Quoteব্ৰহ্মপুত্ৰ নদীৰ ওপৰত পলাশবাৰী আৰু শুৱালকুছি সংযোগী এখন দলঙৰ আধাৰশিলা স্থাপন কৰে আৰু ৰংঘৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
Quoteনামৰূপত ৫০০ টিপিডি মিথানল প্ৰকল্প উদ্বোধন কৰে
Quoteপাঁচটা ৰেল প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰে
Quote১০,০০০ ৰো অধিক প্ৰদৰ্শনকাৰীৰ সৈতে মেগা বিহু নৃত্য প্ৰদৰ্শনৰ সাক্ষী হৈ ৰয়
Quote"এয়া কল্পনাৰ বাহিৰত, এয়া অভূতপূৰ্ব, এয়া হৈছে অসম"
Quote"অসম অৱশেষত এ-ৱান ৰাজ্য হৈ পৰিছে"
Quote"প্ৰতিজন ভাৰতীয়ৰ চেতনা দেশৰ মাটি আৰু পৰম্পৰাৰ জৰিয়তে প্ৰস্তুত হয় আৰু ই বিকশিত ভাৰতৰ ভেটিও"
Quote"ৰঙালী বিহু হৈছে অসমৰ জনসাধাৰণৰ বাবে হৃদয় আৰু আত্মাৰ উৎসৱ"
Quote"বিকশিত ভাৰত আমাৰ আটাইতকৈ ডাঙৰ সপোন"
Quote"আজি সংযোগ হৈছে এক চতুৰ্মুখী মহাযজ্ঞ, ভৌতিক সংযোগ, ডিজিটেল সংযোগ, সামাজিক সংযোগ আৰু সাংস্কৃতিক সংযোগ"
Quote"উত্তৰ-পূবৰ পৰা অবিশ্বাসৰ পৰিৱেশ আঁতৰি গৈ আছে"

মই অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। এই শুভ মুহূৰ্তত আপোনালোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

বন্ধুসকল,

আজি টিভিৰ জৰিয়তে বা ইয়াত উপস্থিত থাকি প্ৰত্যক্ষ কৰা দৃশ্য জীৱনত কেতিয়াও পাহৰিব নোৱাৰি। এয়া অবিস্মৰণীয়, এয়া বিষ্ময়কৰ, এয়া অভূতপূৰ্ব, এয়াই অসম। আকাশে-বতাহে ঢোল, পেপা আৰু গগণাৰ শব্দ অনুৰণিত হৈছে। সমগ্ৰ ভাৰতে আজি ইয়াৰ শব্দ শুনিছে। আজি দেশ আৰু বিশ্বই অতিশয় গৌৰৱেৰে চাই আছে অসমৰ হাজাৰ-হাজাৰ নাচনী-ঢুলীয়াৰ এই কঠোৰ পৰিশ্ৰম, এই কষ্ট, এই সমন্বয়। প্ৰথমতে, অনুষ্ঠানটো ইমান বৃহৎ, উদযাপন ইমানেই বিশাল, দ্বিতীয়তে আপোনালোকৰ উৎসাহ আৰু আপোনালোকৰ উদ্দীপনা আশ্চৰ্য্যকৰ। মোৰ মনত পৰিছে, বিধান সভা নিৰ্বাচনৰ সময়ত ইয়ালৈ আহোতে মই কৈছিলো যে মানুহে এ মানে আছাম বুলি কোৱা দিনটোলৈ বেছি পৰ নাই। আজি অসম সঁচাকৈয়ে এখনি এ-ওৱান ৰাজ্যত পৰিণত হৈছে। অসমবাসী আৰু দেশবাসীলৈ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

বৰ্তমান পঞ্জাৱকে ধৰি উত্তৰ ভাৰতৰ বহু অঞ্চলত বৈশাখী উদযাপন কৰা হৈছে। বাঙালী ভ্ৰাতৃ-ভগ্নীসকলে পহেলা বৈশাখ উদযাপন কৰিছে, তাৰ লগে-লগে কেৰালাত বিষু উৎসৱ পালন কৰা হ'ব। এয়া বহু ৰাজ্যত নতুন বৰ্ষৰ আৰম্ভণিৰ সময়। আমি উদযাপন কৰা উৎসৱসমূহে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱৰ প্ৰতিফলন ঘটাইছে। এই উৎসৱসমূহে সকলোৰে প্ৰচেষ্টাৰে আমাৰ এখনি উন্নত ভাৰতৰ সংকল্প পৰিপূৰণত প্ৰেৰণা যোগাইছে।

বন্ধুসকল,

আজি এই মনোভাৱেৰে উত্তৰ-পূর্বাঞ্চল আৰু অসমৰ উন্নয়নৰে জড়িত একাধিক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। আজি অসম, উত্তৰ-পূৰ্বাঞ্চলে এইমছ গুৱাহাটী আৰু তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় লাভ কৰিছে। আজি উত্তৰ-পূৰ্বাঞ্চলৰ ৰেল সংযোগেৰে জড়িত একাধিক প্ৰকল্পৰো শুভাৰম্ভ কৰা হৈছে। আজি ব্ৰহ্মপুত্ৰৰ ওপৰেদি যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ বাবে আন এখন দলঙৰ কাম আৰম্ভ হৈছে। এটা মিথানল প্ৰকল্প স্থাপনৰ লগে-লগে অসমে এতিয়া চুবুৰীয়া দেশসমূহলৈ মিথানলো ৰপ্তানি কৰিব পাৰিব। অসমীয়া কলা-সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতীক ৰংঘৰৰ পুনৰ উন্নয়ন আৰু সৌন্দৰ্য্যবৰ্ধনৰ কামো আজিৰেপৰা আৰম্ভ হৈছে। আমি সকলোৱে উদযাপন কৰা এই সংস্কৃতি আৰু দ্ৰুত বিকাশৰ উৎসৱৰ বাবে আপোনালোক সকলোকে অলেখ অভিনন্দন জনালোঁ।

 

|

ভ্ৰাতৃ-ভগ্নীসকল,

ক্ষন্তেক সময়ৰ পাছতে সমগ্ৰ দেশেই সাংস্কৃতিক অনুষ্ঠান প্ৰত্যক্ষ কৰিব আৰু মই আপোনালোকৰ মাজলৈ সোমাই আহোতে ময়ো আপোনালোকৰ ৰঙৰ উমান পাইছো। এয়া সকলোৰে প্ৰচেষ্টাৰ এক বিৰল নিদৰ্শন। আপোনালোক সকলো অসমীয়াই নিজৰ সংস্কৃতিক অতিশয় সাৱধানে সংৰক্ষণ কৰিছে। আৰু ইয়াৰ বাবেও মই আপোনালোকক অলেখ অভিনন্দন জনাইছো। এই সাংস্কৃতিক উৎসৱত অংশগ্ৰহণ কৰা সকলো সতীৰ্থক প্ৰশংসা কৰিবলৈ মোৰ ভাষা নাই। আমাৰ এই উৎসৱ কেৱল সংস্কৃতিৰ উদযাপনেই নহয়, বৰঞ্চ সকলোকে সংযোগেৰে একেলগে আগবাঢ়ি যোৱাৰ প্ৰেৰণাও। এয়াই ৰঙালী বিহু-বহাগ বিহুৰ চিৰন্তন উদ্দীপনা। অসমবাসীৰ বাবে এয়া হৃদয় আৰু আত্মাৰ উৎসৱ। ই সকলো ব্যৱধান দূৰ কৰে, প্ৰভেদ নোহোৱা কৰে। এয়া মানুহ আৰু প্ৰকৃতিৰ মাজত সম্প্ৰীতিৰ সৰ্বোত্তম প্ৰতীক। সেইবাবেই কোনেও বিহুক আক্ষৰিক অৰ্থত বুজিব নোৱাৰে। বৰঞ্চ ইয়াক বুজিবলৈ অনুভৱ, উপলব্ধিৰ প্ৰয়োজন। ভগ্নী-কন্যাসকলে চুলিত বন্ধা ‘কপৌফুল’, পৰিধান কৰা মুগাৰ সাজ, মেখেলা-চাদৰ আৰু ৰঙীণ ৰিহায়ো একেই কথা প্ৰকাশ কৰিছে। এই অনুভৱ আজি প্ৰতিখন ঘৰতে ৰন্ধা বিশেষ ব্যঞ্জন 'এশ-এবিধ শাক'তো অনুৰণিত হৈছে।

বন্ধুসকল,

ভাৰতৰ বিশেষত্ব এয়ে যে আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰাই হাজাৰ-হাজাৰ বছৰ ধৰি প্ৰতিজন ভাৰতীয়কে সংযোগ কৰি আহিছে। আমি একেলগে দাসত্বৰ সুদীৰ্ঘ সময়ৰ প্ৰতিটো আক্ৰমণ সহ্য কৰিছিলো। আমি একেলগে আমাৰ সংস্কৃতি আৰু সভ্যতাৰ ওপৰত কঠোৰতম আক্ৰমণৰ সন্মুখীন হৈছো। বহু চৰকাৰ, শাসক আহিল আৰু গ’ল, কিন্তু ভাৰত অমৰ হৈয়ে থাকিল, দৃঢ় হৈয়ে থাকিল। আমাৰ প্ৰতিজন ভাৰতীয়ৰে মনৰ সৈতে আমাৰ মাটিৰ সংযোগ আছে, আমাৰ সংস্কৃতিৰ সংযোগ আছে। আৰু এয়াই হৈছে আজি এখনি উন্নত ভাৰত গঢ়াৰ মজবুত আধাৰশিলাও।

বন্ধুসকল,

এই মুহূৰ্তত মোৰ অসমৰ প্ৰখ্যাত শিল্পী তথা চলচ্চিত্ৰ নিৰ্মাতা জ্যোতি প্ৰসাদ আগৰৱালাই ৰচনা কৰা এটি বিখ্যাত গীতৰ কথা মনত পৰিছে। এই গীতটি হ'ল - বিশ্ব বিজয়ী নৱ জোৱান, এই গীতটোৰ আন এক বিশেষত্ব আছে। ভাৰত ৰত্ন ভূপেন হাজৰিকাদেৱে অতিশয় সৰু অৱস্থাতে এই গীতটি গাইছিল। আজিও এই গীতটি দেশৰ যুৱ প্ৰজন্ম, অসমৰ যুৱ প্ৰজন্মৰ বাবে অলেখ প্ৰেৰণাৰ উৎস। এই গীতটিৰ দুই-এটা শাৰী গাম, কিন্তু প্ৰথমে আপোনালোকৰপৰা এটা কথা জানিব বিচাৰিছো। মোৰ উচ্চাৰণৰ ভুলৰ বাবে ক্ষমা কৰিবনে? মই ভুল কৰিলে আপোনালোকে খং নকৰিব নহয়নে? সঁচাকৈয়ে, অসমৰ জনসাধাৰণৰ হৃদয় বৰ বিশাল।

 

|

বন্ধুসকল

মই গীতটি গাবলৈ চেষ্টা কৰিছো, “বিশ্ববিজয়ী নৱ জোৱান, বিশ্ববিজয়ী নৱ জোৱান, শক্তিশালিনী ভাৰতৰ, ওলাই আহাঁ, ওলাই আহাঁ !!!! সন্তান তুমি বিপ্লৱৰ, সমুখ সমৰ সমুখতে, মুক্তি যুঁজাৰু হুঁচিয়াৰ, মৃত্যু বিজয় কৰিব লাগিব, স্বাধীনতাৰ খুলি দুৱাৰ” !!!!

বন্ধুসকল,

আপোনালোক সকলো অসমবাসীয়ে ইয়াৰ অৰ্থ ভালদৰে বুজি পায়। কিন্তু, সমগ্ৰ দেশৰে যিসকলে এই অনুষ্ঠান চাই আছে; অসমৰ শিৰাত, অসমৰ বুকুত, অসমৰ নৱপ্ৰজন্মৰ মনৰ অৰ্থ তেওঁলোকক কোৱাটো প্ৰয়োজনীয়। এই গীতটিত ভাৰতৰ যুৱক-যুৱতীসকললৈ এক আহ্বান আছে। বিশ্ব বিজয়ী ভাৰতৰ যুৱক-যুৱতীসকল, আপোনালোকে শুনকচোন ভাৰত মাতৃৰ আহ্বান। এই গীতটোৱে যুৱক-যুৱতীসকলক পৰিৱৰ্তনৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছে। এই গীতটোৱে আমি মৃত্যুকো জয় কৰি স্বাধীনতাৰ দুৱাৰ মুকলি কৰিবলৈ প্ৰেৰণা যোগাইছে।

বন্ধুসকল,

স্বাধীনতা আটাইতকৈ ডাঙৰ সপোন হৈ পৰা সময়তে এই গীতটি ৰচনা কৰা হৈছিল। ভাৰত আজি স্বাধীন আৰু এতিয়া এখনি উন্নত ভাৰত গঢ়ি তোলাটো আমাৰ সকলোৰে আটাইতকৈ ডাঙৰ সপোন। আমি দেশৰ বাবে জীয়াই থকাৰ সৌভাগ্য লাভ কৰিছো। মই দেশৰ যুৱক-যুৱতী, অসমৰ যুৱক-যুৱতী - মোৰ ভাৰতৰ যুৱক-যুৱতীসকললৈ আহ্বান জনাইছোঁ, আপোনালোকৰ বিশ্ব জয়ৰ সম্ভাৱনা আছে। আপোনালোক আগবাঢ়ি যাওক, দ্ৰুত গতিৰে উন্নয়নৰ নেতৃত্ব গ্ৰহণ কৰক, এখনি উন্নত ভাৰতৰ দুৱাৰ মুকলি কৰক।

বন্ধুসকল,

বহু লোকে মোক সুধিছে, মই ইমান বৃহৎ লক্ষ্য কেনেকৈ পৰিপূৰণ কৰিম, কাৰ ওপৰত এখনি উন্নত ভাৰতৰ দায়িত্ব ন্যস্ত কৰিম? কিন্তু, উত্তৰটো অতি সহজ, মই অন্তৰৰপৰা কৈছো আপোনালোকৰ ওপৰত মোৰ বিশ্বাস আছে, দেশৰ যুৱক-যুৱতীসকলৰ ওপৰত মোৰ বিশ্বাস আছে, ১৪০ কোটি দেশবাসীৰ ওপৰত মোৰ বিশ্বাস আছে। আপোনালোকৰ যাত্ৰাপথত উদ্ভৱ হোৱা প্ৰতিটো বাধা অতি সোনকালে দূৰ কৰিবলৈ আমাৰ চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে। আমি আপোনালোকৰ বাবে পূৰ্ণ আন্তৰিকতাৰে কঠোৰ পৰিশ্ৰম কৰিছো। আজি ইয়াত যিসমূহ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে, সেইসমূহে আমাৰ এই মনোভাৱৰে প্ৰতিফলন ঘটাইছে।

 

|

ভ্ৰাতৃ-ভগ্নীসকল,

দশক-দশক ধৰি আমাৰ দেশত যোগাযোগ ব্যৱস্থা অতিশয় সীমিত পৰিসৰত দেখা গৈছিল। এজন ব্যক্তিয়ে এঠাইৰপৰা আন ঠাইলৈ যোৱাকে একমাত্ৰ সংযোগ বুলি গণ্য কৰা হৈছিল। কিন্তু, যোৱা ৯ বছৰত আমি সংযোগ সন্দৰ্ভত সেই পুৰণি দৃষ্টিভংগী সলনি কৰিছো। আমাৰ বাবে আজি সংযোগ মানে হৈছে চাৰিও দিশত একেলগে কাম কৰা এক মহাযজ্ঞ। আজি দেশখনে কাম অব্যাহত ৰখা সংযোগৰ মাত্ৰা ৪ টা – ‘ফিজিকেল’ সংযোগ, ডিজিটেল সংযোগ, সামাজিক সংযোগ আৰু সাংস্কৃতিক সংযোগ।

বন্ধুসকল,

আজি ইয়াত এনে এক আশ্চৰ্য্যকৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু সেইবাবেই মই প্ৰথমে সাংস্কৃতিক সংযোগৰ কথা কওঁ। বিগত বছৰকেইটাত ভাৰতত সাংস্কৃতিক সংযোগৰ অৰ্থে অভূতপূৰ্ব প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। অলপতে অসমৰ মহান যোদ্ধা লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীত দিল্লীত অনুষ্ঠিত হৈ যোৱা ইমান এক বিশাল অনুষ্ঠানৰ কথা পূৰ্বে কল্পনা কৰা নহৈছিল। তেতিয়া অসমৰপৰা হাজাৰ-হাজাৰ লোক তালৈ গৈছিল আৰু ময়ো তেওঁলোকৰ সৈতে মত-বিনিময়ৰ সুযোগ পাইছিলো।

বন্ধুসকল,

বীৰ লাচিত বৰফুকনেই হওক বা ৰাণী গাইডিনলিউয়েই হওক, কাশী-তামিল সংগমেই হওক বা সৌৰাষ্ট্ৰ-তামিল সংগমেই হওক, কেদাৰনাথেই হওক বা কামাখ্যাই হওক, দোছায়েই হওক বা দৈ-চিৰাই হওক, আজি ভাৰতৰ প্ৰতিটো পৰম্পৰা, প্ৰতিটো সংস্কৃতিৰ আনৰ সৈতে সংযোগ হৈছে। গুজৰাটৰ মাধৱপুৰৰ মেলাত অংশগ্ৰহণ কৰি আহিছে হিমন্ত জীয়ে। কৃষ্ণ-ৰুক্মিণীৰ বন্ধনেও পশ্চিম ভাৰতক উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সংযোগ কৰিছে। কেৱল এয়াই নহয়, মুগা ছিল্ক, তেজপুৰৰ লিচু, জহা চাউল, বোকা চাউল, কাজি নেমুৰ দৰে বহু সামগ্ৰীৰ পিছত আমাৰ গামোচাখনে জিআই টেগ লাভ কৰিছে। এয়া অসমীয়া কলা আৰু আমাৰ ভগ্নীসকলৰ কুঁটিৰ-শিল্পক দেশখনৰ বাকী অংশলৈ নিয়াৰ এক প্ৰয়াসো।

ভ্ৰাতৃ-ভগ্নীসকল,

আজি পৰ্যটনৰ জৰিয়তে দেশৰ ভিন্ন সংস্কৃতি সম্পৰ্কে আলোচনা চলিছে। পৰ্যটকসকলে যিকোনো এটা স্থানলৈ যোৱা মাত্ৰেকে সেই ঠাইৰ সংস্কৃতিৰ অভিজ্ঞতা লাভ কৰে। কিন্তু উত্তৰ-পূৰ্বাঞ্চললৈ ‘ফিজিকেল’ সংযোগৰ অভাৱত ভিন্ন সংস্কৃতি কেনেকৈ সংযুক্ত হ’লহেঁতেন? সেইবাবেই আমি ৰেল-পথ আৰু বিমান সংযোগতো গুৰুত্ব আৰোপ কৰিছো। যোৱা ৯ বছৰত আমি দীৰ্ঘদিনে সংযোগেৰে বিচ্ছিন্ন হৈ থকা লোকসকলৰ সৈতে ক্ষীপ্ৰতাৰে সংযোগৰ সম্প্ৰসাৰণ ঘটাইছো। আজি উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ গাঁওক সকলো বতৰৰ বাবে উপযোগী পথেৰে সংযোগ কৰা হৈছে। যোৱা ৯ বছৰত উত্তৰ-পূৰ্বাঞ্চলত একাধিক নতুন বিমানবন্দৰ স্থাপন কৰা হৈছে, প্ৰথমবাৰৰ বাবে বাণিজ্যিক বিমানে অৱতৰণ কৰিছে। যোৱা ৯ বছৰত মণিপুৰ আৰু ত্ৰিপুৰালৈ ব্ৰডগজেদি ৰেল চলিছে। আজি উত্তৰ-পূৰ্বাঞ্চলত পূৰ্বতকৈ তিনিগুণ অধিক ক্ষীপ্ৰতাৰে নতুন ৰেল লাইন স্থাপন কৰা হৈছে। আজি উত্তৰ- পূৰ্বাঞ্চলত পূৰ্বতকৈ প্ৰায় ১০ গুণ অধিক ক্ষীপ্ৰতাৰে ৰেল লাইনৰ দ্বৈতকৰণ হৈছে। আজি ইয়াত ৫ টা ৰেল প্ৰকল্প উদ্বোধন কৰা হৈছে, উত্তৰ পূৰ্বাঞ্চলত একেলগে ৫ টা প্ৰকল্প। ইয়াত ৬ হাজাৰ কোটিৰো অধিক টকা বিনিয়োগ কৰা হৈছে। এইসমূহে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ এক বৃহৎ অংশৰ উন্নয়ন ত্বৰান্বিত কৰিব। প্ৰথমবাৰৰ বাবে অসমৰ এক বৃহৎ অংশ ৰেলপথেৰে সংযুক্ত হৈছে। ৰেল লাইনৰ দ্বৈতকৰণে অসমৰ লগতে মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ সৈতে সহজ সংযোগ প্ৰশস্ত কৰিব। ইয়াৰ লগে-লগে মালবাহী ৰেলসমূহো বহু নতুন অঞ্চলত উপস্থিত হ’ব।

ভ্ৰাতৃ-ভগ্নীসকল,

মোৰ এতিয়াও মনত আছে, ২০১৮ত বগীবিল দলং উদ্বোধনৰ বাবে মই ইয়ালৈ আহিছিলো। লগতে ঢলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেতু উদ্বোধনৰ সৌভাগ্য হৈছে। আমি কেৱল দশক-দশক ধৰি অসম্পৰ্ণ প্ৰকল্পসমূহ সম্পূৰ্ণকৰণেই নহয়, বৰঞ্চ নতুন প্ৰকল্পসমূহো ক্ষীপ্ৰতাৰে নিৰ্মাণ কৰি আছো। আজি অসমে বিগত ৯ বছৰত নিৰ্মাণ হোৱা ব্ৰহ্মপুত্ৰৰ ওপৰত দলংৰ নেটৱৰ্কৰ সুফল লাভ কৰিছে। আজিও যিখন দলংৰ কাম আৰম্ভ হৈছে, সেয়া সম্পূৰ্ণ হৈ উঠিলে শুৱালকুছিৰ ৰেচম উদ্যোগে যথেষ্ট উদ্দীপনা লাভ কৰিব।

বন্ধুসকল,

আমাৰ ডাবল ইঞ্জিন চৰকাৰে যোৱা ৯ বছৰত সামাজিক সংযোগ সন্দৰ্ভত কৰা কামে কোটি-কোটি লোকৰ জীৱন-যাত্ৰাক সহজ কৰি তুলিছে। স্বচ্ছ ভাৰত অভিযানৰ বাবে আজি লাখ-লাখ গাঁও মুকলিত মলত্যাগ মুক্ত হৈ উঠিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে কোটি-কোটি লোকে গৃহ লাভ কৰিছে। সৌভাগ্য যোজনাৰ জৰিয়তে কোটি-কোটি ঘৰ আলোকিত হৈছে। উজ্জ্বলা যোজনাই কোটি-কোটি মাতৃ-ভগ্নীক ধোঁৱাৰ সমস্যাৰপৰা মুক্ত কৰিছে। জল জীৱন অভিযানৰ বাবে কোটি-কোটি গৃহস্থীয়ে টেপৰ পানীৰ সংযোগ লাভ কৰিছে। ডিজিটেল ইণ্ডিয়া আৰু সুলভ ডাটাই ম’বাইলতে বহু সুবিধা প্ৰশস্তকৰণেৰে সকলো লোককে সংযোগ কৰিছে। এয়াই হৈছে ভাৰতৰ শক্তি, যিয়ে এখনি উন্নত ভাৰতৰ সপোনক বাস্তৱায়িত কৰিব।

 

|

ভ্ৰাতৃ-ভগ্নীসকল,

বিকাশৰ বাবে বিশ্বাসো সুদৃঢ় হোৱাটো সমানেই গুৰুত্বপূৰ্ণ। আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ বাবে আজি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ঠাইতে স্থায়ী শান্তিয়ে বিৰাজ কৰিছে। বহু যুৱকে হিংসাৰ পথ পৰিহাৰ কৰি উন্নয়নৰ পথত অগ্ৰসৰ হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ অনাস্থাৰ পৰিবেশ দূৰ হৈছে, হৃদয়ৰ মাজৰ ব্যৱধান নাইকিয়া হৈছে। স্বাধীনতাৰ অমৃতকালত এখনি উন্নত ভাৰত গঢ়িবলৈ আমি এই পৰিবেশৰ অধিক বৰ্ধন ঘটাব লাগিব, ইয়াক বহু দূৰ আগুৱাই নিব লাগিব। সকলোৰে সমৰ্থন, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰচেষ্টাৰ মনোভাৱেৰে আমি একেলগে আগবাঢ়িব লাগিব। এই শুভেচ্ছাৰেই আজিৰ এই পৱিত্ৰ উৎসৱত দেশবাসী আৰু অসমবাসীক অভিনন্দন জনাইছো। আপোনালোক সকলোকে আৰু সমগ্ৰ দেশবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। বহুদিন ধৰি আপোনালোকে কৰা কষ্টৰ বাবে, সহস্ৰাধিক ঢুলীয়া-নাচনীৰ একেলগে বিহু নৃত্যৰ এই অনুষ্ঠানে অসমক বিশ্বৰ প্ৰেক্ষাপটত এক নতুন শিখৰত উপনীত কৰাব। ময়ো পৰৱৰ্তী অনুষ্ঠানটো চাবলৈ বৰ আগ্ৰহী হৈ উঠিছো। ময়ো এয়া উপভোগ কৰিম, দেশবাসীয়েও টিভিত উপভোগ কৰিব আৰু মই নিশ্চিত যে এতিয়া আপোনালোকে ছ’চিয়েল মিডিয়াতো ব্যাপক প্ৰচাৰ লাভ কৰিবলৈ ওলাইছে।

সমস্বৰে কওঁ আহক – ভাৰত মাতা কী জয়। ভাৰত মাতা কী জয়। ভাৰত মাতা কী জয়। ভাৰত মাতা কী জয়।

বন্দে-মাতৰম। বন্দে-মাতৰম। বন্দে-মাতৰম।

বন্দে-মাতৰম। বন্দে-মাতৰম। বন্দে-মাতৰম।

বন্দে-মাতৰম। বন্দে-মাতৰম। বন্দে-মাতৰম।

বন্দে-মাতৰম।

বহু-বহু ধন্যবাদ!

 

  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • Vaishali Tangsale February 12, 2024

    🙏🏻🙏🏻💐
  • ज्योती चंद्रकांत मारकडे February 11, 2024

    जय हो
  • Arun Gupta, Beohari (484774) October 19, 2023

    नमो नमो 🙏
  • Yudhishthir Chand B J P pithoragarh Uttrakhand April 18, 2023

    🇮🇳🇮🇳🇮🇳🇮🇳
  • Gangadhar Rao Uppalapati April 17, 2023

    Jai Bharat.
  • आशु राम April 17, 2023

    आज वाकई में असम नम्बर वन है
  • kapil April 16, 2023

    tum ma ke yad ate ha
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
'Operation Sindoor on, if they fire, we fire': India's big message to Pakistan

Media Coverage

'Operation Sindoor on, if they fire, we fire': India's big message to Pakistan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi's address to the nation
May 12, 2025
QuoteToday, every terrorist knows the consequences of wiping Sindoor from the foreheads of our sisters and daughters: PM
QuoteOperation Sindoor is an unwavering pledge for justice: PM
QuoteTerrorists dared to wipe the Sindoor from the foreheads of our sisters; that's why India destroyed the very headquarters of terror: PM
QuotePakistan had prepared to strike at our borders,but India hit them right at their core: PM
QuoteOperation Sindoor has redefined the fight against terror, setting a new benchmark, a new normal: PM
QuoteThis is not an era of war, but it is not an era of terrorism either: PM
QuoteZero tolerance against terrorism is the guarantee of a better world: PM
QuoteAny talks with Pakistan will focus on terrorism and PoK: PM

প্ৰিয় দেশবাসী,

নমস্কাৰ !

যোৱা কেইটামান দিনত দেশৰ শক্তি আৰু সংযম দুয়োটাই আমি সকলোৱে প্ৰত্যক্ষ কৰিছো।মই প্ৰথমে আমাৰ শক্তিশালী ভাৰতীয় সেনাবাহিনীক প্ৰণাম জনাইছো, সশস্ত্ৰ বাহিনী, আমাৰ চোৰাংচোৱা সংস্থা, আমাৰ বিজ্ঞানী, সকলোকে মই প্ৰতিজন ভাৰতীয়ৰ হৈ প্ৰণাম জনাইছো।

আমাৰ সাহসী জোৱানসকলে ‘অপাৰেচন সিন্দুৰ’ৰ লক্ষ্যত উপনীত হ’বলৈ গৈ অপৰিসীম সাহস প্ৰদৰ্শন কৰিলে। মই তেওঁলোকৰ বীৰত্বক, তেওঁলোকৰ সাহসক, তেওঁলোকৰ পৰাক্ৰমক সমৰ্পিত কৰিছো৷ মই তেওঁলোকৰ এই পৰাক্ৰমক , আমাৰ দেশৰ প্ৰতিগৰাকী মাতৃলৈ, দেশৰ প্ৰতিগৰাকী ভগ্নী আৰু প্ৰতিগৰাকী কন্যাৰ বাবে উৎসৰ্গা কৰিছো।

 

বন্ধুসকল,

যোৱা ২২ এপ্ৰিলত পহলগামত সন্ত্রাসবাদীয়ে প্রদর্শন কৰা বৰ্বৰতাই দেশ আৰু বিশ্বক স্তম্ভিত কৰি তুলিছিল৷

বন্ধৰ দিন উদযাপন কৰিবলৈ যোৱা নিৰ্দোষ নিৰীহ নাগৰিকক ধৰ্মৰ বিষয়ে সুধি পৰিয়ালৰ সন্মুখতে, শিশুসকলৰ সন্মুখতে...

নিৰ্দয়ভাবে হত্যা কৰা হৈছিল।

এয়া আছিল আতংকৰ এক বীভৎস ছবি, এয়া আছিল নিষ্ঠুৰতাৰ ভয়ংকৰ প্ৰকাশ৷ এয়া আছিল দেশৰ সমন্বয় বিনষ্ট কৰাৰ এক ঘৃণনীয় অপচেষ্টা। মোৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে এই নাৰকীয় ঘটনাৰ বেদনা অসহনীয় আছিল।

এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশ, প্ৰতিগৰাকী নাগৰিক, সমাজ, প্ৰতিটো শ্ৰেণীৰ লোক, প্ৰতিটো ৰাজনৈতিক দল একত্ৰিত হৈ 'একেষাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থাৰ দাবীৰে থিয় দিলে।

সন্ত্ৰাসবাদীক নিঃশেষ কৰিবলৈ ভাৰতীয় নিৰাপত্তা বাহিনীক আমি পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিলো। আমি তেওঁলোকক এইক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিলো।

আৰু আজি প্ৰতিজন সন্ত্ৰাসবাদীয়ে, প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনে উপলব্ধি কৰিবলৈ বাধ্য হৈছে আমাৰ ভগ্নী-কন্যাৰ কপালৰ সেন্দুৰ মচি পেলোৱাৰ পৰিণতি কি হ'ব পাৰে ।

 

বন্ধুসকল,

অপাৰেচন সিন্দুৰ ...এয়া কেৱল এটা নাম নহয়৷এয়া দেশৰ কোটি কোটি মানুহৰ আৱেগৰ প্ৰতিফলন।

অপাৰেচন 'সিন্দুৰ' ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। ৬ মে’ৰ গভীৰ নিশা.. ৭ মে’ৰ পুৱা.. সমগ্ৰ বিশ্বই এই প্ৰতিজ্ঞা ফলাফলত পৰিণত হোৱা দেখিবলৈ পাইছে। ভাৰতীয় বাহিনীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰিছে।

তেওঁলোকৰ প্ৰশিক্ষণ কেন্দ্ৰত নিখুঁতভাৱে আঘাত কৰিছে । সন্ত্ৰাসবাদীয়ে সপোনতো কল্পনা কৰা নাছিল যে ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। কিন্তু যেতিয়া দেশখন একত্ৰিত হয়, দেশ প্ৰথমৰ মনোভাৱেৰে মানুহৰ মনবোৰ ভৰি পৰে, তেতিয়া দেশেই সৰ্বোচ্চ হৈ পৰে। তেতিয়াই শক্তিশালী সিদ্ধান্ত লোৱা হয় আৰু তাৰ ফল লাভ কৰা হয়।

ভাৰতীয় ক্ষেপণাস্ত্ৰই যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছিল, ভাৰতীয় ড্ৰোনে যেতিয়া আক্ৰমণ চলাইছিল, তেতিয়া কেৱল সন্ত্ৰাসবাদী সংগঠনৰ ভৱনবোৰেই নহয়, তেওঁলোকৰ আত্মবিশ্বাসো কঁপি উঠিছিল।

 

বহাৱালপুৰ আৰু মুৰিদকেৰ দৰে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানসমূহ এককথাত বিশ্ব সন্ত্ৰাসবাদৰ বিশ্ববিদ্যালয় স্বৰূপ হৈ পৰিছে।

বিশ্বৰ যিকোনো ঠাইত সংঘটিত হোৱা যিকোনো ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ- সেয়া ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক , লণ্ডন টিউব বোমা বিস্ফোৰণেই হওঁক বা ভাৰতত দশকজুৰি সংঘটিত হোৱা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক, ক’ৰবাত নহয় ক’ৰবাত এই ঘটনাসমূহ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা এই স্থানসমূহৰ সৈতে সংযুক্ত হৈ পৰিছে। সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নীহঁতৰ সেন্দুৰ মচি পেলাইছিল৷ সেইবাবেই ভাৰতে সন্ত্ৰাসবাদৰ এই মুখ্য কাৰ্যালয় ধ্বংস কৰিছে। ভাৰতৰ এই আক্ৰমণত ১০০ৰো অধিক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে। ইমানবোৰ সন্ত্ৰাসবাদীয়ে যোৱা ডেৰৰ পৰা তিনি দশক ধৰি পাকিস্তানত মুক্তভাৱে ঘূৰি ফুৰিছিল৷ যিসকলে পূৰ্বে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকক ভাৰতে এটা আঘাততে ধ্বংস কৰি পেলালে।

 

বন্ধুসকল,

ভাৰতৰ এই কাৰ্য্যত পাকিস্তান গভীৰভাৱে হতাশগ্ৰস্ত হৈ পৰিছে৷ সকলোতে কেৱল হতাশাৰ কলীয়া ডাৱৰে ছানি ধৰিছিল৷ তেওঁলোক বিভ্ৰান্ত হৈ পৰিছিল৷এনে বিভ্ৰান্তিকৰ অৱস্থাৰ মাজতে তেওঁলোকে আৰু এটা বেয়া কাম কৰিলে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থাক সমৰ্থন কৰাৰ পৰিৱৰ্তে পাকিস্তানে ভাৰতকহে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে।

পাকিস্তানে আমাৰ স্কুল আৰু কলেজসমূহ লক্ষ্য কৰি লৈছিল, গুৰুদ্বাৰ, মন্দিৰ, সাধাৰণ নাগৰিকৰ ঘৰ আদিও পাকিস্তানৰ আক্ৰণৰ লক্ষ্য হৈ পৰিছিল৷ এনে কাৰ্যৰ জড়িয়তে পাকিস্তানে নিজকে উদঙাই দিলে। বিশ্বই দেখিলে পাকিস্তানৰ ড্ৰোন আৰু মিছাইল কেনেকৈ ভাৰতৰ সন্মুখত খেৰৰ দৰে জ্বলি ছাই হৈ গল৷ ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সেইবোৰ আকাশতে ধ্বংস কৰি পেলালে। সীমান্তত আক্ৰমণ কৰিবলৈ সাজু হৈছিল পাকিস্তান৷ কিন্তু ইয়াৰ বিপৰীতে ভাৰতে পাকিস্তানৰ বুকুত আঘাত হানিলে। ভাৰতৰ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰই নিখুঁতভাৱে পাকিস্তানৰ লক্ষ্যস্থানত আঘাত কৰিছিল। ফলত পাকিস্তানী বায়ুসেনাৰ সেই বিমানঘাটিসমূহ ক্ষতিগ্ৰস্ত হৈছিল, যিবোৰকলৈ পাকিস্তানে গৌৰৱ কৰি আহিছিল৷ প্ৰথম তিনিদিনতে যে ভাৰতে পাকিস্তানক এনেদৰে ধ্বংস কৰিব সেয়া তেওঁলোকে কল্পনাও কৰা নাছিল । সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ আগ্ৰাসী কাৰ্য্য ব্যৱস্থাৰ পিছত পাকিস্তানে পলায়নৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিলে। পাকিস্তানে উত্তেজনা হ্ৰাস কৰিবলৈ বিশ্বক অনুৰোধ কৰিবলৈ ধৰিলে৷ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত বাধ্যবাধকতাত পৰি ১০ মে’ৰ দুপৰীয়া পাকিস্তানী সেনাই আমাৰ ডিজিএমঅ’ৰ সৈতে যোগাযোগ কৰিলে। তেতিয়ালৈকে আমি পাকিস্তানৰ সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি বৃহৎ পৰিসৰত ধ্বংস কৰি পেলাইছিলো৷ বহু সন্ত্ৰাসবাদী নিহত হৈছিল৷ আমি পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিবোৰ ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছিলোঁ৷ গতিকে, দিশহাৰা পাকিস্তানৰ পৰা এটা আবেদন কৰা হৈছিল৷ এই কথা পাকিস্তানৰ পৰা কোৱা হৈছিল যে তেওঁলোকৰ পক্ষৰ পৰা আৰু কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ তথা সামৰিক দুষ্কাৰ্য কৰা নহ’ব ৷গতিকে ভাৰতেও এই কথা বিবেচনা কৰিলে। আৰু মই আকৌ কওঁ...আমি মাত্ৰ পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু সামৰিক ঘাটিৰ বিৰুদ্ধে আমাৰ ব্যৱস্থা স্থগিতহে ৰাখিছো৷

অনাগত দিনত আমি পাকিস্তানৰ প্ৰতিটো খোজৰ হিচাব লম৷ তেওঁলোকে কি মনোভাৱ গ্ৰহণ কৰে সেয়া লক্ষ্য কৰিম৷

 

বন্ধুসকল,

ভাৰতৰ তিনিটা সেনাবাহিনী-আমাৰ বায়ুসেনা, আমাৰ সেনাবাহিনী আৰু আমাৰ নৌসেনা, আমাৰ সীমান্ত সুৰক্ষা বাহিনী-বিএছএফ, ভাৰতৰ অৰ্ধসামৰিক বাহিনী নিৰন্তৰ সষ্টম হৈ আছে ।ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ এক বলিষ্ঠ পদক্ষেপ হিচাবে পৰিগণিত হৈছে। ভাৰতে এয়া নীতিগতভাবে গ্ৰহণ কৰিছে৷ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ শক্তিশালী প্ৰমাণ হৈ পৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নতুন ৰেখা টানিছে অপাৰেচন সিন্দুৰে। এটা নতুন মান, এটা নতুন ধৰণ নিৰ্ধাৰণ কৰা হৈছে।

প্ৰথম কথা - ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উপযুক্ত উত্তৰ দিয়া হ’ব।আমি নিজৰ ধৰণে, নিজৰ চৰ্তত সঁহাৰি জনাম।

সন্ত্ৰাসবাদৰ শিপা য’ৰ পৰা বিস্তাৰিত হৈছে তাতেই আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। দ্বিতীয়তে – ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে। পাৰমাণৱিক ব্লেকমেইলৰ আৱৰণেৰে ঘেৰি ৰখা সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানসমূহত ভাৰতে এক নিখুঁত আৰু নিৰ্ণায়ক আক্ৰমণ চলাব। তৃতীয়তে, সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰখন আৰু সন্ত্ৰাসবাদৰ মালিকসকলক আমি পৃথক সত্তা হিচাপে কেতিয়াও নাচাম।

'অপাৰেচন সিন্দুৰ'ৰ সময়ত বিশ্বই আকৌ দেখিছে পাকিস্তানৰ কুৎসিত মুখ।যেতিয়া মৃত সন্ত্ৰাসবাদীক বিদায় দিয়া হৈছিল।

পাকিস্তানী সেনাৰ শীৰ্ষ বিষয়াৰ মাজত লৰাধপৰা লাগিছল। দেশ খনৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ এয়া এক ডাঙৰ প্ৰমাণ। ভাৰত আৰু আমাৰ নাগৰিকক যিকোনো ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ আমি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি যাম।

 

বন্ধুসকল,

আমি প্ৰতিবাৰেই যুদ্ধক্ষেত্ৰত পাকিস্তানক পৰাস্ত কৰিছো আৰু এইবাৰ অপাৰেচন সিন্দুৰে ইয়াত এক নতুন মাত্ৰা সংযোজন কৰিলে। আমি মৰুভূমি আৰু পৰ্বতমালাত আমাৰ সামৰ্থ্য উজ্জ্বলভাৱে প্ৰদৰ্শন কৰিছো৷ লগতে আধুনিক যুদ্ধত নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছো।এই অপাৰেচনৰ সময়ত আমাৰ মেড ইন ইণ্ডিয়া অস্ত্ৰৰ সত্যতাও প্ৰমাণিত হ’ল। আজি বিশ্বই লক্ষ্য কৰিছে- একবিংশ শতিকাৰ যুদ্ধত মেড ইন ইণ্ডিয়া প্ৰতিৰক্ষা সঁজুলিৰ সময় আহি পৰিছে।

 

বন্ধুসকল,

আমাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ মাজত গঢ় লোৱা ঐক্য। এয়া নিশ্চিতভাৱে যুদ্ধৰ যুগ নহয়৷ কিন্তু এয়া সন্ত্ৰাসবাদৰো যুগ নহয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই হৈছে এখন উন্নত পৃথিৱীৰ নিশ্চয়তা প্ৰদানৰ প্ৰথম চৰ্ত৷

 

বন্ধুসকল,

পাকিস্তানৰ সেনা, পাকিস্তান চৰকাৰে যি সন্ত্ৰাসবাদক লালন-পালন কৰি আহিছে এদিন সেই সন্ত্ৰাসবাদেই পাকিস্তানক ধ্বংস কৰিব। পাকিস্তানে যদি জীয়াই থাকিব বিচাৰে তেন্তে নিজৰ দেশত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিব লাগিব। ইয়াৰ বাহিৰে শান্তিৰ কোনো বিকল্প পথ নাই। এইক্ষেত্ৰত ভাৰতৰ স্থিতি অতি স্পষ্ট৷ আতংক আৰু আলোচনা একেলগে আগবাঢ়িব নোৱাৰে৷

সন্ত্ৰাস আৰু বাণিজ্য একেলগে আগুৱাব নোৱাৰে। আনকি পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে। আজি বিশ্ব সমাজকো ক'ব বিচাৰিছো- আমাৰ ঘোষিত নীতি হৈছে- পাকিস্তানৰ সৈতে যদি আলোচনা হয়, সেয়া হ'ব সন্ত্ৰাসবাদৰ বিষয়ত, যদি পাকিস্তানৰ সৈতে আলোচনা হয়, তেন্তে সেয়া হ'ব পাক অধিকৃত কাশ্মীৰৰ বিষয়ত৷

 

প্ৰিয় দেশবাসী,

আজি বুদ্ধ পূৰ্ণিমা।

ভগৱান বুদ্ধই আমাক শান্তিৰ পথ দেখুৱাইছে। শান্তিৰ পথো শক্তিৰ মাজেৰেই পৰিচালিত হয়৷ মানৱতা শান্তি আৰু সমৃদ্ধিৰ পথেৰে আগবাঢ়ি যাওক৷ প্ৰতিজন ভাৰতীয়ই শান্তিৰে জীয়াই থাকিবলৈ সক্ষম হওক৷ যিয়ে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পাৰিব৷

ইয়াৰ বাবে ভাৰত শক্তিশালী হ'ব লাগিব আৰু প্ৰয়োজনৰ সময়ত শক্তি ব্যৱহাৰ কৰাটোও গুৰুত্বপূৰ্ণ কথা হৈ পৰিব। যোৱা কেইটামান দিনত ভাৰতে ঠিক এনে কামেই কৰিছে।ভাৰতীয় সেনা আৰু সশস্ত্ৰ বাহিনীক পুনৰবাৰ প্ৰণাম জনাইছো।

ভাৰতবাসীৰ সাহস আৰু ঐক্যক প্ৰণাম জনাইছো।

ধন্যবাদ...

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!