QuotePM urges IIT Guwahati to establish a Center for disaster management and risk reduction
QuoteNEP 2020 will establish India as a major global education destination: PM

নমস্কাৰ,

আজিৰ এই কাৰ্যসূচীত আমাৰ সৈতে ইয়াত উপস্থিত থকা দেশৰ শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকজী, অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মোৰ কেবিনেট সতীৰ্থ তথা শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় ধোত্ৰে জী, ৰাজ্যপাল পৰিষদৰ অধ্যক্ষ ড. ৰাজীব মোদী ডাঙৰীয়া, ছেনেটৰ সদস্যবৃন্দ, এই সমাৱৰ্তনৰ আমন্ত্ৰিত অতিথিসকল, অধ্যাপকসকল, কৰ্মচাৰীবৃন্দ আৰু মোৰ আদৰৰ শিক্ষাৰ্থীসকল।

মই আজি সুখী যে আজি মই এই আইআইটি গুৱাহাটীৰ ২২ সংখ্যক সমাৱৰ্তনৰ অংশ হ’বলৈ পাইছো। এই সমাৱৰ্তন বা দীক্ষান্ত সমাৰোহ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবেই এক বিশেষ দিন, কিন্তু এইবাৰৰ দীক্ষান্ত সমাৰোহত যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে তেওঁলোকৰ বাবে এয়া এক বিশেষ ধৰণৰ অভিজ্ঞতা। মহামাৰীৰ এই সময়ছোৱাত দীক্ষান্ত সমাৰোহ আয়োজনৰো পদ্ধতি যথেষ্ট সালসলনি কৰিবলগীয়া হৈছে, আজি সাধাৰণ পৰিস্থিতি হোৱাহেতেন মই আপোনালোকৰ মাজত সো–শৰীৰে থাকিলোহেতেন। তথাপি এইখিনি সময়, আজিৰ দিনটো সমানেই গুৰুত্বপূৰ্ণ, সমানেই মহত্বপূৰ্ণ। আজি ইয়াৰ পৰাই মই সকলোকে, প্ৰতিগৰাকী যুৱ বন্ধুকেই আন্তৰিক অভিনন্দন জনাইছো। আপোনালোকৰ ভৱিষ্যৎ কাৰ্যপন্থাৰ বাবে শুভকামনা জনাইছো।

বন্ধুসকল, আমাৰ ইয়াত এষাৰ কথা কোৱা হয়, জ্ঞানম বিজঞান সহিতম য়ত জ্ঞাতা মোক্ষছে অশুভাতঃ – অৰ্থাৎ বিজ্ঞানৰ লগতে জ্ঞানেই হৈছে সকলো সমস্যাৰ সমাধান, সকলো দুখৰ পৰা মুক্তি লাভ কৰাৰ পথ। এই চিন্তাধাৰাৰে, সেৱাৰ বাবে কিবা এটা নতুন কাম কৰাৰ এই শক্তি, ইয়েই আমাৰ দেশক সহস্ৰ বছৰৰ এই যাত্ৰাতো জীৱিত কৰি ৰাখিছে, জীৱন্ত কৰি ৰাখিছে। আজি মই গৰ্বিত যে নিজৰ এই চিন্তাধাৰাক আইআইটিৰ দৰে দেশৰ শীৰ্ষস্থানীয় প্ৰতিষ্ঠানে আগুৱাই লৈ গৈছে। আপোনালোকেও আজি অনুভৱ কৰিছে যে আপোনালোক যেতিয়া ইয়ালৈ আহিছিল তেতিয়াৰ পৰা আপোনালোকৰ নিজৰ মাজতে কিমান পৰিৱৰ্তন আহিছে, আপোনালোকে নিজৰ চিন্তা প্ৰক্ৰিয়াক কিমান প্ৰসাৰিত কৰিছে। আইআইটি গুৱাহাটীত আপোনালোকে যেতিয়া নিজৰ যাত্ৰা আৰম্ভ কৰিছিল তেতিয়াৰে পৰা এতিয়ালৈ আপোনালোকৰ নিজৰ মাজতে এক ব্যক্তিত্ব গঢ় লৈ উঠিছে। এই প্ৰতিষ্ঠাৰ, আপোনালোকৰ অধ্যাপকসকলৰ এয়াই হৈছে আপোনালোকলৈ মহামূল্যৱান উপহাৰ।

বন্ধুসকল, মই স্পষ্টভাৱে বিশ্বাস কৰো যে আজিৰ যুৱ সমাজে যি চিন্তা কৰে, যি ভাৱে, সেয়াই দেশৰ ভৱিষ্যৎ। আপোনালোকৰ স্বপ্নই দেশৰ বাস্তৱক এক বিশেষ আকাৰ প্ৰদান কৰিব। সেয়ে এই সময় নিজকে সময়োপযোগী কৰি তোলাৰ সময়, যুগপোযোগী কৰি তোলাৰ সময়। ভৱিষ্যৎৰ বাবে নিজকে সাজু কৰাৰ সময়। যিদৰে আজি অৰ্থনীতি আৰু সমাজলৈ পৰিৱৰ্তন আহিছে, আধুনিকতা আহিছে, ঠিক তেনেদৰে ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তি প্ৰেক্ষাপটলৈও ভালেখিনি পৰিৱৰ্তন অনাৰ প্ৰয়োজন আছে। আজি মই সুখী যে আইআইটি গুৱাহাটীয়ে এই প্ৰয়াস বহু পূৰ্বেই আৰম্ভ কৰি দিছে। মোক কোৱা হৈছে যে আইআইটি গুৱাহাটী হৈছে দেশৰ ভিতৰতে প্ৰথমখন আইআইটি, যিয়ে e-mobility ৰ ওপৰত দুবছৰীয়া এক গৱেষণা পাঠ্যক্ৰম আৰম্ভ কৰিছে। মোক এই কথাও কোৱা হৈছে যে আইআইটি গুৱাহাটীয়ে B.Tech পৰ্যায়ৰ সকলো পাঠ্যক্ৰমতে বিজ্ঞান আৰু অভিযান্ত্ৰিকৰ পূৰ্ণাঙ্গতাক নেতৃত্ব প্ৰদান কৰিছে। মোৰ পূৰ্ণ বিশ্বাস আছে যে এই inter-disciplinary programs এ আমাৰ শিক্ষা ব্যৱস্থাক পূৰ্ণ পৰ্যায়ৰ আৰু দূৰদৰ্শী কৰি তুলিব। আৰু যেতিয়া এনে দূৰদৰ্শী বা ভৱিষ্যদ্ৰষ্টা ধাৰণাৰে কোনো প্ৰতিষ্ঠানে আগবাঢ়ে তেতিয়া তাৰ ফলাফল বৰ্তমানতো দেখা যায়।

|

আইআইটি গুৱাহাটীয়ে এই মহামাৰীৰ সময়ছোৱাত ক’ভিড–১৯ সম্বন্ধীয় কিট যেনে Viral Transport Media, viral RNA extraction kit আৰু RT-PCR kits নিৰ্মাণ কৰি এয়া প্ৰমাণিত কৰিছে৷ অৱশ্যে মই ভালদৰেই জানো যে এই মহামীৰ সময়ছোৱাত শৈক্ষিক শ্ৰেণীসমূহ অনুষ্ঠিত কৰা, নিজৰ গৱেষণাৰ কাম জাৰি ৰখাটো আপোনালোকৰ বাবে কঠিন হৈ পৰিছে৷ তথাপিও আপোনালোকে সফলতা লাভ কৰিছে৷ আপোনালোকৰ এই প্ৰয়াসৰ বাবে, দেশক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ মই আপোনালোকৰ এই অৱদানৰ বাবে অভিনন্দন জনাইছো৷

বন্ধুসকল, আত্মনিৰ্ভৰ ভাৰতৰ বাবে আমাৰ শিক্ষা প্ৰণালীৰ কিমান গুৰুত্ব আছে সেয়া আপোনালোকে ভালদৰেই জানে৷ বিগত দিনসমূহত আপোনালোকে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিষয়ে বহু কথা শুনিছে আৰু আলোচনাও কৰিছে৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি আমাৰ একবিংশ শতিকাৰ আপোনালোকৰ দৰে যুৱ সমাজৰ বাবে প্ৰস্তুত কৰা হৈছে৷  সেই যুৱ সমাজ যি বিশ্বক নেতৃত্ব প্ৰদান কৰিব, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতক বিশ্বত দাঙি ধৰিব৷ এয়াই নহয়, এই শিক্ষা নীতিত এনেকুৱা বহু কথা আছে যিয়ে আপোনালোকৰ দৰে শিক্ষাৰ্থীৰ মানস তালিকাৰ ওপৰত আছিল৷

বন্ধুসকল, মোৰ বিশ্বাস যে আপোনালোকে নিজৰ শৈক্ষিক যাত্ৰাত এয়া অনুভূত কৰিছে যে শিক্ষা আৰু পৰীক্ষা আমাৰ শিক্ষাৰ্থীসকলৰ বাবে বোজা নহওক, শিক্ষাৰ্থীসকলে যাতে নিজৰ পছন্দৰ অনুসৰি বিষয় অধ্যয়ন কৰিবলৈ সুযোগ লাভ কৰে৷ সেয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিক  multi-disciplinary হিচাপে গঢ়ি তোলা হৈছে, বিষয়সমূহত নমনীয়তা প্ৰদান কৰা হৈছে৷ multiple entry and exit ৰ অৱকাশ প্ৰদান কৰা হৈছে৷ আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে নতুন শিক্ষা নীতিয়ে শিক্ষাক প্ৰযুক্তিৰ সৈতে জড়িত কৰিব, প্ৰযুক্তি আমাৰ শিক্ষাৰ্থীসকলক চিন্তাধাৰাৰ অনবদ্য অংশ হিচাপে গঢ়ি তুলিব৷ অৰ্থাৎ শিক্ষাৰ্থীয়ে প্ৰযুক্তিৰ বিষয়েও পঢ়ক আৰু প্ৰযুক্তিৰ জৰিয়তেও পঢ়ক৷ শিক্ষাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ হওক, অনলাইন শিক্ষা বৃদ্ধি হওক, ৰাষ্ট্ৰীয় শিক্ষা নীতিত ইয়াৰ পথ মুকলি কৰা হৈছে৷

শিক্ষণক লৈ প্ৰশাসন আৰু পৰীক্ষণ পৰ্যন্ত প্ৰযুক্তিৰ ভূমিকা বৃদ্ধি হওক, ইয়াৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা প্ৰযুক্তি মঞ্চও গঠন কৰা হৈছে৷ আমি এনে এক পৰিবেশ তন্ত্ৰৰ প্ৰতি ধাৱমান হৈছো য’ত আমাৰ যুৱ সমাজে প্ৰযুক্তিৰ পৰা শিকিব আৰু শিকাবলৈ প্ৰযুক্তিৰ আৱিষ্কাৰো কৰিব৷ আইআইটিৰ বন্ধুসকলক বাবে ইয়াত অসীমিত সুযোগ আছে৷ নতুন ছফ্টৱেৰ আৰু গেজেটে শিক্ষাৰ পথ নৱজাগৰণ কৰাৰ বিষয়ে আপোনালোকেই চিন্তা কৰিব লাগিব৷ এয়া  আপোনালোকৰ বাবে এক অৱকাশ, আপোনালোকে নিজৰ শ্ৰেষ্ঠতমসমূহ উজাৰি দিয়ক, ব্যৱহাৰ কৰক৷

|

বন্ধুসকল, দেশত গৱেষণা সংস্কৃতিক সমৃদ্ধ কৰাৰ বাবে এনইপিত এক ৰাষ্ট্ৰীয় গৱেষণা সংস্থা অৰ্থাৎ এনআৰএফৰ প্ৰস্তাৱনা আগবঢ়োৱা হৈছে৷ এনআৰএফ গৱেষণা বিত্তক লৈ সকলো বিত্তীয় সংস্থাৰ সৈতে সমন্বয় স্থাপন কৰে আৰু সকলো বিষয়, লাগিলে সেয়াই বিজ্ঞানেই হওক অথবা মানৱতাই হওক, সকলোৰে বাবে বিত্তৰ যোগান ধৰে৷ এয়া সাম্ভাৱ্য গৱেষণাই হওক য’ত ব্যৱহাৰিক প্ৰণয়নৰ সুযোগ থাকিব, সেইসমূহক চিনাক্ত কৰা হ’ব আৰু প্ৰণয়নো কৰা হ’ব৷ ইয়াৰ বাবে চৰকাৰী সংস্থা আৰু উদ্যোগৰ মাজত সমন্বয় আৰু সুক্ষ্ম সংযোগ স্থাপন কৰা হ’ব৷ মই সুখী যে আজিৰ এই সমাৱৰ্তনত আমাৰ প্ৰায় ৩০০ যুৱ বন্ধুক পিএইচডি প্ৰদান কৰা হৈছে আৰু এয়া এক ধনাত্মক ধাৰা হিচাপে বিবেচিত হৈছে৷ মোৰ বিশ্বাস যে আপুনি সকলোৱে ইয়াতেই থমকি নৰয়, বৰঞ্চ গৱেষণা আপোনালোকৰ এক অভ্যাসলৈ পৰিণত হ’ব আৰু আপোনালোকৰ চিন্তা প্ৰক্ৰিয়াৰ অংশ হিচাপে বিবেচিত হ’ব৷

বন্ধুসকল, আমি সকলোৱে জানো যে জ্ঞানৰ বাবে কোনো সীমা নাথাকে৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিত দেশৰ শিক্ষা খণ্ডক মুকলি কৰাৰ কথা কোৱা হৈছে৷ বিদেশৰ বিশ্ববিদ্যালয়সমূহৰ কেম্পাছো যাতে দেশতেই খোলে আৰু বিশ্বৰ বিভিন্ন সুবিধা যাতে আমাৰ শিক্ষাৰ্থীসকলে ইয়াতেই লাভ কৰে, সেয়াই হ’ল ইয়াৰ উদ্দেশ্য৷ ঠিক সেইদৰে ভাৰতীয় আৰু বিশ্বজনীন প্ৰতিষ্ঠানসমূহৰ মাজত গৱেষণাৰ সহযোগিতা আৰু শিক্ষাৰ্থী বিনিময় কাৰ্যসূচীকো উদগনি জনোৱা হ’ব৷ এয়াই নহয়, ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ভাৰতক বিশ্বজনীন শিক্ষাৰ লক্ষ্যস্থান হিচাপে গঢ়ি তুলিব৷  আমাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহক বিদেশতো কেম্পাছ স্থাপনৰ বাবে উদগনি জনোৱা হ’ব৷ আইআইটি গুৱাহাটীয়ে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ পূৰ্বোত্তৰৰ এই ক্ষেত্ৰ ভাৰতৰ পূবলৈ চোৱা নীতিৰ কেন্দ্ৰ হিচাপেও বিবেচিত হৈছে৷

এই অঞ্চলটো দক্ষিণ পুব এছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু সম্বন্ধৰ গেটৱে হোৱাৰ লগতে এই দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্কৰ মুখ্য আধাৰ, য’ত সাংস্কৃতিক, বাণিজ্য, যোগাযোগৰ প্ৰচূৰ সক্ষমতা আছে৷ এতিয়া শিক্ষাও ইয়াৰ আন এটা নতুন মাধ্যম হোৱাৰ দিশে অগ্ৰসৰ হৈছে৷ আইআইটি গুৱাহাটী এই ক্ষেত্ৰত ডাঙৰ কেন্দ্ৰত পৰিণত হ’ব পাৰে৷ ইয়াৰ জৰিয়তে উত্তৰ–পূবে নতুন পৰিচয় লাভ কৰাৰ লগতে ইয়াৰ পৰা নতুন সুযোগো সৃষ্টি হ’ব৷ বৰ্তমান উত্তৰ–পূৰ্বাঞ্চলৰ বিকাশত গতি প্ৰদান কৰাৰ বাবে ইয়াৰ ৰে’লৱে, ঘাইপথ, বিমানপথ আৰু জলপথৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি থকা হৈছে৷ ইয়াৰ জৰিয়তে উত্তৰ–পূৰ্বাঞ্চলৰ বাবে নতুন নতুন সুযোগ সৃষ্টি হৈ আছে৷ বিকাশমূলক এই কাম–কাজত আইআইটি গুৱাহাটীৰ ডাঙৰ ভূমিকা আছে৷

বন্ধুসকল,

আজিৰ এই সমাৱৰ্তনৰ পাছত বহু শিক্ষাৰ্থী ইয়াতে থাকি যাব, বহু শিক্ষাৰ্থী ইয়াৰ পৰা ওলাই যাব৷ আইআইটি গুৱাহাটীৰ অন্যান্য শিক্ষাৰ্থীসকলেও এই সময়ত মোৰ ভাষণ শুনিছে, দেখি আছে৷ আজিৰ এই বিশেষ দিনটোত আপোনালোকক কেইটামান আহ্বান জনাম, কেতবোৰ পৰামৰ্শও আগবঢ়াম৷

বন্ধুসকল,

আপোনালোকৰ জীৱনত এই অঞ্চলটোৰ অৱদান আছে, আপোনালোকে এই অঞ্চলটো দেখিছে, বুজিছে আৰু অনুভৱ কৰিচে৷ এই অঞ্চলটোৰ যি প্ৰত্যাহ্বান আছে, এই অঞ্চলটোৰ যি সম্ভাৱনা আছে, তাক আপোনালোকে কিদৰে গৱেষণাৰ সৈতে জড়িত কৰিব, সেয়া আপোনালোকে ভাৱিব লাগিব৷ উদাহৰণস্বৰূপে সৌৰ শক্তি, বায়ু শক্তি, বায়’ মাছ আৰু জৈৱ বিদ্যুৎ শক্তিৰ ক্ষেত্ৰত অঞ্চলটোৰ প্ৰচূৰ সম্ভাৱনা আছে৷ ইয়াৰ চাউল, চাহ, বাঁহৰ দৰে সম্পদ তথা পৰ্যটন উদ্যোগ ইত্যাদিবোৰে আমাক বহু নতুনত্ব উদ্ভাৱনৰ প্ৰতি উদ্গনি নোযোগায় নে?

বন্ধুসকল,

ইয়াৰ জৈৱ–বৈচিত্ৰ আৰু অপৰিসীম পাৰম্পৰিক জ্ঞান আৰু সূযোগ আছে৷ এই পাৰম্পৰিক সুযোগ, জ্ঞান আৰু ইয়াত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ট্ৰান্সমিচনৰ পৰম্পৰা ব্ৰতী আছে৷ এটা প্ৰজন্মই আনটো প্ৰজন্মক জ্ঞান দিয়া, তেওঁলোকে আকৌ উত্তৰপ্ৰজন্মক দিয়া আৰু এই পৰম্পৰা চলি আহিছে৷ এইবোৰত আমি আধূনিক প্ৰযু্ক্তি যোগ দিব নোৱাৰো নে? আমি এই ফিউজনৰ পৰা নতুন প্ৰযুক্তি প্ৰস্তুত কৰিব নোৱাৰোনে? মই ভাৱো যে আমি এক আধূনিক আৰু বিজ্ঞানসন্মত প্ৰক্ৰিয়াৰ জৰিয়তে সাংস্কৃতিক জ্ঞান, দক্ষতা আৰু বিশ্বাসক চহকী আৰু পেশাদাৰী দিশত উন্নয়নমূলক কাৰ্যসূচী প্ৰস্তুত কৰিব পাৰো৷ মোৰ পৰামৰ্শ এই যে আইআইটি গুৱাহাটীয়ে এই ক্ষেত্ৰত এক মুখ্য ভূমিকা পালন কৰিব আৰু এক ভাৰতীয় জ্ঞান পদ্ধতিৰ এক কেন্দ্ৰ স্থাপন কৰিব৷ ইয়াৰ জৰিয়তে আমি উত্তৰ–পূৰ্বাঞ্চলক দেশ আৰু বিশ্বৰ এনে বহু কিবা–কিবি দিম পাৰিম, যিবোৰ অমূল্য হৈ ৰ’ব৷

|

বন্ধুসকল,

অসম আৰু উত্তৰ–পূৰ্বাঞ্চল, দেশৰ এনে এটা অঞ্চল, য’ত সম্ভাৱনাৰে পৰিপূৰ্ণ৷ কিন্তু এই অঞ্চলটো বান, ভূমিকম্প, ভূমিস্খলন আৰু কেতবোৰ ঔদ্যোগিক দুৰ্যোগে আৱৰি আছে৷ এই দুৰ্যোগৰ নিৰ্মূল কৰাৰ বাবে এই ৰাজ্যসমূহক শক্তি আৰু প্ৰচেষ্টা ব্যয় হয়৷ এই সমস্যাৱলীৰ পৰা ফলপ্ৰসূ ৰূপত নিৰ্মূল কৰাৰ বাবে উচ্চ মাত্ৰাৰ প্ৰযুক্তিগত সমৰ্থন আৰু মধ্যস্থতাৰ প্ৰয়োজন আছে৷ মই আইআইটি গুৱাহাটীক এইটো অনুৰোধ জনাও যে আপোনালোকে দুৰ্যোগ ব্যৱস্থাপনা আৰু ক্ষতিশংকা হ্ৰাসৰ কেন্দ্ৰও স্থাপন কৰক৷ এই কেন্দ্ৰৰ জৰিয়তে অঞ্চলটোৰ দুৰ্যোগ মোকাবিলা কৰাৰ দিশত পৰামৰ্শ আগবঢ়াব আৰু দুৰ্যোগক সুযোগলৈ ৰূপান্তৰ কৰিব৷ মোৰ দৃঢ় বিশ্বাস যে আইআইটি গুৱাহাটী আৰু আপোনালোক সকলো আইআইটি ছাত্ৰই অনাগত দিনত এই সংকল্প সিদ্ধি কৰাৰ দিশত অগ্ৰসৰ হ’ব৷ বন্ধুসকল, স্থানীয় সমস্যাৰ প্ৰতি গুৰুত্ব দিয়াৰ লগতে আমি বিশ্ব প্ৰযুক্তিৰ বৃহৎ কেনভাছৰ দিশটো প্ৰতিষ্ঠা হ’ব লাগিব৷ উদাহৰণস্বৰূপে, আমি গৱেষণা আৰু প্ৰযুক্তিবিদ্যাত কেতবোৰ দিশত বিচাৰ কৰি নোৱাৰোনে? এনে কেতবোৰ ক্ষেত্ৰ, এনে কেতবোৰ বিষয়, য’ত দেশে আৰু অধিক গুৰুত্ব দিয়া প্ৰয়োজন, আমি সেইবোৰ চিনাক্তকৰণ আৰু অগ্ৰাধিকাৰ দিব নোৱাৰো নে?

বন্ধুসকল,

আপোনালোকে বিশ্বৰ য’লৈকে নাযাওক, তেতিয়া আপোনাক গৰ্বৰে আইআইটিয়ান বুলি ক’ব পাৰিব৷ কিন্তু মোৰ আপোনালোকৰ প্ৰতি আহ্বান এই যে আপোনালোকৰ সফলতা, আপোনালোকৰ গৱেষণাৰ অৱদান এনে হওক যাতে আইআইটি গুৱাহাটী আৰু আপুনি গৌৰৱেৰে ক’ব পাৰিব যে মই তাৰে এগৰাকী ছাত্ৰ৷ মোৰ দৃঢ় বিশ্বাস যে আপোনালোকে আইআইটি গুৱাহাটীক নিজৰ অধ্যাপকক এই সুযোগ, এই গুৰু দক্ষিণা নিশ্চয় দিব৷ সমগ্ৰ দেশত ১৩০ কোটি ভাৰতীয়ই আপোনালোকৰ ওপৰত ভৰসা কৰে৷ আপোনালোক এইদৰে সফল হওক, আত্মনিৰ্ভৰ ভাৰতৰ সফলতাৰ সাৰথি হওক, উন্নতি নতুন শিখৰত উপনীত হওক৷ জীৱনত যি সপোন ৰচিছে, সেই সকলো সপোন বাস্তৱ হওক, যি সংকল্প লৈছে, সেই পৰিশ্ৰম সাৰ্থক হওক আৰু নতুন নতুন সফলতা অৰ্জন কৰক৷ এনে বহু শুভকামনাৰে আপোনাৰ লগতে পৰিয়ালৰ সুস্বাস্থ্য কামনা কৰিলো৷ এই ক’ৰোনাকালত আপোনালোকে নিজৰ লগতে আত্মীয়–স্বজন, চুবুৰীয়া, আৰু বন্ধুবৰ্গৰ কথা চিন্তা কৰিব, তেওঁলোকৰ তত্বাৱধান ল’ব বুলি আশা কৰিলো৷ সকলোকে সুস্থ হৈ থকাত সহায় কৰক, নিজেও সুস্থ থাকক৷

এই আশাৰে আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনালো৷

সকলোকে বহুত বহুত ধন্যবাদ৷

  • Laxman singh Rana July 29, 2022

    नमो नमो 🇮🇳🙏
  • Laxman singh Rana July 29, 2022

    नमो नमो 🇮🇳🌹
  • Laxman singh Rana July 29, 2022

    नमो नमो 🇮🇳
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India dispatches second batch of BrahMos missiles to Philippines

Media Coverage

India dispatches second batch of BrahMos missiles to Philippines
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM’s Departure Statement on the eve of his visit to the Kingdom of Saudi Arabia
April 22, 2025

Today, I embark on a two-day State visit to the Kingdom of Saudi at the invitation of Crown Prince and Prime Minister, His Royal Highness Prince Mohammed bin Salman.

India deeply values its long and historic ties with Saudi Arabia that have acquired strategic depth and momentum in recent years. Together, we have developed a mutually beneficial and substantive partnership including in the domains of defence, trade, investment, energy and people to people ties. We have shared interest and commitment to promote regional peace, prosperity, security and stability.

This will be my third visit to Saudi Arabia over the past decade and a first one to the historic city of Jeddah. I look forward to participating in the 2nd Meeting of the Strategic Partnership Council and build upon the highly successful State visit of my brother His Royal Highness Prince Mohammed bin Salman to India in 2023.

I am also eager to connect with the vibrant Indian community in Saudi Arabia that continues to serve as the living bridge between our nations and making immense contribution to strengthening the cultural and human ties.