QuoteAugmenting the healthcare infrastructure is our priority, Initiatives relating to the sector launched today will make top-quality and affordable facilities available to the citizens:PM
QuoteIt is a matter of happiness for all of us that today Ayurveda Day is being celebrated in more than 150 countries: PM
QuoteGovernment has set five pillars of health policy:PM
QuoteNow every senior citizen of the country above the age of 70 years will get free treatment in the hospital,Such elderly people will be given Ayushman Vaya Vandana Card:PM
QuoteGovernment is running Mission Indradhanush campaign to prevent deadly diseases: PM
QuoteOur government is saving the money of the countrymen by making maximum use of technology in the health sector: PM

এই অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থসকল, শ্ৰী জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া, মনসুখ মাণ্ডবিয়া ডাঙৰীয়া, প্ৰতাপৰাও যাদৱ ডাঙৰীয়া, শ্ৰীমতী অনুপ্ৰিয়া পেটেল ডাঙৰীয়াণী আৰু শোভা কাৰাণ্ডলাজে ডাঙৰীয়াণী, এই অঞ্চলৰ মোৰ সতীৰ্থ সাংসদ, শ্ৰী ৰামবীৰ সিং বিধুৰি ডাঙৰীয়া, ভিন্ন ৰাজ্যৰপৰা ভাৰ্চুৱেলভাৱে অংশগ্ৰহণ কৰা সন্মানীয় ৰাজ্যপালসকল, সন্মানীয় মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক, আন সকলো সন্মানীয় প্ৰতিনিধি, চিকিৎসক, আয়ুৰ্বেদ আৰু আয়ুষৰ চিকিৎসক তথা দেশৰ ভিন্ন প্ৰান্তৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত স্বাস্থ্য কৰ্মীসকল... স্বাস্থ্য ব্যৱস্থাৰ সৈতে জড়িত ভাই-ভনীসকল, সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ সকলো চিকিৎসক আৰু কৰ্মচাৰী, ভদ্ৰলোক আৰু মহিলাসকল!

আজি সমগ্ৰ ৰাষ্ট্ৰই ধনতেৰাছ আৰু ভগৱান ধন্বন্তৰিৰ জন্ম বাৰ্ষিকী উদযাপন কৰিছে। ধনতেৰাছ আৰু ধন্বন্তৰি জয়ন্তী উপলক্ষে আপোনালোক সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ দিনটোত সমগ্ৰ দেশৰ গৰিষ্ঠ সংখ্যক লোকে নিজ-নিজ ঘৰখনৰ বাবে নতুন কিবা এটা সম্পদ ক্ৰয় কৰে। মই বিশেষকৈ আমাৰ ব্যৱসায়িক সমাজলৈ শুভকামনা জনাইছোঁ। লগতে আপোনালোক সকলোলৈ দীপাৱলীৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ বহুতেই বহু দীপাৱলী দেখিছোঁ, যদিও এই দীপাৱলী ঐতিহাসিক। ৫০০ বছৰৰ পাছত এনে এক সুযোগ লাভ হৈছে... কিয়নো এইবাৰ ৰাম ললাৰ জন্মস্থান অযোধ্যাৰ মন্দিৰত হাজাৰ-হাজাৰ চাকিয়ে এক অভূতপূৰ্ব পৰিবেশৰ সূচনা কৰিব। এইবাৰ দীপাৱলী হ’ব আমাৰ ৰাম আকৌ এবাৰ ঘৰলৈ উভতি অহাৰ পিছত। আৰু ৫০০ বছৰৰ পিছতহে এই অপেক্ষাৰ অন্ত পৰিছে।

 

|

বন্ধুসকল,

আজি ধনতেৰাছৰ দিনা সৌভাগ্য আৰু স্বাস্থ্যৰ উদযাপন কৰা হৈছে। ই ভাৰতীয় সংস্কৃতিৰ জীৱন দৰ্শনৰ প্ৰতীক। আমাৰ ঋষিসকলে কৈছে — आरोग्यम् परमम् भाग्यम्! অৰ্থাৎ স্বাস্থ্যই সৰ্বাধিক সৌভাগ্য, সৰ্বাধিক ধন। প্ৰায়ে কোৱা হয় — স্বাস্থ্য হৈছে ধন। এই প্ৰাচীন চিন্তাধাৰা বৰ্তমান আয়ুৰ্বেদ দিৱস হিচাপে বিশ্বজুৰি প্ৰচলিত। আমাৰ সকলোৰে বাবে আনন্দৰ বিষয় যে আজি ১৫০ খনৰো অধিক দেশত আয়ুৰ্বেদ দিৱস পালন কৰা হৈছে। আয়ুৰ্বেদৰ প্ৰতি বিশ্বব্যাপী আকৰ্ষণ বৃদ্ধিৰ এয়াই প্ৰমাণ! আৰু ইয়াৰদ্বাৰা এখনি নতুন ভাৰতে নিজৰ প্ৰাচীন অভিজ্ঞতাৰে বিশ্বলৈ কিদৰে উল্লেখযোগ্য অৰিহণা যোগাব পাৰে তাকে প্ৰদৰ্শন কৰে।

বন্ধুসকল,

বিগত ১০ বছৰত আয়ুৰ্বেদৰ জ্ঞানক আধুনিক চিকিৎসা বিজ্ঞানৰ সৈতে একত্ৰিতকৰণেৰে স্বাস্থ্যৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সংযোজন ঘটোৱা হৈছে। ইয়াৰ বাবে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদ এক প্ৰধান কেন্দ্ৰত পৰিণত হৈছে। সাত বছৰৰ আগতে আজিৰ দিনটোতে এই প্ৰতিষ্ঠানটোৰ প্ৰথম পৰ্য্যায় উৎসৰ্গা কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ। আজি ভগৱান ধন্বন্তৰি জয়ন্তীত ইয়াৰ দ্বিতীয় পৰ্য্যায়ৰ শুভাৰম্ভ কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। ইয়াত আমি পঞ্চকৰ্মৰ দৰে প্ৰাচীন প্ৰথাৰে আধুনিক প্ৰযুক্তিৰ সংমিশ্ৰণ কাৰ্য্য প্ৰত্যক্ষ কৰিম। আয়ুৰ্বেদ আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰতো উন্নত গৱেষণা হ’ব। ইয়াৰ বাবে দেশৰ সকলো নাগৰিককে অভিনন্দন জনাইছোঁ।

 

|

বন্ধুসকল,

এখন দেশৰ নাগৰিকসকল যিমানেই সুস্থ হ’ব, সিমানেই দেশখনৰ অগ্ৰগতিৰ গতি দ্ৰুত হ’ব। এই কথা মনত ৰাখি কেন্দ্ৰীয় চৰকাৰে স্বাস্থ্য নীতিৰ পাঁচটা স্তম্ভ নিৰ্ধাৰণ কৰি নাগৰিকৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিছে। প্ৰথমটো হৈছে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, অৰ্থাৎ অসুস্থতাৰ পূৰ্বে প্ৰতিৰোধ... দ্বিতীয়টো হৈছে সময়মতে ৰোগ নিৰ্ণয়... তৃতীয়টো হ’ল বিনামূলীয়া আৰু সুলভ চিকিৎসা, সুলভ মূল্যৰ ঔষধ... চতুৰ্থটো হ’ল সৰু চহৰত উন্নত চিকিৎসা... আৰু পঞ্চমটো হ’ল স্বাস্থ্য সেৱাত প্ৰযুক্তিৰ সম্প্ৰসাৰণ। ভাৰতে এতিয়া স্বাস্থ্য খণ্ডক সামগ্ৰিক স্বাস্থ্যসেৱাৰ দৃষ্টিকোণৰে চাইছে। আজি এই অনুষ্ঠানত উক্ত পাঁচোটা স্তম্ভৰ এক শক্তিশালী আভাস প্ৰদৰ্শন কৰা হৈছে। ইয়াত প্ৰায় ১৩ হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্প হয় উদ্বোধন কৰা হৈছে নহয় আধাৰশিলা স্থাপন কৰা হৈছে। আয়ুষ স্বাস্থ্য যোজনাৰ অধীনত চাৰিটা উৎকৃষ্টতাৰ কেন্দ্ৰ... ড্ৰোনৰ জৰিয়তে স্বাস্থ্য সেৱাৰ সম্প্ৰসাৰণ... এইমছ হৃষীকেশত হেলিকপ্টাৰ সেৱা... এইমছ দিল্লী আৰু এইমছ বিলাসপুৰত নতুন আন্তঃগাঁথনি... আন পাঁচ এইমছত সেৱাৰ সম্প্ৰসাৰণ... চিকিৎসা মহাবিদ্যালয় স্থাপন... নাৰ্চিং কলেজৰ আধাৰশিলা... দেশৰ স্বাস্থ্য সেৱাৰ ৰূপান্তৰৰ সৈতে জড়িত অসংখ্য পদক্ষেপ আজি গ্ৰহণ কৰা হৈছে। মই আনন্দিত যে এনে বহু চিকিৎসালয় আমাৰ শ্ৰমিক ভাই-ভনীসকলৰ চিকিৎসাৰ বাবে নিৰ্মাণ কৰা হৈছে। এই চিকিৎসালয়সমূহে আমাৰ শ্ৰমিক শ্ৰেণীৰ বাবে কেন্দ্ৰ হিচাপে কাম কৰিব। আজি উদ্বোধন কৰা ফাৰ্মা ইউনিটসমূহে দেশৰ ভিতৰতে উন্নত ঔষধ, উচ্চমানৰ ষ্টেন্ট, ইমপ্লান্ট আদি উৎপাদন কৰিব। এই ইউনিটসমূহে ভাৰতৰ ফাৰ্মা খণ্ডৰ বৃদ্ধিক ত্বৰান্বিত কৰিব।

বন্ধুসকল,

আমাৰ বেছিভাগেই এনে পটভূমিৰপৰা আহিছোঁ য’ত অসুস্থতাই সমগ্ৰ পৰিয়ালটোকে প্ৰভাৱিত কৰি তোলে। দৰিদ্ৰ গৃহস্থী এখনৰ কোনোবা যদি গুৰুতৰভাৱে অসুস্থ হৈ পৰে, তেতিয়া পৰিয়ালৰ প্ৰতিজন সদস্যৰ ওপৰতে ইয়াৰ প্ৰভাৱ পৰে। এটা সময় আছিল যেতিয়া পৰিয়ালে নিজৰ ঘৰ, মাটি, গহনা বিক্ৰী কৰি চিকিৎসাৰ বাবে ধন দিব লগা হৈছিল। গুৰুতৰ ৰোগৰ চিকিৎসাৰ খৰচৰ কথা শুনিলেই এজন দৰিদ্ৰ লোকৰ আত্মা কঁপি উঠে। বৃদ্ধ মাতৃসকলে চিন্তা কৰে যে তেওঁলোকৰ চিকিৎসাৰ বাবে খৰচ কৰিব নে নাতি-নাতিনীৰ শিক্ষাৰ বাবে খৰচ কৰিব, আনহাতে বৃদ্ধ পিতৃসকলে চিন্তা কৰিব যে তেওঁলোকৰ স্বাস্থ্যৰ বাবে খৰচ কৰিব নে ঘৰ পৰিচালনাত খৰচ কৰিব। ফলস্বৰূপে দৰিদ্ৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে প্ৰায়ে আগুৱাই যোৱাৰ এটাই পথহে দেখিছিলঃ মনে-মনে দুখ সহ্য কৰা, যন্ত্ৰণা সহ্য কৰা আৰু মৃত্যুৰ বাবে মনে-মনে অপেক্ষা কৰা। ধনৰ অভাৱত চিকিৎসাৰ সামৰ্থ্য নোহোৱাৰ অসহায়তাই দৰিদ্ৰ লোকসকলক চেপি ধৰিছিল।

মোৰ দুখীয়া ভাই-ভনীসকলৰ এনে অসহায় অৱস্থা দেখিলে মোৰ সহ্য নহয়। এনেদৰে সেই সহানুভূতিৰপৰা, সেই যন্ত্ৰণাৰপৰা, সেই দুখ-কষ্টৰপৰা, মোৰ দেশবাসীৰ প্ৰতি সম্পূৰ্ণ সমৰ্পণৰ ভাৱনাৰপৰাই আয়ুষ্মান ভাৰত আঁচনিৰ জন্ম হৈছিল। দৰিদ্ৰ লোকৰ চিকিৎসালয়ত ভৰ্তি খৰছ, চিকিৎসাৰ বাবে ৫ লাখ টকা পৰ্য্যন্ত আদায়ৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰে। আজি মই সন্তুষ্ট যে দেশৰ প্ৰায় চাৰি কোটি দৰিদ্ৰ লোক আয়ুষ্মান আঁচনিৰদ্বাৰা উপকৃত হৈছে। এই চাৰি কোটি দৰিদ্ৰ লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, তাৰে কিছুমান ভিন্ন বেমাৰত একাধিকবাৰ ভৰ্তি হৈছিল, এটকাও খৰচ নকৰাকৈ চিকিৎসা লাভ কৰিছিল। আয়ুষ্মান আঁচনিৰ অস্তিত্ব নাথাকিলে এই দুখীয়া লোকসকলে নিজৰ পকেটৰপৰা প্ৰায় ১.২৫ লাখ কোটি টকা দিব লগীয়া হ’লহেঁতেন। দেশৰ ভিন্ন ৰাজ্যৰ আয়ুষ্মান আঁচনিৰ হিতাধিকাৰীসকলক প্ৰায়ে লগ পাওঁ, তেওঁলোকৰ আনন্দ-দুখৰ কথা শুনি, তেওঁলোকৰ অভিজ্ঞতা শুনি, কথা পাতি থাকোঁতে তেওঁলোকৰ চকুৰে ওলোৱা আনন্দৰ চকুলোবোৰ আশীৰ্বাদতকৈ কম নহয়, যাৰ লগত জড়িত সকলোৰে বাবে আশীৰ্বাদতকৈ কম নহয় আয়ুষ্মান আঁচনি, প্ৰতিজন চিকিৎসক আৰু প্ৰতিজন পেৰামেডিকেল কৰ্মচাৰীৰ বাবেই এয়া আশীৰ্বাদ। ইয়াতকৈ ডাঙৰ আশীৰ্বাদ আৰু হ’ব নোৱাৰে।

 

|

এনে সংকটৰপৰা মানুহক উদ্ধাৰ কৰা আঁচনি আগতে কেতিয়াও ৰূপায়ণ হোৱা নাছিল। আজি আয়ুষ্মান আঁচনিৰ সম্প্ৰসাৰণ হোৱাত মই অতিশয় সন্তুষ্টি লাভ কৰিছোঁ। দেশৰ প্ৰতিজন বৃদ্ধ ব্যক্তিয়ে এই কাৰ্য্যসূচী প্ৰত্যক্ষ কৰিছে। নিৰ্বাচনৰ সময়ত মই নিশ্চয়তা দিছিলোঁ যে মোৰ তৃতীয় কাৰ্য্যকালত ৭০ বছৰ উৰ্ধ সকলো বয়োজ্যেষ্ঠ ব্যক্তিক আয়ুষ্মান আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব... আজি ধন্বন্তৰি জয়ন্তীত এই নিশ্চয়তা পূৰণ হৈছে। এতিয়া দেশৰ ৭০ বছৰ উৰ্ধ প্ৰতিজন বৃদ্ধ ব্যক্তিয়ে চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা লাভ কৰিব। এই বৃদ্ধ ব্যক্তিসকলক দিয়া হ’ব আয়ুষ্মান ব্যয় বন্দনা কাৰ্ড। চৰকাৰৰ এই প্ৰচেষ্টা হৈছে ৭০ বছৰ উৰ্ধ প্ৰতিজন বৃদ্ধ ব্যক্তিয়ে যাতে অতি সোনকালে আয়ুষ্মান ব্যয় বন্দনা কাৰ্ড লাভ কৰে। আয়ৰ কোনো বাধা নথকা এই আঁচনি— দৰিদ্ৰ লোকেই হওঁক, মধ্যবিত্ত শ্ৰেণীৰ লোকেই হওঁক, ধনীয়েই হওঁক, সকলো ইয়াৰদ্বাৰা উপকৃত হ’ব পাৰে। এই দেশৰ যিকোনো নাগৰিকে এই আঁচনিৰ সুবিধা ল’ব বিচাৰে যদি তেওঁলোকৰ বয়স ৭০ বছৰ উৰ্ধ হোৱা মাত্ৰেকে ল’ব পাৰিব।

প্ৰতিজন বৃদ্ধ ব্যক্তিয়ে চিন্তাৰপৰা মুক্ত হৈ মৰ্য্যাদাৰে এটি সুস্থ জীৱন-যাপন কৰিব লাগে। সেইখিনি লাভৰ ক্ষেত্ৰত এই আঁচনিখন এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব। আয়ুষ্মান ব্যয় বন্দনা কাৰ্ডৰদ্বাৰা ঘৰৰ খৰচো কমি যাব আৰু তেওঁলোকৰ চিন্তা কমি যাব। এই আঁচনিৰ বাবে সকলো নাগৰিককে অভিনন্দন জনাইছোঁ আৰু ইয়াৰপৰা ৭০ বছৰ উৰ্ধ সকলো বৃদ্ধ লোকলৈ সেৱা জনাইছোঁ। অৱশ্যে দিল্লী আৰু পশ্চিম বংগৰ ৭০ বছৰ উৰ্ধ বৃদ্ধ লোকসকলৰপৰা ক্ষমাও বিচাৰিছোঁ, কাৰণ মই আপোনালোকৰ সেৱা কৰিব নোৱাৰিম। আপোনাসৱক সহায় কৰিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰিছোঁ। আপোনালোকৰ দুখ-কষ্টৰ বিষয়ে মই জানিব পাৰিম, মোক খবৰ দিয়া হ’ব, কিন্তু মই আপোনালোকক সহায় কৰিব নোৱাৰিম আৰু কাৰণটো হ’ল দিল্লী আৰু পশ্চিম বংগৰ চৰকাৰে এই আয়ুষ্মান আঁচনিৰ লগত নিজকে জড়িত কৰা নাই, ৰাজনৈতিক স্বাৰ্থৰ বাবে। নিজৰ ৰাজ্যৰ ৰোগীক দুখ-কষ্ট প্ৰদানৰ এই মনোভাৱ মানৱীয় দৃষ্টিকোণৰপৰা গ্ৰহণযোগ্য নহয়। সেয়ে পশ্চিমবংগ আৰু দিল্লীৰ বৃদ্ধসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ। দেশবাসীৰ সেৱা কৰিবলৈ সক্ষম হওঁ, কিন্তু ৰাজনৈতিক স্বাৰ্থৰ দেৱালে দিল্লী আৰু পশ্চিমবংগৰ বৃদ্ধ লোকসকলক সেৱা কৰিবলৈ বাধা দিয়ে। মোৰ বাবে এইটো কেৱল ৰাজনৈতিক বিষয় নহয়; মই মনত গভীৰ দুখ পাইছোঁ। মই য’ৰপৰা কথা পাতিছোঁ, সেই দিল্লীৰ বৃদ্ধসকলেও মোৰ কথা শুনিছে। মোৰ দুখৰ গভীৰতা মই শব্দৰে প্ৰকাশ কৰিব পৰা নাই।

 

|

বন্ধুসকল,

দৰিদ্ৰ লোকসকলেই হওঁক বা মধ্যবিত্ত শ্ৰেণীৰ লোকেই হওঁক, সকলোৰে চিকিৎসা ব্যয় হ্ৰাস আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে। আজি আমাৰ চৰকাৰে কিমান সংবেদনশীলভাৱে কাম কৰি আছে, তাৰ প্ৰমাণ হৈ আছে সমগ্ৰ দেশৰ ১৪ হাজাৰৰো অধিক পিএম জন ঔষধি কেন্দ্ৰ। এই কেন্দ্ৰসমূহত ৮০ শতাংশ ৰেহাইত ঔষধ উপলব্ধ। এই জন ঔষধি কেন্দ্ৰসমূহ নথকাহেঁতেন দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে অতিৰিক্ত ৩০ হাজাৰ কোটি টকা ঔষধৰ বাবে ব্যয় কৰিবলগীয়া হ’লহেঁতেন, যি তেওঁলোকে এই কেন্দ্ৰসমূহৰপৰা ৮০ শতাংশ ৰেহাইত ঔষধ লাভেৰে ৰাহি কৰিছে।

আপোনাসৱৰ জ্ঞাত যে আমি ষ্টেন্ট আৰু আঁঠুৰ ইমপ্লান্ট সুলভ কৰিছোঁ। আমি এই সিদ্ধান্তসমূহ নোলোৱা হ’লে যিসকলে এই অপাৰেচনসমূহ কৰিছে তেওঁলোকে অতিৰিক্ত ৮০ হাজাৰ কোটি টকা ব্যয় কৰিবলগীয়া হ’লহেঁতেন। এয়া আমাৰ প্ৰচেষ্টাৰেই ফল যে তেওঁলোকৰ ৮০ হাজাৰ কোটি টকা ৰাহি হৈছে। বিনামূলীয়া ডায়েলাইছিছ আঁচনিৰ জৰিয়তে লাখ-লাখ ৰোগীৰো হাজাৰ-হাজাৰ কোটি টকা ৰাহি হৈছে। আমাৰ চৰকাৰে জীৱনলৈ ভাবুকি কঢ়িয়াই অনা ৰোগ প্ৰতিৰোধৰ বাবে মিছন ইন্দ্ৰধনুষ অভিযান অব্যাহত ৰাখিছে। ইয়াৰ জৰিয়তে গৰ্ভৱতী আৰু নৱজাতকৰ জীৱন ৰক্ষাই নহয়, বৰঞ্চ তেওঁলোক গুৰুতৰ ৰোগৰপৰাও ৰক্ষা পৰিছে। মই নিশ্চিত কৰিম খুজিছোঁ যে মোৰ দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণী যাতে ব্যয়বহুল চিকিৎসাৰ বোজাৰপৰা মুক্ত হয় আৰু দেশখন এই দিশত আগবাঢ়িছে।

বন্ধুসকল,

আপোনাসৱৰ জ্ঞাত যে অসুস্থতাৰ ফলত হোৱা অসুবিধা আৰু বিপদ লাঘৱ কৰিবলৈ সময়মতে ৰোগ নিৰ্ণয় কৰাটো অতিশয় প্ৰয়োজনীয়। যদি কোনো এজন লোক অসুস্থ হৈ পৰে, তেন্তে তেওঁলোকে দ্ৰুত পৰীক্ষা আৰু তৎকালীন চিকিৎসাৰ সুবিধা লাভ কৰিব লাগে। ইয়াৰ সুবিধাৰ বাবে সমগ্ৰ দেশতে ২ লাখৰো অধিক আয়ুষমান আৰোগ্য মন্দিৰ মুকলি কৰা হৈছে। আজি এই আৰোগ্য মন্দিৰত কোটি-কোটি লোকে সহজেই কেন্সাৰ, ৰক্তচাপ, ডায়েবেটিছৰ দৰে ৰোগৰ পৰীক্ষাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। এই সহজ পৰীক্ষাৰ ফলত চিকিৎসা সময়মতে আৰম্ভ কৰিবপৰা হৈছে, যাৰ ফলত জনসাধাৰণৰ ধন ৰাহি হৈছে।

আমাৰ চৰকাৰে স্বাস্থ্য খণ্ডত প্ৰযুক্তিৰ সৰ্বাধিক ব্যৱহাৰৰ জৰিয়তেও নাগৰিকৰ ধন ৰাহি কৰিছে। ই-সঞ্জীৱনী আঁচনিৰ অধীনত ৩০ কোটি লোকে—এয়া কম নহয়—চিকিৎসকৰপৰা অনলাইন পৰামৰ্শ লাভ কৰিছে। চিকিৎসকৰ বিনামূলীয়া আৰু সঠিক পৰামৰ্শই তেওঁলোকৰ বহু ধন ৰাহি কৰিছে। আজি আমি ইউ-উইন প্লেটফৰ্মো মুকলি কৰিছোঁ। এই প্লেটফৰ্মৰ জৰিয়তে ভাৰতৰ নিজা প্ৰযুক্তিগতভাৱে উন্নত ইন্টাৰফেচ থাকিব। ক’ভিড-১৯ মহামাৰীৰ সময়ত আমাৰ ক’-উইন প্লেটফৰ্মৰ সফলতা বিশ্বজুৰি প্ৰত্যক্ষ হৈছে। ইউপিআই পেমেন্ট ব্যৱস্থাৰ সফলতাও এক বৈশ্বিক কাহিনীত পৰিণত হৈছে। ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ (DPI)ৰ জৰিয়তে এতিয়া স্বাস্থ্য খণ্ডত সেই সফলতা ভাৰতে অৰ্জন কৰিছে।

 

|

বন্ধুসকল,

স্বাধীনতাৰ পিছৰ ৬-৭ দশকত স্বাস্থ্য খণ্ডত যি কাম কৰা নহৈছিল, সেই কাম যোৱা ১০ বছৰত সম্পন্ন হৈছে। বিগত দশকত দেশত অভিলেখ সংখ্যক নতুন এইমছ আৰু চিকিৎসা মহাবিদ্যালয় মুকলি কৰা হৈছে। আজি এই কাৰ্য্যসূচীতে কৰ্ণাটক, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আদি ৰাজ্যত কেইবাখনো চিকিৎসালয় উদ্বোধন কৰা হৈছে। কৰ্ণাটকৰ নৰছাপুৰ আৰু বোম্মাচন্দ্ৰ, মধ্যপ্ৰদেশৰ পিঠামপুৰ, অন্ধ্ৰ প্ৰদেশৰ আচুতপুৰম, হাৰিয়ানাৰ ফৰিদাবাদত নতুন চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰা হৈছে। উত্তৰ প্ৰদেশৰ মিৰাটতো নতুন ইএছআইচি চিকিৎসালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছে। ইন্দোৰতো উদ্বোধন কৰা হৈছে এখন চিকিৎসালয়। চিকিৎসালয়ৰ সংখ্যা বৃদ্ধিয়ে ইংগিত দিয়ে যে চিকিৎসা পাঠ্যক্ৰমৰ আসনৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে। মই বিচাৰোঁ কোনো দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে, যিয়ে ডাক্তৰ হোৱাৰ সপোন দেখিছে, সেই সপোনৰপৰা আঁতৰি আহিব নালাগে। সপোনৰ নিজস্ব শক্তি থাকে আৰু কেতিয়াবা প্ৰেৰণাৰ উৎস হ’ব পাৰে। মই বিচাৰোঁ কোনো মধ্যবিত্ত  ছাত্ৰ-ছাত্ৰী যাতে আৰ্থিক অসুবিধাৰ বাবে চিকিৎসা পাঠ্যক্ৰম গ্ৰহণৰ অৰ্থে বহিঃৰাষ্ট্ৰলৈ যাবলগীয়া নহয়। সেইবাবেই বিগত ১০ বছৰে ভাৰতত চিকিৎসাৰ আসন বৃদ্ধিৰ অভিযান অব্যাহত আছে। যোৱা দশকত প্ৰায় এক লাখ নতুন এমবিবিএছ আৰু এমডি আসন সংযোজিত হৈছে। এইবাৰ লালকিল্লাৰপৰা ঘোষণা কৰিছোঁ যে অহা পাঁচ বছৰত চিকিৎসা ক্ষেত্ৰখনত আৰু ৭৫ হাজাৰ নতুন আসন যোগ কৰিম। কল্পনা কৰকচোন, গাঁৱে-ভূঞে চিকিৎসকৰ সুবিধা কিমান বাঢ়িব।

বন্ধুসকল,

আজি আমাৰ দেশত ৭ লাখ ৫০ হাজাৰৰো অধিক পঞ্জীয়নভুক্ত আয়ুষ প্ৰেকটিচনাৰ আছে। আমি এই সংখ্যা বৃদ্ধি কৰিব লাগিব। এই ক্ষেত্ৰত কাম অব্যাহত আছে। বিশ্বই এতিয়া ভাৰতক চিকিৎসা আৰু সুস্থতা পৰ্যটনৰ এক প্ৰধান কেন্দ্ৰ হিচাপে প্ৰত্যক্ষ কৰিছে। সমগ্ৰ বিশ্বৰপৰা লোক ভাৰতলৈ যোগাসন, পঞ্চকৰ্ম, ধ্যান-ধাৰণাৰ বাবে আহে। আগন্তুক সময়ত এই সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাব। ইয়াৰ বাবে আমাৰ যুৱক-যুৱতী আৰু আমাৰ আয়ুষ প্ৰেকটিচনাৰসকল সাজু হোৱাটো প্ৰয়োজন। প্ৰতিৰোধমূলক হৃদৰোগ, আয়ুৰ্বেদিক অৰ্থপেডিক্স, আয়ুৰ্বেদিক চিকিৎসা আৰু আয়ুৰ্বেদিক পুনৰ্বাসন কেন্দ্ৰ— অসংখ্য ক্ষেত্ৰ আছে য’ত আয়ুষৰ চিকিৎসকসকলৰ বাবে অপৰিসীম সুযোগ আছে, কেৱল ভাৰততে নহয়, ভিন্ন দেশতো। আমাৰ যুৱক-যুৱতীসকলে এই সুযোগসমূহৰ মাজেৰে আগবাঢ়ি যোৱাই নহয়, উল্লেখযোগ্যভাৱে মানৱতাৰ সেৱাও কৰিব।

বন্ধুসকল,

একবিংশ শতিকাত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত বিজ্ঞানে অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে। এসময়ত নিৰাময় কৰিব নোৱাৰা বুলি গণ্য কৰা ৰোগৰ এতিয়া চিকিৎসা উপলব্ধ হৈছে। চিকিৎসাৰ লগতে সুস্থতাকো বিশ্বই মূল্য দিছে। সুস্থতা আৰু স্বাস্থ্যৰ কথা আহিলে ভাৰতৰ হাজাৰ-হাজাৰ বছৰৰ অভিজ্ঞতা আছে। আধুনিক বিজ্ঞানৰ আলোকেৰে আমাৰ প্ৰাচীন জ্ঞানক বৈধতা প্ৰদানৰ সময় এতিয়া। সেইবাবেই মই প্ৰমাণভিত্তিক আয়ুৰ্বেদত অহৰহ গুৰুত্ব দিওঁ। আয়ুৰ্বেদত ব্যক্তিগতকৃত চিকিৎসা প্ৰট’কলৰ গভীৰ জ্ঞান আছে; কিন্তু আধুনিক বৈজ্ঞানিক দৃষ্টিকোণৰপৰা এই ক্ষেত্ৰত এতিয়াও সুনিৰ্দিষ্টভাৱে কাম কৰা হোৱা নাই। এই দিশত দেশে এক উল্লেখযোগ্য অভিযান আৰম্ভ কৰিছে বুলি জনাবলৈ পাই সুখী হৈছোঁ। এই অভিযান হৈছে ‘প্ৰকৃতি পৰীক্ষা অভিযান’ (প্ৰকৃতি পৰীক্ষণ অভিযান)! কাৰণ আমি দেখিবলৈ পাওঁ যে যেতিয়া কোনো ৰোগী আয়ুৰ্বেদৰ জৰিয়তে সুস্থ হৈ উঠে তেতিয়া ফলাফল দেখা যায়, কিন্তু প্ৰমাণ পোৱা নাযায়। বিশ্ব স্বাস্থ্যৰ বাবে বনৌষধি আমাৰ হাতত আছে বুলি বিশ্বক দেখুৱাবলৈ আমাক ফলাফল আৰু প্ৰমাণ উভয়ৰে প্ৰয়োজন। এই অভিযানৰ অধীনত আমি আয়ুৰ্বেদৰ নীতিৰ ভিত্তিত প্ৰতিজন ব্যক্তিৰ বাবে আদৰ্শ জীৱনশৈলীৰ ডিজাইন কৰিব পাৰোঁ। ৰোগৰ প্ৰভাৱৰ আগতে আমি ব্যক্তিৰ বাবে বিপদ বিশ্লেষণ কৰিব পাৰোঁ। মই বিশ্বাস কৰোঁ যে এই দিশত ইতিবাচক অগ্ৰগতিয়ে আমাৰ স্বাস্থ্য খণ্ডক সম্পূৰ্ণৰূপে পুনৰ সংজ্ঞায়িত কৰিব পাৰে। আমি বিশ্বক স্বাস্থ্যসেৱাৰ এক নতুন দৃষ্টিভংগী আগবঢ়াব পাৰোঁ।

 

|

বন্ধুসকল,

আধুনিক চিকিৎসা বিজ্ঞানৰ সফলতাৰ আন এটা উল্লেখযোগ্য কাৰণ হ’ল প্ৰতিটো নীতিৰ লেব বৈধকৰণ। আমাৰ পৰম্পৰাগত স্বাস্থ্যসেৱা ব্যৱস্থায়ো এই মাপকাঠী পৰিপূৰণ কৰাটো প্ৰয়োজন। অশ্বগন্ধা, হালধি, ক’লা জালুক— আমি প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ভিন্ন চিকিৎসাৰ বাবে কিমান বনৌষধি ব্যৱহাৰ কৰি আহিছোঁ। এতিয়া উচ্চ প্ৰভাৱৰ অধ্যয়নে ইয়াৰ উপযোগিতা প্ৰমাণ কৰিছে। ফলত বিশ্বজুৰি অশ্বগন্ধাৰ দৰে বনৌষধিৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই দশকৰ শেষলৈকে অশ্বগন্ধাৰ বজাৰখন প্ৰায় ২.৫ বিলিয়ন ডলাৰৰ হ’ব বুলি আশা কৰা হৈছে। আপোনাসৱে কল্পনা কৰিব পাৰে যে আমি লেব বৈধকৰণৰ জৰিয়তে এই বনৌষধিসমূহৰ মূল্য কিমান বৃদ্ধি কৰিব পাৰোঁ! আমি এখন বিশাল বজাৰ সৃষ্টি কৰিব পাৰোঁ!

সেয়েহে বন্ধুসকল,

আয়ুষৰ সফলতাৰ প্ৰভাৱ কেৱল স্বাস্থ্য খণ্ডতে সীমাবদ্ধ নহয়। ই ভাৰতত নতুন সুযোগ সৃষ্টিৰ লগতে বিশ্ব কল্যাণমূলক প্ৰচেষ্টাকো সমৰ্থন আগবঢ়াইছে। দহ বছৰৰ ভিতৰতে আয়ুষ দেশৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা খণ্ডত পৰিণত হৈছে। ২০১৪ত আয়ুষৰ সৈতে জড়িত উৎপাদন খণ্ডৰ মূল্য আছিল ৩ বিলিয়ন ডলাৰ; আজি ই প্ৰায় ২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। অৰ্থাৎ দহ বছৰত ৮ গুণ বৃদ্ধি। সেইবাবেই আজি দেশৰ যুৱক-যুৱতীসকলে আৰম্ভ কৰিছে নতুন-নতুন আয়ুষ ষ্টাৰ্ট-আপ। বৰ্তমান দেশত ৯০০ ৰো অধিক আয়ুষ ষ্টাৰ্ট-আপে পৰম্পৰাগত সামগ্ৰী, প্ৰযুক্তি-চালিত নতুন সামগ্ৰী আৰু নতুন সেৱাৰ ওপৰত কাম কৰি আছে। আজি ভাৰতে ১৫০ খন দেশলৈ কোটি-কোটি টকা মূল্যৰ আয়ুষৰ সামগ্ৰী ৰপ্তানি কৰি আছে। ইয়াৰদ্বাৰা আমাৰ কৃষকসকল পোনপটীয়াকৈ উপকৃত হৈছে। এসময়ত স্থানীয় বজাৰত সীমাবদ্ধ হৈ থকা বনৌষধি আৰু ছুপাৰফুডে এতিয়া বিশ্বৰ বজাৰত প্ৰৱেশ কৰিছে।

বন্ধুসকল,

এই পৰিৱৰ্তিত পৰিবেশৰ সুবিধা কৃষক ৰাইজৰ বাবে সৰ্বাধিক কৰিবলৈ চৰকাৰে বনৌষধি উৎপাদনকো প্ৰোৎসাহিত কৰিছে। নমামি গংগা প্ৰকল্পৰ অধীনত গংগাৰ পাৰত প্ৰাকৃতিক কৃষি আৰু বনৌষধি উৎপাদনক উৎসাহিত কৰা হৈছে।

বন্ধুসকল,

আমাৰ ৰাষ্ট্ৰীয় চৰিত্ৰ আৰু সামাজিক তন্ত্ৰৰ সাৰমৰ্ম এই বাক্যশাৰীত নিহিত হৈ আছেঃ “सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयः” সকলো সুখী হওঁক; সকলো অসুস্থতাৰপৰা মুক্ত হওঁক। বিগত দহ বছৰত আমি এই আৱেগক ‘সবকা সাথ, সবকা বিকাশ’ৰ মন্ত্ৰ অনুসৰণেৰে দেশৰ নীতিৰ সৈতে সংযোগ কৰিছোঁ। আগন্তুক ২৫ বছৰত স্বাস্থ্য খণ্ডত আমি গ্ৰহণ কৰা প্ৰচেষ্টাই এখনি ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)ৰ বাবে এক সুদৃঢ় ভেটি স্থাপন কৰিব। মোৰ বিশ্বাস যে ভগৱান ধন্বন্তৰিৰ আশীৰ্বাদত আমি নিশ্চিতভাৱে এখনি ‘নিৰাময় ভাৰত’ (সুস্থ ভাৰত)ৰ লগতে ‘বিকশিত ভাৰত’ৰ সপোন পূৰণ কৰিম।

 

|

আৰু বন্ধুসকল,

যেতিয়া মই ফলাফল আৰু প্ৰমাণৰ কথা কওঁ, তেতিয়া আমি আয়ুৰ্বেদৰ সৈতে জড়িত আমাৰ দেশৰ বিশাল পাণ্ডুলিপি ঐতিহ্য সংৰক্ষণৰ বাবে উল্লেখযোগ্য প্ৰচেষ্টা চলাবলৈ ওলাইছোঁ। এনে পাণ্ডুলিপি বহু স্থানত সিঁচৰতি হৈ আছে। এতিয়া দেশখন এই ঐতিহ্য সংৰক্ষণৰ বাবে মিছন মোডত কাম কৰিবলৈ সাজু হৈছে। এই সকলো জ্ঞানৰ সম্পদ শিলত লিখা, তাম্ৰপত্ৰত লিখা বা হাতেৰে লিখা পাণ্ডুলিপিত পোৱা যাব পাৰে। আমি এই সকলোবোৰ সংগ্ৰহ কৰাৰ লক্ষ্য ৰাখিছোঁ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ এই যুগত ইয়াক প্ৰযুক্তিৰ সৈতে সংযোগেৰে সেই জ্ঞানৰপৰা নতুন অন্তৰ্দৃষ্টি আহৰণৰ লক্ষ্য ৰাখিছোঁ। সেই দিশত আমি এক উল্লেখযোগ্য প্ৰচেষ্টা হাতত লৈছোঁ।

বন্ধুসকল,

এই উপলক্ষে দেশৰ ৭০ বছৰ উৰ্ধ সকলো সন্মানীয় বয়োজ্যেষ্ঠ লোকলৈ পুনৰবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।

ধন্যবাদ!

 

  • Jitendra Kumar April 29, 2025

    ❤️🇮🇳🙏🙏
  • Shubhendra Singh Gaur February 24, 2025

    जय श्री राम ।
  • Shubhendra Singh Gaur February 24, 2025

    जय श्री राम
  • krishangopal sharma Bjp January 13, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌷🌷🌷🌷🌹🌷🌷🌷🌷🌹🌷🌷🌹🌷🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp January 13, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌷🌷🌷🌷🌹🌷🌷🌷🌷🌹🌷🌷🌹🌷🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp January 13, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌷🌷🌷🌷🌹🌷🌷🌷🌷🌹🌷🌷🌹🌷🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • Ganesh Dhore January 02, 2025

    Jay Bharat 🇮🇳🇮🇳
  • Avdhesh Saraswat December 27, 2024

    NAMO NAMO
  • Vivek Kumar Gupta December 25, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta December 25, 2024

    नमो .......................🙏🙏🙏🙏🙏
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India’s Economy Offers Big Opportunities In Times Of Global Slowdown: BlackBerry CEO

Media Coverage

India’s Economy Offers Big Opportunities In Times Of Global Slowdown: BlackBerry CEO
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives due to the collapse of a wall in Visakhapatnam, Andhra Pradesh
April 30, 2025
QuotePM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today condoled the loss of lives due to the collapse of a wall in Visakhapatnam, Andhra Pradesh. He announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased and Rs. 50,000 to the injured.

The PMO India handle in post on X said:

“Deeply saddened by the loss of lives due to the collapse of a wall in Visakhapatnam, Andhra Pradesh. Condolences to those who have lost their loved ones. May the injured recover soon.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”