QuoteLaunches multi language and braille translations of Thirukkural, Manimekalai and other classic Tamil literature
QuoteFlags off the Kanyakumari – Varanasi Tamil Sangamam train
Quote“Kashi Tamil Sangamam furthers the spirit of 'Ek Bharat, Shrestha Bharat”
Quote“The relations between Kashi and Tamil Nadu are both emotional and creative”.
Quote“India's identity as a nation is rooted in spiritual beliefs”
Quote“Our shared heritage makes us feel the depth of our relations”

হৰ হৰ মহাদেৱ! কাশীবাসীক শুভেচ্ছা জনালোঁ। তামিলনাডুবাসীক শুভেচ্ছা জনালোঁ!

তামিলনাডুৰপৰা অহাসকলক প্ৰথমবাৰৰ বাবে এআই প্ৰযুক্তি ব্যৱহাৰেৰে তেওঁলোকৰ ইয়াৰফোন ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনালোঁ।

মঞ্চত উপৱিষ্ট উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, মোৰ কেবিনেট সতীৰ্থ, কাশী আৰু তামিলনাডুৰ পণ্ডিতসকল, তামিলনাডুৰপৰা কাশীলৈ অহা মোৰ ভ্ৰাতৃ-ভগ্নীসকল, আন সকলো বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলা! আপোনালোক সকলোৱে শ-শ কিলোমিটাৰ যাত্ৰা কৰি কাশীলৈ আহিছে। আপোনালোক সকলোৱে আলহীতকৈ মোৰ পৰিয়ালৰ সদস্য হিচাপেহে কাশীলৈ আহিছে বুলি মোৰ ভাৱ হৈছে। আপোনালোক সকলোকে কাশী-তামিল সংগমমলৈ স্বাগতম জনাইছোঁ।

 

|

মোৰ পৰিয়ালৰ সদস্যসকল,

তামিলনাডুৰপৰা কাশীলৈ অহা মানে মহাদেৱৰ এখন ঘৰৰপৰা আন এখন ঘৰলৈ অহা! তামিলনাডুৰপৰা কাশীলৈ অহা মানে মাদুৰাই মীনাক্ষীৰপৰা কাশী বিশালাক্ষীলৈ অহা। সেইবাবেই তামিলনাডুবাসী আৰু কাশীবাসীৰ মাজৰ যি মৰম আৰু বন্ধন তেওঁলোকৰ অন্তৰত বিদ্যমান, সেয়া সুকীয়া আৰু অনন্য। মই নিশ্চিত, কাশীবাসীয়ে আপোনালোক সকলোৰে সেৱাত একো বাদ নাৰাখিব। এই ঠাইৰপৰা যোৱাৰ লগে-লগে বাবা বিশ্বনাথৰ আশীৰ্বাদৰ উপৰিও কাশীৰ সোৱাদ, কাশীৰ সংস্কৃতি আৰু কাশীৰ স্মৃতিও লগত লৈ যাব। আজি ইয়াত কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তেও প্ৰযুক্তিৰ নতুন ব্যৱহাৰ ঘটিছে। এয়া এক নতুন আৰম্ভণি আৰু আশাকৰোঁ এই ব্যৱস্থাই আপোনালোকে মোৰ কথাবোৰ বুজিবলৈ সহজ কৰি তুলিছে।

হয় নে? তামিলনাডুৰ বন্ধুসকল, ঠিকে আছেনে? আপোনাসৱে ব্যৱহাৰ কৰিছে নে? এয়া মোৰ প্ৰথম অভিজ্ঞতা। ভৱিষ্যতেও ব্যৱহাৰ কৰিম। মোক সঁহাৰি জনাই যেন। এতিয়া মই হিন্দীত কথা কৈছো যদিও এই ব্যৱস্থাই তামিল ভাষাত ব্যাখ্যাত সহায় কৰিব।

মোৰ পৰিয়ালৰ সদস্যসকল,

আজি ইয়াত কন্যাকুমাৰী-বাৰাণসী তামিল সংগমম ৰেলৰ ফ্লেগ-অফ কৰা হৈছে। থিৰুকুৰাল, মণিমেকালাই আৰু একাধিক তামিল গ্ৰন্থৰ ভিন্ন ভাষালৈ অনুবাদ উন্মোচনৰ সৌভাগ্যও লাভ কৰিছোঁ। এসময়ত কাশীৰ ছাত্ৰ সুব্ৰহ্মণ্য ভাৰতী জীয়ে লিখিছিল – “काशी नगर पुलवर पेसुम उरैताम् कान्चियिल केट्पदर्कु ओर करुवि सेय्वोम्” তেওঁ ক’ব খুজিছিল যে তামিলনাডুৰ কাঞ্চি চহৰৰ লোকে শুনিব পৰাকৈ ব্যৱস্থা কৰিলে আচৰিত হ’ব কাশীত জপ কৰা মন্ত্ৰসমূহ। আজি সুব্ৰহ্মণ্য ভাৰতী জীৰ ইচ্ছা পূৰণ হৈছে। কাশী-তামিল সংগমমৰ কণ্ঠ সমগ্ৰ দেশ আৰু সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। এই অনুষ্ঠানৰ আয়োজনৰ বাবে সংশ্লিষ্ট সকলো মন্ত্ৰালয়, উত্তৰ প্ৰদেশ চৰকাৰ আৰু তামিলনাডুৰ সকলো জনসাধাৰণক অভিনন্দন জনাইছোঁ।

 

|

মোৰ পৰিয়ালৰ সদস্যসকল,

যোৱা বছৰ কাশী-তামিল সংগমম আৰম্ভ হোৱাৰেপৰা লক্ষ-লক্ষ লোকে এই যাত্ৰাত যোগদান কৰিছে। ভিন্ন মঠৰ ধৰ্মগুৰু, ছাত্ৰ-ছাত্ৰী, বহু শিল্পী, সাহিত্যিক, কাৰিকৰ, পেছাদাৰী, বহু ক্ষেত্ৰৰ লোকে এই সংগমমৰ জৰিয়তে পাৰস্পৰিকভাৱে মত-বিনিময় কৰিছে আৰু এয়া যোগাযোগৰ এক ফলপ্ৰসূ মঞ্চ হিচাপে পৰিগণিত হৈছে। মই আনন্দিত যে বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু আইআইটি, মাদ্ৰাজেও একত্ৰিত হৈ এই সংগমমক সফল কৰি তুলিছে। আইআইটি, মাদ্ৰাজে আৰম্ভ কৰা বিদ্যাশক্তি পদক্ষেপৰ জৰিয়তে বেনাৰসৰ হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্ৰীক বিজ্ঞান আৰু গণিত বিষয়ত অনলাইন সহায় আগবঢ়োৱা হৈছে। কাশী আৰু তামিলনাডুৰ মাজৰ সম্পৰ্ক যে আৱেগিক আৰু সৃজনিশীল উভয়ে, তাৰে সাক্ষ্য হৈছে এবছৰৰ ভিতৰত গ্ৰহণ কৰা পদক্ষেপৰাজি।

মোৰ পৰিয়ালৰ সদস্যসকল,

‘কাশী তামিল সংগমম’ এনে এক চিৰন্তন ধাৰা, যিয়ে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱক অহৰহ সুদৃঢ় কৰি তুলিছে। একে চিন্তাৰে কিছুদিন পূৰ্বে কাশীত গংগা-পুষ্কৰালু উৎসৱ অৰ্থাৎ কাশী-তেলেগু সংগমমৰো আয়োজন কৰা হৈছিল। আমিও গুজৰাটত সৌৰাষ্ট্ৰ-তামিল সংগমম সফলভাৱে আয়োজন কৰিছিলোঁ। আমাৰ ৰাজভৱনসমূহেও ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ বাবে অনন্য পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া ৰাজভৱনত আন ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস অতি আড়ম্বৰেৰে পালন কৰা হয়; আন ৰাজ্যৰ লোকসকলক আমন্ত্ৰণ জনাই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ এই মনোভাৱ আমি নতুন সংসদ ভৱনত প্ৰৱেশৰ সময়তো দেখা যায়। নতুন সংসদ ভৱনত স্থাপন কৰা হৈছে পবিত্ৰ চেংগোল। আধীনমৰ ঋষিসকলৰ নিৰ্দেশনাত এই একেই চেংগোল ১৯৪৭ত ক্ষমতা হস্তান্তৰৰ প্ৰতীক হৈ পৰিছিল। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱৰ এই প্ৰবাহেই আজি আমাৰ জাতিৰ আত্মাক সমৃদ্ধ কৰিছে।

 

|

মোৰ পৰিয়ালৰ সদস্যসকল,

আমি ভাৰতীয়সকল এক হোৱাৰ পিছতো উপভাষা, ভাষা, পোছাক-পৰিচ্ছদ, খাদ্য, জীৱনশৈলীৰ বৈচিত্ৰ্যৰে ভৰপূৰ। ভাৰতৰ এই বৈচিত্ৰ্য সেই আধ্যাত্মিক চেতনাতেই শিপাই আছে, যাৰ বাবে তামিল ভাষাত কোৱা হয় – 'नीरेल्लाम् गङ्गै, निलमेल्लाम् कासी'। এই কথাষাৰ মহান পাণ্ড্য ৰজা ‘পৰাক্ৰম পাণ্ডিয়ান’ৰ। ইয়াৰ অৰ্থ হ’ল – সকলো পানী গংগাৰ পানী, ভাৰতৰ প্ৰতিটো মাটিৰ টুকুৰাই কাশী।

আমাৰ আধ্যাত্মিক কেন্দ্ৰ কাশীক উত্তৰৰপৰা আক্ৰমণকাৰীয়ে আক্ৰমণ কৰোতে, তেতিয়া ৰজা পৰক্ৰম পাণ্ডিয়ানে কাশী ধ্বংস কৰিব নোৱাৰিব বুলি কৈ তেকাশী আৰু শিৱকাশীত মন্দিৰ নিৰ্মাণ কৰিছিল। পৃথিৱীৰ যিকোনো সভ্যতালৈ চালে আধ্যাত্মিকতাৰ বৈচিত্ৰ্যৰ ইমান সৰল আৰু উদাৰ ৰূপ ক’তো পোৱা নাযায়! আনকি শেহতীয়াকৈ জি-২০ সন্মিলনত ভাৰতৰ এই বৈচিত্ৰ্য প্ৰত্যক্ষ কৰি বিশ্ব আচৰিত হৈছিল।

মোৰ পৰিয়ালৰ সদস্যসকল,

বিশ্বৰ আন দেশত ৰাষ্ট্ৰৰ ৰাজনৈতিক সংজ্ঞা আছে যদিও এখনি ৰাষ্ট্ৰ হিচাপে ভাৰত আধ্যাত্মিক বিশ্বাসেৰে গঠিত। আদি শংকৰাচাৰ্য্য আৰু ৰামানুজাচাৰ্য্যৰ দৰে ঋষিসকলে ভাৰতক একত্ৰিত কৰিছে, যিয়ে তেওঁলোকৰ ভ্ৰমণৰ জৰিয়তে ভাৰতৰ জাতীয় চেতনাক জাগ্ৰত কৰিছিল। তামিলনাডুৰপৰা অহা আধীনম ঋষিসকলেও যুগ-যুগ ধৰি কাশীৰ দৰে শৈৱ স্থানলৈ যাত্ৰা কৰি আহিছে। কুমাৰগুৰুপৰাই কাশীত মঠ আৰু মন্দিৰ স্থাপন কৰিছিল। এই ঠাইখনৰ প্ৰতি তিৰুপনন্দল আধীনম ইমানেই আকৃষ্ট যে আজিও ইয়াৰ নামৰ সৈতে ‘কাশী’ৰ সংযোজন কৰা হৈছে। একেদৰে ‘পাদল পেত্ৰা স্থলম’ সম্পৰ্কে তামিল আধ্যাত্মিক সাহিত্যত কোৱা হৈছে যে যি ব্যক্তিয়ে এই কাম কৰে, তেওঁ কেদাৰ বা থিৰুকেধৰামৰপৰা তিৰুনেলভেলীলৈ যাত্ৰা কৰে। এই যাত্ৰা আৰু তীৰ্থযাত্ৰাৰ মাজেৰে ভাৰত হাজাৰ-হাজাৰ বছৰ ধৰি ৰাষ্ট্ৰ হিচাপে অটল আৰু চিৰন্তন হৈ আছে।

মই আনন্দিত যে কাশী তামিল সংগমমৰ জৰিয়তে দেশৰ যুৱক-যুৱতীসকলৰ মাজত এই প্ৰাচীন পৰম্পৰাৰ প্ৰতি উৎসাহ বৃদ্ধি পাইছে। তামিলনাডুৰ গৰিষ্ঠ সংখ্যক লোক আৰু যুৱক-যুৱতী কাশীলৈ আহিছে। ইয়াৰপৰা আমি প্ৰয়াগ, অযোধ্যা আদি তীৰ্থযাত্ৰালৈয়ো যাম। মই জানিব পাৰিছো যে কাশী-তামিল সংগমমলৈ অহা লোকসকলৰ বাবে অযোধ্যা দৰ্শনৰো বিশেষ ব্যৱস্থা কৰা হৈছে। ৰামেশ্বৰমৰ ভেটি স্থাপন কৰা মহাদেৱৰ লগতে ভগৱান ৰাম উভয়ৰে দৰ্শন লাভ কৰাটো বিৰাট সৌভাগ্যৰ কথা।

 

|

মোৰ পৰিয়ালৰ সদস্যসকল,

কোৱা হয় -

जानें बिनु न होइ परतीती। बिनु परतीति होइ नहि प्रीती॥

অৰ্থাৎ জ্ঞানে বিশ্বাস বৃদ্ধি কৰে আৰু বিশ্বাসে প্ৰেম বৃদ্ধি কৰে। পৰস্পৰে-পৰস্পৰৰ বিষয়ে, ইজনে সিজনৰ পৰম্পৰাৰ বিষয়ে, আমাৰ উমৈহতীয়া ঐতিহ্যৰ বিষয়ে জ্ঞাত হ'ব লাগে। উত্তৰ-দক্ষিণত আমাৰ ওচৰত কাশী আৰু মাদুৰাই আছে। উভয়েই মহান মন্দিৰ নগৰ। উভয়েই মহান তীৰ্থস্থান। মাদুৰাই বৈগৈৰ পাৰত আৰু কাশী গংগাৰ পাৰত অৱস্থিত। তামিল সাহিত্যত বৈগৈ আৰু গংগা উভয়ৰে কথা কোৱা হয়। এই ঐতিহ্যৰ বিষয়ে জানিব পাৰিলে আমাৰ সম্পৰ্কৰ গভীৰতাও আমি উপলব্ধি কৰিব পাৰিম।

 

|

মোৰ পৰিয়ালৰ সদস্যসকল,

মই নিশ্চিত যে কাশী-তামিল সংগমমৰ এই অনুষ্ঠানে আমাৰ ঐতিহ্যক সুদৃঢ় কৰি ৰাখিব আৰু ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱক শক্তিশালী কৰি তুলিব। আপোনালোক সকলোৰে কাশীত সুখদায়ক বসবাসৰ কামনাৰে মোৰ ভাষণৰ সামৰণি মাৰিছোঁ আৰু একে সময়তে কাশীলৈ আহি আমাক সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলাৰ বাবে তামিলনাডুৰ প্ৰখ্যাত গায়ক শ্ৰীৰামক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। তেওঁক অভিনন্দন জনাইছোঁ। আৰু কাশীবাসীয়েও যি ভক্তিৰে তামিল গায়ক শ্ৰীৰামৰ গীত শুনিছে, সেয়াই আমাৰ ঐক্যৰ শক্তিক প্ৰতিফলিত কৰিছে। কাশী-তামিল সংগমমৰ এই অবিৰত যাত্ৰাৰ বাবে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আপোনালোক সকলোকে বহু-বহু ধন্যবাদ জনালোঁ!

 

  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Devendra Kunwar October 08, 2024

    BJP
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • israrul hauqe shah pradhanmantri Jan kalyankari Yojana jagrukta abhiyan jila adhyaksh Gonda March 01, 2024

    Jai ho
  • Shaikh Mohammed Zahid February 22, 2024

    Jai ho modi ji
  • Dhajendra Khari February 19, 2024

    विश्व के सबसे लोकप्रिय राजनेता, राष्ट्र उत्थान के लिए दिन-रात परिश्रम कर रहे भारत के यशस्वी प्रधानमंत्री श्री नरेन्द्र मोदी जी का हार्दिक स्वागत, वंदन एवं अभिनंदन।
  • ज्योती चंद्रकांत मारकडे February 11, 2024

    जय हो
  • Dhajendra Khari February 10, 2024

    Modi sarkar fir ek baar
  • Dipak Dwebedi February 10, 2024

    धरा मेरी है ज्ञान की, विज्ञान की धरा, संस्कृति के मान की सम्मान की धरा, मैं सिर्फ एक देश नहीं एक सोच हूं, सभ्यतायों में श्रेष्ठ सभ्यता की खोज हूं, मैं जोड़ने की सोच के ही संग चलूंगा, अखंड था, अखंड हूं ,अखंड रहूंगा ।।
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
After Operation Sindoor, a diminished terror landscape

Media Coverage

After Operation Sindoor, a diminished terror landscape
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM reviews status and progress of TB Mukt Bharat Abhiyaan
May 13, 2025
QuotePM lauds recent innovations in India’s TB Elimination Strategy which enable shorter treatment, faster diagnosis and better nutrition for TB patients
QuotePM calls for strengthening Jan Bhagidari to drive a whole-of-government and whole-of-society approach towards eliminating TB
QuotePM underscores the importance of cleanliness for TB elimination
QuotePM reviews the recently concluded 100-Day TB Mukt Bharat Abhiyaan and says that it can be accelerated and scaled across the country

Prime Minister Shri Narendra Modi chaired a high-level review meeting on the National TB Elimination Programme (NTEP) at his residence at 7, Lok Kalyan Marg, New Delhi earlier today.

Lauding the significant progress made in early detection and treatment of TB patients in 2024, Prime Minister called for scaling up successful strategies nationwide, reaffirming India’s commitment to eliminate TB from India.

Prime Minister reviewed the recently concluded 100-Day TB Mukt Bharat Abhiyaan covering high-focus districts wherein 12.97 crore vulnerable individuals were screened; 7.19 lakh TB cases detected, including 2.85 lakh asymptomatic TB cases. Over 1 lakh new Ni-kshay Mitras joined the effort during the campaign, which has been a model for Jan Bhagidari that can be accelerated and scaled across the country to drive a whole-of-government and whole-of-society approach.

Prime Minister stressed the need to analyse the trends of TB patients based on urban or rural areas and also based on their occupations. This will help identify groups that need early testing and treatment, especially workers in construction, mining, textile mills, and similar fields. As technology in healthcare improves, Nikshay Mitras (supporters of TB patients) should be encouraged to use technology to connect with TB patients. They can help patients understand the disease and its treatment using interactive and easy-to-use technology.

Prime Minister said that since TB is now curable with regular treatment, there should be less fear and more awareness among the public.

Prime Minister highlighted the importance of cleanliness through Jan Bhagidari as a key step in eliminating TB. He urged efforts to personally reach out to each patient to ensure they get proper treatment.

During the meeting, Prime Minister noted the encouraging findings of the WHO Global TB Report 2024, which affirmed an 18% reduction in TB incidence (from 237 to 195 per lakh population between 2015 and 2023), which is double the global pace; 21% decline in TB mortality (from 28 to 22 per lakh population) and 85% treatment coverage, reflecting the programme’s growing reach and effectiveness.

Prime Minister reviewed key infrastructure enhancements, including expansion of the TB diagnostic network to 8,540 NAAT (Nucleic Acid Amplification Testing) labs and 87 culture & drug susceptibility labs; over 26,700 X-ray units, including 500 AI-enabled handheld X-ray devices, with another 1,000 in the pipeline. The decentralization of all TB services including free screening, diagnosis, treatment and nutrition support at Ayushman Arogya Mandirs was also highlighted.

Prime Minister was apprised of introduction of several new initiatives such as AI driven hand-held X-rays for screening, shorter treatment regimen for drug resistant TB, newer indigenous molecular diagnostics, nutrition interventions and screening & early detection in congregate settings like mines, tea garden, construction sites, urban slums, etc. including nutrition initiatives; Ni-kshay Poshan Yojana DBT payments to 1.28 crore TB patients since 2018 and enhancement of the incentive to ₹1,000 in 2024. Under Ni-kshay Mitra Initiative, 29.4 lakh food baskets have been distributed by 2.55 lakh Ni-kshay Mitras.

The meeting was attended by Union Health Minister Shri Jagat Prakash Nadda, Principal Secretary to PM Dr. P. K. Mishra, Principal Secretary-2 to PM Shri Shaktikanta Das, Adviser to PM Shri Amit Khare, Health Secretary and other senior officials.