QuotePM also inaugurates the New Exhibition Complex at Pragati Maidan
Quote“With the resolve of Aatmnirbhar Bharat, the foundation of India for the next 25 years is being laid”
Quote“People of India, Indian industry, Indian business, Indian manufacturers, Indian farmers are at the centre of this great campaign of Gati Shakti”
Quote“We have not only developed a work culture of completing the projects in time but efforts are to complete the projects ahead of time”
Quote“With the whole-of-government approach, the collective power of the government is being channelled into fulfilling the schemes”
Quote“Gati Shakti is an extension of holistic governance”

নমস্কাৰ!

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰী নিতিন গাডকাৰী জী, শ্ৰী পীযুষ গোয়েল জী, শ্ৰী হৰদীপ সিংহ পুৰী জী, শ্ৰী সৰ্বানন্দ সোণোৱাল জী, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী, শ্ৰী অশ্বিনী বৈষ্ণৱ জী, শ্ৰী ৰাজ কুমাৰ সিংহ জী, বেলেগ বেলেগ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী, লেফ্টেনেণ্ট গৱৰ্নৰ্ছ, ৰাজ্য মন্ত্ৰীসভাৰ সদস্য, উদ্যোগ জগতৰ বন্ধু, অন্য মহানুভৱ আৰু মোৰ মৰমৰ ভাই আৰু ভনীসকল,

আজি দুৰ্গা অষ্টমী। সমগ্ৰ দেশতে আজি শক্তি স্বৰূপাৰ পূজা হৈ আছে, কন্যা পূজন হৈ আছে। আৰু শক্তিৰ উপাসনাৰ এই পূণ্য উপলক্ষত দেশৰ প্ৰগতিৰ গতিকো শক্তি দিয়াৰ শুভ-কাৰ্য হৈ আছে।

এই সময় ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰৰ, স্বাধীনতাৰ অমৃত কালৰ। আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পৰ সৈতে আমি, অহা ২৫ বছৰৰ ভাৰতৰ ভেটী ৰচনা কৰি আছো। পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনে ভাৰতৰ এই আত্মবলক, আত্মবিশ্বাসক, আত্মনিৰ্ভৰতাৰ সংকল্পলৈ লৈ যোৱাৰ পথত। এই নেচনেল মাষ্টাৰ প্লেনে ২১ শতিকাৰ ভাৰতক গতিশক্তি দিব। নেকষ্ট জেনেৰেচন ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু মাল্টিমডেল কানেক্টিভিটিয়ে এই নেচনেল প্লেনৰ পৰা গতিশক্তি পাব। ইনফ্ৰাষ্ট্ৰাকচাৰৰ সৈতে জড়িত চৰকাৰী নীতিসমূহত প্লেনিঙৰ পৰা আৰম্ভ কৰি এক্জিকিউচনলৈকে সকলোকে এই নেচনেল প্লেনে গতি শক্তি দিব। চৰকাৰৰ প্ৰজেক্টছ নিৰ্ধাৰণ সময়সীমাৰ ভিতৰত সম্পূৰ্ণ হওক, তাৰ বাবে এই গতি শক্তি নেচনেল প্লেনে সঠিক তথ্য আৰু সঠিক পথ প্ৰদৰ্শন কৰিব। 

|

গতি শক্তিৰ এই মহা অভিযানৰ কেন্দ্ৰত আছে ভাৰতৰ জনসাধাৰণ, ভাৰতৰ ইণ্ডাষ্ট্ৰী, ভাৰতৰ বাণিজ্য জগত, ভাৰতৰ মেনুফেকচাৰাৰ্ছ, ভাৰতৰ কৃষক, ভাৰতৰ গাঁও। ই ভাৰতৰ বৰ্তমান আৰু অনাগত প্ৰজন্মক ২১ শতিকাৰ ভাৰতৰ নিৰ্মাণৰ বাবে নতুন শক্তি দিব, তেওঁলোকৰ ৰাস্তাৰ অৱৰোধ সমাপ্ত কৰিব। এয়া মোৰ সৌভাগ্য যে আজিৰ এই পৱিত্ৰ দিনত পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনইয়াৰ শুভাৰম্ভ কৰাৰ মই সুযোগ পাইছো।

বন্ধুসকল,

আজিয়েই ইয়াত প্ৰগতি মৈদানত হৈ থকা International Exhibition-cum-Convention Centreৰ ৪টা প্ৰদৰ্শনী হলৰ লোকাৰ্পণো হৈছে। দিল্লীত আধুনিক ইনফ্ৰাৰে জড়িত ইও এক বিশেষ পদক্ষেপ। এই Exhibition Centresয়ে আমাৰ MSMEs, আমাৰ হেণ্ডিক্ৰাফ্ট, আমাৰ কুটীৰ উদ্যোগক নিজৰ প্ৰডাক্টছ, বিশ্বৰ বজাৰৰ বাবে ছ'কেশ্ব কৰা, গ্ল'বেল মাৰ্কেটলৈকে নিজৰ উপস্থিতি বঢ়োৱাত বহুত ডাঙৰ সহায় কৰিব। মই দিল্লীৰ জনসাধাৰণক, দেশৰ জনসাধাৰণক বহুত অভিনন্দন জনাইছো, শুভকামনা জনাইছো।

বন্ধুসকল,

আমাৰ ইয়াত দশক দশক ধৰি চৰকাৰী ব্যৱস্থাবিলাকে যেনেকৈ কাম কৰিলে, তাৰ ফলত চৰকাৰী শব্দ আহিলেই মানুহৰ মনলৈ আহিছিল, বেয়া কোৱালিটী, কামত বছৰ বছৰ ধৰি পলম, অকাৰণতে বাধা, জনতাৰ পইচাৰ অপমান। মই অপমান বুলি এই কাৰণেই কৈছো কিয়নো যি টেক্সৰ ৰূপত দেশৰ জনসাধাৰণে চৰকাৰক দিয়ে, সেই পইচাৰ ব্যৱহাৰ কৰাৰ সময়ত, চৰকাৰৰ এইটো চিন্তাই নহৈছিল যে এপইচাও নষ্ট হ'ব নালাগে। সকলো এনেদৰেই চলি আছিল। দেশবাসীও অভ্যস্ত হৈ পৰিছিল যে দেশ এনেদৰেই চলিব। তেওঁলোক বিব্ৰত হৈছিল, অন্য দেশৰ প্ৰগতি দেখি উদাস হৈছিল আৰু এই ভাবনাৰে ভৰি পৰিছিল যে একো সলনি হ'ব নোৱাৰে। যেনেকৈ এতিয়া আমি ভিডিঅ'তো দেখি আছিলো, প্ৰত্যেক ঠাইত দেখিবলৈ পাইছিলো -Work In Progress. কিন্তু সেই কাম কেতিয়াবা সম্পূৰ্ণ হ'ব নে নহয়, সময়ত সম্পূৰ্ণ হ'ব নে নহয়, ইয়াক লৈ কোনো বিশ্বাস জনতাৰ মনত নাছিল। Work in Progressৰ ব'ৰ্ড, এক প্ৰকাৰৰ অবিশ্বাসৰ প্ৰতীক হৈ পৰিছিল। এনেকুৱা স্থিতিত দেশে প্ৰগতি কেনেকৈ কৰিব? প্ৰগতিও তেতিয়াহে স্বীকাৰ কৰা যাব যেতিয়া তাত গতি থাকিব, গতিৰ বাবে এক অধীৰতা থাকিব, গতিৰ বাবে সামূহিক প্ৰয়াস থাকিব।

|

আজি ২১শ শতিকাৰ ভাৰতে চৰকাৰী ব্যৱস্থাবিলাকৰ সেই পুৰণি ধাৰণা পিছপেলাই থৈ আগবাঢ়ি গৈছে। আজিৰ মন্ত্ৰ হৈছে -Will for Progress. Work for Progress.Wealth for Progress. Plan for progress. Preference for progress. আমি কেৱল পৰিকল্পনাবিলাক নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ work-culture বিকশিত কৰা নাই, বৰং আজি সময়ৰ পূৰ্বে প্ৰজেক্টছ সম্পূৰ্ণ কৰাৰ প্ৰয়াস হৈ আছে। যদি আজি ভাৰতে আধুনিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ নিৰ্মাণৰ বাবে অধিক Investment কৰিবৰ বাবে সংকল্পবদ্ধ, তেন্তে আজিৰ ভাৰতে তেনে প্ৰতিটো পদক্ষেপো দিছে যাৰ ফলত প্ৰজেক্টছত পলম নহয়, বাধা নাহে, কাম সময়মতে সম্পূৰ্ণ হয়।

বন্ধুসকল,

দেশৰ সাধাৰণ মানুহে এটা সৰু ঘৰ বনালেও, তাৰ বাবে নিখুঁট প্লেনিং কৰে। কোনো ডাঙৰ ইউনিভাৰছিটী নিৰ্মাণ হ'বলৈ, কোনো কলেজ নিৰ্মাণ কৰিবলগীয়া হ'লে, তেতিয়াও সম্পূৰ্ণ প্লেনিঙেৰে সজা হয়। সময়ে সময়ে তাৰ বিস্তাৰৰ সম্ভাৱনাও প্ৰথমৰে পৰা ভাবি লোৱা হয়। আৰু ই এই ক্ষেত্ৰত প্ৰত্যেকৰে অনুভৱ, প্ৰত্যেকৰে এই অনুভৱেৰে আপুনি আগবাঢ়ে, কিন্তু দুৰ্ভাগ্যবশতঃ আমি, ভাৰতত ইনফ্ৰাষ্ট্ৰাকচাৰৰ সৈতে জড়িত প্ৰজেক্টছত Comprehensive Planningৰে জড়িত বহুতো নাটনি নিতৌ অনুভৱ কৰো। কম-বেছি য'ত হৈছে, তেতিয়াও আমি দেখিছো যে ৰে'লৱেই নিজৰ প্লেনিং কৰি আছে, ৰোড ট্ৰেন্সপ'ৰ্ট ডিপাৰ্টমেণ্টে নিজৰ প্লেনিং কৰি আছে, টেলিকম ডিপাৰ্টমেণ্টৰ নিজৰ প্লেনিং থাকে, গেছ নেটৱৰ্কৰ কাম বেলেগ প্লেনিঙেৰে হৈ আছে। এনেকৈয়ে বহুত ডিপাৰ্টমেণ্টে বেলেগ বেলেগ প্লেনিং কৰে।

আমি সকলোৱে এয়াও দেখিছো যে আগতে ক'ৰবাত পথ নিৰ্মাণ হয়, পথ সম্পূৰ্ণ নিৰ্মাণ হৈ যায়। আৰু আকৌ সেই পানীৰ ডিপাৰ্টমেণ্ট আহিব, তেওঁলোকে পানীৰ পাইপৰ বাবে আকৌ গাঁত খান্দে, আকৌ পানীৰ মানুহ আহে, এনেকৈয়ে কাম হৈ থাকে। এনেকুৱাও হয় যে ৰাস্তা বনোৱা মানুহে ডিভাইডাৰ বনায় আৰু আকৌ ট্ৰেফিক পুলিচে কয় যে ইয়াৰ বাবে তো জাম লাগিয়েই থাকিব, ডিভাইডাৰ আঁতৰাব লাগে। কেতিয়াবা চাৰিআলিত চাৰ্কোল বনাই দিয়া হয়, তেতিয়া ট্ৰেফিক সুচাৰুৰূপে চলাৰ সলনি তাত অব্যৱস্থা হ'বলৈ ধৰে। আৰু আমি দেশজুৰি এনেকুৱা হৈ থকা দেখিছো। এনে পৰিস্থিতিৰ মাজত, যেতিয়া সকলো প্ৰজেক্টছক ছিংক্ৰ'নাইজ কৰাৰ দৰকাৰ হয়, তেতিয়া তাৰ বাবে বহুত বেছি  Effort কৰিবলগীয়া হয়। বিনষ্ট হোৱাটো ঠিক কৰাত বহুত মেহনত লাগে।

|

বন্ধুসকল,

এই যিমানেই সংকটবোৰ আছে, তাৰ মূল কাৰণটো হৈছে Macro Planning আৰু Micro-Implementationত আকাশ-পাতালৰ ব্যৱধান থাকে। বেলেগ বেলেগ বিভাগে গম নাপায় যে কোন বিভাগে কোনটো প্ৰজেক্ট ক'ত আৰম্ভ কৰাৰ প্ৰস্তুতি চলাই আছে। ৰাজ্যসমূহৰ ওচৰতো এনেকুৱা তথ্য advance নাথাকে। এনেকুৱা silosৰ কাৰণে, নিৰ্ণয় প্ৰক্ৰিয়াও প্ৰভাৱিত হয় আৰু বাজেটৰো অপচয় হয়। সবাতোকৈ ডাঙৰ লোকচান এইটো হয় যে শক্তি লগোৱাৰ সলনি, শক্তি multiply হোৱাৰ সলনি, শক্তি বিভাজিত হৈ যায়। যিসকল আমাৰ প্ৰাইভেট প্লেয়াৰ্ছ আছে, তেওঁলোকেও এই কথা ভালদৰে নাজানে যে ভৱিষ্যতে এইফালে ৰাস্তা হ'ব, বা এইফালে কেনেল নিৰ্মাণ হ'ব, বা ইয়াত কোনো পাৱাৰ ষ্টেচন লাগিব। এই কাৰণেই তেওঁলোকেও কোনো ক্ষেত্ৰক লৈ, কোনো ছেক্টৰক লৈ ভাল প্লেন কৰিব নোৱাৰে। এই সকলো সমস্যাৰ সমাধান, পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনৰ পৰাই ওলাব। যেতিয়া আমি মাষ্টাৰ প্লেনক আধাৰ হিচাপে লৈ চলিম, তেতিয়া আমাৰ Resourcesৰো Optimum Utilisation হ'ব।

বন্ধুসকল,

আমাৰ দেশত ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিষয়টো বেছিভাগ ৰাজনৈতিক দলৰ প্ৰাথমিকতাৰ পৰা আঁতৰত আছে। তেওঁলোকৰ ঘোষণা পত্ৰতো চকুত নপৰে। এতিয়া তো এনেকুৱা স্থিতি আহি পৰিল যে কিছুমান ৰাজনৈতিক দলে দেশৰ বাবে জৰুৰী ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণক সমালোচনা কৰি আছে। যি সময়ত বিশ্বত এইটো স্বীকৃত কথা যে Sustainable Developmentৰ কাৰণে Quality ইনফ্ৰাষ্ট্ৰাকচাৰৰ নিৰ্মাণ এটা এনেকুৱা ৰাস্তা, যি বহুত অৰ্থনৈতিক গতিবিধিৰ জন্ম দিয়ে, বৃহৎ পৰিমাণৰ নিয়োগৰ সৃষ্টি কৰে। যেনেকৈ Skilled Manpower অবিহনে আমি কোনো ক্ষেত্ৰতে বিচৰা পৰিণাম আহৰণ কৰিব নোৱাৰো, তেনেকৈ উন্নত আৰু আধুনিক ইনফ্ৰাষ্ট্ৰাকচাৰ অবিহনে আমি চাৰিওফালে বিকাশ কৰিব নোৱাৰো।

বন্ধুসকল,

ৰাজনৈতিক ইচ্ছাশক্তিৰ নাটনিৰ লগতে, দেশৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টক সবাতোকৈ অধিক লোকচান কৰিলে চৰকাৰী বিভাগসমূহৰ মাজত পাৰস্পৰিক সহযোগিতাৰ অভাৱে, পাৰস্পৰিক টনা-আঁজোৰাই। ৰাজ্যসমূহতো আমি ৰাজ্য চৰকাৰ আৰু স্থানীয় নিকায়ৰ মাজত এই বিষয়ে দুশ্চিন্তা হোৱা দেখিছো। এই কাৰণেই যি প্ৰজেক্ট দেশৰ economic growth বঢ়োৱাত সহায়ক হ'ব লাগিছিল, সেই প্ৰজেক্ট দেশৰ বিকাশৰ সন্মুখত একোখন দেৱাল হৈ পৰে। সময়ৰ লগে লগে, বছৰ বছৰ ধৰি ওলমি থকা এই প্ৰজেক্টবিলাকে নিজৰ প্ৰয়োজনীয়তা, নিজৰ প্ৰাসংগিকতাও হেৰুৱাই পেলায়। মই যেতিয়া ২০১৪ত ইয়ালৈ, দিল্লীলৈ এক নতুন দায়িত্বৰ সৈতে আহিলো, তেতিয়াও এনেকুৱা বহুত প্ৰজেক্ট আছিল, যিবোৰ দশক দশক ধৰি ৰৈ আছিল। লাখ লাখ, কোটি কোটি টকাৰ এনেকুৱা বহু প্ৰজেক্টৰ মই নিজে সমীক্ষা কৰিছো, চৰকাৰৰ সকলো বিভাগ, সকলো মন্ত্ৰালয়ক এখন প্লেটফৰ্মত আনি থিয় কৰালো, সকলো প্ৰতিবন্ধকতা আঁতৰ কৰাৰ চেষ্টা চলালো। মই সন্তোষ পাইছো যে এতিয়া সকলোৰে মনোযোগ এইফালে গৈছে যে পাৰস্পৰিক তালমিল নোহোৱা বাবে পৰিকল্পনাত যাতে পলম নহয়। এতিয়া whole of government approachৰ সৈতে, চৰকাৰৰ সামূহিক শক্তি যোজনাবিলাক সম্পূৰ্ণ কৰাত লাগি আছে। সেই কাৰণেই এতিয়া দশক দশক ধৰি আধৰুৱা হৈ থকা বহুতো পৰিকল্পনা সম্পূৰ্ণ হৈ আছে।

বন্ধুসকল,

পিএম গতিশক্তিয়ে এতিয়া এই কথা সুনিশ্চিত কৰিব যে ২১শ শতিকাৰ ভাৰত ইনফ্ৰা প্ৰজেক্টছত ক'-অৰ্ডিনেচনৰ নাটনিৰ বাবে না পইচাৰ লোকচান ভৰিব, আৰু না সময়ৰ অপচয় কৰিব। পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনৰ জৰিয়তে, ৰোডৰ পৰা ৰে'লৱেলৈকে, এভিয়েচনৰ পৰা এগ্ৰিকালচাৰলৈকে, বিভিন্ন মন্ত্ৰালয়ক, বিভাগক, ইয়াৰ সৈতে সংলগ্ন কৰা হৈছে। মই সকলোকে আহ্বান জনাওঁ যে অতি সোনকালে আপোনালোকৰ ৰাজ্যখনো পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনৰ সৈতে সংযুক্ত হৈ নিজৰ ৰাজ্যৰ যোজনাসমূহক গতি দিয়ক। ইয়াৰ ফলত ৰাজ্যৰ জনসাধাৰণৰো বহুত লাভ হ'ব।

বন্ধুসকল,

পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনে চৰকাৰী প্ৰছেছ আৰু তাৰ সৈতে জড়িত বেলেগ বেলেগ ষ্টেকহল্ডাৰসকলক তো লগত লয়েই, ই ট্ৰেন্সপ'ৰ্টেচনৰ বেলেগ বেলেগ ম'ডছক পৰস্পৰৰ সৈতে সংযুক্ত কৰাতো সহায় কৰে। ই হলিষ্টিক গভাৰ্ণেঞ্চৰ বিস্তাৰ। এতিয়া যেনেকৈ দুখীয়াৰ গৃহৰ সৈতে জড়িত যোজনাত কেৱল চাৰিখন দেৱালেই বনোৱা নহয়, বৰং তাত টইলেট, বিজুলী, পানী, গেছ কানেকচনো লগতে আহে, ঠিক তেনেকৈ ভিজন ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰৰ বাবেও আছে। অতীতত আমি দেখিছো যে উদ্যোগৰ বাবে স্পেছিয়েল জ'নৰ ঘোষণা তো কৰা হৈছিলেই কিন্তু তালৈকে কানেক্টিভিটি বা আকৌ বিজুলী, পানী, টেলিকম উপলব্ধ কৰোৱাত গুৰুত্ব আৰোপ কৰা হোৱা নাছিল।

বন্ধুসকল,

এইটোও বহুত সাধাৰণ কথা আছিল যে য'ত সকলোতকৈ বেছি মাইনিঙৰ কাম হয়, তাত ৰে'ল কানেক্টিভিটি নহৈছিল। আমি সকলোৱে এইটোও দেখিছো যে ক'ৰবাত প'ৰ্ট হৈছিল, তেন্তে প'ৰ্টক চহৰৰ সৈতে কানেক্ট কৰিবলৈ ৰে'ল বা পথৰ সুবিধাৰ অভাৱ হৈছিল। এনেকুৱা কাৰণতে ভাৰতত প্ৰডাকচন কষ্ট বাঢ়ি থাকে, আমাৰ Exportsৰ Cost বাঢ়ি থাকে, আমাৰ লজিষ্টিক কষ্ট বহুত বেছি হয়। নিশ্চিতভাৱে এয়া আত্মনিৰ্ভৰ ভাৰতৰ নিৰ্মাণত বহুত ডাঙৰ অন্তৰায়।

এটা ষ্টাডি আছে যে ভাৰতত লজিষ্টিক কষ্ট, GDPৰ প্ৰায় ১৩ শতাংশ। বিশ্বৰ ডাঙৰ ডাঙৰ দেশত এনেকুৱা স্থিতি নহয়। অধিক লজিষ্টিক কষ্টৰ ফলত ভাৰতৰ Exportsৰ কম্পিটিটিভনেছ বহুত কম হৈ যায়। য'ত প্ৰডাকচন হৈ আছে, তাৰ পৰা প'ৰ্টলৈ নিয়াৰ যি খৰচ, তাৰ ওপৰতে ভাৰতৰ এক্সপ'ৰ্টে লাখ লাখ, কোটি কোটি টকা খৰচ কৰিবলগীয়া হয়। সেয়ে খৰচী হৈ যায়। সেয়ে এই পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেন বহুত ডাঙৰ আৰু বহুত গুৰুত্বপূৰ্ণ পদক্ষেপ। এই দিশত আগুৱাই যাবলৈ সকলো ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰে অন্য ইনফ্ৰাষ্ট্ৰাকচাৰক ছাপৰ্ট কৰিব, তাৰ পৰিপূৰক হ'ব। আৰু মই উপলব্ধি কৰো যে প্ৰতিটো কাৰণত, প্ৰতিজন ষ্টেকহল্ডাৰেও আৰু অধিক উৎসাহেৰে ইয়াৰ সৈতে জড়িত হোৱাৰ প্ৰেৰণা লাভ কৰিব।

বন্ধুসকল,

পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেন দেশৰ পলিচী মেকিঙৰ সৈতে জড়িত সকলো ষ্টেকহল্ডাৰক, ইনভেষ্টৰক এক এনালিটিকেল আৰু ডিছিজন মেকিং টুলো হ'ব। ইয়াৰ জৰিয়তে চৰকাৰে প্ৰভাৱশালী প্লেনিং আৰু পলিচী বনোৱাত সহায় পাব, চৰকাৰৰ অনাৱশ্যকীয় খৰচ বাচিব আৰু উদ্যমীসকলেও প্ৰজেক্টৰ সৈতে জড়িত তথ্য পাই থাকিব। ইয়াৰ ফলত ৰাজ্য চৰকাৰসমূহেও নিজৰ প্ৰাথমিকতা নিৰ্ধাৰণ কৰাত সহায় হ'ব। যেতিয়া এনেকুৱা ডেটাবেছড মেকানিজম দেশত হ'ব, তেতিয়া প্ৰতিখন ৰাজ্যৰ চৰকাৰ, বিনিয়োগকাৰীৰ বাবে সহায় হ'ব। ইয়াৰ ফলত ইনভেষ্টমেণ্ট ডেষ্টিনেচনৰ ৰূপত ভাৰতৰ বৰ্ধিত কাৰ্যক্ৰমে নতুন পৰিসৰ লাভ কৰিব, নতুন উৎসাহ পাব। ইয়াৰ ফলত দেশবাসীয়ে কম দামত উন্নত কোৱালিটী লাভ কৰিব, যুৱক-যুৱতীসকলে নিয়োগৰ বহুত নতুন সুযোগ লাভ কৰিব।

বন্ধুসকল,

দেশৰ বিকাশৰ বাবে এইটো বহুত জৰুৰী যে চৰকাৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ সৈতে জড়িত সকলো বিভাগে এটাই আনটোৰ সৈতে বহিব লাগে, এটাই আনটোৰ collective powerৰ ব্যৱহাৰ কৰিব লাগে। যোৱা বছৰবিলাকত এই এপ্ৰ'চেই ভাৰতক অভূতপূৰ্ব গতি দিছে। যোৱা ৭০ বছৰৰ তুলনাত, আজি ভাৰতে আগতকৈ বহুত বেছি Speed আৰু Scaleত কাম কৰি আছে।

বন্ধুসকল,

ভাৰতত প্ৰথম ইণ্টাৰষ্টেট নেচাৰেল গেছ পাইপলাইন চন ১৯৮৭ত কমিছন হৈছিল। ইয়াৰ পিছত চন ২০১৪লৈকে, অৰ্থাৎ ২৭ বছৰত দেশত ১৫ হাজাৰ কিলোমিটাৰ নেচাৰেল গেছ পাইপলাইন তৈয়াৰ হয়। আজি দেশজুৰি, ১৬ হাজাৰ কিলোমিটাৰতকৈ অধিক নতুন গেছ পাইপলাইনৰ ওপৰত কাম হৈ আছে। এই কাম অহা ৫-৬ বছৰত সম্পূৰ্ণ হোৱাৰ লক্ষ্য আছে। অৰ্থাৎ যিমান কাম ২৭ বছৰত হ'ল, আমি তাতকৈ বেছি কাম, তাৰ আধা সময়ত কৰাৰ লক্ষ্যৰে গৈ আছো। কাম কৰাৰ এই গতিয়েই আজি ভাৰতৰ পৰিচয় হৈ পৰিছে। ২০১৪ৰ আগৰ পাঁচ বছৰত মাত্ৰ ১৯০০ কিলোমিটাৰ ৰে'ল লাইনৰ উন্নতকৰণ হৈছিল। যোৱা ৭ বছৰত আমি ৯ হাজাৰ কিলোমিটাৰতকৈ অধিক ৰে'ল লাইনৰ ডাব্লিং কৰিছো। ক'ত ১৯শ  আৰু ক'ত ৭ হাজাৰ। ২০১৪ৰ আগৰ ৫ বছৰত কেৱল ৩০০০কিলোমিটাৰ ৰে'লৱেৰ বৈদ্যুতিকীকৰণ হৈছিল। যোৱা ৭ বছৰত আমি ২৪ হাজাৰ কিলোমিটাৰতকৈও অধিক ৰে'লৱে ট্ৰেকৰ বৈদ্যুতিকীকৰণ কৰিছো। ক'ত তিনি হাজাৰ, ক'ত ২৪ হাজাৰ। ২০১৪ৰ আগতে প্ৰায় ২৫০ কিলোমিটাৰ ট্ৰেকতহে মেট্ৰ' চলি আছিল, আজি ৭শ কিলোমিটাৰলৈকে মেট্ৰ'ৰ বিস্তাৰ হৈছে আৰু এহেজাৰ কিলোমিটাৰ নতুন মেট্ৰ' ৰুটত কাম চলি আছে। ২০১৪ৰ আগৰ ৫ বছৰত কেৱল ৬০খন পঞ্চায়তক হে অপ্টিকেল ফাইবাৰৰে সংযুক্ত কৰা হৈছিল। যোৱা ৭ বছৰত আমি দেৰলাখতকৈও অধিক গাঁও পঞ্চায়তক অপ্টিকেল ফাইবাৰৰে কানেক্ট কৰিছো। কানেক্টিভিটিৰ পৰম্পৰাগত মাধ্যমৰ বিস্তাৰৰ লগে inland waterways আৰু seaplanes নতুন ইনফ্ৰাষ্ট্ৰাকচাৰো দেশে লাভ কৰিছে। ২০১৪লৈকে দেশত কেৱল ৫টা ৱাটাৰৱেজ আছিল। আজি দেশত ১৩টা ৱাটাৰৱেজে কাম কৰি আছে। ২০১৪ৰ পূৰ্বে আমাৰ প'ৰ্টছত vessel turnaround time 41 ঘণ্টাতকৈও অধিক আছিল। এতিয়া সেয়া কমি ২৭ ঘণ্টা হৈছেগৈ। ইয়াক আৰু কম কৰাৰ প্ৰয়াসো কৰি থকা হৈছে।

বন্ধুসকল,

কানেক্টিভিটিৰ উপৰিও জৰুৰী আন ইনফ্ৰাষ্ট্ৰাকচাৰৰ নিৰ্মাণকো নতুন গতি দিয়া হৈছে। বিজুলীৰ প্ৰডাকচনৰ পৰা আৰম্ভ কৰি ট্ৰেন্সমিছনৰ সকলো নেটৱৰ্কক ট্ৰেন্সফৰ্ম কৰা হৈছে, ৱান নেচন ৱান পাৱাৰ গ্ৰিডৰ সংকল্প সিদ্ধ হৈছে। ২০১৪লৈকে দেশত য'ত ৩ লাখ ছাৰ্কিট কিলোমিটাৰ পাৱাৰ ট্ৰেন্সমিছন লাইন আছিল, তাৰ ঠাইত আজি সেয়া বাঢ়ি চাৰে চাৰি লাখ ছাৰ্কিট কিলোমিটাৰতকৈও অধিক হৈছেগৈ। ২০১৪ৰ ইনষ্টলড কেপাচিটীতকৈ প্ৰায় তিনিগুণ কেপাচিটী, অৰ্থাৎ ১০০ গিগাৱটতকৈ অধিক ভাৰতে আহৰণ কৰিছে।

বন্ধুসকল,

আজি দেশত এভিয়েচনৰ আধুনিক ইকো-ছিষ্টেম বিকশিত কৰাত দ্ৰুতগতিত কাম হৈ আছে। কানেক্টিভিটি বঢ়াবলৈ দেশত নতুন এয়াৰপৰ্ট নিৰ্মাণৰ লগতে আমি এয়াৰস্পেচকো আৰু বেছি খুলি দিছো। যোৱা এক দুই বছৰতে ১০০তকৈও অধিক এয়াৰৰুটৰ সমীক্ষা কৰি সিবিলাকৰ দূৰত্ব হ্ৰাস কৰা হৈছে। যিবোৰ ক্ষেত্ৰৰ ওপৰেৰে পেছেঞ্জাৰ ফ্লাইট উৰাত বাধা আছিল, সেয়াও আঁতৰোৱা হৈছে। এই এটা সিদ্ধান্তৰ ফলত বহুতো চহৰৰ মাজত এয়াৰটাইম কম হৈছে, উৰণৰ সময় কম হৈছে। এভিয়েচন ছেক্টৰক শক্তি দিবৰ বাবে নতুন MRO পলিচী বনোৱাই হওক, GSTৰ কাম সম্পূৰ্ণ কৰাই হওক, পাইলটৰ ট্ৰেইনিঙৰ কথাই হওক, এই সকলোৰে ওপৰত কাম কৰা হৈছে।

বন্ধুসকল,

এনেকুৱা প্ৰয়াসৰ জৰিয়তেই দেশৰ বিশ্বাস হৈছে যে আমি দ্ৰুত গতিত কাম কৰিব পাৰো, ডাঙৰ লক্ষ্য, ডাঙৰ সপোনো পূৰণ হ'ব পাৰে। এতিয়া দেশৰ অপেক্ষা আৰু আকাংক্ষা, দুয়োটা বাঢ়ি গৈছে। সেয়ে অনাগত ৩-৪ বছৰৰ বাবে আমাৰ সংকল্পও বহুত ডাঙৰ হৈ গৈছে। এতিয়া দেশৰ লক্ষ্য হৈছে, লজিষ্টিক কষ্ট ন্যূনতম কৰা, ৰে'লৱেৰ কাৰ্গো ক্ষমতা বঢ়োৱা, প'ৰ্ট কাৰ্গো কেপাচিটী বঢ়োৱা, টাৰ্ণ এৰাউণ্ড আৰু কম কৰা। অহা ৪-৫ বছৰত দেশত মুঠ ২০০তকৈ অধিক এয়াৰপ'ৰ্ট, হেলিপেড আৰু ৱাটাৰ এৰোডোমৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত। এতিয়া যি ১৯ হাজাৰ কিলোমিটাৰৰ ওচৰৰ আমাৰ গেছ পাইপলাইন নেটৱৰ্ক আছে, তাকো বঢ়াই প্ৰায় দুগুণ কৰা হ'ব।

বন্ধুসকল,

দেশৰ কৃষক আৰু মৎস্যজীৱীৰ আয় বঢ়াবৰ বাবে প্ৰছেচিঙেৰে জড়িত ইনফ্ৰাষ্ট্ৰাকচাৰকো দ্ৰুত গতিত বিস্তাৰ কৰি থকা হৈছে। ২০১৪ত দেশত মাত্ৰ ২খন মেগা ফুড পাৰ্ক আছিল। আজি দেশত ১৯খন মেগা ফুড পাৰ্কে কাম কৰি আছে। এতিয়া ইয়াৰ সংখ্যা ৪০তকৈ অধিক কৰাৰ লক্ষ্য আছে। যোৱা ৭ বছৰত ফিছিং ক্লাষ্টাৰ, ফিছিং হাৰ্বাৰ আৰু লেণ্ডিং চেণ্টাৰৰ সংখ্যা ৪০ৰ পৰা বাঢ়ি ১০০তকৈ অধিক পৰ্যন্ত হৈছেগৈ। ইয়াত দুগুণতকৈ অধিক বৃদ্ধিৰ লক্ষ্য লৈ আমি আগুৱাই আছো।

বন্ধুসকল,

ডিফেঞ্চ ছেক্টৰতো প্ৰথমবাৰ ব্যাপক প্ৰয়াস হৈ আছে। এতিয়া তামিলনাডু আৰু ইউপিত ২টা ডিফেঞ্চ কৰিডৰৰ ওপৰত কাম চলি আছে। ইলেক্ট্ৰনিক আৰু আইটি মেনুফেকচাৰিঙত আজি আমি দ্ৰুত গতিত অগ্ৰণী দেশত অন্তৰ্ভুক্ত হৈ আছো। এসময়ত আমাৰ ইয়াত ৫টা মেনুফেকচাৰিং ক্লাষ্টাৰ আছিল। আজি ১৫টা মেনুফেকচাৰিং ক্লাষ্টাৰ আমি প্ৰস্তুত কৰিলো। আৰু ইয়াকো দুগুণলৈকে বৃদ্ধিৰ টাৰ্গেট আছে। যোৱা বছৰবিলাকত ৪টা ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ আৰম্ভ হৈছে আৰু এতিয়া এনেকুৱা কৰিডৰৰ সংখ্যা এক ডজনলৈকে বঢ়াই থকা হৈছে।

বন্ধুসকল,

আজি চৰকাৰে যি এপ্ৰোচেৰে কাম কৰি আছে, তাৰ এটা উদাহৰণ প্লাগ এণ্ড প্লে ইনফ্ৰাষ্ট্ৰাকচাৰৰ নিৰ্মাণো। এতিয়া দেশৰ ইণ্ডাষ্ট্ৰীক এনেকুৱা সুবিধা দিয়াৰ প্ৰয়াস কৰা হৈছে যি প্লাগ এণ্ড প্লে ইনফ্ৰাষ্ট্ৰাকচাৰৰে যুক্ত হ'ব। অৰ্থাৎ দেশ আৰু দুনিয়াৰ বিনিয়োগকাৰীসকলে কেৱল নিজৰ ছিষ্টেম লগাব লাগে আৰু কাম আৰম্ভ কৰিব লাগে।  যেনেকৈ গ্ৰেটাৰ নইদাৰ দাদৰীত এনেকুৱাই ইণ্টেগ্ৰেটেড ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপ নিৰ্মাণ হৈ আছে। ইয়াক পূব আৰু পশ্চিম ভাৰতৰ প'ৰ্টবিলাকৰ সৈতে ডেডিকেটেড ফ্ৰেট কৰিডৰেৰে সংলগ্ন কৰি থকা হৈছে। দেশৰ বেলেগ বেলেগ অংশত এনেকুৱা সুবিধাৱলীৰ নিৰ্মাণেৰে ভাৰতে পৃথিৱীৰ Business Capital হোৱাৰ সপোন সাকাৰ কৰিব পাৰে।

বন্ধুসকল,

এই যিমানবোৰ লক্ষ্য মই গণিলো, এই লক্ষ্যসমূহ সাধাৰণ নহয়। সেয়ে এইবিলাক আহৰণ কৰাৰ প্ৰয়াসো অভূতপূৰ্ব হ'ব, ইয়াৰ পদ্ধতিও অভূতপূৰ্ব হ'ব। আৰু এইবিলাকক সবাতোকৈ অধিক শক্তি পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনেই দিব। যেনেকৈ JAM ত্ৰিনিটিয়ে অৰ্থাৎ জনধন-আধাৰ-মোবাইলৰ শক্তিৰে দেশত চৰকাৰী সুবিধাৱলীক দ্ৰুত গতিত সঠিক কৰিব। ই সমগ্ৰ দেশৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্লেনিঙৰ পৰা আৰম্ভ কৰি এক্জিকিচনলৈকে এক হলিষ্টিক ভিজন লৈ আহি আছে। এবাৰ আকৌ মই সকলো ৰাজ্য চৰকাৰ ইয়াৰ সৈতে জড়িত হ'বলৈ আমন্ত্ৰণ কৰিছো, আহ্বানো জনাইছো। এই সময় একত্ৰিত হোৱাৰ, স্বাধীনতাৰ এই ৭৫তম বৰ্ষত দেশৰ বাবে কিবা কৰি দেখুউৱাৰ। এই কাৰ্যক্ৰমৰ সৈতে জড়িত সকলো ব্যক্তিলৈ মোৰ এইটোৱেই আহ্বান, মোৰ এয়াই আশা।

 আপোনালোক সকলোকে এই মহত্বপূৰ্ণ কাৰ্যক্ৰমত উপস্থিত থকা বাবে মই আপোনালোকক ধন্যবাদ দিছো আৰু মোৰ বিশ্বাস আছে যে প্ৰধানমন্ত্ৰী গতিশক্তি মাষ্টাৰ প্লেনপ্ৰাইভেট পাৰ্টিয়েও ইয়াক বহুত ফঁহিয়াই চাব। তেওঁলোকো ইয়াৰ সৈতে জড়িত হৈ নিজৰ সম্ভাব্য ৰণনীতি প্ৰস্তুত কৰিব পাৰে। বিকাশৰ নতুন পৰিসৰ স্পৰ্শ কৰিব পাৰে। মই আপোনালোক সকলোকে বহুত বহুত শুভকামনা। দেশবাসীক আজি নৱৰাত্ৰিৰ পৱিত্ৰ পৰ্বত শক্তিৰ এই উপাসনাৰ সময়ত, শক্তিৰ এই ভগীৰথ কাৰ্যৰ বাবে অনেক অনেক শুভকামনা জনাই মোৰ বক্তব্য সামৰিছো।

বহুত বহুত ধন্যবাদ!

শুভকামনা!

 

  • krishangopal sharma Bjp January 15, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp January 15, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp January 15, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • pancha pada Murasing March 23, 2024

    joy shree ram
  • MLA Devyani Pharande February 17, 2024

    नमो नमो नमो नमो
  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp December 15, 2023

    नमो नमो नमो नमो नमो नमो नमो नमो नमो
  • Laxman singh Rana September 10, 2022

    नमो नमो 🇮🇳🌹🌹
  • Laxman singh Rana September 10, 2022

    नमो नमो 🇮🇳🌹
  • Laxman singh Rana September 10, 2022

    नमो नमो 🇮🇳
  • R N Singh BJP June 29, 2022

    jai hind
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
‘India slashed GHG emissions by 7.93% in 2020’

Media Coverage

‘India slashed GHG emissions by 7.93% in 2020’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India is driving global growth today: PM Modi at Republic Plenary Summit
March 06, 2025
QuoteIndia's achievements and successes have sparked a new wave of hope across the globe: PM
QuoteIndia is driving global growth today: PM
QuoteToday's India thinks big, sets ambitious targets and delivers remarkable results: PM
QuoteWe launched the SVAMITVA Scheme to grant property rights to rural households in India: PM
QuoteYouth is the X-Factor of today's India, where X stands for Experimentation, Excellence, and Expansion: PM
QuoteIn the past decade, we have transformed impact-less administration into impactful governance: PM
QuoteEarlier, construction of houses was government-driven, but we have transformed it into an owner-driven approach: PM

नमस्कार!

आप लोग सब थक गए होंगे, अर्णब की ऊंची आवाज से कान तो जरूर थक गए होंगे, बैठिये अर्णब, अभी चुनाव का मौसम नहीं है। सबसे पहले तो मैं रिपब्लिक टीवी को उसके इस अभिनव प्रयोग के लिए बहुत बधाई देता हूं। आप लोग युवाओं को ग्रासरूट लेवल पर इन्वॉल्व करके, इतना बड़ा कंपटीशन कराकर यहां लाए हैं। जब देश का युवा नेशनल डिस्कोर्स में इन्वॉल्व होता है, तो विचारों में नवीनता आती है, वो पूरे वातावरण में एक नई ऊर्जा भर देता है और यही ऊर्जा इस समय हम यहां महसूस भी कर रहे हैं। एक तरह से युवाओं के इन्वॉल्वमेंट से हम हर बंधन को तोड़ पाते हैं, सीमाओं के परे जा पाते हैं, फिर भी कोई भी लक्ष्य ऐसा नहीं रहता, जिसे पाया ना जा सके। कोई मंजिल ऐसी नहीं रहती जिस तक पहुंचा ना जा सके। रिपब्लिक टीवी ने इस समिट के लिए एक नए कॉन्सेप्ट पर काम किया है। मैं इस समिट की सफलता के लिए आप सभी को बहुत-बहुत बधाई देता हूं, आपका अभिनंदन करता हूं। अच्छा मेरा भी इसमें थोड़ा स्वार्थ है, एक तो मैं पिछले दिनों से लगा हूं, कि मुझे एक लाख नौजवानों को राजनीति में लाना है और वो एक लाख ऐसे, जो उनकी फैमिली में फर्स्ट टाइमर हो, तो एक प्रकार से ऐसे इवेंट मेरा जो यह मेरा मकसद है उसका ग्राउंड बना रहे हैं। दूसरा मेरा व्यक्तिगत लाभ है, व्यक्तिगत लाभ यह है कि 2029 में जो वोट करने जाएंगे उनको पता ही नहीं है कि 2014 के पहले अखबारों की हेडलाइन क्या हुआ करती थी, उसे पता नहीं है, 10-10, 12-12 लाख करोड़ के घोटाले होते थे, उसे पता नहीं है और वो जब 2029 में वोट करने जाएगा, तो उसके सामने कंपैरिजन के लिए कुछ नहीं होगा और इसलिए मुझे उस कसौटी से पार होना है और मुझे पक्का विश्वास है, यह जो ग्राउंड बन रहा है ना, वो उस काम को पक्का कर देगा।

साथियों,

आज पूरी दुनिया कह रही है कि ये भारत की सदी है, ये आपने नहीं सुना है। भारत की उपलब्धियों ने, भारत की सफलताओं ने पूरे विश्व में एक नई उम्मीद जगाई है। जिस भारत के बारे में कहा जाता था, ये खुद भी डूबेगा और हमें भी ले डूबेगा, वो भारत आज दुनिया की ग्रोथ को ड्राइव कर रहा है। मैं भारत के फ्यूचर की दिशा क्या है, ये हमें आज के हमारे काम और सिद्धियों से पता चलता है। आज़ादी के 65 साल बाद भी भारत दुनिया की ग्यारहवें नंबर की इकॉनॉमी था। बीते दशक में हम दुनिया की पांचवें नंबर की इकॉनॉमी बने, और अब उतनी ही तेजी से दुनिया की तीसरी सबसे बड़ी अर्थव्यवस्था बनने जा रहे हैं।

|

साथियों,

मैं आपको 18 साल पहले की भी बात याद दिलाता हूं। ये 18 साल का खास कारण है, क्योंकि जो लोग 18 साल की उम्र के हुए हैं, जो पहली बार वोटर बन रहे हैं, उनको 18 साल के पहले का पता नहीं है, इसलिए मैंने वो आंकड़ा लिया है। 18 साल पहले यानि 2007 में भारत की annual GDP, एक लाख करोड़ डॉलर तक पहुंची थी। यानि आसान शब्दों में कहें तो ये वो समय था, जब एक साल में भारत में एक लाख करोड़ डॉलर की इकॉनॉमिक एक्टिविटी होती थी। अब आज देखिए क्या हो रहा है? अब एक क्वार्टर में ही लगभग एक लाख करोड़ डॉलर की इकॉनॉमिक एक्टिविटी हो रही है। इसका क्या मतलब हुआ? 18 साल पहले के भारत में साल भर में जितनी इकॉनॉमिक एक्टिविटी हो रही थी, उतनी अब सिर्फ तीन महीने में होने लगी है। ये दिखाता है कि आज का भारत कितनी तेजी से आगे बढ़ रहा है। मैं आपको कुछ उदाहरण दूंगा, जो दिखाते हैं कि बीते एक दशक में कैसे बड़े बदलाव भी आए और नतीजे भी आए। बीते 10 सालों में, हम 25 करोड़ लोगों को गरीबी से बाहर निकालने में सफल हुए हैं। ये संख्या कई देशों की कुल जनसंख्या से भी ज्यादा है। आप वो दौर भी याद करिए, जब सरकार खुद स्वीकार करती थी, प्रधानमंत्री खुद कहते थे, कि एक रूपया भेजते थे, तो 15 पैसा गरीब तक पहुंचता था, वो 85 पैसा कौन पंजा खा जाता था और एक आज का दौर है। बीते दशक में गरीबों के खाते में, DBT के जरिए, Direct Benefit Transfer, DBT के जरिए 42 लाख करोड़ रुपए से ज्यादा ट्रांसफर किए गए हैं, 42 लाख करोड़ रुपए। अगर आप वो हिसाब लगा दें, रुपये में से 15 पैसे वाला, तो 42 लाख करोड़ का क्या हिसाब निकलेगा? साथियों, आज दिल्ली से एक रुपया निकलता है, तो 100 पैसे आखिरी जगह तक पहुंचते हैं।

साथियों,

10 साल पहले सोलर एनर्जी के मामले में भारत दुनिया में कहीं गिनती नहीं होती थी। लेकिन आज भारत सोलर एनर्जी कैपेसिटी के मामले में दुनिया के टॉप-5 countries में से है। हमने सोलर एनर्जी कैपेसिटी को 30 गुना बढ़ाया है। Solar module manufacturing में भी 30 गुना वृद्धि हुई है। 10 साल पहले तो हम होली की पिचकारी भी, बच्चों के खिलौने भी विदेशों से मंगाते थे। आज हमारे Toys Exports तीन गुना हो चुके हैं। 10 साल पहले तक हम अपनी सेना के लिए राइफल तक विदेशों से इंपोर्ट करते थे और बीते 10 वर्षों में हमारा डिफेंस एक्सपोर्ट 20 गुना बढ़ गया है।

|

साथियों,

इन 10 वर्षों में, हम दुनिया के दूसरे सबसे बड़े स्टील प्रोड्यूसर हैं, दुनिया के दूसरे सबसे बड़े मोबाइल फोन मैन्युफैक्चरर हैं और दुनिया का तीसरा सबसे बड़ा स्टार्टअप इकोसिस्टम बने हैं। इन्हीं 10 सालों में हमने इंफ्रास्ट्रक्चर पर अपने Capital Expenditure को, पांच गुना बढ़ाया है। देश में एयरपोर्ट्स की संख्या दोगुनी हो गई है। इन दस सालों में ही, देश में ऑपरेशनल एम्स की संख्या तीन गुना हो गई है। और इन्हीं 10 सालों में मेडिकल कॉलेजों और मेडिकल सीट्स की संख्या भी करीब-करीब दोगुनी हो गई है।

साथियों,

आज के भारत का मिजाज़ कुछ और ही है। आज का भारत बड़ा सोचता है, बड़े टार्गेट तय करता है और आज का भारत बड़े नतीजे लाकर के दिखाता है। और ये इसलिए हो रहा है, क्योंकि देश की सोच बदल गई है, भारत बड़ी Aspirations के साथ आगे बढ़ रहा है। पहले हमारी सोच ये बन गई थी, चलता है, होता है, अरे चलने दो यार, जो करेगा करेगा, अपन अपना चला लो। पहले सोच कितनी छोटी हो गई थी, मैं इसका एक उदाहरण देता हूं। एक समय था, अगर कहीं सूखा हो जाए, सूखाग्रस्त इलाका हो, तो लोग उस समय कांग्रेस का शासन हुआ करता था, तो मेमोरेंडम देते थे गांव के लोग और क्या मांग करते थे, कि साहब अकाल होता रहता है, तो इस समय अकाल के समय अकाल के राहत के काम रिलीफ के वर्क शुरू हो जाए, गड्ढे खोदेंगे, मिट्टी उठाएंगे, दूसरे गड्डे में भर देंगे, यही मांग किया करते थे लोग, कोई कहता था क्या मांग करता था, कि साहब मेरे इलाके में एक हैंड पंप लगवा दो ना, पानी के लिए हैंड पंप की मांग करते थे, कभी कभी सांसद क्या मांग करते थे, गैस सिलेंडर इसको जरा जल्दी देना, सांसद ये काम करते थे, उनको 25 कूपन मिला करती थी और उस 25 कूपन को पार्लियामेंट का मेंबर अपने पूरे क्षेत्र में गैस सिलेंडर के लिए oblige करने के लिए उपयोग करता था। एक साल में एक एमपी 25 सिलेंडर और यह सारा 2014 तक था। एमपी क्या मांग करते थे, साहब ये जो ट्रेन जा रही है ना, मेरे इलाके में एक स्टॉपेज दे देना, स्टॉपेज की मांग हो रही थी। यह सारी बातें मैं 2014 के पहले की कर रहा हूं, बहुत पुरानी नहीं कर रहा हूं। कांग्रेस ने देश के लोगों की Aspirations को कुचल दिया था। इसलिए देश के लोगों ने उम्मीद लगानी भी छोड़ दी थी, मान लिया था यार इनसे कुछ होना नहीं है, क्या कर रहा है।। लोग कहते थे कि भई ठीक है तुम इतना ही कर सकते हो तो इतना ही कर दो। और आज आप देखिए, हालात और सोच कितनी तेजी से बदल रही है। अब लोग जानते हैं कि कौन काम कर सकता है, कौन नतीजे ला सकता है, और यह सामान्य नागरिक नहीं, आप सदन के भाषण सुनोगे, तो विपक्ष भी यही भाषण करता है, मोदी जी ये क्यों नहीं कर रहे हो, इसका मतलब उनको लगता है कि यही करेगा।

|

साथियों,

आज जो एस्पिरेशन है, उसका प्रतिबिंब उनकी बातों में झलकता है, कहने का तरीका बदल गया , अब लोगों की डिमांड क्या आती है? लोग पहले स्टॉपेज मांगते थे, अब आकर के कहते जी, मेरे यहां भी तो एक वंदे भारत शुरू कर दो। अभी मैं कुछ समय पहले कुवैत गया था, तो मैं वहां लेबर कैंप में नॉर्मली मैं बाहर जाता हूं तो अपने देशवासी जहां काम करते हैं तो उनके पास जाने का प्रयास करता हूं। तो मैं वहां लेबर कॉलोनी में गया था, तो हमारे जो श्रमिक भाई बहन हैं, जो वहां कुवैत में काम करते हैं, उनसे कोई 10 साल से कोई 15 साल से काम, मैं उनसे बात कर रहा था, अब देखिए एक श्रमिक बिहार के गांव का जो 9 साल से कुवैत में काम कर रहा है, बीच-बीच में आता है, मैं जब उससे बातें कर रहा था, तो उसने कहा साहब मुझे एक सवाल पूछना है, मैंने कहा पूछिए, उसने कहा साहब मेरे गांव के पास डिस्ट्रिक्ट हेड क्वार्टर पर इंटरनेशनल एयरपोर्ट बना दीजिए ना, जी मैं इतना प्रसन्न हो गया, कि मेरे देश के बिहार के गांव का श्रमिक जो 9 साल से कुवैत में मजदूरी करता है, वह भी सोचता है, अब मेरे डिस्ट्रिक्ट में इंटरनेशनल एयरपोर्ट बनेगा। ये है, आज भारत के एक सामान्य नागरिक की एस्पिरेशन, जो विकसित भारत के लक्ष्य की ओर पूरे देश को ड्राइव कर रही है।

साथियों,

किसी भी समाज की, राष्ट्र की ताकत तभी बढ़ती है, जब उसके नागरिकों के सामने से बंदिशें हटती हैं, बाधाएं हटती हैं, रुकावटों की दीवारें गिरती है। तभी उस देश के नागरिकों का सामर्थ्य बढ़ता है, आसमान की ऊंचाई भी उनके लिए छोटी पड़ जाती है। इसलिए, हम निरंतर उन रुकावटों को हटा रहे हैं, जो पहले की सरकारों ने नागरिकों के सामने लगा रखी थी। अब मैं उदाहरण देता हूं स्पेस सेक्टर। स्पेस सेक्टर में पहले सबकुछ ISRO के ही जिम्मे था। ISRO ने निश्चित तौर पर शानदार काम किया, लेकिन स्पेस साइंस और आंत्रप्रन्योरशिप को लेकर देश में जो बाकी सामर्थ्य था, उसका उपयोग नहीं हो पा रहा था, सब कुछ इसरो में सिमट गया था। हमने हिम्मत करके स्पेस सेक्टर को युवा इनोवेटर्स के लिए खोल दिया। और जब मैंने निर्णय किया था, किसी अखबार की हेडलाइन नहीं बना था, क्योंकि समझ भी नहीं है। रिपब्लिक टीवी के दर्शकों को जानकर खुशी होगी, कि आज ढाई सौ से ज्यादा स्पेस स्टार्टअप्स देश में बन गए हैं, ये मेरे देश के युवाओं का कमाल है। यही स्टार्टअप्स आज, विक्रम-एस और अग्निबाण जैसे रॉकेट्स बना रहे हैं। ऐसे ही mapping के सेक्टर में हुआ, इतने बंधन थे, आप एक एटलस नहीं बना सकते थे, टेक्नॉलाजी बदल चुकी है। पहले अगर भारत में कोई मैप बनाना होता था, तो उसके लिए सरकारी दरवाजों पर सालों तक आपको चक्कर काटने पड़ते थे। हमने इस बंदिश को भी हटाया। आज Geo-spatial mapping से जुडा डेटा, नए स्टार्टअप्स का रास्ता बना रहा है।

|

साथियों,

न्यूक्लियर एनर्जी, न्यूक्लियर एनर्जी से जुड़े सेक्टर को भी पहले सरकारी कंट्रोल में रखा गया था। बंदिशें थीं, बंधन थे, दीवारें खड़ी कर दी गई थीं। अब इस साल के बजट में सरकार ने इसको भी प्राइवेट सेक्टर के लिए ओपन करने की घोषणा की है। और इससे 2047 तक 100 गीगावॉट न्यूक्लियर एनर्जी कैपेसिटी जोड़ने का रास्ता मजबूत हुआ है।

साथियों,

आप हैरान रह जाएंगे, कि हमारे गांवों में 100 लाख करोड़ रुपए, Hundred lakh crore rupees, उससे भी ज्यादा untapped आर्थिक सामर्थ्य पड़ा हुआ है। मैं आपके सामने फिर ये आंकड़ा दोहरा रहा हूं- 100 लाख करोड़ रुपए, ये छोटा आंकड़ा नहीं है, ये आर्थिक सामर्थ्य, गांव में जो घर होते हैं, उनके रूप में उपस्थित है। मैं आपको और आसान तरीके से समझाता हूं। अब जैसे यहां दिल्ली जैसे शहर में आपके घर 50 लाख, एक करोड़, 2 करोड़ के होते हैं, आपकी प्रॉपर्टी की वैल्यू पर आपको बैंक लोन भी मिल जाता है। अगर आपका दिल्ली में घर है, तो आप बैंक से करोड़ों रुपये का लोन ले सकते हैं। अब सवाल यह है, कि घर दिल्ली में थोड़े है, गांव में भी तो घर है, वहां भी तो घरों का मालिक है, वहां ऐसा क्यों नहीं होता? गांवों में घरों पर लोन इसलिए नहीं मिलता, क्योंकि भारत में गांव के घरों के लीगल डॉक्यूमेंट्स नहीं होते थे, प्रॉपर मैपिंग ही नहीं हो पाई थी। इसलिए गांव की इस ताकत का उचित लाभ देश को, देशवासियों को नहीं मिल पाया। और ये सिर्फ भारत की समस्या है ऐसा नहीं है, दुनिया के बड़े-बड़े देशों में लोगों के पास प्रॉपर्टी के राइट्स नहीं हैं। बड़ी-बड़ी अंतरराष्ट्रीय संस्थाएं कहती हैं, कि जो देश अपने यहां लोगों को प्रॉपर्टी राइट्स देता है, वहां की GDP में उछाल आ जाता है।

|

साथियों,

भारत में गांव के घरों के प्रॉपर्टी राइट्स देने के लिए हमने एक स्वामित्व स्कीम शुरु की। इसके लिए हम गांव-गांव में ड्रोन से सर्वे करा रहे हैं, गांव के एक-एक घर की मैपिंग करा रहे हैं। आज देशभर में गांव के घरों के प्रॉपर्टी कार्ड लोगों को दिए जा रहे हैं। दो करोड़ से अधिक प्रॉपर्टी कार्ड सरकार ने बांटे हैं और ये काम लगातार चल रहा है। प्रॉपर्टी कार्ड ना होने के कारण पहले गांवों में बहुत सारे विवाद भी होते थे, लोगों को अदालतों के चक्कर लगाने पड़ते थे, ये सब भी अब खत्म हुआ है। इन प्रॉपर्टी कार्ड्स पर अब गांव के लोगों को बैंकों से लोन मिल रहे हैं, इससे गांव के लोग अपना व्यवसाय शुरू कर रहे हैं, स्वरोजगार कर रहे हैं। अभी मैं एक दिन ये स्वामित्व योजना के तहत वीडियो कॉन्फ्रेंस पर उसके लाभार्थियों से बात कर रहा था, मुझे राजस्थान की एक बहन मिली, उसने कहा कि मैंने मेरा प्रॉपर्टी कार्ड मिलने के बाद मैंने 9 लाख रुपये का लोन लिया गांव में और बोली मैंने बिजनेस शुरू किया और मैं आधा लोन वापस कर चुकी हूं और अब मुझे पूरा लोन वापस करने में समय नहीं लगेगा और मुझे अधिक लोन की संभावना बन गई है कितना कॉन्फिडेंस लेवल है।

साथियों,

ये जितने भी उदाहरण मैंने दिए हैं, इनका सबसे बड़ा बेनिफिशरी मेरे देश का नौजवान है। वो यूथ, जो विकसित भारत का सबसे बड़ा स्टेकहोल्डर है। जो यूथ, आज के भारत का X-Factor है। इस X का अर्थ है, Experimentation Excellence और Expansion, Experimentation यानि हमारे युवाओं ने पुराने तौर तरीकों से आगे बढ़कर नए रास्ते बनाए हैं। Excellence यानी नौजवानों ने Global Benchmark सेट किए हैं। और Expansion यानी इनोवेशन को हमारे य़ुवाओं ने 140 करोड़ देशवासियों के लिए स्केल-अप किया है। हमारा यूथ, देश की बड़ी समस्याओं का समाधान दे सकता है, लेकिन इस सामर्थ्य का सदुपयोग भी पहले नहीं किया गया। हैकाथॉन के ज़रिए युवा, देश की समस्याओं का समाधान भी दे सकते हैं, इसको लेकर पहले सरकारों ने सोचा तक नहीं। आज हम हर वर्ष स्मार्ट इंडिया हैकाथॉन आयोजित करते हैं। अभी तक 10 लाख युवा इसका हिस्सा बन चुके हैं, सरकार की अनेकों मिनिस्ट्रीज और डिपार्टमेंट ने गवर्नेंस से जुड़े कई प्रॉब्लम और उनके सामने रखें, समस्याएं बताई कि भई बताइये आप खोजिये क्या सॉल्यूशन हो सकता है। हैकाथॉन में हमारे युवाओं ने लगभग ढाई हज़ार सोल्यूशन डेवलप करके देश को दिए हैं। मुझे खुशी है कि आपने भी हैकाथॉन के इस कल्चर को आगे बढ़ाया है। और जिन नौजवानों ने विजय प्राप्त की है, मैं उन नौजवानों को बधाई देता हूं और मुझे खुशी है कि मुझे उन नौजवानों से मिलने का मौका मिला।

|

साथियों,

बीते 10 वर्षों में देश ने एक new age governance को फील किया है। बीते दशक में हमने, impact less administration को Impactful Governance में बदला है। आप जब फील्ड में जाते हैं, तो अक्सर लोग कहते हैं, कि हमें फलां सरकारी स्कीम का बेनिफिट पहली बार मिला। ऐसा नहीं है कि वो सरकारी स्कीम्स पहले नहीं थीं। स्कीम्स पहले भी थीं, लेकिन इस लेवल की last mile delivery पहली बार सुनिश्चित हो रही है। आप अक्सर पीएम आवास स्कीम के बेनिफिशरीज़ के इंटरव्यूज़ चलाते हैं। पहले कागज़ पर गरीबों के मकान सेंक्शन होते थे। आज हम जमीन पर गरीबों के घर बनाते हैं। पहले मकान बनाने की पूरी प्रक्रिया, govt driven होती थी। कैसा मकान बनेगा, कौन सा सामान लगेगा, ये सरकार ही तय करती थी। हमने इसको owner driven बनाया। सरकार, लाभार्थी के अकाउंट में पैसा डालती है, बाकी कैसा घर बनेगा, ये लाभार्थी खुद डिसाइड करता है। और घर के डिजाइन के लिए भी हमने देशभर में कंपीटिशन किया, घरों के मॉडल सामने रखे, डिजाइन के लिए भी लोगों को जोड़ा, जनभागीदारी से चीज़ें तय कीं। इससे घरों की क्वालिटी भी अच्छी हुई है और घर तेज़ गति से कंप्लीट भी होने लगे हैं। पहले ईंट-पत्थर जोड़कर आधे-अधूरे मकान बनाकर दिए जाते थे, हमने गरीब को उसके सपनों का घर बनाकर दिया है। इन घरों में नल से जल आता है, उज्ज्वला योजना का गैस कनेक्शन होता है, सौभाग्य योजना का बिजली कनेक्शन होता है, हमने सिर्फ चार दीवारें खड़ी नहीं कीं है, हमने उन घरों में ज़िंदगी खड़ी की है।

साथियों,

किसी भी देश के विकास के लिए बहुत जरूरी पक्ष है उस देश की सुरक्षा, नेशनल सिक्योरिटी। बीते दशक में हमने सिक्योरिटी पर भी बहुत अधिक काम किया है। आप याद करिए, पहले टीवी पर अक्सर, सीरियल बम ब्लास्ट की ब्रेकिंग न्यूज चला करती थी, स्लीपर सेल्स के नेटवर्क पर स्पेशल प्रोग्राम हुआ करते थे। आज ये सब, टीवी स्क्रीन और भारत की ज़मीन दोनों जगह से गायब हो चुका है। वरना पहले आप ट्रेन में जाते थे, हवाई अड्डे पर जाते थे, लावारिस कोई बैग पड़ा है तो छूना मत ऐसी सूचनाएं आती थी, आज वो जो 18-20 साल के नौजवान हैं, उन्होंने वो सूचना सुनी नहीं होगी। आज देश में नक्सलवाद भी अंतिम सांसें गिन रहा है। पहले जहां सौ से अधिक जिले, नक्सलवाद की चपेट में थे, आज ये दो दर्जन से भी कम जिलों में ही सीमित रह गया है। ये तभी संभव हुआ, जब हमने nation first की भावना से काम किया। हमने इन क्षेत्रों में Governance को Grassroot Level तक पहुंचाया। देखते ही देखते इन जिलों मे हज़ारों किलोमीटर लंबी सड़कें बनीं, स्कूल-अस्पताल बने, 4G मोबाइल नेटवर्क पहुंचा और परिणाम आज देश देख रहा है।

साथियों,

सरकार के निर्णायक फैसलों से आज नक्सलवाद जंगल से तो साफ हो रहा है, लेकिन अब वो Urban सेंटर्स में पैर पसार रहा है। Urban नक्सलियों ने अपना जाल इतनी तेज़ी से फैलाया है कि जो राजनीतिक दल, अर्बन नक्सल के विरोधी थे, जिनकी विचारधारा कभी गांधी जी से प्रेरित थी, जो भारत की ज़ड़ों से जुड़ी थी, ऐसे राजनीतिक दलों में आज Urban नक्सल पैठ जमा चुके हैं। आज वहां Urban नक्सलियों की आवाज, उनकी ही भाषा सुनाई देती है। इसी से हम समझ सकते हैं कि इनकी जड़ें कितनी गहरी हैं। हमें याद रखना है कि Urban नक्सली, भारत के विकास और हमारी विरासत, इन दोनों के घोर विरोधी हैं। वैसे अर्नब ने भी Urban नक्सलियों को एक्सपोज करने का जिम्मा उठाया हुआ है। विकसित भारत के लिए विकास भी ज़रूरी है और विरासत को मज़बूत करना भी आवश्यक है। और इसलिए हमें Urban नक्सलियों से सावधान रहना है।

साथियों,

आज का भारत, हर चुनौती से टकराते हुए नई ऊंचाइयों को छू रहा है। मुझे भरोसा है कि रिपब्लिक टीवी नेटवर्क के आप सभी लोग हमेशा नेशन फर्स्ट के भाव से पत्रकारिता को नया आयाम देते रहेंगे। आप विकसित भारत की एस्पिरेशन को अपनी पत्रकारिता से catalyse करते रहें, इसी विश्वास के साथ, आप सभी का बहुत-बहुत आभार, बहुत-बहुत शुभकामनाएं।

धन्यवाद!