Quoteভাৰতীয় বস্ত্ৰ এৱম শিল্প কোষ - বস্ত্ৰশিল্প আৰু শিল্পকৰ্মৰ এটা ক্ৰাফ্ট ৰিপজিটৰী পৰ্টেল মুকলি
Quote“স্বদেশীক লৈ দেশত নতুন বিপ্লৱ”
Quote“ভ’কেল ফৰ লোকেলৰ মনোভাৱেৰে নাগৰিকে সম্পূৰ্ণ হৃদয়েৰে থলুৱা সামগ্ৰী ক্ৰয় কৰিছে আৰু ই এক গণ আন্দোলনত পৰিণত হৈছে”
Quote“বিনামূলীয়া ৰেচন, পকা ঘৰ, ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা - এয়া মোদীৰ নিশ্চয়তা”
Quoteপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনত ভাষণ দি নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বনে প্ৰস্তুত কৰা ‘ভাৰতীয় বস্ত্ৰ এৱম শিল্প কোষ - বস্ত্ৰশিল্প আৰু শিল্পকৰ্মৰ ভঁৰাল’ ই-প’ৰ্টেল মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে প্ৰদৰ্শিত প্ৰদৰ্শনীখন পৰিদৰ্শন কৰি শিপিনীসকলৰ সৈতে মত বিনিময় কৰে।
Quoteআজিৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে শিপিনীসকলৰ সৈতে হোৱা কথা-বতৰাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে আজিৰ ভৱিষ্যৎ উদযাপনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন হস্ততাঁতৰ গোটৰ উপস্থিতি লক্ষ্য কৰি তেওঁলোকক আদৰণি জনায়।
Quoteভাৰতৰ বৈচিত্ৰ্যময় সাজ-পোছাকক তালিকাভুক্ত আৰু সংকলন কৰাৰ প্ৰয়োজনীয়তাক আহ্বান জনোৱাৰ কথা স্মৰণ কৰি তেওঁ আজি ‘ভাৰতীয় বস্ত্ৰ এৱম শিল্প কোষ’ উন্মোচনেৰে ই সাফল্য লাভ কৰাত আনন্দ প্ৰকাশ কৰে।
Quoteতদুপৰি আগন্তুক ৰাখি বন্ধন, গণেশ উৎসৱ, দশহেৰা আৰু দীপাৱলীৰ উৎসৱত শিপিনী আৰু হস্তশিল্পক সহায় কৰাৰ স্বদেশী সংকল্প পুনৰাবৃত্তি কৰাৰ প্ৰয়োজনীয়তাও পুনৰ উল্লেখ কৰে।
Quoteপ্ৰধানমন্ত্ৰীয়ে মুদ্ৰা যোজনাৰ কথাও স্পৰ্শ কৰি কয় যে বয়নকাৰীয়ে এতিয়া নিশ্চয়তা অবিহনে ঋণ লাভ কৰাটো সম্ভৱ হৈ উঠিছে।
Quote‘এক জিলা এক প্ৰডাক্ট’ আঁচনিৰ বিষয়ে কোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিখন জিলাৰ পৰা বিশেষ সামগ্ৰীৰ প্ৰচাৰ কৰা হৈছে।

কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী পীয়ুষ গোৱেল জী, নাৰায়ণ ৰাণে জী, ভগ্নী দৰ্শনা জাৰ্দোশ জী, উদ্যোগ আৰু ফেশ্বন জগতৰ বন্ধুসকল, হস্ততাঁত আৰু খাদীৰ বিশাল পৰম্পৰাৰ সৈতে জড়িত সকলো উদ্যোগী আৰু মোৰ শিপিনী ভাই-ভনীসকল, ইয়াত উপস্থিত থকা বিশিষ্ট গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল,

কেইদিনমান আগতে ‘ভাৰত মণ্ডপম’ৰ এক বিশাল উদ্বোধন কৰা হৈছে। আপোনালোকৰ বহুতেই চাগৈ আগতে ইয়ালৈ আহিছিল আৰু শিবিৰ স্থাপন কৰি নিজাকৈ একোখন পৃথিৱী স্থাপন কৰিছিল। আজি আপোনালোকে ইয়াত এখন পৰিৱৰ্তিত দেশৰ প্ৰতিচ্ছৱি দেখিবলৈ পাইছে। আৰু, আজি আমি এই ‘ভাৰত মণ্ডপম’ত ‘নেশ্যনেল হেণ্ডলুম ডে’’- ‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ উদযাপন কৰিছোঁ। ‘ভাৰত মণ্ডপম’ৰ এই বিশালতাত ভাৰতৰ হস্ততাঁত উদ্যোগেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। নতুনৰ সৈতে প্ৰাচীনৰ এই সঙ্গমে আজিৰ ভাৰতক সংজ্ঞায়িত কৰে। আজিৰ ভাৰতে কেৱল ‘লোকেল’-ৰ প্ৰতিয়েই ‘ভোকেল’-ৰ ভূমিকা পালন কৰা নাই, বৰঞ্চ ইয়াক বিশ্বজোৰা কৰি তুলিবৰ বাবে এক গোলকীয় মঞ্চও প্ৰদান কৰিছে। অলপ আগতে মই কিছুসংখ্যক শিপিনী সহকৰ্মীৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলোঁ। সমগ্ৰ দেশৰ বহুতো হস্ততাঁত গোটৰ আমাৰ শিপিনী ভাই-ভনীসকল দূৰদূৰণিৰ পৰা ইয়ালৈ আহিছে আৰু আমাৰ সৈতে সংযুক্ত হৈছে। এই বিশাল অনুষ্ঠানটোলৈ মই আপোনালোক সকলোকে হৃদয়েৰে স্বাগতম জনাইছোঁ, মই আপোনালোকক অভিনন্দন জনাইছোঁ।

 

|

বন্ধু-বান্ধৱীসকল,

আগষ্টৰ এই মাহটো ‘বিপ্লৱৰ মাহ’। স্বাধীনতাৰ বাবে কৰা প্ৰতিটো ত্যাগ মনত ৰখাৰ এইটোৱেই সময়। ‘স্বদেশী আন্দোলন’ আজিৰ দিনটোতে আৰম্ভ কৰা হৈছিল। স্বদেশীৰ এই অনুভূতি কেৱল বিদেশী কাপোৰ বৰ্জনতে সীমাবদ্ধ নাছিল। বৰঞ্চ, ই আমাৰ অৰ্থনৈতিক স্বাধীনতাৰ এক মহান অনুপ্ৰেৰণাও আছিল। এইটো ভাৰতৰ লোকসকলক তেওঁলোকৰ শিপিনীসকলৰ সৈতে সংযোগ কৰাৰ এটা অভিযান আছিল। আমাৰ চৰকাৰে এই দিনটো ‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লোৱাৰ এয়া আছিল অন্যতম মুখ্য কাৰণ। বিগত বছৰসমূহত ভাৰতৰ শিপিনীসকলৰ বাবে, ভাৰতৰ হস্ততাঁত খণ্ডৰ সম্প্ৰসাৰণৰ বাবে অভূতপূৰ্ব কাম কৰা হৈছে। স্বদেশী সন্দৰ্ভত দেশত এক নতুন বিপ্লৱৰ সূচনা হৈছে। লালকিল্লাৰ পৰা এই বিপ্লৱৰ বিষয়ে আলোচনা কৰিবলৈ মন যোৱাটো তেনেই স্বাভাৱিক, আৰু যেতিয়া ১৫ আগষ্ট তেনেই কাষ চাপি আহে, তেতিয়া স্বাভাৱিকতেই তাত এনে বিষয়বোৰৰ আলোচনা কৰিবলৈ মন যায়। পিচে আজি সমগ্ৰ দেশৰ পৰা ইমানবোৰ শিপিনী বন্ধু-বান্ধৱী সংযোজিত হৈছে সেয়েহে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰে ভাৰতে লাভ কৰা এই সফলতাৰ বিষয়ে তেওঁলোকক ক'বলৈ পাই মই অধিক গৌৰৱান্বিত অনুভৱ কৰিছোঁ।

বন্ধু-বান্ধৱীসকল,

আমাৰ পোছাক, আমাৰ বেশ-ভূষা আমাৰ পৰিচয়ৰ সৈতে জড়িত হৈ আছে। ইয়াতো চাওকচোন ভাগে-ভাগে সজাই থোৱা কাপোৰবোৰ, দেখিলেই ধৰিব পৰা যায় যে এইবিধ তাৰ পৰা আহিছে, সেইবিধ ইয়াৰ পৰা আহিছে, সেইবিধ নিশ্চয় এই অঞ্চলৰ পৰা আহিছে। অৰ্থাৎ, আমাৰ এই বৈচিত্ৰ্যতাই হৈছে আমাৰ পৰিচয়, আৰু এক প্ৰকাৰে ই হৈছে আমাৰ বৈচিত্ৰ্য উদযাপন কৰাৰো এক সুযোগ, আৰু এই বৈচিত্ৰ্য প্ৰথমে আমাৰ কাপোৰতে দেখিবলৈ পোৱা যায়। দেখিলেই গম পোৱা যায়, কিবা যেন নতুন, কিবা যেন পৃথক। দেশৰ দূৰণিবটীয়া অঞ্চলসমূহত বাস কৰা আমাৰ জনজাতীয় ভাই-ভনীসকলৰ পৰা আৰম্ভ কৰি বৰফৰে আবৃত পৰ্বতলৈকে, আনহাতে, সাগৰৰ পাৰত বাস কৰা লোকসকলৰ পৰা মৰুভূমিলৈ, আৰু ভাৰতৰ সমভূমিলৈকে, আমাৰ হাতত পৰিধান কৰা বস্ত্ৰসম্ভাৰৰ এক সুন্দৰ ৰামধেনু আছে। আৰু, মই এবাৰ অনুৰোধ কৰিছিলোঁ যে বস্ত্ৰসম্ভাৰৰ এই বৈচিত্ৰ্যৰ তালিকা, এক সংকলন কৰা উচিত। আজি ‘ভাৰতীয় বস্ত্ৰশিল্প কোষ’ৰ ৰূপত মোৰ সেই অনুৰোধ ইয়াত সফল হোৱা দেখি মই বিশেষভাৱে আনন্দিত হৈছোঁ।

 

|

বন্ধু-বান্ধৱীসকল,

এয়া দুৰ্ভাগ্যজনক যে যিটো বস্ত্ৰ-উদ্যোগ বিগত শতিকাসমূহত ইমান শক্তিশালী আছিল স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱাত সেই উদ্যোগটোক পুনৰুজ্জীৱিত কৰাৰ বাবে বিশেষ গুৰুত্ব দিয়া নহ’ল। পৰিস্থিতি এনেকুৱালৈ গৈছিল যে খাদীকো মৃত্যুমুখত পৰা অৱস্থালৈ এৰি দিয়া হৈছিল। খাদী পিন্ধোতাসকললৈ মানুহে হীনমন্যতাৰে চাবলৈ লৈছিল। ২০১৪ চনৰ পৰা আমাৰ চৰকাৰে এই পৰিস্থিতি আৰু এই চিন্তাধাৰা সলনি কৰিবলৈ চেষ্টা কৰি আহিছে। মোৰ মনত আছে, ‘মন কী বাত’ কাৰ্যসূচীৰ প্ৰাৰম্ভিক দিনবোৰত মই দেশবাসীক কিবা নহয় কিবা একোবিধ খাদী সামগ্ৰী কিনিবলৈ অনুৰোধ জনাইছিলোঁ। ইয়াৰ ফল কি হৈছিল আমি সকলোৱে আজি তাৰ সাক্ষী হৈছোঁ। যোৱা ৯টা বছৰত খাদীৰ উৎপাদন ৩ গুণতকৈয়ো অধিক বৃদ্ধি পাইছে। খাদী কাপোৰৰ বিক্ৰীও ৫ গুণতকৈয়ো অধিক বৃদ্ধি পাইছে। দেশ আৰু বিদেশত খাদী কাপোৰৰ চাহিদা বাঢ়িবলৈ ধৰিছে। মই কেইদিনমান আগতে পেৰিছত এটা বহুত ডাঙৰ ‘ফেশ্বন ব্ৰেণ্ড’ৰ ‘চিইঅ'ক লগ পাইছিলোঁ। ‘খাদী আৰু ভাৰতীয় হস্ততাঁত বস্ত্ৰশিল্প’ই কেনেকৈ বিদেশত আকৰ্ষণ লাভ কৰিছে তেওঁ সেই বিষয়েও মোক বহু কথাই জানিবলৈ দিছিল।

বন্ধু-বান্ধৱীসকল,

৯ বছৰ আগতে ‘খাদী আৰু গ্ৰামোদ্যোগ’ৰ ব্যৱসায় আছিল প্ৰায় ২৫ হাজাৰ ৩০ হাজাৰ কোটি টকা। আজি ইয়াৰ পৰিমাণ এক লাখ ত্ৰিশ হাজাৰ কোটি টকাতকৈয়ো অধিক হৈছে। যোৱা ৯টা বছৰত এই খণ্ডটোলৈ অহা অতিৰিক্ত ১ লাখ কোটি টকা, এই ধন ক'লৈ গৈছে? এই ধন হস্ততাঁত খণ্ডৰে জড়িত মোৰ দৰিদ্ৰ ভাই-ভনীসকললৈ গৈছে, এই ধন গাঁওসমূহলৈ গৈছে, এই ধন জনজাতীয় লোকসকললৈ গৈছে। আৰু আজি, যেতিয়া ‘নীতি আয়োগ’য়ে কয় যে যোৱা ৫ বছৰত ভাৰতত ১৩.৫ কোটি লোক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে। তেওঁলোকক দাৰিদ্ৰমুক্ত কৰাৰ ক্ষেত্ৰতো ই ইয়াৰ ভূমিকা পালন কৰিছে। আজি ‘ভোকেল ফৰ লোকেল’ৰ মনোভাৱৰে দেশবাসীয়ে থলুৱা সামগ্ৰীসমূহ থাউকতে কিনিবলৈ লৈছে, ই এক গণ আন্দোলনত পৰিণত হৈছে। আৰু মই এই কথা আকৌ এবাৰ সকলো দেশবাসীক ক'ম। অগন্তুক দিনত ‘ৰক্ষাবন্ধন উৎসৱ’ আহি আছে, ‘গণেশ উৎসৱ’ আহি আছে, ‘দশেৰা’, ‘দীপাৱলী’, ‘দুৰ্গা পূজা’ আহি আছে। এই উৎসৱসমূহত আমি আমাৰ ‘স্বদেশী’ৰ সংকল্পৰ পুনৰাবৃত্তি কৰিব লাগিব। আৰু এনে উদ্যোগৰ জৰিয়তে আমি আমাৰ হস্তশিল্পকৰ্মী, আমাৰ শিপিনী ভাই-ভনী, হস্ততাঁতৰ পৃথিৱীখনৰ সৈতে জড়িত লোকসকলক বহুত ডাঙৰ সহায় কৰোঁ, আৰু যেতিয়া ‘ৰাখী উৎসৱ’ত, ৰক্ষাৰ সেই উৎসৱৰ সময়ত মোৰ ভনী যিয়ে মোক ‘ৰাখী’ বান্ধেহি, মইতো সুৰক্ষাৰ কথা কওঁৱেই, পিচে মই যদি তেওঁক উপহাৰ হিচাপে দৰিদ্ৰ মাতৃৰ হাতেৰে তৈয়াৰ কৰা কিবা এটা দিওঁ, তেন্তে মই সেইগৰাকী মাতৃকো সুৰক্ষা প্ৰদান কৰোঁ।

 

|

বন্ধু-বান্ধৱীসকল,

মই সন্তুষ্ট যে আমি বস্ত্ৰখণ্ডৰ বাবে ৰূপায়ণ কৰা আঁচনিসমূহ সামাজিক ন্যায়ৰ এক মহান মাধ্যম হৈ উঠিছে। আজি সমগ্ৰ দেশৰ গাঁও আৰু চহৰসমূহত লাখ লাখ লোকে হস্ততাঁতৰ কামত নিয়োজিত হৈ আছে। ইয়াৰে বেছিভাগ লোকেই দলিত, পিছপৰা-পাচমাণ্ডা আৰু জনজাতীয় সম্প্ৰদায়ৰ পৰা আহিছে। যোৱা ৯টা বছৰত চৰকাৰৰ প্ৰচেষ্টাই তেওঁলোকক কেৱল বৃহৎ সংখ্যক চাকৰি দিয়াই নহয়, তেওঁলোকৰ উপাৰ্জনো বৃদ্ধি কৰিছে। বিদ্যুৎ, পানী, গেছ সংযোগ, ‘স্বচ্ছ ভাৰত’ৰ দৰে অভিযানেও আটাইতকৈ বেছিকৈ লাভান্বিত কৰিছে এওঁলোকক। আৰু মোদীয়ে তেওঁলোকক এক ‘গেৰাণ্টী’ দিছে – ‘বিনামূলীয়া ৰেচন’ৰ। আৰু যেতিয়া মোদীয়ে ‘গেৰাণ্টী’ দিয়ে, তেতিয়া তেওঁলোকৰ চৌকাও ৩৬৫ দিনেই জ্বলে। মোদীয়ে তেওঁলোকক ‘গেৰাণ্টী’ দিছে – এটা পকী ঘৰৰ। মোদীয়ে তেওঁলোকক ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ নিশ্চয়তা প্ৰদান কৰিছে। আমি আমাৰ শিপিনী ভাই-ভনীসকলৰ প্ৰাথমিক সা-সুবিধাৰ বাবে দশক জোৰা অপেক্ষাৰ অৱসান ঘটাইছোঁ।

বন্ধু-বান্ধৱীসকল,

বস্ত্ৰ খণ্ডৰ সৈতে সম্পৰ্কিত পৰম্পৰাসমূহ কেৱল জীয়াই থকাই নহয়, বৰঞ্চ বিশ্বক এক নতুন অৱতাৰৰে যাতে আকৰ্ষিতও কৰিব পাৰে সেই কথা নিশ্চিত কৰিবলৈকো চৰকাৰে চেষ্টা কৰি আছে। সেয়েহে, আমি এই কামৰ সৈতে জড়িত সহকৰ্মীসকল আৰু তেওঁলোকৰ শিক্ষা, প্ৰশিক্ষণ আৰু উপাৰ্জনত গুৰুত্ব আৰোপ কৰিছোঁ। আমি শিপিনী আৰু হস্তশিল্পকৰ্মীসকলৰ সন্তানসকলৰ আশা-আকাংক্ষাক উৰাৰ বাবে পাখিৰ দিহা কৰিব বিচাৰিছোঁ। শিপিনীসকলৰ সন্তানসকলৰ দক্ষতা বিকাশ প্ৰশিক্ষণৰ বাবে, তেওঁলোকে বস্ত্ৰ প্ৰতিষ্ঠানত ২ লাখ টকালৈকে বৃত্তি লাভ কৰিছে। যোৱা ৯টা বছৰত ৬০০ তকৈয়ো অধিক হস্ততাঁত গোট বিকশিত কৰা হৈছে। এইসমূহত হাজাৰ হাজাৰ শিপিনীকো প্ৰশিক্ষণ দিয়া হৈছে। আমাৰ নিৰন্তৰ প্ৰচেষ্টা হৈছে শিপিনীসকলৰ কাম সহজ কৰা, উৎপাদনশীলতা অধিক কৰা, মান উন্নত কৰা, নিত্য নতুন আৰ্হিৰ ব্যৱস্থা কৰা। সেয়েহে, কম্পিউটাৰ-সঞ্চালিত ‘পাঞ্চিং মেচিন’বোৰো তেওঁলোকক প্ৰদান কৰা হৈছে। ইয়াৰ সৈতে, নতুন ‘ডিজাইন’ দ্ৰুত কৰিব পাৰি। মটৰ-চালিত যন্ত্ৰসমূহে শালত তাঁত লগোৱাৰ কাম সহজ কৰি তুলিছে। এনে বহুতো সঁজুলি, এনে বহুতো যন্ত্ৰ শিপিনীসকলৰ বাবে উপলব্ধ কৰা হৈছে। চৰকাৰে কেঁচামাল অৰ্থাৎ হস্ততাঁত শিপিনীসকলক ৰেহাই মূল্যত সূতা প্ৰদান কৰি আহিছে। কেঁচা সামগ্ৰী অনাৰ খৰচো চৰকাৰে বহন কৰে। ‘মুদ্ৰা আঁচনি’ৰ জৰিয়তে, শিপিনীসকলে ‘বেংক-গেৰাণ্টী’ নিদিয়াকৈয়ে ঋণ লাভ কৰাটো সম্ভৱ হৈছে।

বন্ধু-বান্ধৱীসকল,

মই মোৰ শিপিনী সহকৰ্মীসকলৰ সৈতে গুজৰাটত বহু বছৰ অতিবাহিত কৰিছোঁ। আজি, কাশীৰ অৰ্থনীতিত হস্ততাঁতৰ এক বৃহৎ অৱদান আছে, যিটো অঞ্চলৰ পৰা মই এগৰাকী সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছোঁ। মই প্ৰায়ে তেওঁলোকক লগ পাওঁ, বাৰ্তালাপ কৰোঁ। সেইকাৰণে মই পৃথিৱীখনকো জানোঁ। এইটো আমাৰ শিপিনী সমাজৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান যে তেওঁলোকে সামগ্ৰী প্ৰস্তুত কৰে, কিন্তু সেইবোৰ বিক্ৰী কৰিবলৈ, তেওঁলোকে যোগান শৃংখলা, বিপণন ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয়। আমাৰ চৰকাৰে তেওঁলোকক এই সমস্যাৰ পৰা বাহিৰলৈ লৈ আহিছে। চৰকাৰে হস্তনিৰ্মিত সামগ্ৰীসমূহৰ বিপণনতো গুৰুত্ব আৰোপ কৰিছে। দেশৰ কোনোবা নহয় কোনোবা স্থানত প্ৰতিদিনে বিপণন প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। ‘ভাৰত মণ্ডপম’ৰ দৰে দেশৰ বহুতো চহৰত আজিৰ তাৰিখত প্ৰদৰ্শনীৰ স্থান নিৰ্মাণ কৰা হৈছে। ইয়াত, দৈনিক ভাট্টাৰ সৈতে বিনামূলীয়াকৈ বিপণী প্ৰদান কৰা হয়। আৰু আজি এইটো সুখৰ কথা যে আমাৰ নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলে নতুন ‘ষ্টাৰ্টআপ’ গঢ়ি তুলিছে। ‘ষ্টাৰ্টআপ-পৃথিৱী’ৰ মোৰ প্ৰতিভাধৰ ভাৰতীয় যুৱশিল্পীসকলে তৈয়াৰ কৰা বস্ত্ৰ, আমাৰ কুটিৰ উদ্যোগসমূহে তৈয়াৰ কৰা সামগ্ৰী, বহুতো নতুন কৌশল, নতুন আৰ্হি, নতুন বিপণন ব্যৱস্থা, আজিকালি বহুতো ষ্টাৰ্টআপ এইখন পৃথিৱীলৈ আহিছে। আৰু সেয়েহে মই তেওঁলোকৰ ভৱিষ্যতে এক নতুনত্ব লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পাইছোঁ।

 

|

আজি, ‘এখন জিলা এবিধ সামগ্ৰী আঁচনি’ৰ অধীনত, প্ৰতিখন জিলাতে বিশেষ সামগ্ৰীৰ প্ৰচাৰৰ দিহা কৰা হৈছে। এনে সামগ্ৰীৰ বিক্ৰীৰ বাবে সমগ্ৰ দেশৰ ৰে’ল ষ্টেশ্যনসমূহত বিশেষ বিপনী স্থাপন কৰা হৈছে। চৰকাৰে প্ৰতিখন জিলা, প্ৰতিখন ৰাজ্যৰ হস্তশিল্প আৰু হস্ততাঁতসামগ্ৰীৰ প্ৰচাৰৰ বাবে ‘একতা মল’-ও নিৰ্মাণ কৰি আছে। ‘একতা মল’ত ৰাজ্যসমূহৰ হস্তশিল্প সামগ্ৰীসমূহ একেখন চালৰ তলত ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত হস্ততাঁত খণ্ডৰ সৈতে জড়িত আমাৰ ভাই-ভনীসকল যথেষ্ট উপকৃত হ'ব। যদি আপোনালোকৰ কোনোবাই গুজৰাটৰ ‘ষ্টেচ্যু অব ইউনিটী’ চাবলৈ সুযোগ পাইছে, তেন্তে তাত এটা ‘একতা মল’ আছে। ভাৰতৰ হস্তশিল্পীৰ দ্বাৰা নিৰ্মিত দেশৰ প্ৰতিটো কোণৰ বস্তু তাত উপলব্ধ হয়। গতিকে তালৈ অহা পৰ্যটকসকলেও একতাৰ অভিজ্ঞতা লাভ কৰে আৰু তেওঁলোকে বিচৰা ভাৰতৰ যিকোনো স্থানৰ সামগ্ৰী তাত লাভ কৰিব পাৰে। দেশৰ সকলো ৰাজ্যৰ ৰাজধানীতে এনে একতা মল নিৰ্মাণৰ প্ৰচেষ্টা চলি আছে। আমাৰ এই বস্তুবোৰৰ গুৰুত্বযে কিমান। প্ৰধানমন্ত্ৰী হিচাপে মোৰ কাৰ্যকালত মই যেতিয়াই বিদেশলৈ যাওঁ, বিশ্বৰ বিশিষ্ট ব্যক্তিসকলৰ বাবে কিছু উপহাৰ লৈ যাবলগীয়া হয়। আপোনালোকে যিবোৰ সামগ্ৰী প্ৰস্তুত কৰে তাৰ পৰাই মই পৃথিৱীৰ লোকসকলক একেটা বস্তু দিবলৈ মই হেঁপাহ কৰোঁ। তেনেবোৰ সামগ্ৰীয়ে তেওঁলোকক সুখী কৰে। যেতিয়া মই তেওঁলোকক কওঁ যে সেইবোৰ সামগ্ৰী আমাৰ অমুক অঞ্চলৰ অমুক গাঁৱৰ মানুহে নিৰ্মাণ কৰিছে, শুনি তেওঁলোকো যথেষ্ট প্ৰভাৱিত হৈ উঠে।  

বন্ধু-বান্ধৱীসকল, 

হস্ততাঁত খণ্ডৰ আমাৰ ভাই-ভনীসকলে ‘ডিজিটেল ইণ্ডিয়া’ৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰাৰ বাবেও প্ৰচেষ্টা চলোৱা হৈছে। আপোনালোকে জানে যে চৰকাৰে ক্ৰয় আৰু বিক্ৰীৰ বাবে এটা ‘পৰ্টেল’ যুগুতাই উলিয়াইছে- ‘জিইএম’ অৰ্থাৎ ‘চৰকাৰী ই-মাৰ্কেটপ্লেচ’। ‘জিইএম’-ত, ক্ষুদ্ৰৰো ক্ষুদ্ৰ শিল্পী, কাৰিকৰ, শিপিনীসকলে তেওঁলোকৰ সামগ্ৰী পোনপটীয়াকৈ চৰকাৰক বিক্ৰী কৰিব পাৰে। বহু সংখ্যক শিপিনীয়ে ইয়াৰ সুবিধা গ্ৰহণ কৰিছে। আজি, হস্ততাঁত আৰু হস্তশিল্পৰে সম্পৰ্কিত ১.৭৫ লাখ প্ৰতিষ্ঠান ‘জিইএম পৰ্টেল’ৰ সৈতে সংযুক্ত হৈ আছে।

বন্ধু-বান্ধৱীসকল,

আমাৰ চৰকাৰে আমাৰ শিপিনীসকলক বিশ্বৰ সৰ্ববৃহৎ বজাৰ প্ৰদান কৰাৰ বাবে এক স্পষ্ট ৰণনীতিৰে কাম কৰি আছে। আজি বিশ্বৰ ডাঙৰ কোম্পানীসমূহে ভাৰতৰ ‘এমএছএমই’, আমাৰ শিপিনী, শিল্পী, কৃষকসকলৰ সামগ্ৰী বিশ্বৰ বজাৰসমূহলৈ নিয়াৰ বাবে আগবাঢ়ি আহিছে। মই এনে বহুতো কোম্পানীৰ নেতৃত্বৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰিছোঁ। তেওঁলোকৰ গোটেই পৃথিৱীত ডাঙৰ ডাঙৰ বিপণন প্ৰতিষ্ঠান, খুচুৰা যোগান শৃংখলা, ডাঙৰ মল, বিপনী আছে। অনলাইনৰ পৃথিৱীখনত এওঁলোকৰ সামৰ্থ্যও বহুতেই বিশাল। এনে কোম্পানীবোৰে এতিয়া ভাৰতৰ স্থানীয় সামগ্ৰীসমূহ বিদেশৰ প্ৰতিটো কোণলৈ লৈ যোৱাৰ সংকল্প লৈছে। আমাৰ ‘বাজ্ৰা’ যাক আমি এতিয়া ‘শ্ৰীঅন্ন’ বুলি অভিহিত কৰোঁ। ‘শ্ৰীঅন্ন’ই হওক, আমাৰ হস্ততাঁতৰ সামগ্ৰীয়েই হওক, এতিয়া এই ডাঙৰ আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহে এনেবোৰ সামগ্ৰী সমগ্ৰ বিশ্বৰ বজাৰসমূহলৈ লৈ যাব। অৰ্থাৎ, সামগ্ৰীবিধ ভাৰতত তৈয়াৰী হ'ব, সেই সামগ্ৰীত ভাৰতৰ লোকৰ ঘামৰ গোন্ধ সংপৃকত হৈ থাকিব আৰু যোগান শৃংখলাটো এই বহুজাতিক কোম্পানীসমূহে ব্যৱহাৰ কৰিব। আৰু ই আমাৰ দেশৰ এই অঞ্চলৰ সৈতে জড়িত প্ৰতিজন ক্ষুদ্ৰ ব্যক্তিক লাভান্বিত কৰিব।

 

|

বন্ধু-বান্ধৱীসকল,

চৰকাৰৰ এই প্ৰচেষ্টাৰ মাজতে আজি মই বস্ত্ৰ উদ্যোগ আৰু ফেশ্বন জগতৰ বন্ধুবৰ্গকো এটা কথা ক'ম। আজি, যেতিয়া আমি বিশ্বৰ শীৰ্ষ-৩ অৰ্থনীতি হোৱাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছোঁ, তেতিয়া আমি আমাৰ চিন্তা আৰু কামৰ পৰিসৰ বৃদ্ধি কৰিব লাগিব। আমি আমাৰ হস্ততাঁত, আমাৰ খাদী, আমাৰ বস্ত্ৰ খণ্ডক ‘বিশ্ব চেম্পিয়ন’ কৰিব বিচাৰোঁ। কিন্তু ইয়াৰ বাবে, সকলোৰে প্ৰচেষ্টা প্ৰয়োজনীয়। শ্ৰমিক, শিপিনী, আৰ্হিকাৰ বা উদ্যোগেই হওক, সকলোৱে আন্তৰিকতাৰে প্ৰচেষ্টা চলাব লাগিব। আপোনালোকে ভাৰতৰ শিপিনীসকলৰ দক্ষতাক পৰিমাপৰ সৈতে সংযোজিত কৰক। ভাৰতৰ শিপিনীসকলৰ দক্ষতাক প্ৰযুক্তিৰ সৈতে সংযোজিত কৰক। আজি আমি ভাৰতত এক নৱ্য-মধ্যবিত্ত শ্ৰেণীৰ উত্থান দেখিছোঁ। প্ৰতিটো সামগ্ৰীৰ বাবে ভাৰতত এটা অতি যুৱ উপভোক্তা শ্ৰেণী সৃষ্টি কৰা হৈছে। এইটো নিশ্চিতভাৱে ভাৰতৰ বস্ত্ৰ কোম্পানীবোৰৰ বাবে এটা ডাঙৰ সুযোগ। সেয়েহে, স্থানীয় যোগান শৃংখলা শক্তিশালী কৰা আৰু ইয়াৰ ওপৰত বিনিয়োগ কৰাটো এই কোম্পানীসমূহৰ দায়িত্ব। আজি যেতিয়া আমি মহাত্মা গান্ধীৰ কামবোৰ স্মৰণ কৰি বহি আছোঁ, আমি আকৌ এবাৰ আমাৰ মনবোৰক জোঁকাৰিব লাগিব, আমাৰ মনক সংকল্পিত কৰিব লাগিব যে বাহিৰৰ পৰা সামগ্ৰী আনি জীৱিকা অৰ্জন কৰিব লগা এই পথটো সঠিক নহয়। ইমান সোনকালেনো কেনেকৈ হ’ব, ইমান দ্ৰতগতিৰেনো স্থানীয় যোগান শৃংখলা কেনেকৈ গঢ়ি তুলিব পৰা যাব- এই খণ্ডৰ মহাৰথীসকলে এই অজুহাত দেখুৱাব নোৱাৰিব। আমি যদি ভৱিষ্যতে সুবিধা ল'ব বিচাৰোঁ, তেন্তে আজি আমি স্থানীয় যোগান শৃংখলাত বিনিয়োগ কৰিবই লাগিব। এয়াই হৈছে এক উন্নত ভাৰত গঢ়ি তোলাৰ পথ, আৰু এই পথটোৱে আমাৰ উন্নত ভাৰতৰ সপোন পূৰণ কৰিব। ৫ ট্ৰিলিয়ন অৰ্থনীতিৰ সপোন পূৰণ কৰিব, বিশ্বৰ প্ৰথম তিনিটাত ভাৰতক স্থান দিয়াৰ সপোন পূৰণ হ'ব। আৰু আৱেগিক দিশটোলৈ চাই, এই পথ অনুসৰণ কৰি, আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন পূৰণ কৰিবলৈ আৰু স্বদেশীৰ সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম হ'ম।

 

বন্ধু-বান্ধৱীসকল,

আৰু মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে যিসকল স্বাভিমানী, যিসকলে নিজকে লৈ, যিসকলে তেওঁলোকৰ দেশক লৈ গৌৰৱান্বিতবোধ কৰে, খাদী হৈছে তেওঁলোকৰ বস্ত্ৰ। কিন্তু একে সময়তে, যিসকলে ‘মে’ক ইন ইণ্ডিয়া’ক শক্তি প্ৰদান কৰা ‘আত্মনিৰ্ভৰশীল ভাৰত’ৰ সপোন দেখে, তেওঁলোকৰ বাবে এই খাদী কেৱল এক বস্ত্ৰই নহয়, ই এক অস্ত্ৰও আৰু শস্ত্ৰও।

 

|

বন্ধু-বান্ধৱীসকল,

আজিৰ পৰা এদিনৰ পিচতে ৯আগষ্ট। যদি এই দিনটো স্বদেশী আন্দোলনৰ সৈতে সম্পৰ্কিত হয়েই, তেন্তে ৯ আগষ্টৰ তাৰিখটো ভাৰতৰ আটাইতকৈ ডাঙৰ আন্দোলনৰ সাক্ষী হৈ আহিছে। ৯ আগষ্টতে পুজ্য বাপুৰ নেতৃত্বত ‘কুইট ইণ্ডিয়া মুভমেণ্ট’ অৰ্থাৎ ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ হছিল। ‘পূজ্য বাপু’ৱে স্পষ্টকৈ ব্ৰিটিছসকলক কৈছিল – ‘ভাৰত ত্যাগ কৰা’। ইয়াৰ অলপ পিছতে দেশখনত এনে এক জাগৰণৰ সৃষ্টি হৈছিল, এক চেতনা জাগ্ৰত হৈছিল, অৱশেষত ব্ৰিটিছে ভাৰত ত্যাগ কৰিব লগা হৈছিল। আজি ‘পুজ্য বাপু’ৰ আশীৰ্বাদত আমাক একেই ইচ্ছাশক্তিৰ প্ৰয়োজন আৰু আমি আগবাঢ়ি যাবই লাগিব। যি মন্ত্ৰই ব্ৰিটিছসকলক খেদি পঠিয়াব পাৰিছিল। সেই মন্ত্ৰয়েই আমাক ইয়াতো এনেবোৰ উপাদানক খেদি পঠিওৱাৰ কাৰক হৈ উঠিব পাৰ। আজি আমাৰ এটা সপোন আৰু উন্নত ভাৰত গঢ়ি তোলাৰ সংকল্প আছে। এই সংকল্পৰ সন্মুখত কিছুমান অশুভ শক্তিয়ে বাধা হৈ থি দিব খুজিছে। সেয়েহে আজি ভাৰতে এই দুষ্টতাবোৰক এক কণ্ঠে কৈছে – ‘ভাৰত ত্যাগ কৰা’। আজি ভাৰতে কৈছে- ‘দুৰ্নীতি, ভাৰত ত্যাগ কৰা’। আজি ভাৰতে কৈছে, 'ৰাজবংশ, ভাৰত ত্যাগ কৰা, অৰ্থাৎ স্বজনতোষণ, ভাৰত ত্যাগ কৰা। আজি ভাৰতে কৈছে, 'তোষণ, ভাৰত ত্যাগ কৰা'। ভাৰতত এই দুষ্টতাবোৰ দেশৰ বাবে এক ডাঙৰ ভাবুকি। এইটো দেশৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান। মই নিশ্চিত যে আমি সকলোৱে আমাৰ প্ৰচেষ্টাৰে এই দুষ্টতাবোৰক আঁতৰ কৰিব পাৰিম, পৰাজিত কৰিব পাৰিম। আৰু তাৰ পিছত ভাৰত জিকিব, দেশ জিকিব, প্ৰতিগৰাকী দেশবাসী জিকিব।

 

বন্ধু-বান্ধৱীসকল,

১৫ আগষ্টত প্ৰতিটো ঘৰতে ত্ৰিৰংগা, আৰু ইয়াততো মই সেইসকল ভগ্নীক লগ পোৱাৰ সুযোগো পাইছোঁ যিসকলে বছৰ বছৰ ধৰি দেশত ত্ৰিৰংগা পতাকা তৈয়াৰৰ কামত নিয়োজিত হৈ আহিছে। মই তেওঁলোকক নমস্কাৰ জনোৱাৰ সুযোগ পাইছোঁ, আমি যোৱাবাৰ দৰেই এইবাৰো ১৫ আগষ্টত, আৰু প্ৰতি বছৰেই ‘হৰ ঘৰ ত্ৰিৰংগা’ৰ আহ্বানক আগুৱাই লৈ যাব লাগিব, আৰু যেতিয়া প্ৰতিটো ঘৰৰ সন্মুখত ত্ৰিৰংগাই লহৰ তোলে, ই কেৱল ঘৰৰ সন্মখতে নহয়, ই মনতো লহৰ তোলে। আকৌ এবাৰ আপোনালোক সকলোকে মই ‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ৰ শুভেচ্ছা জনাইছোঁ। বহুত বহুত   ধন্যবাদ!

 

  • krishangopal sharma Bjp January 18, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌹🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp January 18, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌹🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • krishangopal sharma Bjp January 18, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌹🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Devendra Kunwar October 08, 2024

    BJP
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • kumarsanu Hajong August 11, 2024

    sabka saath sabka vikash
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • Sandeep Singh Rana March 27, 2024

    जय हो
  • Vaishali Tangsale February 12, 2024

    🙏🏻🙏🏻
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
'2,500 Political Parties In India, I Repeat...': PM Modi’s Remark Stuns Ghana Lawmakers

Media Coverage

'2,500 Political Parties In India, I Repeat...': PM Modi’s Remark Stuns Ghana Lawmakers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 জুলাই 2025
July 04, 2025

Appreciation for PM Modi's Trinidad Triumph, Elevating India’s Global Prestige

Under the Leadership of PM Modi ISRO Tech to Boost India’s Future Space Missions – Aatmanirbhar Bharat