটায়। পাতিদাৰ সমাজৰ শতবৰ্ষৰ ইতিহাস, শ্ৰী অখিল ভাৰতীয় কচ্চ কড়ৱা সমাজৰ শতবৰ্ষৰ যাত্ৰা, আৰু, ভৱিষ্যতৰ দৃষ্টিভংগী, ভাৰত আৰু গুজৰাটক এক প্ৰকাৰে জনা আৰু ভুমুকিয়াই চোৱাৰ ই এক মাধ্যম। শ শ বছৰ ধৰি বিদেশী আক্ৰমণকাৰীয়ে এই সমাজখনৰ ওপৰত কিমান যে অত্যাচাৰ কৰা নাই! তথাপি সমাজৰ পূৰ্বপুৰুষসকলে নিজৰ পৰিচয় মচিবলৈ নিদিলে, তেওঁলোকৰ বিশ্বাস খণ্ডিত হ’বলৈ নিদিলে। এই সফল সমাজখনৰ বৰ্তমান প্ৰজন্মত শতিকা পুৰণি ত্যাগ আৰু ত্যাগৰ প্ৰভাৱ আমি দেখিবলৈ পাইছো। আজি কচ্চ কড়ৱা পাটিদাৰ সম্প্ৰদায়ৰ ৰাইজে দেশ-বিদেশত নিজৰ সফলতাৰ ধ্বজা উৰুৱাইছে। তেওঁলোক য’তেই নাথাকক কিয়, তেওঁলোকে নিজৰ শ্ৰম আৰু সামৰ্থ্যৰে আগবাঢ়িছে। কাঠ হওক, প্লাইউড হওক, হাৰ্ডৱেৰ হওক, মাৰ্বল হওক, নিৰ্মাণ সামগ্ৰী হওক, আপোনালোক প্ৰতিটো খণ্ডতে বিদ্যমান। আৰু মই সুখী যে এই সকলোবোৰৰ লগতে আপোনালোকে প্ৰজন্মৰ পিছত প্ৰজন্ম, বছৰৰ পিছত বছৰ ধৰি আপোনাৰ পৰম্পৰাৰ সন্মান দুগুণে বৃদ্ধি কৰিছে। এই সমাজখনে নিজৰ বৰ্তমানো গঢ়ি তুলিলে, আৰু নিজৰ ভৱিষ্যতৰ ভেটিও স্থাপন কৰিলে!

বন্ধুসকল,

ৰাজনৈতিক জীৱনত আপোনালোক সকলোৰে মাজত বহু সময় কটালোঁ, আপোনালোক সকলোৰে পৰা বহু কথা শিকিলোঁ। গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে আপোনালোকৰ লগত বহু ক্ষেত্ৰত কাম কৰাৰ সুযোগো পাইছো। কচ্চৰ ভূমিকম্পৰ জটিল সময়েই হওক, বা তাৰ পিছত হোৱা ধাৰাবাহিক সাহায্য আৰু পুনৰ্গঠনৰ প্ৰচেষ্টাই হওক, সমুদায়টোৰ শক্তিয়েই মোক সদায় আত্মবিশ্বাসৰ অনুভৱ দিছিল। বিশেষকৈ কচ্চৰ দিনবোৰৰ কথা ভাবিলে অতীতৰ স্মৃতিবোৰ মনত পৰে। এসময়ত কচ্চ দেশৰ অন্যতম পিছপৰা জিলা আছিল। জলাভাৱ, ক্ষুধা, জীৱ-জন্তুৰ মৃত্যু, প্ৰব্ৰজন, দুৰ্দশা, এইবোৰেই আছিল কচ্চৰ পৰিচয়। যদি কোনো বিষয়াক কচ্চলৈ বদলি কৰা হৈছিল, তেন্তে ইয়াক শাস্তিমূলক পোষ্টিং হিচাপে গণ্য কৰা হৈছিল, ক’লাপানী বুলি গণ্য কৰা হৈছিল কচ্চক। কিন্তু বছৰ বছৰ ধৰি একেলগে কাম কৰি আমি কচ্চক সজীৱ কৰি তুলিছো। কচ্চৰ পানীৰ সংকট সমাধানৰ বাবে আমি যিদৰে একেলগে কাম কৰিলোঁ, আমি একেলগে কচ্চক পৃথিৱীৰ ইমান ডাঙৰ পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাটো সকলোৰে প্ৰচেষ্টাৰ এক ডাঙৰ নিদৰ্শন। আজি মই গৌৰৱ অনুভৱ কৰিছো যে কচ্চ দেশৰ অন্যতম দ্ৰুতগতিত বিকশিত জিলা। কচ্চৰ যোগাযোগ ব্যৱস্থা উন্নত হৈছে, ইয়ালৈ ডাঙৰ ডাঙৰ উদ্যোগ আহিছে। এসময়ত খেতিৰ কথা ভাবিবলৈও টান হোৱা কচ্চৰ পৰা আজি কৃষিজাত সামগ্ৰী ৰপ্তানি কৰি বিশ্বলৈ প্ৰেৰণ কৰিছে। ইয়াত আপোনালোক সকলোৰে ডাঙৰ ভূমিকা আছে।

বন্ধুসকল,

নাৰায়ণ ৰামজী লিম্বানীৰ পৰা মই বহুত অনুপ্ৰাণিত হৈছো। শ্ৰী অখিল ভাৰতীয় কচ্চ কড়ৱা পাটিদাৰ সমাজক আগুৱাই লৈ যোৱা বহু লোকৰ লগতো মোৰ ব্যক্তিগত অন্তৰংগ সম্পৰ্ক আছে। সেয়ে সময়ে সময়ে সমাজৰ কাম-কাজ আৰু অভিযানৰ তথ্যও পাইয়েই থাকোঁ। আনকি কৰ'নাৰ সময়তো আপোনালোক সকলোৱে প্ৰশংসনীয় কাম কৰিছে। মই সুখী যে, এই সনাতনী শতাব্দী উদযাপনৰ সমান্তৰালকৈ আপোনালোকে আগন্তুক ২৫ বছৰৰ দৃষ্টিভংগী আৰু সংকল্পও আগবঢ়াইছে। আপোনাৰ ২৫ বছৰৰ এই সংকল্পবোৰ তেতিয়াই পূৰণ হ’ব যেতিয়া দেশে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব। অৰ্থনীতিৰ পৰা প্ৰযুক্তি, সামাজিক সম্প্ৰীতিৰ পৰা পৰিৱেশ আৰু প্ৰাকৃতিক কৃষিলৈকে আপুনি গ্ৰহণ কৰা সংকল্পসমূহ দেশৰ অমৃত-সংকল্পৰ সৈতে জড়িত। শ্ৰী অখিল ভাৰতীয় কচ্চ কড়ৱা সমাজৰ প্ৰচেষ্টাই এই দিশত দেশৰ সংকল্পক শক্তি প্ৰদান কৰিব আৰু সফলতাৰ দিশত আগুৱাই নিব বুলি মোৰ বিশ্বাস। এই মনোভাৱেৰে আকৌ এবাৰ আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছো।

ধন্যবাদ!

 

  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Devendra Kunwar October 08, 2024

    BJP
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • Vaishali Tangsale February 12, 2024

    🙏🏻🙏🏻👏🏻
  • ज्योती चंद्रकांत मारकडे February 11, 2024

    जय हो
  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp October 12, 2023

    सादगी एवं सरलता की प्रतिमूर्ति, नारी शक्ति की अद्वितीय मिसाल एवं प्रखर राष्ट्रवादी, भाजपा संस्थापक सदस्यों में से एक स्व. राजमाता विजयाराजे सिंधिया जी की जयंती पर उन्हें कोटिशः नमन।
  • Kumar Pawas May 23, 2023

    🙏
  • Sunu Das May 17, 2023

    🚨🚨🚨🚨🚨🚨🚨🚨🚨🚨🚨🚨🚨🚨🚨Aisa hi agar Bangal mein kam hote Raha to next Bangal aapka hi hoga Abhishek Banerjee Jaise ground level mein jakar kam kar raha hai aapka neta log ko bhi ground level mein jakar kam karna padega Bangal ka next CM 🔥suvendu Adhikari 🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹🥹 baki. Jay shree Ram 🚩,🙏😔 USA aap ja rahe hain na bahut jald baat karne Joe Biden se social 🙍media ka co se bhi baat kar lena aapka YouTube channel mein views nahin aata hai views down kar ke rakha hai jo jo kam kar rahe hain Janata ko pata chalega tabhi na vote milega aapka video YouTube recommend hi nahin karta hai 🤷🤷🤷🤷🤷🤷🤷🤷🤷🤷🤷🤷🤷🤷🤦
  • Ameeta Naik May 13, 2023

    मोदी जी आप को शत शत प्रणाम आज कर्नाटक के नतीजे देख कर मन बहुत दुखी और विचलित है । माना की यह लोकतंत्र है हार जीत होती रहती है ,पर अगर आपका इतने अच्छे काम करने पर फिर भी लोग दूसरी पार्टी को वोट देते है , क्यूँकि उनको free का मिलता है या पैसे मिलते है तो कोई उनके लिए कुछ भी करे वो वोट नही देंगे ।पैसे पर हिंदू तो बहुत जल्दी बिकता है , यह बहुत शर्म की बात है ।आप दिन रात काम करते हो , आराम भी नही करते है ,छुट्टी भी नही लेते है , अपनी जान को भी ख़तरे में डालते है इन देशवासियों के लिए । We don't deserve you , आप तो बस जाओ आराम से रहो , क्यूँ हमारे लिए पिसते हो । रैलियों में लोग निकलते है या तो आपको या हम जैसे लोगों को बेवक़ूफ़ बनाने को या खुद बाद में बिक जाते है , बहुत ही दुःख की स्तिथि है , आप अकेले क्या क्या करोगे और आपको ही क्यूँ करना चाहिए । बाक़ि लोगों की कोई ज़िम्मेदारी नही है क्या ? कर्नाटक में इतने सारे projects और अच्छे काम हुए पर लोगों को फिर भी फ़्री में मिल जाए तो वो बिक जाते है । मध्य प्रदेश में भी आपकी पार्टी हारेगी , हमारा एक छोटा गाँव है इंदौर के पास हज़ारों बार भाजपा के लोगों को कहा है , यहाँ आओ और थोड़ा प्रचार करो , ये तो बताओ क्या काम किया है पर कोई नही आता सब आपके ही भरोसे बैठे है । पहले हमारे खाना बननेवाली से मैंने पूछा था किसको वोट देते हो तो वो बोली कोंग्रेस को , मैंने पूछा क्यूँ तो वो बोली क्यूँकि उन्होंने आकर कहा हमें वोट दो । तो ये हाल है यहाँ जब कोई आता ही नही तो लोग क्या करें ,और ऊपर से दारू , मुर्गी और पैसे भी मिलते है उनको वोट करने के लिए बहुत गम्भीर स्तिथि है . हिंदुओं का आख़िर और अंतिम सहारा आप हो , पर भगवान कृष्ण ने भी कहा था मुझ पर भरोसा करो पर मेरे भरोसे मत बैठो । ये बात हिंदुओं को कैसे समझाए , कुछ तो शतुर्मुर्ग की तरह धरती में अपना सिर घुसा कर बैठे है कि कुछ हुआ ही नही ,सब अच्छा है दूसरे ग़ुलामी से निकल ही नही पाए है और तीसरे तो सोचते है ये हमारा problem नही है ,ये politics है हम क्या कर सकते है , और चौथे के विचार तो “ I Me Mine” तक ही है उनको समझ में ही नही आता की देश है तो हम है । मन बहुत दुखी और हताश है , कोई रोशिनी नही दिख रही है । ये मतदान के पहले पैसे बाटने पर भी रोक नही लग सकती है क्या ? आपकी एक अत्यंत दुखी देशवासी अमीता
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
PM Modi announces Mission Sudarshan Chakra to revolutionise national security by 2035

Media Coverage

PM Modi announces Mission Sudarshan Chakra to revolutionise national security by 2035
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 আগষ্ট 2025
August 15, 2025

PM Modi’s Independence Day Address Strikes a Patriotic Chord with the People