Quote"India is eager to host the Olympics in the country. India will leave no stone unturned in the preparation for the successful organization of the Olympics in 2036. This is the dream of the 140 crore Indians"
Quote“India is also eager to host the Youth Olympics taking place in the year 2029”
Quote“Indians are not just sports lovers, but we also live it”
Quote“The sporting legacy of India belongs to the entire world”
Quote“In sports, there are no losers, there are only winners and learners”
Quote“We are focussing on inclusivity and diversity in sports in India”
Quote“IOC Executive Board has recommended including Cricket in the Olympics and we hope to hear positive news soon”

‘আইঅ'চি’-ৰ সভাপতি শ্ৰীযুত থমাছ বাখ, ‘আইঅ'চি’-ৰ সন্মানীয় সদস্যবৃন্দ, ‘আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্যন’, ‘ভাৰতীয় ৰাষ্ট্ৰীয় ফেডাৰেশ্যন’ৰ প্ৰতিনিধিবৃন্দ। ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল!

১৪০ কোটি ভাৰতীয়ৰ হৈ মই এই বিশেষ অনুষ্ঠানত আপোনালোক সকলোকে আদৰণি জনোৱাৰ লগতে অভিনন্দন জনাইছোঁ। ‘আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থা’-ৰ এই ‘১৪১ সংখ্যক অধিৱেশন’খন ভাৰতত অনুষ্ঠিত হোৱা কথাই বিশেষ তাত্পৰ্য বহণ কৰিছে। ‘আইঅ'চি’-ৰ এই অধিৱেশন ৪০ বছৰৰ পিছত ভাৰতত অনুষ্ঠিত হোৱাটো আমাৰ বাবে গৌৰৱৰ কথা।

 

|

বন্ধুসকল,

মাত্ৰ কেইমিনিটমান আগতে ভাৰতে আহমেদাবাদত বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামখনত এক অতি দৰ্শনীয় বিজয় সাব্যস্ত কৰিছে। এই ঐতিহাসিক বিজয়ৰ বাবে মই ‘টীম ইণ্ডিয়া’ক, সকলো ভাৰতীয়ক অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

ভাৰতত ক্ৰীড়া হৈছে আমাৰ সংস্কৃতি, আমাৰ জীৱনশৈলীৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ আহিছে। যদি আপোনালোক ভাৰতৰ গাঁওসমূহলৈ যায়, আপোনালোকে দেখিব যে আমাৰ প্ৰতিটো উৎসৱেই ক্ৰীড়া অবিহনে অসম্পূৰ্ণ। আমি ভাৰতীয়সকল কেৱল ক্ৰীড়াপ্ৰেমীয়েই নহয়, বৰঞ্চ আমিবোৰ ক্ৰীড়াক লৈ জীৱনপাত কৰোতা লোকো। আৰু এই কথা আমাৰ হাজাৰ হাজাৰ বছৰৰ ইতিহাসত প্ৰতিফলিত হৈছে। সিন্ধু সভ্যতাই হওক, হাজাৰ হাজাৰ বছৰ আগৰ বৈদিক সময়েই হওক, বা তাৰ পিছৰ সময়ছোৱা, ক্ৰীড়াৰ প্ৰতি ভাৰতৰ উত্তৰাধিকাৰিত্ব প্ৰতিটো যুগতে যথেষ্ট সমৃদ্ধ হৈ আহিছে। হাজাৰ হাজাৰ বছৰ আগতে লিখা গ্ৰন্থসমূহত কোৱা হৈছে যে আমি ‘৬৪ বিধ কলা’ত দক্ষ। ইয়াৰে বহুতো শাখা ক্ৰীড়াৰ সৈতে সম্পৰ্কিত আছিল, যেনে ঘোঁৰা চালনা, ধনুৰ্বিদ্যা, সাঁতোৰ, মল্লযুদ্ধ, এনে বহুতো দক্ষতাৰ অৰ্জনত গুৰুত্ব দিয়া হৈছিল। ধনুৰ্বিদ্যা শিকিবলৈ সম্পূৰ্ণ এখন ‘ধনুৰ্বেদ সংহিতা’ই লিখা হৈছিল। এই সংহিতাতৰ এঠাইত কোৱা হৈছিল-

“ধনুশ চকৰঞ্চ কুতঞ্চ খডগঞ্চ ক্ষুৰিকা গদা।

সপ্তমম্ বাহু যুদ্ধম্, স্যা-দেৱম্, যুদ্ধানী সপ্তধা।”

অৰ্থাৎ, ধনুৰ্বিদ্যাৰ সৈতে সম্পৰ্কিত ৭ প্ৰকাৰৰ দক্ষতা থাকিব লাগে। যাৰ ভিতৰত আছে ধনু-কাড়, চক্ৰ, বৰ্শা অৰ্থাৎ আজিৰ ‘জেভলিন থ্ৰ’’, ‘তৰোৱাল যুঁজ’, ‘ড্ৰেজাৰ’, গদা আৰু ‘মল্লযুদ্ধ’।

 

|

বন্ধুসকল,

ক্ৰীড়াৰ এই হাজাৰ হাজাৰ বছৰ পুৰণি উত্তৰাধিকাৰীত্বৰ বহুতো বৈজ্ঞানিক প্ৰমাণ আছে। আমি বৰ্তমান মুম্বাইত থকা ঠাইৰ পৰা প্ৰায় ৯০০ কিলোমিটাৰ দূৰত, কচ্ছত আছে ‘ইউনেস্কো’ৰ ‘বিশ্ব ঐতিহ্যক্ষেত্ৰ’ – ‘ঢোলাভিৰা’। ঢোলাভিৰা ৫ হাজাৰ বছৰতকৈয়ো অধিক বছৰৰ আগতে এখন অতি ডাঙৰ আৰু সমৃদ্ধ ‘বন্দৰ চহৰ’ আছিল। নগৰ পৰিকল্পনাৰ লগতে, এই প্ৰাচীন চহৰখনত ক্ৰীড়া আন্তঃগাঁথনিৰ এক মহান আৰ্হিও পোৱা গৈছে। খননৰ সময়ত, ইয়াত ২ খন ‘ষ্টেডিয়াম’ৰ অৱস্থিতি আৱিষ্কৃত হৈছিল। ইয়াৰ ভিতৰত এখনতো হৈছে সেই সময়ত পৃথিৱীৰ আটাইতকৈ পুৰণি আৰু ‘পৃথিৱীৰ সৰ্ববৃহৎ ষ্টেডিয়াম’। ভাৰতৰ এই ৫,০০০ বছৰ পুৰণি ‘ষ্টেডিয়াম’ত একেলগে ১০,০০০ লোকৰ আসন ক্ষমতা আছিল। ভাৰতৰ আন এক প্ৰাচীন স্থান ‘ৰাখীগঢ়ী’কো ক্ৰীড়া সম্পৰ্কীয় গাঁথনি হিচাপে চিনাক্ত কৰা হৈছে। ভাৰতৰ এই ঐতিহ্য হৈছে সমগ্ৰ বিশ্বৰে ঐতিহ্য।

বন্ধুসকল,

ক্ৰীড়াত কোনো পৰাজিত নহয়, ক্ৰীড়াত কেৱল বিজয়ী আৰু শিক্ষাৰ্থীহে হয়। ক্ৰীড়াৰ ভাষা সাৰ্বজনীন, আবেগ সাৰ্বজনীন। ক্ৰীড়া কেৱল প্ৰতিযোগিতা নহয়। ক্ৰীড়াই মানৱতাক সম্প্ৰসাৰিত হোৱাৰ সুযোগ দিয়ে। অভিলেখ ভংগ কৰোতা যিয়েই নহওক কিয়, সমগ্ৰ বিশ্বই তেওঁক স্বাগত জনায়। ক্ৰীড়াই আমাৰ ‘বসুধৈৱ কুটুম্বকম’ অৰ্থাৎ ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’ৰ ধাৰণাক শক্তিসমৃদ্ধ কৰে। সেয়েহে, আমাৰ চৰকাৰে প্ৰতিটো স্তৰত ক্ৰীড়াৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিৰে কাম কৰি আছে। ‘খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটী গে’মছ’, ‘খেলো ইণ্ডিয়া য়ুথ গে’মছ’, ‘খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়া’, ‘সাংসদ সদস্য ক্ৰীড়া প্ৰতিযোগিতা’, আৰু আগন্তুক ‘খেলো ইণ্ডিয়া পেৰা গে’মছ’ হৈছে ইয়াৰ উদাহৰণ। আমি ভাৰতত ক্ৰীড়াৰ বিকাশৰ বাবে অন্তৰ্ভুক্তি আৰু বৈচিত্ৰ্যৰ ওপৰতো নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আছো।

বন্ধুসকল,

ক্ৰীড়াৰ প্ৰসংগত ভাৰতে দিয়া এই গুৰুত্বৰ বাবে আজি ভাৰতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন কৰিছে। যোৱা ‘অলিম্পিক’ত বহুতো ভাৰতীয় খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰিছিল। ভাৰতে শেহতীয়াকৈ সমাপ্ত হোৱা ‘এছিয়ান গে’মছ’ত এক ঐতিহাসিক প্ৰদৰ্শন আগবঢ়াইছে। ইয়াৰ আগতে অনুষ্ঠিত হোৱা ‘বিশ্ব বিশ্ববিদ্যালয় ক্ৰীড়া’তো আমাৰ যুৱ খেলুৱৈসকলে নতুন অভিলেখ গঢ়িছে। এইটো ভাৰতত পৰিৱৰ্তনশীল আৰু দ্ৰুতগতিত বিকশিত ক্ৰীড়া পৰিদৃশ্যৰে ইংগিত।

 

|

বন্ধুসকল,

বিগত বছৰসমূহত ভাৰতে সকলো ধৰণৰ গোলকীয় ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰাৰ সামৰ্থ্য প্ৰতিপন্ন কৰিছে। আমি অলপতে ‘দবা অলিম্পিয়াড’ৰ আয়োজন কৰিছিলো, য'ত বিশ্বৰ ১৮৬ খন দেশে অংশগ্ৰহণ কৰিছিল। আমি ‘অনুৰ্ধ-১৭ ফুটবল’, ‘মহিলা বিশ্বকাপ’, ‘পুৰুষ হকী বিশ্বকাপ’, ‘মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ’ আৰু ‘শ্বুটিং বিশ্বকাপ’ৰো আয়োজন কৰিছিলো। ভাৰতে প্ৰতি বছৰে পৃথিৱীৰ অন্যতম বৃহৎ ‘ক্ৰিকেট লীগ’ৰো আয়োজন কৰে। এই সময়ত ভাৰতত ‘ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতা’ও চলি আছে। এই উত্তেজনাময় পৰিৱেশত, ‘আইঅ'চি’ৰ ‘কাৰ্যবাহী পৰিষদ’-য়ে ক্ৰিকেটক অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়াইছে বুলি শুনি সকলোৱে আনন্দিত হৈছে। আমি সোনকালেই এই বিষয়ে কিছু ইতিবাচক বাতৰি শুনিবলৈ আশা কৰিছোঁ।

বন্ধুসকল,

গোলকীয় অনুষ্ঠান আয়োজন কৰাটো আমাৰ বাবে সমগ্ৰ বিশ্বৰ দেশসমূহক স্বাগত জনোৱাৰ এক সুযোগ। দ্ৰুত গতিত বিকশিত অৰ্থনীতি আৰু ইয়াৰ সু-বিকশিত আন্তঃগাঁথনিৰ সৈতে ভাৰত বৃহৎ গোলকীয় অনুষ্ঠানৰ বাবে সাজু হৈ আছে। ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত ‘জি-২০’ৰ সময়তো বিশ্বই এই কথাটো প্ৰত্যক্ষ কৰিছে। আমি সমগ্ৰ দেশৰ ৬০ খনতকৈয়ো অধিক চহৰত অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই কথাই ‘ল’জিষ্টিক’ৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ কাৰ্যক্ৰম অনুষ্ঠিত কৰিব পৰা আমাৰ সামৰ্থ্যকে প্ৰতিপন্ন কৰে। সেয়েহে, আজি মই ১৪০ কোটি ভাৰতীয়ৰ অনুভূতি আপোনালোক সকলোৰে সন্মুখত ৰাখিব বিচাৰো। ভাৰতে নিজৰ মাটিত ‘অলিম্পিক’ আয়োজন কৰিবলৈ অতি উৎসাহিত হৈ আছে।

 

|

২০৩৬ চনত ভাৰতত ‘অলিম্পিক’ সফলতাৰে অনুষ্ঠিত হোৱাটো নিশ্চিত কৰাৰ প্ৰচেষ্টাত ভাৰতে কোনো ধৰণৰ ত্ৰুটি নাৰাখে। এয়া হৈছে ১৪০ কোটি ভাৰতীয়ৰ বহু পুৰণি সপোন। আমি এতিয়া আপোনালোক সকলোৰে সহযোগিতাৰে এই সপোনটো পূৰণ কৰিব বিচাৰো। আৰু আনকি ২০৩৬ চনৰ ‘অলিম্পিক’ৰ আগতে ভাৰতে ২০২৯ চনত ‘যুৱ অলিম্পিক’ আয়োজন কৰিবলৈও আগ্ৰহী। মই নিশ্চিত যে ভাৰতে ‘আইঅ'চি’-ৰ সমৰ্থন লাভ কৰি যাব।

 

বন্ধুসকল,

 

ক্ৰীড়া কেৱল পদক জিকাৰে মাধ্যম নহয়, বৰঞ্চ হৃদয় জয় কৰাৰো মাধ্যম। ক্ৰীড়া সকলোৰে, ই সকলোৰে বাবে। ক্ৰীড়াই কেৱল চেম্পিয়নকে গঢ়ি নোতোলে, বৰঞ্চ শান্তি, প্ৰগতি আৰু সুস্থতাকো উত্সাহিত কৰে। সেয়েহে, ক্ৰীড়া হৈছে বিশ্বক সংযোগ কৰাৰ আন এক শক্তিশালী মাধ্যম। মই আপোনালোকৰ সন্মুখত অলিম্পিকৰ মূলমন্ত্ৰ দোহাৰিব খুজিছোঁ – “দ্ৰুততৰ, উচ্চতৰ, শক্তিধৰ, সহচৰ”। ‘আইঅ'চি’-ৰ ‘১৪১ সংখ্যক অধিৱেশন’লৈ অহা সকলো অতিথি, অধ্যক্ষ থমাছ বাক আৰু সকলো প্ৰতিনিধিক মই মোৰ অন্তৰৰ পৰা আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আগন্তুক কেইঘণ্টামানৰ ভিতৰতে আপোনালোকে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। মই এতিয়া এই অধিৱেশনখন আনুষ্ঠানিক ভাবে আৰম্ভ হ’ল বুলি ঘোষণা কৰিলো!

 

|
  • krishangopal sharma Bjp February 04, 2025

    नमो नमो 🙏 जय भाजपा🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp February 04, 2025

    नमो नमो 🙏 जय भाजपा🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp February 04, 2025

    नमो नमो 🙏 जय भाजपा🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp February 04, 2025

    नमो नमो 🙏 जय भाजपा🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp February 04, 2025

    नमो नमो 🙏 जय भाजपा🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • Surender Morwal January 31, 2025

    जय श्री राम
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Devendra Kunwar October 08, 2024

    BJP
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • krishangopal sharma Bjp July 08, 2024

    नमो नमो 🙏 जय भाजपा 🙏
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
'Operation Sindoor on, if they fire, we fire': India's big message to Pakistan

Media Coverage

'Operation Sindoor on, if they fire, we fire': India's big message to Pakistan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi's address to the nation
May 12, 2025
QuoteToday, every terrorist knows the consequences of wiping Sindoor from the foreheads of our sisters and daughters: PM
QuoteOperation Sindoor is an unwavering pledge for justice: PM
QuoteTerrorists dared to wipe the Sindoor from the foreheads of our sisters; that's why India destroyed the very headquarters of terror: PM
QuotePakistan had prepared to strike at our borders,but India hit them right at their core: PM
QuoteOperation Sindoor has redefined the fight against terror, setting a new benchmark, a new normal: PM
QuoteThis is not an era of war, but it is not an era of terrorism either: PM
QuoteZero tolerance against terrorism is the guarantee of a better world: PM
QuoteAny talks with Pakistan will focus on terrorism and PoK: PM

প্ৰিয় দেশবাসী,

নমস্কাৰ !

যোৱা কেইটামান দিনত দেশৰ শক্তি আৰু সংযম দুয়োটাই আমি সকলোৱে প্ৰত্যক্ষ কৰিছো।মই প্ৰথমে আমাৰ শক্তিশালী ভাৰতীয় সেনাবাহিনীক প্ৰণাম জনাইছো, সশস্ত্ৰ বাহিনী, আমাৰ চোৰাংচোৱা সংস্থা, আমাৰ বিজ্ঞানী, সকলোকে মই প্ৰতিজন ভাৰতীয়ৰ হৈ প্ৰণাম জনাইছো।

আমাৰ সাহসী জোৱানসকলে ‘অপাৰেচন সিন্দুৰ’ৰ লক্ষ্যত উপনীত হ’বলৈ গৈ অপৰিসীম সাহস প্ৰদৰ্শন কৰিলে। মই তেওঁলোকৰ বীৰত্বক, তেওঁলোকৰ সাহসক, তেওঁলোকৰ পৰাক্ৰমক সমৰ্পিত কৰিছো৷ মই তেওঁলোকৰ এই পৰাক্ৰমক , আমাৰ দেশৰ প্ৰতিগৰাকী মাতৃলৈ, দেশৰ প্ৰতিগৰাকী ভগ্নী আৰু প্ৰতিগৰাকী কন্যাৰ বাবে উৎসৰ্গা কৰিছো।

 

বন্ধুসকল,

যোৱা ২২ এপ্ৰিলত পহলগামত সন্ত্রাসবাদীয়ে প্রদর্শন কৰা বৰ্বৰতাই দেশ আৰু বিশ্বক স্তম্ভিত কৰি তুলিছিল৷

বন্ধৰ দিন উদযাপন কৰিবলৈ যোৱা নিৰ্দোষ নিৰীহ নাগৰিকক ধৰ্মৰ বিষয়ে সুধি পৰিয়ালৰ সন্মুখতে, শিশুসকলৰ সন্মুখতে...

নিৰ্দয়ভাবে হত্যা কৰা হৈছিল।

এয়া আছিল আতংকৰ এক বীভৎস ছবি, এয়া আছিল নিষ্ঠুৰতাৰ ভয়ংকৰ প্ৰকাশ৷ এয়া আছিল দেশৰ সমন্বয় বিনষ্ট কৰাৰ এক ঘৃণনীয় অপচেষ্টা। মোৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে এই নাৰকীয় ঘটনাৰ বেদনা অসহনীয় আছিল।

এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশ, প্ৰতিগৰাকী নাগৰিক, সমাজ, প্ৰতিটো শ্ৰেণীৰ লোক, প্ৰতিটো ৰাজনৈতিক দল একত্ৰিত হৈ 'একেষাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থাৰ দাবীৰে থিয় দিলে।

সন্ত্ৰাসবাদীক নিঃশেষ কৰিবলৈ ভাৰতীয় নিৰাপত্তা বাহিনীক আমি পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিলো। আমি তেওঁলোকক এইক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিলো।

আৰু আজি প্ৰতিজন সন্ত্ৰাসবাদীয়ে, প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনে উপলব্ধি কৰিবলৈ বাধ্য হৈছে আমাৰ ভগ্নী-কন্যাৰ কপালৰ সেন্দুৰ মচি পেলোৱাৰ পৰিণতি কি হ'ব পাৰে ।

 

বন্ধুসকল,

অপাৰেচন সিন্দুৰ ...এয়া কেৱল এটা নাম নহয়৷এয়া দেশৰ কোটি কোটি মানুহৰ আৱেগৰ প্ৰতিফলন।

অপাৰেচন 'সিন্দুৰ' ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। ৬ মে’ৰ গভীৰ নিশা.. ৭ মে’ৰ পুৱা.. সমগ্ৰ বিশ্বই এই প্ৰতিজ্ঞা ফলাফলত পৰিণত হোৱা দেখিবলৈ পাইছে। ভাৰতীয় বাহিনীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰিছে।

তেওঁলোকৰ প্ৰশিক্ষণ কেন্দ্ৰত নিখুঁতভাৱে আঘাত কৰিছে । সন্ত্ৰাসবাদীয়ে সপোনতো কল্পনা কৰা নাছিল যে ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। কিন্তু যেতিয়া দেশখন একত্ৰিত হয়, দেশ প্ৰথমৰ মনোভাৱেৰে মানুহৰ মনবোৰ ভৰি পৰে, তেতিয়া দেশেই সৰ্বোচ্চ হৈ পৰে। তেতিয়াই শক্তিশালী সিদ্ধান্ত লোৱা হয় আৰু তাৰ ফল লাভ কৰা হয়।

ভাৰতীয় ক্ষেপণাস্ত্ৰই যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছিল, ভাৰতীয় ড্ৰোনে যেতিয়া আক্ৰমণ চলাইছিল, তেতিয়া কেৱল সন্ত্ৰাসবাদী সংগঠনৰ ভৱনবোৰেই নহয়, তেওঁলোকৰ আত্মবিশ্বাসো কঁপি উঠিছিল।

 

বহাৱালপুৰ আৰু মুৰিদকেৰ দৰে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানসমূহ এককথাত বিশ্ব সন্ত্ৰাসবাদৰ বিশ্ববিদ্যালয় স্বৰূপ হৈ পৰিছে।

বিশ্বৰ যিকোনো ঠাইত সংঘটিত হোৱা যিকোনো ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ- সেয়া ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক , লণ্ডন টিউব বোমা বিস্ফোৰণেই হওঁক বা ভাৰতত দশকজুৰি সংঘটিত হোৱা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক, ক’ৰবাত নহয় ক’ৰবাত এই ঘটনাসমূহ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা এই স্থানসমূহৰ সৈতে সংযুক্ত হৈ পৰিছে। সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নীহঁতৰ সেন্দুৰ মচি পেলাইছিল৷ সেইবাবেই ভাৰতে সন্ত্ৰাসবাদৰ এই মুখ্য কাৰ্যালয় ধ্বংস কৰিছে। ভাৰতৰ এই আক্ৰমণত ১০০ৰো অধিক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে। ইমানবোৰ সন্ত্ৰাসবাদীয়ে যোৱা ডেৰৰ পৰা তিনি দশক ধৰি পাকিস্তানত মুক্তভাৱে ঘূৰি ফুৰিছিল৷ যিসকলে পূৰ্বে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকক ভাৰতে এটা আঘাততে ধ্বংস কৰি পেলালে।

 

বন্ধুসকল,

ভাৰতৰ এই কাৰ্য্যত পাকিস্তান গভীৰভাৱে হতাশগ্ৰস্ত হৈ পৰিছে৷ সকলোতে কেৱল হতাশাৰ কলীয়া ডাৱৰে ছানি ধৰিছিল৷ তেওঁলোক বিভ্ৰান্ত হৈ পৰিছিল৷এনে বিভ্ৰান্তিকৰ অৱস্থাৰ মাজতে তেওঁলোকে আৰু এটা বেয়া কাম কৰিলে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থাক সমৰ্থন কৰাৰ পৰিৱৰ্তে পাকিস্তানে ভাৰতকহে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে।

পাকিস্তানে আমাৰ স্কুল আৰু কলেজসমূহ লক্ষ্য কৰি লৈছিল, গুৰুদ্বাৰ, মন্দিৰ, সাধাৰণ নাগৰিকৰ ঘৰ আদিও পাকিস্তানৰ আক্ৰণৰ লক্ষ্য হৈ পৰিছিল৷ এনে কাৰ্যৰ জড়িয়তে পাকিস্তানে নিজকে উদঙাই দিলে। বিশ্বই দেখিলে পাকিস্তানৰ ড্ৰোন আৰু মিছাইল কেনেকৈ ভাৰতৰ সন্মুখত খেৰৰ দৰে জ্বলি ছাই হৈ গল৷ ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সেইবোৰ আকাশতে ধ্বংস কৰি পেলালে। সীমান্তত আক্ৰমণ কৰিবলৈ সাজু হৈছিল পাকিস্তান৷ কিন্তু ইয়াৰ বিপৰীতে ভাৰতে পাকিস্তানৰ বুকুত আঘাত হানিলে। ভাৰতৰ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰই নিখুঁতভাৱে পাকিস্তানৰ লক্ষ্যস্থানত আঘাত কৰিছিল। ফলত পাকিস্তানী বায়ুসেনাৰ সেই বিমানঘাটিসমূহ ক্ষতিগ্ৰস্ত হৈছিল, যিবোৰকলৈ পাকিস্তানে গৌৰৱ কৰি আহিছিল৷ প্ৰথম তিনিদিনতে যে ভাৰতে পাকিস্তানক এনেদৰে ধ্বংস কৰিব সেয়া তেওঁলোকে কল্পনাও কৰা নাছিল । সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ আগ্ৰাসী কাৰ্য্য ব্যৱস্থাৰ পিছত পাকিস্তানে পলায়নৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিলে। পাকিস্তানে উত্তেজনা হ্ৰাস কৰিবলৈ বিশ্বক অনুৰোধ কৰিবলৈ ধৰিলে৷ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত বাধ্যবাধকতাত পৰি ১০ মে’ৰ দুপৰীয়া পাকিস্তানী সেনাই আমাৰ ডিজিএমঅ’ৰ সৈতে যোগাযোগ কৰিলে। তেতিয়ালৈকে আমি পাকিস্তানৰ সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি বৃহৎ পৰিসৰত ধ্বংস কৰি পেলাইছিলো৷ বহু সন্ত্ৰাসবাদী নিহত হৈছিল৷ আমি পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিবোৰ ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছিলোঁ৷ গতিকে, দিশহাৰা পাকিস্তানৰ পৰা এটা আবেদন কৰা হৈছিল৷ এই কথা পাকিস্তানৰ পৰা কোৱা হৈছিল যে তেওঁলোকৰ পক্ষৰ পৰা আৰু কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ তথা সামৰিক দুষ্কাৰ্য কৰা নহ’ব ৷গতিকে ভাৰতেও এই কথা বিবেচনা কৰিলে। আৰু মই আকৌ কওঁ...আমি মাত্ৰ পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু সামৰিক ঘাটিৰ বিৰুদ্ধে আমাৰ ব্যৱস্থা স্থগিতহে ৰাখিছো৷

অনাগত দিনত আমি পাকিস্তানৰ প্ৰতিটো খোজৰ হিচাব লম৷ তেওঁলোকে কি মনোভাৱ গ্ৰহণ কৰে সেয়া লক্ষ্য কৰিম৷

 

বন্ধুসকল,

ভাৰতৰ তিনিটা সেনাবাহিনী-আমাৰ বায়ুসেনা, আমাৰ সেনাবাহিনী আৰু আমাৰ নৌসেনা, আমাৰ সীমান্ত সুৰক্ষা বাহিনী-বিএছএফ, ভাৰতৰ অৰ্ধসামৰিক বাহিনী নিৰন্তৰ সষ্টম হৈ আছে ।ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ এক বলিষ্ঠ পদক্ষেপ হিচাবে পৰিগণিত হৈছে। ভাৰতে এয়া নীতিগতভাবে গ্ৰহণ কৰিছে৷ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ শক্তিশালী প্ৰমাণ হৈ পৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নতুন ৰেখা টানিছে অপাৰেচন সিন্দুৰে। এটা নতুন মান, এটা নতুন ধৰণ নিৰ্ধাৰণ কৰা হৈছে।

প্ৰথম কথা - ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উপযুক্ত উত্তৰ দিয়া হ’ব।আমি নিজৰ ধৰণে, নিজৰ চৰ্তত সঁহাৰি জনাম।

সন্ত্ৰাসবাদৰ শিপা য’ৰ পৰা বিস্তাৰিত হৈছে তাতেই আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। দ্বিতীয়তে – ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে। পাৰমাণৱিক ব্লেকমেইলৰ আৱৰণেৰে ঘেৰি ৰখা সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানসমূহত ভাৰতে এক নিখুঁত আৰু নিৰ্ণায়ক আক্ৰমণ চলাব। তৃতীয়তে, সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰখন আৰু সন্ত্ৰাসবাদৰ মালিকসকলক আমি পৃথক সত্তা হিচাপে কেতিয়াও নাচাম।

'অপাৰেচন সিন্দুৰ'ৰ সময়ত বিশ্বই আকৌ দেখিছে পাকিস্তানৰ কুৎসিত মুখ।যেতিয়া মৃত সন্ত্ৰাসবাদীক বিদায় দিয়া হৈছিল।

পাকিস্তানী সেনাৰ শীৰ্ষ বিষয়াৰ মাজত লৰাধপৰা লাগিছল। দেশ খনৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ এয়া এক ডাঙৰ প্ৰমাণ। ভাৰত আৰু আমাৰ নাগৰিকক যিকোনো ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ আমি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি যাম।

 

বন্ধুসকল,

আমি প্ৰতিবাৰেই যুদ্ধক্ষেত্ৰত পাকিস্তানক পৰাস্ত কৰিছো আৰু এইবাৰ অপাৰেচন সিন্দুৰে ইয়াত এক নতুন মাত্ৰা সংযোজন কৰিলে। আমি মৰুভূমি আৰু পৰ্বতমালাত আমাৰ সামৰ্থ্য উজ্জ্বলভাৱে প্ৰদৰ্শন কৰিছো৷ লগতে আধুনিক যুদ্ধত নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছো।এই অপাৰেচনৰ সময়ত আমাৰ মেড ইন ইণ্ডিয়া অস্ত্ৰৰ সত্যতাও প্ৰমাণিত হ’ল। আজি বিশ্বই লক্ষ্য কৰিছে- একবিংশ শতিকাৰ যুদ্ধত মেড ইন ইণ্ডিয়া প্ৰতিৰক্ষা সঁজুলিৰ সময় আহি পৰিছে।

 

বন্ধুসকল,

আমাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ মাজত গঢ় লোৱা ঐক্য। এয়া নিশ্চিতভাৱে যুদ্ধৰ যুগ নহয়৷ কিন্তু এয়া সন্ত্ৰাসবাদৰো যুগ নহয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই হৈছে এখন উন্নত পৃথিৱীৰ নিশ্চয়তা প্ৰদানৰ প্ৰথম চৰ্ত৷

 

বন্ধুসকল,

পাকিস্তানৰ সেনা, পাকিস্তান চৰকাৰে যি সন্ত্ৰাসবাদক লালন-পালন কৰি আহিছে এদিন সেই সন্ত্ৰাসবাদেই পাকিস্তানক ধ্বংস কৰিব। পাকিস্তানে যদি জীয়াই থাকিব বিচাৰে তেন্তে নিজৰ দেশত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিব লাগিব। ইয়াৰ বাহিৰে শান্তিৰ কোনো বিকল্প পথ নাই। এইক্ষেত্ৰত ভাৰতৰ স্থিতি অতি স্পষ্ট৷ আতংক আৰু আলোচনা একেলগে আগবাঢ়িব নোৱাৰে৷

সন্ত্ৰাস আৰু বাণিজ্য একেলগে আগুৱাব নোৱাৰে। আনকি পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে। আজি বিশ্ব সমাজকো ক'ব বিচাৰিছো- আমাৰ ঘোষিত নীতি হৈছে- পাকিস্তানৰ সৈতে যদি আলোচনা হয়, সেয়া হ'ব সন্ত্ৰাসবাদৰ বিষয়ত, যদি পাকিস্তানৰ সৈতে আলোচনা হয়, তেন্তে সেয়া হ'ব পাক অধিকৃত কাশ্মীৰৰ বিষয়ত৷

 

প্ৰিয় দেশবাসী,

আজি বুদ্ধ পূৰ্ণিমা।

ভগৱান বুদ্ধই আমাক শান্তিৰ পথ দেখুৱাইছে। শান্তিৰ পথো শক্তিৰ মাজেৰেই পৰিচালিত হয়৷ মানৱতা শান্তি আৰু সমৃদ্ধিৰ পথেৰে আগবাঢ়ি যাওক৷ প্ৰতিজন ভাৰতীয়ই শান্তিৰে জীয়াই থাকিবলৈ সক্ষম হওক৷ যিয়ে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পাৰিব৷

ইয়াৰ বাবে ভাৰত শক্তিশালী হ'ব লাগিব আৰু প্ৰয়োজনৰ সময়ত শক্তি ব্যৱহাৰ কৰাটোও গুৰুত্বপূৰ্ণ কথা হৈ পৰিব। যোৱা কেইটামান দিনত ভাৰতে ঠিক এনে কামেই কৰিছে।ভাৰতীয় সেনা আৰু সশস্ত্ৰ বাহিনীক পুনৰবাৰ প্ৰণাম জনাইছো।

ভাৰতবাসীৰ সাহস আৰু ঐক্যক প্ৰণাম জনাইছো।

ধন্যবাদ...

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!