Quoteপ্ৰায় ১৪৮৫০ কোটি টকা ব্যয় সাপেক্ষে ২৯৬ কিলোমিটাৰ চাৰিলেনযুক্ত এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হৈছে
Quoteএক্সপ্ৰেছৱেই অঞ্চলটোৰ যোগাযোগ আৰু ঔদ্যোগিক উন্নয়নত এক বৃহৎ গতি প্ৰদান কৰিব
Quote“উত্তৰ প্ৰদেশ এক্সপ্ৰেছৱে প্ৰকল্পই ৰাজ্যৰ বহু অৱহেলিত অঞ্চলক সংযুক্ত কৰিছে”
Quote“উত্তৰ প্ৰদেশৰ প্ৰতিটো প্ৰান্ত নতুন সপোন আৰু নতুন সংকল্প লৈ আগবাঢ়ি যাবলৈ সাজু হৈছে”
Quote“উত্তৰ প্ৰদেশৰ পৰিচয় সমগ্ৰ দেশতে সলনি হৈ আছে, কাৰণ ই বহু উন্নত ৰাজ্যক চেৰ পেলাই আছে”।
Quote“সময়ৰ আগতেই প্ৰকল্পসমূহ মুকলি কৰি আমি মানুহৰ আদেশ আৰু তেওঁলোকৰ আস্থাক সন্মান কৰিছো”
Quote“আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰি অহা এমাহত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি নতুন সংকল্পৰ পৰিৱেশ সৃষ্টি কৰা উচিত”
Quote“দেশৰ ক্ষতি কৰা, দেশৰ উন্নয়নত প্ৰভাৱ পেলোৱা সকলো কথা আঁতৰাই ৰাখিব লাগিব”
Quote“ডাবল ইঞ্জিন চৰকাৰে বিনামূলীয়া সামগ্ৰী প্ৰদানৰ শ্বৰ্টকাট গ্ৰহণ কৰাৰ বিপৰীতে কঠোৰ পৰিশ্ৰমেৰে প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিছো”
Quote“দেশৰ ৰাজনীতিৰ পৰা বিনামূলীয়া সামগ্ৰী প্ৰদানৰ সংস্কৃতিক আঁতৰাই পেলাওক”
Quoteসন্তুলিত বিকাশ সামাজিক ন্যায়ৰ সমান

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, বেদব্যাসৰ জন্মভূমি তথা মহাৰাণী লক্ষ্মীবাঈৰ অঞ্চললৈ আকৌ মোৰ অহাৰ সৌভাগ্য হ'ল। মই ইয়াৰ বাবে অত্যন্ত আনন্দিত! নমস্কাৰ।

উত্তৰ প্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, ইউপিৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী কেশৱ প্ৰসাদ মৌৰ্যজী, উপ-মুখ্যমন্ত্ৰী শ্ৰী ব্ৰজেশ পাঠকজী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী আৰু এই ক্ষেত্ৰৰে বাসিন্দা শ্ৰী ভানুপ্ৰতাপ সিংহজী, ইউপি চৰকাৰৰ মন্ত্ৰীগণ, সাংসদগণ বিধায়কগণ, অন্য জনপ্ৰতিনিধি, আৰু বুন্দেলখণ্ডৰ মোৰ মৰমৰ ভগ্নী আৰু ভাতৃসকল,

ইউপিৰ মানুহক, বুন্দেলখণ্ডৰ সকলো ভগ্নী-ভাতৃক আধুনিক বুন্দেলখণ্ড এক্সপ্ৰেছৱে, ইয়াৰ বাবে বহুত বহুত অভিনন্দন, বহুত বহুত শুভকামনা। এই এক্সপ্ৰেছৱে বুন্দেলখণ্ডৰ গৌৰৱশালী পৰম্পৰাৰ প্ৰতি সমৰ্পিত। যি ধৰিত্ৰীয়ে অগণন বীৰৰ জন্ম দিলে, য'ৰ তেজত ভাৰতভক্তি বয়, য'ৰ পুত্ৰ-কন্যাৰ পৰাক্ৰম আৰু পৰিশ্ৰমে সদায়েই দেশৰ নাম উজ্জ্বল কৰিছে, সেই বুন্দেলখণ্ডৰ ভূমিক আজি এক্সপ্ৰেছৱেৰ এই উপহাৰ প্ৰদান কৰি উত্তৰ প্ৰদেশৰ সাংসদ হিচাপে, উত্তৰ প্ৰদেশৰ জনপ্ৰতিনিধি হিচাপে মই বিশেষ আনন্দ লাভ কৰিছো।

ভাতৃ আৰু ভগ্নীসকল,

মই দশক দশক ধৰি উত্তৰ প্ৰদেশলৈ আহি গৈ আছো। ইউপিৰ আশীৰ্বাদত যোৱা আঠ বছৰৰ পৰা দেশৰ প্ৰধান সেৱকৰ ৰূপত কাম কৰাৰ আপোনালোকে দায়িত্ব দিছে। কিন্তু মই সদায়েই দেখিছিলো, যদি উত্তৰ প্ৰদেশত দুটা মহত্বপূৰ্ণ বস্তুত জোৰ দিয়া যায়, তাৰ নাটনি যদি পূৰ্ণ কৰা যায়, তেন্তে উত্তৰ প্ৰদেশ প্ৰত্যাহ্বানক প্ৰত্যাহ্বান জনোৱাৰ বহুত ডাঙৰ শক্তিৰে থিয় দিব। প্ৰথম বিষয় আছিল ইয়াৰ বেয়া আইনী ব্যৱস্থা। যেতিয়া মই আগৰ কথা কৈ আছো। কি অৱস্থা আছিল আপোনালোকে জানে, আৰু আনটো অৱস্থা আছিল সকলো ধৰণে বেয়া কানেক্টিভিটী। আজি উত্তৰ প্ৰদেশৰ মানুহে মিলি যোগী আদিত্যনাথজীৰ নেতৃত্বত উত্তৰ প্ৰদেশৰ গোটেই ছবিখন সলাই দিলে। যোগীজীৰ নেতৃত্বাধীন চৰকাৰত আইন ব্যৱস্থাও সংশোধন হৈছে আৰু কানেক্টিভিটীও দ্ৰুতগতিত সংশোধন হৈ আছে। স্বাধীনতাৰ পিছৰ সাত দশকত ইউপিত যাতায়তৰ আধুনিক সাধনৰ বাবে যিমান কাম হ'ল, তাতকৈ বেছি কাম আজি হৈ আছে। মই আপোনালোকক সুধিছো হৈ আছেনে নাই? হৈ আছেনে নাই? চকুৰ আগত দেখি আছেনে নাই দেখা? বুন্দেলখণ্ড এক্সপ্ৰেছৱেৰে চিত্ৰকূটৰ পৰা দিল্লীৰ দূৰত্ব প্ৰায় ৩-৪ ঘণ্টা কম হৈছেই, কিন্তু ইয়াৰ লাভ ইয়াতকৈও কেইবাগুণ বেছি। এই এক্সপ্ৰেছৱেই ইয়াত কেৱল বাহনক গতি দিব ইমানেই নহয়, বৰং ই সমগ্ৰ বুন্দেলখণ্ডৰ ঔদ্যোগিক প্ৰগতিকো গতি দিব। ইয়াৰ দুয়োফালে, এই এক্সপ্ৰেছৱেৰ দুয়োফালে অনেক উদ্যোগ স্থাপন হ'ব, ইয়াত ভাণ্ডাৰণৰ সুবিধা, কোল্ড ষ্টৰেজৰ সুবিধা নিৰ্মাণ হ'ব। বুন্দেলখণ্ড এক্সপ্ৰেছৱেৰ ফলত এই অঞ্চলত কৃষি আধাৰিত উদ্যোগ গঠনত বহুত সহজ হৈ যাব, খেতিত উৎপন্ন হোৱা শস্য নতুন বজাৰলৈ নিয়াত সহজ হ'ব। বুন্দেলখণ্ডত নিৰ্মাণ হৈ থকা ডিফেঞ্চ কৰিডৰৰো ইয়াৰ ফলত বহুত সহায় হ'ব। অৰ্থাৎ এই এক্সপ্ৰেছৱেই বুন্দেলখণ্ডৰ প্ৰতিটো কোণক বিকাশ, আত্ম সংস্থাপন আৰু নতুন সুযোগৰ সৈতেও সংযুক্ত কৰিব।

বন্ধুসকল,

এটা সময় আছিল যেতিয়া ভবা হৈছিল যে যাতায়তৰ আধুনিক সাধনৰ ওপৰত প্ৰথম অধিকাৰ কেৱল ডাঙৰ ডাঙৰ চহৰৰ। মুম্বাই হওক, চেন্নাই হওক, কলকাতা হওক, বেংগালুৰু হওক, হায়দৰাবাদ হওক, দিল্লী হওক সকলো সিবিলাকেই পাওক। কিন্তু এতিয়া চৰকাৰ সলনি হ'ল ভাবধাৰাও সলনি হৈছে আৰু এয়া মোদী, এয়া যোগী, এতিয়া সেই পুৰণি চিন্তা এৰি তাক পিছত ৰাখি আমি এটা নতুন পদ্ধতিৰে আগবাঢ়ি আছো। ২০১৭ চনৰ পাছৰ পৰা উত্তৰ প্ৰদেশত কানেক্টিভিটীৰ যি কাম আৰম্ভ হৈছে, তাত ডাঙৰ চহৰবিলাকৰ সৈতে সৰু চহৰবিলাককো সিমানেই প্ৰাথমিকতা দিয়া হৈছে। এই বুন্দেলখণ্ড এক্সপ্ৰেছৱেই চিত্ৰকূট, বান্দা, হমিৰপুৰ, মহোবা, জালৌন, ঔৰেয়া, আৰু ইটাৱা হৈ গৈছে। পূৰ্বাঞ্চল এক্সপ্ৰেছৱেই লক্ষ্ণৌৰ লগতে বাৰাবংকী, আমেঠী, চুলতানপুৰ, অযোধ্যা, আম্বেদকাৰনগৰ, আজমগড়, মঊ আৰু গাজীপুৰ হৈ গৈছে। গোৰখপুৰ লিংক এক্সপ্ৰেছৱেই আম্বেদকাৰনগৰ, সন্ত কবীৰনগৰ আৰু আজমগড়ক সংযুক্ত কৰিছে। গংগা এক্সপ্ৰেছৱেই মেৰঠ, হাপুৰ, বুলন্দচহৰ, অমৰোহা, সম্ভল, বদায়ুঁ, শাহজাহানপুৰ, হৰদোই, উন্নাও, ৰায়বৰেলী, প্ৰতাপগড় আৰু প্ৰয়াগৰাজক সংযুক্ত কৰাৰ কাম কৰিব। দেখিছে কিমান ডাঙৰ শক্তিৰ সৃষ্টি হৈ আছে। উত্তৰ প্ৰদেশৰ প্ৰতিটো কোণ নতুন সপোন লৈ, নতুন সংকল্প লৈ এতিয়া দ্ৰুতগতিত দৌৰিবলৈ সাজু হৈছে, আৰু এয়াইতো সবকা সাথ, সবকা বিকাশ। কোনো পিছপৰি থাকিব নালাগে, সকলো লগ হৈ আগবাঢ়ক, এই দিশতে ডবল ইঞ্জিনৰ চৰকাৰে নিৰন্তৰ কাম কৰি আছে। ইউপিৰ সৰু সৰু জিলা বিমান সেৱাৰে সংযুক্ত হওক, তাৰ বাবেও দ্ৰুতগতিত কাম কৰি থকা হৈছে। যোৱা কিছু সময়ত প্ৰয়াগৰাজ, গাজিয়াবাদত নতুন এয়াৰপৰ্ট টাৰ্মিনেল বনোৱা হৈছে, কুশীনগৰত নতুন এয়াৰপৰ্টৰ লগতে নইডাৰ জেৱৰত এটা আৰু ইণ্টাৰনেচনেল এয়াৰপৰ্টৰ কাম চলি আছে। ভৱিষ্যতে ইউপিৰ আন কেইবাখনো চহৰক, তাতো বিমান পথেৰে সংযুক্ত কৰাৰ চেষ্টা হৈ আছে। এনেকুৱা সুবিধাৰ ফলত পৰ্যটন উদ্যোগেও বহুত বল পায়। আৰু মই যেতিয়া আজি ইয়াত মঞ্চলৈ আহো তাৰ আগতে মই এই বুন্দেলখণ্ড এক্সপ্ৰেছৱেৰ প্ৰেজেণ্টেচন চাইছিলো, এটা মড্যুল লগাইছিল, সেয়া চাইছিলো, আৰু মই দেখিলো যে এই এক্সপ্ৰেছৱেৰ কাষত যি যি স্থান আছে তাত বহুত দুৰ্গ আছে, কেৱল ঝান্সীৰ এটা দুৰ্গ আছে এনে নহয়, বহুত দুৰ্গ আছে। আপোনালোকৰ যিসকলে বিদেশৰ জগতখন জানে তেওঁলোকে জানিব, ইউৰোপৰ বহু দেশ এনেকুৱা য'ত দুৰ্গ চাবলৈ এটা বহুত ডাঙৰ টুৰিজিম উদ্যোগ চলে আৰু পৃথিৱীৰ মানুহে পুৰণি দুৰ্গ চাবলৈ আহে। আজি বুন্দেলখণ্ড এক্সপ্ৰেছৱে হোৱাৰ পাছত মই যোগীজীৰ চৰকাৰক ক'ম যে আপুনিও এই দুৰ্গ চাবলৈ এটা চমকপ্ৰদ ছাৰ্কিট টুৰিজিম বনাওক, পৃথিৱীৰ পৰ্যটক ইয়ালৈ আহক আৰু মোৰ বুন্দেলখণ্ডৰ এই শক্তি দেখা পাওক। ইমানেই নহয় মই আজি যোগীজীক আৰু এটা আহ্বান জনাম, আপুনি উত্তৰ প্ৰদেশৰ নজোৱানসকলৰ বাবে এইবাৰ যেতিয়া ঠাণ্ডাৰ ছিজন আৰম্ভ হ'ব, ঠাণ্ডাৰ বতৰ আৰম্ভ হ'ব তেতিয়া দুৰ্গ আৰোহণৰ প্ৰতিযোগিতাৰ আয়োজন কৰক আৰু পৰম্পৰাগত পথেৰে নহয় কঠিনৰো কঠিন পথ নিৰ্ধাৰণ কৰক আৰু নজোৱানসকলক মাতক কোনে সোনকালে উঠিব পাৰে, কোন দুৰ্গৰ ওপৰত আৰোহণ কৰে। আপুনি চাব উত্তৰ প্ৰদেশৰ হাজাৰ হাজাৰ নজোৱানে এই প্ৰতিযোগিতাত ভাগ ল'বলৈ আহিব আৰু তাৰ কাৰণে বুন্দেলখণ্ডলৈ মানুহ আহিব, ৰাতি থাকিব, কিছু খৰছ কৰিব, জীৱিকাৰ বাবে বহুত ডাঙৰ শক্তি সৃষ্টি হ'ব। বন্ধুসকল, এটা এক্সপ্ৰেছৱেই কিমান ধৰণৰ কামৰ সুযোগ জন্ম দিয়ে।

|

বন্ধুসকল,

ডবল ইঞ্জিনৰ চৰকাৰত আজি ইউপি যেনেদৰে আধুনিক হৈ আছে, এয়া সঁচাই অভূতপূৰ্ব। যি ইউপিত অলপ মনত ৰাখিব বন্ধুসকল মই যি কৈ আছো। মনত ৰাখিব? মনত ৰাখিব? অলপ হাত ওপৰলৈ তুলি কওক মনত ৰাখিব? খাটাং মনত ৰাখিব? বাৰম্বাৰ মানুহক ক'ব? তেন্তে মনত ৰাখক যি ইউপিত সৰযু লহৰ পৰিকল্পনা সম্পূৰ্ণ হ'বলৈ ৪০ বছৰ লাগিল, যি ইউপিত গোৰখপুৰ ফাৰ্টিলাইজাৰ প্লাণ্ট ৩০ বছৰ ধৰি বন্ধ হৈ আছিল, যি ইউপিত অৰ্জুন ডেম পৰিকল্পনা সম্পূৰ্ণ হ'বলৈ ১২ বছৰ লাগিল, যি ইউপিত অমেঠী ৰাইফল কাৰখানা মাত্ৰ এখন বোৰ্ড লগাই পৰি আছিল। যি ইউপিত ৰায়বৰেলী ৰেল কোচ ফেক্টৰীয়ে ডবা বনোৱা নাছিল, কেৱল ডবাৰ ৰং কৰি কাম চলাইছিল, সেই ইউপিত এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত ইমান গুৰুত্বসহকাৰে কাম হৈ আছে, যে ই ভাল ভাল ৰাজ্যকো পিছ পেলাই দিছে বন্ধুসকল। সমগ্ৰ দেশত এতিয়া ইউপিৰ পৰিচয় সলনি হৈ আছে। আপোনালোকৰ গৌৰৱ হয় নে নহয়? আজি ইউপিৰ নাম উজ্জ্বল হৈ আছে আপোনালোকৰ গৌৰৱ হৈ আছে নে নাই? এতিয়া সমগ্ৰ হিন্দুস্তানে ইউপিৰ প্ৰতি বৰ ভাল ভাবেৰে চাই আছে, আপোনালোকৰ আনন্দ হৈছে নে নাই হোৱা?

 

আৰু বন্ধুসকল,

কথা কেৱল হাইৱে বা এয়াৰৱেৰ নহয়। শিক্ষাৰ ক্ষেত্ৰই হওক, মেনুফেকচাৰিঙৰ ক্ষেত্ৰই হওক, কৃষিকৰ্ম হওক, ইউপি প্ৰতিটো ক্ষেত্ৰত আগবাঢ়ি আছে। আগৰ চৰকাৰৰ সময়ত ইউপিত প্ৰতি বছৰে এইটোও মনত ৰাখিব, ৰাখিব? ৰাখিব? অলপ হাত ওপৰলৈ তুলি কওক ৰাখিব? আগৰ চৰকাৰৰ সময়ত ইউপিত বছৰি গড়ে ৫০ কিলোমিটাৰ ৰেল লাইনৰ দ্বিপথকৰণ হৈছিল। কিমান? কিমান কিলোমিটাৰ? কিমান কিলোমিটাৰ? - পঞ্চাশ। আগতে আমি অহাৰ আগতে ৰেলৰ দ্বিপথকৰণ ৫০ কিলোমিটাৰ। মোৰ উত্তৰ প্ৰদেশৰ নজোৱানসকল ভৱিষ্যৎ কেনেকৈ গঢ় লয় চাওক, আজি গড়ে ২০০ কিলোমিটাৰৰ কাম হৈ আছে। ২০০ কিলোমিটাৰ ৰেল লাইনৰ দ্বিপথকৰণ হৈ আছে। ২০১৪ৰ আগতে ইউপিত কেৱল ১১ হাজাৰ কমন ছাৰ্ভিচ চেণ্টাৰ আছিল। অলপ পৰিসংখ্যা মনত ৰাখিব কিমান? কিমান? ১১ হাজাৰ। আজি ইউপিত এক লাখ ৩০ হাজাৰতকৈও অধিক কমন ছাৰ্ভিচ চেণ্টাৰে কাম কৰি আছে। এই পৰিসংখ্যা মনত ৰাখিব? এটা সময়ত ইউপিত কেৱল ১২খন মেডিকেল কলেজ আছিল। পৰিসংখ্যা মনত থাকিলনে কিমান মেডিকেল কলেজ? অলপ ডাঙৰকৈ কওক কিমান? ১২খন মেডিকেল কলেজ। আজি ইউপিত ৩৫খনৰো অধিক মেডিকেল কলেজ আছে আৰু ১৪খন নতুন মেডিকেল কলেজৰ ওপৰত কাম চলি আছে। অৰ্থাৎ ক'ত ১৪ আৰু ক'ত ৫০।

 

ভাতৃ আৰু ভগ্নীসকল,

বিকাশৰ যি ধাৰাত আজি দেশ গৈ আছে, তাৰ মূলতে দুটা প্ৰধান পদক্ষেপ আছে। এটা হৈছে অভিপ্ৰায় আৰু আনটো হৈছে মৰ্যাদা। দেশৰ বৰ্তমানৰ বাবে নতুন সুবিধাই গঢ়ি থকা নাই বৰং দেশৰ ভৱিষ্যতো গঢ়ি আছে। পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনৰ জৰিয়তে, আমি ২১শ শতিকাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ নিৰ্মাণত লাগি আছো।

 

আৰু বন্ধুসকল,

বিকাশৰ বাবে আমাৰ সেৱাৰ ভাব এনেকুৱা যে আমি সময়ৰ মৰ্যাদা ভংগ হ'বলৈ নিদিওঁ। আমি সময়ৰ মৰ্যাদা কেনেকৈ পালন কৰো, তাৰ অগণন উদাহৰণ এই উত্তৰ প্ৰদেশতে আছে। কাশীত বিশ্বনাথ ধামৰ সৌন্দৰ্য বৰ্ধনৰ কাম আমাৰ চৰকাৰে আৰম্ভ কৰিছিল আৰু আমাৰ চৰকাৰেই ইয়াক সম্পূৰ্ণ কৰি দেখুৱালে। গোৰখপুৰ এইমছৰ শিলান্যাসো আমাৰ চৰকাৰে কৰে আৰু তাৰ লোকাৰ্পণো এই চৰকাৰতে হ'ল। দিল্লী-মেৰঠ এক্সপ্ৰেছৱেৰ শিলান্যাসো আমাৰ চৰকাৰে কৰে আৰু তাৰ লোকাৰ্পণো আমাৰ চৰকাৰতে হ'ল। বুন্দেলখণ্ড এক্সপ্ৰেছৱেও তাৰে উদাহৰণ। ইয়াৰ কাম অহা বছৰ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হোৱাৰ কথা আছিল কিন্তু ই ৭-৮ মাহ আগতেই সেৱাৰ বাবে সাজু মোৰ বন্ধুসকল। আৰু কৰোণাৰ পৰিস্থিতি সত্বেও কিমান জটিলতা আছে প্ৰতিটো পৰিয়ালে জানে। এই জটিলতাৰ মাজতে আমি এই কাম সময়তকৈ আগতে কৰিলো। এনেকুৱাই কামৰ জৰিয়তে প্ৰত্যেক দেশবাসীৰ বিশ্বাস হয় যে যি ভাবনাৰে তেওঁ নিজৰ ভোট দিলে, তাৰ সঠিক ৰূপত সন্মান হৈ আছে, সদ্ব্যৱহাৰ হৈ আছে। মই ইয়াৰ বাবে যোগীজী আৰু তেওঁৰ টীমক অভিনন্দন জানাইছো।

|

বন্ধুসকল,

যেতিয়া মই কোনো পথ উদ্বোধন কৰো, কোনো হাস্পতাল উদ্বোধন কৰো, কোনো কাৰখানা উদ্বোধন কৰো তেতিয়া মোৰ অন্তৰত এটাই ভাব হয় যে যিসকল ভোটদাতাই এইখন চৰকাৰ গঠন কৰিলে মই সেইসকলক সন্মান দিছো আৰু দেশৰ সকলো ভোটদাতাক সুবিধা দিছো।

 

বন্ধুসকল,

আজি সমগ্ৰ পৃথিৱীয়ে ভাৰতক বহুত আশাৰে চাই আছে। আমি নিজৰ স্বাধীনতাৰ ৭৫ বছৰৰ পৰ্ব পালন কৰি আছো, অহা ২৫ বছৰত ভাৰত যি উচ্চতাত থাকিব, তাৰ ৰোডমেপ বনাই আছে। আৰু আজি যেতিয়া মই বুন্দেলখণ্ডৰ ভূমিলৈ আহো, ঝান্সীৰ ৰাণী লক্ষ্মীবাঈৰ অঞ্চললৈ আহিছো। এই বীৰ ভূমিৰ পৰা মই হিন্দুস্তানৰ ছয় লাখতকৈও অধিক গাঁৱৰ মানুহক কৰজোৰে প্ৰাৰ্থনা কৰিছো যে আজি আমি যি স্বাধীনতাৰ পৰ্ব পালন কৰি আছো, ইয়াৰ বাবে শ শ বছৰ ধৰি আমাৰ পূৰ্ব পুৰুষসকলে যুঁজ কৰিছিল, বলিদান দিছিল, যাতনা ভূগিছিল, আমাৰ এয়া দায়িত্ব, এতিয়াৰে পৰা পৰিকল্পনা কৰক, অহা এমাহ ১৫ আগষ্টলৈকে প্ৰতিখন গাঁৱত অনেক কাৰ্যক্ৰম হওক, গাঁও লগ লাগি কাৰ্যক্ৰম কৰক, আজাদী কা অমৃত মহোৎসৱ পালনৰ যোজনা বনাওক। বীৰসকলক স্মৰণ কৰক, বলিদান স্মৰণ কৰক, স্বতন্ত্ৰ সেনানীক স্মৰণ কৰক, প্ৰত্যেক গাঁৱত নতুন সংকল্প লোৱাৰ এক বাতাবৰণ হওক। এয়া মই সকলো দেশবাসীক আজি এই বীৰৰ ভূমিৰ পৰা প্ৰাৰ্থনা জনাইছো।

 

বন্ধুসকল,

আজি ভাৰতত এনেকুৱা কোনো কাম হ'ব নালাগে, যাৰ আধাৰ বৰ্তমানৰ আকাংক্ষা আৰু ভাৰতৰ উন্নত ভৱিষ্যতৰ সৈতে সংযুক্ত নহয়। আমি যিয়েই সিদ্ধান্ত লওঁ, যিয়েই নিৰ্ণয় লওঁ, যিয়েই নীতি বনাওঁ, ইয়াৰ অন্তৰালত সবাতোকৈ ডাঙৰ চিন্তা এইটোৱেই হোৱা উচিত যে ইয়াৰ ফলত দেশৰ বিকাশ আৰু খৰতকীয়া হ'ব। তেনেকুৱা সকলো কথা, যাৰ ফলত দেশৰ লোকচান হ'ব, দেশৰ বিকাশত বাধা আহে, আমি তাৰ পৰা সদায়েই আঁতৰত থাকিব লাগিব। স্বাধীনতাৰ ৭৫ বছৰৰ পাছত ভাৰতে বিকাশৰ এয়া সবাতোকৈ ভাল সুযোগ পাইছে। আমি এই সুযোগ হেৰুৱাব নালাগিব। আমি এই কালখণ্ডত দেশৰ যিমান পাৰি অধিক বিকাশ কৰি তাক নতুন উচ্চতাত অৱতীৰ্ণ কৰাব লাগিব, নতুন ভাৰত গঢ়িব লাগিব।

 

বন্ধুসকল,

নতুন ভাৰতৰ সন্মুখত এটা এনেকুৱা প্ৰত্যাহ্বানো আছে, যাৰ ওপৰত এতিয়া মনোযোগ নিদিলে, ভাৰতৰ যুৱক-যুৱতীৰ, আজিৰ প্ৰজন্মৰ বহুত লোকচান হ'ব পাৰে। আপোনালোকৰ আজি নোহোৱা হৈ যাব আৰু আপোনালোকৰ আহিবলগা কাইলৈ আন্ধাৰত সোমাই যাব বন্ধুসকল। সেয়ে এতিয়াৰে পৰা সজাগ হোৱা দৰকাৰ। আজিকালি আমাৰ দেশত বিনামূলীয়া ৰেৱড়ী বিতৰণ কৰি ভোট খোজাৰ সংস্কৃতি অনাৰ পূৰাদমে চেষ্টা চলি আছে। এই ৰেৱড়ী সংস্কৃতি দেশৰ বিকাশৰ বাবে বহুত ঘাতক। এই ৰেৱড়ী সংস্কৃতিৰ পৰা দেশৰ জনসাধাৰণ আৰু বিশেষকৈ মোৰ যুৱক-যুৱতীসকল বহুত সাৱধান থাকিব লাগিব। ৰেৱড়ী সংস্কৃতিৰ লোকে কেতিয়াবা আপোনালোকৰ বাবে নতুন এক্সপ্ৰেছৱে নবনায়, নতুন এয়াৰপৰ্ট বা ডিফেঞ্চ কৰিডৰ নবনায়। ৰেৱড়ী সংস্কৃতি কৰাসকলে ভাবে যে জনতা জনাৰ্দনক বিনামূলীয়া ৰেৱড়ী ভগাই, তেওঁলোকক কিনি ল'ব। আমি একত্ৰিত হৈ তেওঁলোকৰ সেই ধাৰণাক পৰাস্ত কৰিব লাগিব, ৰেৱড়ী সংস্কৃতিক দেশৰ ৰাজনীতিৰ পৰা আঁতৰাব লাগিব।

 

বন্ধুসকল,

ৰেৱড়ী কালচাৰৰ পৰা বেলেগ, আমি দেশত পথ বনাই, নতুন ৰেল পথ বনাই, মানুহৰ আকাংক্ষা সম্পূৰ্ণ কৰাৰ কাম কৰি আছো। আমি দুখীয়াৰ বাবে কোটি কোটি পকাঘৰ বনাই আছো, দশক দশক ধৰি আধৰুৱা হৈ থকা জলসিঞ্চন পৰিকল্পনা সম্পূৰ্ণ কৰি আছো, সৰু-বৰ অনেক ডেম বনাই আছো, নতুন নতুন বিদ্যুতৰ কাৰখানা কৰি আছো, যাতে দুখীয়াৰ, কৃষকৰ জীৱন সহজ হয় আৰু মোৰ দেশৰ নজোৱানসকলৰ অনাগত ভৱিষ্যৎ অন্ধকাৰত ডুব নাযায়।

 

বন্ধুসকল,

এই কামত পৰিশ্ৰম লাগে, দিনে-নিশাই খাতিব লাগে, নিজক জনতাৰ সেৱাৰ বাবে সমৰ্পিত কৰিব লাগে। মই আনন্দিত যে দেশত য'তেই আমাৰ ডবল ইঞ্জিনৰ চৰকাৰ আছে, তেওঁলোকে বিকাশৰ বাবে ইমানেই যত্ন কৰি আছে। ডবল ইঞ্জিনৰ চৰকাৰে বিনামূলীয়া ৰেৱড়ী (মিঠাই) বিলোৱাৰ শ্বৰ্টকাট প্ৰয়োগ কৰা নাই, ডবল ইঞ্জিনৰ চৰকাৰে পৰিশ্ৰম কৰি ৰাজ্যৰ ভৱিষ্যৎ উন্নত কৰিবলৈ লাগি আছে।

 

আৰু বন্ধুসকল,

আজি মই আপোনালোকক আৰু এটা কথা ক'ম। দেশৰ সন্তুলিত বিকাশ, সৰু চহৰ আৰু গাঁৱতো আধুনিক সুবিধা উপলব্ধ হোৱা, এই কামো এক প্ৰকাৰৰ সঁচা অৰ্থত সামাজিক ন্যায়ৰ কাম। যি পূব ভাৰতৰ মানুহক, যি বুন্দেলখণ্ডৰ মানুহক দশক দশক ধৰি সুবিধাৰ পৰা বঞ্চিত কৰি ৰখা হ'ল, আজি যেতিয়া তাত আধুনিক ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ আছে, সেয়ে সামাজিক ন্যায়ো হৈ আছে। ইউপিৰ যিবোৰ জিলাক পিছপৰা বুলি ভাবি সিবিলাকক নিজৰ অৱস্থাতে এৰি দিয়া হৈছিল, তাত যেতিয়া বিকাশ হৈ আছে, এয়াও এক ধৰণৰ সামাজিক ন্যায়। প্ৰতিখন গাঁৱক পথেৰে সংযুক্ত কৰিবলৈ দ্ৰুতগতিত কাম কৰা, ঘৰে ঘৰে ৰন্ধন গেছৰ কানেকচন দিয়া, দুখীয়াক পকাঘৰৰ সুবিধা দিয়া, ঘৰে ঘৰে শৌচালয় বনোৱা, এই সকলো কামো সামাজিক ন্যায়কেই শক্তিশালী কৰাৰ পদক্ষেপ। বুন্দেলখণ্ডৰ মানুহৰো আমাৰ চৰকাৰৰ সামাজিক ন্যায় ভৰা কাৰ্যৰ জৰিয়তে বহুত লাভ হৈ আছে।

 

ভাতৃ আৰু ভগ্নীসকল,

বুন্দেলখণ্ডৰ আৰু এটা প্ৰত্যাহ্বান কম কৰিবলৈ আমাৰ চৰকাৰে নিৰন্তৰ কাম কৰি আছে। প্ৰতিটো ঘৰলৈ পাইপেৰে পানী পোৱাবলৈ আমি জল জীৱন মিছনৰ ওপৰত কাম কৰি আছো। এই মিছনৰ জৰিয়তে বুন্দেলখণ্ডৰ লাখ লাখ পৰিয়ালক পানীৰ কানেকচন দিয়া হৈছে। ইয়াৰ বহুত ডাঙৰ লাভ আমাৰ মাতৃসকলে, আমাৰ ভগ্নীসকলে পাইছে, তেওঁলোকৰ জীৱনৰ পৰা জটিলতা কম হৈছে। আমি বুন্দেলখণ্ডত নদীৰ পানী যিমান পাৰি বেছি মানুহৰ কাষলৈ নিবৰ বাবে অহৰহ প্ৰয়াস কৰি আছো। ৰতৌলী বান্ধ পৰিকল্পনা, ভাৱনী বান্ধ পৰিকল্পনা আৰু মঝগাঁও-চিল্লী স্প্ৰিংকলাৰ জলসিঞ্চন পৰিকল্পনা, এনেকুৱা প্ৰয়াসৰে পৰিণতি। কেন-বেতবা লিংক প্ৰজেক্টৰ বাবে কেইবা হাজাৰ কোটি টকা অনুমোদিত হৈ গৈছে। ইয়াৰ ফলত বুন্দেলখণ্ডৰ বহুত ডাঙৰ অংশৰ জীৱন সলনি হ'ব।

 

বন্ধুসকল,

মোৰ বুন্দেলখণ্ডৰ বন্ধুসকলৰ প্ৰতি আৰু এটা আহ্বান আছে। স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশে অমৃত সৰোবৰ নিৰ্মাণৰ সংকল্প লৈছে। বুন্দেলখণ্ডৰ প্ৰতিখন জিলাতো ৭৫টা অমৃত সৰোবৰ বনোৱা হ'ব। এয়া জল সুৰক্ষাৰ বাবে, অহা প্ৰজন্মসমূহৰ বাবে বহুত ডাঙৰ কাম হৈ আছে। মই আজি আপোনালোক সকলোকে ক'ম যে এই সৎ কামত সহায়ৰ বাবে অধিক সংখ্যাত আগুৱাই আহক। অমৃত সৰোবৰৰ বাবে গাঁৱে গাঁৱে তাঁৰ সেৱাৰ অভিযান চলা দৰকাৰ।

 

ভাতৃ আৰু ভগ্নীসকল,

বুন্দেলখণ্ডৰ বিকাশত বহুত ডাঙৰ শক্তি ইয়াৰ কুটীৰ উদ্যোগৰো আছে। আত্মনিৰ্ভৰ ভাৰতৰ বাবে আমাৰ চৰকাৰৰ দ্বাৰা এই কুটীৰ পৰম্পৰাৰ ওপৰতো জোৰ দি থকা হৈছে। মেক ইন ইণ্ডিয়া, ভাৰতৰ এই কুটীৰ পৰম্পৰাৰে শক্তিশালী হ'ব। সৰু প্ৰয়াসৰ জৰিয়তে কেনেকৈ ডাঙৰ প্ৰভাৱ পৰি আছে, ইয়াৰ এটা উদাহৰণ মই আজি আপোনালোকক আৰু দেশবাসীকো দিব বিচাৰিছো।

 

বন্ধুসকল,

ভাৰতে প্ৰতি বছৰে কেইবা কোটি টকাৰ পুতলা পৃথিৱীৰ আন দেশৰ পৰা আনি আছে। এতিয়া কওক, সৰু সৰু শিশুৰ বাবে সৰু সৰু পুতলাও বাহিৰৰ পৰা অনা হয়। ইয়াৰ বিপৰীতে ভাৰতত পুতলা বনোৱাটো পাৰিবাৰিক আৰু পৰম্পৰাগত উদ্যোগ আছে, পাৰিবাৰিক ব্যৱসায় আছে। সেই কথালৈ লক্ষ্য ৰাখি মই ভাৰতত পুতলাৰ উদ্যোগক নতুন ধৰণেৰে কাম কৰাৰ আহ্বান জনাইছিলো। মানুহকো ভাৰতীয় পুতলা ক্ৰয় কৰিবলৈ আহ্বান জনাইছিলো। ইমান কম সময়ত চৰকাৰৰ স্তৰত যি কাম কৰিবলৈ জৰুৰী আছিল সেয়াও আমি কৰিলো। এই সকলোৰে পৰিণতিত আজি প্ৰত্যেক হিন্দুস্তানীৰ গৌৰৱ হ'ব যে মোৰ দেশৰ মানুহে সঁচা কথাক অন্তৰত কেনেকৈ লয় এয়া তাৰ উদাহৰণ। ইয়াৰ পৰিণতিত আজি বিদেশৰ পৰা অহা পুতলাৰ সংখ্যা বহুত বেছি হাৰত কমি আহিছে। মই দেশবাসীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো। ইমানেই নহয়, ভাৰতৰ পৰা এতিয়া বৃহৎ সংখ্যাত পুতলা বিদেশলৈও যাবলৈ ধৰিছে। ইয়াৰ লাভ কোনে পাইছে? পুতলা বনোৱা আমাৰ বেছিভাগ বন্ধু দুখীয়া পৰিয়াল, দলিত পৰিয়াল, আদিবাসী পৰিয়াল। আমাৰ মহিলাসকল পুতলা বনোৱা কামত লাগি থাকে। এই উদ্যোগৰ পৰা আমাৰ এই সকলো লোকৰ লাভ হৈছে। ঝান্সী, চিত্ৰকূট, বুন্দেলখণ্ডত তো পুতলাৰ বহুত সমৃদ্ধ পৰম্পৰা আছে। ইয়াকো ডবল ইঞ্জিনৰ চৰকাৰৰ দ্বাৰা উৎসাহিত কৰি থকা হৈছে।

 

বন্ধুসকল,

দেৱবীৰৰ ভূমি বুন্দেলখণ্ডৰ বীৰসকলে খেলৰ পথাৰতো বিজয়ৰ পতাকা উৰুৱাইছে। দেশৰ সবাতোকৈ ডাঙৰ খেল সন্মানৰ নাম এতিয়া বুন্দেলখণ্ডৰ সুপুত্ৰ মেজৰ ধ্যানচন্দৰ নামতে আছে। ধ্যানচন্দজীয়ে যি মেৰঠত যথেষ্ট সময় পাৰ কৰিছিল, তাত তেওঁৰ নামেৰে এখন স্পোৰ্টছ ইউনিভাৰছিটীও বনাই থকা হৈছে। কিছু সময়ৰ আগতে আমাৰ ঝান্সীৰেই এগৰাকী কন্যা, শৈলী সিংহইও চমক দেখুৱালে। আমাৰেই বুন্দেলখণ্ডৰ কন্যা শৈলী সিংহই নতুন নতুন ৰেকৰ্ড বনোৱা শৈলী সিংহই যোৱা বছৰ আণ্ডাৰ টুৱেণ্টি ৱৰ্ল্ড এথলেটিকছ চেম্পিয়নশ্বিপত ছিলভাৰ মেডেলো জয় কৰিলে। বুন্দেলখণ্ড এনেকুৱা যুৱ প্ৰতিভাৰে পৰিপূৰ্ণ। ইয়াৰ যুৱক-যুৱতীসকলে আগবঢ়াৰ ডাঙৰ সুযোগ পাওক, ইয়াৰ পৰা স্থানান্তৰিত বন্ধ হওক, ইয়াত আধুনিক ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, এই দিশতে আমাৰ চৰকাৰে কাম কৰি আছে। ইউপিয়ে এনেকুৱাই সুশাসনৰ নতুন পৰিচয়ক শক্তিশালী কৰি থাকক, এই কামনাৰেই আপোনালোক সকলোকে বুন্দেলখণ্ড এক্সপ্ৰেছৱেৰ বাবে আকৌ বহুত বহুত অভিনন্দন, আৰু পুনৰ মনত পেলাই দিছো ১৫ আগষ্টলৈকে গোটেই মাহটো হিন্দুস্তানৰ প্ৰতিটো ঘৰত, প্ৰতিখন গাঁৱত স্বাধীনতাৰ মহোৎসৱ পালন কৰা উচিত, চমকপ্ৰদ হোৱা উচিত, আপোনালোক সকলোকে বহুত শুভকামনা, বহুত বহুত ধন্যবাদ। সম্পূৰ্ণ শক্তিৰে কওক ভাৰত মাতা কী- জয়, ভাৰত মাতা কী- জয়, ভাৰত মাতা কী- জয়, বহুত বহুত ধন্যবাদ।

  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA June 02, 2024

    मोदी जी 400 पार
  • Sanjeev Tivari May 16, 2024

    Jai shree Ram
  • MLA Devyani Pharande February 17, 2024

    जय श्रीराम
  • Vaishali Tangsale February 14, 2024

    🙏🏻🙏🏻
  • ज्योती चंद्रकांत मारकडे February 12, 2024

    जय हो
  • Shirish Tripathi October 11, 2023

    विश्व गुरु भारत 🙏🇮🇳
  • Ramanlal Amin March 11, 2023

    માનનિય.વડાપ્ધાન. મોદી સાહેબ ! આજના બધા સમાચાર મેં વાંચ્યા , આપની ડબલ એન્જીંન સરકારની કામગીરીથી આપે ભારતની અને બુદેલખંડ તેમજ ઉત્રપ્દેશની જનતાને જે સંદેશો આપ્યો તે દેશના દરેક ખૂણાનો વિકાસ કેવો હોવો જોઈએ તેનું આબેહૂબ ચિત્ર લોકો સમક્ષ મુક્યુ છે ! ધન્યવાદ ! નમસ્કાર! વંદેમાતરમ્ — ભારતમાતાકી જય !
  • Bharat mathagi ki Jai vanthay matharam jai shree ram Jay BJP Jai Hind September 16, 2022

    யி
  • G.shankar Srivastav August 09, 2022

    नमस्ते
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Blood boiling but national unity will steer Pahalgam response: PM Modi

Media Coverage

Blood boiling but national unity will steer Pahalgam response: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in an accident in Mandsaur, Madhya Pradesh
April 27, 2025
QuotePM announces ex-gratia from PMNRF

Prime Minister, Shri Narendra Modi, today condoled the loss of lives in an accident in Mandsaur, Madhya Pradesh. He announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased and Rs. 50,000 to the injured.

The Prime Minister's Office posted on X :

"Saddened by the loss of lives in an accident in Mandsaur, Madhya Pradesh. Condolences to those who have lost their loved ones. May the injured recover soon.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"