QuoteInaugurates 10 Government Medical Colleges in Maharashtra
QuoteLays foundation stone for upgradation of Dr Babasaheb Ambedkar International Airport, Nagpur
QuoteLays foundation stone for New Integrated Terminal Building at Shirdi Airport
QuoteInaugurates Indian Institute of Skills Mumbai and Vidya Samiksha Kendra, Maharashtra
QuoteLaunch of projects in Maharashtra will enhance infrastructure, boost connectivity and empower the youth: PM

নমস্কাৰ!

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি.পি. ৰাধাকৃষ্ণন জী, মুখ্যমন্ত্ৰী একনাথ শিন্দে জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থসকল, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীসকল, শ্ৰী দেৱেন্দ্ৰ ফাদনৱীজ জী, শ্ৰী অজিত পাৱাৰ জী, আন সকলো বিশিষ্ট ব্যক্তি আৰু মহাৰাষ্ট্ৰৰ মোৰ মৰমৰ ভাই-ভনীসকল...

মহাৰাষ্ট্ৰৰ সকলো শিৱপ্ৰেমী ভাই-ভনীক শুভেচ্ছা জনাইছোঁ।

আজি মহাৰাষ্ট্ৰই লাভ কৰিছে ১০ খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ উপহাৰ। ইয়াৰ লগতে দুই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প আৰম্ভ হৈছে- নাগপুৰ বিমানবন্দৰৰ আধুনিকীকৰণ তথা সম্প্ৰসাৰণ আৰু শিৰদী বিমানবন্দৰত নতুন টাৰ্মিনেল ভৱন নিৰ্মাণ। এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে মহাৰাষ্ট্ৰবাসীক অভিনন্দন জনাইছোঁ। যোৱা সপ্তাহত মই থানে আৰু মুম্বাই ভ্ৰমণ কৰিছিলোঁ, তেতিয়া মেট্ৰ’ লাইন প্ৰকল্পকে প্ৰমুখ্য কৰি ৩০ হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধনৰ সুযোগ পাইছিলোঁ। ইয়াৰ পূৰ্বে ভিন্ন জিলাত হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰা হৈছিল। কেইবাখনো চহৰত মেট্ৰ’ৰ সম্প্ৰসাৰণ কৰা হৈছে। কেতবোৰ বিমানবন্দৰ উন্নীত কৰা হৈছে তথা পথ আৰু ঘাইপথ প্ৰকল্প দ্ৰুতগতিত আগবাঢ়িছে। আন্তঃগাঁথনি, সৌৰশক্তি আৰু টেক্সটাইল পাৰ্কৰে জড়িত প্ৰকল্পসমূহ আৰম্ভ কৰা হৈছে। কৃষক আৰু পশুপালকসকলৰ স্বাৰ্থত নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে। মহাৰাষ্ট্ৰত বাধৱন বন্দৰৰ আধাৰশিলা স্থাপন কৰা হৈছে। মহাৰাষ্ট্ৰৰ ইতিহাসত কেতিয়াও ভিন্ন খণ্ডৰ মাজেৰে ইমান দ্ৰুত আৰু বৃহৎ পৰিসৰৰ উন্নয়ন সাধন হোৱা নাছিল। হয়, কংগ্ৰেছৰ শাসনকালত ভিন্ন খণ্ডত একে দ্ৰুত গতি আৰু পৰিসৰত দুৰ্নীতি সংঘটিত হোৱাটো বেলেগ কথা।

ভাই-ভনীসকল,

কিছুদিন পূৰ্বে আমি মাৰাঠী ভাষাক ‘ধ্ৰুপদী ভাষা’ৰ মৰ্য্যাদা প্ৰদান কৰিছোঁ। যেতিয়া এটা ভাষাই নিজৰ উচিত সন্মান লাভ কৰে, তেতিয়া কেৱল শব্দই নহয়, এটা সম্পূৰ্ণ প্ৰজন্মই নতুন প্ৰকাশভংগী লাভ কৰে। কোটি-কোটি মাৰাঠী লোকৰ দশক-দশক পুৰণি সপোন পূৰণ হ’ল। সমগ্ৰ মহাৰাষ্ট্ৰৰ লোকে ইয়াৰ উদযাপন কৰিছে আৰু আজি সমগ্ৰ মহাৰাষ্ট্ৰৰ এই আনন্দৰ বাৰ্তা পাইছোঁ। এই বাৰ্তাসমূহত জনতাই মোক মাৰাঠীক ধ্ৰুপদী ভাষাৰ মৰ্য্যাদা প্ৰদানৰ বাবে ধন্যবাদ জনাইছে। অৱশ্যে মই স্পষ্ট কৰিব বিচাৰিছোঁ যে এই কাম মই অকলে কৰা নাছিলোঁ; আপোনালোকৰ আশীৰ্বাদেৰেহে এয়া সম্পন্ন হৈছে। মহাৰাষ্ট্ৰৰ প্ৰতিটো উন্নয়নমূলক প্ৰচেষ্টা ছত্ৰপতি শিৱাজী মহাৰাজ, বাবাছাহেব আম্বেদকাৰ, জ্যোতিবা ফুলে আৰু সাবিত্ৰীবাই ফুলেৰ দৰে মহান ব্যক্তিৰ আশীৰ্বাদত বাস্তৱায়িত হৈ আছে।

বন্ধুসকল,

আমি কালি হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ নিৰ্বাচনী ফলাফল পালোঁ। হাৰিয়ানাই ৰাষ্ট্ৰখনক দেখুৱালে তেওঁলোকৰ মনোভাৱৰ কথা! দুটা কাৰ্য্যকাল সম্পূৰ্ণ কৰি একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰাটো ঐতিহাসিক ঘটনা। আৰ্বান নক্সাল গেংকে ধৰি কংগ্ৰেছৰ সমগ্ৰ ব্যৱস্থাই জনসাধাৰণক বিপথে পৰিচালিতকৰণত ব্যস্ত আছিল যদিও কংগ্ৰেছৰ সকলো ষড়যন্ত্ৰক ৰাইজে প্ৰত্যাখ্যান কৰিলে। দলিতসকলৰ মাজত মিছা কথা প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও দলিত সমাজে তেওঁলোকৰ বিপদজনক উদ্দেশ্য অনুভৱ কৰিছিল। দলিতসকলে উপলব্ধি কৰিলে যে কংগ্ৰেছে তেওঁলোকৰ সংৰক্ষণ কাঢ়ি নি নিজৰ ভোট বেংকৰ বাবে বিতৰণ কৰিব বিচাৰিছে। আজি হাৰিয়ানাৰ দলিত সমাজে বিজেপিলৈ অভিলেখ সমৰ্থন আগবঢ়াইছে। হাৰিয়ানাৰ অ’বিচিসকলে বিজেপিৰ উন্নয়নমূলক কামক স্বীকৃতি দি বিজেপিৰ সৈতে থিয় দিছে। কংগ্ৰেছে কৃষকক উচটনি দিবলৈ চেষ্টা কৰিছিল, কিন্তু খেতিয়কসকলে জানে কোনে তেওঁলোকৰ শস্যৰ বাবে এমএছপি দিছে। বিজেপিৰ কল্যাণমূলক আঁচনিত হাৰিয়ানাৰ কৃষকসকল সুখী হৈছে। যুৱক-যুৱতীসকলক লক্ষ্য কৰি কংগ্ৰেছে বিভিন্ন ধৰণে বিপথে পৰিচালিতকৰণৰ চেষ্টা চলাইছিল। অৱশ্যে হাৰিয়ানাৰ যুৱক-যুৱতী, কন্যাই নিজৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বিজেপিক বিশ্বাস কৰে। কংগ্ৰেছে প্ৰতিটো কৌশল ব্যৱহাৰ কৰিছিল যদিও হাৰিয়ানাৰ জনসাধাৰণে দেখুৱাইছে যে তেওঁলোক আৰু কংগ্ৰেছ তথা আৰ্বান নক্সালৰ ষড়যন্ত্ৰৰ বলি নহয়।

বন্ধুসকল,

কংগ্ৰেছে সদায় ‘বিভাজন আৰু শাসন’ সূত্ৰৰে কাম কৰি আহিছে। বাৰে-বাৰে কংগ্ৰেছ দায়িত্বহীন দল বুলি প্ৰমাণিত হৈছে। ই দেশক বিভাজিত কৰিবলৈ নতুন নতুন আখ্যানৰ সৃষ্টি কৰিয়েই আছে। কংগ্ৰেছে ভোটাৰক বিপথে পৰিচালিত কৰাটো কেতিয়াও বন্ধ নকৰে। তেওঁলোকৰ সূত্ৰ স্পষ্টঃ মুছলমানসকলক ভয়ত ৰাখক, ভোট বেংকলৈ ৰূপান্তৰিত কৰক আৰু সেই ভোট বেংকটো শক্তিশালী কৰক। কংগ্ৰেছৰ কৌশল হ’ল হিন্দুৰ এটা জাতিৰ বিৰুদ্ধে আন এটা জাতিক থিয় কৰোঁৱা। তেওঁলোকে জানে যে হিন্দু যিমানেই বিভাজিত হ’ব, সিমানেই তেওঁলোক লাভৱান হ’ব। কংগ্ৰেছে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে হিন্দু সমাজখনক অস্থিৰ কৰি ৰাখিব বিচাৰিছে। ভাৰতৰ য’তেই নিৰ্বাচন অনুষ্ঠিত হয়, তাতেই এই সূত্ৰ প্ৰয়োগ কৰা হয়। কংগ্ৰেছে নিজৰ ভোটবেংক সুৰক্ষিত কৰিবলৈ সমাজত বিষ বিয়পাই দিয়াৰ বাবে সম্ভৱপৰ সকলো উপায় প্ৰয়োগ কৰে। কংগ্ৰেছ সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক আৰু জাতিভিত্তিক ৰাজনীতিত নিয়োজিত। নিৰ্বাচনী সফলতা নিশ্চিত কৰিবলৈ হিন্দু সমাজখনক বিভাজিত কৰাটো কংগ্ৰেছৰ ৰাজনীতিৰ ভেটি হৈ পৰিছে। কংগ্ৰেছে ‘সৰ্ব জন হিতায়া, সৰ্বজন সুখায়া’ (সকলোৰে কল্যাণ)ৰ নীতি লগতে সনাতন পৰম্পৰাকো দমন কৰি আছে। ইমান বছৰে দেশত শাসন কৰি অহা কংগ্ৰেছে এতিয়া ক্ষমতালৈ ঘূৰি আহিবলৈ ইমানেই হাহাকাৰ কৰিছে যে প্ৰতিদিনে ঘৃণাৰ ৰাজনীতিত লিপ্ত হৈছে। আনকি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলো নিজৰ দলৰ অৱস্থা দেখি অসহায় আৰু হতাশ হৈ পৰিছে। ঘৃণাৰ সৰ্ববৃহৎ কাৰখানা হোৱাৰ উপক্ৰম হৈছে কংগ্ৰেছ। স্বাধীনতাৰ ঠিক পিছতেই মহাত্মা গান্ধীয়ে এই কথা উপলব্ধি কৰিছিল, যাৰ বাবে তেওঁ কংগ্ৰেছ ভংগ কৰিব লাগে বুলি কৈছিল। গতিকে আমি সতৰ্ক আৰু সজাগ হৈ থাকিব লাগিব।

 

|

বন্ধুসকল,

মোৰ দৃঢ় বিশ্বাস যে মহাৰাষ্ট্ৰৰ জনসাধাৰণে সমাজক বিভাজিত কৰাৰ প্ৰতিটো প্ৰচেষ্টা বিফল কৰিব। ৰাষ্ট্ৰীয় উন্নয়নক সৰ্বোচ্চ অগ্ৰাধিকাৰ হিচাপে ৰাখি মহাৰাষ্ট্ৰৰ জনসাধাৰণে একত্ৰিত হৈ বিজেপি আৰু মিত্ৰজোঁটৰ বাবে ভোট দিব।

বিজেপিয়ে হাৰিয়ানা জয় কৰাৰ পিছত এতিয়া মহাৰাষ্ট্ৰত আৰু ডাঙৰ জয় নিশ্চিত কৰিব লাগিব।

বন্ধুসকল,

যোৱা ১০ বছৰত আমি দেশৰ উন্নয়নৰ বাবে আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ এক বৃহৎ অভিযান আৰম্ভ কৰিছোঁ। আজি আমি কেৱল অট্টালিকা নিৰ্মাণ কৰাই নহয়; আমি এখন সুস্থ আৰু সমৃদ্ধিশালী মহাৰাষ্ট্ৰৰ ভেটি স্থাপন কৰিছোঁ। ১০ খন নতুন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ একেলগে উদ্বোধন কেৱল নতুন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাই নহয়, লাখ-লাখ লোকৰ জীৱন উন্নত কৰাৰ ‘মহাযজ্ঞ’। থানে-অম্বাৰনাথ, মুম্বাই, নাচিক, জালনা, বুলধনা, হিংগোলী, ৱাছিম, অমৰাৱতী, ভাণ্ডাৰা আৰু গাডচিৰোলিৰ এই চিকিৎসা মহাবিদ্যালয়সমূহে এই জিলাসমূহ আৰু ওচৰৰ অঞ্চলসমূহৰ লাখ-লাখ পৰিয়ালক সেৱা আগবঢ়াব। ফলত মহাৰাষ্ট্ৰত ৯০০ খন নতুন চিকিৎসা আসন সংযোজন কৰা হৈছে। এতিয়া মহাৰাষ্ট্ৰত চিকিৎসা আসনৰ সংখ্যা প্ৰায় ৬ হাজাৰ হ’ব। দেশখনে এইবাৰ লালকিল্লাৰ পৰা চিকিৎসা ক্ষেত্ৰখনত নতুনকৈ ৭৫ হাজাৰ আসন সংযোজন কৰাৰ প্ৰতিশ্ৰুতি দিছে। আজিৰ অনুষ্ঠানটোও সেই দিশত এক ডাঙৰ পদক্ষেপ।

বন্ধুসকল,

আমি চিকিৎসা শিক্ষাক অধিক সুলভ কৰি তুলিছোঁ। ইয়াৰ ফলত মহাৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি হৈছে। দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসক হৈ নিজৰ সপোন পূৰণ কৰাটো আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ। এটা সময়ত এনেধৰণৰ অধ্যয়নৰ বাবে মাতৃভাষাত পাঠ্যপুথিৰ অভাৱ এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। মহাৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ স্বাৰ্থ মনত ৰাখি আমি এই বৈষম্যও আঁতৰাইছো। এতিয়া মহাৰাষ্ট্ৰৰ আমাৰ যুৱক-যুৱতীসকলে মাৰাঠী ভাষাত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিব পাৰিব। মাৰাঠী ভাষাত পঢ়া-শুনা কৰি তেওঁলোকে ডাক্তৰ হোৱাৰ সপোন পূৰণ কৰিবলৈ সক্ষম হ’ব।

বন্ধুসকল,

জীৱন যাত্ৰক সহজ কৰাৰ আমাৰ প্ৰচেষ্টা দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজৰ এক প্ৰধান আহিলা। কংগ্ৰেছৰ দৰে দলসমূহে দৰিদ্ৰতাক নিজৰ ৰাজনীতিৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰিছে। সেইবাবেই তেওঁলোকে দুখীয়াক দৰিদ্ৰতাত ৰাখিছিল। কিন্তু যোৱা এটা দশকৰ ভিতৰত আমাৰ চৰকাৰে ২৫ কোটি লোকক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা উলিয়াই আনিছে। দেশৰ স্বাস্থ্যসেৱা সেৱাৰ ৰূপান্তৰ ইয়াৰ এক প্ৰধান কাৰক হিচাপে পৰিগণিত হৈছে। আজি প্ৰতিজন দৰিদ্ৰ ব্যক্তিৰ হাতত বিনামূলীয়া চিকিৎসাৰ বাবে আয়ুষ্মান কাৰ্ড আছে। এতিয়া ৭০ বছৰৰ ওপৰৰ সকলো নাগৰিকেও বিনামূলীয়া স্বাস্থ্যসেৱা লাভ কৰিছে। অত্যাৱশ্যকীয় ঔষধ জন ঔষধি কেন্দ্ৰত অতি কম দামত উপলব্ধ। হৃদৰোগীৰ বাবে ষ্টেন্ট ৮০-৮৫% সস্তা হৈ পৰিছে। আমি কেন্সাৰ চিকিৎসাৰ বাবেও প্ৰয়োজনীয় ঔষধৰ দাম হ্ৰাস কৰিছোঁ। চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সংখ্যা বৃদ্ধিয়ে চিকিৎসাক অধিক সুলভ কৰি তুলিছে। আজি আটাইতকৈ দৰিদ্ৰ নাগৰিকৰো সামাজিক সুৰক্ষাৰ আৱৰণ শক্তিশালী হৈ পৰিছে।

বন্ধুসকল,

বিশ্বই এখন দেশক তেতিয়াহে বিশ্বাস কৰে, যেতিয়া দেশখনৰ যুৱক-যুৱতীসকল আত্মবিশ্বাসেৰে ভৰা হয়। আজি ভাৰতৰ যুৱক-যুৱতীসকলৰ আত্মবিশ্বাসে দেশৰ উজ্জ্বল ভৱিষ্যতৰ নতুন কাহিনী কৈছে। প্ৰধান ৰাষ্ট্ৰসমূহে এতিয়া ভাৰতক মানৱ সম্পদৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে দেখিছে। আমাৰ যুৱক-যুৱতীসকলৰ বাবে শিক্ষা আৰু স্বাস্থ্যসেৱাৰ পৰা আৰম্ভ কৰি চফ্টৱেৰলৈকে, সমগ্ৰ বিশ্বতে প্ৰতিটো ক্ষেত্ৰতে অপৰিসীম সুযোগ আছে। সেইবাবেই আমি আমাৰ যুৱক-যুৱতীসকলক বিশ্ব মানদণ্ড অনুসৰি দক্ষ কৰি তুলিছোঁ। আজি আমি মহাৰাষ্ট্ৰৰ বিদ্যা সমিতিকেন্দ্ৰৰ দৰে পদক্ষেপ আৰম্ভ কৰিছোঁ। আজি আমি মুম্বাইত ভাৰতীয় দক্ষতা প্ৰতিষ্ঠানো উদ্বোধন কৰিছোঁ। ইয়াত যুৱক-যুৱতীসকলে ভৱিষ্যতমুখী প্ৰশিক্ষণ লাভ কৰিব। বজাৰৰ চাহিদা অনুসৰি তেওঁলোকৰ প্ৰতিভাৰ বিকাশ হ’ব। আমাৰ চৰকাৰেও যুৱক-যুৱতীসকলক পেইড ইন্টাৰ্ণশ্বিপ দিবলৈ আৰম্ভ কৰিছে। ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এতিয়া যুৱক-যুৱতীসকলে ইন্টাৰ্ণশ্বিপ ভাট্টা হিচাপে লাভ কৰিব ৫ হাজাৰ টকা। মই সুখী যে হাজাৰ-হাজাৰ কোম্পানীয়ে এই পদক্ষেপক সমৰ্থন কৰিবলৈ আৰু যুৱক-যুৱতীসকলক ইন্টাৰ্ণশ্বিপ প্ৰদান কৰিবলৈ পঞ্জীয়ন কৰিছে। এই প্ৰচেষ্টাই যুৱক-যুৱতীসকলৰ ভেটি শক্তিশালী কৰিব, তেওঁলোকক নতুন অভিজ্ঞতা প্ৰদান কৰিব আৰু নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব।

ভাই-ভনীসকল,

ভাৰতে নিজৰ যুৱ প্ৰজন্মৰ বাবে যি প্ৰচেষ্টা চলাইছে, তাৰ ফল আজি দৃশ্যমান হৈছে। আজি আমাৰ শিক্ষানুষ্ঠানসমূহ বিশ্বৰ শীৰ্ষস্থানীয় প্ৰতিষ্ঠানসমূহৰ সমান্তৰালভাৱে থিয় হৈ আছে। কালি ঘোষণা কৰা হ’ল বিশ্ব বিশ্ববিদ্যালয় ৰেংকিং। এই ৰেংকিং অনুসৰি ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে উচ্চ শিক্ষা আৰু গৱেষণাৰ মানদণ্ড উন্নত হৈছে।

বন্ধুসকল,

আজি বিশ্বৰ দৃষ্টি ভাৰতৰ ওপৰত। ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। বিশ্ব অৰ্থনীতিৰ ভৱিষ্যৎ এতিয়া ভাৰতৰ সৈতে সংযুক্ত! ভাৰতৰ এই অৰ্থনৈতিক প্ৰগতিয়ে কঢ়িয়াই আনিছে নতুন সুযোগ। দশক-দশক ধৰি কংগ্ৰেছৰ বাবে অৱহেলিত হৈ থকা অঞ্চলসমূহ এতিয়া অপৰিসীম সুযোগৰ উৎস হৈ পৰিছে। উদাহৰণস্বৰূপে পৰ্যটন তেনে এটা ক্ষেত্ৰ। মহাৰাষ্ট্ৰত অমূল্য ঐতিহ্যৰ ঘৰ! ইয়াত সুন্দৰ প্ৰাকৃতিক স্থান আৰু আধ্যাত্মিক কেন্দ্ৰ আছে। এই স্থানসমূহৰ আশে-পাশে বহু কোটি টকীয়া অৰ্থনীতি গঢ়ি তুলিব পৰা গ’লহেঁতেন। কিন্তু এই সুযোগবোৰ যিদৰে ব্যৱহাৰ হ’ব লাগিছিল, তেনেদৰে ব্যৱহাৰ কৰা নহ’ল। ‘বিকাশ’ (উন্নয়ন) বা ‘বিৰাসত’ (ঐতিহ্য)ৰ প্ৰতি কংগ্ৰেছৰ কোনো আগ্ৰহ নাছিল। আমাৰ চৰকাৰৰ ঐতিহ্যৰ উন্নয়ন আৰু সংৰক্ষণ দুয়োটা মনোভাৱেই আছে। আমি আমাৰ চহকী অতীতৰ পৰা প্ৰেৰণা লাভ কৰি এক উজ্জ্বল ভৱিষ্যৎ গঢ়ি তুলিছোঁ। সেইবাবেই আজি আমি শিৰডী বিমানবন্দৰত নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰিছোঁ, নাগপুৰ বিমানবন্দৰ আধুনিকীকৰণ কৰিছোঁ আৰু সমগ্ৰ মহাৰাষ্ট্ৰতে আন বহুতো নিৰন্তৰ উন্নয়নমূলক কাম চলি আছে। শিৰডী বিমানবন্দৰৰ নতুন টাৰ্মিনেলটোৱে সাই বাবাৰ ভক্তসকলৰ বাবে যথেষ্ট সুবিধাৰ সঞ্চাৰ কৰিব। দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ সংখ্যক ভক্তই ভ্ৰমণ কৰিব পাৰিব। কিছুদিন পূৰ্বে উন্নীতকৃত সোলাপুৰ বিমানবন্দৰটোও উদ্বোধন কৰিছিলোঁ। ইয়াৰ ফলত মহাৰাষ্ট্ৰৰ পৰ্যটন অৰ্থনীতি বৃদ্ধি পাব আৰু চাকৰিৰ সুযোগ বৃদ্ধি পাব।

 

|

বন্ধুসকল,

আমাৰ চৰকাৰৰ প্ৰতিটো সিদ্ধান্ত আৰু নীতি মাথোঁ এটা লক্ষ্যৰ বাবে উৎসৰ্গিত— ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)! আৰু ইয়াৰ বাবে আমাৰ দৃষ্টিভংগী হৈছে দৰিদ্ৰ লোক, কৃষক, যুৱক-যুৱতী, মহিলাৰ কল্যাণ। গতিকে প্ৰতিটো উন্নয়নমূলক প্ৰকল্প গাঁও, দুখীয়া, শ্ৰমিক আৰু কৃষকৰ বাবে উৎসৰ্গিত। শিৰডী বিমানবন্দৰত নিৰ্মাণ হৈ থকা সুকীয়া কাৰ্গো কমপ্লেক্স কৃষকসকলৰ বাবে যথেষ্ট সহায়ক হ’ব। এই কমপ্লেক্সৰ জৰিয়তে দেশৰ বাকী অংশ আৰু বিদেশলৈ বিভিন্ন কৃষিজাত সামগ্ৰী প্ৰেৰণ কৰা হ’ব। শিৰডী, লাছলগাঁও, অহিল্যানগৰ আৰু নাচিকৰ কৃষকসকল উপকৃত হ’ব। এই কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী, যেনে পিঁয়াজ, আঙুৰ, ডালিম আদি বৃহৎ বজাৰলৈ সহজেই লৈ যাব পাৰিব।

ভাই-ভনীসকল,

কৃষকৰ স্বাৰ্থত আমাৰ চৰকাৰে অহৰহ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি আছে। আমি বাছমতী চাউলৰ ন্যূনতম ৰপ্তানি মূল্য আঁতৰ কৰিছোঁ। অনা-বাছমতী চাউল ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞাও প্ৰত্যাহাৰ কৰা হৈছে। মহাৰাষ্ট্ৰৰ কৃষকৰ লাভ বৃদ্ধিৰ বাবে আমি পিঁয়াজৰ ওপৰতো ৰপ্তানি কৰ আধালৈ হ্ৰাস কৰিছোঁ।

বন্ধুসকল,

এটা কথা আমি সদায় মনত ৰাখিব লাগিব যে বিৰোধীয়ে ক্ষমতা লাভৰ বাবে মহাৰাষ্ট্ৰক দুৰ্বল কৰিব বিচাৰে, আনহাতে আমাৰ সংকল্প হৈছে মহাৰাষ্ট্ৰক শক্তিশালী কৰা। মই সুখী যে আজি মহাৰাষ্ট্ৰই পুনৰবাৰ দেশৰ প্ৰগতিৰ নেতৃত্ব দিবলৈ আগবাঢ়িছে। আকৌ এবাৰ মহাৰাষ্ট্ৰবাসীলৈ এই সকলোবোৰ উন্নয়নমূলক পদক্ষেপৰ বাবে অভিনন্দন জ্ঞাপন কৰিলোঁ।

আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ!

 

  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 01, 2025

    Nearest Police station
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 01, 2025

    BJP Haryana
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 01, 2025

    PM India
  • Jitender Kumar BJP Haryana State Gurgaon MP and President March 01, 2025

    BJP
  • krishangopal sharma Bjp February 23, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp February 23, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp February 23, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp February 23, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp February 23, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • Dheeraj Thakur January 31, 2025

    जय श्री राम.
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India eyes potential to become a hub for submarine cables, global backbone

Media Coverage

India eyes potential to become a hub for submarine cables, global backbone
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian cricket team on winning ICC Champions Trophy
March 09, 2025

The Prime Minister, Shri Narendra Modi today congratulated Indian cricket team for victory in the ICC Champions Trophy.

Prime Minister posted on X :

"An exceptional game and an exceptional result!

Proud of our cricket team for bringing home the ICC Champions Trophy. They’ve played wonderfully through the tournament. Congratulations to our team for the splendid all around display."