Quote“India's labour force has a huge role to play in realizing India’s dreams and aspirations to build a developed nation in the Amrit Kaal”
Quote“A lot of credit goes to our workers for making India one of the fastest growing countries once again”
Quote“In the last eight years, the Government has taken the initiative to abolish the laws from the period of slavery and reflecting the mentality of slavery”
Quote“Labour Ministry is preparing its vision for the year 2047 in Amrit Kaal”
Quote“Flexible workplaces, a work-from-home ecosystem, and flexible work hours are the need of the future”
Quote“We can use systems like flexible workplaces as opportunities for women's labour force participation”
Quote“Full utilization of the ‘cess’ for building and construction workers is a must. More than 38000 crores have not been utilized by the states.

নমস্কাৰ,

চণ্ডীগড়ৰ এডমিনিষ্ট্ৰেটৰ শ্ৰীমান বনৱাৰী লাল পুৰোহিত জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰী ভূপেন্দ্ৰ যাদব জী, শ্ৰী ৰামেশ্বৰ তেলী জী, সকলো ৰাজ্যৰ আদৰণীয় শ্ৰম মন্ত্ৰীগণ, শ্ৰম সচিবগণ, অন্য মহানুভৱ, দেৱীসকল আৰু সজ্জনসকল, সৰ্ব প্ৰথমে মই ভগৱান তিৰুপতি বালাজীৰ চৰণত প্ৰণিপাত কৰিছো। যি পৱিত্ৰ স্থানত এতিয়া আপোনালোক উপস্থিত আছে, সেয়া ভাৰতৰ শ্ৰম আৰু সামৰ্থ্যৰ সাক্ষী হৈ আছে। মোৰ বিশ্বাস আছে, এই কনফাৰেঞ্চৰ পৰা ওলোৱা চিন্তাই দেশৰ শ্ৰম-সামৰ্থ্যক শক্তিশালী কৰিব। মই আপোনালোক সকলোকে আৰু বিশেষকৈ শ্ৰম মন্ত্ৰালয়ক এই আয়োজনৰ বাবে অভিনন্দন জনাইছো।

 

বন্ধুসকল,

এই ১৫ আগষ্টত দেশে নিজৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিলে, স্বাধীনতাৰ অমৃত কালত প্ৰৱেশ কৰিলে। অমৃত কালত বিকশিত ভাৰতৰ নিৰ্মাণৰ বাবে আমাৰ যি সপোন আছে, যি আকাংক্ষা আছে, সেয়া সাকাৰ কৰাত ভাৰতৰ শ্ৰম শক্তিৰ বহুত ডাঙৰ ভূমিকা আছে। এই চিন্তাৰেই দেশে সংগঠিত আৰু অসংগঠিত ক্ষেত্ৰত কাম কৰা কোটি কোটি শ্ৰমিক বন্ধুৰ বাবে নিৰন্তৰ কাম কৰি আছে।

প্ৰধানমন্ত্ৰী শ্ৰম-যোগী মানধন যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ দৰে অনেক প্ৰয়াসে শ্ৰমিকসকলক এক ধৰণৰ সুৰক্ষা কৱচ দিছে। এনেকুৱা যোজনাৰ ফলত অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলৰ মনত এই ভাব জাগিছে যে দেশে তেওঁলোকৰ শ্ৰমকো সমানেই সন্মান কৰে। আমি কেন্দ্ৰ আৰু ৰাজ্যৰ এনেকুৱা সকলো প্ৰয়াসক সম্পূৰ্ণ সংবেদনশীলতাৰে একত্ৰিত কৰিব লাগিব, যাতে শ্ৰমিকসকলে তেওঁলোকৰ সবাতোকৈ অধিক লাভ পাব পাৰে।

 

বন্ধুসকল,

দেশৰ এই প্ৰয়াসবিলাকৰ কিমান প্ৰভাৱ আমাৰ অৰ্থনৈতিক ব্যৱস্থাত পৰিছে, ইয়াৰ সাক্ষী আমি কৰোণা কালতো হৈছো। 'ইমাৰ্জেঞ্চী ক্ৰেডিট লাইন গেৰাণ্টী স্কিম' ইয়াৰ ফলত লাখ লাখ ক্ষুদ্ৰ উদ্যোগে সহায় পালে। এটা অধ্যয়ন অনুসৰি, এই স্কিমৰ ফলত প্ৰায় ডেৰ কোটি মানুহৰ সংস্থাপন যাবলগা আছিল, সেয়া নগ'ল, সেই সংস্থাপন বাচি গ'ল। কৰোণাৰ সময়ত EPFOৰ পৰাও কৰ্মচাৰীয়ে ডাঙৰ সহায় পালে, কেইবা হাজাৰ কোটি টকা কৰ্মচাৰীক এডভাঞ্চ হিচাপে দিয়া হ'ল। আৰু বন্ধুসকল, আজি আমি দেখি আছো যে যেনেকৈ প্ৰয়োজনৰ সময়ত দেশে নিজৰ শ্ৰমিকসকলৰ লগ দিয়ে, তেনেকৈ এই মহামাৰীৰ পৰা ওলাই আহিবলৈ শ্ৰমিকসকলেও সম্পূৰ্ণ শক্তি লগাই দিলে। আজি ভাৰত আকৌ পৃথিৱীৰ সবাতোকৈ দ্ৰুতগতিত অগ্ৰসৰ হৈ থকা অৰ্থনৈতিক ব্যৱস্থা হৈছে, ইয়াৰ বহুত ডাঙৰ কৃতিত্ব আমাৰ শ্ৰমিকসকলৰে প্ৰাপ্য।

 

বন্ধুসকল,

দেশৰ প্ৰতিজন শ্ৰমিকক সামাজিক সুৰক্ষাৰ পৰিসৰলৈ আনিবলৈ, কেনেকৈ কাম হৈ আছে, তাৰ এটা উদাহৰণ 'ই-শ্ৰম পৰ্টেল'। এই পৰ্টেল যোৱা বছৰ আৰম্ভ কৰা হৈছিল, যাতে অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলৰ বাবে আধাৰেৰে সংযুক্ত নেচনেল ডেটাবেছ নিৰ্মাণ হ'ব পাৰে। মই আনন্দিত যে এই এবছৰতে, এই পৰ্টেলৰ সৈতে ৪০০ বেলেগ বেলেগ ক্ষেত্ৰত কাম কৰা প্ৰায় ২৮ কোটি শ্ৰমিক সংযুক্ত হৈছে। বিশেষভাৱে ইয়াৰ লাভ কনষ্ট্ৰাকছন ৱৰ্কাৰ্ছ, প্ৰৱাসী মজদুৰ, আৰু ডমেষ্টিক ৱৰ্কাৰ্ছে লাভ কৰি আছে। এতিয়া এওঁলোকেও Universal Account Numberৰ দৰে সুবিধাৰ মুনাফা পাই আছে। শ্ৰমিকসকলৰ সংস্থাপনৰ সুযোগ বৃদ্ধি কৰিবলৈ, 'ই-শ্ৰম পৰ্টেল'ক National Career Service, অসীম পৰ্টেল আৰু উদ্যম পৰ্টেলৰ সৈতেও সংযুক্ত কৰি থকা হৈছে।

এই কনফাৰেঞ্চত উপস্থিত আপোনালোক সকলোকে মোৰ আৱেদন যে নেচনেল পৰ্টেলৰ ইণ্টিগ্ৰেশ্যনৰ সমান্তৰালকৈ আমি ষ্টেট পৰ্টেলবিলাককো লগতে সমন্বিত কৰাৰ ওপৰত জৰুৰ কাম কৰো। ইয়াৰ ফলত দেশৰ সকলো শ্ৰমিকৰ বাবে নতুন সুযোগ মুকলি হ'ব, সকলো ৰাজ্যই দেশৰ শ্ৰমশক্তিৰ অধিক প্ৰভাৱশালী মুনাফা পাব।

 

বন্ধুসকল,

আপোনালোক সকলোৱে ভালদৰে জানে যে আমাৰ দেশত এনেধৰণৰ কিমান শ্ৰম আইন আছে যি ইংৰাজৰ সময়ৰ পৰা চলি আহিছিল। যোৱা আঠ বছৰত আমি দেশত দাসত্বৰ সময়ৰ, আৰু দাসত্বৰ মানসিকতাযুক্ত আইন শেষ কৰাৰ পদক্ষেপ লৈছো। দেশে এতিয়া এনেধৰণৰ শ্ৰম আইনবিলাক সলনি কৰি আছে, সংশোধন কৰি আছে, সিবিলাক সৰল বনাই আছে। এই চিন্তাৰেই ২৯খন শ্ৰম আইনক ৪টা সৰল লেবাৰ কোডছত পৰিণত কৰা হ'ল। ইয়াৰ ফলত আমাৰ শ্ৰমিক ভাতৃ-ভগ্নী ন্যূনতম দৰমহা, সংস্থাপনৰ সুৰক্ষা, সামাজিক সুৰক্ষা আৰু স্বাস্থ্য সুৰক্ষাৰ দৰে বিষয়ৰ ওপৰত আৰু শক্তিশালী হ'ব। নতুন লেবাৰ কোডছত Inter-State migrant laboursৰ পৰিভাষাও সংশোধিত হৈছে। আমাৰ প্ৰৱাসী শ্ৰমিক ভাতৃ-ভগ্নীয়ে 'ৱান নেচন, ৱান ৰেচন কাৰ্ড'ৰ দৰে যোজনাৰ পৰাও বহুত সহায় পাইছে।

 

বন্ধুসকল,

আমি আৰু এটা কথা মনত ৰাখিব লাগিব। পৃথিৱী দ্ৰুতগতিত সলনি হৈ আছে। যদি আমি নিজকে দ্ৰুতগতিত সাজু নকৰো তেন্তে আকৌ পিছপৰি যোৱাৰ বিপদ হ'ব। প্ৰথম, দ্বিতীয় আৰু তৃতীয় ঔদ্যোগিক ক্ৰান্তিৰ লাভ আদায় কৰাত ভাৰত পিছপৰি ৰৈছিল। এতিয়া চতুৰ্থ ঔদ্যোগিক ক্ৰান্তিৰ সময়ত ভাৰতে দ্ৰুতগতিত সিদ্ধান্তও ল'ব লাগিব আৰু তাক দ্ৰুতগতিত ৰূপায়ণো কৰিব লাগিব। পৰিৱৰ্তিত সময়ৰ সৈতে, যেনেকৈ Nature of Job সলনি হৈ আছে, সেয়া আপোনালোকেও দেখি আছে।

আজি পৃথিৱী Digital Eraত প্ৰৱেশ কৰি আছে, সমগ্ৰ বিশ্বৰ পৰিৱেশ দ্ৰুতগতিত সলনি হৈ আছে। আজি আমি সকলো gig আৰু platform economyৰ ৰূপত সংস্থাপনৰ এটা নতুন পৰিসৰৰ সাক্ষী হৈ আছো। অনলাইন শ্বপিঙেই হওক, অনলাইন হেল্থ ছাৰ্ভিচেছ হওক, অনলাইন টেক্সি আৰু ফুড ডেলিভাৰী হওক, এয়া আজি চহৰীয়া জীৱনৰ অংশ হৈ পৰিছে। লাখ লাখ যুৱকে এই সেৱাসমূহক, এই নতুন বজাৰক গতি দি আছে। এই নতুন সম্ভাৱনাসমূহৰ বাবে আমাৰ সঠিক নীতি আৰু সঠিক প্ৰয়াসে এই ক্ষেত্ৰত ভাৰতক গ্লবেল লীডাৰ বনোৱাত সহায় কৰিব।

বন্ধুসকল,

দেশৰ শ্ৰম মন্ত্ৰালয়ে অমৃত কাল বৰ্ষ ২০৪৭ৰ বাবে নিজৰ ভিজনো প্ৰস্তুত কৰি আছে। ভৱিষ্যতৰ প্ৰয়োজন- Flexible work places, work from home ecosystem. ভৱিষ্যতৰ প্ৰয়োজন- Flexi work hours। আমি flexible work placeৰ দৰে ব্যৱস্থাক মহিলা শ্ৰমশক্তিৰ অংশগ্ৰহণৰ বাবে সুযোগ হিচাপে ব্যৱহাৰ কৰিব পাৰো। এই ১৫ আগষ্টত লালকিল্লাৰ পৰা মই দেশৰ নাৰী শক্তিৰ সম্পূৰ্ণ অংশগ্ৰহণ আহ্বান কৰিছো। নাৰী শক্তিৰ সঠিক ব্যৱহাৰ কৰি ভাৰতে নিজৰ লক্ষ্যসমূহ আৰু খৰতকীয়াকৈ আহৰণ কৰিব পাৰে। দেশত নতুনকৈ উত্থান হৈ থকা খণ্ডবিলাকত মহিলাৰ বাবে আৰু কি কৰিব পাৰি, আমি এই দিশতো ভাবিব লাগিব।

বন্ধুসকল,

২১শ শতিকাত ভাৰতৰ সফলতা এই কথাৰ ওপৰতো নিৰ্ভৰ কৰিব যে আমি নিজৰ ডেমোগ্ৰাফিক ডিভিডেণ্ডৰ কিমান সফলতাৰে ব্যৱহাৰ কৰো। আমি high quality skilled workforce create কৰি বিশ্বজনীন সুযোগৰ লাভ ল'ব পাৰো। ভাৰতে পৃথিৱীৰ কেইবাখনো দেশৰ সৈতে migration and mobility partnership agreements-ও স্বাক্ষৰ কৰি আছে। দেশৰ সকলো ৰাজ্যই এই সুযোগৰ লাভ পাওক, ইয়াৰ বাবে আমি প্ৰয়াস বঢ়াব লাগিব, পৰস্পৰে পৰস্পৰৰ পৰা শিকিব লাগিব।

বন্ধুসকল,

আজি যেতিয়া ইমান ডাঙৰ উপলক্ষত আমি সকলো একত্ৰিত হৈছো সেয়ে মই সকলো ৰাজ্যক, আপোনালোক সকলোকে কিছু আৰু আৱেদন কৰিব বিচাৰিছো। আপোনালোক সকলো পৰিচিত যে আমাৰ বিল্ডিং এণ্ড কনষ্ট্ৰাকছন ৱৰ্কাৰসকল আমাৰ কৰ্মশক্তিৰ অভিন্ন অংগ। তেওঁলোকৰ বাবে যি 'ছেছ'ৰ ব্যৱস্থা কৰা হৈছে, তাৰ সম্পূৰ্ণ প্ৰয়োগ জৰুৰী। মোক কোৱা হৈছে যে এই ছেছৰ পৰা প্ৰায় ৩৮ হাজাৰ কোটি টকা এতিয়াও ৰাজ্যসমূহৰ দ্বাৰা ব্যৱহাৰ হোৱা নাই। ইএছআইচি, আয়ুষ্মান ভাৰত যোজনাৰ সৈতে মিলি কেনেকৈ সৰ্বাধিক শ্ৰমিকক লাভবান কৰিব পাৰি, এই দিশতো আমি মনোযোগ দিব লাগিব।

মোৰ বিশ্বাস আছে যে আমাৰ এই সামূহিক প্ৰয়াসে দেশৰ বাস্তৱিক সামৰ্থ্যক সন্মুখলৈ অনাত বিশেষ ভূমিকা পালন কৰিব। এই বিশ্বাসেৰেই আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ! আৰু মোৰ বিশ্বাস আছে যে এই দুদিনীয়া আলোচনাত আপোনালোকে নতুন সংকল্পৰ সৈতে, নতুন বিশ্বাসৰ সৈতে দেশৰ শ্ৰমশক্তিৰ সামৰ্থ্য বঢ়োৱাত সফল হ'ব।

বহুত বহুত ধন্যবাদ!

  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA June 02, 2024

    मोदी जी 400 पार
  • MLA Devyani Pharande February 17, 2024

    जय हो
  • Vaishali Tangsale February 14, 2024

    🙏🏻🙏🏻
  • ज्योती चंद्रकांत मारकडे February 12, 2024

    जय हो
  • ज्योती चंद्रकांत मारकडे February 12, 2024

    जय हो
  • VKSRIVASTAVA advo January 09, 2024

    sir I'm member online old please work I am V.K.Srivastava advo lucknow please work legal work appointment 🙏
  • ganesh das September 29, 2022

    नमस्कार 🙏
  • Hireglocal September 26, 2022

    Thank you so much for sharing all this wonderful information !!!! It is so appreciated!! You have good humor in your thread. https://hireglocal.com/
  • Ramesh Bhai September 23, 2022

    Jay shree krishna
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
MiG-29 Jet, S-400 & A Silent Message For Pakistan: PM Modi’s Power Play At Adampur Airbase

Media Coverage

MiG-29 Jet, S-400 & A Silent Message For Pakistan: PM Modi’s Power Play At Adampur Airbase
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
We are fully committed to establishing peace in the Naxal-affected areas: PM
May 14, 2025

The Prime Minister, Shri Narendra Modi has stated that the success of the security forces shows that our campaign towards rooting out Naxalism is moving in the right direction. "We are fully committed to establishing peace in the Naxal-affected areas and connecting them with the mainstream of development", Shri Modi added.

In response to Minister of Home Affairs of India, Shri Amit Shah, the Prime Minister posted on X;

"सुरक्षा बलों की यह सफलता बताती है कि नक्सलवाद को जड़ से समाप्त करने की दिशा में हमारा अभियान सही दिशा में आगे बढ़ रहा है। नक्सलवाद से प्रभावित क्षेत्रों में शांति की स्थापना के साथ उन्हें विकास की मुख्यधारा से जोड़ने के लिए हम पूरी तरह से प्रतिबद्ध हैं।"