QuoteDedicates 800 MW Unit of Telangana Super Thermal Power Project
QuoteDedicates various rail infrastructure projects
QuoteLays foundation stone of 20 Critical Care Blocks across Telangana to be built under PM - Ayushman Bharat Health Infrastructure Mission
QuoteFlags off Siddipet - Secunderabad - Siddipet train service
Quote“Smooth supply of electricity gives momentum to growth of industries in a state”
Quote“Completing the projects for which I laid the foundation stone is the work culture of our government”
Quote“Hassan–Cherlapalli will become the basis of LPG transformation, transportation and distribution in a cost-effective and eco-friendly manner”
Quote“India Railways is moving with a target of 100 percent electrification of all the railway lines”

তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সৌন্দৰাৰাজন জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহকৰ্মী কিষাণ ৰেড্ডী জী, ইয়াত উপস্থিত থকা সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু ভদ্ৰ মহিলাসকল। আজি যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন বা উদ্বোধন কৰা হৈছে, সেইবোৰৰ বাবে তেলেংগানাক বহুত বহুত অভিনন্দন জনাইছো। 

যিকোনো দেশ আৰু ৰাজ্যৰ উন্নয়নৰ বাবে ৰাজ্যখন বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত যিমান পাৰি স্বাৱলম্বী হোৱাটো অতি প্ৰয়োজনীয়। যেতিয়া ৰাজ্যত বিদ্যুতৰ প্ৰচুৰতা থাকে তেতিয়া ব্যৱসায় কৰাত সহজ আৰু জীৱন-যাপনৰ সৰলতা উন্নত হয়। মসৃণ বিদ্যুৎ যোগানে ৰাজ্যৰ ঔদ্যোগিক বিকাশকো ত্বৰান্বিত কৰে। আজি পেড্ডাপল্লী জিলাত এন টি পি চিৰ ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ প্ৰথমটো ইউনিট উদ্বোধন কৰা হৈছে। অতি সোনকালে ইয়াৰ দ্বিতীয় ইউনিটটোও আৰম্ভ হ’ব। এই প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ কাম সম্পূৰ্ণ হ’লে এই উদ্যোগটোৰ স্থাপন ক্ষমতা ৪০০০ মেগাৱাট হ’ব। মই সুখী যে দেশৰ এন টি পি চিৰ সকলো বিদ্যুৎ কেন্দ্ৰৰ ভিতৰত এইটোৱেই আটাইতকৈ আধুনিক। এই উদ্যোগটোত উৎপাদিত বিদ্যুতৰ বৃহৎ অংশ লাভ কৰিব তেলেংগানাৰ জনসাধাৰণে। আমাৰ চৰকাৰে যি প্ৰকল্প আৰম্ভ কৰে, সেই প্ৰকল্প সম্পূৰ্ণও কৰে। মনত আছে, ২০১৬ চনৰ আগষ্ট মাহত মই এই প্ৰকল্পৰ ভেটি স্থাপন কৰিছিলো। এতিয়া আজি মই ইয়াক উদ্বোধন কৰাৰ সৌভাগ্য লাভ কৰিছো। এয়া আমাৰ চৰকাৰৰ নতুন কৰ্ম সংস্কৃতি।

 

|

আমাৰ চৰকাৰে তেলেংগানাৰ জনসাধাৰণৰ শক্তি সম্পৰ্কীয় অন্যান্য প্ৰয়োজনীয়তা পূৰণৰ বাবেও কাম কৰি আছে। মাত্ৰ দুদিন পূৰ্বে হাছান-চেৰলাপল্লী এল পি জি পাইপলাইন উদ্বোধন কৰাৰ সুযোগ পাইছিলোঁ। এই পাইপলাইন এল পি জি ৰূপান্তৰ আৰু ইয়াৰ পৰিবহণ আৰু বিতৰণৰ এক নিৰাপদ, ব্যয়বহুল আৰু পৰিৱেশ-বন্ধুত্বপূৰ্ণ ব্যৱস্থা গঢ়ি তোলাৰ ভিত্তি হৈ পৰিব।

আজি নিজেই ধৰ্মবাদ-মনোহৰাবাদ আৰু মহাবুবনগৰ-কুৰ্ণুল ৰেল ষ্টেচনৰ বিদ্যুৎকৰণ প্ৰকল্পটো দেশৰ নামত উৎসৰ্গা কৰাৰ সুযোগ পাইছো। ইয়াৰ ফলত তেলেংগানাৰ সংযোগ বৃদ্ধিৰ লগতে দুয়োখন ৰে’লৰ গড় গতিও বৃদ্ধি পাব। অনাগত কেইমাহমানৰ ভিতৰত সকলো ৰেলপথ ১০০ শতাংশ বিদ্যুৎকৰণৰ লক্ষ্য লৈছে ভাৰতীয় ৰেলৱেই। আজিও মুকলি কৰা হৈছে মনোহাৰাবাদ-চিদ্দিপট নতুন ৰেলপথ। ইয়াৰ দ্বাৰা ব্যৱসায়ৰ প্ৰসাৰ ঘটিব। ২০১৬ চনত এই প্ৰকল্পটোৰ ভেটিও স্থাপন কৰাৰ সুযোগ পাইছিলোঁ। আজি এই কামো সম্পূৰ্ণ হৈছে।

 

|

আমাৰ দেশত দীৰ্ঘদিন ধৰি স্বাস্থ্যসেৱাক কেৱল ধনী মানুহৰ অধিকাৰ বুলি গণ্য কৰা হৈছিল। যোৱা ৯ বছৰত আমি এই প্ৰত্যাহ্বান সমাধানৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছো, যাতে স্বাস্থ্য সুবিধা উপলব্ধ আৰু সুলভ হয়। ভাৰত চৰকাৰে চিকিৎসা মহাবিদ্যালয় আৰু এইমছৰ সংখ্যা বৃদ্ধি কৰিছে। তেলেংগানাৰ জনসাধাৰণেও এইমছৰ বিবিনগৰত অট্টালিকা নিৰ্মাণৰ কামবোৰ নিশ্চয় দেখি আছে। যেতিয়া চিকিৎসালয় বৃদ্ধি হৈছে তেতিয়া ৰোগীৰ যত্ন ল’বলৈ চিকিৎসক আৰু নাৰ্ছৰ সংখ্যাও বৃদ্ধি পাইছে।

আজি ভাৰতত চলি আছে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰত। ইয়াৰ বাবে কেৱল তেলেংগানাত ৭০ লাখৰো অধিক লোকে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ নিশ্চয়তা লাভ কৰিছে। ৮০ শতাংশ ৰেহাইত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক জন ঔষধি কেন্দ্ৰত ঔষধ প্ৰদান কৰা হৈছে। ইয়াৰ বাবে এই পৰিয়ালসমূহে প্ৰতিমাহে হাজাৰ হাজাৰ টকা সঞ্চয় কৰিবলৈ সক্ষম হৈছে।

 

|

প্ৰতিখন জিলাতে যাতে সুস্বাস্থ্যৰ আন্তঃগাঁথনি থাকে তাৰ বাবে আমি প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আন্তঃগাঁথনি অভিযান আৰম্ভ কৰিছো। আজি এই অভিযানৰ অধীনত তেলেংগানাত ২০টা ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই ব্লকসমূহ এনেদৰে নিৰ্মাণ কৰা হ’ব যাতে ইয়াত নিৰ্দিষ্ট আইছ’লেশ্যন ৱাৰ্ড, অক্সিজেন যোগান, সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ সম্পূৰ্ণ ব্যৱস্থা থাকিব। তেলেংগানাত স্বাস্থ্য সুবিধা বৃদ্ধিৰ বাবে ৫০০০ৰো অধিক আয়ুষ্মান ভাৰত স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰই  কাম কৰি আছে। কৰ’না মহামাৰীৰ সময়ত তেলেংগানাত প্ৰায় ৫০টা বৃহৎ পি এছ এ অক্সিজেন প্লাণ্ট স্থাপন কৰা হৈছিল, যিয়ে মানুহৰ জীৱন ৰক্ষাত বহুখিনি সহায় কৰিছিল।

 

|

শক্তি, ৰে’ল আৰু স্বাস্থ্যৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ বাবে তেলেংগানাৰ জনসাধাৰণক পুনৰবাৰ অভিনন্দন জনাইছো। আপোনালোকক অশেষ ধন্যবাদ।

 

  • Jitendra Kumar May 14, 2025

    ❤️🇮🇳🙏
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Devendra Kunwar October 08, 2024

    BJP
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • Vaishali Tangsale February 12, 2024

    🙏🏻🙏🏻
  • ज्योती चंद्रकांत मारकडे February 11, 2024

    जय हो
  • Uma tyagi bjp January 28, 2024

    जय श्री राम
  • Pankaj kumar singh January 05, 2024

    जय हो मोदी जी 🙏🙏
  • Babla sengupta December 24, 2023

    Babla sengupta
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
How GeM has transformed India’s public procurement

Media Coverage

How GeM has transformed India’s public procurement
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 মে’ 2025
May 19, 2025

Citizens Appreciate PM Modi’s Vision: Powering India’s Sustainable and Inclusive Growth