QuoteIndia will move forward with faster speed and greater confidence: PM Modi
QuoteToday, youth of India has the confidence of becoming a job giver instead of being a job seeker: PM
QuoteOur aim to transform India into a tax compliant society: PM Modi

মই ‘টাইমছ নাও’ গোষ্ঠীৰ সকলো দৰ্শক, কৰ্মচাৰী, ফিল্ড আৰু ডেস্কত কাম কৰা সকলো সংবাদসেৱী, কেমেৰা আৰু লজিষ্টিক্সৰে জড়িত সকলো সতীৰ্থক এই শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাৰ বাবে অভিনন্দন জনাইছো।

এয়া ‘টাইমছ নাও’-ৰ প্ৰথমখন শাৰ্ষ সন্মিলন। আপোনালোক সকলোলৈকে বহুত বহুত শুভ কামনা জ্ঞাপন কৰিছো।

প্ৰিয় বন্ধুসকল, সন্মিলনৰ প্ৰাতিপাদ্য বিষয়-বস্তু হিচাপে আপোনালোকে ‘India Action Plan 20-20’ অৰ্থাত ‘ভাৰত কৰ্ম-পৰিকল্পনা ২০-২০’ ৰাখিছে। পিছে, আজিতো ভাৰতে সম্পূৰ্ণ দশকটোৰ কৰ্ম-পৰিকল্পনা লৈয়ে কামত অগ্ৰসৰ হৈছে। হয়, পদ্ধতি ‘২০-২০’ৰ লেখীয়া হ’লেও অভিপ্ৰায়, সম্পূৰ্ণ শৃংখলাত ভাল পাৰদৰ্শীতা দেখুওৱা, নতুন অভিলেখ তৈয়াৰ কৰা আৰু সম্পূৰ্ণ শৃংখলাটোকে ভাৰতৰ শৃংখলা হিচাপে পৰিগণিত কৰোৱা।*

পৃথিৱীৰ সকলোতকৈ যুৱ দেশখনে এতিয়া দ্ৰুতগতিৰে খেলত অৱতীৰ্ণ হোৱাৰ হেপাহৰে মন বান্ধিছে। কেৱল আঠ মহীয়া চৰকাৰখনে চেঞ্চুৰী মৰাৰ সিদ্ধান্ত লৈছে, আক্ষৰিক অৰ্থতে এয়া অভুতপূৰ্ব। আপোনালোকৰ নিশ্চয় ভাল লাগিব, আপোনালোক নিশ্চয় গৌৰান্বিত হ’ব যে ভাৰতে ইমান তড়িত গতিৰে সিদ্ধান্ত ল’বলৈ লৈছে, ইমান তড়িত গতিৰে কামবোৰ সম্পন্ন হৈছে।

|

০ দেশৰ সকলো কৃষকক প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ আওতালৈ অনাৰ সিদ্ধান্ত- DONE

০ কিষাণ, মজদুৰ, দোকানীক পেন্সন দিয়াৰ সিদ্ধান্ত- DONE

০ পানীৰ দৰে অতিকে গুৰুত্বপূৰ্ণ বিষয়ত থকা সমস্যাৰ সমাধানৰ বাবে জলশক্তি মন্ত্ৰালয়ৰ গঠন- DONE

০ মধ্যবিত্তীয় পৰিয়ালসমূহৰ নিজা ঘৰ নিৰ্মাণৰ আধৰুৱা সপোন বাস্তৱ কৰাৰ বাবে ২৫ হাজাৰ কোটি টকাৰ বিশেষ পুঁজি- DONE

০ দিল্লীৰ ৪০ লাখ লোকক ঘৰৰ অধিকাৰ প্ৰদান কৰা আইন- DONE

০ তিনি তালাক সম্পৰ্কীয় আইন- DONE

০ শিশু আতিশয্যৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা থকা আইন- DONE

০ ক্লীব-লিংগ-ৰ অধিকাৰ প্ৰদান কৰা আইন- DONE

০ ‘চীট ফাণ্ড’ আঁচনিক প্ৰতাৰণাৰ পৰা ৰক্ষা কৰা আইন- DONE

০ ৰাষ্ট্ৰীয়চিকিত্সাআয়োগআইন–DONE

০ কৰ্পোৰেট কৰৰ পৰিমাণ ঐতিহাসিকভাৱে হ্ৰাস- DONE

০ পথ-দুৰ্ঘটনা ৰোধৰ বাবে কঠোৰ আইনৰ দিহা- DONE

০ ‘মুখ্য প্ৰতিৰক্ষা প্ৰধান’ পদৰ শুভাৰম্ভণী- DONE

০ দেশলৈ শেহতীয়া প্ৰজন্মৰ যুজাৰু বিমানৰ আমদানী- DONE

০ বড়ো শান্তি চুক্তি- DONE

০ ব্ৰু-ৰিয়াঙৰ স্থায়ী বন্দোবস্তি- DONE

০ বিতোপন ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ন্যাস গঠনৰ কাম- DONE

০ দফা-৩৭০ বাতিলৰ সিদ্ধান্ত- DONE

০ জম্মু আৰু কাশ্মীৰ আৰু লাডাখক কেন্দ্ৰীয় শাসিত প্ৰদেশ হিচাপে পুনৰ্গঠনৰ সিদ্ধান্ত- DONE

|

আৰু

মই কেতিয়াবা ‘টাইমছ নাও’-ত দেখো, ‘নিউজ-৩০’, ইমান মিনিটত ইমানবোৰ খবৰ। এয়াও ঠিক তেনেকুৱাই যেন হ’ল।*

আৰু এয়াও সঁচাকৈয়ে বিশেষেই। আৰু এই বিশেষৰ বাবেই চাগৈ আপোনালোকে ভাবিবলৈ ল’লে যে ‘দা স্পেচিয়েল একশ্যন বিগিনছ হেয়াৰ!!!’ ময়ো একে উশাহতে এনে অনেক সিদ্ধান্তৰ কথা উল্লেখ কৰিব পাৰো। কেৱল চেঞ্চুৰীয়েই নহয় ডাবল চেঞ্চুৰীও হৈ যাব পাৰে। পিছে এই সিদ্ধান্তৰ উল্লেখৰে মই আনএটাপ্ৰসংগলৈ আপোনালোকৰ দৃষ্টি আকৰ্ষিত কৰিব খুজিছো, সেই প্ৰসংগ ভালকৈ বুজি উঠাটো খুবেই আৱশ্যক।

বন্ধুসকল, আজি দেশে শতাব্দী পুৰণি সমস্যাৰ সমাধান কৰি একৈশ শতিকাৰ মাজলৈ তড়িত গতিৰে আগবাঢ়ি যাব বিচাৰিছে। পৃথিৱীৰ সকলোতকৈ যুৱ দেশখনে যিমান বেগেৰে কাম কৰা উচিত, আমি তাকেই কৰিবলৈ প্ৰয়াস কৰিছো। আজিৰ ভাৰতে সময়ৰ অপচয় নকৰাৰ সিদ্ধান্ত লৈছে। এতিয়া ভাৰতে খৰ খোজেৰে আৰু নতুন আত্মবিশ্বাসেৰে আগবাঢ়িব খুজিছে। দেশত সম্পাদিত হোৱা এই পৰিৱৰ্তনসমূহে, সমাজৰ প্ৰতিটো পৰ্যায়তে নতুন শক্তিৰ সঞ্চাৰ কৰিছে, সকলোকে আত্ম-বিশ্বাসৰে ভৰাই তুলিছে।

০ আজি দেশৰ দৰিদ্ৰসকলৰ মনত এই আত্ম-বিশ্বাসৰ উদয় হৈছে যে তেওঁলোকে নিজৰ জীৱনৰ পট পৰিৱৰ্তন কৰি ল’ব পাৰে, নিজৰ দাৰিদ্ৰ আঁতৰ কৰিব পাৰে।

০ আজি দেশৰ যুৱ-প্ৰজন্মৰ মাজত এই ভাবৰ সঞ্চাৰ হৈছে যে তেওঁলোকো চাকৰি দিওতা হ’ব পাৰে, নিজৰ ভৰিত থিয় দি নতুন প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰিব পাৰে।

০ আজি দেশৰ মহিলাসকলৰ মনত আত্মবিশ্বাসে ঠন্ ধৰি উঠিছে যে তেওঁলোকেও সকলো ক্ষেত্ৰতে নিজৰ সাহস আৰু সামৰ্থ্য প্ৰদৰ্শন কৰিব পাৰে, নতুন অভিলেখ গঢ়িব পাৰে।

০ আজি দেশৰ খেতিয়কৰ মনত আত্ম-বিশ্বাসৰ উদয় হৈছে যে তেওঁলোকে খেতিৰ জৰিয়তেই নিজৰ আয় বঢ়াবলৈ খেতি-বাতিৰে জড়িত আন বিকল্পবোৰৰ ওপৰত কাম কৰিব পাৰে।

০ আজি দেশৰ উদ্যমীসকলৰ মাজত, বেপাৰীসকলৰ মাজতো এনে আত্ম-বিশ্বাসৰ সূচনা হৈছে যে তেওঁলোকও এক সুন্দৰ বাতাবৰণত নিজৰ বাণিজ্য কৰিব বা ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে।

|

আজিৰ ভাৰতে, আজিৰ নতুন ভাৰতে নিজৰ বহু সমস্যা অতিক্ৰম কৰবলৈ সক্ষম হৈছে। স্বাধীনতাৰ ৭০বছৰ পিছতো আমাৰ দেশৰকোটি কোটি নাগৰিকৰ বেংকৰে যোগাযোগ নাছিল, কোটি কোটি লোকৰ আকৌ গেছৰ সংযোগেই নাছিল, ঘৰত শৌচাগাৰৰ ব্যৱ্স্থাই নাছিল। এনে বহু সমস্যাৰেই জীৱন অতিবাহিত হৈ আহিছিল। কিন্তু আজি এনে বহুবোৰ সমস্যা আঁতৰি গৈছে।

এতিয়া ভাৰতৰ লক্ষ্য হৈছে আগন্তুক ৫বছৰত নিজৰ অৰ্থ ব্যৱস্থাৰ পৰিসৰ ৫ ত্ৰিলিয়ন ডলাৰ পৰ্যন্ত বিস্তাৰিত কৰা। এই লক্ষ্য নিশ্চয় সহজ নহয়, কিন্তু এনেও নহয় যে সেই লক্ষ্যত উপনীত হ’বগৈ পৰা নাযাব।

বন্ধুসকল, আজিৰ তাৰিখত ভাৰতৰ অৰ্থনীতি প্ৰায় ৩ বিলিয়ন ডলাৰৰ।

ইয়াত ইমানবোৰ তথ্যবিজ্ঞ লোক আছে। মই আপোনালোকক আৰু এটা প্ৰশ্ন সুধিব খুজিছো। আপোনালোকে বাৰু কেতিয়াবা দেশৰ অৰ্থনীতি ৩ ত্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিম বুলি লক্ষ্য নিৰ্দ্ধাৰণ কৰা শুনিছিল নে? নাই শুনা নহয়নে বাৰু? ৭০বছৰত আমি ৩ ত্ৰিলিয়ন ডলাৰ পাইছোগৈ। ইমান দিননো কিয় লাগিল ইয়াৰ আগতে কোনেও প্ৰশ্নৰ অৱতাৰণা কৰা নাছিল অথবা কোনোবাই বাৰু এনে প্ৰশ্নৰ উত্তৰ দিছিল নে? পিছে, এতিয়া কিন্তু আমি লক্ষ্য নিৰ্দ্ধাৰণ কৰি লৈছো, প্ৰশ্নৰো সন্মুখীন হৈ আছো আৰু এই লক্ষ্যত উপনীত হোৱাৰ বাবে মৰো-জিও সোঁ অধিকৈ লাগিও আছো।

আগৰ চৰকাৰ আৰু আমাৰ চৰকাৰৰ কাম কৰাৰ পদ্ধতিৰ মাজৰ ইও এক উল্লেখনীয় পাৰ্থক্য। লক্ষ্যহীন হৈ আগবাঢ়ি যোৱাতকৈ কঠিন লক্ষ্য নিৰূপণ কৰি সেই লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়াস অব্যাহত ৰখাই শ্ৰেয়। এই অলপতে বাজেট উথ্থাপন কৰা হ’ল। ইয়ে দেশক এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত, ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতি গঢ়ি তোলাত সহযোগিতা কৰিব।

বন্ধুসকল, এই লক্ষ্যত উপনীত হ’বলৈ হ’লে ভাৰতে নিৰ্মাণ বৃদ্ধি, ৰপ্তানী বৃদ্ধিত বিশেষ গুৰুত্ব দিব লাগিব। ইয়াৰ বাবে চৰকাৰে ইতিমধ্যে বহুবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। দেশত ইলেক্ট্ৰনিক্স, চিকিত্সা সা-সৰঞ্জাম আৰু প্ৰযুক্তিৰ গোট তৈয়াৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ‘ৰাষ্ট্ৰীয় কাৰিকৰী বস্ত্ৰ-শিল্প মিছন’-ৰ পৰাও ই সহযোগিতা লাভ কৰিব। আমি যিবোৰ বস্তু ৰপ্তানী কৰিম, তাৰ মান উন্নত কৰি ৰখাৰ বাবে নীতিগত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বন্ধুসকল, ‘মেক ইন ইণ্ডিয়া’ই ভাৰতৰ অৰ্থনীতিক, দেশৰ ক্ষুদ্ৰৰো ক্ষুদ্ৰ উদ্যোগীসকলকবহুত ডাঙৰ সহায় কৰিব। বিশেষকৈ ইলেক্ট্ৰনিক্স সামগ্ৰীৰ উত্পাদনততো ভাৰতে অভুতপূৰ্ব তত্পৰতা প্ৰদৰ্শন কৰিছে।

২০১৪ চনত দেশত ১লাখ ৯০হাজাৰ কোটিটকা মূল্যৰ ইলেক্ট্ৰনিক্স সামগ্ৰীৰ উত্পাদন কৰা হৈছিল। যোৱাটো বৰ্ষত এই পৰিমান বাঢ়ি গৈ প্ৰায় ৪লাখ ৬০হাজাৰ কোটিটকা পৰ্যন্ত হৈছেগৈ।

ভাবকচোন, ২০১৪চনত দেশত মোবাইল ফোন উত্পাদন কৰা মাত্ৰ এটা প্ৰতিষ্ঠানহে আছিল। আজিৰ তাৰিখত কিন্তু পৃথিৱীৰ মোবাইল নিৰ্মাতা দেশৰ তালিকাত ভাৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

বন্ধুসকল, ৫ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে আন্তঃগাঁথনি নিৰ্মাণ খণ্ডত ১০০লাখ কোটি টকাৰ বিনিয়োগৰ জৰিয়তেও বিশেষ সহযোগিতা লাভ কৰিব পৰা যাব। দেশজুৰি ৰূপায়ণ হোৱা ৬৫০০ৰো অধিক প্ৰকল্পত চলিব লগা কাম-কাজে, নিজৰ আশ-পাশৰএলেকাৰ অৰ্থনীতিক গতি প্ৰদান কৰিব। এনেবোৰ প্ৰয়াসৰ মাজত এয়াও সত্য যে ভাৰতৰ দৰে উদীয়মান অৰ্থনীতি-ৰ দেশৰ সন্মুখত প্ৰত্যাহ্বানো অধিক দেখা দিয়ে। উথ্থন-পতনেও অহা-যোৱা কৰি থাকে আৰু গোলকীয় পৰিস্থিতিৰ প্ৰভাৱকো অধিক পৰিমাণে ভূগিবলগীয়াত পৰে। ভাৰতে সদায়ে এনে পৰিস্থিতিৰ অতিক্ৰম কৰি আহিবলগীয়া হৈছে আৰু আগলৈও কৰি থাকিব। আমি পৰিস্থিতি শুধৰোৱাৰ বাবে অহৰহ প্ৰয়াস কৰি আহিছো। বাজেটৰ পিছতো বিত্ত মন্ত্ৰী নিৰ্মলাজীয়ে বেলেগ বেলেগ চহৰত নিৰলসভাবে সংশ্লিষ্ট পক্ষসমূহৰ সৈতে মিলিত হৈ আহিছে। এয়া এইকাৰণেই, কিয়নো আমি সকলোৰে পৰামৰ্শ গ্ৰহণ কৰি, সকলোকে লগত লৈ আগবাঢ়ি আছো।

বন্ধুসকল, অৰ্থব্যৱস্থাক শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ লগতে ইয়াৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল, দেশত অৰ্থনৈতিক কাম-কাজৰ ফলত উজ্জীৱিত হোৱা নতুন কেন্দ্ৰ। এই নতুন কেন্দ্ৰনো কি? এই কেন্দ্ৰসমূহ হ’ল আমাৰ সৰু সৰু চহৰসমূহ, ‘২-টায়াৰ’, ‘৩-টায়াৰ’শ্ৰেণীৰ মহানগৰীসমূহ।

সকলোতকৈ আধিক সংখ্যাত দুখীয়া লোকে এইবোৰ চহৰতে বসবাস কৰে। আজিৰ তাৰিখত দেশৰ আধাতকৈ অধিক পৰিমাণৰ ডিজিটেল লেন-দেন এই সৰু চহৰসমূহতে সম্পন্ন হৈছে। তাত্পৰ্যপূৰ্ণ কথাটো হ’ল সকলোতকৈ আধিক মধ্যবিত্তীয় লোকেও আকৌ এই চহৰসমূহতে বাস কৰে। আজিৰ তাৰিখত যিমানবোৰ ‘ষ্টাৰ্ট-আপ’ৰ পঞ্জীয়ন হৈছে, তাৰ প্ৰায় আধাখিনিয়েই এই ‘২-টায়াৰ’ আৰু ‘৩-টায়াৰ’ শ্ৰেণীৰ মহানগৰীসমূহৰ। আৰু সেয়ে, কোনো এখন চৰকাৰে প্ৰথমবাৰৰ বাবে সৰু সৰু চহৰসমূহৰো অৰ্থনৈতিক বিকাশত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। প্ৰথমবাৰৰ বাবে কোনো চৰকাৰে এই সৰু সৰু চহৰমূহকো সন্মান প্ৰদৰ্শন কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে।

আজি সৰু সৰু চহৰৰ ডাঙৰ ডাঙৰ সপোনবোৰক, নতুন ‘হাই ৱে’ আৰু ‘এক্সপ্ৰেছ ৱে’-ৰ উচ্চতা প্ৰদান কৰিছে। ‘উড়ান যোজনা’ৰ অধীনত নিৰ্মাণৰত বিমান বন্দৰ, নতুন বায়ুপথবোৰৰে এই চহৰসমূহক সংযোজিত কৰাৰ ব্যৱস্থা কৰা হৈছে। এই চহৰসমূহত এশৰো অধিক পাছপৰ্ট কেন্দ্ৰ স্থাপন কৰা হৈছে।

বন্ধুসকল,৫লাখ টকা পৰ্যন্ত কৰ ৰেহাইৰ দ্বাৰা পোৱা লাভো এই সৰু সৰু চহৰসমূহেই বেছিকৈ আদায় কৰিছে।

ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগসমূহক উত্সাহিত কৰাৰ বাবে যি সিদ্ধান্ত আমি গ্ৰহণ কৰিছিলো তাৰো লাভ এই চহৰসমূহৰ উদ্যোগীসকলেই আদায় কৰিব পাৰিছে। শেহতীয়া বাজেটত চৰকাৰে যি চিকিত্সা আন্তঃগাঁথনি নিৰ্মাণ সম্পৰ্কীয় ঘোষণা কৰিছে, তাৰ পৰাও অধিক লাভ এই চহৰসমূহৰে হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

বন্ধুসকল, আমাৰ দেশত আৰু এটা ক্ষেত্ৰ আছে যিটো ক্ষেত্ৰত হাত দিবলৈ যিকোনো চৰকাৰেই আফচোচ কৰে। সেয়া হৈছে কৰ ব্যৱস্থা। সুদীৰ্ঘ কাল ধৰি এই ক্ষেত্ৰৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাছিল। এই পৰ্যন্ত আমাৰ দেশত ‘পদ্ধতি-কেন্দ্ৰীক’ কৰ ব্যৱস্থাই প্ৰচলিত হৈ আহিছিল। পিছে এতিয়া ইয়াক ‘জনতা-কেন্দ্ৰীক’ কৰি গঢ়াৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। কৰ আৰু জিডিপিৰ অনুপাতৰ হাৰ বৃদ্ধিৰ লগতে নাগৰিকৰ ওপৰত কৰৰ বোজা কমোৱাতো গুৰুত্ব আৰোপ কৰা হৈছে। জিএছটি, আয় কৰ আৰু কৰ্পোৰেট কৰ, এই সকলো ক্ষেত্ৰতে আমাৰ চৰকাৰে কৰ হ্ৰাস কৰাৰ ব্যৱস্থা কৰিছে।

পোণতে সামগ্ৰী আৰু সেৱাৰ ওপৰত গড় কৰৰ হাৰ ১৪.৪ শতাংশ আছিল, যাৰ পৰিমাণ এতিয়া কমাই আনি ১১.৮ শতাংশ কৰা হৈছে। এইবাৰৰ বাজেটত আয় কৰ সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ঘোষণা কৰা হৈছে। আগতে কৰ মাফৰ বাবে কিছু পৰিকল্পিত বিনিয়োগৰ প্ৰয়োজন হৈছিল। এতিয়া আপোনালোকক এটা বিকল্প প্ৰদান কৰা হৈছে।

বন্ধুসকল, দেশৰ নাগৰিকসকলে কৰ আদায় দিবলৈ যাওতে যিমান অসুবিধা অনুভৱ কৰে তাতোকৈ অধিক অসুবিধা অনুভৱ কৰে ইয়াৰ প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াৰে জড়িত বিষয়া-কৰ্মচাৰীৰ বাবে। আমি ইয়াৰো সংস্কাৰ কৰিছো।

‘ফেচলেছ এছেছমেণ্ট’ৰ পিছত এইখন বাজেটত ‘ফেচলেছ আপীল’ৰ ব্যৱস্থা সম্পৰ্কে ঘোষণা কৰা হৈছে। অৰ্থাত্ কৰ সমীক্ষা কৰোতাসকলে তেওঁলোকেনো দৰাচলতে কাৰ বা কোন চহৰৰ কৰ সমীক্ষা কৰি আছে সেই কথা এতিয়া জনাৰ উপাই নাথাকিব। কেৱল ইমানেই নহয়, যাৰ কৰ সমীক্ষা কৰিবলগীয়া আছিল তেঁৱো নাজানিব কোনগৰাকী বিষয়াইনো দৰাচলতে তেওঁৰ কৰ সমীক্ষা কৰি আছে। অৰ্থাত কৰৰ ইফাল-সিফাল কৰাৰ মুদা সম্পূৰ্ণ ৰূপেই মৰিল।

বন্ধুসকল, সাধাৰণতে চৰকাৰৰ এনে প্ৰয়াসৰ কথাই বাতৰিৰ শিৰোণাম দখল নকৰে যদিও আজি আমি পৃথিৱীৰ কেইখনমান আঙুলি মূৰত লিখিব পৰা দেশৰ তালিকাত আমাৰ দেশৰ নাম অন্তৰ্ভূক্ত কৰাবলৈ সক্ষম হৈছো, যিবোৰ দেশে কৰ আদয় দিওতাৰ অধিকাৰসমূহ স্পষ্টকৈ বিশ্লেষণ কৰা কৰদাতা চনদো বলবত্ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছে। এতিয়া ভাৰতত ‘টেক্স হেৰাছমেণ্ট’ বোলা কথাষাৰ ইতিহাস হোৱাৰ পথত। আধুনিক প্ৰযুক্তিৰ সহায়ত এতিয়া দেশে‘টেক্স এনকাৰেজমেণ্ট’-ৰ দিশেহে আগবাঢ়িব খুজিছে।

বন্ধুসকল, চৰকাৰৰ দ্বাৰা দেশক এখন ‘টেক্স কম্প্লায়েণ্ট ছোচাইটী’হিচাপে গঢ়ি তোলাৰ নিৰন্তৰ প্ৰয়াস কৰি থকা হৈছে। যোৱা ৪-৫ বছৰত দেশে এই ক্ষেত্ৰত বিশেষ প্ৰগতি লাভ কৰিছে যদিও এতিয়াও কিন্তু বহুদূৰ অতিক্ৰম কৰিবলৈ বাকী আছে। আপোনালোকৰ সন্মুখত কিছু তথ্য দাঙি ধৰিব খুজিছো।

বন্ধুসকল, বিগত ডেৰ বছৰত দেশত ডেৰ কোটিৰো আধিক কাৰৰ বিক্ৰী হৈছে।

তিনি কোটিৰো অধিক ভাৰতীয়ই ব্যৱসায়ৰ কামত অথবা কেৱল ফুৰাৰ নামত বিদেশ ভ্ৰমণ কৰিছে।

কিন্তু স্থিতি এনেকুৱা যে ১৩০কোটিৰো অধিক জনসংখ্যাৰ দেশখনত কেৱল ডেৰ কোটি লোকেহে আয় কৰ প্ৰদান কৰে। ইয়াৰ ভিতৰৰো প্ৰতিবছৰে ৫০ লাখ টকাতকৈ আধিক আয় ঘোষণা কৰোতাৰ সংখ্যা প্ৰায় ৩লাখহে।

আপোনালোকক আৰু এটা তথ্যৰ কথা কও—

আমাৰ দেশত বহুত ডাঙৰ ডাঙৰ চিকিত্সক আছে, উকীল আছে, চাৰ্টাৰ্ড একাউণ্টেণ্ট আছে, অনেক পেছাদাৰী ব্যক্তি আছে যিসকলে নিজ নিজ ক্ষেত্ৰত নিজৰ স্থিতি সবল কৰিবলৈ সক্ষম হৈছে, দেশৰ সেৱা কৰি আছে। পিছে, এয়াও এক সত্য যে দেশৰ কেৱল ২২০০গৰাকী পেছাদাৰী ব্যক্তিয়েহে নিজৰ বাৰ্ষিক আয় এক কোটিতকৈ অধিক বুলি ঘোষণা কৰিছে। সমগ্ৰ দেশত কেৱল ২২০০গৰাকীয়েহে!!!

বন্ধুসকল, যেতিয়া আমি দেখো যে সকলোৱে ভ্ৰমণ কৰিবলৈ যায়, নিজৰ পচন্দ মতে ন ন গাড়ী কিনিলে আনন্দ লাগে। কিন্তু যেতিয়া কৰ দিওতাৰ সংখ্যা দেখা যায়, তেতিয়া চিন্তাও লাগে। এনে বৈপৰিত্বও কিন্তু আমাৰ দেশৰ এক বাস্তৱ সত্যই হয়। যেতিয়া বহু সংখ্যক লোকে কৰ আদায় দিয়ে, কৰ নিদিয়াকৈ থকাৰ বাবে অজুহাত বিচাৰি উলিয়াই, তেতিয়া ইয়াৰ ভাৰ সেইসকল লোকৰ ওপৰত পৰেগৈ, যিসকলে সততাৰে কৰ আদায় দি আহিছে। সেয়ে আজি মই প্ৰতিগৰাকী ভাৰতীয়ক এই প্ৰসংগত আত্মমন্থন কৰিবলৈ আহ্বান জনাব খুজিছো। তেওঁলোকে বাৰু এই পৰিস্থিতিকে স্বীকাৰ কৰি থাকিব নেকি!

ব্যক্তিগত কৰেই হওক কিম্বা কৰ্পোৰেট কৰেই হওক, আজিৰ তাৰিখত পৃথিৱীৰ ভিতৰতে কৰৰ হাৰ সকলোতকৈ  কম ভাৰতত।তেন্তে যি অসমতাৰ কথা মই আপোনালোকক অৱগত কৰিছো, তাৰ অন্ত পৰাতো উচিত নহয়নে?

বন্ধুসকল, চৰকাৰে যি কৰ লাভ কৰে, সেয়া দেশৰ জন-কল্যাণমূলক কাম-কাজত ব্যয় কৰা হয়, দেশৰ আন্তঃগাঁথনি নিৰ্মাণত ব্যৱহৃত হয়। কৰৰ ধনৰে দেশত নতুন বিমানবন্দৰৰ নিৰ্মাণ হয়, নতুন ঘাঁইপথৰ নিৰ্মাণ হয়, মেট্ৰোৰ কাম হয়। দুখীয়া লোকৰ বাবে বিনামূলীয়া গেছৰ সংযোগ, বিনামূলীয়াকৈ বিজুলীৰ সংযোগ, কম মূল্যত ৰেছন, গেছৰ ৰাজসাহায্য, জলপানি, ইমানবোৰ কাম চৰকাৰে কেনেকৈ সম্পাদিত কৰে, কাৰণ, দেশৰ কিছুসংখ্যক দায়িত্বশীল লোকে, সম্পূৰ্ণ সততাৰে কৰ আদায় দিয়ে।

আৰু সেয়ে, দেশৰ প্ৰতিগৰাকী ব্যক্তিয়ে, যাক দেশে, এই সমাজে যথা সৰ্বস্ব দিছে, তেওঁলোকেওতো নিজৰ কৰ্তব্য পালন কৰা উচিত।

মই আজি ‘টাইমছ নাও’ৰ এই মঞ্চৰ পৰা সকলো দেশবাসীক আহ্বান জনাই কও যে দেশৰ বাবে নিজৰ জীৱন উত্সৰ্গা কৰিব খোজাসকলক মনলৈ আনি এটা পণ লওক, এটা সংকল্প গ্ৰহণ কৰক। দেশ স্বাধীন কৰাৰ বাবে প্ৰাণ আহুতি দিয়া সকলক মনত পেলাওক। দেশৰ সেইসকল মহান সন্তানক মনত পেলাই, এই পণ লওকচোন যে সঁচাকৈয়ে যি পৰিমানৰ কৰ হয় আমি সেই পৰিমানৰ কৰকে আদায় দিম। ২০২২চনত আমাৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ব। নিজৰ নিজৰ সংকল্পক এই মহান পৰ্বৰ সৈতে জড়িত কৰক, নিজৰ কৰ্তব্যক এই মহান উপলক্ষৰে সংপৃক্ত কৰক। সংবাদ জগতৰ সকলোৰে প্ৰতি মই এই আহ্বানকে জনাব খুজিছো। স্বতন্ত্ৰ ভাৰতৰ নিৰ্মাণত সংবাদ জগতৰ বহুত ডাঙৰ ভূমিকা আছে। এতিয়া এখন সমৃদ্ধ ভাৰত নিৰ্মাণৰ বেলিকাও এইখন জগতে নিজৰ ভূমিকা বিস্তাৰিত কৰা উচিত। যেনেকৈ সংবাদ মাধ্যমে স্বচ্ছ ভাৰত, এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা অভিযান চলাইছিল, সেইদৰেই দেশৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে, প্ৰয়োজনীয়তাসমূহৰ বিষয়ে নিৰন্তৰ অভিযান চলাই ৰখা উচিত।

আপোনালোকে চৰকাৰক সমালোচনা কৰিব লাগিব, আমাৰ আঁচনিসমূহৰ ভুল-ত্ৰুটি আঙুলিয়াই দিব লাগিব, কিন্তু সেয়া মুকলিকৈ কৰা উচিত, সেয়া মোৰ বাবে ব্যক্তিগত ভাবেও বহুত মহত্বপূৰ্ণ বুলি বিবেচনা কৰো, পিছে, দেশৰ ৰাইজকো সচেতন কৰি ৰখাৰ উদ্যোগ গ্ৰহণ কৰক। সচেতনতা কেৱল খবৰৰেই নহয়, বৰং দেশক দিক-দৰ্শন কৰাব পৰা বিষয় উথ্থাপনেৰেও।

|

বন্ধুসকল, ২১শতিকাক ভাৰতৰ শতিকা হিচাপে গঢ় দিয়াৰ বাবে বহুত ডাঙৰ ভূমিকা পালন কৰাৰ প্ৰয়োজন আছে। সকলোৱে নিজৰ নিজৰ কৰ্তব্য দায়বদ্ধতাৰে পালন কৰিব লাগিব। একোগৰাকী নাগৰিক হিচাপে দেশে আমাক যেনে ধৰণৰ কৰ্তব্য সম্পাদন কৰাতো বিচাৰে, সেয়া যেতিয়া সম্পূৰ্ণ হয়, তেতিয়া দেশেও এক নতুন শক্তি লাভ কৰে, এক নতুন উদ্দীপনাৰে উজ্জীৱিত হয়। এই নতুন শক্তি, নতুন উদ্দীপনায়েই ভাৰতক এইটো দশকতো অধিক উন্নত কৰি তুলিব।

এইটো দশক ভাৰতৰ ষ্টাৰ্ট-আপৰ বাবে হ’ব।

এইটো দশক ভাৰতৰ গোলকীয় নেতৃত্বৰ বাবে হ’ব।

এইটো দশকত ‘ইণ্ডাষ্ট্ৰী ৪.০’ৰ শক্তিশালী নেটৱৰ্কৰ বাবে হ’ব।

এইটো দশক নবীকৰণযোগ্য শক্তিৰে সঞ্চালিত ভাৰতৰ বাবে হ’ব।

এইটো দশক ‘জল-পাৰদৰ্শী’ আৰু ‘জল-পৰযাপ্ত’ভাৰতৰ বাবে হ’ব।

এইটো দশক ভাৰতৰ সৰু চহৰ আৰু গাঁৱৰ বাবে হ’ব।

এইটো দশক ১৩০কোটি সপোনৰ হ’ব, আকাংক্ষাৰ হ’ব।

মোৰ বিশ্বাস, এইটো দশকক ভাৰতৰ দশক হিচাপে গঢ়ি তোলাৰ বাবে অনেক পৰামৰ্শ ‘টাইমছ নাও’-ৰ প্ৰথমখন শীৰ্ষ সন্মিলনৰ পৰা লাভ কৰিব পৰা যাব। আৰু আলোচনা, পৰামৰ্শৰ লগতে কিছু কথা কৰ্তব্য সম্পৰ্কেও নিশ্চয় পতা হ’ব।

আপোনালোক সকলোকে আকৌ এবাৰ শুভ কামনা জনাই মোৰ বক্তব্য সামৰিলো।

বহুত বহুত ধন্যবাদ!!!

  • ashutosh tripathi February 10, 2025

    🙏🏻🚩🚩🚩
  • krishangopal sharma Bjp January 18, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌹🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp January 18, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌹🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp January 18, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌹🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • Reena chaurasia September 05, 2024

    बीजेपी
  • Babla sengupta December 23, 2023

    Babla sengupta
  • Laxman singh Rana September 13, 2022

    नमो नमो 🇮🇳🌹🌹
  • Laxman singh Rana September 13, 2022

    नमो नमो 🇮🇳🌹
  • Laxman singh Rana September 13, 2022

    नमो नमो 🇮🇳
  • Shivkumragupta Gupta June 30, 2022

    जय भारत
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
'Goli unhone chalayi, dhamaka humne kiya': How Indian Army dealt with Pakistani shelling as part of Operation Sindoor

Media Coverage

'Goli unhone chalayi, dhamaka humne kiya': How Indian Army dealt with Pakistani shelling as part of Operation Sindoor
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
While building a healthy planet, let us ensure that no one is left behind: PM Modi at World Health Assembly
May 20, 2025
QuoteThe theme of the World Health Assembly this year is ‘One World for Health’, It resonates with India’s vision for global health: PM
QuoteThe future of a healthy world depends on inclusion, integrated vision and collaboration: PM
QuoteThe health of the world depends on how well we care for the most vulnerable: PM
QuoteThe Global South is particularly impacted by health challenges, India’s approach offers replicable, scalable and sustainable models: PM
QuoteIn June, the 11th International Day of Yoga is coming up, This year, the theme is ‘Yoga for One Earth, One Health’: PM
QuoteWhile building a healthy planet, let us ensure that no one is left behind: PM

Excellencies and Delegates,Namaste. Warm greetings to everyone at the 78th Session of the World Health Assembly.

Friends,

The theme of the World Health Assembly this year is ‘One World for Health’. It resonates with India’s vision for global health. When I addressed this gathering in 2023, I had spoken about ‘One Earth, One Health’. The future of a healthy world depends on inclusion, integrated vision and collaboration.

Friends,

Inclusion is at the core of India’s health reforms. We run Ayushman Bharat, the world’s largest health insurance scheme. It covers 580 million people and provides free treatment. This programme was recently extended to cover all Indians above the age of 70 years. We have a network of thousands of health and wellness centres. They screen and detect diseases such as cancer, diabetes and hypertension. Thousands of public pharmacies provide high-quality medicines at far less than the market price.

Friends,

Technology is an important catalyst to improve health outcomes. We have a digital platform to track vaccination of pregnant women and children. Millions of people have a unique digital health identity. It is helping us integrate benefits, insurance, records and information. With telemedicine, nobody is too far from a doctor. Our free telemedicine service has enabled over 340 million consultations.

Friends,

Due to our initiatives, there has been a heartening development. The Out-of-Pocket Expenditure as percentage of Total Health Expenditure has fallen significantly. At the same time, Government Health Expenditure has gone up considerably.

Friends,

The health of the world depends on how well we care for the most vulnerable. The Global South is particularly impacted by health challenges. India’s approach offers replicable, scalable and sustainable models. We would be happy to share our learnings and best practices with the world, especially the Global South.

Friends,

In June, the 11th International Day of Yoga is coming up. This year, the theme is ‘Yoga for One Earth, One Health’. Being from the nation which gave Yoga to the world, I invite all countries to participate.

Friends,

I congratulate the WHO and all member states on the successful negotiations of the INB treaty. It is a shared commitment to fight future pandemics with greater cooperation. While building a healthy planet, let us ensure that no one is left behind. Let me close with a timeless prayer from the Vedas. सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्॥ Thousands of years ago, our sages prayed that everyone should be healthy, happy and free from disease. May this vision unite the world.

Thank You!