QuoteFlags off Varanasi-New Delhi Vande Bharat Express Train
QuoteLaunches Unified Tourist Pass System under Smart City Mission
Quote“I feel immense pride when the work of Kashi’s citizens is showered with praise”
Quote“UP prospers when Kashi prospers, and the country prospers when UP prospers”
Quote“Kashi along with the entire country is committed to the resolve of Viksit Bharat”
Quote“Modi Ki Guarantee Ki Gadi is a super hit as government is trying to reach the citizens, not the other way round”
Quote“This year, Banas Dairy has paid more than one thousand crore rupees to the farmers of UP”
Quote“This entire area of ​​Purvanchal has been neglected for decades but with the blessings of Mahadev, now Modi is engaged in your service”

নমঃ পাৰ্বতী পতয়ে... হৰ হৰ মহাদেৱ!

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, গুজৰাট বিধানসভাৰ অধ্যক্ষ তথা বনাস ডেইৰীৰ অধ্যক্ষ আৰু আজি বিশেষভাৱে কৃষকসকলক উপহাৰ দিবলৈ অহা শ্ৰীমান শংকৰ ভাই চৌধুৰী, ৰাজ্যিক মন্ত্ৰী পৰিষদৰ সদস্য, বিধায়কসকল, অন্যান্য গণ্যমান্য ব্যক্তি আৰু বাৰাণসীৰ মোৰ পৰিয়ালৰ সদস্যসকল।

 

বাবা শিৱৰ পবিত্ৰ ভূমিত, কাশীৰ আপোনালোক সকলোকে মই প্ৰণাম জনাইছোঁ।

মোৰ কাশীৰ মানুহৰ এই উৎসাহে এই শীতকালতো গৰম বৃদ্ধি কৰিছে। का कहल जाला बनारस में ...जिया रजा बनारस !!!, আৰম্ভণিতে মোৰ এটা অভিযোগ আছে...কাশীৰ লোকসকলৰ ওপৰত। আমি ক’ত অভিযোগ কৰিম? এবছৰ আমি দেৱ দীপাৱলীত ইয়াত নাছিলোঁ, আৰু ইদা পৰী দেৱ দীপাৱলীত কাশীৰ মানুহে একত্ৰিত হৈ অভিলেখ ভংগ কৰিলে।

 

আপোনালোক সকলোৱে নিশ্চয় ভাবি আছে যে সকলো ভাল হোৱাৰ পাছতো মই কিয় অভিযোগ কৰি আছোঁ। মই অভিযোগ কৰি আছোঁ কাৰণ দুবছৰ আগতে যেতিয়া মই দেৱ দীপাৱলীত ইয়ালৈ আহিছিলোঁ, আপোনালোকে সেই সময়ৰ অভিলেখো ভাঙিছিল। এতিয়া ঘৰৰ এজন সদস্য হিচাপে, মইতো অভিযোগ কৰিমেই, কিয়নো মই এইবাৰ আপোনাসৱৰ কঠোৰ পৰিশ্ৰম চাবলৈ ইয়াত নাছিলো। এইবাৰ যিসকলে দেৱ দীপাৱলীৰ আশ্চৰ্যকৰ দৃশ্য চাবলৈ আহিছিল, ... বিদেশী অতিথিও আহিছিল, তেওঁলোকে মোক দিল্লীত গোটেই পৰিস্থিতিৰ বিষয়ে কৈছিল। জি-২০লৈ অহা অতিথিয়ে হওঁক বা বেনাৰসলৈ অহা যিকোনো অতিথিয়ে হওঁক, যেতিয়া তেওঁলোকে বেনাৰসৰ লোকসকলক প্ৰশংসা কৰে, মই গৰ্বিত অনুভৱ কৰোঁ। মই আটাইতকৈ সুখী অনুভৱ কৰোঁ যেতিয়া পৃথিৱীয়ে কাশীৰ মানুহে কৰা কামৰ প্ৰশংসা কৰে। মহাদেৱৰ কাশীৰ বাবে মই যিমানেই সেৱা নকৰোঁ কিয়, সেয়া মোৰ বাবে কম যেন লাগে।

 

|

মোৰ পৰিয়ালৰ সদস্যসকল,

যেতিয়া কাশীৰ বিকাশ হয়, উত্তৰ প্ৰদেশৰ বিকাশ হয়। আৰু যেতিয়া উত্তৰ প্ৰদেশৰ বিকাশ হয়, দেশৰ বিকাশ হয়। এই মনোভাৱৰ সৈতে আজিও প্ৰায় ২০ হাজাৰ কোটি টকাৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। বেনাৰসৰ গাঁৱত খোৱা পানী যোগান, বিএইচইউ ট্ৰমা চেণ্টাৰৰ ক্ৰিটিকেল কেয়াৰ ইউিনট, পথ, বিদ্যুৎ, গংগা ঘাট, ৰেলৱে, বিমান বন্দৰ, সৌৰ শক্তি আৰু পেট্ৰ'লিয়ামৰ দৰে বহুতো খণ্ডৰ সৈতে সম্পৰ্কিত প্ৰকল্প হওঁক..এইবোৰে এই খণ্ডটোৰ বিকাশৰ গতি ত্বৰান্বিত কৰিব। কালি সন্ধিয়া মই কাশী-কন্যাকুমাৰী তামিল সংগম ৰেলখনো ফ্লেগ অফ কৰাৰ সুযোগ পাইছিলোঁ। আজি বাৰাণসীৰ পৰা দিল্লীলৈ আন এখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেল আৰম্ভ হৈছে। আজিৰ পৰাই মো-দোহৰীঘাট ৰেলখনো আৰম্ভ হৈছে।এই লাইনটো আৰম্ভ হোৱাৰ লগে লগে, দোহৰীঘাটৰ সৈতে বৰহলগঞ্জ, হাটা, গোলা-গগহালৈকে সকলো লোক উপকৃত হব। এই উন্নয়নমূলক কামবোৰৰ বাবে মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

আজি কাশীকে ধৰি সমগ্ৰ দেশে এখন উন্নত ভাৰত গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। বিকাশ ভাৰত সংকল্প যাত্ৰা হাজাৰ হাজাৰ গাওঁ আৰু হাজাৰ হাজাৰ চহৰত উপনীত হৈছে। কোটি কোটি লোকে এই যাত্ৰাত যোগদান কৰিছে। ইয়াত কাশীত, ময়ো বিকাশ ভাৰত সংকল্প যাত্ৰাৰ অংশ হোৱাৰ সুযোগ পাইছো। দেশৰ ৰাইজে এই যাত্ৰাত চলি থকা বাহনখনক মোদীৰ গেৰাণ্টীৰ বাহন বুলি কৈছে। আপোনাসৱ সকলোৱে মোদীৰ গেৰাণ্টি জানে। নহয়? দৰিদ্ৰ লোকসকলৰ কল্যাণ আৰু জনকল্যাণৰ বাবে ভাৰত চৰকাৰে প্ৰস্তুত কৰা আঁচনিসমূহৰ পৰা কোনো হিতাধিকাৰীক বঞ্চিত কৰিব নালাগে। আগতে, দৰিদ্ৰ সকলে সুবিধাৰ বাবে চৰকাৰৰ পাছে পাছে দৌৰিছিল। এতিয়া মোদীয়ে কৈছে যে চৰকাৰে নিজে দৰিদ্ৰলোকৰ ওচৰলৈ যাব। আৰু সেয়েহে, মোদীৰ গেৰাণ্টিযুক্ত গাড়ীখন চুপাৰ হিট হৈ পৰিছে। কাশীতো, হাজাৰ হাজাৰ নতুন হিতাধিকাৰীয়ে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিছে, যিসকল আগতে আগতে বঞ্চিত হৈ আছিল। কোনোবাই আয়ুষ্মান কাৰ্ড পাইছে, কাৰোবাৰ বিনামূলীয়া ৰেচন কাৰ্ড আছে, কোনোবাই পকী ঘৰ লাভ কৰিছে, কাৰোবাৰ টেপৰ পানীৰ সংযোগ আছে, কাৰোবাৰ বিনামূলীয়া গেছ সংযোগ আছে, যাতে কোনো হিতাধিকাৰী বঞ্চিত নহয় আৰু সকলোৱে তেওঁৰ অধিকাৰ লাভ কৰে, সেয়া আমি সুনিশ্চিত কৰিবলৈ চেষ্টা কৰি আছো । আৰু মানুহে এই অভিযানৰ পৰা লাভ কৰা আটাইতকৈ ডাঙৰ বস্তুটো হৈছে বিশ্বাস। যিসকলে আঁচনিসমূহৰ সুবিধা লাভ কৰিছে তেওঁলোকে বিশ্বাসী হৈছে যে তেওঁলোকৰ জীৱন এতিয়া উন্নত হব। যিসকল বঞ্চিত হৈছিল তেওঁলোকেও বিশ্বাস লাভ কৰিছে যে এদিন তেওঁলোকেও নিশ্চিতভাৱে আঁচনিসমূহৰ সুবিধা লাভ কৰিব। এই আত্মবিশ্বাসে ২০৪৭ চনলৈকে ভাৰতে বিকাশ সাধন কৰিব বুলি দেশৰ আত্মবিশ্বাসো বৃদ্ধি কৰিছে।

 

|

আৰু নাগৰিকসকলে লাভ কৰা সুবিধাৰ পৰা ময়ো লাভান্বিত হওঁ। মই ২ দিন ধৰি এই সংকল্প যাত্ৰাত গৈ আছোঁ আৰু মই নাগৰিকসকলক লগ কৰিব লাগিব, কালি মই য'লৈকে গৈছিলো স্কুলীয়া শিক্ষাৰ্থঈসকলক লগ পোৱাৰ সুযোগ পাইছিলোঁ। কি আত্মবিশ্বাস আছিল, ছোৱালীবোৰে কবিতা আবৃত্তি কৰিছিল, বিজ্ঞানৰ ব্যাখ্যা আগবঢ়াইছিল আৰু অংগনৱাড়ীৰ শিশুসকলক এনেদৰে গান গাই আদৰণি জনাইছিল। মই এইবোৰ দেখি বৰ আনন্দ পাইছিলো আৰু আজি মই আমাৰ এগৰাকী ভগ্নী চন্দা দেৱীৰ ভাষণ ইয়াতে শুনিছিলো। ইমান সুন্দৰ ভাষণ আছিল, অৰ্থাৎ, মই কওঁ যে ডাঙৰ মানুহেও এনে ভাষণ দিব নোৱাৰে। তেওঁ সকলোবোৰ ইমান বিতংভাৱে কৈ আছিল আৰু মই কিছুমান প্ৰশ্ন সুধিছিলো, সেই প্ৰশ্নবোৰৰ উত্তৰো দিছিল আৰু তেওঁ আমাৰ কোটিপতি বাইদেউ। আৰু যেতিয়া মই তেওঁক কৈছিলো যে আপুনি লাখপতি বাইদেউ হৈ গৈছে, তেওঁ কৈছিল যে মই কথা কোৱাৰ সুযোগ পাইছো, কিন্তু আমাৰ গোটৰ আৰু ৩-৪ গৰাকী ভগ্নী লাখপতি হৈ পৰিছে। আৰু আমি সকলোকে কোটিপতি কৰাৰ সংকল্প লৈছো। অৰ্থাৎ এই সংকল্প যাত্ৰাৰ জৰিয়তে সমাজত মোৰ আৰু মোৰ সকলো বন্ধুৰ কেনে ধৰণৰ শক্তি আছে, আমাৰ মাতৃ, ভগ্নী, কন্যা আৰু শিশুসকল এটাতকৈ আনটো অধিক সক্ষম, তেওঁলোক ক্ৰীড়াত কিমান সক্ষম, জ্ঞানৰ প্ৰতিযোগিতাত তেওঁলোক কিমান উজ্জ্বল। সংকল্প যাত্ৰাই মোক এই সকলোবোৰ বস্তু চাবলৈ, বুজিবলৈ, জানিবলৈ আৰু অভিজ্ঞতা লাভ কৰাৰ আটাইতকৈ ডাঙৰ সুযোগ প্ৰদান কৰিছে। আৰু সেইকাৰণে মই ৰাজহুৱা জীৱনত কাম কৰা প্ৰত্যেকজনক কওঁ যে এই বিকাশ ভাৰত সংকল্প যাত্ৰা আমাৰ দৰে লোকৰ বাবে এক ভ্ৰাম্যমাণ শিক্ষা বিশ্ববিদ্যালয়। আমি শিকিবলৈ পাওঁ, মই ২ দিনত বহুত শিকিছোঁ, বহুতো কথা বুজি পাইছো, আজি মোৰ জীৱন আশীৰ্বাদপ্ৰাপ্ত হৈছে।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

कहल जाला: काशी कबहु ना छाड़िए, विश्वनाथ दरबार। আমাৰ চৰকাৰে কাশীত বাসস্থান সহজ কৰাৰ লগতে কাশীক সংযুক্ত কৰিবলৈ সমানে কঠোৰ পৰিশ্ৰম কৰি আছে। গাওঁ হওঁক বা নগৰাঞ্চল হওঁক, ইয়াত উৎকৃষ্ট সংযোগ সুবিধা নিৰ্মাণ কৰা হৈছে। যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু আজি ইয়াত উৎসৰ্গা কৰা হৈছে সেইবোৰে কাশীৰ বিকাশত অধিক গতি প্ৰদান কৰিব। চাৰিওফালৰ গাওঁবোৰক সংযোগ কৰা বহুতো পথ আছে। শিৱপুৰ-ফুলৱাৰিয়া-লহৰটাৰা পথ আৰু পথ-অভাৰব্ৰীজ নিৰ্মাণৰ ফলত সময় আৰু ইন্ধন দুয়োটা ৰাহি হব। প্ৰকল্পটো চহৰখনৰ দক্ষিণ অঞ্চলৰ পৰা বাবতপুৰ বিমান বন্দৰলৈ যাত্ৰা কৰা ভ্ৰমণকাৰীসকলৰ বাবেও অতি সহায়ক হব।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

আধুনিক সংযোগ আৰু সৌন্দৰ্যবৰ্ধনৰ পৰা হোৱা পৰিৱৰ্তনবোৰ আমি কাশীত দেখি আছো। বিশ্বাস আৰু আধ্যাত্মিকতাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে কাশীৰ গৌৰৱ দিনক দিনে শক্তিশালী হৈ আহিছে। পৰ্যটনো ইয়াত নিৰন্তৰ বিস্তাৰিত হৈ আছে আৰু পৰ্যটনৰ বাবে কাশীত হাজাৰ হাজাৰ নতুন নিযুক্তিৰ সুযোগো সৃষ্টি হৈছে। শ্ৰী কাশী বিশ্বনাথ ধামৰ বিশাল ৰূপ পোহৰলৈ অহাৰ পিছত, এতিয়ালৈকে ১৩ কোটি লোকে বাবা বিশ্বনাথ ভ্ৰমণ কৰিছে। বাৰাণসীলৈ অহা ভক্ত আৰু পৰ্যটকৰ সংখ্যা নিৰন্তৰভাৱে বৃদ্ধি পাইছে। আৰু যেতিয়া পৰ্যটক আহে, তেওঁলোকে কিবা নহয় কিবা দিয়ে। প্ৰতিজন পৰ্যটকে কাশীত ১০০ টকা, ২০০ টকা, ৫০০ টকা, হাজাৰ, পাঁচ হাজাৰ টকা খৰচ কৰে। সেই টকাখিনি আপোনাসৱৰ নিজৰ পকেটলৈ যায়। আপোনাসৱৰ মনত থাকিব পাৰে, লালকিল্লাৰ পৰা মই কৈছিলো যে আমি প্ৰথমে আমাৰ দেশৰ কমেও ১৫ খন চহৰ ভ্ৰমণ কৰা উচিত, ১৫খন ঠাই ভ্ৰমণ কৰা উচিত আৰু তাৰ পিছত আন কৰবাৰ কথা চিন্তা কৰা উচিত। মই ভাল লাগিছে যে যিসকলে আগতে ছিংগাপুৰ বা ডুবাইলৈ যোৱাৰ কথা ভাবিছিল, তেওঁলোকে এতিয়া তেওঁলোকৰ দেশ ভ্ৰমণলৈ যায়, সন্তানক কৈছে, 'যোৱা নিজৰ দেশখন চাই আহা'। তেওঁলোকে বিদেশত খৰচ কৰা ধন এতিয়া তেওঁলোকৰ নিজৰ দেশত খৰচ কৰিছে।

 

|

আৰু ভাই-ভনীসকল,

যেতিয়া পৰ্যটন বৃদ্ধি হয়, সকলোৱে উপাৰ্জন কৰে। পৰ্যটকসকল বেনাৰসলৈ আহি আছে আৰু হোটেলৰ ব্যৱসায় লাভান্বিত হৈছে। বাৰাণসীলৈ অহা প্ৰতিজন পৰ্যটক, ইয়াৰ ট্যুৰ টেক্সী অপাৰেটৰ, আমাৰ নাৱৰীয়া, ৰিক্সাচালকসকলে বিভিন্নধৰণে উপাৰ্জন কৰি আছে। ইয়াত পৰ্যটন বৃদ্ধি হোৱাৰ বাবে, সকলো সৰু আৰু ডাঙৰ দোকানী যথেষ্ট লাভান্বিত হৈছে। আচ্ছা, মোক এটা কথা কওক, মোক এটা কথা কওঁক, গডোলিয়াৰ পৰা লংকালৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে নে নাই?

 

বন্ধুসকল,

আমাৰ চৰকাৰে কাশীৰ লোকসকলৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ আৰু ইয়াত পৰ্যটকসকলক অধিক সুবিধা প্ৰদান কৰিবলৈ নিৰন্তৰ কাম কৰি আছে। স্মাৰ্ট চিটি মিছনৰ অধীনত আজি বাৰাণসীত ইউনিফাইড টুৰিষ্ট পাছ চিষ্টেম–কাশী দৰ্শনো মুকলি কৰা হৈছে। ইয়াৰ সৈতে, পৰ্যটকসকলে ইয়াত বিভিন্ন স্থানলৈ যাবলৈ আৰু পৃথক টিকট লোৱাৰ প্ৰয়োজন নহ'ব। পাছৰ জৰিয়তে সকলো ঠাইতে প্ৰৱেশ সম্ভৱ হ'ব।

 

বন্ধুসকল,

কাশীৰ মনোৰঞ্জন আৰু ঐতিহাসিক গুৰুত্বৰ স্থানবোৰ কি, ইয়াত খোৱা-বোৱাৰ বাবে বিখ্যাত স্থানসমূহ কি কি, এনেধৰণৰ সকলোবোৰ তথ্য দেশৰ লগতে বিশ্ববাসীক প্ৰদান কৰিবলৈ বাৰাণসীৰ ৱেবছাইট-কাশীও মুকলি কৰা হৈছে। এতিয়া যিসকল বাহিৰৰ পৰা আহিব, তেওঁলোকে কিছু জানিব পাৰিব যে মালায়োৰ ঋতু এনে। জাৰাৰ ৰদত চূড়া মটৰৰ আনন্দ...কোনো বাহিৰৰ লোকে কিদৰে জানিব পাৰে? গোদালিয়াৰ চাট হওঁক বা ৰামনগৰৰ লাচী, এই সকলো তথ্য এতিয়া কাশী ৱেবছাইটত উপলব্ধ হব।

 

বন্ধুসকল,

আজি গংগাজীৰ বহুতো ঘাটৰ নৱীকৰণৰ কামো আৰম্ভ হৈছে। আধুনিক বাছ আশ্ৰয় স্থল হওঁক বা বিমান বন্দৰ আৰু ৰে'ল ষ্টেচনত নিৰ্মাণ কৰা আধুনিক সুবিধাই হওঁক, ই বাৰাণসীলৈ অহা লোকসকলৰ অভিজ্ঞতা উন্নত কৰিব।

 

|

মোৰ পৰিয়ালৰ সদস্যসকল,

কাশীকে ধৰি দেশৰ ৰে'ল সংযোগৰ বাবেও আজিৰ দিনটো এটা ডাঙৰ দিন। আপোনাসৱে জানে যে দেশত ৰে'লৱেৰ গতি বৃদ্ধিৰ বাবে এক বৃহৎ অভিযান চলি আছে। মালবাহী ৰে'লৰ বাবে পূব আৰু পশ্চিম সমৰ্পিত ফ্ৰেইট কৰিডৰ সৃষ্টি কৰিলে ৰে'লৱেৰ ছবি সলনি হ'ব। এই শৃংখলাত পণ্ডিত দীন দয়াল উপাধ্যায় জংচন আৰু নিউ ভাউপুৰ জংচনৰ মাজৰ শাখাটো আজি উদ্বোধন কৰা হৈছে। ই পূৱ ভাৰতৰ পৰা উত্তৰ প্ৰদেশলৈ কয়লা আৰু অন্যান্য কেঁচা সামগ্ৰী সৰবৰাহ কৰা সহজ কৰি তুলিব। ই কাশী অঞ্চলৰ উদ্যোগত তৈয়াৰ কৰা সামগ্ৰী আৰু কৃষকসকলৰ উৎপাদিত সামগ্ৰী পূৱ ভাৰত আৰু বিদেশলৈ প্ৰেৰণ কৰাত যথেষ্ট সহায় কৰিব।

 

বন্ধুসকল,

আজি, বেনাৰস লোকোমোটিভ কাৰখানাত নিৰ্মাণ কৰা ১০,০০০তম ইঞ্জিনটো কাৰ্যকৰী কৰা হৈছে। ই মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ডৰ প্ৰতি আমাৰ অংগীকাৰ প্ৰতিফলিত কৰিছে। উত্তৰ প্ৰদেশৰ বিভিন্ন অংশত ঔদ্যোগিকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে, সস্তীয়া আৰু পৰ্যাপ্ত বিদ্যুৎ আৰু গেছ দুয়োটাৰ উপলব্ধতা প্ৰয়োজনীয়। মই সুখী যে দ্বৈত ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাৰ ফলত উত্তৰ প্ৰদেশ সৌৰ শক্তিৰ ক্ষেত্ৰত দ্ৰুত গতিত আগবাঢ়িছে। চিত্ৰকূটৰ ৮০০ মেগাৱাটৰ সৌৰ শক্তি উদ্যানে উত্তৰ প্ৰদেশত পৰ্যাপ্ত বিদ্যুৎ প্ৰদানৰ বাবে আমাৰ প্ৰতিশ্ৰুতি শক্তিশালী কৰিব। ই বহুতো নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব আৰু ওচৰৰ গাওঁবোৰৰ বিকাশো ত্বৰান্বিত কৰিব। সৌৰ শক্তিৰ লগতে, পূৱ উত্তৰ প্ৰদেশত পেট্ৰ'লিয়াম সম্পৰ্কীয় এক শক্তিশালী নেটৱৰ্ক নিৰ্মাণ কৰা হৈছে। দেওৰিয়া আৰু মিৰ্জাপুৰত নিৰ্মাণ কৰা সুবিধাসমূহে পেট্ৰল-ডিজেল, জৈৱ-চিএনজি আৰু ইথানল প্ৰক্ৰিয়াকৰণত সহায় কৰিব।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

বিকশিত ভাৰতৰ বাবে দেশৰ মহিলা শক্তি, যুৱ শক্তি, কৃষক আৰু প্ৰতিজন দৰিদ্ৰ লোকৰ বিকাশ অতি গুৰুত্বপূৰ্ণ। মোৰ বাবে, এই চাৰিটা জাতি হৈছে আটাইতকৈ ডাঙৰ জাতি। যদি এই চাৰিটা জাতি শক্তিশালী হয়, সমগ্ৰ দেশক শক্তিশালী কৰা হ'ব। এই চিন্তাধাৰাৰ সৈতে, আমাৰ চৰকাৰে কৃষকসকলৰ স্বাৰ্থক সৰ্বাধিক অগ্ৰাধিকাৰ দি আছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জৰিয়তে এতিয়ালৈকে দেশৰ প্ৰতিজন কৃষকৰ বেংক একাউণ্টত ৩০ হাজাৰ টকা জমা কৰা হৈছে। কিষাণ ক্ৰেডিট কাৰ্ড নথকা ক্ষুদ্ৰ কৃষকসকলকো এই সুবিধা প্ৰদান কৰা হৈছে। প্ৰাকৃতিক কৃষিৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে আমাৰ চৰকাৰে কৃষকসকলৰ বাবে আধুনিক ব্যৱস্থাও কৰি আছে। এতিয়া চলি থকা বিকাশ ভাৰত সংকল্প যাত্ৰাত, সকলো কৃষকে ড্ৰোন দেখি অতি উৎসাহিত হৈ পৰিছে। এই ড্ৰোনে আমাৰ কৃষি ব্যৱস্থাৰ ভৱিষ্যত গঢ়িবলৈ গৈ আছে। ইয়াৰ জৰিয়তে ঔষধ, সাৰ আদি স্প্ৰে কৰা সহজ হ'ব। ইয়াৰ বাবে, চৰকাৰে নমো ড্ৰোন দিদি অভিযানো আৰম্ভ কৰিছে, গাঁৱৰ মানুহে ইয়াক নমো দিদি বুলি কয়। এই অভিযানৰ অধীনত, আত্মসহায়ক গোটৰ সৈতে জড়িত ভগ্নীসকলক ড্ৰোন চলাবলৈ প্ৰশিক্ষণ দিয়া হৈছে। সেই দিনটোলৈ বেছি দিন নাই যেতিয়া কাশীৰ ভগ্নীসকল আৰু কন্যাসকলেও ড্ৰোনৰ জগতত চমক সৃষ্টি কৰিব। 

|

বন্ধুসকল,

আপোনালোক সকলোৰে প্ৰচেষ্টাৰ ফলত বাৰাণসীত আধুনিক বনাছ দুগ্ধ প্ৰকল্প, যাক আমুল বুলিও জনা যায়, দ্ৰুত গতিত চলি আছে আৰু শংকৰ ভাইয়ে মোক কৈ আছিল যে কামটো সম্ভৱতঃ এমাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। বনাছ ডেইৰীয়ে বেনাৰসত ৫০০কোটি তকৈও অধিক বিনিয়োগ কৰিছে। এই দুগ্ধজাত সামগ্ৰীয়ে ইয়াত গো-সংবৰ্দ্ধনৰ অভিযানো চলাই আছে যাতে গাখীৰৰ উৎপাদন বৃদ্ধি কৰিব পৰা যায়। বনাছ ডেইৰী কৃষকসকলৰ বাবে এক ডাঙৰ আশীৰ্বাদ হিচাপে প্ৰমাণিত হৈছে আৰু বনাছ ডেইৰীৰ প্ৰকল্প ইতিমধ্যে লক্ষ্ণৌ আৰু কানপুৰত চলি আছে। এই বছৰ, বনাছ ডেইৰীয়ে উত্তৰ প্ৰদেশৰ ৪ হাজাৰৰো অধিক গাঁৱৰ কৃষকসকলক এক হাজাৰ কোটি টকাতকৈও অধিক পৰিশোধ কৰিছে। ইয়াত এই কাৰ্যসূচীত আন এটা মহান কাম কৰা হৈছে। লভ্যাংশ হিচাপে, বনাছ ডেইৰীয়ে আজি উত্তৰ প্ৰদেশৰ দুগ্ধ খেতিয়কসকলৰ বেংক একাউণ্টত ১০০ কোটি টকাৰ অধিক জমা কৰিছে। এই সুবিধাসমূহ লাভ কৰা সকলো কৃষকক মই অভিনন্দন জনাইছোঁ।

 

 

|

মোৰ পৰিয়ালৰ সদস্যসকল,

কাশীত প্ৰবাহিত হোৱা উন্নয়নৰ এই অমৃতধাৰাই এই সমগ্ৰ অঞ্চলটোক নতুন শিখৰলৈ লৈ যাব। পূৰ্বাঞ্চলৰ এই সমগ্ৰ অঞ্চলটো কেইবা দশক ধৰি যথেষ্ট অৱহেলিত হৈ আহিছে। কিন্তু মহাদেৱৰ আশীৰ্বাদত মোদী এতিয়া আপোনাসৱৰ সেৱাত নিয়োজিত হৈ পৰিছে। এতিয়াৰ পৰা কেইমাহমানৰ ভিতৰতে সমগ্ৰ দেশতে নিৰ্বাচন অনুষ্ঠিত হব। আৰু মোদীয়ে দেশক নিশ্চিতি প্ৰদান কৰিছে যে তেওঁ তেওঁৰ তৃতীয় ইনিংছত ভাৰতক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি হিচাপে গঢ়ি তুলিব। আজি মই দেশক এই গেৰাণ্টি দিছোঁ, ইয়াৰ কাৰণ হৈছে আপোনালোক সকলো, কাশীৰ মোৰ আত্মীয়সকল। আপোনাসৱ সদায় মোৰ কাষত থিয় হয়, মোৰ সংকল্পবোৰ শক্তিশালী কৰে।

 

|

আহক, এবাৰ দুয়োখন হাত দাঙি পুনৰবাৰ কও-

 

নমঃ পাৰ্বতী পতয়ে... হৰ হৰ মহাদেৱ!

বহুত বহুত অভিনন্দন।

 

  • sanjvani amol rode January 12, 2025

    jay shriram
  • sanjvani amol rode January 12, 2025

    jay ho
  • krishangopal sharma Bjp December 18, 2024

    नमो नमो 🙏 जय भाजपा 🙏🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩,,
  • krishangopal sharma Bjp December 18, 2024

    नमो नमो 🙏 जय भाजपा 🙏🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩,
  • krishangopal sharma Bjp December 18, 2024

    नमो नमो 🙏 जय भाजपा 🙏🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय मां भारती 🇮🇳
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Devendra Kunwar October 08, 2024

    BJP
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • Reena chaurasia September 09, 2024

    बीजेपी
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
The Pradhan Mantri Mudra Yojana: Marking milestones within a decade

Media Coverage

The Pradhan Mantri Mudra Yojana: Marking milestones within a decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
10 Years of MUDRA Yojana has been about empowerment and enterprise: PM
April 08, 2025

The Prime Minister, Shri Narendra Modi today hailed the completion of 10 years of the Pradhan Mantri MUDRA Yojana, calling it a journey of “empowerment and enterprise.” He noted that with the right support, the people of India can do wonders.

Since its launch, the MUDRA Yojana has disbursed over 52 crore collateral-free loans worth ₹33 lakh crore, with nearly 70% of the loans going to women and 50% benefiting SC/ST/OBC entrepreneurs. It has empowered first-time business owners with ₹10 lakh crore in credit and generated over 1 crore jobs in the first three years. States like Bihar have emerged as leaders, with nearly 6 crore loans sanctioned, showcasing a strong spirit of entrepreneurship across India.

Responding to the X threads of MyGovIndia about pivotal role of Mudra Yojna in transforming the lives, the Prime Minister said;

“#10YearsofMUDRA has been about empowerment and enterprise. It has shown that given the right support, the people of India can do wonders!”