“31 October has become a festival of spirit of nationalism in every corner of the country”
“15 August on Red Fort, 26 January Parade on Kartavya path and Ekta Diwas under Statue of Unity have become trinity of national upsurge”
“The Statue of Unity represents the ideals of Ek Bharat Shreshtha Bharat”
“India is moving forward with a pledge of abandoning the mentality of slavery”
“There is no objective beyond India's reach”
“Today, Ekta Nagar is recognized as a global green city”
“Today, the entire world acknowledges the unwavering determination of India, the courage and resilience of its people”
“The biggest obstacle in the way of national unity, in our development journey, is the politics of appeasement”
“We must persistently work towards upholding our nation's unity to realize the aspiration of a prosperous India”

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

আপোনালোক যুৱক-যুৱতী আৰু দুৰন্ত সাহসীসকলৰ এই উৎসাহ হৈছে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ এক বৃহৎ শক্তি। এক প্ৰকাৰে মই মোৰ সন্মুখত এখন ‘মিনি ইণ্ডিয়া’, ‘ক্ষুদ্ৰ ভাৰত’ৰ ৰূপ দেখিবলৈ পাইছো। ৰাজ্য পৃথক, ভাষা পৃথক, পৰম্পৰা পৃথক, কিন্তু ইয়াত উপস্থিত প্ৰতিগৰাকী ব্যক্তি একতাৰ এডাল শক্তিশালী সূতাৰে সংযুক্ত। ভবিলে বহুত যেন লাগে, মালা কিন্তু এডালেইহে। শৰীৰ বহুত, মন কিন্তু এটাহে। ঠিক যেনে দৰে ১৫ আগষ্ট আমাৰ ‘স্বাধীনতা’ উদযাপনৰ দিন, আৰু ২৬ জানুৱাৰী আমাৰ ‘গণৰাজ্য’ উদযাপনৰ দিন, ঠিক তেনেদৰেই ৩১ অক্টোবৰৰ এই দিনটো হৈছে দেশৰ প্ৰতিটো কোণত ‘জাতীয়তাবাদৰ সঞ্চাৰণৰ উৎসৱ’ উদযাপনৰ দিন হৈ উঠিছে।

 

১৫ আগষ্টত দিল্লীৰ লালকিল্লাত অনুষ্ঠিত হোৱা অনুষ্ঠান, ২৬ জানুৱাৰীত দিল্লীৰ ‘কৰ্তব্য পথ’ত কুচকাৱাজ আৰু ৩১ অক্টোবৰত আই নৰ্মদাৰ পাৰত ‘ৰাষ্ট্ৰীয়একতা দিৱস’, ‘ষ্টেচ্যু অব ইউনিটী’ৰ সান্নিধ্যত ‘ৰাষ্ট্ৰীয় উত্থানৰ ত্ৰিশক্তি’ হৈ উঠিছে। আজি ইয়াত অনুষ্ঠিত হোৱা কুচকাৱাজ, উপস্থাপন কৰা কাৰ্যসূচীসমূহে সকলোকে অভিভূত কৰি তুলিছে। ‘একতা নগৰ’লৈ অহা সকলে কেৱল এই বিশাল মূৰ্তিটোৰ এক দৰ্শনেই লাভ নকৰে, তেওঁলোকে চৰ্দাৰ চাহাবৰ জীৱন, তেওঁৰ ত্যাগ আৰু ভাৰত গঢ়াত তেওঁৰ অৱদানৰ এক আভাসো লাভ কৰে। এই মূৰ্তিটোৰ নিৰ্মাণ গাঁথাতেই ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ ভাৱনা প্ৰতিবিম্বিত হৈছে। ইয়াৰ নিৰ্মাণৰ বাবে দেশৰ প্ৰতিটো প্ৰান্তৰ কৃষকসকলে ‘লৌহ পুৰুষ’ৰ প্ৰতিমূৰ্তিৰ বাবে কৃষি সঁজুলি, লো প্ৰদান কৰিছিল। দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা মাটি আনি ইয়াত ‘একতাৰ দেৱাল’ নিৰ্মাণ কৰা হৈছিল। এয়া কিমান ডাঙৰ অনুপ্ৰেৰণা আছিল। এই অনুপ্ৰেৰণাৰে অনুপ্ৰাণিত হৈ কোটি কোটি দেশবাসী এই কাৰ্যক্ৰমেৰে জড়িত হৈ আছে।

সমগ্ৰ দেশতে লাখ লাখ লোকে 'ৰান ফৰ ইউনিটী'ত অংশগ্ৰহণ কৰিছে। ‘একতাৰ দৌৰ’, লাখ লাখ লোক সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে ইয়াৰ অংশীদাৰ হৈছে। যেতিয়া আমি দেশত একতাৰ এই প্ৰবাহ প্ৰত্যক্ষ কৰো, যেতিয়া আমি ১৪০ কোটি ভাৰতীয়ৰ মাজত সংহতিৰ এই অনুভূতি দেখিবলৈ পাওঁ, তেতিয়া এনে লাগে যেন চৰ্দাৰ চাহাবৰ আদৰ্শই 'এক ভাৰত-শ্ৰেষ্ঠ ভাৰত'ৰ সংকল্প হৈ আমাৰ মাজত সঞ্চাৰিত হৈছে। এই পৱিত্ৰ অনুষ্ঠানত মই চৰ্দাৰ বল্লভভাই পেটেলৰ চৰণত প্ৰণিপাত কৰিছোঁ। ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উপলক্ষে মই সকলো দেশবাসীলৈ অনেক অনেক শুভকামনা জ্ঞাপন কৰিছোঁ।

মোৰ পৰিয়ালৰ সদস্যসকল,

আগন্তুক ২৫টা বছৰ হৈছে ভাৰতৰ বাবে এই শতিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ২৫ বছৰ। এই ২৫টা বছৰত আমি আমাৰ ভাৰতক সমৃদ্ধিশালী কৰি তুলিব লাগিব, আমি আমাৰ ভাৰতক উন্নত কৰিব লাগিব। যোৱা শতিকাত স্বাধীনতাৰ আগৰ ২৫টা বছৰ এনে এছোৱা সময় আছিল য'ত প্ৰতিগৰাকী দেশবাসীয়ে স্বাধীন ভাৰতৰ বাবে নিজকে উচৰ্গা কৰিছিল। এতিয়া, এক সমৃদ্ধ ভাৰতৰ বাবে, পৰৱৰ্তী ২৫টা বছৰৰ ‘অমৃত কাল’ আমাৰ সন্মুখলৈ এক সুযোগ হিচাপে আহিছে। আমি চৰ্দাৰ পেটেলৰ অনুপ্ৰেৰণাৰে প্ৰতিটো লক্ষ্যকে প্ৰাপ্ত কৰিব লাগিব।

 

আজি সমগ্ৰ বিশ্বই ভাৰতৰ ফালে চাই আছে। আজি ভাৰতে সফলতাৰ এক নতুন শীৰ্ষত আৰোহণ কৰিছে। ‘জি-২০’ত ভাৰতৰ সামৰ্থ্য দেখি বিশ্ব আচৰ্যচকিত হৈছে। আমি গৌৰৱান্বিত যে আমি বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ বিশ্বাসযোগ্যতাক নতুন উচ্চতালৈ লৈ গৈছোঁ। আমি গৌৰৱান্বিত যে বহুতো গোলকীয় সংকটৰ মাজতো আমাৰ সীমা সুৰক্ষিত হৈ আছে। আমি গৌৰৱান্বিত যে অহা কেইবছৰমানৰ ভিতৰত আমি ‘বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি’ হ'বলৈ আগবাঢ়িছো। আমি গৌৰৱান্বিত যে আজি ‘ভাৰত চন্দ্ৰত উপনীত হৈছে’, য'ত বিশ্বৰ কোনো দেশেই উপনীত হ’বগৈ পৰা নাই। আমি গৌৰৱান্বিত যে আজি ভাৰতে ‘তেজছ’ যুঁজাৰু বিমানৰ পৰা ‘আইএনএছ বিক্ৰান্ত’লৈ নিজেই নিৰ্মাণ কৰিছে। আমি গৌৰৱান্বিত যে আজি ভাৰত, আমাৰ পেছাদাৰ সকলে বিশ্বৰ কোটি কোটি ডলাৰ মূল্যৰ কোম্পানীসমূহ চলাই আছে, নেতৃত্ব দি আছে। আমি গৌৰৱান্বিত যে আজি বিশ্বৰ ডাঙৰ ক্ৰীড়া প্ৰতিযোগিতাসমূহত ত্ৰিৰংগ পতাকাৰ মান নিৰন্তৰ বৃদ্ধি পাবলৈ ধৰিছে। আমি গৌৰৱান্বিত যে দেশৰ যুৱ-প্ৰজন্ম, ল’ৰা আৰু ছোৱালীহঁতে অভিলেখ সংখ্যাত পদক জিকিবলৈ লৈছে।

বন্ধুসকল,

এই ‘অমৃত কাল’ত, ভাৰতে দাসত্বৰ মানসিকতা ত্যাগ কৰি আগবাঢ়ি যোৱাৰ সংকল্প লৈছে। আমি বিকাশো কৰি আছো, আৰু আমাৰ ঐতিহ্যৰ সংৰক্ষণো কৰি আছো। ভাৰতে ইয়াৰ নৌসেনাৰ পতাকাৰ পৰা দাসত্বৰ চিহ্ন আঁতৰাই পেলাইছে। দাসত্বৰ যুগত প্ৰস্তুত কৰা অপ্ৰয়োজনীয় আইনসমূহো আঁতৰ কৰা হৈছে। ‘আইপিচি’-ৰ পৰিৱৰ্তে ‘ভাৰতীয় ন্যায় সংহিতা’ প্ৰৱৰ্তন কৰা হৈছে। ‘ইণ্ডিয়া গে’ট’ত, য'ত এসময়ত বিদেশী শক্তিৰ প্ৰতিনিধিৰ প্ৰতিমূৰ্তি আছিল, এতিয়া নেতাজী সুভাষৰ প্ৰতিমূৰ্তিয়ে আমাক অনুপ্ৰেৰণা যোগাবলৈ লৈছে।

বন্ধুসকল,

আজি এনে কোনো লক্ষ্য নাই যাক ভাৰতে প্ৰাপ্ত কৰিব নোৱাৰে। এনে কোনো সংকল্প নাই যিটো আমি ভাৰতীয়সকলে একেলগে মিলি পূৰণ কৰিব নোৱাৰো। যোৱা ৯টা বছৰত দেশখনে দেখিছে যে যেতিয়া সকলোৱে প্ৰয়াস কৰে, তেতিয়া অসম্ভৱ বুলি একোৱেই নাথাকে। কোনে ভাবিছিল যে কাশ্মীৰ কেতিয়াবা ‘অনুচ্ছেদ ৩৭০’ৰ পৰা মুক্ত হ'ব পাৰিব? কিন্তু আজি কাশ্মীৰ আৰু দেশৰ মাজৰ ‘অনুচ্ছেদ ৩৭০’ৰ সেই দেৱালখন ঢলি পৰিছে। চৰ্দাৰ চাহাব য'তেই নাথাকক, তেওঁ আমাৰ সকলোতকৈ অধিক প্ৰসন্ন অনুভৱ কৰিলেহেঁতেন আৰু আমাৰ সকলোকে আশীৰ্বাদ প্ৰদান কৰিলেহেঁতেন। আজি কাশ্মীৰৰ মোৰ ভাই-ভনীসকলে সন্ত্ৰাসবাদৰ ছাঁৰ পৰা ওলাই আহি মুকলি বতাহত উশাহ লৈছেহি আৰু দেশৰ উন্নয়নত খোজত খোজ মিলাই আগবাঢ়িছে। ইয়াতো, মোৰ এফালে থকা ‘চৰ্দাৰ সৰোবৰ বান্ধ’টোও বিগত ৫-৬ দশক ধৰি ওলমি আছিল। সকলোৰে প্ৰয়াসেৰে, যোৱা কেইবছৰমানতে এই বান্ধটোৰ কামো সম্পূৰ্ণ হৈছে।

বন্ধুসকল,

আমাৰ এই ‘একতা নগৰ’খনো সংকল্পৰ পৰা সিদ্ধিৰ এক উৎকৃষ্ট উদাহৰণ। কেৱাড়িয়াখন ইমানকৈ সলনি হ'ব বুলি আজিৰ পৰা ১০-১৫ বছৰৰ আগলৈকে কোনেও কল্পনা কৰা নাছিল। আজি ‘একতা নগৰ’ক ‘গোলকীয় সেউজ নগৰ’ হিচাপে স্বীকৃতি দিয়া হৈছে। এইখনেই হৈছে সেইখন নগৰ, য’ত বিশ্বৰ দেশসমূহৰ দৃষ্টি আকৰ্ষণ কৰা ‘মিছন লাইফ’-ৰ শুভাৰম্ভ হৈছিল। যেতিয়াই মই ইয়ালৈ আহো, প্ৰতিবাৰেই ইয়াৰ আকৰ্ষণ আগতকৈয়ো বঢ়াহে দেখিবলৈ পাওঁ। ‘ৰিভাৰ ৰাফ্টিং’, ‘একতা ক্ৰুজ’, ‘একতা নাৰ্চাৰী’, ‘একতা মল’, ‘আৰোগ্য বন’, ‘কেকটাছ আৰু বাটাৰফ্লাই গাৰ্ডেন’, ‘জংঘল ছাফাৰী’, ‘মিয়াৱাকি ফৰেষ্ট’, ‘টেবল গাৰ্ডেন’-য়ে ইয়ালৈ যথেষ্ট সংখ্যক পৰ্যটকক আকৰ্ষিত কৰিছে। যোৱা ৬ মাহত ইয়াত ডেৰ লাখৰো অধিক গছপুলি ৰোপণ কৰা হৈছে। ‘একতা নগৰ’ ‘সৌৰ শক্তি উৎপাদন’ আৰু ‘মহানগৰ গেছ বিতৰণ’ৰ ক্ষেত্ৰতো আগবাঢ়ি আছে।

 

আজি, ইয়াত এখন বিশেষ ঐতিহ্যবাহী ৰে’লৰ এক নতুন আকৰ্ষণো সংযুক্ত কৰা হ'ব। ‘একতা নগৰ ষ্টেশ্যন’ আৰু আহমেদাবাদৰ মাজত চলি থকা এই ৰে’লখনত আমাৰ ঐতিহ্যৰ আভাসৰ লগতে আধুনিক সা-সুবিধাসমূহৰো এক আভাস সংযুক্ত কৰা হৈছে। ইয়াৰ ইঞ্জিনটোক এটা ভাপ ইঞ্জিনৰ ৰূপত সজাই তোলা হৈছে, কিন্তু ই বিদ্যুতৰেই চলিব। ‘একতা নগৰ’ত পৰিৱেশ-অনুকূল পৰিবহনৰ ব্যৱস্থাও কৰা হৈছে। এতিয়া পৰ্যটকসকলে ‘ই-বাছ’, ‘ই-গল্ফ ক’ৰ্ট’ আৰু ‘ই-চাইকেল’ৰে ‘ৰাজহুৱা বাইক শ্বেয়াৰিং প্ৰণালী’ৰ সুবিধাও লাভ কৰিব। যোৱা ৫টা বছৰত, ১.৫ কোটিতকৈয়ো অধিক পৰ্যটক ইয়ালৈ আহিছে আৰু এই সংখ্যা নিৰন্তৰ বৃদ্ধি হৈ আছে। আমাৰ জনজাতীয় ভাই-ভনীসকল ইয়াৰ পৰা যথেষ্ট লাভান্বিত হৈছে, তেওঁলোকে নিযুক্তিৰ নতুন সাধন লাভ কৰিছে।

 

বন্ধুসকল,

 

আজি সমগ্ৰ বিশ্বই ভাৰতৰ সংকল্প, ভাৰতৰ জনসাধাৰণৰ পুৰুষত্ব আৰু তীব্ৰতা, সন্মান আৰু আত্মবিশ্বাসেৰে ভাৰতীয় জনশক্তিৰ জীৱনীশক্তি, ভাৰতৰ অবিশ্বাস্য, অতুলনীয় যাত্ৰা আজি সকলোৰে বাবে অনুপ্ৰেৰণাৰ কেন্দ্ৰবিন্দু হৈ উঠিছে।

 

কিন্তু, মোৰ প্ৰিয় দেশবাসী,

 

আমি কিছুমান কথা কেতিয়াও পাহৰিব নালাগিব, আমি সেইবোৰ কথা চিৰদিনলৈ মনত ৰাখিব লাগিব। আজি ‘ৰাষ্ট্ৰীয় একতা দিৱস’ত মই প্ৰতিগৰাকী দেশবাসীৰ সন্মুখত এই সন্দৰ্ভত মোৰ ভাব প্ৰকাশ কৰিব বিচাৰিছোঁ। আজি গোটেই পৃথিৱীতে অস্থিৰতাই বিৰাজ কৰি আছে। ক’ৰোনাৰ পৰৱৰ্তি সময়ত বহুতো দেশৰ অৰ্থনীতিৰ অৱস্থা শোচনীয় হৈ পৰিছে, অতিকে বেয়া অৱস্থা হৈছে। বহুতো দেশে আজিৰ তাৰিখত ৩০-৪০ বছৰৰ ভিতৰতে সৰ্বাধিক মুদ্ৰাস্ফীতিৰ সৈতে যুঁজিবলগীয়া হৈছে। সেই দেশবোৰত নিবনুৱা সমস্যা সমস্যাৰ বৃদ্ধি অব্যাহত আছে। এনে পৰিস্থিতিতো ভাৰতে বিশ্বত নিজৰ গৌৰৱ-ধ্বজা উৰুৱাই আছে। আমি এটাৰ পিছত এটা প্ৰত্যাহ্বান অতিক্ৰম কৰি নিৰন্তৰ আগবাঢ়ি আছোঁ। আমি নতুন অভিলেখ স্থাপন কৰিছোঁ, আমি নতুন পৰিমাপকো সৃষ্টি কৰিছোঁ। বিগত ৯টা বছৰত দেশখনে যি নীতি আৰু সিদ্ধান্তৰ সৈতে আগবাঢ়িছে তাৰ প্ৰভাৱ আজি জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে দেখিবলৈ পোৱা গৈছে। ভাৰতত দৰিদ্ৰতা হ্ৰাস পাইছে। ৫ বছৰত ১৩.৫ কোটিৰো অধিক লোক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা ওলাই আহিছে। আমি আত্মবিশ্বাস লাভ কৰিছোঁ যে আমি দেশৰ পৰা দৰিদ্ৰতা দূৰ কৰিব পাৰোঁ। আৰু আমি এই দিশত আগবাঢ়ি গৈ থাকিব লাগিব। আৰু সেইকাৰণে এইছোৱা সময় প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। দেশৰ স্থিৰতাৰ ক্ষতি কৰিব পৰা কোনো কামেকে কোনেও কৰিব নালাগিব। আমাৰ পদক্ষেপবোৰ বিপথগামী হ’লে, আমিও লক্ষ্যৰ পৰা বিচ্যুত হ'ম। ১৪০ কোটি ভাৰতীয়ই যি কঠোৰ পৰিশ্ৰমেৰে দেশখনক উন্নয়নৰ পথলৈ লৈ আহিছে, সেয়া কেতিয়াও বৃথা হ’বলৈ দিয়া উচিত নহয়। আমি ভৱিষ্যতৰ কথা মনত ৰাখিব লাগিব, আৰু আমাৰ সংকল্পত দৃঢ় হৈ থাকিব লাগিব।

 

মোৰ দেশবাসী,

 

দেশৰ প্ৰথম গৃহমন্ত্ৰী হোৱাৰ বাবেই চৰ্দাৰ পেটেল দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত অতিকে কঠোৰ আছিল। যোৱা ৯টা বছৰে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাক বিভিন্ন দিশৰে প্ৰত্যাহ্বান জনোৱা হৈছে। কিন্তু আমাৰ নিৰাপত্তা বাহিনীয়ে দিন-ৰাতিয়ে কৰা কঠোৰ পৰিশ্ৰমৰ বাবেই দেশৰ শত্ৰুবোৰে কৰা যড়যন্ত্ৰত আগৰ দৰে সফল হ'ব পৰা নাই। মানুহে এতিয়াও সেই সময়বোৰ পাহৰি যোৱা নাই যেতিয়া জনবহুল ঠাইলৈ যোৱাৰ আগতে মনটো সন্দেহৰে ভৰি উঠিছিল। উৎসৱৰ ভিৰ, বজাৰ, ৰাজহুৱা স্থান অথবা অৰ্থনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰ বিন্দু যি আছিল তাক লক্ষ্য কৰি দেশৰ উন্নয়ন বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰা হৈছিল। বিস্ফোৰণৰ পিছত মানুহে ধ্বংসযজ্ঞ, বোমা বিস্ফোৰণৰ ফলত হোৱা ধ্বংসযজ্ঞ দেখিবলৈ পাইছিল। তাৰ পিছত, অনুসন্ধানৰ নামত আমি সেই সময়ৰ চৰকাৰবোৰৰ অলসতাও দেখিবলৈ পাইছোঁ। আপুনি দেশক সেই পৰ্যায়লৈ ঘূৰি যাবলৈ দিব নালাগিব, আমি আমাৰ শক্তিৰে ইয়াক প্ৰতিহত কৰি থাকিব লাগিব। যিসকলে দেশৰ একতাৰ ওপৰত আক্ৰমণ কৰি আছে, আমি সকলো দেশবাসীয়ে সেই শক্তিসমূহক জানিব লাগিব, চিনি পাব লাগিব, বুজিব লাগিব আৰু সেইবোৰ শক্তিৰ পৰা সতৰ্ক হৈ থাকিব লাগিব।

 

বন্ধুসকল,

 

দেশৰ একতাৰ পথত, আমাৰ উন্নয়নী যাত্ৰাত আটাইতকৈ ডাঙৰ বাধা হৈছে তোষণৰ ৰাজনীতি। ভাৰতৰ বিগত দশকবোৰ এই সত্যৰ সাক্ষী হৈ আহিছে যে তোষণকাৰীহঁতে কেতিয়াও সন্ত্ৰাসবাদ, ইয়াৰ ভয়াবহতা, ইয়াৰ হিংস্ৰতা দেখা নাপায়। তোষণকাৰীহঁতে মানৱতাৰ শত্ৰুৰ সৈতে থিয় হ'বলৈকো সংকোচ নকৰে। সিহঁতে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তদন্ত কৰাৰ নামত ভেকোভাওনাহে কৰে, সিহঁতে দেশ বিৰোধী উপাদানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা আঁতৰিহে থাকে। তোষণকাৰীৰ এই ভাৱনা ইমানেই বিপদজনক যে ই সন্ত্ৰাসবাদীক বচাবলৈ আদালত পৰ্যন্ত যাবলৈকো কুণ্ঠাবোধ নকৰে। এনে ধৰণৰ চিন্তাই কোনো সমাজৰে কোনো মঙ্গল সাধন কৰিব নোৱাৰে। ইয়াৰ পৰা কেতিয়াও দেশৰ মঙ্গল হ’ব নোৱাৰে। একতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা এনে চিন্তাধাৰাৰ পৰা প্ৰতিটো মুহূৰ্ততে, সকলো সময়তে, দেশৰ প্ৰতিটো কোণত, প্ৰতিগৰাকী দেশবাসী সাৱধানে থাকিব লাগিব।

 

মোৰ প্ৰিয় দেশবাসী,

 

দেশত এই মুহূৰ্তত নিৰ্বাচনৰ বাতাবৰণ গঢ়ি উঠিছে। ৰাজ্যসমূহত নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে আৰু অহাটো বছৰত লোকসভাৰ নিৰ্বাচনো অনুষ্ঠিত হ'ব। আপোনালোকে নিশ্চয় দেখিছে যে দেশত এটা বৃহৎ ৰাজনৈতিক শাখা আছে যিয়ে ইতিবাচক ৰাজনীতিৰ কোনো উৱা-দিহ নাপায়। দুৰ্ভাগ্যবশতঃ, এই ৰাজনৈতিক গোটে এনে কৌশল গ্ৰহণ কৰিছে, যিবোৰ হৈছে সমাজ আৰু দেশৰ পৰিপন্থী। এই শাখাটোৱে নিজৰ স্বাৰ্থৰ বাবে যদি দেশৰ একতাও ভংগ হয়, তেতিয়াও কিন্তু তেওঁলোকৰ বাবে, তেওঁলোকৰ স্বাৰ্থহে সৰ্বোপৰি হয়। সেয়েহে, এই প্ৰত্যাহ্বানসমূহৰ মাজত, আপোনালোক মোৰ দেশবাসী, জনতা-জনাৰ্দ্দন, আপোনালোকৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ হৈ উঠিছে। এই লোকসকলে দেশৰ একতাক আঘাত কৰি তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিব বিচাৰে। দেশে এওঁলোকৰ পৰা সতৰ্ক হৈ থাকিলেহে উন্নয়নৰ লক্ষ্যসমূহ প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। উন্নত ভাৰতৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে দেশৰ একতা বজাই ৰাখিবলৈ আমি আমাৰ প্ৰয়াস এক মুহূৰ্তৰ বাবেও এৰিব নালাগিব, এখোজো পিছ পৰি থাকিব নালাগিব। আমি নিৰন্তৰ একতাৰ মন্ত্ৰ আওৰাই জীয়াই থাকিব লাগিব। একতাক  বাস্তৱায়িত কৰিবলৈ আমি আমাৰ অৱদান নিৰন্তৰ আগবঢ়াব লাগিব। আমি যি ক্ষেত্ৰৰেই নহওঁ কিয়, আমি সেই ক্ষেত্ৰতে আমাৰ ১০০ শতাংশ উচৰ্গা কৰিব লাগিব। আগন্তুক প্ৰজন্মক এক উন্নত ভৱিষ্যত প্ৰদান কৰাৰ বাবে এয়াই হৈছে সৰ্বশ্ৰেষ্ঠ উপায়। আৰু চৰ্দাৰ চাহাবেও আমাৰ সকলোৰে পৰা এইটোকে আশা কৰে।

 

বন্ধুসকল,

 

চৰ্দাৰ চাহাবৰ সৈতে সম্পৰ্কিত এখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাও আজিৰ পৰা ‘মাইগভ’-ত আৰম্ভ হৈছে। ‘চৰ্দাৰ চাহাব কুইজ’ৰ জৰিয়তে দেশৰ যুৱপ্ৰজন্মই তেওঁক জানিবলৈ আৰু এটা সুযোগ পাব।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

 

আজিৰ ভাৰত এখন নতুন ভাৰত। আজিৰ প্ৰতিগৰাকী ভাৰতীয়ই অপৰিসীম আত্মবিশ্বাসেৰে পৰিপূৰ্ণ। আমি নিশ্চিত কৰিব লাগিব যে এই আত্মবিশ্বাস বৰ্তিও থাকিব আৰু দেশখনো আগবাঢ়ি গৈ থাকিব। এই চিন্তা অব্যাহত থাকক। এই মহিমা অব্যাহত থাকক। এই কামনাৰেই মই আকৌ এবাৰ ১৪০ কোটি দেশবাসীৰ হৈ সন্মানীয় চৰ্দাৰ পেটেললৈ মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। আমি সকলোৱে ৰাষ্ট্ৰীয় একতাৰ এই ৰাষ্ট্ৰীয় উৎসৱটো সম্পূৰ্ণ উৎসাহেৰে উদযাপন কৰোঁ আহক। জীৱনত একতাৰ মন্ত্ৰ আওৰাই জীয়াই থকাৰ অভ্যাস কৰক, জীৱনৰ প্ৰতিটো মুহূৰ্ত একতাৰ বাবে উৎসৰ্গা কৰক। এই কামনাৰে, আপোনালোক সকলোলৈকে আকৌ এবাৰ বহুত অভিনন্দন জনাইছোঁ।

 

ভাৰত মাতৃ কী জয়!

ভাৰত মাতৃ কী জয়!

ভাৰত মাতৃ কী জয়!

 

বহুত বহুত ধন্যবাদ।

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM Modi's address at the Parliament of Guyana
November 21, 2024

Hon’ble Speaker, मंज़ूर नादिर जी,
Hon’ble Prime Minister,मार्क एंथनी फिलिप्स जी,
Hon’ble, वाइस प्रेसिडेंट भरत जगदेव जी,
Hon’ble Leader of the Opposition,
Hon’ble Ministers,
Members of the Parliament,
Hon’ble The चांसलर ऑफ द ज्यूडिशियरी,
अन्य महानुभाव,
देवियों और सज्जनों,

गयाना की इस ऐतिहासिक पार्लियामेंट में, आप सभी ने मुझे अपने बीच आने के लिए निमंत्रित किया, मैं आपका बहुत-बहुत आभारी हूं। कल ही गयाना ने मुझे अपना सर्वोच्च सम्मान दिया है। मैं इस सम्मान के लिए भी आप सभी का, गयाना के हर नागरिक का हृदय से आभार व्यक्त करता हूं। गयाना का हर नागरिक मेरे लिए ‘स्टार बाई’ है। यहां के सभी नागरिकों को धन्यवाद! ये सम्मान मैं भारत के प्रत्येक नागरिक को समर्पित करता हूं।

साथियों,

भारत और गयाना का नाता बहुत गहरा है। ये रिश्ता, मिट्टी का है, पसीने का है,परिश्रम का है करीब 180 साल पहले, किसी भारतीय का पहली बार गयाना की धरती पर कदम पड़ा था। उसके बाद दुख में,सुख में,कोई भी परिस्थिति हो, भारत और गयाना का रिश्ता, आत्मीयता से भरा रहा है। India Arrival Monument इसी आत्मीय जुड़ाव का प्रतीक है। अब से कुछ देर बाद, मैं वहां जाने वाला हूं,

साथियों,

आज मैं भारत के प्रधानमंत्री के रूप में आपके बीच हूं, लेकिन 24 साल पहले एक जिज्ञासु के रूप में मुझे इस खूबसूरत देश में आने का अवसर मिला था। आमतौर पर लोग ऐसे देशों में जाना पसंद करते हैं, जहां तामझाम हो, चकाचौंध हो। लेकिन मुझे गयाना की विरासत को, यहां के इतिहास को जानना था,समझना था, आज भी गयाना में कई लोग मिल जाएंगे, जिन्हें मुझसे हुई मुलाकातें याद होंगीं, मेरी तब की यात्रा से बहुत सी यादें जुड़ी हुई हैं, यहां क्रिकेट का पैशन, यहां का गीत-संगीत, और जो बात मैं कभी नहीं भूल सकता, वो है चटनी, चटनी भारत की हो या फिर गयाना की, वाकई कमाल की होती है,

साथियों,

बहुत कम ऐसा होता है, जब आप किसी दूसरे देश में जाएं,और वहां का इतिहास आपको अपने देश के इतिहास जैसा लगे,पिछले दो-ढाई सौ साल में भारत और गयाना ने एक जैसी गुलामी देखी, एक जैसा संघर्ष देखा, दोनों ही देशों में गुलामी से मुक्ति की एक जैसी ही छटपटाहट भी थी, आजादी की लड़ाई में यहां भी,औऱ वहां भी, कितने ही लोगों ने अपना जीवन समर्पित कर दिया, यहां गांधी जी के करीबी सी एफ एंड्रूज हों, ईस्ट इंडियन एसोसिएशन के अध्यक्ष जंग बहादुर सिंह हों, सभी ने गुलामी से मुक्ति की ये लड़ाई मिलकर लड़ी,आजादी पाई। औऱ आज हम दोनों ही देश,दुनिया में डेमोक्रेसी को मज़बूत कर रहे हैं। इसलिए आज गयाना की संसद में, मैं आप सभी का,140 करोड़ भारतवासियों की तरफ से अभिनंदन करता हूं, मैं गयाना संसद के हर प्रतिनिधि को बधाई देता हूं। गयाना में डेमोक्रेसी को मजबूत करने के लिए आपका हर प्रयास, दुनिया के विकास को मजबूत कर रहा है।

साथियों,

डेमोक्रेसी को मजबूत बनाने के प्रयासों के बीच, हमें आज वैश्विक परिस्थितियों पर भी लगातार नजर ऱखनी है। जब भारत और गयाना आजाद हुए थे, तो दुनिया के सामने अलग तरह की चुनौतियां थीं। आज 21वीं सदी की दुनिया के सामने, अलग तरह की चुनौतियां हैं।
दूसरे विश्व युद्ध के बाद बनी व्यवस्थाएं और संस्थाएं,ध्वस्त हो रही हैं, कोरोना के बाद जहां एक नए वर्ल्ड ऑर्डर की तरफ बढ़ना था, दुनिया दूसरी ही चीजों में उलझ गई, इन परिस्थितियों में,आज विश्व के सामने, आगे बढ़ने का सबसे मजबूत मंत्र है-"Democracy First- Humanity First” "Democracy First की भावना हमें सिखाती है कि सबको साथ लेकर चलो,सबको साथ लेकर सबके विकास में सहभागी बनो। Humanity First” की भावना हमारे निर्णयों की दिशा तय करती है, जब हम Humanity First को अपने निर्णयों का आधार बनाते हैं, तो नतीजे भी मानवता का हित करने वाले होते हैं।

साथियों,

हमारी डेमोक्रेटिक वैल्यूज इतनी मजबूत हैं कि विकास के रास्ते पर चलते हुए हर उतार-चढ़ाव में हमारा संबल बनती हैं। एक इंक्लूसिव सोसायटी के निर्माण में डेमोक्रेसी से बड़ा कोई माध्यम नहीं। नागरिकों का कोई भी मत-पंथ हो, उसका कोई भी बैकग्राउंड हो, डेमोक्रेसी हर नागरिक को उसके अधिकारों की रक्षा की,उसके उज्जवल भविष्य की गारंटी देती है। और हम दोनों देशों ने मिलकर दिखाया है कि डेमोक्रेसी सिर्फ एक कानून नहीं है,सिर्फ एक व्यवस्था नहीं है, हमने दिखाया है कि डेमोक्रेसी हमारे DNA में है, हमारे विजन में है, हमारे आचार-व्यवहार में है।

साथियों,

हमारी ह्यूमन सेंट्रिक अप्रोच,हमें सिखाती है कि हर देश,हर देश के नागरिक उतने ही अहम हैं, इसलिए, जब विश्व को एकजुट करने की बात आई, तब भारत ने अपनी G-20 प्रेसीडेंसी के दौरान One Earth, One Family, One Future का मंत्र दिया। जब कोरोना का संकट आया, पूरी मानवता के सामने चुनौती आई, तब भारत ने One Earth, One Health का संदेश दिया। जब क्लाइमेट से जुड़े challenges में हर देश के प्रयासों को जोड़ना था, तब भारत ने वन वर्ल्ड, वन सन, वन ग्रिड का विजन रखा, जब दुनिया को प्राकृतिक आपदाओं से बचाने के लिए सामूहिक प्रयास जरूरी हुए, तब भारत ने CDRI यानि कोएलिशन फॉर डिज़ास्टर रज़ीलिएंट इंफ्रास्ट्रक्चर का initiative लिया। जब दुनिया में pro-planet people का एक बड़ा नेटवर्क तैयार करना था, तब भारत ने मिशन LiFE जैसा एक global movement शुरु किया,

साथियों,

"Democracy First- Humanity First” की इसी भावना पर चलते हुए, आज भारत विश्वबंधु के रूप में विश्व के प्रति अपना कर्तव्य निभा रहा है। दुनिया के किसी भी देश में कोई भी संकट हो, हमारा ईमानदार प्रयास होता है कि हम फर्स्ट रिस्पॉन्डर बनकर वहां पहुंचे। आपने कोरोना का वो दौर देखा है, जब हर देश अपने-अपने बचाव में ही जुटा था। तब भारत ने दुनिया के डेढ़ सौ से अधिक देशों के साथ दवाएं और वैक्सीन्स शेयर कीं। मुझे संतोष है कि भारत, उस मुश्किल दौर में गयाना की जनता को भी मदद पहुंचा सका। दुनिया में जहां-जहां युद्ध की स्थिति आई,भारत राहत और बचाव के लिए आगे आया। श्रीलंका हो, मालदीव हो, जिन भी देशों में संकट आया, भारत ने आगे बढ़कर बिना स्वार्थ के मदद की, नेपाल से लेकर तुर्की और सीरिया तक, जहां-जहां भूकंप आए, भारत सबसे पहले पहुंचा है। यही तो हमारे संस्कार हैं, हम कभी भी स्वार्थ के साथ आगे नहीं बढ़े, हम कभी भी विस्तारवाद की भावना से आगे नहीं बढ़े। हम Resources पर कब्जे की, Resources को हड़पने की भावना से हमेशा दूर रहे हैं। मैं मानता हूं,स्पेस हो,Sea हो, ये यूनीवर्सल कन्फ्लिक्ट के नहीं बल्कि यूनिवर्सल को-ऑपरेशन के विषय होने चाहिए। दुनिया के लिए भी ये समय,Conflict का नहीं है, ये समय, Conflict पैदा करने वाली Conditions को पहचानने और उनको दूर करने का है। आज टेरेरिज्म, ड्रग्स, सायबर क्राइम, ऐसी कितनी ही चुनौतियां हैं, जिनसे मुकाबला करके ही हम अपनी आने वाली पीढ़ियों का भविष्य संवार पाएंगे। और ये तभी संभव है, जब हम Democracy First- Humanity First को सेंटर स्टेज देंगे।

साथियों,

भारत ने हमेशा principles के आधार पर, trust और transparency के आधार पर ही अपनी बात की है। एक भी देश, एक भी रीजन पीछे रह गया, तो हमारे global goals कभी हासिल नहीं हो पाएंगे। तभी भारत कहता है – Every Nation Matters ! इसलिए भारत, आयलैंड नेशन्स को Small Island Nations नहीं बल्कि Large ओशिन कंट्रीज़ मानता है। इसी भाव के तहत हमने इंडियन ओशन से जुड़े आयलैंड देशों के लिए सागर Platform बनाया। हमने पैसिफिक ओशन के देशों को जोड़ने के लिए भी विशेष फोरम बनाया है। इसी नेक नीयत से भारत ने जी-20 की प्रेसिडेंसी के दौरान अफ्रीकन यूनियन को जी-20 में शामिल कराकर अपना कर्तव्य निभाया।

साथियों,

आज भारत, हर तरह से वैश्विक विकास के पक्ष में खड़ा है,शांति के पक्ष में खड़ा है, इसी भावना के साथ आज भारत, ग्लोबल साउथ की भी आवाज बना है। भारत का मत है कि ग्लोबल साउथ ने अतीत में बहुत कुछ भुगता है। हमने अतीत में अपने स्वभाव औऱ संस्कारों के मुताबिक प्रकृति को सुरक्षित रखते हुए प्रगति की। लेकिन कई देशों ने Environment को नुकसान पहुंचाते हुए अपना विकास किया। आज क्लाइमेट चेंज की सबसे बड़ी कीमत, ग्लोबल साउथ के देशों को चुकानी पड़ रही है। इस असंतुलन से दुनिया को निकालना बहुत आवश्यक है।

साथियों,

भारत हो, गयाना हो, हमारी भी विकास की आकांक्षाएं हैं, हमारे सामने अपने लोगों के लिए बेहतर जीवन देने के सपने हैं। इसके लिए ग्लोबल साउथ की एकजुट आवाज़ बहुत ज़रूरी है। ये समय ग्लोबल साउथ के देशों की Awakening का समय है। ये समय हमें एक Opportunity दे रहा है कि हम एक साथ मिलकर एक नया ग्लोबल ऑर्डर बनाएं। और मैं इसमें गयाना की,आप सभी जनप्रतिनिधियों की भी बड़ी भूमिका देख रहा हूं।

साथियों,

यहां अनेक women members मौजूद हैं। दुनिया के फ्यूचर को, फ्यूचर ग्रोथ को, प्रभावित करने वाला एक बहुत बड़ा फैक्टर दुनिया की आधी आबादी है। बीती सदियों में महिलाओं को Global growth में कंट्रीब्यूट करने का पूरा मौका नहीं मिल पाया। इसके कई कारण रहे हैं। ये किसी एक देश की नहीं,सिर्फ ग्लोबल साउथ की नहीं,बल्कि ये पूरी दुनिया की कहानी है।
लेकिन 21st सेंचुरी में, global prosperity सुनिश्चित करने में महिलाओं की बहुत बड़ी भूमिका होने वाली है। इसलिए, अपनी G-20 प्रेसीडेंसी के दौरान, भारत ने Women Led Development को एक बड़ा एजेंडा बनाया था।

साथियों,

भारत में हमने हर सेक्टर में, हर स्तर पर, लीडरशिप की भूमिका देने का एक बड़ा अभियान चलाया है। भारत में हर सेक्टर में आज महिलाएं आगे आ रही हैं। पूरी दुनिया में जितने पायलट्स हैं, उनमें से सिर्फ 5 परसेंट महिलाएं हैं। जबकि भारत में जितने पायलट्स हैं, उनमें से 15 परसेंट महिलाएं हैं। भारत में बड़ी संख्या में फाइटर पायलट्स महिलाएं हैं। दुनिया के विकसित देशों में भी साइंस, टेक्नॉलॉजी, इंजीनियरिंग, मैथ्स यानि STEM graduates में 30-35 परसेंट ही women हैं। भारत में ये संख्या फोर्टी परसेंट से भी ऊपर पहुंच चुकी है। आज भारत के बड़े-बड़े स्पेस मिशन की कमान महिला वैज्ञानिक संभाल रही हैं। आपको ये जानकर भी खुशी होगी कि भारत ने अपनी पार्लियामेंट में महिलाओं को रिजर्वेशन देने का भी कानून पास किया है। आज भारत में डेमोक्रेटिक गवर्नेंस के अलग-अलग लेवल्स पर महिलाओं का प्रतिनिधित्व है। हमारे यहां लोकल लेवल पर पंचायती राज है, लोकल बॉड़ीज़ हैं। हमारे पंचायती राज सिस्टम में 14 लाख से ज्यादा यानि One point four five मिलियन Elected Representatives, महिलाएं हैं। आप कल्पना कर सकते हैं, गयाना की कुल आबादी से भी करीब-करीब दोगुनी आबादी में हमारे यहां महिलाएं लोकल गवर्नेंट को री-प्रजेंट कर रही हैं।

साथियों,

गयाना Latin America के विशाल महाद्वीप का Gateway है। आप भारत और इस विशाल महाद्वीप के बीच अवसरों और संभावनाओं का एक ब्रिज बन सकते हैं। हम एक साथ मिलकर, भारत और Caricom की Partnership को और बेहतर बना सकते हैं। कल ही गयाना में India-Caricom Summit का आयोजन हुआ है। हमने अपनी साझेदारी के हर पहलू को और मजबूत करने का फैसला लिया है।

साथियों,

गयाना के विकास के लिए भी भारत हर संभव सहयोग दे रहा है। यहां के इंफ्रास्ट्रक्चर में निवेश हो, यहां की कैपेसिटी बिल्डिंग में निवेश हो भारत और गयाना मिलकर काम कर रहे हैं। भारत द्वारा दी गई ferry हो, एयरक्राफ्ट हों, ये आज गयाना के बहुत काम आ रहे हैं। रीन्युएबल एनर्जी के सेक्टर में, सोलर पावर के क्षेत्र में भी भारत बड़ी मदद कर रहा है। आपने t-20 क्रिकेट वर्ल्ड कप का शानदार आयोजन किया है। भारत को खुशी है कि स्टेडियम के निर्माण में हम भी सहयोग दे पाए।

साथियों,

डवलपमेंट से जुड़ी हमारी ये पार्टनरशिप अब नए दौर में प्रवेश कर रही है। भारत की Energy डिमांड तेज़ी से बढ़ रही हैं, और भारत अपने Sources को Diversify भी कर रहा है। इसमें गयाना को हम एक महत्वपूर्ण Energy Source के रूप में देख रहे हैं। हमारे Businesses, गयाना में और अधिक Invest करें, इसके लिए भी हम निरंतर प्रयास कर रहे हैं।

साथियों,

आप सभी ये भी जानते हैं, भारत के पास एक बहुत बड़ी Youth Capital है। भारत में Quality Education और Skill Development Ecosystem है। भारत को, गयाना के ज्यादा से ज्यादा Students को Host करने में खुशी होगी। मैं आज गयाना की संसद के माध्यम से,गयाना के युवाओं को, भारतीय इनोवेटर्स और वैज्ञानिकों के साथ मिलकर काम करने के लिए भी आमंत्रित करता हूँ। Collaborate Globally And Act Locally, हम अपने युवाओं को इसके लिए Inspire कर सकते हैं। हम Creative Collaboration के जरिए Global Challenges के Solutions ढूंढ सकते हैं।

साथियों,

गयाना के महान सपूत श्री छेदी जगन ने कहा था, हमें अतीत से सबक लेते हुए अपना वर्तमान सुधारना होगा और भविष्य की मजबूत नींव तैयार करनी होगी। हम दोनों देशों का साझा अतीत, हमारे सबक,हमारा वर्तमान, हमें जरूर उज्जवल भविष्य की तरफ ले जाएंगे। इन्हीं शब्दों के साथ मैं अपनी बात समाप्त करता हूं, मैं आप सभी को भारत आने के लिए भी निमंत्रित करूंगा, मुझे गयाना के ज्यादा से ज्यादा जनप्रतिनिधियों का भारत में स्वागत करते हुए खुशी होगी। मैं एक बार फिर गयाना की संसद का, आप सभी जनप्रतिनिधियों का, बहुत-बहुत आभार, बहुत बहुत धन्यवाद।