Quote“During Corona time, India saved many lives by supplying essential medicines and vaccines while following its vision of ‘One Earth, One Health’”
Quote“India is committed to become world’s reliable partner in global supply-chains”
Quote“This is the best time to invest in India”
Quote“Not only India is focussing on easing the processes in its quest for self-reliance, it is also incentivizing investment and production”
Quote“India is making policies keeping in mind the goals of next 25 years. In this time period, the country has kept the goals of high growth and saturation of welfare and wellness. This period of growth will be green, clean, sustainable as well as reliable”
Quote“‘Throw away’ culture and consumerism has deepened the climate challenge. It is imperative to rapidly move from today’s ‘take-make-use-dispose’ economy to a circular economy”
Quote“Turning L.I.F.E. into a mass movement can be a strong foundation for P-3 i.e ‘Pro Planet People”
Quote“It is imperative that every democratic nation should push for reforms of the multilateral bodies so that they can come up to the task dealing with the challenges of the present and the future”

নমস্কাৰ!

১৩০ কোটি ভাৰতীয়ৰ হৈ মই বিশ্ব অৰ্থনৈতিক মঞ্চত সমবেত সমগ্ৰ বিশ্বখনৰ বিশিষ্ট ব্যক্তিসকলক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি মই আপোনাসৱৰ সৈতে কথা পাতি থকা সময়তে ভাৰতে সাৱধানতা আৰু সতৰ্কতাৰে আন এটা ক’ৰোনা ঢৌৰে মোকাবিলা কৰি আছে। সমান্তৰালভাৱে, ভাৰতে তদুপৰি বহু আশাব্যঞ্জক ফলাফলেৰে অৰ্থনৈতিক ক্ষেত্ৰখনত আগুৱাই গৈছে। আজি ভাৰত স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ উত্তেজনাৰে পৰিপূৰ্ণ আৰু লগতে মাত্ৰ এবছৰতে ১৬০ কোটি ক’ৰোনা ভেকচিনৰ পালি প্ৰদানৰ আত্মবিশ্বাসেৰে ভৰি পৰিছে।

বন্ধুসকল,

ভাৰতৰ দৰে শক্তিশালী গণতন্ত্ৰই সমগ্ৰ বিশ্বখনক এক সুন্দৰ উপহাৰ, আশাৰ এটি থোপা উপহাৰস্বৰূপে প্ৰদান কৰিছে। এই তোড়াত, আমি ভাৰতীয়সকলৰ গণতন্ত্ৰৰ ওপৰত এক অটল বিশ্বাস আছে; এই তোড়াত একবিংশ শতিকাটোক শক্তিশালী কৰিবলগীয়া প্ৰযুক্তি আছে আৰু ইয়াত আমাৰ ভাৰতীয়সকলৰ স্বভাৱ আৰু প্ৰতিভাও আছে। আমি ভাৰতীয়সকলে বাস কৰা বহু-ভাষিক, বহু-সাংস্কৃতিক পৰিবেশ কেৱল ভাৰতৰেই নহয়, সমগ্ৰ বিশ্বখনৰ এক পৰম শক্তি। এই শক্তিয়ে কেৱল সংকটৰ সময়ত নিজৰ বাবে চিন্তা কৰাই নহয়, মানৱতাৰ বাবেও কাম কৰিবলৈ শিকালে। ক’ৰোনাৰ সময়ছোৱাত, কেনেদৰে ভাৰতে 'এক পৃথিৱী, এক স্বাস্থ্য' ৰ দৃষ্টি অনুসৰণেৰে বহু দেশক প্ৰয়োজনীয় ঔষধ আৰু ভেকচিন প্ৰদান কৰি কোটি-কোটি লোকৰ জীৱন ৰক্ষা কৰিছে, সেয়া আমি দেখিছো। আজি ভাৰত হৈছে বিশ্বখনৰ তৃতীয় সৰ্ববৃহৎ ফাৰ্মা উৎপাদক; যি পৃথিৱীখনৰ বাবে এখন ফাৰ্মাচী। আজি, ভাৰত হৈছে স্বাস্থ্য পেছাদাৰী আৰু চিকিৎসকসকলে স্বকীয় সংবেদনশীলতা আৰু দক্ষতাৰে সকলোৰে আস্থাভাজন হৈ উঠা বিশ্বখনৰ দেশসমূহৰ অন্যতম।

|

বন্ধুসকল,

সংকটৰ সময়ত সংবেদনশীলতাৰ পৰীক্ষা হয়, কিন্তু ভাৰতৰ শক্তি এই মুহূৰ্তত সমগ্ৰ বিশ্বখনৰ বাবে এক উদাহৰণ। এই সংকটৰ সময়ছোৱাত, ভাৰতৰ তথ্য প্ৰযুক্তি খণ্ডই বিশ্বখনৰ সকলো দেশকে ২৪ ঘন্টা কাম কৰি উপকৃত কৰিছে। আজি ভাৰতে বিশ্বখনলৈ অভিলেখসংখ্যক ছফ্টৱেৰ অভিযন্তা প্ৰেৰণ কৰিছে। ভাৰতত ৫০ লাখৰোধিক ছফ্টৱেৰ ডেভলপাৰে কাম কৰি আছে। আজি ভাৰতত বিশ্বখনৰ তৃতীয় সৰ্বাধিক সংখ্যক ইউনিকৰ্ণ আছে। যোৱা ৬ মাহত ১০ হাজাৰৰো অধিক ষ্টাৰ্ট-আপ পঞ্জীয়ন কৰা হৈছে। আজি ভাৰতৰ এক বিশাল, সুৰক্ষিত আৰু সফল ডিজিটেল পৰিশোধ প্লেটফৰ্ম আছে। কেৱল যোৱা মাহত, ভাৰতত ইউনিফাইড পেমেন্ট ইন্টাৰফেছৰ জৰিয়তে ৪.৪ বিলিয়ন লেন-দেন কৰা হৈছে।

বন্ধুসকল,

ভাৰতে বিগত বছৰবোৰত বিকশিত আৰু অভিযোজিত কৰা ডিজিটেল আন্তঃগাঁথনি আজি ভাৰতৰ এক বৃহৎ শক্তি হৈ পৰিছে। ক’ৰোনাৰ সংক্ৰমণ অনুসৰণৰ বাবে আৰোগ্য-সেতু এপৰ দৰে প্ৰযুক্তিগত সমাধান আৰু টিকাকৰণৰ বাবে ক’উইন পৰ্টেল ভাৰতৰ বাবে গৌৰৱৰ বিষয়। ভাৰতৰ ক’উইন পৰ্টেলে আগবঢ়োৱা শ্লট বুকিঙৰপৰা প্ৰমাণপত্ৰ যুগুতলৈকে অনলাইন সুবিধাসমূহে ডাঙৰ দেশৰ লোকসকলৰো দৃষ্টি আকৰ্ষণ কৰিছে।

|

বন্ধুসকল,

এটা সময় আছিল যেতিয়া ভাৰত অনুজ্ঞাপত্ৰ ৰাজৰ বাবে পৰিচিত আছিল আৰু প্ৰায়ভাগ কথাই চৰকাৰখনে নিয়ন্ত্ৰণ কৰিছিল। মই সেই দিনবোৰত ভাৰতত ব্যৱসায় কৰাৰ বাবে থকা প্ৰত্যাহ্বানসমূহ বুজি পাওঁ। আমি সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ নিৰন্তৰভাৱে চেষ্টা কৰি আছো। আজি ভাৰতে ইজ অৱ ডুয়িং বিজনেছক প্ৰোৎসাহিত, চৰকাৰী হস্তক্ষেপ হ্ৰাস কৰিছে। ভাৰতে ইয়াৰ কৰ্পৰেট কৰসমূহ সৰল আৰু হ্ৰাস কৰি বিশ্বখনৰ আটাইতকৈ প্ৰতিযোগিতামূলক কৰি তুলিছে। কেৱল যোৱা বছৰেই, আমি ২৫ হাজাৰৰো অধিক অনুপালন দূৰ কৰিছো। ভাৰতে পূৰ্বৱৰ্তী কৰ (retrospective tax) ৰ দৰে পদক্ষেপৰাজিৰ সংস্কাৰেৰে ব্যৱসায়ী মহলৰ আস্থা পুনৰ ঘূৰাই আনিছে। ভাৰতে ড্ৰোন, মহাকাশ, ভূ-স্থানিক মেপিং আদিৰ দৰে বহুতো খণ্ডক নিয়ন্ত্ৰণমুক্ত কৰিছে। ভাৰতে তথ্য প্ৰযুক্তি খণ্ড আৰু বিপিঅ'ৰে সম্পৰ্কীয় পুৰণি টেলিকম নিয়মাৱলীৰ গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছে।

বন্ধুসকল,

বৈশ্বিক যোগান-শৃংখলাত ভাৰত বিশ্বখনৰ এক বিশ্বস্ত অংশীদাৰ হ'বলৈ অংগীকাৰবদ্ধ। আমি একাধিক দেশৰ সৈতে মুক্ত-বাণিজ্য চুক্তিৰ পথ প্ৰস্তুত কৰিছো। ভাৰতীয়সকলৰ উদ্ভাৱন, নতুন প্ৰযুক্তি অভিযোজনাৰ সামৰ্থ্য; ভাৰতীয়সকলৰ উদ্যোগশীলতাৰ মনোভাৱে আমাৰ প্ৰতিটো বৈশ্বিক অংশীদাৰক নতুন শক্তি প্ৰদান কৰিব পাৰে। গতিকে ভাৰতত বিনিয়োগ কৰাৰ এয়াই সৰ্বশ্ৰেষ্ঠ সময়। ভাৰতীয় যুৱসকলৰ মাজত উদ্যোগশীলতাই আজি এক নতুন শিখৰত আছে। ২০১৪ ত ভাৰতত কেইশমান পঞ্জীয়নভুক্ত ষ্টাৰ্টআপৰ বিপৰীতে ইয়াৰ সংখ্যাই আজি ৬০ হাজাৰ অতিক্ৰম কৰিছে। ইয়াত ৮০ ৰোধিক ইউনিকৰ্ণ আছে, যাৰ ভিতৰত ৪০ ৰোধিক ২০২১ ত গঠন কৰা হৈছিল। যিদৰে প্ৰবাসী ভাৰতীয়সকলে বিশ্বৰ মঞ্চত তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰি আছে, ঠিক তেনেদৰেই ভাৰতৰ সকলো ব্যৱসায়কে নতুন শিখৰত আৰোহন কৰাবলৈ ভাৰতীয় যুৱক-যুৱতীসকল সম্পূৰ্ণৰূপে সাজু হৈছে।

|

বন্ধুসকল,

গভীৰ অৰ্থনৈতিক সংস্কাৰাজিৰ প্ৰতি ভাৰতৰ অংগীকাৰ হৈছে আন এটা মুখ্য কাৰণ যিয়ে ভাৰতক আজি বিনিয়োগৰ বাবে আটাইতকৈ আকৰ্ষণীয় গন্তব্য স্থল কৰি তুলিছে। ক’ৰোনা কালছোৱাত, বিশ্বখনে পৰিমাণগত সহজকৰণ কাৰ্য্যক্ৰম (Quantitative Easing Program) ৰ দৰে হস্তক্ষেপৰ ওপৰত গুৰুত্ব প্ৰদান কৰি থকাৰ সময়তে ভাৰতে সংস্কাৰৰ পথ প্ৰশস্ত কৰিছিল। ডিজিটেল আৰু ভৌতিক আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ সৰ্ববৃহৎ প্ৰকল্পৰাজিয়ে ক’ৰোনাৰ সময়ত অভূতপূৰ্ব গতি লাভ কৰিছিল। দেশখনৰ ৬ লাখৰোধিক গাওঁ অপ্টিকেল ফাইবাৰেৰে সংযুক্ত হৈছে। বিশেষকৈ সংযোগ আন্তঃগাঁথনিৰ ক্ষেত্ৰত $১.৩ ট্ৰিলিয়ন বিনিয়োগ কৰা হৈছে। সম্পদ মুদ্ৰাকৰণৰ দৰে উদ্ভাৱনীমূলক বিত্তীয় সঁজুলিসমূহৰ জৰিয়তে $৮০ বিলিয়ন উপাৰ্জনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ভাৰতে উন্নয়নৰ প্ৰোৎসাহনৰ বাবে প্ৰতি অংশীদাৰকে একেখন মঞ্চলৈ আনিবলৈ গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰো শুভাৰম্ভ কৰিছে। এই ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ অধীনত আন্তঃগাঁথনি পৰিকল্পনা, উন্নয়ন আৰু ৰূপায়ণৰ ক্ষেত্ৰত এক সংহত ধৰণেৰে কাম কৰা হ'ব। ই সামগ্ৰী, লোক আৰু সেৱাৰ নিৰৱচ্ছিন্ন সংযোগ আৰু চলাচলক এক নতুন গতি প্ৰদান কৰিব।

বন্ধুসকল,

আত্ম-নিৰ্ভৰশীলতাৰ পথ অনুসৰণৰ সময়তে, ভাৰতৰ গুৰুত্ব কেৱল প্ৰক্ৰিয়াৰাজি সহজ কৰাৰ ওপৰতেই নহয়, বৰঞ্চ বিনিয়োগ আৰু উৎপাদনক উৎসাহিতকৰণৰ ওপৰতো প্ৰোথিত কৰা হৈছে। এই পন্থাৰে, আজি, ১৪ টা খণ্ডত $২৬ বিলিয়ন মূল্যৰ উৎপাদন সংযোজিত ইনচেন্টিভ আঁচনি ৰূপায়ণ কৰা হৈছে। ফেব, চিপ আৰু ডিচপ্লে উদ্যোগ আৰম্ভ কৰিবলৈ $১০ বিলিয়ন ইনচেন্টিভ পৰিকল্পনা হৈছে বৈশ্বিক যোগান শৃংখলাডালক মসৃণ কৰাৰ অৰ্থে আমাৰ অংগীকাৰৰ এক সাক্ষ্য। আমি মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ডৰ উদ্দীপনাৰে আগবাঢ়িছো। টেলিকম, বীমা, প্ৰতিৰক্ষা, এৰ’স্পেচৰ লগতে এতিয়া ভাৰতে ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰতো সীমাহীন সম্ভাৱনা আগবঢ়াইছে।

|

বন্ধুসকল,

আজি ভাৰতে নীতিৰ খচৰা প্ৰস্তুত কৰি আছে, বৰ্তমানৰ লগতে পৰৱৰ্তী ২৫ বছৰৰ লক্ষ্য সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সময়ছোৱাত ভাৰতে উচ্চ বিকাশ আৰু কল্যাণ আৰু সুস্থতাৰ সংপৃক্ততাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বিকাশৰ এই সময়খিনি সেউজ হ'ব, ই পৰিষ্কাৰো হ'ব, ই বহনক্ষম হ'ব, ই নিৰ্ভৰযোগ্যও হ'ব। বৃহৎ অংগীকাৰ কৰা আৰু বৈশ্বিক কল্যাণৰ বাবে এয়া পালনৰ পৰম্পৰা অব্যাহত ৰাখি, আমি ২০৭০ ৰ ভিতৰত নেট শূন্যৰ লক্ষ্যও নিৰ্ধাৰণ কৰিছো। বিশ্বখনৰ জনসংখ্যাৰ ১৭ শতাংশৰে পৰিবেষ্টিত ভাৰতে বৈশ্বিক কাৰ্বন নিৰ্গমনত ৫ শতাংশ, মাত্ৰ ৫ শতাংশ অৰিহণা যোগাব পাৰে, কিন্তু জলবায়ু প্ৰত্যাহ্বানৰে মোকাবিলাৰ বাবে আমাৰ অংগীকাৰ হৈছে ১০০ শতাংশ। আন্তৰ্জাতিক সৌৰ মিত্ৰতা আৰু জলবায়ু অভিযোজনৰ বাবে দুৰ্যোগ-স্থিতিস্থাপক আন্তঃগাঁথনিৰ অৰ্থে মিত্ৰজোঁটৰ দৰে পদক্ষেপৰাজিয়েই ইয়াৰ প্ৰমাণ। বিগত বছৰবোৰৰ প্ৰচেষ্টাৰ ফলস্বৰূপে, আজি আমাৰ শক্তি মিশ্ৰণৰ ৪০% অ-জীৱাশ্ম ইন্ধন উৎসৰপৰা আহিছে। আমি ইতিমধ্যে পেৰিছত ভাৰতে কৰা অংগীকাৰৰাজি পৰিপূৰণ কৰিছো, লক্ষ্যৰ ঠিক ৯ বছৰ পূৰ্বেই।

বন্ধুসকল,

এই প্ৰচেষ্টাৰাজিৰ মাজতেই, আমি এইটোও স্বীকাৰ কৰিব লাগিব যে আমাৰ জীৱনশৈলীও জলবায়ুৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান। 'পেলাই দিয়া' সংস্কৃতি আৰু উপভোক্তাবাদে জলবায়ু প্ৰত্যাহ্বানক অধিক গুৰুতৰ কৰি তুলিছে। আজিৰ 'টেক-মেক-ইউজ-ডিচপ’জ', অৰ্থনীতিক বৃত্তাকাৰ অৰ্থনীতিৰ ফালে ক্ষীপ্ৰতাৰে স্থানান্তৰ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। মই চিঅ’পি-২৬ ত আলোচনা কৰা মিছন লাইফ (Mission LIFE) ৰ ধাৰণাটোৰ মূলত একেই মনোভাৱ আছে। জীৱন (LIFE)- অৰ্থাৎ পৰিবেশৰ বাবে জীৱনশৈলী (Lifestyle for Environment), এনে এক প্ৰাণোচ্ছল আৰু বহনক্ষম জীৱনশৈলীৰ এক দৃষ্টি যি কেৱল জলবায়ু সংকটৰে মোকাবিলাই নহয়, ভৱিষ্যতৰ অপ্ৰত্যাশিত প্ৰত্যাহ্বানৰাজিৰ ক্ষেত্ৰটো উপযোগী হ'ব। সেয়েহে, মিছন লাইফক এটি বৈশ্বিক গণ আন্দোলনলৈ ৰূপান্তৰ কৰাটো গুৰুত্বপূৰ্ণ। লাইফৰ দৰে ৰাজহুৱা অংশগ্ৰহণ অভিযানক পি-৩ 'প্ৰ' প্লেনেট পিপল' ৰ বাবে এক বৃহৎ আধাৰ কৰিব পাৰি।

|

বন্ধুসকল,

আজি, ২০২২ ৰ আৰম্ভণিতে, আমি ডাভোচত এই বিষয়ৰাজি সন্দৰ্ভত চিন্তা-চৰ্চা কৰি থকাৰ সময়তে ভাৰতেও সকলোকে আৰু কেইটামান প্ৰত্যাহ্বানৰ বিষয়ে সজাগ কৰাৰ দায়িত্ব বিবেচনা কৰিছে। আজি, বৈশ্বিক শৃংখলাৰ পৰিৱৰ্তনৰ সৈতে, আমি এক বৈশ্বিক পৰিয়াল হিচাপে সন্মুখীন হৈ অহা প্ৰত্যাহ্বানৰাজিও বৃদ্ধি পাইছে। এইসমূহৰে মোকাবিলা কৰিবলৈ, প্ৰতিখন দেশ, প্ৰতিটো বৈশ্বিক সংস্থাৰদ্বাৰা সামূহিক আৰু সুসংগত পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা আছে। যোগান শৃংখলা ব্যাহত, মুদ্ৰাস্ফীতি আৰু জলবায়ু পৰিৱৰ্তন হৈছে এই প্ৰত্যাহ্বানৰাজিৰ কেইটামান উদাহৰণ। আন এটা উদাহৰণ হৈছে ক্ৰিপ্ট’কাৰেন্সী। ইয়াৰ সৈতে যি ধৰণৰ প্ৰযুক্তি জড়িত, এখন দেশে গ্ৰহণ কৰা সিদ্ধান্তবোৰ ইয়াৰ প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিবলৈ অপৰ্য্যাপ্ত হ'ব। আমাৰ এটা উমৈহতীয়া মানসিকতা থাকিব লাগিব। কিন্তু আজিৰ বৈশ্বিক পৰিস্থিতিলৈ লক্ষ্য কৰি প্ৰশ্নটো হৈছে বহুপাক্ষিক সংগঠনসমূহ নতুন বিশ্ব ব্যৱস্থা আৰু নতুন প্ৰত্যাহ্বানৰাজিৰে মোকাবিলা কৰিবলৈ সাজু নে; সেই শক্তি তেওঁলোকৰ ওপৰত দিয়া হৈছে নে? এই সংস্থাসমূহ গঠন কৰোতে, পৰিস্থিতি সুকীয়া আছিল। আজি পৰিস্থিতি বেলেগ। সেয়েহে, এই প্ৰতিষ্ঠানসমূহৰ সংস্কাৰত গুৰুত্ব আৰোপ কৰাটো প্ৰতিখন গণতান্ত্ৰিক দেশৰে দায়িত্ব যাতে তেওঁলোকে বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানৰাজি মোকাবিলাৰ কামত আত্মনিয়োগ কৰিব পাৰে। মই নিশ্চিত যে ডাভোচত আলোচনাৰ সময়ত এই দিশত এক ইতিবাচক আলোচনা হ'ব।

বন্ধুসকল,

নতুন প্ৰত্যাহ্বানৰাজিৰ মাজতে, বিশ্বখনক আজি নতুন পথ, নতুন সংকল্পৰ প্ৰয়োজন। আজি বিশ্বখনৰ প্ৰতিখন দেশক পাৰস্পৰিকভাৱে পূৰ্বতকৈ অধিক সহযোগিতা আৱশ্যকীয়। এয়াই হৈছে এটা উন্নত ভৱিষ্যতৰ পথ। মই নিশ্চিত যে ডাভোচত এই আলোচনাই এই মনোভাৱ সম্প্ৰসাৰণ কৰিব। আকৌ এবাৰ, মই আপোনালোক আটাইকে ভাৰ্চুৱেলী লগ পোৱাৰ সুযোগ লভিলো। আপোনালোক সকলোকে বহু-বহু ধন্যবাদ জনালো।

  • krishangopal sharma Bjp January 14, 2025

    नमो नमो 🙏 जय भाजपा 🙏
  • krishangopal sharma Bjp January 14, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp January 14, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp January 14, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • Jitender Kumar October 26, 2024

    Where is my NAMO Setu AP)🇮🇳
  • MLA Devyani Pharande February 17, 2024

    जय श्रीराम
  • Anshumaan mitra January 20, 2024

    जय हिंद जय भारत जय भाजपा जय अयोध्या धाम
  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp December 09, 2023

    नमो नमो नमो नमो नमो नमो नमो
  • Mahendra Singh Bisht March 11, 2023

    Mahendra Singh bisht nainital uttrakhand president in degital command in a group admin
  • Shivkumragupta Gupta October 17, 2022

    जयहिन्द वंदेमातरम
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey

Media Coverage

Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM highlights Nari Shakti's transformative role in the journey towards a developed India
June 08, 2025

The Prime Minister, Shri Narendra Modi has highlighted the transformative role played by women in the journey towards a developed India, underlining the government’s focus on women-led development over the past 11 years.

The Prime Minister said that our mothers, sisters and daughters have seen times when they had to face difficulties at every step. But today they are not only participating actively in the resolution of a developed India, but are also setting examples in every field from education to business. Shri Modi further added that the successes of Nari Shakti in the last 11 years are a matter of pride for all citizens.

The Prime Minister noted that the NDA Government has redefined women-led development through a series of impactful initiatives. These include ensuring dignity through the Swachh Bharat Abhiyan, financial inclusion via Jan Dhan accounts, and empowerment at the grassroots level.

He cited Ujjwala Yojana as a milestone that brought smoke-free kitchens to several homes. He also highlighted how MUDRA loans have enabled lakhs of women to become entrepreneurs and pursue their dreams independently. The provision of houses in women’s names under the PM Awas Yojana has also made a remarkable impact on their sense of security and empowerment.

The Prime Minister also recalled the Beti Bachao Beti Padhao campaign, which he described as a national movement to protect the girl child.

Shri Modi affirmed that in all sectors- including science, education, sports, StartUps, and the armed forces-women are excelling and inspiring several people.

The Prime Minister shared these remarks through a series of posts on X;

"हमारी माताओं-बहनों और बेटियों ने वो दौर भी देखा है, जब उन्हें कदम-कदम पर मुश्किलों का सामना करना पड़ता था। लेकिन आज वे ना सिर्फ विकसित भारत के संकल्प में बढ़-चढ़कर भागीदारी निभा रही हैं, बल्कि शिक्षा और व्यवसाय से लेकर हर क्षेत्र में मिसाल कायम कर रही हैं। बीते 11 वर्षों में हमारी नारीशक्ति की सफलताएं देशवासियों को गौरवान्वित करने वाली हैं।

#11YearsOfSashaktNari"

"Over the last 11 years, the NDA Government has redefined women-led development.
Various initiatives, from ensuring dignity through Swachh Bharat to financial inclusion via Jan Dhan accounts, the focus has been on empowering our Nari Shakti. Ujjwala Yojana brought smoke-free kitchens to several homes. MUDRA loans enabled lakhs of women entrepreneurs to pursue dreams on their own terms. Houses under the women’s name in PM Awas Yojana too have made a remarkable impact.

Beti Bachao Beti Padhao ignited a national movement to protect the girl child.

In all sectors, including science, education, sports, StartUps and the armed forces, women are excelling and inspiring several people.

#11YearsOfSashaktNari"