Quote"আপোনালোকে 'অমৃত প্ৰজন্ম'ৰ প্ৰতিনিধিত্ব কৰে যি এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ নিৰ্মাণ কৰিব"
Quote"যেতিয়া সপোন সংকল্পত পৰিণত হয় আৰু তাৰ প্ৰতি জীৱন সমৰ্পিত কৰা হয় তেতিয়া সফলতা সুনিশ্চিত হয়। ভাৰতৰ যুৱক-যুৱতীৰ বাবে এই সময় নতুন সুযোগৰ সময়"
Quote"ভাৰতৰ সময় আহি গ'ল"
Quote"যুৱ শক্তি ভাৰতৰ বিকাশ যাত্ৰাৰ প্ৰেৰক শক্তি"
Quote"যেতিয়া দেশ যুৱক-যুৱতীৰ শক্তি আৰু উৎসাহেৰে পৰিপূৰ্ণ, সেয়ে সেই দেশৰ প্ৰাথমিকতা সদায় তাৰ যুৱক-যুৱতীয়েই হ'ব"
Quote"এয়া বিশেষভাৱে প্ৰতিৰক্ষা বাহিনী আৰু এজেঞ্চিসমূহত দেশৰ কন্যাসকলৰ বাবে অপাৰ সম্ভাৱনাৰ সময়"

কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী শ্ৰী ৰাজনাথ সিংজী, শ্ৰী অজয় ভট্টজী, প্ৰতিৰক্ষা প্ৰধান অনিল চৌহানজী, তিনিওটা সেৱাৰ মূৰব্বীকেইগৰাকী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ সঋ্চালক প্ৰধান আৰু অতিথিবৃন্দ আৰু আজিৰ সমাৱেশত বৃহত্ সংখ্যাৰে উপস্থিত থকা মোৰ মৰমৰ যুৱ সতীৰ্থসকল!

স্বাধীনতাৰ ৭৫টা বছৰৰ এইটো পৰ্যায়ত, এনচিচিয়ে ইয়াৰ ৭৫সংখ্যক বাৰ্ষিকীও উদযাপন কৰিছে। বিগত বছৰবোৰত, যিসকলে এনচিচিক প্ৰতিনিধিত্ব কৰিছে, যিসকল ইয়াৰ অংশ হৈ আহিছে, মই ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰ অৱদানক প্ৰশংসা কৰিছো। আজি, মোৰ সন্মুখৰ উপস্থিত থকা কেডেটসকল, যিসকল বৰ্তমান এনচিচিত আছে, তেওঁলোকতো আৰু অধিক বিশেষ, তেওঁলোক অধিক বিশেষ। আজিৰ কাৰ্যক্ৰম যিধৰণে যুগুতোৱা হৈছে হৈছে, কেৱল সময় সলনি হোৱাই নহয়, ইয়াৰ সংৰচনাটোৱো সলনি কৰা হৈছে। দৰ্শকসকলৰ সংখ্যও আগৰ তুলনাত বহুতেই বিশাল। আৰু কাৰ্যসূচীসমূহৰ সূচীখনো বৈচিত্ৰ্যৰে ভৰি আছে। অৱশ্যে,  'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ মৌলিক মন্ত্ৰৰ প্ৰতিধ্বনি সন্নিৱিষ্ট কৰি যুগুতোৱা এই অনুষ্ঠানটো সদায় স্মৰণীয় হৈ থাকিব। আৰু সেয়েহে, মই এনচিচিৰ গোটেইটো দলকে, তেওঁলোকৰ সকলো বিষয়া আৰু প্ৰশাসকলৈ অন্তৰৰ পৰা অভিনন্দন জনাইছো। আপোনালোকে এনচিচি কেডেট হিচাপে, আৰু দেশৰ যুৱ প্ৰজন্ম হিচাপে এক ‘অমৃত প্ৰজন্ম’ক প্ৰতিনিধিত্ব কৰিছে। এই ‘অমৃত প্ৰজন্ম’ই অহা ২৫টা বছৰত দেশক এক নতুন উচ্চতালৈ লৈ যাব, ভাৰতক স্বাৱলম্বী কৰি তুলিব আৰু ইয়াক বিকশিত কৰি তুলিব।

বন্ধুসকল,

দেশৰ উন্নয়নত এনচিচিৰ ভূমিকা কি, আপোনালোক সকলোৱে কিমান প্ৰশংসনীয় কাম কৰি আছে সেয়া আমি অলপ আগতে ইয়াত দেখিছো। আপোনালোকৰ এজন সহযোগীয়ে মোক ‘ইউনিটী ফ্লেম’ প্ৰদান কৰিছিল। আপোনালোকে কন্যাকুমাৰীৰ পৰা দিল্লীলৈকে এই যাত্ৰা ৬০ দিনত সম্পূৰ্ণ কৰিছে, প্ৰতিদিনে ৫০ কিলোমিটাৰকৈ দৌৰিছে। ‘একতাৰ এই শিখা’ৰে 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ আত্মা শক্তিশালী কৰিবলৈ বহুসহকৰ্মীয়ে এই দৌৰত যোগদান কৰিছিল। আপোনালোকে সঁচাকৈয়ে এক প্ৰশংসনীয় কাম কৰিছে, আপোনালোকে অনুপ্ৰেৰণাদায়ক কাম কৰিছে। ইয়াত এটা আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছিল। ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য, আপোনালোকৰ দক্ষতা আৰু অধ্যৱসায়ৰ এই প্ৰদৰ্শন আৰু ইয়াৰ বাবেও মই আপোনাক যিমানেই অভিনন্দন নজনাও কিয়, সেয়া কিন্তু কমেই হব।

বন্ধুসকল,

আপোনালোকে গণৰাজ্য দিৱসৰ কুচকাৱাজতো অংশগ্ৰহণ কৰিছিল। এইবাৰ এই কুচকাৱাজটোও বিশেষ আছিল, কাৰণ এই কুচকাৱাজ প্ৰথমবাৰৰ বাবে কৰ্তব্য পথত অনুষ্ঠিত হৈছিল। আৰু, দিল্লীৰ বতৰ আজিকালি অলপ ঠাণ্ডা। আপোনালোকৰ বহুত এই বতৰৰ সৈতে অভ্যস্ত নহ'বও পাৰে। তথাপিও, মই আপোনালোকক দিল্লীৰ কিছুমান ঠাই ভ্ৰমণ কৰিবলৈ অনুৰোধ কৰিম, আপোনালোকে সময় উলিয়াব পাৰিব বাৰু? যদি আপোনালোকে ‘ৰাষ্ট্ৰীয় সমৰ স্মাৰক’, আৰক্ষী স্মাৰকলৈ যোৱা নাই তেন্তে তালৈ এপাক যোৱা উচিত হব। একেদৰে, আপোনালোকে লালকিল্লাৰ ‘নেতাজী’ সুভাষ চন্দ্ৰ বসু সংগ্ৰহালয় দৰ্শন কৰা উচিহ হব। স্বাধীন ভাৰতৰ সকলো প্ৰধানমন্ত্ৰীক পৰিচয় কৰাই এক আধুনিক প্ৰধানমন্ত্ৰী-সংগ্ৰহালয়ও নিৰ্মাণ কৰা হৈছে। তাত আপোনালোকে যোৱা ৭৫ বছৰত দেশৰ উন্নয়নীযাত্ৰাৰ বিষয়ে জানিব পাৰিব। আপোনালোকে ইয়াত চৰ্দাৰ বল্লভভাই পেটেলৰ এটা সুন্দৰ সংগ্ৰহালয় চাবলৈ পাব, বাবাচাহেব আম্বেদকাৰৰ এটা অতি ভাল সংগ্ৰহালয় দেখিবলৈ পাব, তদুপৰি আন বহুতো আছে। জীৱনবাটত আগবাঢ়ি যাওতে আপোনালোকৰ জীৱনে এক নিৰ্ধাৰিত লক্ষ্যৰে যাতে কিবা কৰিবগৈ পাৰে তাৰ বাবে এই ঠাইবোৰৰ পৰা কিছু অনুপ্ৰেৰণা, উৎসাহ পাব পাৰে।

মোৰ যুৱবন্ধুসকল,

যিকোনো এখন ৰাষ্ট্ৰ পৰিচালনা কৰিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ শক্তিটো হৈছে যুৱশক্তি। এই মুহূৰ্তত আপোনালোক বয়সৰ যিটো পৰ্যায়ত উপস্থিত হৈছেহি, এইটো পৰ্যায়ত এটা আবেগ থাকে, উত্সাহ থাকে। আপোনালোকৰ বহুত সপোন থাকে। আৰু যেতিয়া সপোনবোৰ সংকল্প হৈ উঠে আৰু সংকল্প পূৰণৰ বাবে জীৱন জীৱনে অহোপুৰুষাৰ্থ কৰে তেতিয়া জীৱনো সফল হয়। আৰু ভাৰতৰ যুৱপ্ৰজন্মৰ বাবে এয়া নতুন সুযোগৰ সময়। ভাৰতৰ সময় আহি পাইছে, ভাৰতৰ সময় আহি পাইছে বুলি সৰ্বত্ৰে এতিয়া গুঞ্জন উঠিবলৈ ধৰিছে। আজি সমগ্ৰ বিশ্বই ভাৰতৰ ফালে চাবলৈ লৈছে। আৰু ইয়াৰ আঁৰৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে আপোনালোক, ভাৰতৰ যুৱপ্ৰজন্ম। ভাৰতৰ যুৱপ্ৰজন্ম আজি কিমান সচেতন হৈ উঠিছে মই আজি আপোনালোকক তাৰ উদাহৰণ দিব বিচাৰো। এই বছৰ, ভাৰতে বিশ্বৰ ২০টা শক্তিশালী অৰ্থনীতিৰ গোট ‘জি-২০’ৰ অধ্যক্ষতা কৰিছে। মই আচৰিত হৈছিলো যেতিয়া সমগ্ৰ দেশৰ বহুতো যুৱক-যুৱতীয়ে মোক এই বিষয়ে চিঠি লিখিছিল। আপোনালোকৰ দৰে যুৱক-যুৱতীসকলে দেশৰ সাফল্য আৰু প্ৰাথমিকতাসমূহৰ প্ৰতি কেনেদৰে আগ্ৰহ প্ৰকাশ কৰিবলৈ লৈছে সেয়া দেখি সঁচাকৈয়ে গৌৰৱবোধ হৈছে।

বন্ধুসকল,

যিখন দেশৰ যুৱপ্ৰজন্ম ইমান উৎসাহ আৰু উদ্দীপণাৰে পৰিপূৰ্ণ, সেইখন দেশৰ প্ৰাথমিকতা সদায় যুৱ প্ৰজন্মই হ'ব। আজিৰ ভাৰতেও ইয়াৰ সকলো যুৱ সহযোগীসকলৰ বাবে এখন মঞ্চ প্ৰদান কৰিবলৈ প্ৰয়াস কৰি আছে, যি আপোনালোকৰ সপোনবোৰ পূৰণ কৰাত সহায় কৰিব পাৰিব। আজি ভাৰতত যুৱসকলৰ বাবে নতুন নতুন ক্ষেত্ৰ মুকলি কৰা হৈছে। ভাৰতৰ ডিজিটেল বিপ্লৱেই হওঁক, ভাৰতৰ ষ্টাৰ্ট-আপ বিপ্লৱেই হওঁক, বা উদ্ভাৱন বিপ্লৱেই হওঁক, এই সকলোবোৰৰ জৰিয়তে আটাইতকৈ ডাঙৰ লাভ যুৱসকলৰেই হৈছে। আজি ভাৰতে যিদৰে নিজৰ প্ৰতিৰক্ষা খণ্ডৰ নিৰন্তৰ সংস্কাৰ সাধন কৰিছে, তাৰ পৰা দেশৰ যুৱপ্ৰজন্মও লাভান্বিত হৈছে। এটা সময় আছিল যেতিয়া আমি বিদেশৰ পৰা এছল্ট ৰাইফল আৰু বুলেট প্ৰুফ জেকেট আমদানি কৰিছিলো। আজি, সেনাক প্ৰয়োজন হোৱা এনে শ শবিধ সামগ্ৰী আছে, যিবোৰ আমি ভাৰততে নিৰ্মাণ কৰি আছো। আজি আমি আমাৰ সীমান্ত আন্তঃগাঁথনিৰ ক্ষেত্ৰতো অতি দ্ৰুতগতিত কাম কৰি আছো। এই সকলোবোৰ অভিযানে ভাৰতৰ যুৱপ্ৰজন্মৰ বাবে নতুন সম্ভাৱনা আৰু সুযোগ কঢ়িয়াই আনিছে।

বন্ধুসকল,

যেতিয়া আমি যুৱসকলক বিশ্বাস কৰোঁ তেতিয়া কি ফলাফল আহে তাৰ এক সঠিক উদাহৰণ হৈছে আমাৰ মহাকাশ খণ্ড। দেশখনে যুৱ প্ৰতিভাৰ বাবে মহাকাশ খণ্ডৰ দুৱাৰ মুকলি কৰিছিল। আৰু চাই থাকোতেই ব্যক্তিগত খণ্ডত নিৰ্মাণ কৰা প্ৰথমটো উপগ্ৰহৰ উৎক্ষেপণ কৰা হৈছিল। একেদৰে, এনিমেশ্যন আৰু গেমিং খণ্ডই প্ৰতিভাশালী যুৱপ্ৰজন্মৰ বাবে সম্ভাৱনাৰ পৰিসৰ সম্প্ৰসাৰিত কৰিছে। আপোনালোকে হয়তো ড্ৰোনৰ ব্যৱহাৰ হয় নিজে কৰিছে, বা আন কোনোবাই কৰা দেখিছে। এতিয়াতো ড্ৰোন ব্যৱহাৰৰ পৰিসৰো নিৰন্তৰ বৃদ্ধি হবলৈ ধৰিছে। মনোৰঞ্জন, লজিষ্টিক, কৃষিকে ধৰি এতিয়া ড্ৰোন প্ৰযুক্তি সকলোলৈকে আহিছে। আজি দেশৰ যুৱপ্ৰজন্মই ভাৰতত প্ৰতিটো প্ৰকাৰৰ ড্ৰোন নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে।

বন্ধুসকল,

মই উপলব্ধি কৰিছো যে আপোনালোকৰ বেছিভাগ যুৱক-যুৱতীয়েই আমাৰ সেনাবাহিনী, আমাৰ নিৰাপত্তা বাহিনী, আমাৰ সংস্থাসমূহৰে জড়িত হব বিচাৰে। এইটো নিশ্চিতভাৱে আপোনালোকৰ বাবে, বিশেষকৈ আমাৰ ছোৱালীসকলৰ বাবে এয়া এক বহুত ডাঙৰ সম্ভাৱনাৰ সময়। যোৱা আঠোটা বছৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীত ছোৱালীৰ সংখ্যা প্ৰায় দুগুণ হৈছে। আজি, আপোনালোকে দেখিছে, সেনাৰ তিনিওটা বাহিনীৰ সন্মুখৰ শাৰীত মহিলা নিয়োজিত হোৱাৰ পথ মুকলি কৰা হৈছে। আজি মহিলাসকলে প্ৰথমবাৰৰ বাবে ভাৰতীয় নৌসেনাত অগ্নিবীৰ, নাবিক হিচাপে যোগদান কৰিছে। মহিলাসকলে সশস্ত্ৰ বাহিনীত যুঁজাৰু ভূমিকাতো প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছে। এন ডি এ পুনেত মহিলা কেডেটসকলৰ প্ৰথমটো দলৰ বাবে প্ৰশিক্ষণ আৰম্ভ হৈছে। আমাৰ চৰকাৰে সৈনিক বিদ্যালয়সমূহত ছোৱালীৰ নামভৰ্তিৰ বাবে অনুমতি দিছে। আজি, মই সুখী যে প্ৰায় ১৫০০ গৰাকী ছোৱালীয়ে সৈনিক বিদ্যালয়সমূহত অধ্যয়ন আৰম্ভ কৰিছে। আনকি এনচিচিতো, আমি এটা পৰিৱৰ্তন দেখিছোঁ। যোৱাটো দশকত এনচিচিত কন্যাসকলৰ অংশগ্ৰহণো ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। মই দেখিছো ইয়াত অনুষ্ঠিত হোৱা কুচকাৱাজটোও এজনী ছোৱালীয়ে নেতৃত্ব দিছিল।

সীমান্ত আৰু উপকূলীয় অঞ্চলত এনচিচিৰ সম্প্ৰসাৰণৰ অভিযানত বহু সংখ্যক যুৱক-যুৱতীয়েও যোগদান কৰিছে। এতিয়ালৈকে, সীমান্ত আৰু উপকূলীয় অঞ্চলৰ পৰা প্ৰায় এক লাখ কেডেট মনোনীত হৈছে। যেতিয়া দেশৰ ৰাষ্ট্ৰ নিৰ্মাণ আৰু উন্নয়নত ইমান ডাঙৰ যুৱ শক্তি জড়িত হয়, তেতিয়া বন্ধুসকল, মই অতি আত্মবিশ্বাসেৰে কওঁ যে কোনো লক্ষ্যই অসম্ভৱ হৈ নাথাকে। মই নিশ্চিত যে সংগঠন হিচাপে আৰু ব্যক্তিগতভাৱে, আপোনালোক সকলোৱে দেশৰ সংকল্পসমূহ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা সম্প্ৰসাৰিত কৰিব।

আই ভাৰতীৰ স্বাধীনতা সংগ্ৰামত বহু লোকে দেশৰ বাবে মৃত্যুৰ পথ বাছি লৈছিল। কিন্তু স্বাধীন ভাৰতত, প্ৰতিটো মুহূৰ্তত দেশৰ বাবে জীয়াই থকাৰ পথেৰেহে দেশখনক বিশ্বত নতুন উচ্চতালৈ লৈ যাব পৰা যাব। আৰু এই সংকল্প পূৰণ কৰিবলৈ, 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ আদৰ্শ সাৰোগত কৰাৰ সময়তে, দেশক বিপন্ন কৰাৰ বহুতো অজুহাত বিচাৰি থকা দেখিবলৈ পোৱা গৈছে।

বিভিন্ন চক্ৰান্তৰে অপপ্ৰচাৰ চলাই আই ভাৰতীৰ সন্তানসকলৰ মাজত প্ৰাচীৰ গঢ়াৰ অপচেষ্টা চলাই থকা হৈছে। পিচে, লাখ লাখ অপচেষ্টা চলাব পাৰে, কিন্তু মাতৃ-দুগ্ধত কেতিয়াও ফাট মেলিব নোৱাৰে। আৰু ইয়াৰ বাবে, ঐক্যৰ মন্ত্ৰই হৈছে এক মহান ঔষধ, এক মহান শক্তি। ভাৰতৰ ভৱিষ্যতৰ বাবে একতাৰ মন্ত্ৰ, এয়া সংকল্পও, ভাৰতৰ সমৃদ্ধি প্ৰাপ্তিৰ বাবে এয়া এক মাৰ্গ। সেই মাৰ্গক ধিয়াই আমি জীয়াই থাকিব লাগিব, আমি সেই মাৰ্গত আহিব পৰা বাধাৰ বিৰুদ্ধে যুঁজ দিব লাগিব। আৰু দেশৰ বাবে জীয়াই থাকি আমি সমৃদ্ধ ভাৰতক নিজ চকুৰে দেখিবলৈ পাব লাগিব। এই চকুৰে এখন ঐশ্চৰ্যশালী ভাৰত দেখাটো, ইয়াতকৈ সৰু সংকল্প হ'বই নোৱাৰে। এই সংকল্প পূৰণৰ বাবে আপোনালোক সকলোলৈকে মই শুভেচ্ছা জনাইছো। ৭৫টা বছৰৰ এই যাত্ৰা, আগন্তুক ২৫ বছৰ, যিটো হৈছে ভাৰতৰ অমৃত কাল, যি আপোনালোৰো অমৃত কাল।

যেতিয়া দেশখনে ২০৪৭ চনত স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিবগৈ, তেতিয়া যদি এখন উন্নত দেশ হিচাপে পৰিগণিত হয়গৈ, তেতিয়া আপোনালোকো সেই শিখৰত উপৱিষ্ট হবগৈ পাৰিব। বন্ধুসকল, কল্পনা কৰকচোন ২৫ বছৰৰ পিছত আপোনালোক কিমান উচ্চতাত থাকিবগৈ। আৰু সেয়েহে এক মুহূৰ্তও ক্ষতি নকৰিব, এটাও সুযোগ নেহেৰুৱাব। আপোনালোকে মাত্ৰ আই ভাৰতীক নতুন উচ্চতালৈ লৈ যোৱাৰ সংকল্প সাৰোগত কৰি  বিকাশ অব্যাহত ৰাখিব লাগিব, নতুন সাফল্য অৰ্জন কৰি থকাৰ সংকল্পৰ সৈতে আগবাঢ়ি যাব লাগিব, আমি বিজয়শ্ৰীৰ সংকল্পৰ সৈতে আগবাঢ়ি থাকিব লাগিব। এয়াই হৈছে আপোনালোক সকলোলৈকে মোৰ শুভেচ্ছা। মোৰ সৈতে সম্পূৰ্ণ শক্তিৰে উচ্চাৰণ কৰক - ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়! ভাৰত মাতা কী জয়।

বন্দে মাতৰম, বন্দে মাতৰম্।

বন্দে মাতৰম, বন্দে মাতৰম্।

বন্দে মাতৰম, বন্দে মাতৰম্।

বহুত বহুত ধন্যবাদ।     

  • Jitendra Kumar March 30, 2025

    🙏🇮🇳
  • krishangopal sharma Bjp February 26, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp February 26, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp February 26, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp February 26, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp February 26, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA May 27, 2024

    .मोदी जी 400 पार
  • Vaishali Tangsale February 13, 2024

    🙏🏻🙏🏻
  • ज्योती चंद्रकांत मारकडे February 12, 2024

    जय हो
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Data centres to attract ₹1.6-trn investment in next five years: Report

Media Coverage

Data centres to attract ₹1.6-trn investment in next five years: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 জুলাই 2025
July 10, 2025

From Gaganyaan to UPI – PM Modi’s India Redefines Global Innovation and Cooperation