QuoteDr. Singh's life teaches future generations how to rise above adversity and achieve great heights: PM
QuoteDr. Singh will always be remembered as a kind person, a learned economist, and a leader dedicated to reforms: PM
QuoteDr. Singh's distinguished parliamentary career was marked by his humility, gentleness, and intellect: PM
QuoteDr. Singh always rose above party politics, maintaining contact with individuals from all parties and being easily accessible to everyone: PM

প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং ডাঙৰীয়াৰ দেহাৱসানত শোকাহত হৈছোঁ। তেওঁৰ বিয়োগ আমাৰ ৰাষ্ট্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি। বিভাজনৰ সময়ত ভাৰতলৈ আহি ইমানখিনি হেৰুৱায়ো জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে উল্লেখযোগ্য সফলতা লাভ কৰাটো সাধাৰণ কথা নহয়। তেওঁৰ জীৱন পৰিক্ৰমাই ভৱিষ্যৎ প্ৰজন্মক কেনেদৰে প্ৰতিকূল পৰিস্থিতিক নেওচি শিখৰত আৰোহণ কৰিব পাৰি, সেয়া শিকাইছে।

তেওঁক সদায় এগৰাকী দয়ালু ব্যক্তি, এগৰাকী বিদ্বান অৰ্থনীতিবিদ আৰু সংস্কাৰৰ প্ৰতি সমৰ্পিত এগৰাকী নেতা হিচাপে স্মৰণ কৰা হ'ব। এগৰাকী অৰ্থনীতিবিদ হিচাপে তেওঁ ভাৰত চৰকাৰৰ ভিন্ন পদবীত সেৱা আগবঢ়াইছিল। এছোৱা প্ৰত্যাহ্বানমূলক সময়ত তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু ভাৰত ৰত্ন পি.ভি. নৰসিংহ ৰাওৰ চৰকাৰৰ বিত্ত মন্ত্ৰী হিচাপে তেওঁ দেশক বিত্তীয় সংকটৰপৰা উদ্ধাৰেৰে এক নতুন অৰ্থনৈতিক পথৰ পথ-প্ৰদৰ্শন কৰিছিল। প্ৰধানমন্ত্ৰী হিচাপে ৰাষ্ট্ৰখনৰ উন্নয়ন আৰু প্ৰগতিৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।

জনসাধাৰণ আৰু দেশৰ উন্নয়নৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক সদায় উচ্চ সন্মান প্ৰদান কৰা হৈছে। তেওঁৰ জীৱনত তেওঁৰ সততা আৰু সৰলতাৰ প্ৰতিফলন ঘটিছিল। তেওঁ আছিল এগৰাকী অসামান্য সাংসদ। তেওঁৰ বৰ্ণাঢ্য সংসদীয় কেৰিয়াৰক তেওঁৰ নম্রতা, মৃদুতা আৰু বোধশক্তিয়ে পৰিচালিত কৰিছিল। চলিত বৰ্ষৰ আৰম্ভণিতে ৰাজ্যসভাত তেওঁৰ কাৰ্য্যকালৰ অন্ত পৰোতেও মই তেওঁৰ সমৰ্পণৰ মনোভাৱক সকলোৰে বাবে অনুপ্ৰেৰণামূলক বুলি উল্লেখেৰে প্ৰশংসা কৰিছিলোঁ। শাৰীৰিক প্ৰত্যাহ্বান নেওচি তেওঁ হুইলচেয়াৰত আহি গুৰুত্বপূৰ্ণ অধিৱেশনত অংশগ্ৰহণেৰে তেওঁৰ সংসদীয় দায়িত্ব পালন কৰিছিল।

প্ৰতিষ্ঠিত বিশ্ব শিক্ষানুষ্ঠানসমূহৰপৰা শিক্ষা লাভ আৰু চৰকাৰী শীৰ্ষ পদবীত অধিষ্ঠিত হৈয়ো তেওঁ তেওঁৰ নম্র পটভূমিৰ প্ৰমূল্যবোধৰাজিক কেতিয়াও পাহৰি যোৱা নাছিল। তেওঁ সদায় দলীয় ৰাজনীতিৰ উৰ্ধত থাকিছিল, সকলো দলৰ ব্যক্তিৰ সৈতেই যোগাযোগ অক্ষুণ্ণ ৰাখিছিল আৰু সকলোৰে বাবে সহজে উপলব্ধ আছিল। মুখ্যমন্ত্ৰী হিচাপে মোৰ কাৰ্য্যকালৰ সময়ছোৱাত ডঃ মনমোহন সিং ডাঙৰীয়াৰ সৈতে ভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত মুকলি আলোচনা হৈছিল। দিল্লীলৈ অহাৰ পাছতো তেওঁক সঘনাই লগ পাইছিলোঁ আৰু কথা-বতৰা পাতিছিলোঁ। দেশৰ বিষয়ে আমাৰ আলোচনা আৰু আমাৰ বৈঠকসমূহৰ কথা সদায় মনত থাকিব। শেহতীয়াকৈ তেওঁৰ জন্মদিনত তেওঁৰ সৈতে কথা পাতিছিলোঁ।

মই এই কঠিন মুহূৰ্তত তেওঁৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। দেশৰ সকলো নাগৰিকৰ হৈ ডঃ মনমোহন সিং ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ।

 

  • sandeep Kumar Rana April 11, 2025

    modi ji hai to sb munkin hai
  • sandeep Kumar Rana April 11, 2025

    mera nam se jitna loan hai aap maph karwa dijiye sir.
  • Jitendra Kumar March 14, 2025

    🙏🇮🇳
  • Preetam Gupta Raja March 09, 2025

    जय श्री राम
  • Adithya March 09, 2025

    🪷🪷🪷
  • अमित प्रेमजी | Amit Premji March 03, 2025

    nice👍
  • Rambabu Gupta BJP IT February 25, 2025

    विनम्र श्रद्धांजलि
  • रीना चौरसिया February 24, 2025

    jai shree ram
  • Bhushan Vilasrao Dandade February 10, 2025

    जय हिंद
  • Dr Mukesh Ludanan February 08, 2025

    Jai ho
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Economy delivers a strong start to the fiscal with GST, UPI touching new highs

Media Coverage

Economy delivers a strong start to the fiscal with GST, UPI touching new highs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 2 মে’ 2025
May 02, 2025

PM Modi’s Vision: Transforming India into a Global Economic and Cultural Hub