Quoteনতুন দিল্লীত সংহত কমপ্লেক্স “কৰ্মযোগী ভৱন”ৰ প্ৰথম পৰ্য্যায়ৰ আধাৰশিলা স্থাপন
Quote“ৰাষ্ট্ৰ নিৰ্মাণত আমাৰ যুৱ শক্তিৰ বৰঙণি বৃদ্ধিৰ ক্ষেত্ৰত ৰোজগাৰ মেলাসমূহে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে”
Quote“ভাৰত চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াটো এতিয়া সম্পূৰ্ণ স্বচ্ছ হৈ পৰিছে”
Quote“আমি যুৱক-যুৱতীসকলক ভাৰত চৰকাৰৰে সংযোগেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ অংশীদাৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছোঁ”
Quote“এই দশকৰ শেষৰ ফালে ভাৰতীয় ৰেলৱে সম্পূৰ্ণৰূপে ৰূপান্তৰিত হ’ব”
Quote“উন্নত যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত প্ৰত্যক্ষ প্ৰভাৱ পেলায়”
Quote“অৰ্ধসামৰিক বাহিনীৰ বাছনি প্ৰক্ৰিয়াত সংস্কাৰ সাধনে প্ৰতিটো অঞ্চলৰ যুৱক-যুৱতীসকলক সমান সুযোগ প্ৰদান কৰিব”

মোৰ মৰমৰ ডেকা বন্ধু-বান্ধৱীসকল,

আজি ১ লাখৰো অধিক যুৱক-যুৱতীক চৰকাৰৰ চাকৰিৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। আপোনালোকে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এই সফলতা লাভ কৰিছে। আপোনালোক সকলোকে আৰু আপোনালোকৰ পৰিয়ালবৰ্গকো অভিনন্দন জনাইছোঁ। ভাৰত চৰকাৰত যুৱক-যুৱতীসকলক চাকৰিৰ সুবিধা প্ৰদানৰ অভিযান দ্ৰুত গতিত অব্যাহত আছে। পূৰ্বৰ চৰকাৰসমূহৰ দিনত বিজ্ঞাপনৰপৰা নিযুক্তি পত্ৰ প্ৰদানলৈকে বহু সময় লাগিছিল। এই পলমৰ সুযোগ লৈ, সেই সময়ত উৎকোচৰ মাত্ৰাও প্ৰচণ্ড হৈ পৰিছিল। আমি এতিয়া ভাৰত চৰকাৰত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ কৰি তুলিছোঁ। কেৱল এয়াই নহয়, চৰকাৰে নির্দিষ্ট সময়ৰ ভিতৰত নিযুক্তি প্রক্রিয়া সম্পূর্ণ কৰিবলৈ অত্যন্ত জোৰ দিছে। ইয়াৰ লগে-লগে প্ৰতিগৰাকী যুৱক-যুৱতীয়ে নিজৰ সামৰ্থ্য প্ৰমাণৰ সমান সুযোগ লাভ কৰিবলৈ আৰম্ভ কৰিছে। আজি প্ৰতিজন যুৱক-যুৱতীৰ মনত বিশ্বাস আছে যে তেওঁলোকে কঠোৰ পৰিশ্ৰম আৰু নিজৰ প্ৰতিভাৰ ভিত্তিত নিজৰ স্থান গঢ়ি তুলিব পাৰে। ২০১৪ ৰপৰা ভাৰত চৰকাৰৰ সৈতে যুৱক-যুৱতীসকলক সংযোগেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ অংশীদাৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। বিজেপি চৰকাৰে যোৱা ১০ বছৰত পূৰ্বৰ চৰকাৰে দিয়াতকৈ প্ৰায় ডেৰগুণ বেছি চৰকাৰী চাকৰি প্ৰদান কৰিছে। আজি দিল্লীত এটা সংহত প্ৰশিক্ষণ কমপ্লেক্সৰো আধাৰশিলা স্থাপন কৰা হৈছে। মই নিশ্চিত যে এই নতুন প্ৰশিক্ষণ কমপ্লেক্সে আমাৰ সামৰ্থ্য বিকাশৰ পদক্ষেপক অধিক সুদৃঢ় কৰিব।

 

|

বন্ধুসকল,

আজি চৰকাৰৰ প্ৰচেষ্টাত দেশৰ যুৱক-যুৱতীসকলৰ বাবে নতুন খণ্ড মুকলি হৈছে। এই খণ্ডসমূহত চৰকাৰে আৰম্ভ কৰা নতুন অভিযানৰ বাবে বহু নতুন কৰ্মসংস্থাপন-স্বনিয়োজনৰ সুযোগ সৃষ্টি হৈছে। আপোনালোকে দেখিছে যে এই বাজেটত ১ কোটি পৰিয়ালৰ বাবে ছাদৰ ওপৰত সৌৰশক্তি আঁচনি ঘোষণা কৰা হৈছে। এতিয়া ছাদত ছ’লাৰ পেনেল লগোৱাসকলে দুগুণ লাভ অৰ্জন কৰিব। তেওঁলোকৰ বিদ্যুতৰ বিল শূন্য হ’ব আৰু তেওঁলোকে উৎপন্ন কৰা অতিৰিক্ত বিদ্যুতৰপৰাও আয় কৰিব পাৰিব। ছাদৰ ওপৰত সৌৰশক্তিৰ ইমান বিশাল আঁচনিয়ে দেশত লাখ-লাখ নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিব। কোনোবাই ছ’লাৰ পেনেলৰ কাম কৰিব, কোনোবাই বেটাৰী সম্পৰ্কীয় ব্যৱসায়ত নামিব, কোনোবাই তাঁৰৰ কাম চম্ভালিব, এই এখন আঁচনিয়েই বহু স্তৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।

মোৰ ডেকা বন্ধুসকল,

আজি ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ ইক’চিষ্টেম। এতিয়া দেশত ষ্টাৰ্টআপৰ সংখ্যা প্ৰায় ১.২৫ লাখ হৈছেগৈ। এই ষ্টাৰ্টআপসমূহৰ বৃহৎ সংখ্যক সৰু টায়াৰ-২, টায়াৰ-৩ চহৰৰ, যিসমূহ আনকি জিলা সদৰো নহয়। এই ষ্টাৰ্টআপসমূহত যুৱ প্ৰজন্মৰ বাবে লাখ-লাখ চাকৰিৰ সৃষ্টি হৈছে। এইবাৰৰ বাজেটত ষ্টাৰ্টআপলৈ আগবঢ়োৱা কৰ ৰেহাই বৃদ্ধিৰ কথাও ঘোষণা কৰা হৈছে। ইয়াৰদ্বাৰা আমাৰ যুৱক-যুৱতীসকল যথেষ্ট উপকৃত হ’ব। বাজেটত গৱেষণা আৰু উদ্ভাৱনৰ বাবে এক লাখ কোটি টকাৰ নতুন পুঁজি সৃষ্টিৰ কথা ঘোষণা কৰা হৈছে।

 

|

বন্ধুসকল,

আজি ভাৰতীয় ৰেলৱেতো এই নিয়োগ মেলাৰ জৰিয়তে নিযুক্তি দিয়া হৈছে। যেতিয়াই জনসাধাৰণে নিজৰ পৰিয়ালৰ সৈতে দীঘলীয়া যাত্ৰাৰ পৰিকল্পনা কৰে, তেতিয়াই ভাৰতীয় ৰেলৱে প্ৰথম পছন্দ হৈ পৰে। ভাৰতীয় ৰেলৱে আজি এক বৃহৎ পৰিৱৰ্তনৰ মাজেৰে অগ্ৰসৰ হৈছে। এই দশকৰ শেষৰ ফালে ভাৰতীয় ৰেলৱে সম্পূৰ্ণৰূপে ৰূপান্তৰিত হ’ব। আপোনালোকৰ মনত আছে, ২০১৪ৰ আগতে ৰেলৱেৰ অৱস্থা কি আছিল? বৈদ্যুতীকৰণেই হওঁক বা ৰে’লপথ দ্বৈতকৰণেই হওঁক, ৰেল চালনা অগ্ৰগতি সাধনেই হওঁক, যাত্ৰীসকলৰ বাবে সুবিধা বৃদ্ধিয়েই হওঁক, পূৰ্বৰ চৰকাৰসমূহে ইয়াৰ প্ৰতি যিমান গুৰুত্ব দিব লাগিছিল, সিমান গুৰুত্ব নিদিলে। পূৰ্বৰ চৰকাৰসমূহ সাধাৰণ ভাৰতীয়ৰ সমস্যাৰ প্ৰতি উদাসীন আছিল। ২০১৪ৰ পিছত আমি সমগ্ৰ ৰেল ব্যৱস্থাত পুনৰ উদ্ভাৱনৰ অভিযান আৰম্ভ কৰিলোঁ। আমি ৰেলপথৰ আধুনিকীকৰণ আৰু উন্নীতকৰণৰ ওপৰত গুৰুত্ব দিলোঁ। এইবাৰ নিশ্চয় বাজেটতো দেখিছে, চৰকাৰে ঘোষণা কৰিছে যে বন্দে ভাৰত এক্সপ্ৰেছৰ দৰে ৪০ হাজাৰ আধুনিক বগী প্ৰস্তুতকৰণেৰে এইসমূহ সাধাৰণ ৰেলত যোগ কৰা হ’ব। ইয়াৰ ফলত সাধাৰণ যাত্ৰীৰ যাত্ৰা অধিক সুবিধাজনক হ’ব।

 

|

বন্ধুসকল,

দেশত যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণে বহু ক্ষেত্ৰত প্ৰভাৱ পেলায়। যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ লগে-লগে নতুন বজাৰ গঠন হ’বলৈ আৰম্ভ কৰে আৰু পৰ্যটনস্থলীসমূহৰ বিকাশ ঘটে। উন্নত যোগাযোগ ব্যৱস্থাই নতুন ব্যৱসায়ৰ সৃষ্টি কৰে আৰু লাখ-লাখ নিয়োগৰ সুযোগ সৃষ্টি কৰে। অৰ্থাৎ, উন্নত যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। উন্নয়নৰ গতি ত্বৰান্বিতকৰণৰ অৰ্থে আন্তঃগাঁথনিত বিনিয়োগ বৃদ্ধি কৰা হৈছে। এই বাজেটত আন্তঃগাঁথনিৰ বাবে ১১ লাখ কোটি টকা বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আন্তঃগাঁথনিৰ বাবে এনে বৃহৎ ব্যয়ৰ ফলত পথ, ৰেল, বিমানবন্দৰ, মেট্ৰ’, বিদ্যুতৰ দৰে প্ৰতিটো প্ৰকল্পৰ গতি দ্ৰুত হ’ব। ইয়াৰদ্বাৰা নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব।

বন্ধুসকল,

আজি নিযুক্তি পত্ৰ লাভ কৰা যুৱক-যুৱতীসকলৰ গৰিষ্ঠ সংখ্যক অৰ্ধসামৰিক বাহিনীৰ অংশ হ’বলৈ আগবাঢ়িছে। ইয়াৰ জৰিয়তে যুৱক-যুৱতীসকলৰ এক পৰম আকাংক্ষা পূৰণ হৈছে। যোৱা কেইবছৰমানৰপৰা অৰ্ধসামৰিক বাহিনীত নিযুক্তি প্ৰক্ৰিয়াৰ সংস্কাৰ সাধন কৰা হৈছে। হিন্দী আৰু ইংৰাজীৰ বাহিৰেও ১৩ টা ভাষাত লিখিত পৰীক্ষা অনুষ্ঠিতকৰণৰ সিদ্ধান্ত চলিত বৰ্ষৰ জানুৱাৰীৰপৰা কাৰ্য্যকৰী কৰা হৈছে। ইয়াৰদ্বাৰা লাখ-লাখ অংশগ্ৰহণকাৰীয়ে নিজৰ যোগ্যতা প্ৰমাণৰ সমান সুযোগ লাভ কৰিছে। সীমান্তত অৱস্থিত জিলা আৰু উগ্ৰবাদৰদ্বাৰা ক্ষতিগ্ৰস্ত জিলাসমূহৰ কোটাও বৃদ্ধি কৰা হৈছে।

বন্ধুসকল,

এখনি উন্নত ভাৰতৰ যাত্ৰাত প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীৰ বৰঙণি হ’ব গুৰুত্বপূৰ্ণ। আজি আমাৰ লগত যোগদান কৰা এক লাখৰো অধিক কৰ্মচাৰীয়ে এই যাত্ৰাক নতুন শক্তি আৰু গতি প্ৰদান কৰিব। আপোনালোকে যি বিভাগত কাম নকৰক কিয়, মনত ৰাখিব যে আপোনালোকৰ প্ৰতিটো দিনেই ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে উৎসৰ্গিত হ’ব লাগে। সকলো চৰকাৰী কৰ্মচাৰীৰ সামৰ্থ্য বিকাশৰ বাবে ভাৰত চৰকাৰে কৰ্মযোগী ভাৰত পৰ্টেলো মুকলি কৰিছে। এই পৰ্টেলত ভিন্ন বিষয়ৰ সৈতে জড়িত ৮০০ ৰোধিক পাঠ্যক্ৰম উপলব্ধ। এতিয়ালৈকে ৩০ লাখৰো অধিক ব্যৱহাৰকাৰীয়ে এই পৰ্টেলত যোগদান কৰিছে। আপোনালোক সকলোৱেও এই পৰ্টেলৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিব আৰু নিজৰ দক্ষতা বৃদ্ধি কৰিব। আপোনালোক সকলোকে নিযুক্তি পত্ৰ লাভেৰে, এটি উজ্জ্বল ভৱিষ্যতৰ আশাৰে আৰু কেৰিয়াৰৰ প্ৰতিটো পৰ্য্যায়তে দেশলৈ কিবা নহয় কিবা এটা আগবঢ়াই আগবাঢ়ি যাবলৈ আহ্বান জনালোঁ। দেশৰ প্ৰগতিৰ বাবে অৰিহণা যোগাই নিজকে আগুৱাই নিয়ে যেন। আপোনাসৱক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ পৰিয়ালবৰ্গলৈয়ো শুভেচ্ছা থাকিল। আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।

 

  • Ratnesh Pandey April 10, 2025

    भारतीय जनता पार्टी ज़िंदाबाद ।। जय हिन्द ।।
  • Jitendra Kumar April 02, 2025

    🙏🇮🇳❤️
  • DASARI SAISIMHA February 27, 2025

    🚩🪷
  • Ganesh Dhore January 12, 2025

    Jay shree ram Jay Bharat🚩🇮🇳
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Mithilesh Kumar Singh November 16, 2024

    Jay Sri Ram
  • रीना चौरसिया October 27, 2024

    राम
  • Advocate Rajender Kumar mehra October 13, 2024

    🚩🚩🚩🙏🙏🙏 राम राम जी 🚩🚩
  • Advocate Rajender Kumar mehra October 13, 2024

    🚩🚩🚩🙏🙏🙏 राम राम जी 🚩🚩 🚩🚩🚩🙏🙏🙏 राम राम जी 🚩🚩
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
'Operation Sindoor on, if they fire, we fire': India's big message to Pakistan

Media Coverage

'Operation Sindoor on, if they fire, we fire': India's big message to Pakistan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi's address to the nation
May 12, 2025
QuoteToday, every terrorist knows the consequences of wiping Sindoor from the foreheads of our sisters and daughters: PM
QuoteOperation Sindoor is an unwavering pledge for justice: PM
QuoteTerrorists dared to wipe the Sindoor from the foreheads of our sisters; that's why India destroyed the very headquarters of terror: PM
QuotePakistan had prepared to strike at our borders,but India hit them right at their core: PM
QuoteOperation Sindoor has redefined the fight against terror, setting a new benchmark, a new normal: PM
QuoteThis is not an era of war, but it is not an era of terrorism either: PM
QuoteZero tolerance against terrorism is the guarantee of a better world: PM
QuoteAny talks with Pakistan will focus on terrorism and PoK: PM

প্ৰিয় দেশবাসী,

নমস্কাৰ !

যোৱা কেইটামান দিনত দেশৰ শক্তি আৰু সংযম দুয়োটাই আমি সকলোৱে প্ৰত্যক্ষ কৰিছো।মই প্ৰথমে আমাৰ শক্তিশালী ভাৰতীয় সেনাবাহিনীক প্ৰণাম জনাইছো, সশস্ত্ৰ বাহিনী, আমাৰ চোৰাংচোৱা সংস্থা, আমাৰ বিজ্ঞানী, সকলোকে মই প্ৰতিজন ভাৰতীয়ৰ হৈ প্ৰণাম জনাইছো।

আমাৰ সাহসী জোৱানসকলে ‘অপাৰেচন সিন্দুৰ’ৰ লক্ষ্যত উপনীত হ’বলৈ গৈ অপৰিসীম সাহস প্ৰদৰ্শন কৰিলে। মই তেওঁলোকৰ বীৰত্বক, তেওঁলোকৰ সাহসক, তেওঁলোকৰ পৰাক্ৰমক সমৰ্পিত কৰিছো৷ মই তেওঁলোকৰ এই পৰাক্ৰমক , আমাৰ দেশৰ প্ৰতিগৰাকী মাতৃলৈ, দেশৰ প্ৰতিগৰাকী ভগ্নী আৰু প্ৰতিগৰাকী কন্যাৰ বাবে উৎসৰ্গা কৰিছো।

 

বন্ধুসকল,

যোৱা ২২ এপ্ৰিলত পহলগামত সন্ত্রাসবাদীয়ে প্রদর্শন কৰা বৰ্বৰতাই দেশ আৰু বিশ্বক স্তম্ভিত কৰি তুলিছিল৷

বন্ধৰ দিন উদযাপন কৰিবলৈ যোৱা নিৰ্দোষ নিৰীহ নাগৰিকক ধৰ্মৰ বিষয়ে সুধি পৰিয়ালৰ সন্মুখতে, শিশুসকলৰ সন্মুখতে...

নিৰ্দয়ভাবে হত্যা কৰা হৈছিল।

এয়া আছিল আতংকৰ এক বীভৎস ছবি, এয়া আছিল নিষ্ঠুৰতাৰ ভয়ংকৰ প্ৰকাশ৷ এয়া আছিল দেশৰ সমন্বয় বিনষ্ট কৰাৰ এক ঘৃণনীয় অপচেষ্টা। মোৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে এই নাৰকীয় ঘটনাৰ বেদনা অসহনীয় আছিল।

এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশ, প্ৰতিগৰাকী নাগৰিক, সমাজ, প্ৰতিটো শ্ৰেণীৰ লোক, প্ৰতিটো ৰাজনৈতিক দল একত্ৰিত হৈ 'একেষাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থাৰ দাবীৰে থিয় দিলে।

সন্ত্ৰাসবাদীক নিঃশেষ কৰিবলৈ ভাৰতীয় নিৰাপত্তা বাহিনীক আমি পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিলো। আমি তেওঁলোকক এইক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিলো।

আৰু আজি প্ৰতিজন সন্ত্ৰাসবাদীয়ে, প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনে উপলব্ধি কৰিবলৈ বাধ্য হৈছে আমাৰ ভগ্নী-কন্যাৰ কপালৰ সেন্দুৰ মচি পেলোৱাৰ পৰিণতি কি হ'ব পাৰে ।

 

বন্ধুসকল,

অপাৰেচন সিন্দুৰ ...এয়া কেৱল এটা নাম নহয়৷এয়া দেশৰ কোটি কোটি মানুহৰ আৱেগৰ প্ৰতিফলন।

অপাৰেচন 'সিন্দুৰ' ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। ৬ মে’ৰ গভীৰ নিশা.. ৭ মে’ৰ পুৱা.. সমগ্ৰ বিশ্বই এই প্ৰতিজ্ঞা ফলাফলত পৰিণত হোৱা দেখিবলৈ পাইছে। ভাৰতীয় বাহিনীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰিছে।

তেওঁলোকৰ প্ৰশিক্ষণ কেন্দ্ৰত নিখুঁতভাৱে আঘাত কৰিছে । সন্ত্ৰাসবাদীয়ে সপোনতো কল্পনা কৰা নাছিল যে ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। কিন্তু যেতিয়া দেশখন একত্ৰিত হয়, দেশ প্ৰথমৰ মনোভাৱেৰে মানুহৰ মনবোৰ ভৰি পৰে, তেতিয়া দেশেই সৰ্বোচ্চ হৈ পৰে। তেতিয়াই শক্তিশালী সিদ্ধান্ত লোৱা হয় আৰু তাৰ ফল লাভ কৰা হয়।

ভাৰতীয় ক্ষেপণাস্ত্ৰই যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছিল, ভাৰতীয় ড্ৰোনে যেতিয়া আক্ৰমণ চলাইছিল, তেতিয়া কেৱল সন্ত্ৰাসবাদী সংগঠনৰ ভৱনবোৰেই নহয়, তেওঁলোকৰ আত্মবিশ্বাসো কঁপি উঠিছিল।

 

বহাৱালপুৰ আৰু মুৰিদকেৰ দৰে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানসমূহ এককথাত বিশ্ব সন্ত্ৰাসবাদৰ বিশ্ববিদ্যালয় স্বৰূপ হৈ পৰিছে।

বিশ্বৰ যিকোনো ঠাইত সংঘটিত হোৱা যিকোনো ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ- সেয়া ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক , লণ্ডন টিউব বোমা বিস্ফোৰণেই হওঁক বা ভাৰতত দশকজুৰি সংঘটিত হোৱা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক, ক’ৰবাত নহয় ক’ৰবাত এই ঘটনাসমূহ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা এই স্থানসমূহৰ সৈতে সংযুক্ত হৈ পৰিছে। সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নীহঁতৰ সেন্দুৰ মচি পেলাইছিল৷ সেইবাবেই ভাৰতে সন্ত্ৰাসবাদৰ এই মুখ্য কাৰ্যালয় ধ্বংস কৰিছে। ভাৰতৰ এই আক্ৰমণত ১০০ৰো অধিক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে। ইমানবোৰ সন্ত্ৰাসবাদীয়ে যোৱা ডেৰৰ পৰা তিনি দশক ধৰি পাকিস্তানত মুক্তভাৱে ঘূৰি ফুৰিছিল৷ যিসকলে পূৰ্বে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকক ভাৰতে এটা আঘাততে ধ্বংস কৰি পেলালে।

 

বন্ধুসকল,

ভাৰতৰ এই কাৰ্য্যত পাকিস্তান গভীৰভাৱে হতাশগ্ৰস্ত হৈ পৰিছে৷ সকলোতে কেৱল হতাশাৰ কলীয়া ডাৱৰে ছানি ধৰিছিল৷ তেওঁলোক বিভ্ৰান্ত হৈ পৰিছিল৷এনে বিভ্ৰান্তিকৰ অৱস্থাৰ মাজতে তেওঁলোকে আৰু এটা বেয়া কাম কৰিলে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থাক সমৰ্থন কৰাৰ পৰিৱৰ্তে পাকিস্তানে ভাৰতকহে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে।

পাকিস্তানে আমাৰ স্কুল আৰু কলেজসমূহ লক্ষ্য কৰি লৈছিল, গুৰুদ্বাৰ, মন্দিৰ, সাধাৰণ নাগৰিকৰ ঘৰ আদিও পাকিস্তানৰ আক্ৰণৰ লক্ষ্য হৈ পৰিছিল৷ এনে কাৰ্যৰ জড়িয়তে পাকিস্তানে নিজকে উদঙাই দিলে। বিশ্বই দেখিলে পাকিস্তানৰ ড্ৰোন আৰু মিছাইল কেনেকৈ ভাৰতৰ সন্মুখত খেৰৰ দৰে জ্বলি ছাই হৈ গল৷ ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সেইবোৰ আকাশতে ধ্বংস কৰি পেলালে। সীমান্তত আক্ৰমণ কৰিবলৈ সাজু হৈছিল পাকিস্তান৷ কিন্তু ইয়াৰ বিপৰীতে ভাৰতে পাকিস্তানৰ বুকুত আঘাত হানিলে। ভাৰতৰ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰই নিখুঁতভাৱে পাকিস্তানৰ লক্ষ্যস্থানত আঘাত কৰিছিল। ফলত পাকিস্তানী বায়ুসেনাৰ সেই বিমানঘাটিসমূহ ক্ষতিগ্ৰস্ত হৈছিল, যিবোৰকলৈ পাকিস্তানে গৌৰৱ কৰি আহিছিল৷ প্ৰথম তিনিদিনতে যে ভাৰতে পাকিস্তানক এনেদৰে ধ্বংস কৰিব সেয়া তেওঁলোকে কল্পনাও কৰা নাছিল । সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ আগ্ৰাসী কাৰ্য্য ব্যৱস্থাৰ পিছত পাকিস্তানে পলায়নৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিলে। পাকিস্তানে উত্তেজনা হ্ৰাস কৰিবলৈ বিশ্বক অনুৰোধ কৰিবলৈ ধৰিলে৷ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত বাধ্যবাধকতাত পৰি ১০ মে’ৰ দুপৰীয়া পাকিস্তানী সেনাই আমাৰ ডিজিএমঅ’ৰ সৈতে যোগাযোগ কৰিলে। তেতিয়ালৈকে আমি পাকিস্তানৰ সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি বৃহৎ পৰিসৰত ধ্বংস কৰি পেলাইছিলো৷ বহু সন্ত্ৰাসবাদী নিহত হৈছিল৷ আমি পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিবোৰ ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছিলোঁ৷ গতিকে, দিশহাৰা পাকিস্তানৰ পৰা এটা আবেদন কৰা হৈছিল৷ এই কথা পাকিস্তানৰ পৰা কোৱা হৈছিল যে তেওঁলোকৰ পক্ষৰ পৰা আৰু কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ তথা সামৰিক দুষ্কাৰ্য কৰা নহ’ব ৷গতিকে ভাৰতেও এই কথা বিবেচনা কৰিলে। আৰু মই আকৌ কওঁ...আমি মাত্ৰ পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু সামৰিক ঘাটিৰ বিৰুদ্ধে আমাৰ ব্যৱস্থা স্থগিতহে ৰাখিছো৷

অনাগত দিনত আমি পাকিস্তানৰ প্ৰতিটো খোজৰ হিচাব লম৷ তেওঁলোকে কি মনোভাৱ গ্ৰহণ কৰে সেয়া লক্ষ্য কৰিম৷

 

বন্ধুসকল,

ভাৰতৰ তিনিটা সেনাবাহিনী-আমাৰ বায়ুসেনা, আমাৰ সেনাবাহিনী আৰু আমাৰ নৌসেনা, আমাৰ সীমান্ত সুৰক্ষা বাহিনী-বিএছএফ, ভাৰতৰ অৰ্ধসামৰিক বাহিনী নিৰন্তৰ সষ্টম হৈ আছে ।ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ এক বলিষ্ঠ পদক্ষেপ হিচাবে পৰিগণিত হৈছে। ভাৰতে এয়া নীতিগতভাবে গ্ৰহণ কৰিছে৷ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ শক্তিশালী প্ৰমাণ হৈ পৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নতুন ৰেখা টানিছে অপাৰেচন সিন্দুৰে। এটা নতুন মান, এটা নতুন ধৰণ নিৰ্ধাৰণ কৰা হৈছে।

প্ৰথম কথা - ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উপযুক্ত উত্তৰ দিয়া হ’ব।আমি নিজৰ ধৰণে, নিজৰ চৰ্তত সঁহাৰি জনাম।

সন্ত্ৰাসবাদৰ শিপা য’ৰ পৰা বিস্তাৰিত হৈছে তাতেই আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। দ্বিতীয়তে – ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে। পাৰমাণৱিক ব্লেকমেইলৰ আৱৰণেৰে ঘেৰি ৰখা সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানসমূহত ভাৰতে এক নিখুঁত আৰু নিৰ্ণায়ক আক্ৰমণ চলাব। তৃতীয়তে, সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰখন আৰু সন্ত্ৰাসবাদৰ মালিকসকলক আমি পৃথক সত্তা হিচাপে কেতিয়াও নাচাম।

'অপাৰেচন সিন্দুৰ'ৰ সময়ত বিশ্বই আকৌ দেখিছে পাকিস্তানৰ কুৎসিত মুখ।যেতিয়া মৃত সন্ত্ৰাসবাদীক বিদায় দিয়া হৈছিল।

পাকিস্তানী সেনাৰ শীৰ্ষ বিষয়াৰ মাজত লৰাধপৰা লাগিছল। দেশ খনৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ এয়া এক ডাঙৰ প্ৰমাণ। ভাৰত আৰু আমাৰ নাগৰিকক যিকোনো ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ আমি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি যাম।

 

বন্ধুসকল,

আমি প্ৰতিবাৰেই যুদ্ধক্ষেত্ৰত পাকিস্তানক পৰাস্ত কৰিছো আৰু এইবাৰ অপাৰেচন সিন্দুৰে ইয়াত এক নতুন মাত্ৰা সংযোজন কৰিলে। আমি মৰুভূমি আৰু পৰ্বতমালাত আমাৰ সামৰ্থ্য উজ্জ্বলভাৱে প্ৰদৰ্শন কৰিছো৷ লগতে আধুনিক যুদ্ধত নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছো।এই অপাৰেচনৰ সময়ত আমাৰ মেড ইন ইণ্ডিয়া অস্ত্ৰৰ সত্যতাও প্ৰমাণিত হ’ল। আজি বিশ্বই লক্ষ্য কৰিছে- একবিংশ শতিকাৰ যুদ্ধত মেড ইন ইণ্ডিয়া প্ৰতিৰক্ষা সঁজুলিৰ সময় আহি পৰিছে।

 

বন্ধুসকল,

আমাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ মাজত গঢ় লোৱা ঐক্য। এয়া নিশ্চিতভাৱে যুদ্ধৰ যুগ নহয়৷ কিন্তু এয়া সন্ত্ৰাসবাদৰো যুগ নহয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই হৈছে এখন উন্নত পৃথিৱীৰ নিশ্চয়তা প্ৰদানৰ প্ৰথম চৰ্ত৷

 

বন্ধুসকল,

পাকিস্তানৰ সেনা, পাকিস্তান চৰকাৰে যি সন্ত্ৰাসবাদক লালন-পালন কৰি আহিছে এদিন সেই সন্ত্ৰাসবাদেই পাকিস্তানক ধ্বংস কৰিব। পাকিস্তানে যদি জীয়াই থাকিব বিচাৰে তেন্তে নিজৰ দেশত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিব লাগিব। ইয়াৰ বাহিৰে শান্তিৰ কোনো বিকল্প পথ নাই। এইক্ষেত্ৰত ভাৰতৰ স্থিতি অতি স্পষ্ট৷ আতংক আৰু আলোচনা একেলগে আগবাঢ়িব নোৱাৰে৷

সন্ত্ৰাস আৰু বাণিজ্য একেলগে আগুৱাব নোৱাৰে। আনকি পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে। আজি বিশ্ব সমাজকো ক'ব বিচাৰিছো- আমাৰ ঘোষিত নীতি হৈছে- পাকিস্তানৰ সৈতে যদি আলোচনা হয়, সেয়া হ'ব সন্ত্ৰাসবাদৰ বিষয়ত, যদি পাকিস্তানৰ সৈতে আলোচনা হয়, তেন্তে সেয়া হ'ব পাক অধিকৃত কাশ্মীৰৰ বিষয়ত৷

 

প্ৰিয় দেশবাসী,

আজি বুদ্ধ পূৰ্ণিমা।

ভগৱান বুদ্ধই আমাক শান্তিৰ পথ দেখুৱাইছে। শান্তিৰ পথো শক্তিৰ মাজেৰেই পৰিচালিত হয়৷ মানৱতা শান্তি আৰু সমৃদ্ধিৰ পথেৰে আগবাঢ়ি যাওক৷ প্ৰতিজন ভাৰতীয়ই শান্তিৰে জীয়াই থাকিবলৈ সক্ষম হওক৷ যিয়ে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পাৰিব৷

ইয়াৰ বাবে ভাৰত শক্তিশালী হ'ব লাগিব আৰু প্ৰয়োজনৰ সময়ত শক্তি ব্যৱহাৰ কৰাটোও গুৰুত্বপূৰ্ণ কথা হৈ পৰিব। যোৱা কেইটামান দিনত ভাৰতে ঠিক এনে কামেই কৰিছে।ভাৰতীয় সেনা আৰু সশস্ত্ৰ বাহিনীক পুনৰবাৰ প্ৰণাম জনাইছো।

ভাৰতবাসীৰ সাহস আৰু ঐক্যক প্ৰণাম জনাইছো।

ধন্যবাদ...

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!