QuoteAlso inaugurates and lays foundation stones of various development projects in Kushinagar
Quote“When basic facilities are available, then the courage to dream big and the spirit to fulfil those dreams are born”
Quote“Uttar Pradesh Cannot be confined to 6-7 decades. This is a land whose history is timeless, whose contribution is timeless”
Quote“The ‘double engine’ government is improving the situation with double strength”
Quote“Swamitva scheme is going to open new doors of prosperity in the rural areas of Uttar Pradesh”
Quote“More than Rs 37,000 crore has been deposited in the bank accounts of UP farmers from PM Kisan Samman Nidhi”

ভাৰত মাতা কী জয়!

 

ভাৰত মাতা কী জয়!

 

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, ইউপিৰ জনপ্ৰিয় আৰু যশস্বী কৰ্মযোগী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, ইউপি ভাজপাৰ শক্তিশালী অধ্যক্ষ শ্ৰী স্বতন্ত্ৰ দেৱ জী, ইউপি চৰকাৰৰ মন্ত্ৰী শ্ৰী সূৰ্যপ্ৰতাপ সাহী জী, শ্ৰী সুৰেশ কুমাৰ খান্না জী, শ্ৰী স্বামী প্ৰসাদ মৌৰ্যা জী, ডাক্তৰ নীলকন্ঠ তিৱাৰী জী, সংসদৰ মোৰ সংগী শ্ৰী বিজয় কুমাৰ দুবে জী, ডাক্তৰ ৰমাপতি ৰাম ত্ৰিপাথী জী, অন্য জনপ্ৰতিনিধিগণ, আৰু বৃহৎ সংখ্যাত ইয়াত উপস্থিত মোৰ মৰমৰ ভাই আৰু ভনীসকল!! দীপাৱলি আৰু ছঠ পূজালৈ বেছি দিন নাই। এয়া উৎসৱ আৰু উৎসাহৰ সময়। আজি মহৰ্ষি বাল্মিকী জীৰ জয়ন্তীও। এই উৎসৱৰ সময়ত কানেক্টিভিটিৰ, স্বাস্থ্যৰ আৰু ৰোজগাৰৰ কেইবা কোটিৰ নতুন প্ৰজেক্ট কুশীনগৰক অৰ্পণ কৰি মই বহুত আনন্দিত হৈছো।

 

ভাই আৰু ভনীসকল,

 

মহৰ্ষি বাল্মিকীয়ে আমাক ৰামায়ণৰ মাধ্যমত প্ৰভু শ্ৰীৰাম আৰু মাতা জানকীৰ দৰ্শনেই কৰোৱা নাই, বৰং সমাজৰ সামূহিক শক্তি, সামূহিক প্ৰয়াসৰ দ্বাৰা কেনেকৈ প্ৰতিটো লক্ষ্য প্ৰাপ্ত কৰা যায়, তাৰ জ্ঞানবোধো কৰায়। কুশীনগৰ এই দৰ্শনৰে এক বহুত সমৃদ্ধ আৰু পৱিত্ৰ স্থান।

 

ভাই আৰু ভনীসকল,

 

নতুন ইণ্টাৰনেচনেল এয়াৰপ'ৰ্টৰ জৰিয়তে ইয়াত দুখীয়াৰ পৰা মিডিল ক্লাছলৈকে, গাঁৱৰ পৰা চহৰলৈকে, সমগ্ৰ ক্ষেত্ৰখনৰে ছবি সলনি হোৱাৰ দিশত। মহাৰাজগঞ্জ আৰু কুশীনগৰক সংযোগ কৰা পথৰ চাৰিলেনকৰণৰ লগতে ইণ্টাৰনেচনেল এয়াৰপ'ৰ্টে তো উন্নত কানেক্টিভিটি পাবই, ৰামকোলা আৰু সিসৱা চেনী মিলবিলাকলৈকে যাবলৈ কুঁহিয়াৰ খেতিয়কৰ কষ্ট দূৰ হ'ব। কুশীনগৰত ৰাজকীয় মেডিকেল কলেজ হোৱাত আপোনালোকে এতিয়া চিকিৎসাৰ বাবে এটা নতুন সুবিধা পাই গ'ল। বিহাৰৰ সীমান্তৱৰ্তী এলেকাবিলাকেও ইয়াৰ লাভ পাব। ইয়াৰ পৰা অনেক যুৱক-যুৱতীয়ে ডাক্তৰ হোৱাৰ নিজৰ সপোন সম্পূৰ্ণ কৰিব পাৰিব, আৰু আপোনাকে জানে আমি ৰাষ্ট্ৰীয় নতুন শিক্ষা নীতি আনিছো, তাত নিৰ্ণয় কৰিছো যে স্বাধীনতাৰ ৭৫ বছৰৰ পিছত এই নিৰ্ণয় লোৱা হৈছে যে এতিয়া নিজৰ মাতৃভাষাত পঢ়া শিশুসকলো, দুখীয়া মাকৰ সন্তানো ডাক্তৰ হ'ব পাৰে, ইঞ্জিনিয়াৰ হ'ব পাৰে, ভাষাৰ কাৰণে এতিয়া তেওঁলোকৰ বিকাশ যাত্ৰাত কোনো বাধাৰ সৃষ্টি নহয়। এনেকুৱা প্ৰয়াসৰ কাৰণেই পূৰ্বাঞ্চলত মগজুৰ জ্বৰ এনকেফেলাইটিছৰ দৰে প্ৰাণনাশক ৰোগৰ পৰা হাজাৰ হাজাৰ শিশুক বচাব পৰা হৈছে।

|

ভাই আৰু ভনীসকল,

 

নতুন ইণ্টাৰনেচনেল এয়াৰপ'ৰ্টৰ জৰিয়তে ইয়াত দুখীয়াৰ পৰা মিডিল ক্লাছলৈকে, গাঁৱৰ পৰা চহৰলৈকে, সমগ্ৰ ক্ষেত্ৰখনৰে ছবি সলনি হোৱাৰ দিশত। মহাৰাজগঞ্জ আৰু কুশীনগৰক সংযোগ কৰা পথৰ চাৰিলেনকৰণৰ লগতে ইণ্টাৰনেচনেল এয়াৰপ'ৰ্টে তো উন্নত কানেক্টিভিটি পাবই, ৰামকোলা আৰু সিসৱা চেনী মিলবিলাকলৈকে যাবলৈ কুঁহিয়াৰ খেতিয়কৰ কষ্ট দূৰ হ'ব। কুশীনগৰত ৰাজকীয় মেডিকেল কলেজ হোৱাত আপোনালোকে এতিয়া চিকিৎসাৰ বাবে এটা নতুন সুবিধা পাই গ'ল। বিহাৰৰ সীমান্তৱৰ্তী এলেকাবিলাকেও ইয়াৰ লাভ পাব। ইয়াৰ পৰা অনেক যুৱক-যুৱতীয়ে ডাক্তৰ হোৱাৰ নিজৰ সপোন সম্পূৰ্ণ কৰিব পাৰিব, আৰু আপোনাকে জানে আমি ৰাষ্ট্ৰীয় নতুন শিক্ষা নীতি আনিছো, তাত নিৰ্ণয় কৰিছো যে স্বাধীনতাৰ ৭৫ বছৰৰ পিছত এই নিৰ্ণয় লোৱা হৈছে যে এতিয়া নিজৰ মাতৃভাষাত পঢ়া শিশুসকলো, দুখীয়া মাকৰ সন্তানো ডাক্তৰ হ'ব পাৰে, ইঞ্জিনিয়াৰ হ'ব পাৰে, ভাষাৰ কাৰণে এতিয়া তেওঁলোকৰ বিকাশ যাত্ৰাত কোনো বাধাৰ সৃষ্টি নহয়। এনেকুৱা প্ৰয়াসৰ কাৰণেই পূৰ্বাঞ্চলত মগজুৰ জ্বৰ এনকেফেলাইটিছৰ দৰে প্ৰাণনাশক ৰোগৰ পৰা হাজাৰ হাজাৰ শিশুক বচাব পৰা হৈছে।

 

বন্ধুসকল,

 

গণ্ডক নদীৰ ওচৰৰ অনেক গাঁৱক বানৰ পৰা বচাবৰ বাবে কেইবাঠাইতো পাৰবান্ধৰ নিৰ্মাণেই হওক, কুশীনগৰ ৰাজকীয় মহাবিদ্যালয়ৰ নিৰ্মাণেই হওক, দিব্যাংগ শিশুৰ বাবে মহাবিদ্যালয়েই হওক, এইবিলাকে এই ক্ষেত্ৰখনে অভাৱৰ পৰা ওলাই আকাংক্ষাৰ দিশত লৈ যাব। যোৱা ৬-৭ বছৰত গাঁও, দৰিদ্ৰ, দলিত, বঞ্চিত, পিছপৰা, আদিবাসী, এনেকুৱা প্ৰতিটো বৰ্গক মূল সুবিধাৱলীৰ সৈতে সংযুক্ত কৰাৰ যি অভিযান দেশত চলি আছে, এয়া তাৰেই এক বিশেষ নমুনা।

|

বন্ধুসকল,

 

যেতিয়া মূল সুবিধাৱলী পোৱা যায়, তেতিয়া ডাঙৰ সপোন দেখাৰ উদ্যম আৰু সপোন সম্পূৰ্ণ কৰাৰ তৎপৰতা জন্ম হয়। যি গৃহহীন, জুপুৰিত থাকে, যেতিয়া তেওঁলোকে পকাঘৰ পায়, যেতিয়া ঘৰত শৌচালয় থাকে, বিজুলীৰ কানেকচন হয়, গেছৰ কানেকচন হয়, নলেৰে পানী আহে, তেতিয়া দুখীয়াৰ আত্মবিশ্বাস বহুগুণে বাঢ়ি যায়। এতিয়া এই সুবিধাৱলী দ্ৰুতগতিত দুখীয়াৰ পৰা দুখীয়ালৈ পাই আছে, সেয়ে দুখীয়াইও প্ৰথমবাৰ অনুভৱ হৈ আছে যে আজি যি চৰকাৰ আছে, সি তেওঁলোকৰ দুখ বুজে, তেওঁলোকৰ কষ্টও বুজে। আজি বহুত সততাৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইউপিৰ বিকাশত, এই ক্ষেত্ৰৰ বিকাশত লগ লাগিছে। ডবল ইঞ্জিনৰ চৰকাৰ, ডবল শক্তিৰে স্থিতিৰ সংস্কাৰ কৰি আছে। নহ'লে ২০১৭ৰ আগতে, যোগী জী অহাৰ আগতে যি চৰকাৰ ইয়াত আছিল, তেওঁলোকে আপোনালোকৰ সংকটৰে, দুখীয়াৰ কষ্টৰে কোনো সম্পৰ্ক নাছিল। তেওঁলোকে বিচৰা নাছিল যে কেন্দ্ৰৰ যোজনাসমূহৰ লাভ উত্তৰ প্ৰদেশৰ দুখীয়াৰ ঘৰলৈকে পাওক। সেয়ে আগৰ চৰকাৰৰ সময়ত, দুখীয়াসকলৰ সৈতে জড়িত, ইনফ্ৰাষ্ট্ৰাকচাৰৰ সৈতে জড়িত প্ৰতিটো প্ৰজেক্টত ইউপিত পলম হৈ গৈ থাকিল, হৈ গৈ থাকিল, হৈ গৈ থাকিল। ৰামমনোহৰ লোহিয়া জীয়ে কৈছিল যে

 

-কৰ্মক কৰুণাৰে সংযুক্ত কৰা, ভৰপূৰ কৰুণাৰে সংযুক্ত কৰা।

 

কিন্তু যিসকলে আগতে চৰকাৰ চলাই আছিল, তেওঁলোকে দুখীয়াৰ দুখৰ কথা চিন্তা কৰা নাছিল, আগৰ চৰকাৰে নিজৰ কৰ্মৰাজিক দুৰ্নীতিৰে সংযুক্ত কৰিলে, অপৰাধৰে সংযুক্ত কৰিলে। ইউপিৰ মানুহে ভালদৰে জানে যে এই লোকসকলৰ পৰিচয় সমাজবাদী নহয়, পৰিয়ালবাদীৰ হৈ পৰিল। এই লোকসকলে কেৱল নিজৰ পৰিয়ালৰ ভাল কৰিলে, সমাজৰ আৰু উত্তৰ প্ৰদেশৰ হিত পাহৰি গ'ল।

|

বন্ধুসকল,

 

দেশৰ ইমান ডাঙৰ ৰাজ্য, ইমান বেছি জনসংখ্যা থকা ৰাজ্য হোৱা বাবে, এটা সময়ত উত্তৰ প্ৰদেশক দেশৰ প্ৰতিটো ডাঙৰ অভিযানৰ বাবে প্ৰত্যাহ্বান বুলি মানি লোৱা লৈছিল। কিন্তু আজি উত্তৰ প্ৰদেশে প্ৰতিটো ডাঙৰ মিছনৰ সফলতাত অগ্ৰণী ভূমিকা পালন কৰি আছে। যোৱা বছৰবিলাকত স্বচ্ছ ভাৰত মিছনৰ পৰা আৰম্ভ কৰি কৰোণাৰ বিৰুদ্ধে অভিযানত এই দেশে একেৰাহে অনুভৱ কৰিছে। দেশত দিনৌ গড় হিচাপত সকলোতকৈ অধিক ভেকচিন লগোৱা যদি কোনো ৰাজ্য আছে তেন্তে সেই ৰাজ্যখনৰ নাম উত্তৰ প্ৰদেশ। টিবিৰ বিৰুদ্ধে দেশৰ যুদ্ধতো ইউপিয়ে ভাল কাম কৰাৰ প্ৰয়াস কৰি আছে। আজি আমি যি সময়ত কুপোষণৰ বিৰুদ্ধে নিজৰ যুঁজখন পৰৱৰ্তী পৰ্যায়লৈ নি আছো, সেই ক্ষেত্ৰতো উত্তৰ প্ৰদেশৰ ভূমিকা বহুত উল্লেখযোগ্য।

 

বন্ধুসকল,

 

ইউপিত কৰ্মযোগীসকলৰ চৰকাৰ হোৱাৰ সবাতোকৈ ডাঙৰ লাভ ইয়াৰ মাতৃ-ভগ্নীসকলৰ হৈছে। যি নতুন ঘৰ হ'ল, তাৰ অধিকাংশৰ ৰেজিষ্ট্ৰি ভগ্নীসকলৰ নামত হৈছে, শৌচালয় হ'ল, ইজ্জত ঘৰ হ'ল, সুবিধাসহ তেওঁলোকৰ গৰিমাৰো ৰক্ষা হ'ল, উজ্জ্বলাৰ গেছ কানেকচনো পোৱাত তেওঁলোক ধোঁৱাৰ পৰা মুক্ত হ'ল, আৰু এতিয়া ভগ্নীসকলে পানীৰ কাৰণে দৌৰি ফুৰিব নালাগে, চিন্তিত হ'বলগীয়া যাতে নহয় তাৰ কাৰণে ঘৰলৈকে পাইপেৰে পানী দিয়াৰ অভিযান চলি আছে। মাত্ৰ ২ বছৰৰ ভিতৰতে উত্তৰ প্ৰদেশৰ ২৭ লাখ পৰিয়ালে শুদ্ধ খোৱাপানী কানেকচন পাইছে।

 

বন্ধুসকল,

 

কেন্দ্ৰ চৰকাৰে আৰু যোজনা আৰম্ভ কৰিছে যি ভৱিষ্যতে উত্তৰ প্ৰদেশৰ গ্ৰামীণ অঞ্চলসমূহত সমৃদ্ধিৰ নতুন দুৱাৰ মুকলি কৰিব। এই যোজনাৰ নাম- পিএম স্বামিত্ব যোজনা। ইয়াৰ জৰিয়তে গাঁৱৰ ঘৰৰ গৃহস্বত্ব অৰ্থাৎ ঘৰৰ মালিকানা দস্তাবেজ, এয়া দিয়াৰ কাম আৰম্ভ কৰা হৈছে। গাঁৱৰ ভূমিৰ, প্ৰ'পাৰ্টিৰ ড্ৰোনৰ সহায়ত জোখ লোৱা হৈ আছে। নিজৰ প্ৰ'পাৰ্টিৰ আইনী কাগজ পালে অবৈধ বেদখলৰ ভয় তো সমাপ্ত হ'বই, বেংকৰ পৰা সহায় পোৱাতো বহুত সহজ হৈ যাব। ইউপিৰ যি যুৱক-যুৱতীসকলে গাঁৱৰ নিজৰ ঘৰক নিজৰ ভূমিক আধাৰ কৰি লৈ নিজৰ কাম আৰম্ভ কৰিব বিচাৰে, এতিয়া তেওঁলোকে স্বামিত্ব যোজনাৰ জৰিয়তে বহুত ডাঙৰ সহায় পাব।

 

ভাই আৰু ভনীসকল,

 

যোৱা চাৰে ৪ বছৰত ইউপিত আইনৰ শাসনক সৰ্বোচ্চ প্ৰাথমিকতা দিয়া হৈছে। ২০১৭ৰ আগতে যি চৰকাৰ ইয়াত আছিল, তেওঁলোকৰ নীতি আছিল- মাফিয়াক মুক্ত ৰেহাই, মুক্ত লুণ্ঠন। আজি যোগী জীৰ নেতৃত্বত ইয়াত মাফিয়াই মাফ খুজিবলৈ ঘূৰিফুৰিছে আৰু সবাতোকৈ বেছি আশংকাও, ইয়াৰ দুখ কাৰ হৈ আছে সবাতোকৈ বেছি? যোগী জীৰ পদক্ষেপৰ দুখো মাফিয়াবাদীসকলৰ হৈ আছে। যোগী জী আৰু তেওঁৰ টীমে সেই ভূ-মাফিয়াক ধ্বস্ত কৰি আছে, যি দুখীয়া, দলিত, বঞ্চিত, পিছপৰা লোকৰ ভূমিৰ ওপৰত বেয়া দৃষ্টি ৰাখিছিল, অবৈধ কব্জা কৰিছিল।

 

বন্ধুসকল,

 

যেতিয়া আইনৰ শাসন হয়, অপৰাধীৰ মাজত ভয় হয়, তেতিয়া বিকাশৰ যোজনাৰ লাভো দ্ৰুতগতিত দুখীয়া-দলিত-শোষিত-বঞ্চিতসকললৈকে গৈ পায়। নতুন পথ, নতুন ৰে'লপথ, নতুন মেডিকেল কলেজ, বিজুলী আৰু পানীৰ সৈতে জড়িত ইনফ্ৰাষ্ট্ৰাকচাৰৰো দ্ৰুত গতিত বিকাশ হ'ব পাৰে। এয়াই আজি যোগী জীৰ নেতৃত্বত তেওঁৰ সম্পূৰ্ণ টীমে উত্তৰ প্ৰদেশত মাটিলৈ নমাই আনি দেখুৱাই আছে। এতিয়া ইউপিত ঔদ্যোগিক বিকাশ কেৱল এখন দুখন চহৰলৈকে সীমাবদ্ধ নহয়, বৰং পূৰ্বাঞ্চলৰ জিলাসমূহলৈকে গৈ পাইছে।

 

বন্ধুসকল,

 

উত্তৰ প্ৰদেশৰ বিষয়ে এটা কথা সদায় কোৱা হয় যে এইখন এখন এনেকুৱা প্ৰদেশ যি দেশক সবাতোকৈ বেছি প্ৰধানমন্ত্ৰী দিছে। এয়া ইউপিৰ সুনাম, কিন্তু ইউপিৰ পৰিচয় এই পৰিচয়ক লৈ কেৱল এটা পৰিসৰতে চাব নোৱাৰি। ইউপিক ৬-৭ দশকলৈকে মাত্ৰ সীমিত ৰাখিব নোৱাৰি! এইখন এনেকুৱা পৃথিৱী যাৰ ইতিহাস কালাতীত, যাৰ যোগদান কালাতীত। এই ভূমিত মৰ্যাদা পুৰুষোত্তম ভগৱান ৰামে অৱতাৰ লৈছে, ভগৱান শ্ৰীকৃষ্ণই অৱতাৰ লৈছে। জৈন ধৰ্মৰ ২৪ৰ ভিতৰত ১৮ তীৰ্থংকৰ উত্তৰ প্ৰদেশতে অৱতৰিত হৈছিল। মধ্যকালৰ ফালে চায় যদি তুলসীদাস আৰু কবীৰদাসৰ দৰে যুগনায়কেও এই মাটিতে জন্ম লাভ কৰিছে। আপুনি যি ঠাইলৈকে নাযাওক, উত্তৰ প্ৰদেশৰ যোগদান অবিহনে তাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ আধৰুৱাই দেখিব। উত্তৰ প্ৰদেশ এখন এনেকুৱা প্ৰদেশ য'ত প্ৰান্তে প্ৰান্তে তীৰ্থ আছে, আৰু কণাই কণাই শক্তি আছে। বেদ আৰু পুৰাণক কলমবদ্ধ কৰাৰ কাম ইয়াৰ নৈমিষাৰণ্যত হৈছিল। অৱধ ক্ষেত্ৰতেই, ইয়াত অযোধ্যাৰ দৰে তীৰ্থ আছে। পূৰ্বাঞ্চলত শিৱভক্তৰ পৱিত্ৰ কাশী আছে, বাবা গোৰখনাথৰ তপোভূমি গোৰখপুৰ আছে, মহৰ্ষি ভৃগুৰ স্থলী বলিয়া আছে। বুন্দেলখণ্ডত চিত্ৰকূটৰ দৰে অনন্ত মহিমাযুক্ত তীৰ্থ আছে। আনতো বাদেই, তীৰ্থৰাজ প্ৰয়াগো আমাৰ ইউপিতেই আছে। এই পৰিক্ৰমা ইয়াতে ৰোৱা নাই। আপুনি কাশীলৈ আহিলে আপোনাৰ যাত্ৰা সাৰনাথৰ অবিহনে সম্পূৰ্ণ নহ'ব য'ত ভগৱান বুদ্ধই নিজৰ প্ৰথম উপদেশ দিছিল। কুশীনগৰত তো আমি এতিয়া উপস্থিত আছোৱেই। সমগ্ৰ পৃথিৱীৰ পৰা বৌদ্ধ শ্ৰদ্ধালু ইয়ালৈ আহে। আজি তো প্ৰথম ইণ্টাৰনেচনেল ফ্লাইটেৰে মানুহ ইয়াত আহি পাইছে। বেলেগ বেলেগ দেশৰ পৰা মানুহ যেতিয়া কুশীনগৰলৈ আহিব, তেতিয়া শ্ৰাৱস্তী, কৌশাম্বী আৰু সংকিসাৰ দৰে তীৰ্থলৈও যাব। ইয়াৰ শ্ৰেয়ও ইউপিৰেই অংশ। শ্ৰাৱস্তীতেই জৈন তীৰ্থংকৰ সম্ভৱনাথ জীৰ জন্ম স্থানো। একেদৰে, অযোধ্যাত ভগৱান ঋষভদেৱ আৰু কাশীত তীৰ্থংকৰ পাৰ্শ্বনাথ আৰু সুপাৰ্শ্বনাথ জীৰো জন্মস্থলী। অৰ্থাৎ, ইয়াৰ এখন এখন স্থানৰ ইমানেই মহিমা আছে যে কোনো নহয় কোনো অৱতাৰ একোটা স্থানত হৈছে। ইমানেই নহয়, আমাৰ গৌৰৱশালী মহান শিখ গুৰু পৰম্পৰাৰো উত্তৰ প্ৰদেশৰ সৈতে গভীৰ সম্পৰ্ক আছে। আগ্ৰাত 'গুৰু কা তাল' গুৰুদ্বাৰ আজিও গুৰু তেগবাহাদুৰ জীৰ মহিমাৰ, তেওঁৰ শৌৰ্যৰ সাক্ষী হৈ আছে য'ত তেওঁ ঔৰংজেবক প্ৰত্যাহ্বান জনাইছিল। আগ্ৰাৰ গুৰুদ্বাৰেই গুৰুনানক দেৱ আৰু পীলীভীতৰ ষষ্ঠ পাদশাহী গুৰুদ্বাৰাও গুৰুনানক দেৱৰ জ্ঞান আৰু উপদেশৰ ঐতিহ্য বহন কৰিছে। ইমানখিনি দেশ আৰু পৃথিৱীক দিওঁতা ইউপিৰ মহিমা বহুত ডাঙৰ, ইউপিৰ মানুহৰ সামৰ্থ্য বঢ়াবলৈ সুযোগ পোৱা যাওক, এই দিশত আমি কাম কৰি আছো।

 

বন্ধুসকল,    

 

মই জানো যে যেতিয়া মই উত্তৰ প্ৰদেশৰ সামৰ্থ্যৰ, উত্তৰ প্ৰদেশৰ দেশ-দুনিয়াত হৈ থকা নতুন পৰিচয়ৰ প্ৰশংসা কৰো, তেতিয়া কিছুমান মানুহৰ বহুত কষ্ট হয়। কিন্তু সঁচা কথা ক'লে যদি কষ্ট হয় তেন্তে তেওঁলোকৰ বাবে গোস্বামী তুলসীদাস জীয়ে কৈ গৈছে- গোস্বামী জীয়ে কৈছে

 

জহাঁ সুমতি তহঁ সম্পতি নানা।

জহাঁ কুমতি তহঁ বিপতি নিদানা।।

 

য'ত সদবুদ্ধি থাকে, তাত সদায় সুখৰ স্থিতি হৈ থাকে, আৰু য'ত কুবুদ্ধি থাকে, তাত সদায় সংকটৰ ছাঁ পৰি থাকে। আমি তো দুখীয়াৰ সেৱাৰ সংকল্প লৈ আগবাঢ়ি আছো। কৰোণা কালত দেশে পৃথিৱীৰ সবাতোকৈ ডাঙৰ বিনামূলীয়া ৰেচনৰ কাৰ্যক্ৰম চলালে। উত্তৰ প্ৰদেশৰো প্ৰায় ১৫ কোটি লাভাৰ্থীয়ে ইয়াৰ লাভ পাই আছে। আজি পৃথিৱীৰ সবাতোকৈ ডাঙৰ, সবাতোকৈ দ্ৰুত টীকাকৰণ অভিযান- সকলোকে ভেকচিন, বিনামূলীয়া ভেকচিন- ১০০ কোটি টীকাৰ দিশত দ্ৰুতগতিত অগ্ৰসৰ হৈ আছে। উত্তৰ প্ৰদেশতো এতিয়ালৈকে ১২ কোটিতকৈ অধিক টীকা লগোৱা হৈছে।

 

ভাই আৰু ভনীসকল,

 

ডবল ইঞ্জিনৰ চৰকাৰে ইয়াত কৃষকৰ পৰা ক্ৰয়ৰ নতুন ৰেকৰ্ড স্থাপন কৰি আছে। ইউপিৰ কৃষকৰেই বেংক একাউণ্টত এতিয়ালৈকে প্ৰায় ৮০ হাজাৰ কোটি টকা শস্য ক্ৰয়ৰ টকা পাই গৈছে। ৮০ হাজাৰ কোটি কৃষকৰ খাতাত সোমাইছে, ইমানেই নহয়, পিএম কিষান সন্মান নিধিৰ জৰিয়তে ইউপিৰ কৃষকৰ বেংক খাতাত ৩৭ হাজাৰ কোটি টকাতকৈও অধিক ধনৰাশি জমা কৰা হৈছে। এয়া ক্ষুদ্ৰ কৃষকৰ মংগলৰ বাবে হৈ আছে। সৰু সৰু খেতিয়কক শক্তি দিবৰ বাবে হৈ আছে।

 

ভাৰতে ইথানেলক লৈ আজি যি নীতিত গৈ আছে, তাৰো ডাঙৰ লাভ ইউপিৰ কৃষকে লাভ কৰিব। কুঁহিয়াৰ আৰু অন্য খাদ্যান্নৰ পৰা সৃষ্টি হোৱা বায়'ফুৱেল, বিদেশৰ পৰা আমদানি হোৱা কেচা তেলৰ এক বিশেষ বিকল্প হৈ আছে। কুঁহিয়াৰ খেতিয়কৰ বাবে তো যোৱা বছৰবিলাকত যোগী জী আৰু তেওঁৰ চৰকাৰে প্ৰশংসনীয় কাম কৰিছে। আজি যিখন প্ৰদেশে নিজৰ কুঁহিয়াৰ খেতিয়কক উৎপাদনৰ সবাতোকৈ অধিক মূল্য দিয়ে -সেই প্ৰদেশৰ নাম হৈছে উত্তৰ প্ৰদেশ। আগতে যিখন চৰকাৰ আছিল, তেওঁলোকৰ কাৰ্যকালত, পাঁচ বছৰত কুঁহিয়াৰ খেতিয়কক এক লাখ কোটি টকাতকৈও কম পৰিশোধ কৰা হৈছিল, যোগী জীৰ চৰকাৰৰ তো এতিয়াও পাঁচ বছৰ হোৱা নাই, আৰু তেওঁৰ কাৰ্যকালত কুঁহিয়াৰ খেতিয়কক প্ৰায় দেৰ লাখ কোটি টকা পৰিশোধ কৰা হৈছে। এতিয়া বায়'ফুৱেল বনাবৰ বাবে, ইথানলৰ বাবে উত্তৰ প্ৰদেশত যিবিলাক ফেক্টৰী স্থাপন কৰি থকা হৈছে, তাৰ জৰিয়তে কুঁহিয়াৰ খেতিয়ক আৰু লাভবান হ'ব।

 

ভাই আৰু ভনীসকল,

 

আহিবলগীয়া সময় ইউপিৰ আকাংক্ষা পূৰণৰ সময়। স্বাধীনতাৰ এই অমৃত কালত, এয়া আমাৰ সকলোৰে বাবে একত্ৰিত হোৱাৰ সময়। ইয়াৰ পৰা ইউপিৰ বাবে ৫ মাহৰ যোজনা বনাব নালাগে, বৰং অনাগত ২৫ বছৰৰ বুনিয়াদ ৰাখি ইউপিক আগবঢ়াই লৈ যাব লাগে। কুশীনগৰৰ আশীৰ্বাদত, পূৰ্বাঞ্চলৰ আশীৰ্বাদত, উত্তৰ প্ৰদেশৰ আশীৰ্বাদত আৰু আপোনালোক সকলোৰে প্ৰয়াসত এই সকলো সম্ভৱ, উত্তৰ প্ৰদেশৰ আশীৰ্বাদত এয়া নিশ্চিতভাৱে সম্ভৱ হ'ব। এবাৰ আকৌ আপোনালোক সকলোকে অনেক অনেক নতুন সুবিধাৱলীৰ বাবে মই বহুত বহুত অভিনন্দন জনাইছো। দীপাৱলি আৰু ছঠ পূজাৰ আগতীয়া শুভকামনা জনাইছো। হয়, এটা আহ্বান মই আপোনালোকক আকৌ জনাম। লোকেলৰ বাবে ভোকেল হ'বলৈ পাহৰিব নালাগিব। লোকেল ক্ৰয় কৰাৰ আগ্ৰহ ৰাখিব লাগিব, দীপাৱলি আমাৰেই ওচৰ-পাজৰৰ ভাই-ভনীসকলৰ ঘামেৰে যিবিলাক বস্তু তৈয়াৰ হয়, যদি তাৰেই কৰো তেতিয়া হ'লে দীপাৱলিত অনেক আনন্দ ভৰি পৰিব, এক নতুন প্ৰকাশ জন্ম হ'ব। এই আবেদনেৰে আপোনালোক সকলোকে বহুত বহুত কৃতজ্ঞতা।

 

ধন্যবাদ!

ভাৰত মাতা কী জয়!

 

ভাৰত মাতা কী জয়!

 

ভাৰত মাতা কী জয়!

  • MLA Devyani Pharande February 17, 2024

    नमो नमो नमो
  • G.shankar Srivastav June 19, 2022

    नमो
  • शिवकुमार गुप्ता January 26, 2022

    जय भारत
  • शिवकुमार गुप्ता January 26, 2022

    जय हिंद
  • शिवकुमार गुप्ता January 26, 2022

    जय श्री सीताराम
  • शिवकुमार गुप्ता January 26, 2022

    जय श्री राम
  • SHRI NIVAS MISHRA January 15, 2022

    हम सब बरेजा वासी मिलजुल कर इसी अच्छे दिन के लिए भोट किये थे। अतः हम सबको हार्दिक शुभकामनाएं। भगवान इसीतरह बरेजा में विकास हमारे नवनिर्वाचित माननीयो द्वारा कराते रहे यही मेरी प्रार्थना है।👏🌹🇳🇪
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Blood boiling but national unity will steer Pahalgam response: PM Modi

Media Coverage

Blood boiling but national unity will steer Pahalgam response: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to participate in YUGM Conclave on 29th April
April 28, 2025
QuoteIn line with Prime Minister’s vision of a self-reliant and innovation-led India, key projects related to Innovation will be initiated during the Conclave
QuoteConclave aims to catalyze large-scale private investment in India’s innovation ecosystem
QuoteDeep Tech Startup Showcase at the Conclave will feature cutting-edge innovations from across India

Prime Minister Shri Narendra Modi will participate in YUGM Conclave on 29th April, at around 11 AM, at Bharat Mandapam, New Delhi. He will also address the gathering on the occasion.

YUGM (meaning “confluence” in Sanskrit) is a first-of-its-kind strategic conclave convening leaders from government, academia, industry, and the innovation ecosystem. It will contribute to India's innovation journey, driven by a collaborative project of around Rs 1,400 crore with joint investment from the Wadhwani Foundation and Government Institutions.

In line with Prime Minister’s vision of a self-reliant and innovation-led India, various key projects will be initiated during the conclave. They include Superhubs at IIT Kanpur (AI & Intelligent Systems) and IIT Bombay (Biosciences, Biotechnology, Health & Medicine); Wadhwani Innovation Network (WIN) Centers at top research institutions to drive research commercialization; and partnership with Anusandhan National Research Foundation (ANRF) for jointly funding late-stage translation projects and promoting research and innovation.

The conclave will also include High-level Roundtables and Panel Discussions involving government officials, top industry and academic leaders; action-oriented dialogue on enabling fast-track translation of research into impact; a Deep Tech Startup Showcase featuring cutting-edge innovations from across India; and exclusive networking opportunities across sectors to spark collaborations and partnerships.

The Conclave aims to catalyze large-scale private investment in India’s innovation ecosystem; accelerate research-to-commercialization pipelines in frontier tech; strengthen academia-industry-government partnerships; advance national initiatives like ANRF and AICTE Innovation; democratize innovation access across institutions; and foster a national innovation alignment toward Viksit Bharat@2047.