Quoteঅসমৰ গতিশীল কৰ্মশক্তি আৰু দ্ৰুত বিকাশে ইয়াক এক আগশাৰীৰ বিনিয়োগৰ গন্তব্যস্থানলৈ ৰূপান্তৰিত কৰিছেঃ প্ৰধানমন্ত্ৰী
Quoteবিশ্বৰ অনিশ্চয়তাৰ মাজতো এটা কথা নিশ্চিত– ভাৰত দ্ৰুতগতিত বিকশিত হৈছেঃ প্ৰধানমন্ত্ৰী
Quoteআমি উদ্যোগ, উদ্ভাৱনচালিত সংস্কৃতি আৰু ব্যৱসায়ৰ সহজতাৰ বাবে এটা সম্পূৰ্ণ পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিছোঃ প্ৰধানমন্ত্ৰী
Quoteভাৰতে মিছন মোডত নিজৰ উৎপাদন খণ্ড সম্প্ৰসাৰণ কৰি আছে, আমি মেক ইন ইণ্ডিয়াৰ অধীনত কম খৰচী উৎপাদনক প্ৰচাৰ কৰিছোঃ প্ৰধানমন্ত্ৰী
Quoteবিশ্বৰ অগ্ৰগতি ডিজিটেল বিপ্লৱ, উদ্ভাৱন আৰু প্ৰযুক্তিচালিত প্ৰগতিৰ ওপৰত নিৰ্ভৰশীলঃ প্ৰধানমন্ত্ৰী
Quoteভাৰতত অৰ্ধপৰিবাহী নিৰ্মাণৰ বাবে অসম এক গুৰুত্বপূৰ্ণ কেন্দ্ৰত পৰিণত হৈছেঃ প্ৰধানমন্ত্ৰী
Quoteতেওঁ ২০১৩ চনৰ বক্তব্য স্মৰণ কৰে, যেতিয়া তেওঁ কৈছিল যে ‘এ ফৰ আছাম’-এ মান্যতাৰ পোৱাৰ সেই দিন বেছি দূৰত নহয়৷

অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য্য ডাঙৰীয়া, দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, উদ্যোগৰ নেতৃত্ববৃন্দ, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল!

পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলত আজিৰেপৰা এক নতুন ভৱিষ্যতৰ আৰম্ভ হ’ব। এডভান্টেজ আছাম হৈছে সমগ্ৰ বিশ্বক অসমৰ সম্ভাৱনা আৰু প্ৰগতিৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ অভিযান। ইতিহাস সাক্ষী যে ইয়াৰ পূৰ্বেও ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতে এটি মুখ্য ভূমিকা পালন কৰিছিল। আজি ভাৰত উন্নয়নৰ দিশে ধাৱমান হোৱাৰ সময়তে আকৌ এবাৰ পূব ভাৰত, আমাৰ উত্তৰ-পূৰ্বাঞ্চলে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। মই এডভান্টেজ অসমক এই মনোভাৱৰ প্ৰতিফলন হিচাপে প্ৰত্যক্ষ কৰিছোঁ। এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অসম চৰকাৰ আৰু হিমন্ত ডাঙৰীয়াৰ সমগ্ৰ টীমটোক অভিনন্দন জনাইছোঁ। মোৰ আজি মনত পৰিছে, ২০১৩ত মই নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম ভ্ৰমণ কৰোঁতে, এখন সভাত মোৰ মনৰপৰা মাত্ৰ এটা শব্দ ওলাই আহিছিল। মই তেতিয়া কৈছিলোঁ, জনসাধাৰণে বৰ্ণমালা পঢ়োঁতে “এ ফৰ আছাম” বুলি ক’বলৈ বেছি দিন নাই।

 

|

বন্ধুসকল,

আজি আমি সকলোৱে বিশ্বৰ পৰিস্থিতি দেখিছোঁ আৰু বুজি পাইছোঁ। এই বৈশ্বিক অনিশ্চয়তাৰ মাজতো বিশ্বৰ সকলো বিশেষজ্ঞৰে এটা কথাত বিশ্বাস আছে। তেওঁলোকৰ এই নিশ্চয়তা ভাৰতৰ দ্ৰুত বিকাশক লৈ। ভাৰতৰ প্ৰতি এনে আস্থাৰ এক প্ৰকৃত কাৰণ আছে। আজিৰ ভাৰতে একবিংশ শতিকাৰ দীৰ্ঘম্যাদী দৃষ্টিভংগী আৰু আগন্তুক ২৫ বছৰৰ প্ৰতি লক্ষ্য ৰাখি বৃহৎ পৰিসৰত কাম কৰি আছে। আজি বিশ্বই ভাৰতৰ যুৱ শক্তিৰ ওপৰত আস্থা প্ৰকাশ কৰিছে, তেওঁলোকে অতিশয় ক্ষীপ্ৰতাৰে দক্ষতা আহৰণ আৰু উদ্ভাৱন কৰি আছে। আজি বিশ্বই ভাৰতৰ নব্য মধ্যবিত্ত শ্ৰেণীক বিশ্বাস কৰে, যিসকলে দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্ত হৈ এক নতুন আকাংক্ষাৰে আগবাঢ়িছে। আজি বিশ্বই ভাৰতৰ ১৪০ কোটি জনসাধাৰণক বিশ্বাস কৰে, যিসকলে ৰাজনৈতিক সুস্থিৰতা আৰু নীতিগত ধাৰাবাহিকতাক সমৰ্থন জনাই আহিছে, আজি বিশ্বই ভাৰতৰ শাসন ব্যৱস্থাক বিশ্বাস কৰে, যিয়ে অবিৰতভাৱে সংস্কাৰ সাধন কৰিছে, আজি ভাৰতে নিজৰ স্থানীয় যোগান শৃংখল সুদৃঢ় কৰিছে, আজি ভাৰতে বিশ্বৰ ভিন্ন অঞ্চলৰ সৈতে মুক্ত বাণিজ্য চুক্তি সম্পন্ন কৰিছে। পূব এছিয়াৰ সৈতে আমাৰ যোগাযোগ ব্যৱস্থা ক্ৰমাগতভাৱে সুদৃঢ় হৈ পৰিছে। আৰু নতুন ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰেও বহু নতুন সম্ভাৱনাৰ উন্মেষ ঘটাইছে।

বন্ধুসকল,

আজি ভাৰতৰ ওপৰত বিশ্বৰ আস্থা বৃদ্ধি হোৱাৰ মাজতে আমি সকলো ইয়াৰ অসমত, মা কামাখ্যাৰ ভূমিত সমবেত হৈছোঁহি। ভাৰতৰ বিকাশৰ ক্ষেত্ৰত অসমৰ অৱদান ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ২০১৮ত প্ৰথম এডভান্টেজ আছাম সন্মিলন অনুষ্ঠিত হৈছিল। সেই সময়ত অসমৰ অৰ্থনীতিৰ মূল্য আছিল ২.৭৫ লাখ কোটি টকা। আজি অসম প্ৰায় ৬ লাখ কোটি টকাৰ অৰ্থনীতিসম্পন্ন এখন ৰাজ্যত পৰিণত হৈছে। অৰ্থাৎ বিজেপি চৰকাৰৰ মাত্ৰ ৬ বছৰতে অসমৰ অৰ্থনীতিৰ মূল্য দুগুণ বৃদ্ধি পাইছে। এয়াই হৈছে ডাবল ইঞ্জিন চৰকাৰৰ দুগুণ প্ৰভাৱ। আপোনালোক সকলোৱে অসমত কৰা বৃহৎ বিনিয়োগে অসমক এখনি অসীম সম্ভাৱনা সম্পন্ন ৰাজ্য কৰি তুলিছে। অসম চৰকাৰে ইয়াত শিক্ষা, দক্ষতা, ভিন্ন ধৰণৰ উন্নয়ন সাধনৰ লগতে এটি উন্নত বিনিয়োগৰ পৰিবেশত গুৰুত্ব আৰোপ কৰিছে। যোৱা কেইবছৰমানৰপৰা বিজেপি চৰকাৰে ইয়াত যোগাযোগ ব্যৱস্থা সম্পৰ্কীয় আন্তঃগাঁথনিৰ একাধিক কাম কৰিছে। মই এটা উদাহৰণ দিব খুজিছোঁ। ২০১৪ৰ পূৰ্বে ব্ৰহ্মপুত্ৰ নদীত মাত্ৰ তিনিখন দলং আছিল, অৰ্থাৎ ৭০ বছৰত মাত্ৰ তিনিখন দলং, কিন্তু যোৱা ১০ বছৰত আমি ৪ খন নতুন দলং নিৰ্মাণ কৰিছোঁ। ভাৰত ৰত্ন ভূপেন হাজৰিকা ডাঙৰীয়াৰ নামেৰে আমি এখন দলঙক নামকৰণ কৰিছোঁ। ২০০৯ৰ পৰা ২০১৪ৰ ভিতৰত অসমে গড়ে ২,১০০ কোটি টকাৰ ৰেল বাজেট লাভ কৰিছিল। আমাৰ চৰকাৰে অসমৰ ৰেল বাজেট ৪ গুণৰো অধিক বৃদ্ধিৰে ১০ হাজাৰ কোটি টকা কৰিছে। অসমৰ ৬০ ৰো অধিক ৰেল ষ্টেচনৰো আধুনিকীকৰণৰ কাম অব্যাহত আছে। আজি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ছেমি হাই স্পীড ৰেলে গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলাচল কৰি আছে।

বন্ধুসকল,

অসমৰ বিমান সংযোগ দ্ৰুত গতিত সম্প্ৰসাৰিত হৈছে। ২০১৪লৈকে মাত্ৰ ৭ টা পথত বিমান সেৱা অব্যাহত আছিল, এতিয়া প্ৰায় ৩০ টা পথত বিমান সেৱা অব্যাহত আছে। ইয়াৰ ফলত স্থানীয় অৰ্থনীতিৰো এক বৃহৎ উত্থান ঘটিছে, ইয়াৰ যুৱক-যুৱতীসকলে কৰ্মসংস্থাপন লাভ কৰিছে।

 

|

বন্ধুসকল,

এই পৰিৱৰ্তন কেৱল আন্তঃগাঁথনিৰ মাজতে সীমাবদ্ধ নহয়। বৰঞ্চ অঞ্চলটোৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ অভূতপূৰ্ব অগ্ৰগতি সাধন হৈছে। বিগত দশকত একাধিক শান্তি চুক্তি স্বাক্ষৰিত হৈছে। দীৰ্ঘদিন ধৰি বাহাল থকা সীমান্ত সম্পৰ্কীয় সমস্যাসমূহ এতিয়া সমাধান কৰা হৈছে। আজি অসমৰ প্ৰতিটো অঞ্চল, প্ৰতিজন নাগৰিক, প্ৰতিগৰাকী যুৱক-যুৱতীয়ে ইয়াৰ উন্নয়নৰ বাবে দিনে-নিশাই কঠোৰ পৰিশ্ৰম কৰি আছে।

বন্ধুসকল,

আজি ভাৰতৰ অৰ্থনীতিৰ প্ৰতিটো খণ্ডতে, প্ৰতিটো স্তৰতে গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰা হৈছে। আমি ইজ অৱ ডুয়িং বিজনেছৰ অৰ্থে অবিৰতভাৱে কাম কৰি আহিছোঁ। আমি উদ্যোগ আৰু উদ্ভাৱনৰ সংস্কৃতিক প্ৰসাৰিত কৰিবলৈ এক সম্পূৰ্ণ ব্যৱস্থা গঢ়ি তুলিছোঁ। ষ্টাৰ্টআপ সম্পৰ্কীয় নীতিয়েই হওঁক, উৎপাদনৰ বাবে পিএলআই আঁচনিয়েই হওঁক বা উৎপাদন কোম্পানী আৰু এমএছএমইক কৰ ৰেহাই প্ৰদানেই হওঁক, আমি সকলোৰে ক্ষেত্ৰত উৎকৃষ্ট নীতি যুগুত কৰিছোঁ। চৰকাৰে দেশৰ আন্তঃগাঁথনিতো ব্যাপক বিনিয়োগ কৰিছে। প্ৰতিষ্ঠানিক সংস্কাৰ সাধন, উদ্যোগ, আন্তঃগাঁথনি আৰু উদ্ভাৱনৰ এই সমন্বয়েই হৈছে ভাৰতৰ প্ৰগতিৰ আধাৰ। আৰু সেইবাবেই বিনিয়োগকাৰীসকলেও দেশখনৰ সম্ভাৱনা তথা তেওঁলোকৰ আৰু দেশৰ অগ্ৰগতিৰ সম্ভাৱনা সলনি হোৱা দেখিবলৈ পাইছে। আৰু এই অগ্ৰগতিত অসমো ডাবল ইঞ্জিনৰ বেগেৰে আগবাঢ়িছে। অসমে ২০৩০ৰ ভিতৰত নিজৰ অৰ্থনীতিক ১৫০ বিলিয়ন ডলাৰত উপনীতকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মোৰ বিশ্বাস যে অসম নিশ্চিতভাৱে এই লক্ষ্যত উপনীত হ’ব পাৰিব। মোৰ এই আস্থাৰ কাৰণ অসমৰ সামৰ্থ্যৱান আৰু প্ৰতিভাশালী জনসাধাৰণ তথা ইয়াৰ বিজেপি চৰকাৰৰ দায়বদ্ধতা। আজি অসমে দক্ষিণ-পূব এছিয়া আৰু ভাৰতৰ মাজত দুৱাৰমুখ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই সম্ভাৱনাৰ অধিক বৰ্ধনৰ বাবে চৰকাৰে উত্তৰ-পূব ৰূপান্তৰশীল ঔদ্যোগীকৰণ আঁচনিৰ শুভাৰম্ভ কৰিছে, ইয়াক চমুকৈ "উন্নতি" (Unnati) বুলিও কোৱা হয়। এই আঁচনিখনে অসমকে প্ৰমুখ্য কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত উদ্যোগ, বিনিয়োগ আৰু পৰ্যটনৰ অগ্ৰগতি সাধন কৰিব। মই এই আঁচনি আৰু অসমৰ অসীম সম্ভাৱনাৰ পূর্ণ সুবিধা গ্ৰহণ কৰিবলৈ ইয়াত সমবেত উদ্যোগৰ নেতৃত্ববৃন্দক আহ্বান জনাইছোঁ। অসমৰ প্ৰাকৃতিক সম্পদ আৰু কৌশলগত অৱস্থানে ইয়াক বিনিয়োগৰ পছন্দৰ স্থান হিচাপে গঢ়ি তুলিছে। অসমৰ শক্তিৰ এটা উদাহৰণ হ’ল অসম চাহ। অসম চাহ এক বৈশ্বিক ব্ৰেণ্ড, যি সমগ্ৰ বিশ্বৰ চাহপ্ৰেমীসকলৰ জীৱন যাত্ৰাৰ এক আদৰৰ উপাদান। অসম চাহৰ এতিয়া ২০০ বছৰ সম্পূৰ্ণ হ’ল। এই উত্তৰাধিকাৰে অসমক আন-আন খণ্ডতো পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰে।

বন্ধুসকল,

আজি বিশ্ব অৰ্থনীতিত এক বৃহৎ পৰিৱৰ্তন ঘটিছে। বিশ্বই এক স্থিতিস্থাপক যোগান শৃংখলৰ দাবী কৰিছে। এনে গুৰুত্বপূৰ্ণ সময়ত ভাৰতে মিছন মোডত নিজৰ উৎপাদন খণ্ডক সুদৃঢ়কৰণৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে। মেক ইন ইণ্ডিয়াৰ অধীনত আমি কম খৰচী উৎপাদনক উৎসাহিত কৰিছোঁ। আমাৰ উদ্যোগসমূহ যথা—ফাৰ্মাচিউটিকেলছ, ইলেক্ট্ৰনিকছ আৰু অট’ম’বাইলে কেৱল ঘৰুৱা চাহিদা পূৰণেই নহয়, বৰঞ্চ আন্তঃৰাষ্ট্ৰীয় বজাৰত উৎপাদনৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ নতুন মানদণ্ডও নিৰ্ধাৰণ কৰিছে। এই উৎপাদন বিপ্লৱত অসমে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

 

|

বন্ধুসকল,

বিশ্ব বাণিজ্যত অসমে সদায়েই যথেষ্ট অংশ অধিকাৰ কৰি আহিছে। আজি ভাৰতৰ অনশ্ব’ৰ প্রাকৃতিক গেছ উৎপাদনৰ ৫০% ৰো অধিক অংশ অসমৰ। যোৱা কেইবছৰমানৰপৰা অসমৰ শোধনাগাৰসমূহৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে। ইলেক্ট্ৰনিকছ, অৰ্ধপৰিবাহী, সেউজ শক্তি আদি নতুন যুগৰ খণ্ডতো অসমৰ দ্ৰুতগতিত উত্থান ঘটিছে। চৰকাৰৰ নীতিৰ বাবেই অসম হাই-টেক উদ্যোগৰ লগতে ষ্টাৰ্ট-আপৰ কেন্দ্ৰস্থল হৈ পৰিছে।

বন্ধুসকল,

মাত্ৰ কেইদিনমান পূৰ্বে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বাজেটত নামৰূপ সাৰ কাৰখানাৰ-চতুৰ্থ প্লান্টত অনুমোদন জনাইছে। অহা বছৰসমূহত এই ইউৰিয়া উৎপাদন প্ৰকল্পটোৱে কেৱল উত্তৰ-পূবেই নহয়, বৰঞ্চ সমগ্ৰ দেশৰ সাৰৰ চাহিদা পূৰণ কৰিব। অসম পূব ভাৰতৰ এক প্ৰধান উৎপাদন কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ দিনটোলৈ বেছি দিন নাই। এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক পূৰ্ণ সহযোগিতা আগবঢ়াইছে।

বন্ধুসকল,

একবিংশ শতিকাত বিশ্বৰ অগ্ৰগতি ডিজিটেল বিপ্লৱ, উদ্ভাৱন আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ বাবে আমি যিমানেই প্ৰস্তুতি চলাম, সিমানেই আমি বিশ্ব মঞ্চত শক্তিশালী হৈ উঠিম। সেইবাবেই আমাৰ চৰকাৰে একবিংশ শতিকাৰ নীতি আৰু কৌশলেৰে পূৰ্ণ গতিৰে আগবাঢ়িছে। আমাৰ সকলোৰে জ্ঞাত যে বিগত ১০ বছৰত ভাৰতে ইলেক্ট্ৰনিকছ আৰু ম’বাইল নিৰ্মাণৰ ক্ষেত্ৰত এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। এতিয়া ভাৰতে অৰ্ধপৰিবাহী উৎপাদনতো একেই সফলতাৰ কাহিনী লিখাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মই গৌৰৱান্বিত যে ভাৰতৰ অৰ্ধপৰিবাহী উৎপাদনৰ ক্ষেত্ৰত অসমে এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। কেইমাহমান পূৰ্বে অসমৰ জাগীৰোডত টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি আৰু টেষ্ট ফেচিলিটি উদ্বোধন কৰা হৈছিল। এই উদ্যোগটোৱে আগন্তুক বছৰসমূহত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

বন্ধুসকল,

অৰ্ধপৰিবাহী খণ্ডত উদ্ভাৱনক আগুৱাই নিবলৈ আমি আইআইটিসমূহৰ সৈতেও সহযোগিতা কৰিছোঁ। দেশত এটা অৰ্ধপৰিবাহী গৱেষণা কেন্দ্ৰও গঢ়ি তোলা হৈছে। এই দশকৰ শেষলৈকে ইলেক্ট্ৰনিকছ খণ্ডৰ মূল্য ৫০০ বিলিয়ন ডলাৰ হ’ব বুলি আশা কৰা হৈছে। আমাৰ গতি আৰু পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে যে অৰ্ধপৰিবাহী উৎপাদনত বিশ্বজুৰি পাৱাৰহাউছ হিচাপে আত্মপ্ৰকাশ কৰিব, সেয়া নিশ্চিত। ইয়াৰ ফলত লাখ-লাখ চাকৰিৰ সৃষ্টি হ’ব আৰু অসমৰ অৰ্থনীতি যথেষ্ট পৰিমাণে লাভান্বিত হ’ব।

 

|

বন্ধুসকল,

বিগত ১০ বছৰত ভাৰতে পাৰিপাৰ্শ্বিক দায়বদ্ধতাৰ প্ৰতি সচেতন হৈ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। আজি বিশ্বই আমাৰ নবীকৰণযোগ্য শক্তি অভিযানক আৰ্হি হিচাপে গণ্য কৰে আৰু সেয়েহে আমাৰ পন্থাক অনুসৰণ কৰিছে। যোৱা ১০ বছৰত সৌৰ, বতাহ আৰু বহনক্ষম শক্তি সম্পদৰ ক্ষেত্ৰত ব্যাপক বিনিয়োগ কৰা হৈছে। ইয়াৰদ্বাৰা আমাৰ পাৰিপাৰ্শ্বিক অংগীকাৰ পৰিপূৰণেই নহয়, বৰঞ্চ আমাৰ নবীকৰণযোগ্য শক্তি উৎপাদন ক্ষমতাও যথেষ্ট বৃদ্ধি পাইছে। আমি ২০৩০ৰ ভিতৰত দেশৰ শক্তি আন্তঃগাঁথনিত ৫০০ গিগাৱাট নবীকৰণযোগ্য শক্তি ক্ষমতা সংযোজনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। ২০৩০ৰ ভিতৰত বাৰ্ষিক ৫ নিযুত মেট্ৰিক টন সেউজ হাইড্ৰজেন উৎপাদনৰ বাবেও চৰকাৰে এটা অভিযান অব্যাহত ৰাখিছে। গেছৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ লগে-লগে দেশত গেছৰ চাহিদাও দ্ৰুতগতিত বৃদ্ধি পাইছে। গেছ-ভিত্তিক অৰ্থনীতিৰ দ্ৰুত সম্প্ৰসাৰণ ঘটিছে আৰু এই যাত্ৰাত অসমে অলেখ সুবিধা লাভ কৰিছে। চৰকাৰে উদ্যোগসমূহৰ বাবে অসংখ্য সুযোগ সৃষ্টি কৰিছে—পিএলআই আঁচনিৰপৰা আৰম্ভ কৰি সেউজ পদক্ষেপলৈকে, সকলো নীতি আপোনালোকৰ অনুকূলে যুগুত কৰা হৈছে। মই বিচাৰোঁ অসম নবীকৰণযোগ্য শক্তি খণ্ডত আগশাৰীৰ ৰাজ্য হৈ উঠক। এই ক্ষেত্ৰত আপোনালোকৰ দৰে উদ্যোগৰ নেতৃত্ববৃন্দ আগবাঢ়ি অহাটো আৱশ্যকীয়।

 

|

বন্ধুসকল,

২০৪৭ৰ ভিতৰত ভাৰতক এখনি ‘বিকশিত ভাৰত’ (উন্নত ভাৰত) হিচাপে গঢ়ি তোলাত পূব ভাৰতে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আজি উত্তৰ-পূব আৰু পূব ভাৰত আন্তঃগাঁথনি, লজিষ্টিক, কৃষি, পৰ্যটন, উদ্যোগৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে। ভাৰতৰ উন্নয়নৰ যাত্ৰাত এই অঞ্চলটোৱে আগভাগ লোৱাৰ দিনটোলৈ বেছি দিন নাই। মোৰ দৃঢ় বিশ্বাস যে আপোনালোক এই যাত্ৰাৰ অংশীদাৰ হ’ব আৰু অসমৰ বিকাশত অৰিহণা যোগাব। আহক, আমি একেলগে কাম কৰি অসমক এনে এখন ৰাজ্য হিচাপে গঢ়ি তোলোঁ, যিয়ে ভাৰতৰ সামৰ্থ্যক সমগ্ৰ গ্ল’বেল চাউথত নতুন শিখৰত উপনীত কৰিব। আকৌ এবাৰ আপোনালোক সকলোকে এই সন্মিলনৰ বাবে শুভেচ্ছা জনাইছোঁ। আৰু এই কথা কৈ মই আপোনালোকক আশ্বাস প্ৰদান কৰিব খুজিছোঁ— এখনি ‘বিকশিত ভাৰত’ৰ যাত্ৰাত মই আপোনালোকৰ সৈতে থিয় দিছোঁ আৰু আপোনালোকৰ অৱদানক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছোঁ।

অশেষ ধন্যবাদ জনালোঁ।

 

  • Pratap Gora May 23, 2025

    Jai ho
  • Chetan kumar April 29, 2025

    हर हर मोदी
  • Jitendra Kumar April 28, 2025

    ❤️🙏🇮🇳
  • Chandrabhushan Mishra Sonbhadra April 26, 2025

    namo
  • Anjni Nishad April 23, 2025

    जय हो🙏🏻🙏🏻
  • Bhupat Jariya April 17, 2025

    Jay shree ram
  • Ratnesh Pandey April 16, 2025

    भारतीय जनता पार्टी ज़िंदाबाद ।। जय हिन्द ।।
  • Jitendra Kumar April 08, 2025

    🙏🇮🇳❤️
  • Dheeraj Thakur April 06, 2025

    जय श्री राम जय श्री राम
  • Dheeraj Thakur April 06, 2025

    जय श्री राम
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Once Neglected, Mathura's Govardhan Station Gets Parking, Footbridge After Inauguration By PM Modi

Media Coverage

Once Neglected, Mathura's Govardhan Station Gets Parking, Footbridge After Inauguration By PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, North East is emerging as the ‘Front-Runner of Growth’: PM Modi at Rising North East Investors Summit
May 23, 2025
QuoteThe Northeast is the most diverse region of our diverse nation: PM
QuoteFor us, EAST means - Empower, Act, Strengthen and Transform: PM
QuoteThere was a time when the North East was merely called a Frontier Region.. Today, it is emerging as the ‘Front-Runner of Growth’: PM
QuoteThe North East is a complete package for tourism: PM
QuoteBe it terrorism or Maoist elements spreading unrest, our government follows a policy of zero tolerance: PM
QuoteThe North East is becoming a key destination for sectors like energy and semiconductors: PM

केंद्रीय मंत्रिमंडल के मेरे सहयोगी ज्योतिरादित्य सिंधिया जी, सुकांता मजूमदार जी, मणिपुर के राज्यपाल अजय भल्ला जी, असम के मुख्यमंत्री हिमंत बिश्व शर्मा जी, अरुणाचल प्रदेश के मुख्यमंत्री पेमा खांडू जी, त्रिपुरा के मुख्यमंत्री माणिक साहा जी, मेघालय के मुख्यमंत्री कोनराड संगमा जी, सिक्किम के मुख्यमंत्री प्रेम सिंह तमांग जी, नागालैंड के मुख्यमंत्री नेफ्यू रियो जी, मिजोरम के मुख्यमंत्री लालदुहोमा जी, सभी इंडस्ट्री लीडर्स, इन्वेस्टर्स, देवियों और सज्जनों!

आज जब मैं राइज़िंग नॉर्थईस्ट के इस भव्य मंच पर हूँ, तो मन में गर्व है, आत्मीयता है, अपनापन है, और सबसे बड़ी बात है, भविष्य को लेकर अपार विश्वास है। अभी कुछ ही महीने पहले, यहां भारत मंडपम् में हमने अष्टलक्ष्मी महोत्सव मनाया था, आज हम यहां नॉर्थ ईस्ट में इन्वेस्टमेंट का उत्सव मना रहे हैं। यहां इतनी बड़ी संख्या में इंडस्ट्री लीडर्स आए हैं। ये दिखाता है कि नॉर्थ ईस्ट को लेकर सभी में उत्साह है, उमंग है और नए-नए सपने हैं। मैं सभी मंत्रालयों और सभी राज्यों की सरकारों को इस काम के लिए बहुत-बहुत बधाई देता हूं। आपके प्रयासों से, वहां इन्वेस्टमेंट के लिए एक शानदार माहौल बना है। नॉर्थ ईस्ट राइजिंग समिट, इसकी सफलता के लिए मेरी तरफ से, भारत सरकार की तरफ से आपको बहुत-बहुत शुभकामनाएं देता हूं।

|

साथियों,

भारत को दुनिया का सबसे Diverse Nation कहा जाता है, और हमारा नॉर्थ ईस्ट, इस Diverse Nation का सबसे Diverse हिस्सा है। ट्रेड से ट्रेडिशन तक, टेक्सटाइल से टूरिज्म तक, Northeast की Diversity, ये उसकी बहुत बड़ी Strength है। नॉर्थ ईस्ट यानि Bio Economy और Bamboo, नॉर्थ ईस्ट यानि टी प्रोडक्शन एंड पेट्रोलियम, नॉर्थ ईस्ट यानि Sports और Skill, नॉर्थ ईस्ट यानि Eco-Tourism का Emerging हब, नॉर्थ ईस्ट यानि Organic Products की नई दुनिया, नॉर्थ ईस्ट यानि एनर्जी का पावर हाउस, इसलिए नॉर्थ ईस्ट हमारे लिए ‘अष्टलक्ष्मी’ हैं। ‘अष्टलक्ष्मी’ के इस आशीर्वाद से नॉर्थ ईस्ट का हर राज्य कह रहा है, हम निवेश के लिए तैयार हैं, हम नेतृत्व के लिए तैयार हैं।

साथियों,

विकसित भारत के निर्माण के लिए पूर्वी भारत का विकसित होना बहुत जरूरी है। और नॉर्थ ईस्ट, पूर्वी भारत का सबसे अहम अंग है। हमारे लिए, EAST का मतलब सिर्फ एक दिशा नहीं है, हमारे लिए EAST का मतलब है – Empower, Act, Strengthen, and Transform. पूर्वी भारत के लिए यही हमारी सरकार की नीति है। यही Policy, यही Priority, आज पूर्वी भारत को, हमारे नॉर्थ ईस्ट को ग्रोथ के सेंटर स्टेज पर लेकर आई है।

साथियों,

पिछले 11 वर्षों में, जो परिवर्तन नॉर्थ ईस्ट में आया है, वो केवल आंकड़ों की बात नहीं है, ये ज़मीन पर महसूस होने वाला बदलाव है। हमने नॉर्थ ईस्ट के साथ केवल योजनाओं के माध्यम से रिश्ता नहीं जोड़ा, हमने दिल से रिश्ता बनाया है। ये आंकड़ा जो मैं बता रहा हूं ना, सुनकर के आश्चर्य होगा, Seven Hundred Time, 700 से ज़्यादा बार हमारे केंद्र सरकार के मंत्री नॉर्थ ईस्ट गए हैं। और मेरा नियम जाकर के आने वाला नहीं था, नाइट स्टे करना कंपलसरी था। उन्होंने उस मिट्टी को महसूस किया, लोगों की आंखों में उम्मीद देखी, और उस भरोसे को विकास की नीति में बदला, हमने इंफ्रास्ट्रक्चर को सिर्फ़ ईंट और सीमेंट से नहीं देखा, हमने उसे इमोशनल कनेक्ट का माध्यम बनाया है। हम लुक ईस्ट से आगे बढ़कर एक्ट ईस्ट के मंत्र पर चले, और इसी का परिणाम आज हम देख रहे हैं। एक समय था, जब Northeast को सिर्फ Frontier Region कहा जाता था। आज ये Growth का Front-Runner बन रहा है।

|

साथियों,

अच्छा इंफ्रास्ट्रक्चर, टूरिज्म को attractive बनाता है। जहां इंफ्रास्ट्रक्चर अच्छा होता है, वहां Investors को भी एक अलग Confidence आता है। बेहतर रोड्स, अच्छा पावर इंफ्रास्ट्रक्चर और लॉजिस्टिक नेटवर्क, किसी भी इंडस्ट्री की backbone है। Trade भी वहीं Grow करता है, जहाँ Seamless Connectivity हो, यानि बेहतर इंफ्रास्ट्रक्चर, हर Development की पहली शर्त है, उसका Foundation है। इसलिए हमने नॉर्थ ईस्ट में Infrastructure Revolution शुरू किया है। लंबे समय तक नॉर्थ ईस्ट अभाव में रहा। लेकिन अब, नॉर्थ ईस्ट Land of Opportunities बन रहा है। हमने नॉर्थ ईस्ट में कनेक्टिविटी इंफ्रास्ट्रक्चर पर लाखों करोड़ रुपए खर्च किए हैं। आप अरुणाचल जाएंगे, तो सेला टनल जैसे इंफ्रास्ट्रक्चर आपको मिलेगा। आप असम जाएंगे, तो भूपेन हज़ारिका ब्रिज जैसे कई मेगा प्रोजेक्ट्स देखेंगे, सिर्फ एक दशक में नॉर्थ ईस्ट में 11 Thousand किलोमीटर के नए हाईवे बनाए गए हैं। सैकड़ों किलोमीटर की नई रेल लाइनें बिछाई गई हैं, नॉर्थ ईस्ट में एयरपोर्ट्स की संख्या दोगुनी हो चुकी है। ब्रह्मपुत्र और बराक नदियों पर वॉटरवेज़ बन रहे हैं। सैकड़ों की संख्या में मोबाइल टावर्स लगाए गए हैं, और इतना ही नहीं, 1600 किलोमीटर लंबी पाइपलाइन का नॉर्थ ईस्ट गैस ग्रिड भी बनाया गया है। ये इंडस्ट्री को ज़रूरी गैस सप्लाई का भरोसा देता है। यानि हाईवेज, रेलवेज, वॉटरवेज, आईवेज, हर प्रकार से नॉर्थ ईस्ट की कनेक्टिविटी सशक्त हो रही है। नॉर्थ ईस्ट में जमीन तैयार हो चुकी है, हमारी इंड़स्ट्रीज को आगे बढ़कर, इस अवसर का पूरा लाभ उठाना चाहिए। आपको First Mover Advantage से चूकना नहीं है।

साथियों,

आने वाले दशक में नॉर्थ ईस्ट का ट्रेड पोटेंशियल कई गुना बढ़ने वाला है। आज भारत और आसियान के बीच का ट्रेड वॉल्यूम लगभग सवा सौ बिलियन डॉलर है। आने वाले वर्षों में ये 200 बिलियन डॉलर को पार कर जाएगा, नॉर्थ ईस्ट इस ट्रेड का एक मजबूत ब्रिज बनेगा, आसियान के लिए ट्रेड का गेटवे बनेगा। और इसके लिए भी हम ज़रूरी इंफ्रास्ट्रक्चर पर तेज़ी से काम कर रहे हैं। भारत-म्यांमार-थाईलैंड ट्रायलेटरल हाईवे से म्यांमार होते हुए थाईलैंड तक सीधा संपर्क होगा। इससे भारत की कनेक्टिविटी थाईलैंड, वियतनाम, लाओस जैसे देशों से और आसान हो जाएगी। हमारी सरकार, कलादान मल्टीमोडल ट्रांजिट प्रोजेक्ट को तेजी से पूरा करने में जुटी है। ये प्रोजेक्ट, कोलकाता पोर्ट को म्यांमार के सित्तवे पोर्ट से जोड़ेगा, और मिज़ोरम होते हुए बाकी नॉर्थ ईस्ट को कनेक्ट करेगा। इससे पश्चिम बंगाल और मिज़ोरम की दूरी बहुत कम हो जाएगी। ये इंडस्ट्री के लिए, ट्रेड के लिए भी बहुत बड़ा वरदान साबित होगा।

साथियों,

आज गुवाहाटी, इम्फाल, अगरतला ऐसे शहरों को Multi-Modal Logistics Hubs के रूप में भी विकसित किया जा रहा है। मेघालय और मिज़ोरम में Land Custom Stations, अब इंटरनेशनल ट्रेड को नया विस्तार दे रहे हैं। इन सारे प्रयासों से नॉर्थ ईस्ट, इंडो पेसिफिक देशों में ट्रेड का नया नाम बनने जा रहा है। यानि आपके लिए नॉर्थ ईस्ट में संभावनाओं का नया आकाश खुलने जा रहा है।

|

साथियों,

आज हम भारत को, एक ग्लोबल Health And Wellness Solution Provider के रुप में स्थापित कर रहे हैं। Heal In India, Heal In India का मंत्र, ग्लोबल मंत्र बने, ये हमारा प्रयास है। नॉर्थ ईस्ट में नेचर भी है, और ऑर्गोनिक लाइफस्टाइल के लिए एक परफेक्ट डेस्टिनेशन भी है। वहां की बायोडायवर्सिटी, वहां का मौसम, वेलनेस के लिए मेडिसिन की तरह है। इसलिए, Heal In India के मिशन में इन्वेस्ट करने के, मैं समझता हूं उसके लिए आप नॉर्थ ईस्ट को ज़रूर एक्सप्लोर करें।

साथियों,

नॉर्थ ईस्ट के तो कल्चर में ही म्यूज़िक है, डांस है, सेलिब्रेशन है। इसलिए ग्लोबल कॉन्फ्रेंसेस हों, Concerts हों, या फिर Destination Weddings, इसके लिए भी नॉर्थ ईस्ट बेहतरीन जगह है। एक तरह से नॉर्थ ईस्ट, टूरिज्म के लिए एक कंप्लीट पैकेज है। अब नॉर्थ ईस्ट में विकास का लाभ कोने-कोने तक पहुंच रहा है, तो इसका भी पॉजिटिव असर टूरिज्म पर पड़ रहा है। वहां पर्यटकों की संख्या दोगुनी हुई है। और ये सिर्फ़ आंकड़े नहीं हैं, इससे गांव-गांव में होम स्टे बन रहे हैं, गाइड्स के रूप में नौजवानों को नए मौके मिल रहे हैं। टूर एंड ट्रैवल का पूरा इकोसिस्टम डेवलप हो रहा है। अब हमें इसे और ऊंचाई तक ले जाना है। Eco-Tourism में, Cultural-Tourism में, आप सभी के लिए निवेश के बहुत सारे नए मौके हैं।

साथियों,

किसी भी क्षेत्र के विकास के लिए सबसे जरूरी है- शांति और कानून व्यवस्था। आतंकवाद हो या अशांति फैलाने वाले माओवादी, हमारी सरकार जीरो टॉलरेंस की नीति पर चलती है। एक समय था, जब नॉर्थ ईस्ट के साथ बम-बंदूक और ब्लॉकेड का नाम जुड़ा हुआ था, नॉर्थ ईस्ट कहते ही बम-बंदूक और ब्लॉकेड यही याद आता था। इसका बहुत बड़ा नुकसान वहां के युवाओं को उठाना पड़ा। उनके हाथों से अनगिनत मौके निकल गए। हमारा फोकस नॉर्थ ईस्ट के युवाओं के भविष्य पर है। इसलिए हमने एक के बाद एक शांति समझौते किए, युवाओं को विकास की मुख्य धारा में आने का अवसर दिया। पिछले 10-11 साल में, 10 thousand से ज्यादा युवाओं ने हथियार छोड़कर शांति का रास्ता चुना है, 10 हजार नौजवानों ने। आज नॉ़र्थ ईस्ट के युवाओं को अपने ही क्षेत्र में रोजगार के लिए, स्वरोजगार के लिए नए मौके मिल रहे हैं। मुद्रा योजना ने नॉर्थ ईस्ट के लाखों युवाओं को हजारों करोड़ रुपए की मदद दी है। एजुकेशन इंस्टीट्यूट्स की बढ़ती संख्या, नॉर्थ ईस्ट के युवाओं को स्किल बढ़ाने में मदद कर रही है। आज हमारे नॉर्थ ईस्ट के युवा, अब सिर्फ़ इंटरनेट यूज़र नहीं, डिजिटल इनोवेटर बन रहे हैं। 13 हजार किलोमीटर से ज्यादा ऑप्टिकल फाइबर, 4जी, 5जी कवरेज, टेक्नोलॉजी में उभरती संभावनाएं, नॉर्थ ईस्ट का युवा अब अपने शहर में ही बड़े-बडे स्टार्टअप्स शुरू कर रहा है। नॉर्थ ईस्ट भारत का डिजिटल गेटवे बन रहा है।

|

साथियों,

हम सभी जानते हैं कि ग्रोथ के लिए, बेहतर फ्यूचर के लिए स्किल्स कितनी बड़ी requirement होती है। नॉर्थ ईस्ट, इसमें भी आपके लिए एक favourable environment देता है। नॉर्थ ईस्ट में एजुकेशन और स्किल डेवलपमेंट इकोसिस्टम पर केंद्र सरकार बहुत बड़ा निवेश कर रही है। बीते दशक में, Twenty One Thousand करोड़ रुपये से ज्यादा नॉर्थ ईस्ट के एजुकेशन सेक्टर पर इन्वेस्ट किए गए हैं। करीब साढ़े 800 नए स्कूल बनाए गए हैं। नॉर्थ ईस्ट का पहला एम्स बन चुका है। 9 नए मेडिकल कॉलेज बनाए गए हैं। दो नए ट्रिपल आईटी नॉर्थ ईस्ट में बने हैं। मिज़ोरम में Indian Institute of Mass Communication का कैंपस बनाया गया है। करीब 200 नए स्किल डेवलपमेंट इंस्टीट्यूट, नॉर्थ ईस्ट के राज्यों में स्थापित किए गए हैं। देश की पहली स्पोर्ट्स यूनिवर्सिटी भी नॉर्थ ईस्ट में बन रही है। खेलो इंडिया प्रोग्राम के तहत नॉर्थ ईस्ट में सैकड़ों करोड़ रुपए के काम हो रहे हैं। 8 खेलो इंडिया सेंटर ऑफ एक्सीलेंस, और ढाई सौ से ज्यादा खेलो इंडिया सेंटर अकेले नॉर्थ ईस्ट में बने हैं। यानि हर सेक्टर का बेहतरीन टेलेंट आपको नॉर्थ ईस्ट में उपलब्ध होगा। आप इसका जरूर फायदा उठाएं।

साथियों,

आज दुनिया में ऑर्गेनिक फूड की डिमांड भी बढ़ रही है, हॉलिस्टिक हेल्थ केयर का मिजाज बना है, और मेरा तो सपना है कि दुनिया के हर डाइनिंग टेबल पर कोई न कोई भारतीय फूड ब्रैंड होनी ही चाहिए। इस सपने को पूरा करने में नॉर्थ ईस्ट का रोल बहुत महत्वपूर्ण है। बीते दशक में नॉर्थ ईस्ट में ऑर्गेनिक खेती का दायरा दोगुना हो चुका है। यहां की हमारी टी, पाइन एप्पल, संतरे, नींबू, हल्दी, अदरक, ऐसी अनेक चीजें, इनका स्वाद और क्वालिटी, वाकई अद्भुत है। इनकी डिमांड दुनिया में बढ़ती ही जा रही है। इस डिमांड में भी आपके लिए संभावनाएं हैं।

|

साथियों,

सरकार का प्रयास है कि नॉर्थ ईस्ट में फूड प्रोसेसिंग यूनिट्स लगाना आसान हो। बेहतर कनेक्टिविटी तो इसमें मदद कर ही रही है, इसके अलावा हम मेगा फूड पार्क्स बना रहे हैं, कोल्ड स्टोरेज नेटवर्क को बढ़ा रहे हैं, टेस्टिंग लैब्स की सुविधाएं बना रहे हैं। सरकार ने ऑयल पाम मिशन भी शुरु किया है। पाम ऑयल के लिए नॉर्थ ईस्ट की मिट्टी और क्लाइमेट बहुत ही उत्तम है। ये किसानों के लिए आय का एक बड़ा अच्छा माध्यम है। ये एडिबल ऑयल के इंपोर्ट पर भारत की निर्भरता को भी कम करेगा। पाम ऑयल के लिए फॉर्मिंग हमारी इंडस्ट्री के लिए भी बड़ा अवसर है।

साथियों,

हमारा नॉर्थ ईस्ट, दो और सेक्टर्स के लिए महत्वपूर्ण डेस्टिनेशन बन रहा है। ये सेक्टर हैं- एनर्जी और सेमीकंडक्टर। हाइड्रोपावर हो या फिर सोलर पावर, नॉर्थ ईस्ट के हर राज्य में सरकार बहुत निवेश कर रही है। हज़ारों करोड़ रुपए के प्रोजेक्ट्स स्वीकृत किए जा चुके हैं। आपके सामने प्लांट्स और इंफ्रास्ट्रक्चर पर निवेश का अवसर तो है ही, मैन्युफेक्चरिंग का भी सुनहरा मौका है। सोलर मॉड्यूल्स हों, सेल्स हों, स्टोरेज हो, रिसर्च हो, इसमें ज्यादा से ज्यादा निवेश ज़रूरी है। ये हमारा फ्यूचर है, हम फ्यूचर पर जितना निवेश आज करेंगे, उतना ही विदेशों पर निर्भरता कम होगी। आज देश में सेमीकंडक्टर इकोसिस्टम को मजबूत करने में भी नॉर्थ ईस्ट, असम की भूमिका बड़ी हो रही है। बहुत जल्द नॉर्थ ईस्ट के सेमीकंडक्टर प्लांट से पहली मेड इन इंडिया चिप देश को मिलने वाली है। इस प्लांट ने, नॉर्थ ईस्ट में सेमीकंडक्टर सेक्टर के लिए, अन्य cutting edge tech के लिए संभावनाओं के द्वार खोल दिए हैं।

|

साथियों,

राइज़िंग नॉर्थ ईस्ट, सिर्फ़ इन्वेस्टर्स समिट नहीं है, ये एक मूवमेंट है। ये एक कॉल टू एक्शन है, भारत का भविष्य, नॉर्थ ईस्ट के उज्ज्वल भविष्य से ही नई उंचाई पर पहुंचेगा। मुझे आप सभी बिजनेस लीडर्स पर पूरा भरोसा है। आइए, एक साथ मिलकर भारत की अष्टलक्ष्मी को विकसित भारत की प्रेरणा बनाएं। और मुझे पूरा विश्वास है, आज का ये सामूहिक प्रयास और आप सबका इससे जुड़ना, आपका उमंग, आपका कमिटमेंट, आशा को विश्वास में बदल रहा है, और मुझे पक्का विश्वास है कि जब हम सेकेंड राइजिंग समिट करेंगे, तब तक हम बहुत आगे निकल चुके होंगे। बहुत-बहुत शुभकामनाएं।

बहुत-बहुत धन्यवाद !