Quoteছুপাৰ স্পেচিয়েলিটি চেৰিটেবল গ্ল'বেল হস্পিতাল, শিৱমণি বৃদ্ধাশ্ৰমৰ দ্বিতীয় পৰ্যায় আৰু নাৰ্চিং কলেজৰ সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন
Quote“এই অমৃত কাল দেশৰ প্ৰতিজন নাগৰিকৰ বাবে কৰ্তব্য কাল”
Quote“দেশত স্বাস্থ্য সুবিধাসমূহৰ ৰূপান্তৰ অব্যাহত আছে”
Quote“যেতিয়া উদ্দেশ্য স্পষ্ট হয় আৰু সমাজসেৱাৰ ভাৱ থাকে, তেতিয়া সংকল্প লোৱা হয় আৰু লগতে সিদ্ধি হয়”
Quote“অহা দশকত ভাৰতত যিমান চিকিৎস উত্তীৰ্ণ হ’ব, সেয়া স্বাধীনতাৰ পাছত বিগত ৭ দশকত উত্তীৰ্ণ হোৱা চিকিৎসকৰ সমান হ’ব”
Quote“ব্ৰহ্ম কুমাৰী সংগঠনে সদায় আশা কৰাতকৈ অধিক কাম কৰি আহিছে”
Quote“ব্ৰহ্ম কুমাৰীসকলে ৰাষ্ট্ৰ নিৰ্মাণৰ সৈতে জড়িত নতুন বিষয়ক এক অভিনৱ পদ্ধতিৰে আগবঢ়াই নিব লাগে”

ওম শান্তি!

সন্মানীয় ‘ৰাজযোগিনী দাদী’ ৰতন মোহিনীজী, ব্ৰহ্মকুমাৰীৰ সকলো জ্যেষ্ঠ সদস্য, আৰু ভাৰতৰ প্ৰতিটো কোণৰ পৰা এই সদনলৈ অহা মোৰ প্ৰিয় ভাই-ভনীসকল!

এয়া মোৰ সৌভাগ্য যে মই বহুবাৰ আপোনালোকৰ মাজলৈ অহাৰ সুযোগ পাইছোঁ। যেতিয়াই মই ইয়ালৈ আহোঁ, যেতিয়াই মই আপোনালোকৰ মাজলৈ আহোঁ, মোৰ মন সদায় এক আধ্যাত্মিক অনুভৱৰে পৰিপূৰ্ণ হৈ উঠে। আৰু যোৱা কেইমাহমানৰ ভিতৰত এয়া দ্বিতীয়বাৰৰ বাবে মই ব্ৰহ্মকুমাৰীৰ কাৰ্যসূচীৰ সৈতে জড়িত হোৱাৰ সুযোগ লাভ কৰিছোঁ। ইয়াৰ আগতে, ফেব্ৰুৱাৰীমাহত, আপোনালোকে মোক 'জল জন অভিযান' আৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। মই তেতিয়া ব্ৰহ্মকুমাৰী প্ৰতিষ্ঠানৰ সৈতে মোৰ সম্পৰ্কৰ ধাৰাবাহিকতা কেনেকৈ অব্যাহত আছে সেই বিষয়ে বিতংভাৱে স্মৰণ কৰিছিলোঁ। ইয়াৰ আঁৰত পৰমপিতা পৰমেশ্বৰৰ আশীৰ্বাদ আৰু ‘ৰাজযোগিনী দাদীজী’ৰ পৰা পোৱা মৰমৰ শক্তি জড়িত হৈ আছে।

আজি ইয়াত ‘ছুপাৰ স্পেচিয়েলিটী চেৰিটেবল গ্লোবেল হস্পিটেল’ৰ আধাৰশিলা স্থাপন কৰা হৈছে। আজি শিৱমণি গৃহ আৰু ‘নাৰ্ছিং মহাবিদ্যালয়’ৰ সম্প্ৰসাৰণৰ কামো আৰম্ভ কৰা হৈছে। এই সকলোবোৰ কামৰ বাবে মই ‘ব্ৰহ্মকুমাৰী’ আৰু ইয়াৰ সকলো সদস্যকে হৃদয়েৰে অভিনন্দন জনাইছোঁ।

সতীৰ্থবৃন্দ,

স্বাধীনতাৰ এই ‘অমৃত কাল’ত ভাৰতৰ সকলো সামাজিক আৰু ধৰ্মীয় প্ৰতিষ্ঠানৰ বৃহত্ ভূমিকা আছে। স্বাধীনতাৰ এই অমৃত কাল হৈছে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে এক কৰ্তব্যৰ সময়। এই কৰ্তব্যৰ অৰ্থ হৈছে আমি যি ভূমিকাত আছোঁ তাকে ১০০% উজাৰি দিয়াটো! আৰু একে সময়তে, সমাজৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত নিজৰ চিন্তা আৰু দায়বদ্ধতা সম্প্ৰসাৰিত কৰা! অৰ্থাৎ আমি সম্পূৰ্ণ ভক্তিৰে যি কৰি আছোঁ সেয়া কৰোঁতে, আমি আমাৰ দেশৰ বাবে আৰু কি কৰিব পাৰোঁ সেই বিষয়েও চিন্তা কৰিব লাগিব।

আপোনালোক সকলোৱেই এই ‘কৰ্তব্যকাল’ত অনুপ্ৰেৰণাৰ উত্সস্বৰূপ। আধ্যাত্মিক প্ৰতিষ্ঠান হিচাপে ‘ব্ৰহ্মকুমাৰী’সকলে সমাজত নৈতিক মূল্যবোধ শক্তিশালী কৰাৰ বাবে কাম কৰি আহিছে। কিন্তু একে সময়তে, আপোনালোক সমাজ সেৱা, বিজ্ঞান, শিক্ষাৰ প্ৰচাৰ, সামাজিক সজাগতা বৃদ্ধিৰ প্ৰতিও সম্পূৰ্ণ ৰূপে সমৰ্পিত।

 

মাউণ্ট আবুত আপোনাৰ ‘গ্লোবেল হাস্পটাল গৱেষণা কেন্দ্ৰ’ সঁচাকৈয়ে ইয়াৰ এক উৎকৃষ্ট উদাহৰণ। আৰু মোক কোৱা হৈছে যে এই প্ৰতিষ্ঠানটোৰ জৰিয়তে ওচৰ-পাজৰৰ গাঁওসমূহত স্বাস্থ্য শিবিৰৰ দিহা কৰি আহিছে, ৰক্তদান শিবিৰৰ ব্যৱস্থা কৰি আহিছে। এতিয়া আপোনালোকে স্থাপন কৰা ‘ছুপাৰ স্পেচিয়েলিটী চেৰিটেবল গ্লোবেল হস্পিটেলে’ও এই অঞ্চলৰ স্বাস্থ্যসেৱা উন্নত কৰাত সহায় কৰিব। এই মানৱীয় প্ৰচেষ্টাৰ বাবে আপোনালোক সকলোৱে অভিনন্দনৰ পাত্ৰ।

 

|

সতীৰ্থবৃন্দ,

আজি আমাৰ সমগ্ৰ দেশ স্বাস্থ্য সুবিধাৰ ৰূপান্তৰণৰ মাজেৰে আগবাঢ়িছে। যোৱা ৯টা বছৰত প্ৰথমবাৰৰ বাবে দেশৰ দৰিদ্ৰতম লোকসকলেও উপলব্ধি কৰিছে যে দেশৰ চিকিৎসালয়সমূহ তেওঁলোকৰ বাবেও সহজে উপলব্ধ হবলৈ ধৰিছে আৰু আয়ুষ্মান ভাৰত আঁচনিয়ে ইয়াত এক ডাঙৰ ভূমিকা পালন কৰিছে। আয়ুষ্মান ভাৰত যোজনাই কেৱল চৰকাৰীয়েই নহয়, দৰিদ্ৰ লোকসকলৰ বাবে ব্যক্তিগত চিকিৎসালয়সমূহৰ দুৱাৰো মুকলি কৰিছে।

আপোনালোকেও এইটো কথা জানে যে এইখন আঁচনিৰ অধীনত চৰকাৰে ৫ লাখ টকালৈকে চিকিৎসাৰ ব্যয় বহন কৰে। দেশৰ ৪ কোটিতকৈয়ো অধিক দৰিদ্ৰ লোকে এই আঁচনিৰ সুবিধা লৈছে। যদি ‘আয়ুষ্মান ভাৰত আঁচনি’ নহ'লহেঁতেন, তেন্তে তেওঁলোকে একেখিনি চিকিৎসাৰ বাবে নিজৰ জেপৰ পৰা ৮০,০০০ কোটি টকা খৰচ কৰিব লগা হ'লহেঁতেন। একেদৰে, ‘জন ঔষধী কেন্দ্ৰ’সমূহত উপলব্ধ সুলভ মূল্যৰ ঔষধৰ বাবে, দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ ২০ হাজাৰ কোটি টকা ৰাহি হৈছে।

আৰু মই আপোনালোকক, দেশৰ গাঁৱে গাঁৱে থকা আমাৰ ব্ৰহ্মকুমাৰী সংগঠনৰ সকলো গোটক কৈছোঁ,  আপোনালোকে যদি ৰাইজক এই ‘জনৌষধী কেন্দ্ৰ’সমূহযে চৰকাৰে চলায়, আৰু ইয়াতযে মানসম্পন্ন ঔষধ উপলব্ধ হয়, আৰু কোনো এবিধ ঔষধৰ বাবে আপোনালোকৰ যদি বাহিৰত ১০০ টকা খৰচ হয় তেন্তে সেই একেবিধ ঔষধ কিন্তু এই কেন্দ্ৰসমূহত ১০-১৫ টকাতে উপলব্ধ হয়। আপোনালোকে কল্পনা কৰকচোন দৰিদ্ৰলোকসকলৰ বাবে কিমান সেৱা কৰা হ'ব! গতিকে আমাৰ সকলো গোট, সেয়া লাগিলে ‘ব্ৰহ্মকুমাৰে’য়েই হওক বা ‘ব্ৰহ্মকুমাৰী’য়েই হওক, জনসাধাৰণৰ মাজত এই সজাগতা সৃষ্টিত অৰিহণা আগবঢ়াওকচোন। আপোনালোকৰ সংস্পৰ্শলৈ অহা লোকসকলে সদায় আপোনালোকক আশীৰ্বাদ দিব।

এতিয়া ধৰক পৰিয়াল এটাত ‘ডায়েবেটিচ’ থকা এজন বৃদ্ধ ব্যক্তি আছে, তেনেহ'লে তেওঁৰ ঔষধৰ বাবদ হোৱা  ব্যয় ১২০০, ১৫০০, ২০০০ টকালৈ বৃদ্ধি পায়। কিন্তু যদি তেওঁ এই জন ঔষধী কেন্দ্ৰসমূহৰ পৰা ঔষধ গ্ৰহণ কৰে, তেন্তে হয়তো সেই ব্যয় ১৫০০ টকা, ১০০০ টকাৰ পৰা ১০০ টকালৈ হ্ৰাস পাব। এয়া তেওঁৰ জীৱনৰ বাবে এটা ডাঙৰ সকাহ হ'ব। অৰ্থাৎ, আপুনি এই কথাটো সকলো ঠাইতে ক’ব পাৰিব।

সতীৰ্থবৃন্দ,

আপোনালোক সকলোৱে ইমান বছৰ ধৰি স্বাস্থ্য খণ্ডৰ সৈতে জড়িত হৈ আছে। আপোনালোকে ভালদৰেই জানে যে চিকিৎসক, নাৰ্ছ আৰু অন্যান্য চিকিৎসা কৰ্মীৰ অভাৱ স্বাস্থ্য খণ্ডৰ বাবে এক প্ৰত্যাহ্বান হৈ আহিছে। যোৱা ৯টা বছৰত এই অভাৱ পূৰণ কৰাৰ বাবে দেশত অভূতপূৰ্ব ভাবে কাম কৰা হৈছে। গড় হিচাপত, যোৱা ৯টা বছৰত প্ৰতি মাহে ১ খন নতুন চিকিৎসা মহাবিদ্যালয় খোলা হৈছে। ২০১৪ চনৰ আগৰ ১০ বছৰত ১৫০ খনতকৈয়ো কম চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছিল।

যোৱা ৯টা বছৰত দেশত ৩০০ ৰো অধিক নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে। ২০১৪ চনৰ আগতে আমাৰ সমগ্ৰ দেশত ‘এমবিবিএছ’ পাঠ্যক্ৰমৰ বাবে প্ৰায় ৫০,০০০ আসন আছিল। ৫০,০০০ শিক্ষাৰ্থীৰ বাবে ঠাই আছিল। আজি দেশত ‘এমবিবিএছ’-ৰ এক লাখতকৈয়ো অধিক আসন আছে। ২০১৪ চনৰ আগতে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰায় ৩০,০০০ আসন আছিল। এতিয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আসনৰ সংখ্যাও ৬৫ হাজাৰতকৈয়ো অধিক হৈছেহি। যেতিয়া উদ্দেশ্য ভাল হয়, সমাজ সেৱাৰ আগ্ৰহ থাকে, তেতিয়া এনে সংকল্প লোৱা হয় আৰু সংকল্প পূৰণো কৰা হয়।

সতীৰ্থসকল,

সম্প্ৰতি ভাৰত চৰকাৰে স্বাস্থ্যখণ্ডত যি প্ৰচেষ্টা চলাই আছে তাৰ ফলত অনাগত দিনত আন এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰা দেখা যাব। স্বাধীনতাৰ পিছৰ সাতোটা দশকত দেশত যিমান সংখ্যক চিকিৎসকৰ জন্ম হৈছিল পৰৱৰ্তী দশকটোত হোৱা চিকিৎসকৰ সংখ্যাও সিমানেই হ'ব। আৰু আমি কেৱল চিকিৎসা মহাবিদ্যালয় বা চিকিৎসকৰ সংখ্যা বঢ়োৱাতে আমাৰ গুৰুত্ব সীমাবদ্ধ ৰখা নাই। আজি, ‘নাৰ্ছিং মহাবিদ্যায়’ৰ সম্প্ৰসাৰণৰ কামো আৰম্ভ হৈছে।

ভাৰত চৰকাৰেও নাৰ্ছিংৰ ক্ষেত্ৰত যুৱপ্ৰজন্মক নতুন সুযোগ প্ৰদান কৰি আহিছে। শেহতীয়াকৈ, চৰকাৰে দেশত ১৫০ খনতকৈও অধিক নতুন ‘নাৰ্ছিং মহাবিদ্যালয়’লৈ অনুমোদন জনাইছে। এই অভিযানৰ অধীনত ৰাজস্থানত ইয়াত ২০ খনতকৈয়ো অধিক নতুন ‘নাৰ্ছিং মহাবিদ্যালয়’ নিৰ্মাণ কৰা হ'ব। যিটোৱে নিশ্চিতভাৱে আপোনালোকৰ ‘ছুপাৰ স্পেচিয়েলিটী চেৰিটেবল গ্লোবেল হস্পিটেল’কো লাভান্বিত কৰিব।

 

|

সতীৰ্থবৃন্দ,

ভাৰতত হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ আধ্যাত্মিক আৰু ধৰ্মীয় প্ৰতিষ্ঠানসমূহে সমাজৰ দৰিদ্ৰ আৰু অসহায় লোকসকলৰ সেৱা কৰাৰ দায়িত্ব গ্ৰহণ কৰি আহিছে। গুজৰাটৰ ভূমিকম্পৰ পিছৰে পৰা আৰু তাৰ আগতেও মই আপোনালোকৰ আনুগত্য আৰু আমাৰ ভগ্নীসকলৰ কঠোৰ পৰিশ্ৰমৰ সাক্ষী হৈ আহিছোঁ। আপোনালোকে যিধৰণে কাম কৰে সেয়া অতি নিবিড়ভাৱে দেখি আহিছোঁ। মোৰ মনত আছে কচ্ছত হোৱা ভূমিকম্পৰ সংকটৰ সময়ত আপোনালোকে যি সেৱাৰ মনোভাৱৰে কাম কৰিছিল সেয়া আজিও অনুপ্ৰেৰণাদায়ক।

নিচামুক্তকৰণৰ বাবে আপোনালোকে গ্ৰহণ কৰা অভিযানেই হওক, পৰিৱেশ সুৰক্ষাৰ দিশত ব্ৰহ্মকুমাৰীসকলে গ্ৰহণ কৰা প্ৰচেষ্টাই হওক, জল-জন অভিযানৰ দৰে অভিযানেই হওক, কেনেদৰে এটা প্ৰতিষ্ঠানে প্ৰতিটো ক্ষেত্ৰতে এক গণ আন্দোলন সৃষ্টি কৰিব পাৰে সেয়া ব্ৰহ্মকুমাৰীয়ে কৰি দেখুৱাইছে। বিশেষকৈ, যেতিয়াই মই আপোনালোকৰ মাজলৈ আহিছোঁ, মই দেশৰ বাবে আপোনালোকৰ পৰা যি আশা কৰিছো সেয়া পূৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকে কেতিয়াও কোনো ধৰণৰ চেষ্টাৰ ত্ৰুটি কৰা নাই।

 

|

আপোনালোকে যিদৰে সমগ্ৰ দেশতে স্বাধীনতাৰ অমৃত মহোৎসৱ সম্পৰ্কীয় কাৰ্যসূচী আয়োজন কৰিছিল, যেতিয়া আপোনালোকে সমগ্ৰ বিশ্বতে যোগ শিবিৰৰ আয়োজন কৰিছিল, যেতিয়া ‘দিদি’ জানকীজীয়ে স্বচ্ছ ভাৰত অভিযানৰ ‘ব্ৰেণ্ড এম্বেচেডৰ’ হৈ কাম কৰিছিল, যেতিয়া সকলো ভগ্নীয়ে স্বচ্ছ ভাৰতৰ দায়িত্ব গ্ৰহণ কৰিছিল, ই বহুলোকক দেশৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।

আপোনালোকৰ এনে কাৰ্য্যই ব্ৰহ্মকুমাৰীসকলৰ ওপৰত মোৰ বিশ্বাস আৰু অধিক বৃদ্ধি কৰিছে। কিন্তু, আপোনালোকে জানে যে যেতিয়া বিশ্বাস বৃদ্ধি পায়, প্ৰত্যাশাও বৃদ্ধি পায়। আৰু সেয়েহে, স্বাভাৱিকতেই আপোনালোকৰ পৰা মোৰ প্ৰত্যাশাও অলপ বৃদ্ধি পাইছে। আজি ভাৰতে শ্ৰীঅন্ন অৰ্থাত মিলেট সন্দৰ্ভত খাদ্যৰ  বিশ্বজোৰা আন্দোলন আগবঢ়াই আহিছে। আজি দেশত আমি প্ৰাকৃতিক কৃষিৰ দৰে অভিযান আগবঢ়াই আছোঁ। আমি আমাৰ নদীসমূহ পৰিষ্কাৰ কৰিব লাগিব। আমি ভূগৰ্ভস্থ পানী সংৰক্ষণ কৰিব লাগিব। এই সকলোবোৰ বিষয় এনেকুৱা যে কৰবাত সেইবোৰে আমাৰ হাজাৰ হাজাৰ বছৰ পুৰণি সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে সংযোগ স্থাপন কৰে। সেয়েহে, আপোনালোকে এই প্ৰচেষ্টাসমূহত যিমানে সহযোগিতা আগবঢ়াব, দেশৰ সেৱা সিমানেই বিস্তৃত হ'ব।

মই আশা কৰোঁ যে ব্ৰহ্মকুমাৰীসকলে এক অভিনৱ উপায়েৰে ৰাষ্ট্ৰ নিৰ্মাণ সম্পৰ্কীয় নতুন বিষয় আগবঢ়াব। উন্নত ভাৰত গঢ়ি তোলাৰ জৰিয়তে আমি বিশ্বৰ আগত 'সৰ্বে ভৱন্তু সুখীনা'ৰ মন্ত্ৰ সাকাৰ কৰিব পাৰিম। আৰু আপোনালোকে জানে, ‘জি-২০’ সন্মিলনৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছিল। যেতিয়া বিশ্বই মহিলাৰ বিকাশৰ কথা কয়, আমি ‘জি-২০’ত বিশ্বৰ সন্মুখত ‘মহিলানেতৃত্বাধীন বিকাশ’ৰ কথা উপস্থাপন কৰিছো। মহিলাৰ নেতৃত্বত বিকাশ, আমি সেই দিশত কাম কৰি আছো। মই নিশ্চিত যে আপোনালোক সকলোৰে এটা অতি ভাল সংগঠন, এক বহুল ভাৱে বিস্তাৰিত সংগঠন, নতুন শক্তি আৰু শক্তিৰে সম্প্ৰসাৰিত হ'ব আৰু লগতে দেশৰ প্ৰাথমিকতাসমূহৰ সৈতে সংযোগ স্থাপন কৰি ৰাষ্ট্ৰৰ বিকাশ কৰিব।

 

|

এই কামনাৰে, মই আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছো। আৰু মোক ইয়ালৈ মাতিলে, নিমন্ত্ৰণ জনালে। মই সদায় আপোনালোকৰ মাজত যিমান পাৰি সিমান সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰোঁ। কাৰণ যেতিয়া মই ইয়ালৈ আহো, মই কিবা এটা লৈহে যাওঁ। আশীৰ্বাদ, অনুপ্ৰেৰণা, শক্তিয়েই মোক দেশৰ বাবে কাম কৰিবলৈ, দেশৰ বাবে দৌৰিবলৈ নতুন শক্তি প্ৰদান কৰে। সেয়ে, মোক ইয়ালৈ অহাৰ সুযোগ দিয়াৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ!

ওঁম শা্ন্তি!

 

  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Gouranga Biswas November 16, 2024

    bjp jindabad💙💙💙💙💙💙💙💙💙💙
  • Devendra Kunwar October 08, 2024

    BJP
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • Vaishali Tangsale February 12, 2024

    🙏🏻🙏🏻🙏🏻
  • ज्योती चंद्रकांत मारकडे February 11, 2024

    जय हो
  • Amit Jha June 26, 2023

    🙏🏼🇮🇳#brahmakumari
  • May 13, 2023

    Please convert me sir
  • May 13, 2023

    Tamil Nadu Chen I am Uday Sai Kumar 51 age
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Nation Applauds Armed Forces After PM Modi’s Address On Operation Sindoor

Media Coverage

Nation Applauds Armed Forces After PM Modi’s Address On Operation Sindoor
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi's address to the nation
May 12, 2025
QuoteToday, every terrorist knows the consequences of wiping Sindoor from the foreheads of our sisters and daughters: PM
QuoteOperation Sindoor is an unwavering pledge for justice: PM
QuoteTerrorists dared to wipe the Sindoor from the foreheads of our sisters; that's why India destroyed the very headquarters of terror: PM
QuotePakistan had prepared to strike at our borders,but India hit them right at their core: PM
QuoteOperation Sindoor has redefined the fight against terror, setting a new benchmark, a new normal: PM
QuoteThis is not an era of war, but it is not an era of terrorism either: PM
QuoteZero tolerance against terrorism is the guarantee of a better world: PM
QuoteAny talks with Pakistan will focus on terrorism and PoK: PM

প্ৰিয় দেশবাসী,

নমস্কাৰ !

যোৱা কেইটামান দিনত দেশৰ শক্তি আৰু সংযম দুয়োটাই আমি সকলোৱে প্ৰত্যক্ষ কৰিছো।মই প্ৰথমে আমাৰ শক্তিশালী ভাৰতীয় সেনাবাহিনীক প্ৰণাম জনাইছো, সশস্ত্ৰ বাহিনী, আমাৰ চোৰাংচোৱা সংস্থা, আমাৰ বিজ্ঞানী, সকলোকে মই প্ৰতিজন ভাৰতীয়ৰ হৈ প্ৰণাম জনাইছো।

আমাৰ সাহসী জোৱানসকলে ‘অপাৰেচন সিন্দুৰ’ৰ লক্ষ্যত উপনীত হ’বলৈ গৈ অপৰিসীম সাহস প্ৰদৰ্শন কৰিলে। মই তেওঁলোকৰ বীৰত্বক, তেওঁলোকৰ সাহসক, তেওঁলোকৰ পৰাক্ৰমক সমৰ্পিত কৰিছো৷ মই তেওঁলোকৰ এই পৰাক্ৰমক , আমাৰ দেশৰ প্ৰতিগৰাকী মাতৃলৈ, দেশৰ প্ৰতিগৰাকী ভগ্নী আৰু প্ৰতিগৰাকী কন্যাৰ বাবে উৎসৰ্গা কৰিছো।

 

বন্ধুসকল,

যোৱা ২২ এপ্ৰিলত পহলগামত সন্ত্রাসবাদীয়ে প্রদর্শন কৰা বৰ্বৰতাই দেশ আৰু বিশ্বক স্তম্ভিত কৰি তুলিছিল৷

বন্ধৰ দিন উদযাপন কৰিবলৈ যোৱা নিৰ্দোষ নিৰীহ নাগৰিকক ধৰ্মৰ বিষয়ে সুধি পৰিয়ালৰ সন্মুখতে, শিশুসকলৰ সন্মুখতে...

নিৰ্দয়ভাবে হত্যা কৰা হৈছিল।

এয়া আছিল আতংকৰ এক বীভৎস ছবি, এয়া আছিল নিষ্ঠুৰতাৰ ভয়ংকৰ প্ৰকাশ৷ এয়া আছিল দেশৰ সমন্বয় বিনষ্ট কৰাৰ এক ঘৃণনীয় অপচেষ্টা। মোৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে এই নাৰকীয় ঘটনাৰ বেদনা অসহনীয় আছিল।

এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশ, প্ৰতিগৰাকী নাগৰিক, সমাজ, প্ৰতিটো শ্ৰেণীৰ লোক, প্ৰতিটো ৰাজনৈতিক দল একত্ৰিত হৈ 'একেষাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থাৰ দাবীৰে থিয় দিলে।

সন্ত্ৰাসবাদীক নিঃশেষ কৰিবলৈ ভাৰতীয় নিৰাপত্তা বাহিনীক আমি পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিলো। আমি তেওঁলোকক এইক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিলো।

আৰু আজি প্ৰতিজন সন্ত্ৰাসবাদীয়ে, প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনে উপলব্ধি কৰিবলৈ বাধ্য হৈছে আমাৰ ভগ্নী-কন্যাৰ কপালৰ সেন্দুৰ মচি পেলোৱাৰ পৰিণতি কি হ'ব পাৰে ।

 

বন্ধুসকল,

অপাৰেচন সিন্দুৰ ...এয়া কেৱল এটা নাম নহয়৷এয়া দেশৰ কোটি কোটি মানুহৰ আৱেগৰ প্ৰতিফলন।

অপাৰেচন 'সিন্দুৰ' ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। ৬ মে’ৰ গভীৰ নিশা.. ৭ মে’ৰ পুৱা.. সমগ্ৰ বিশ্বই এই প্ৰতিজ্ঞা ফলাফলত পৰিণত হোৱা দেখিবলৈ পাইছে। ভাৰতীয় বাহিনীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰিছে।

তেওঁলোকৰ প্ৰশিক্ষণ কেন্দ্ৰত নিখুঁতভাৱে আঘাত কৰিছে । সন্ত্ৰাসবাদীয়ে সপোনতো কল্পনা কৰা নাছিল যে ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। কিন্তু যেতিয়া দেশখন একত্ৰিত হয়, দেশ প্ৰথমৰ মনোভাৱেৰে মানুহৰ মনবোৰ ভৰি পৰে, তেতিয়া দেশেই সৰ্বোচ্চ হৈ পৰে। তেতিয়াই শক্তিশালী সিদ্ধান্ত লোৱা হয় আৰু তাৰ ফল লাভ কৰা হয়।

ভাৰতীয় ক্ষেপণাস্ত্ৰই যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছিল, ভাৰতীয় ড্ৰোনে যেতিয়া আক্ৰমণ চলাইছিল, তেতিয়া কেৱল সন্ত্ৰাসবাদী সংগঠনৰ ভৱনবোৰেই নহয়, তেওঁলোকৰ আত্মবিশ্বাসো কঁপি উঠিছিল।

 

বহাৱালপুৰ আৰু মুৰিদকেৰ দৰে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানসমূহ এককথাত বিশ্ব সন্ত্ৰাসবাদৰ বিশ্ববিদ্যালয় স্বৰূপ হৈ পৰিছে।

বিশ্বৰ যিকোনো ঠাইত সংঘটিত হোৱা যিকোনো ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ- সেয়া ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক , লণ্ডন টিউব বোমা বিস্ফোৰণেই হওঁক বা ভাৰতত দশকজুৰি সংঘটিত হোৱা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক, ক’ৰবাত নহয় ক’ৰবাত এই ঘটনাসমূহ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা এই স্থানসমূহৰ সৈতে সংযুক্ত হৈ পৰিছে। সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নীহঁতৰ সেন্দুৰ মচি পেলাইছিল৷ সেইবাবেই ভাৰতে সন্ত্ৰাসবাদৰ এই মুখ্য কাৰ্যালয় ধ্বংস কৰিছে। ভাৰতৰ এই আক্ৰমণত ১০০ৰো অধিক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে। ইমানবোৰ সন্ত্ৰাসবাদীয়ে যোৱা ডেৰৰ পৰা তিনি দশক ধৰি পাকিস্তানত মুক্তভাৱে ঘূৰি ফুৰিছিল৷ যিসকলে পূৰ্বে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকক ভাৰতে এটা আঘাততে ধ্বংস কৰি পেলালে।

 

বন্ধুসকল,

ভাৰতৰ এই কাৰ্য্যত পাকিস্তান গভীৰভাৱে হতাশগ্ৰস্ত হৈ পৰিছে৷ সকলোতে কেৱল হতাশাৰ কলীয়া ডাৱৰে ছানি ধৰিছিল৷ তেওঁলোক বিভ্ৰান্ত হৈ পৰিছিল৷এনে বিভ্ৰান্তিকৰ অৱস্থাৰ মাজতে তেওঁলোকে আৰু এটা বেয়া কাম কৰিলে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থাক সমৰ্থন কৰাৰ পৰিৱৰ্তে পাকিস্তানে ভাৰতকহে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে।

পাকিস্তানে আমাৰ স্কুল আৰু কলেজসমূহ লক্ষ্য কৰি লৈছিল, গুৰুদ্বাৰ, মন্দিৰ, সাধাৰণ নাগৰিকৰ ঘৰ আদিও পাকিস্তানৰ আক্ৰণৰ লক্ষ্য হৈ পৰিছিল৷ এনে কাৰ্যৰ জড়িয়তে পাকিস্তানে নিজকে উদঙাই দিলে। বিশ্বই দেখিলে পাকিস্তানৰ ড্ৰোন আৰু মিছাইল কেনেকৈ ভাৰতৰ সন্মুখত খেৰৰ দৰে জ্বলি ছাই হৈ গল৷ ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সেইবোৰ আকাশতে ধ্বংস কৰি পেলালে। সীমান্তত আক্ৰমণ কৰিবলৈ সাজু হৈছিল পাকিস্তান৷ কিন্তু ইয়াৰ বিপৰীতে ভাৰতে পাকিস্তানৰ বুকুত আঘাত হানিলে। ভাৰতৰ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰই নিখুঁতভাৱে পাকিস্তানৰ লক্ষ্যস্থানত আঘাত কৰিছিল। ফলত পাকিস্তানী বায়ুসেনাৰ সেই বিমানঘাটিসমূহ ক্ষতিগ্ৰস্ত হৈছিল, যিবোৰকলৈ পাকিস্তানে গৌৰৱ কৰি আহিছিল৷ প্ৰথম তিনিদিনতে যে ভাৰতে পাকিস্তানক এনেদৰে ধ্বংস কৰিব সেয়া তেওঁলোকে কল্পনাও কৰা নাছিল । সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ আগ্ৰাসী কাৰ্য্য ব্যৱস্থাৰ পিছত পাকিস্তানে পলায়নৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিলে। পাকিস্তানে উত্তেজনা হ্ৰাস কৰিবলৈ বিশ্বক অনুৰোধ কৰিবলৈ ধৰিলে৷ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত বাধ্যবাধকতাত পৰি ১০ মে’ৰ দুপৰীয়া পাকিস্তানী সেনাই আমাৰ ডিজিএমঅ’ৰ সৈতে যোগাযোগ কৰিলে। তেতিয়ালৈকে আমি পাকিস্তানৰ সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি বৃহৎ পৰিসৰত ধ্বংস কৰি পেলাইছিলো৷ বহু সন্ত্ৰাসবাদী নিহত হৈছিল৷ আমি পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিবোৰ ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছিলোঁ৷ গতিকে, দিশহাৰা পাকিস্তানৰ পৰা এটা আবেদন কৰা হৈছিল৷ এই কথা পাকিস্তানৰ পৰা কোৱা হৈছিল যে তেওঁলোকৰ পক্ষৰ পৰা আৰু কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ তথা সামৰিক দুষ্কাৰ্য কৰা নহ’ব ৷গতিকে ভাৰতেও এই কথা বিবেচনা কৰিলে। আৰু মই আকৌ কওঁ...আমি মাত্ৰ পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু সামৰিক ঘাটিৰ বিৰুদ্ধে আমাৰ ব্যৱস্থা স্থগিতহে ৰাখিছো৷

অনাগত দিনত আমি পাকিস্তানৰ প্ৰতিটো খোজৰ হিচাব লম৷ তেওঁলোকে কি মনোভাৱ গ্ৰহণ কৰে সেয়া লক্ষ্য কৰিম৷

 

বন্ধুসকল,

ভাৰতৰ তিনিটা সেনাবাহিনী-আমাৰ বায়ুসেনা, আমাৰ সেনাবাহিনী আৰু আমাৰ নৌসেনা, আমাৰ সীমান্ত সুৰক্ষা বাহিনী-বিএছএফ, ভাৰতৰ অৰ্ধসামৰিক বাহিনী নিৰন্তৰ সষ্টম হৈ আছে ।ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ এক বলিষ্ঠ পদক্ষেপ হিচাবে পৰিগণিত হৈছে। ভাৰতে এয়া নীতিগতভাবে গ্ৰহণ কৰিছে৷ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ শক্তিশালী প্ৰমাণ হৈ পৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নতুন ৰেখা টানিছে অপাৰেচন সিন্দুৰে। এটা নতুন মান, এটা নতুন ধৰণ নিৰ্ধাৰণ কৰা হৈছে।

প্ৰথম কথা - ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উপযুক্ত উত্তৰ দিয়া হ’ব।আমি নিজৰ ধৰণে, নিজৰ চৰ্তত সঁহাৰি জনাম।

সন্ত্ৰাসবাদৰ শিপা য’ৰ পৰা বিস্তাৰিত হৈছে তাতেই আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। দ্বিতীয়তে – ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে। পাৰমাণৱিক ব্লেকমেইলৰ আৱৰণেৰে ঘেৰি ৰখা সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানসমূহত ভাৰতে এক নিখুঁত আৰু নিৰ্ণায়ক আক্ৰমণ চলাব। তৃতীয়তে, সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰখন আৰু সন্ত্ৰাসবাদৰ মালিকসকলক আমি পৃথক সত্তা হিচাপে কেতিয়াও নাচাম।

'অপাৰেচন সিন্দুৰ'ৰ সময়ত বিশ্বই আকৌ দেখিছে পাকিস্তানৰ কুৎসিত মুখ।যেতিয়া মৃত সন্ত্ৰাসবাদীক বিদায় দিয়া হৈছিল।

পাকিস্তানী সেনাৰ শীৰ্ষ বিষয়াৰ মাজত লৰাধপৰা লাগিছল। দেশ খনৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ এয়া এক ডাঙৰ প্ৰমাণ। ভাৰত আৰু আমাৰ নাগৰিকক যিকোনো ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ আমি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি যাম।

 

বন্ধুসকল,

আমি প্ৰতিবাৰেই যুদ্ধক্ষেত্ৰত পাকিস্তানক পৰাস্ত কৰিছো আৰু এইবাৰ অপাৰেচন সিন্দুৰে ইয়াত এক নতুন মাত্ৰা সংযোজন কৰিলে। আমি মৰুভূমি আৰু পৰ্বতমালাত আমাৰ সামৰ্থ্য উজ্জ্বলভাৱে প্ৰদৰ্শন কৰিছো৷ লগতে আধুনিক যুদ্ধত নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছো।এই অপাৰেচনৰ সময়ত আমাৰ মেড ইন ইণ্ডিয়া অস্ত্ৰৰ সত্যতাও প্ৰমাণিত হ’ল। আজি বিশ্বই লক্ষ্য কৰিছে- একবিংশ শতিকাৰ যুদ্ধত মেড ইন ইণ্ডিয়া প্ৰতিৰক্ষা সঁজুলিৰ সময় আহি পৰিছে।

 

বন্ধুসকল,

আমাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ মাজত গঢ় লোৱা ঐক্য। এয়া নিশ্চিতভাৱে যুদ্ধৰ যুগ নহয়৷ কিন্তু এয়া সন্ত্ৰাসবাদৰো যুগ নহয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই হৈছে এখন উন্নত পৃথিৱীৰ নিশ্চয়তা প্ৰদানৰ প্ৰথম চৰ্ত৷

 

বন্ধুসকল,

পাকিস্তানৰ সেনা, পাকিস্তান চৰকাৰে যি সন্ত্ৰাসবাদক লালন-পালন কৰি আহিছে এদিন সেই সন্ত্ৰাসবাদেই পাকিস্তানক ধ্বংস কৰিব। পাকিস্তানে যদি জীয়াই থাকিব বিচাৰে তেন্তে নিজৰ দেশত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিব লাগিব। ইয়াৰ বাহিৰে শান্তিৰ কোনো বিকল্প পথ নাই। এইক্ষেত্ৰত ভাৰতৰ স্থিতি অতি স্পষ্ট৷ আতংক আৰু আলোচনা একেলগে আগবাঢ়িব নোৱাৰে৷

সন্ত্ৰাস আৰু বাণিজ্য একেলগে আগুৱাব নোৱাৰে। আনকি পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে। আজি বিশ্ব সমাজকো ক'ব বিচাৰিছো- আমাৰ ঘোষিত নীতি হৈছে- পাকিস্তানৰ সৈতে যদি আলোচনা হয়, সেয়া হ'ব সন্ত্ৰাসবাদৰ বিষয়ত, যদি পাকিস্তানৰ সৈতে আলোচনা হয়, তেন্তে সেয়া হ'ব পাক অধিকৃত কাশ্মীৰৰ বিষয়ত৷

 

প্ৰিয় দেশবাসী,

আজি বুদ্ধ পূৰ্ণিমা।

ভগৱান বুদ্ধই আমাক শান্তিৰ পথ দেখুৱাইছে। শান্তিৰ পথো শক্তিৰ মাজেৰেই পৰিচালিত হয়৷ মানৱতা শান্তি আৰু সমৃদ্ধিৰ পথেৰে আগবাঢ়ি যাওক৷ প্ৰতিজন ভাৰতীয়ই শান্তিৰে জীয়াই থাকিবলৈ সক্ষম হওক৷ যিয়ে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পাৰিব৷

ইয়াৰ বাবে ভাৰত শক্তিশালী হ'ব লাগিব আৰু প্ৰয়োজনৰ সময়ত শক্তি ব্যৱহাৰ কৰাটোও গুৰুত্বপূৰ্ণ কথা হৈ পৰিব। যোৱা কেইটামান দিনত ভাৰতে ঠিক এনে কামেই কৰিছে।ভাৰতীয় সেনা আৰু সশস্ত্ৰ বাহিনীক পুনৰবাৰ প্ৰণাম জনাইছো।

ভাৰতবাসীৰ সাহস আৰু ঐক্যক প্ৰণাম জনাইছো।

ধন্যবাদ...

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!