Quoteআইআইটি ধাৰৱাড় দেশবাসীলৈ উৎসৰ্গা কৰে
Quoteশ্ৰী সিদ্ধৰুদ্ধা স্বামীজী হুব্বালি ষ্টেচনত বিশ্বৰ আটাইতকৈ দীঘল ৰে’লৱে প্লেটফৰ্ম উৎসৰ্গা কৰে
Quoteপুনৰ্বিকশিত হোচাপেট ষ্টেচন উৎসৰ্গা কৰে যাক হাম্পি স্মাৰকৰ দৰে ডিজাইন কৰা হৈছে
Quoteধাৰৱাড় মাল্টি ভিলেজ পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে
Quoteহুব্বালি-ধাৰৱাড় স্মাৰ্ট চিটীৰ বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
Quote"ডাবল ইঞ্জিন চৰকাৰে অতি সততাৰে ৰাজ্যখনৰ প্ৰতিখন জিলা, গাওঁ আৰু জনপদৰ সম্পূৰ্ণ বিকাশৰ বাবে চেষ্টা কৰি আছে"
Quote"ধাৰৱাড় বিশেষ। ই ভাৰতৰ সাংস্কৃতিক জীৱন্ততাৰ প্ৰতিফলন"
Quote"ধাৰৱাড়ত আইআইটিৰ নতুন চৌহদটোৱে মানদণ্ডৰ শিক্ষাৰ সুবিধা প্ৰদান কৰিব। ই যুৱ মনক এক উন্নত ভৱিষ্যতৰ বাবে প্ৰতিপালন কৰিব"
Quote"আধাৰশিলা স্থাপনৰ পৰা প্ৰকল্প উদ্বোধন কৰালৈকে, দ্বৈত ইঞ্জিন চৰকাৰে নিৰন্তৰ গতিত কাম কৰে"
Quote"সকলো ঠাইতে, সকলোৰে বাবে ভাল শিক্ষা পোৱা উচিত। অধিক সংখ্যক মানদণ্ডৰ প্ৰতিষ্ঠানে অধিক লোকৰ বাবে ভাল শিক্ষাৰ প্ৰসাৰ নিশ্চিত কৰিব"

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

 

জগতগুৰু বাসৱেশ্বৰ অৱৰিগে নন্না নমস্কাৰগলু।

কলে, সাহিত্য মত্তু সংস্কৃতিয়া ই নাডিগে,

কৰ্ণাটক দা এল্লা সহোদৰা সহোদৰীয়াৰিগে নন্না নমস্কাৰগলু।

 

বন্ধুসকল,

এই বছৰৰ আৰম্ভণিতো হুবলিলৈ অহাৰ সৌভাগ্য হৈছিল। হুবলিৰ মৰমৰ ভাই-ভনীসকলে যিদৰে ৰাজপথত থিয় হৈ মোক আশীৰ্বাদ দিছিল মই সেই মুহূৰ্তৰ কথা কেতিয়াও পাহৰিব নোৱাৰো, ইমান মৰম, ইমান আশীৰ্বাদ। অতীতত মই কৰ্ণাটকৰ বহুতো অঞ্চল ভ্ৰমণ কৰাৰ সুযোগ পাইছিলো। বাংগালুৰুৰ পৰা বেলাগাভিলৈকে, কালবুৰ্গীৰ পৰা শিমোগালৈ, মহীশূৰৰ পৰা তুমকুৰুলৈ, কান্নদিগাসকলে মোক যি ধৰণৰ মৰম দিছে, সেয়া যেন ইজনতকৈ সিজন চাৰ; আপোনালোকৰ এই মৰম, আপোনালোকৰ এই আশীৰ্বাদে মোক অভিভূত কৰিছে। এই মৰম মোৰ বাবে এক বৃহৎ ঋণ, আৰু মই কৰ্ণাটকৰ জনসাধাৰণলৈ নিৰন্তৰ সেৱা আগবঢ়াই এই ঋণ পৰিশোধ কৰিম। আমি এই দিশত একেলগে কাম কৰি আছো যাতে, কৰ্ণাটকৰ প্ৰতিগৰাকী ব্যক্তিয়ে সুখৰে জীৱন যাপন কৰিব পাৰে, ইয়াৰ যুৱক-যুৱতীসকলে নিযুক্তিৰ বাবে নতুন সুযোগ পাব লাগে, ইয়াৰ ভগ্নী আৰু কন্যাসকল অধিক সবল হ'ব লাগে। বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে কৰ্ণাটকৰ প্ৰতিখন জিলা, প্ৰতিখন গাঁও, প্ৰতিখন চহৰৰ সৰ্বাংগীন উন্নয়নৰ বাবে আন্তৰিক প্ৰচেষ্টা চলাই আছে। আজি ধাৰৱাড়ৰ এই ভূমিত উন্নয়নৰ এক নতুন ধাৰাৰ সূচনা হৈছে। উন্নয়নৰ এই ধাৰাটোৱে হুবলি, ধাৰৱাড়ৰ লগতে সমগ্ৰ কৰ্ণাটকৰ ভৱিষ্যতক সঞ্চাৰিত কৰাৰ বাবে কাম কৰিব, ইয়াক প্ৰস্ফূটিত আৰু পল্লৱিত কৰিব।

|

বন্ধুসকল,

বহু শতাব্দী ধৰি মলেনাডু আৰু বায়ালু সীমান্তৰ মাজত আমাৰ ধাৰৱাড় ‘গে’টৱে’ টাউন’, অৰ্থাৎ প্ৰৱেশদ্বাৰ চহৰ হিচাপে পৰিচিত হৈ আহিছিল। এই চহৰখন বিভিন্ন অঞ্চলৰ ভ্ৰমণকাৰীসকলৰ বাবে এটা লক্ষ্যস্থান আছিল। ই সকলোকে দুবাহু মেলি আদৰণি জনাইছিল, আৰু লগতে সকলোৰে পৰা শিকি-বুজি নিজকে সমৃদ্ধ কৰিছিল। সেয়েহে ধাৰৱাড় কেৱল এখন প্ৰৱেশদ্বাৰেই নাছিল, বৰঞ্চ ই কৰ্ণাটক আৰু ভাৰতৰ জীৱন্ততাৰো প্ৰতিফলন হৈ উঠিছিল। ইয়াক কৰ্ণাটকৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায়। ধাৰৱাড়ৰ পৰিচিতি সাহিত্যৰ জৰিয়তেও সম্ভৱ হৈছে, যিয়ে ড. ডি. আৰ. বেন্দ্ৰেৰ দৰে লেখকক উপহাৰ দিছে। ধাৰৱাড় ইয়াৰ সমৃদ্ধ সংগীতৰ বাবেও জনাজাত; যিয়ে পণ্ডিত ভীমসেন যোশী, গঙ্গুভাই হাংগল আৰু বাসৱৰাজ ৰাজগুৰুৰ দৰে সংগীতজ্ঞক উপহাৰ দিছে। ধাৰৱাড়ৰ ভূমিয়ে পণ্ডিত কুমাৰ গন্ধৰ্ৱ, পণ্ডিত মল্লিকাৰ্জুন মনচুৰ আদিৰ দৰে মহান ৰত্ন প্ৰদান কৰিছে। আৰু ধাৰৱাড়ৰ পৰিচয় ইয়াৰ সোৱাদৰেও কৰা হৈছে। কোনোবাই এবাৰ যদি 'ধাৰৱাড় পেড়া'ৰ সোৱাদ লয়, তেওঁ ইয়াক পুনৰ খাবলৈ নিবিচৰাৰ কথাই নাই? কিন্তু আমাৰ সংগী প্ৰহ্লাদ যোশীয়ে মোৰ স্বাস্থ্যৰ খুবেই যত্ন লয়, সেয়েহে তেওঁ আজি মোক মোক পেড়াতো উপহাৰ দিছে, কিন্তু এটা বন্ধ বাকচতহে দিছে।

বন্ধুসকল,

আজি ধাৰৱাড়ক ‘আইআইটি’ৰ এই নতুন চৌহদটোৱে দুগুণে সুখী কৰিছে। ইয়াত হিন্দী বুজি পাই, এই ফালে। এই চৌহদটোৱে ধাৰৱাড়ৰ পৰিচয় অধিক সুদৃঢ় কৰাৰ কাম কৰিব।

বন্ধুসকল,

ইয়ালৈ অহাৰ আগতে মই মণ্ড্যাত আছিলো। মণ্ড্যাত মই কৰ্ণাটক আৰু দেশৰ জনসাধাৰণৰ প্ৰতি ‘বেংগালুৰু-মহীশূৰ এক্সপ্ৰেছৱে’’ উৎসৰ্গা কৰাৰ সৌভাগ্য লাভ কৰিছিলো। এই ‘এক্সপ্ৰেছৱে’ই কৰ্ণাটকক বিশ্বৰ ‘ছফ্টৱে’ৰ আৰু প্ৰযুক্তিকেন্দ্ৰ’ হিচাপে আগুৱাই যোৱাৰ পথ প্ৰশস্ত কৰিব। মাত্ৰ কেইদিনমান আগতে, বেলাগাভিত এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছিল। শিমোগাত কুভেম্পু বিমানবন্দৰৰ উদ্বোধনো কৰা হৈছিল। আৰু, এতিয়া ধাৰৱাড়ৰ ‘আইআইটি’ৰ এই নতুন চৌহদটোৱে কৰ্ণাটকৰ উন্নয়নী যাত্ৰাৰ এক নতুন অধ্যায় লিপিবদ্ধ কৰিছে। ইয়াত থকা ‘হাই-টেক’ সুবিধাবোৰে ‘আইআইটি-ধাৰৱাড়’ক এক প্ৰতিষ্ঠান হিচাপে, বিশ্বৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিষ্ঠানসমূহৰ সমতুল্য হ'বলৈ অনুপ্ৰাণিত কৰিব।

|

বন্ধুসকল,

এই প্ৰতিষ্ঠানসমূহো বিজেপি চৰকাৰৰ সংকল্পৰ পৰা সিদ্ধিৰে এক উদাহৰণ। চাৰিবছৰ আগতে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত মই এই আধুনিক প্ৰতিষ্ঠানটোৰ আধাৰশিলা স্থাপন কৰিছিলো। মাজত এটা কৰোনা কালো আছিল, কাম কৰাত বহুতো অসুবিধা হৈছিল। কিন্তু তথাপিও, মই সুখী যে ৪টা বছৰৰ ভিতৰতে ‘আইআইটি-ধাৰৱাড়’ আজি এক ভৱিষ্যতদৰ্শী প্ৰতিষ্ঠান হিচাপে সাজু হৈ উঠিছে। আধাৰশিলা স্থাপনৰ পৰা উৎসৰ্গালৈকে ‘দ্বৈত ইঞ্জিন’ চৰকাৰে একে গতিতে কাম কৰিছে, আৰু মোৰ এটা সংকল্পই হৈছে যে যিটো প্ৰকল্পৰ আধাৰশিলা আমি স্থাপন কৰিম সেইটো প্ৰকল্পৰ উদ্বোধনো আমিয়েই কৰিম। হয়, এটা সময় আছিল, আধাৰশিলা স্থাপন কৰা আৰু পাহৰি যোৱা, এৰা, এনেকুৱাই হৈছিল, কিন্তু, সেই সময় এতিয়া পাৰ হৈ গ’ল।

বন্ধুসকল,

স্বাধীনতাৰ পিছত বহু দশক ধৰি, আমাৰ চিন্তা আছিল যে যদি ভাল শিক্ষানুষ্ঠানবিলাক সম্প্ৰসাৰিত হয়, তেন্তে তেওঁলোকৰ ব্ৰেণ্ড প্ৰভাৱিত হ'ব। এই চিন্তাই দেশৰ যুৱপ্ৰজন্মৰ যথেষ্ট ক্ষতি কৰিছে। কিন্তু এতিয়া নতুন ভাৰত, যুৱ ভাৰতে এই পুৰণি চিন্তাধাৰাক এৰি আগবাঢ়িলৈ লৈছে। ভাল শিক্ষা সকলো ঠাইতে উপলব্ধ হ'ব লাগে, সকলোৱে এনে শিক্ষা আহৰণৰ সুযোগ লাভ কৰিব লাগে। যিমানেই ভাল প্ৰতিষ্ঠান থাকিব, সিমানেই মানুহে ভাল শিক্ষা লাভ কৰিব। এইকাৰণেই যোৱা ৯টা বছৰত ভাৰতত ভাল শিক্ষা প্ৰতিষ্ঠানৰ সংখ্যা নিৰন্তৰ বৃদ্ধি হ’বলৈ ধৰিছে। আমি ‘এইমছ’ৰ সংখ্যা তিনিগুণ বৃদ্ধি কৰিছো। স্বাধীনতাৰ পিছৰ ৭টা দশকত দেশত মাত্ৰ ৩৮০ খন চিকিৎসা মহাবিদ্যালয় আছিল, যোৱা ৯টা বছৰত আৰু ২৫০ খন চিকিৎসা মহাবিদ্যালয় খোলা হৈছে। এই ৯টা বছৰত দেশত বহুতো নতুন ‘আইআইএম’ আৰু ‘আইআইটি’ মুকলি কৰা হৈছে। আজিৰ কাৰ্যসূচীটোও হৈছে বিজেপি চৰকাৰৰ এই প্ৰতিশ্ৰুতিৰে প্ৰতীক।

|

বন্ধুসকল,

একবিংশ শতিকাৰ ভাৰতে ইয়াৰ চহৰসমূহৰ আধুনিকীকৰণৰে আগবাঢ়িব খুজিছে। বিজেপি চৰকাৰে হুবলি-ধাৰৱাড়ক স্মাৰ্ট চিটী আঁচনিত অন্তৰ্ভুক্ত কৰিছিল। আজি ইয়াত বহুতো স্মাৰ্ট প্ৰকল্প আৰম্ভ কৰা হৈছে। ইয়াৰ উপৰিও, এটা ক্ৰীড়া চৌহদৰ আধাৰশিলা স্থাপন কৰা হৈছে। প্ৰযুক্তি, আন্তঃগাঁথনি আৰু স্মাৰ্ট প্ৰশাসনৰ ফলত অনাগত দিনত হুবলি ধাৰৱাড়ৰ এই ক্ষেত্ৰখনে উন্নয়নৰ নতুন শিখৰত উপনীত হ'বগৈ।

বন্ধুসকল,

‘শ্ৰী জয়দেৱ হস্পিটেল অব কাৰ্ডিঅ’ভাস্কুলাৰ ছায়েন্সেছ এণ্ড ৰিছাৰ্চ ইনষ্টিটিউট’কো সমগ্ৰ কৰ্ণাটকত যথেষ্ট আস্থাত লোৱা হয়। ইয়াৰ সেৱাসমূহ বেংগালুৰু, মহীশূৰ আৰু কালাবুৰ্গীতো উপলব্ধ হয়। আজি ইয়াৰ নতুন শাখাটোৰ আধাৰশিলা হুবলিত স্থাপন কৰা হৈছে। ইয়াৰ নিৰ্মাণৰ পিছত এই অঞ্চলৰ লোকসকলে যথেষ্ট সুবিধা লাভ কৰিব। এই অঞ্চলটো ইতিমধ্যেই এটা স্বাস্থ্য সেৱা কেন্দ্ৰ হিচাপে পৰিগণিত হৈ আহিছে। এতিয়া নতুন চিকিৎসালয়ৰ দ্বাৰা ইয়াত অধিক লোক উপকৃত হ'ব পাৰিব।

বন্ধুসকল,

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰেও ধাৰৱাড় আৰু ইয়াৰ চৌপাশৰ অঞ্চলসমূহত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে একেলগে কাম কৰি আছে। ‘জল জীৱন মিছন’ৰ অধীনত ইয়াত এক হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰ জৰিয়তে ১.২৫ লাখতকৈও অধিক পৰিয়ালক নলৰ জৰিয়তে ‘ৰেণুকা সাগৰ জলাধাৰ’ আৰু ‘মালাপ্ৰভা নদী’ৰ পানীৰ যোগান ধৰা হ'ব। যেতিয়া ধাৰৱাড়ত নতুন পানী শোধন প্ৰকল্প সাজু হৈ উঠিব, ই সমগ্ৰ জিলাখনৰে লোকসকলক উপকৃত কৰিব। আজি ‘তুপ্ৰীহাল্লা বান-ক্ষতি নিয়ন্ত্ৰণ প্ৰকল্প’ৰ আধাৰশিলাও স্থাপন কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে বানপানীৰ ফলত হোৱা ক্ষতি হ্ৰাস কৰিব পৰা যাব।

|

বন্ধুসকল,

আজি মই আৰু এটা কথাৰ বাবে খুবেই সুখী। সংযোগৰ ক্ষেত্ৰত কৰ্ণাটকে আজি আন এটা মাইলৰ খুঁটি স্পৰ্শ কৰিছে। আৰু হুবলিয়ে কৰ্ণাটকক এই গৌৰৱ দিয়াৰ সৌভাগ্য লাভ কৰিছে। এতিয়া ‘সিদ্ধৰুদ্ধা স্বামীজী ষ্টেশ্যন’ত পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্লেটফৰ্ম নিৰ্মিত হৈছে। পিচে, এয়া কেৱল এক অভিলেখেই নহয়, ই কেৱল এখন প্লেটফৰ্মৰ সম্প্ৰসাৰণেই নহয়, এয়া চিন্তাধাৰাৰ এক সম্প্ৰসাৰণ য'ত আমি আন্তঃগাঁথনিক প্ৰাথমিকতা প্ৰাদন কৰিছো। ‘হোচপেট-হুবলি-টিনাইঘাট শাখা’ৰ বৈদ্যুতিকীকৰণ আৰু ‘হোচপেট ষ্টেশ্যন’ৰ উন্নীতকৰণে আমাৰ দৃষ্টিভংগীক শক্তি প্ৰদান কৰিছে। এই পথটোৰে বৃহৎ সংখ্যক উদ্যোগলৈ কয়লা পৰিবহন কৰে। এই লাইনৰ বৈদ্যুতিকীকৰণৰ পিছত, ডিজেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা হ'ব আৰু পৰিৱেশ সুৰক্ষিত কৰা হ'ব। এই সকলোবোৰ প্ৰচেষ্টাই অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব আৰু পৰ্যটন সম্ভাৱনা বৃদ্ধি কৰিব।

ভাই-ভনীসকল,

ভাল আন্তঃগাঁথনি, আধুনিক আন্তঃগাঁথনি কেৱল চকুৰে ভাল দেখিবলৈকে নহয়, ই জীৱন সহজসাধ্যও কৰি তুলিব। ই সপোনবোৰ সঁচা হোৱাৰ পথ প্ৰশস্ত কৰিব। যেতিয়া আমাৰ ভাল ৰাস্তা নাছিল, ভাল চিকিৎসালয় নাছিল, প্ৰতিটো শ্ৰেণীৰ লোকেই, প্ৰতিটো বয়সৰ লোকেই কিমানযে কষ্ট ভুগিবলগীয়া হৈছিল। কিন্তু আজি যেতিয়া নতুন ভাৰতত আধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে, সকলোৱে ইয়াৰে লাভান্বিত হৈছে। ভাল ৰাস্তাৰ সুবাদত বিদ্যালয় আৰু মহাবিদ্যালয়লৈ যোৱা যুৱক-যুৱতীসকলৰ যাত্ৰা সহজ কৰি তোলে। আধুনিক ঘাইপথবোৰে কৃষক, শ্ৰমিক, ব্যৱসায়ী, কাৰ্যালয়লৈ যোৱা লোক, মধ্যবিত্ত, সকলোকে লাভান্বিত কৰে। সেয়েহে সকলোৱে ভাল-আধুনিক আন্তঃগাঁথনি বিচাৰে। আৰু মই সুখী যে যোৱা ৯টা বছৰে দেশখনে ইয়াৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ বাবে নিৰন্তৰ কাম কৰি আছে। যোৱা ৯টা বছৰত, পিএম পথ যোজনাৰ জৰিয়তে দেশৰ গাঁওবোৰত পথৰ নেটৱৰ্ক দুগুণতকৈয়ো অধিক হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্ক ৫৫% তকৈয়ো অধিক হাৰত বৃদ্ধি পাইছে।

|

বন্ধুসকল,

২০১৪ চনৰ আগতে ভাৰতৰ ডিজিটেল শক্তি, দেশত ইণ্টাৰনেটৰ বিষয়ে খুব কম আলোচনাহে কৰা হৈছিল। কিন্তু আজি ভাৰত হৈছে বিশ্বৰ অন্যতম শক্তিশালী ডিজিটেল অৰ্থনীতি। এয়া সম্ভৱ হৈছে কাৰণ আমি সুলভ ইণ্টাৰনেট উপলব্ধ কৰাইছো, গাঁৱৰ পৰা গাঁৱলৈ ইণ্টাৰনেট প্ৰদান কৰিছিলো। যোৱা ৯টা বছৰত, প্ৰতিদিনে গড়ে ২.৫ লাখ ব্ৰডবেণ্ড সংযোগ দিয়া হৈছে, প্ৰতিদিনে ২,৫ লাখ সংযোগ।

এই গতি আন্তঃগাঁথনিৰ বিকাশৰে সম্ভৱ হৈছে, কাৰণ আজি দেশ আৰু দেশবাসীৰ প্ৰয়োজনীয়তা অনুসৰি আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। ইয়াৰ আগতে, ৰাজনৈতিক লাভ আৰু লোকচান দেখাৰ পিছতহে ৰে'ল আৰু পথৰ দৰে প্ৰকল্পসমূহ ঘোষণা কৰা হৈছিল। আমি প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন সমগ্ৰ দেশৰ বাবে আনিছো, যাতে দেশত য'তেই প্ৰয়োজন হয়, আন্তঃগাঁথনি দ্ৰুত গতিত নিৰ্মাণ কৰিব পৰা যায়।

বন্ধুসকল,

আজি দেশৰ সামাজিক আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰতো অভূতপূৰ্ব কাম কৰা হৈছে। ২০১৪ চনলৈকে দেশৰ এক বৃহৎ জনসংখ্যাৰ এটা পকী ঘৰ নাছিল। শৌচালয়ৰ অভাৱৰ বাবে আমাৰ ভগ্নীসকলে কিমান যে কষ্ট ভোগ কৰিব লগা হৈছিল। ভগ্নীসকলে তেওঁলোকৰ সকলো সময় খৰি আৰু পানীৰ ব্যৱস্থা কৰাতে অতিবাহিত কৰিছিল। দৰিদ্ৰ সকলৰ বাবে চিকিৎসালয়ৰ অভাৱ আছিল। চিকিৎসালয়ত চিকিৎসা ব্যয়বহুল আছিল। আমি এই সমস্যাবোৰ এটা এটাকৈ সমাধান কৰিছো। দৰিদ্ৰসকলে তেওঁলোকৰ পকী ঘৰ, বিদ্যুৎ আৰু গেছ সংযোগ, শৌচালয় পাইছে। এতিয়া প্ৰতিটো ঘৰে নলৰ জৰিয়তে পানীৰ সুবিধা লাভ কৰিছে। ঘৰ আৰু গাঁৱৰ ওচৰত ভাল চিকিৎসালয় নিৰ্মাণ কৰা হৈছে, ভাল মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ আজি আমি আমাৰ যুৱক-যুৱতীসকলক এনে সকলো উপায় প্ৰদান কৰিছো যিয়ে তেওঁলোকক অহা ২৫ বছৰৰ সংকল্প পূৰণ কৰাত সহায় কৰিব।

|

বন্ধুসকল,

আজি যেতিয়া মই ভগৱান বাসৱেশ্বৰৰ দেশলৈ আহিছোঁ, মই নিজকে অধিক ধন্য অনুভৱ কৰিছো। ভগৱান বাসৱেশ্বৰৰ বহুতো অৱদানৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে অনুভৱ মণ্ডপম স্থাপন। এই গণতান্ত্ৰিক ব্যৱস্থাটোৰ বিষয়ে সমগ্ৰ বিশ্বতে অধ্যয়ন কৰা হয়। আৰু এনে বহুতো কথা আছে যাৰ বাবে আমি দাবী কৰোঁ যে ভাৰত কেৱল সৰ্ববৃহৎ গণতন্ত্ৰই নহয়, ভাৰত গণতন্ত্ৰৰ মাতৃও। এয়া মোৰ সৌভাগ্য আছিল যে মই কেইবছৰমান আগতে লণ্ডনত ভগৱান বাসৱেশ্বৰৰ প্ৰতিমূৰ্তি উদ্বোধন কৰাৰ সুযোগ পাইছিলো। লণ্ডনত ভগৱান বাসৱেশ্বৰ, গণতন্ত্ৰৰ শক্তিশালী ভেটিৰ প্ৰতীক অনুভৱ মণ্ডপমৰ অভিজ্ঞতা। লণ্ডনৰ ভূমিত ভগৱান বাসৱেশ্বৰৰ প্ৰতিমূৰ্তি, কিন্তু এয়া দুৰ্ভাগ্যজনক যে ভাৰতৰ গণতন্ত্ৰৰ প্ৰতি প্ৰশ্ন উথ্থাপনৰ কাম লণ্ডনতে কৰা হৈছিল। ভাৰতৰ গণতন্ত্ৰৰ মূল আমাৰ শতিকাজোৰা ইতিহাসৰ পৰা পোৱা যায়। পৃথিৱীৰ কোনো শক্তিয়ে ভাৰতৰ গণতান্ত্ৰিক পৰম্পৰাৰ ক্ষতি সাধন কৰিব নোৱাৰে।  তত্ স্বত্ত্বেও, কিছুমান লোকে নিৰন্তৰ ভাৱে ভাৰতৰ গণতন্ত্ৰক কাঠগড়াত থিয় কৰাই আহিছে। এইসকল লোকে ভগৱান বাসৱেশ্বৰক অপমান কৰিছে। এইসকল লোকে ভাৰতৰ মহান পৰম্পৰা, কৰ্ণাটকৰ জনসাধাৰণক অপমান কৰিছে, অপমান কৰিছে ভাৰতৰ ১৩০ কোটি সচেতন নাগৰিকক। কৰ্ণাটকৰ মানুহেও এনে লোকৰ প্ৰতি সতৰ্ক হ'ব লাগিব।

|

 

|

বন্ধুসকল,

কৰ্ণাটকে বিগত বছৰবোৰত ভাৰতক যিদৰে এক প্ৰযুক্তি-ভৱিষ্যতৰ ৰূপত পৰিচিতি প্ৰদান কৰিছে, আজি তাক আগুৱাই নিয়াৰ সময় সমাগত হৈছে। কৰ্ণাটক হৈছে ‘হাইটেক ইণ্ডিয়া’ৰ ‘ইঞ্জিন’। এই ইঞ্জিনৰ বাবে ‘ডাবল ইঞ্জিন’ৰ চৰকাৰে শক্তি আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

আকৌ এবাৰ, উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে হুবলি-ধাৰৱাড়ৰ জনসাধাৰণক বহুত অভিনন্দন জনাইছো। মোৰ সৈতে একেলগে কওঁক –ভাৰত মাতা কী জয়। দুয়োখন হাত দাঙি সম্পূৰ্ণ শক্তিৰে কওঁক – ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়।

বহুত ধন্যবাদ।     

  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • Uday ram gurjar April 15, 2024

    जय हो जय श्री राम
  • Santosh Kore April 14, 2024

    अब कि बार 400 पार
  • Santosh Kore April 14, 2024

    अब कि बार 400 पार
  • Santosh Kore April 14, 2024

    अब कि बार 400 पार
  • Vaishali Tangsale February 12, 2024

    🙏🏻🙏🏻
  • ज्योती चंद्रकांत मारकडे February 11, 2024

    जय हो
  • Sau Umatai Shivchandra Tayde January 11, 2024

    जय श्रीराम
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
After Operation Sindoor, a diminished terror landscape

Media Coverage

After Operation Sindoor, a diminished terror landscape
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi's address to the nation
May 12, 2025
QuoteToday, every terrorist knows the consequences of wiping Sindoor from the foreheads of our sisters and daughters: PM
QuoteOperation Sindoor is an unwavering pledge for justice: PM
QuoteTerrorists dared to wipe the Sindoor from the foreheads of our sisters; that's why India destroyed the very headquarters of terror: PM
QuotePakistan had prepared to strike at our borders,but India hit them right at their core: PM
QuoteOperation Sindoor has redefined the fight against terror, setting a new benchmark, a new normal: PM
QuoteThis is not an era of war, but it is not an era of terrorism either: PM
QuoteZero tolerance against terrorism is the guarantee of a better world: PM
QuoteAny talks with Pakistan will focus on terrorism and PoK: PM

প্ৰিয় দেশবাসী,

নমস্কাৰ !

যোৱা কেইটামান দিনত দেশৰ শক্তি আৰু সংযম দুয়োটাই আমি সকলোৱে প্ৰত্যক্ষ কৰিছো।মই প্ৰথমে আমাৰ শক্তিশালী ভাৰতীয় সেনাবাহিনীক প্ৰণাম জনাইছো, সশস্ত্ৰ বাহিনী, আমাৰ চোৰাংচোৱা সংস্থা, আমাৰ বিজ্ঞানী, সকলোকে মই প্ৰতিজন ভাৰতীয়ৰ হৈ প্ৰণাম জনাইছো।

আমাৰ সাহসী জোৱানসকলে ‘অপাৰেচন সিন্দুৰ’ৰ লক্ষ্যত উপনীত হ’বলৈ গৈ অপৰিসীম সাহস প্ৰদৰ্শন কৰিলে। মই তেওঁলোকৰ বীৰত্বক, তেওঁলোকৰ সাহসক, তেওঁলোকৰ পৰাক্ৰমক সমৰ্পিত কৰিছো৷ মই তেওঁলোকৰ এই পৰাক্ৰমক , আমাৰ দেশৰ প্ৰতিগৰাকী মাতৃলৈ, দেশৰ প্ৰতিগৰাকী ভগ্নী আৰু প্ৰতিগৰাকী কন্যাৰ বাবে উৎসৰ্গা কৰিছো।

 

বন্ধুসকল,

যোৱা ২২ এপ্ৰিলত পহলগামত সন্ত্রাসবাদীয়ে প্রদর্শন কৰা বৰ্বৰতাই দেশ আৰু বিশ্বক স্তম্ভিত কৰি তুলিছিল৷

বন্ধৰ দিন উদযাপন কৰিবলৈ যোৱা নিৰ্দোষ নিৰীহ নাগৰিকক ধৰ্মৰ বিষয়ে সুধি পৰিয়ালৰ সন্মুখতে, শিশুসকলৰ সন্মুখতে...

নিৰ্দয়ভাবে হত্যা কৰা হৈছিল।

এয়া আছিল আতংকৰ এক বীভৎস ছবি, এয়া আছিল নিষ্ঠুৰতাৰ ভয়ংকৰ প্ৰকাশ৷ এয়া আছিল দেশৰ সমন্বয় বিনষ্ট কৰাৰ এক ঘৃণনীয় অপচেষ্টা। মোৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে এই নাৰকীয় ঘটনাৰ বেদনা অসহনীয় আছিল।

এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশ, প্ৰতিগৰাকী নাগৰিক, সমাজ, প্ৰতিটো শ্ৰেণীৰ লোক, প্ৰতিটো ৰাজনৈতিক দল একত্ৰিত হৈ 'একেষাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থাৰ দাবীৰে থিয় দিলে।

সন্ত্ৰাসবাদীক নিঃশেষ কৰিবলৈ ভাৰতীয় নিৰাপত্তা বাহিনীক আমি পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিলো। আমি তেওঁলোকক এইক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিলো।

আৰু আজি প্ৰতিজন সন্ত্ৰাসবাদীয়ে, প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনে উপলব্ধি কৰিবলৈ বাধ্য হৈছে আমাৰ ভগ্নী-কন্যাৰ কপালৰ সেন্দুৰ মচি পেলোৱাৰ পৰিণতি কি হ'ব পাৰে ।

 

বন্ধুসকল,

অপাৰেচন সিন্দুৰ ...এয়া কেৱল এটা নাম নহয়৷এয়া দেশৰ কোটি কোটি মানুহৰ আৱেগৰ প্ৰতিফলন।

অপাৰেচন 'সিন্দুৰ' ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। ৬ মে’ৰ গভীৰ নিশা.. ৭ মে’ৰ পুৱা.. সমগ্ৰ বিশ্বই এই প্ৰতিজ্ঞা ফলাফলত পৰিণত হোৱা দেখিবলৈ পাইছে। ভাৰতীয় বাহিনীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰিছে।

তেওঁলোকৰ প্ৰশিক্ষণ কেন্দ্ৰত নিখুঁতভাৱে আঘাত কৰিছে । সন্ত্ৰাসবাদীয়ে সপোনতো কল্পনা কৰা নাছিল যে ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। কিন্তু যেতিয়া দেশখন একত্ৰিত হয়, দেশ প্ৰথমৰ মনোভাৱেৰে মানুহৰ মনবোৰ ভৰি পৰে, তেতিয়া দেশেই সৰ্বোচ্চ হৈ পৰে। তেতিয়াই শক্তিশালী সিদ্ধান্ত লোৱা হয় আৰু তাৰ ফল লাভ কৰা হয়।

ভাৰতীয় ক্ষেপণাস্ত্ৰই যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছিল, ভাৰতীয় ড্ৰোনে যেতিয়া আক্ৰমণ চলাইছিল, তেতিয়া কেৱল সন্ত্ৰাসবাদী সংগঠনৰ ভৱনবোৰেই নহয়, তেওঁলোকৰ আত্মবিশ্বাসো কঁপি উঠিছিল।

 

বহাৱালপুৰ আৰু মুৰিদকেৰ দৰে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানসমূহ এককথাত বিশ্ব সন্ত্ৰাসবাদৰ বিশ্ববিদ্যালয় স্বৰূপ হৈ পৰিছে।

বিশ্বৰ যিকোনো ঠাইত সংঘটিত হোৱা যিকোনো ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ- সেয়া ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক , লণ্ডন টিউব বোমা বিস্ফোৰণেই হওঁক বা ভাৰতত দশকজুৰি সংঘটিত হোৱা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক, ক’ৰবাত নহয় ক’ৰবাত এই ঘটনাসমূহ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা এই স্থানসমূহৰ সৈতে সংযুক্ত হৈ পৰিছে। সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নীহঁতৰ সেন্দুৰ মচি পেলাইছিল৷ সেইবাবেই ভাৰতে সন্ত্ৰাসবাদৰ এই মুখ্য কাৰ্যালয় ধ্বংস কৰিছে। ভাৰতৰ এই আক্ৰমণত ১০০ৰো অধিক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে। ইমানবোৰ সন্ত্ৰাসবাদীয়ে যোৱা ডেৰৰ পৰা তিনি দশক ধৰি পাকিস্তানত মুক্তভাৱে ঘূৰি ফুৰিছিল৷ যিসকলে পূৰ্বে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকক ভাৰতে এটা আঘাততে ধ্বংস কৰি পেলালে।

 

বন্ধুসকল,

ভাৰতৰ এই কাৰ্য্যত পাকিস্তান গভীৰভাৱে হতাশগ্ৰস্ত হৈ পৰিছে৷ সকলোতে কেৱল হতাশাৰ কলীয়া ডাৱৰে ছানি ধৰিছিল৷ তেওঁলোক বিভ্ৰান্ত হৈ পৰিছিল৷এনে বিভ্ৰান্তিকৰ অৱস্থাৰ মাজতে তেওঁলোকে আৰু এটা বেয়া কাম কৰিলে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থাক সমৰ্থন কৰাৰ পৰিৱৰ্তে পাকিস্তানে ভাৰতকহে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে।

পাকিস্তানে আমাৰ স্কুল আৰু কলেজসমূহ লক্ষ্য কৰি লৈছিল, গুৰুদ্বাৰ, মন্দিৰ, সাধাৰণ নাগৰিকৰ ঘৰ আদিও পাকিস্তানৰ আক্ৰণৰ লক্ষ্য হৈ পৰিছিল৷ এনে কাৰ্যৰ জড়িয়তে পাকিস্তানে নিজকে উদঙাই দিলে। বিশ্বই দেখিলে পাকিস্তানৰ ড্ৰোন আৰু মিছাইল কেনেকৈ ভাৰতৰ সন্মুখত খেৰৰ দৰে জ্বলি ছাই হৈ গল৷ ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সেইবোৰ আকাশতে ধ্বংস কৰি পেলালে। সীমান্তত আক্ৰমণ কৰিবলৈ সাজু হৈছিল পাকিস্তান৷ কিন্তু ইয়াৰ বিপৰীতে ভাৰতে পাকিস্তানৰ বুকুত আঘাত হানিলে। ভাৰতৰ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰই নিখুঁতভাৱে পাকিস্তানৰ লক্ষ্যস্থানত আঘাত কৰিছিল। ফলত পাকিস্তানী বায়ুসেনাৰ সেই বিমানঘাটিসমূহ ক্ষতিগ্ৰস্ত হৈছিল, যিবোৰকলৈ পাকিস্তানে গৌৰৱ কৰি আহিছিল৷ প্ৰথম তিনিদিনতে যে ভাৰতে পাকিস্তানক এনেদৰে ধ্বংস কৰিব সেয়া তেওঁলোকে কল্পনাও কৰা নাছিল । সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ আগ্ৰাসী কাৰ্য্য ব্যৱস্থাৰ পিছত পাকিস্তানে পলায়নৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিলে। পাকিস্তানে উত্তেজনা হ্ৰাস কৰিবলৈ বিশ্বক অনুৰোধ কৰিবলৈ ধৰিলে৷ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত বাধ্যবাধকতাত পৰি ১০ মে’ৰ দুপৰীয়া পাকিস্তানী সেনাই আমাৰ ডিজিএমঅ’ৰ সৈতে যোগাযোগ কৰিলে। তেতিয়ালৈকে আমি পাকিস্তানৰ সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি বৃহৎ পৰিসৰত ধ্বংস কৰি পেলাইছিলো৷ বহু সন্ত্ৰাসবাদী নিহত হৈছিল৷ আমি পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিবোৰ ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছিলোঁ৷ গতিকে, দিশহাৰা পাকিস্তানৰ পৰা এটা আবেদন কৰা হৈছিল৷ এই কথা পাকিস্তানৰ পৰা কোৱা হৈছিল যে তেওঁলোকৰ পক্ষৰ পৰা আৰু কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ তথা সামৰিক দুষ্কাৰ্য কৰা নহ’ব ৷গতিকে ভাৰতেও এই কথা বিবেচনা কৰিলে। আৰু মই আকৌ কওঁ...আমি মাত্ৰ পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু সামৰিক ঘাটিৰ বিৰুদ্ধে আমাৰ ব্যৱস্থা স্থগিতহে ৰাখিছো৷

অনাগত দিনত আমি পাকিস্তানৰ প্ৰতিটো খোজৰ হিচাব লম৷ তেওঁলোকে কি মনোভাৱ গ্ৰহণ কৰে সেয়া লক্ষ্য কৰিম৷

 

বন্ধুসকল,

ভাৰতৰ তিনিটা সেনাবাহিনী-আমাৰ বায়ুসেনা, আমাৰ সেনাবাহিনী আৰু আমাৰ নৌসেনা, আমাৰ সীমান্ত সুৰক্ষা বাহিনী-বিএছএফ, ভাৰতৰ অৰ্ধসামৰিক বাহিনী নিৰন্তৰ সষ্টম হৈ আছে ।ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ এক বলিষ্ঠ পদক্ষেপ হিচাবে পৰিগণিত হৈছে। ভাৰতে এয়া নীতিগতভাবে গ্ৰহণ কৰিছে৷ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ শক্তিশালী প্ৰমাণ হৈ পৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নতুন ৰেখা টানিছে অপাৰেচন সিন্দুৰে। এটা নতুন মান, এটা নতুন ধৰণ নিৰ্ধাৰণ কৰা হৈছে।

প্ৰথম কথা - ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উপযুক্ত উত্তৰ দিয়া হ’ব।আমি নিজৰ ধৰণে, নিজৰ চৰ্তত সঁহাৰি জনাম।

সন্ত্ৰাসবাদৰ শিপা য’ৰ পৰা বিস্তাৰিত হৈছে তাতেই আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। দ্বিতীয়তে – ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে। পাৰমাণৱিক ব্লেকমেইলৰ আৱৰণেৰে ঘেৰি ৰখা সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানসমূহত ভাৰতে এক নিখুঁত আৰু নিৰ্ণায়ক আক্ৰমণ চলাব। তৃতীয়তে, সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰখন আৰু সন্ত্ৰাসবাদৰ মালিকসকলক আমি পৃথক সত্তা হিচাপে কেতিয়াও নাচাম।

'অপাৰেচন সিন্দুৰ'ৰ সময়ত বিশ্বই আকৌ দেখিছে পাকিস্তানৰ কুৎসিত মুখ।যেতিয়া মৃত সন্ত্ৰাসবাদীক বিদায় দিয়া হৈছিল।

পাকিস্তানী সেনাৰ শীৰ্ষ বিষয়াৰ মাজত লৰাধপৰা লাগিছল। দেশ খনৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ এয়া এক ডাঙৰ প্ৰমাণ। ভাৰত আৰু আমাৰ নাগৰিকক যিকোনো ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ আমি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি যাম।

 

বন্ধুসকল,

আমি প্ৰতিবাৰেই যুদ্ধক্ষেত্ৰত পাকিস্তানক পৰাস্ত কৰিছো আৰু এইবাৰ অপাৰেচন সিন্দুৰে ইয়াত এক নতুন মাত্ৰা সংযোজন কৰিলে। আমি মৰুভূমি আৰু পৰ্বতমালাত আমাৰ সামৰ্থ্য উজ্জ্বলভাৱে প্ৰদৰ্শন কৰিছো৷ লগতে আধুনিক যুদ্ধত নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছো।এই অপাৰেচনৰ সময়ত আমাৰ মেড ইন ইণ্ডিয়া অস্ত্ৰৰ সত্যতাও প্ৰমাণিত হ’ল। আজি বিশ্বই লক্ষ্য কৰিছে- একবিংশ শতিকাৰ যুদ্ধত মেড ইন ইণ্ডিয়া প্ৰতিৰক্ষা সঁজুলিৰ সময় আহি পৰিছে।

 

বন্ধুসকল,

আমাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ মাজত গঢ় লোৱা ঐক্য। এয়া নিশ্চিতভাৱে যুদ্ধৰ যুগ নহয়৷ কিন্তু এয়া সন্ত্ৰাসবাদৰো যুগ নহয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই হৈছে এখন উন্নত পৃথিৱীৰ নিশ্চয়তা প্ৰদানৰ প্ৰথম চৰ্ত৷

 

বন্ধুসকল,

পাকিস্তানৰ সেনা, পাকিস্তান চৰকাৰে যি সন্ত্ৰাসবাদক লালন-পালন কৰি আহিছে এদিন সেই সন্ত্ৰাসবাদেই পাকিস্তানক ধ্বংস কৰিব। পাকিস্তানে যদি জীয়াই থাকিব বিচাৰে তেন্তে নিজৰ দেশত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিব লাগিব। ইয়াৰ বাহিৰে শান্তিৰ কোনো বিকল্প পথ নাই। এইক্ষেত্ৰত ভাৰতৰ স্থিতি অতি স্পষ্ট৷ আতংক আৰু আলোচনা একেলগে আগবাঢ়িব নোৱাৰে৷

সন্ত্ৰাস আৰু বাণিজ্য একেলগে আগুৱাব নোৱাৰে। আনকি পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে। আজি বিশ্ব সমাজকো ক'ব বিচাৰিছো- আমাৰ ঘোষিত নীতি হৈছে- পাকিস্তানৰ সৈতে যদি আলোচনা হয়, সেয়া হ'ব সন্ত্ৰাসবাদৰ বিষয়ত, যদি পাকিস্তানৰ সৈতে আলোচনা হয়, তেন্তে সেয়া হ'ব পাক অধিকৃত কাশ্মীৰৰ বিষয়ত৷

 

প্ৰিয় দেশবাসী,

আজি বুদ্ধ পূৰ্ণিমা।

ভগৱান বুদ্ধই আমাক শান্তিৰ পথ দেখুৱাইছে। শান্তিৰ পথো শক্তিৰ মাজেৰেই পৰিচালিত হয়৷ মানৱতা শান্তি আৰু সমৃদ্ধিৰ পথেৰে আগবাঢ়ি যাওক৷ প্ৰতিজন ভাৰতীয়ই শান্তিৰে জীয়াই থাকিবলৈ সক্ষম হওক৷ যিয়ে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পাৰিব৷

ইয়াৰ বাবে ভাৰত শক্তিশালী হ'ব লাগিব আৰু প্ৰয়োজনৰ সময়ত শক্তি ব্যৱহাৰ কৰাটোও গুৰুত্বপূৰ্ণ কথা হৈ পৰিব। যোৱা কেইটামান দিনত ভাৰতে ঠিক এনে কামেই কৰিছে।ভাৰতীয় সেনা আৰু সশস্ত্ৰ বাহিনীক পুনৰবাৰ প্ৰণাম জনাইছো।

ভাৰতবাসীৰ সাহস আৰু ঐক্যক প্ৰণাম জনাইছো।

ধন্যবাদ...

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!