Quoteপ্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে আল্লুৰী সীতাৰামা ৰাজুৰ ৩০ ফুট ওখ প্ৰতিমূৰ্তি
Quote“স্বাধীনতা সংগ্ৰাম কেৱল কেইটামান বছৰৰ, কেতবোৰ অঞ্চলৰ অথবা কিছু সংখ্যক মানুহৰ মাজত সীমাবদ্ধ ইতিহাস নহয়”
Quote“আল্লুৰী সীতাৰামা ৰাজু হৈছে ভাৰতীয় সংস্কৃতি, জনজাতীয় পৰিচয়, বীৰত্ব, আদৰ্শ আৰু মূল্যবোধৰ প্ৰতীক”
Quote“আমাৰ নতুন ভাৰত হ’ব লাগিব আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোনৰ ভাৰতখন। এখন ভাৰত- য’ত থাকিব দুখীয়া-নিচলা, খেতিয়ক, শ্ৰমিক, পিচপৰা, জনজাতীয় সকলোৰে বাবে সম সুযোগ”
Quote“আজি, নতুন ভাৰতত নতুন সুযোগ, পথ, চিন্তা-প্ৰক্ৰিয়া আৰু সম্ভাৱনীয়তা বিদ্যমান, আৰু আমাৰ যুৱ-প্ৰজন্মই এইসমূহ সম্ভাৱনাক বাস্তৱায়িত কৰাৰ গুৰু দায়িত্ব গ্ৰহণ কৰিছে”
Quote“অন্ধ্ৰ প্ৰদেশ হৈছে বীৰ আৰু দেশপ্ৰেমিকৰ জন্মভূমি”
Quote“১৩০ কোটি ভাৰতীয়ই প্ৰতিটো প্ৰত্যাহ্বানকে কয়- ‘শক্তি আছে যদি আমাক ৰখাইতো চা’!”

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

मण्यम वीरुडु, तेलेगु जाति युगपुरुषुडु, "तेलुगु वीर लेवारा, दीक्ष बूनी सागरा" स्वतंत्र संग्राममलो, यावत भारता-वनिके, स्पूर्तिधाय-कंगा, निलिचिन-अ, मना नायकुडु, अल्लूरी सीताराम राजू, पुट्टी-न, ई नेल मीदा, मन मंदरम, कलुसुकोवडम्, मन अद्रुष्टम।

আজিৰ এই ঐতিহাসিক অনুষ্ঠানত উপস্থিত থকা অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী বিশ্ব ভূষণ হৰিচন্দনজী, কেন্দ্ৰীয় কেবিনেটত থকা মোৰ সহকৰ্মী মুখ্যমন্ত্ৰী শ্ৰী জগন মোহন ৰেড্ডীজী, মঞ্চত উপস্থিত থকা আন সকলো গণ্যমান্য ব্যক্তি আৰু অন্ধ্ৰ প্ৰদেশৰ মোৰ মৰমৰ ভাই-ভনীসকল,

আপোনালোক সকলোকে নমস্কাৰ।

যিখনি ধৰাৰ ঐতিহ্য ইমান মহান সেইখনি ধৰণীক নমস্কাৰ জনাই আজি মই নিজকে সৌভাগ্যশালী অনুভৱ কৰিছোঁ। দেশে স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱ উদযাপন কৰাৰ সময়তে আজি আল্লুৰী সীতাৰাম ৰাজু গাৰুৰ ১২৫ তম জন্ম জয়ন্তীও উদযাপিত হৈছে। একেই সময়তে, দেশৰ স্বাধীনতাৰ বাবে হোৱা "ৰম্পা বিপ্লৱ"ৰো ১০০বছৰ সম্পূৰ্ণ হৈছে। এই ঐতিহাসিক মুহুৰ্তত মই "মান্যম বীৰুদু" আল্লুৰী সীতাৰামা ৰাজুৰ চৰণত সেৱা জনাইছোঁ আৰু সমগ্ৰ দেশৰ হৈ তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি তেওঁৰ পৰিয়ালৰ সদস্যসকলেও আমাক আশীৰ্বাদ দিবলৈ আহিছিল, এয়া আমাৰ সৌভাগ্য। আমি সকলোৱে সেই মহান পৰম্পৰাৰ পৰিয়ালৰ পদৰেণু লোৱাৰ সৌভাগ্য লাভ কৰিছোঁ। মই অন্ধ্ৰৰ এই দেশৰ মহান জনজাতীয় পৰম্পৰা, এই পৰম্পৰাত জন্ম গ্ৰহণ কৰা সকলো মহান বিপ্লৱী আৰু ত্যাগী পুৰুষক সন্মানসহকাৰে অভিবাদন জনাইছোঁ।

বন্ধুসকল,

আল্লুৰী সীতাৰামা ৰাজু গাৰুৰ ১২৫ তম জন্ম জয়ন্তী আৰু ৰম্পা বিপ্লৱৰ ১০০তম বাৰ্ষিকী গোটেই বছৰজুৰি উদযাপন কৰা হ'ব। পাণ্ডাৰংগীত তেওঁৰ জন্মস্থান পুনৰুদ্ধাৰ, চিন্তাপল্লী আৰক্ষী থানাৰ পুনৰুদ্ধাৰ, মোগল্লুত আল্লুৰী ধ্যান মন্দিৰ নিৰ্মাণ, এই কামবোৰ আমাৰ অমৃত ভাবনাৰ প্ৰতীক। এই সকলো প্ৰচেষ্টা আৰু এই বাৰ্ষিক উদযাপনৰ বাবে মই আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ। বিশেষকৈ,  সেই সকলো বন্ধুক মই অভিনন্দন জনাইছোঁ যিসকলে আমাৰ মহান গৌৰৱবোৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে কাম কৰি আছে। স্বাধীনতাৰ অমৃত মহোৎসৱত, আমি সকলোৱে সংকল্প লৈছোঁ যে দেশে ইয়াৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস আৰু ইয়াৰ অনুপ্ৰেৰণাৰ সৈতে পৰিচিত হওক। আজিৰ কাৰ্যসূচী ইয়াৰেই প্ৰতিফলন।

বন্ধুসকল,

স্বাধীনতা সংগ্ৰাম কেৱল কেইবছৰমানৰ, কিছুমান ক্ষেত্ৰৰ বা কিছুমান লোকৰ ইতিহাস নহয়। এই ইতিহাস ভাৰতৰ প্ৰতিটো কোণৰ লোকসকলৰ ত্যাগ, তপস্যা আৰু বলিদানৰ ইতিহাস। আমাৰ স্বাধীনতা আন্দোলনৰ ইতিহাস আমাৰ বৈচিত্ৰ্যৰ শক্তি, আমাৰ সাংস্কৃতিক শক্তি, এখন ৰাষ্ট্ৰ হিচাপে আমাৰ সংহতিৰ প্ৰতীক। আল্লুৰী সীতাৰাম ৰাজু গাৰু হৈছে ভাৰতৰ সাংস্কৃতিক আৰু জনজাতীয় পৰিচয়, ভাৰতৰ বীৰত্ব, ভাৰতৰ আদৰ্শ আৰু মূল্যবোধৰ প্ৰতীক। সীতাৰাম ৰাজু গাৰু হৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আদৰ্শৰ প্ৰতীক, যি হাজাৰ হাজাৰ বছৰ ধৰি এই দেশক এডাল ডোলেৰে সংযোগ কৰি আহিছে। সীতাৰাম ৰাজু গাৰুৰ জন্মৰ পৰা আৰম্ভ কৰি তেওঁৰ ত্যাগলৈকে, তেওঁৰ জীৱন যাত্ৰা আমাৰ সকলোৰে বাবে এক অনুপ্ৰেৰণা। তেওঁ জনজাতীয় সমাজৰ অধিকাৰ, তেওঁলোকৰ সুখ আৰু দুখ আৰু দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। যেতিয়া সীতাৰাম ৰাজু গাৰুৱে বিপ্লৱৰ ধ্বজ্জা উৰুৱাইছিল, তেতিয়া তেওঁৰ শ্লোগান আছিল মন্দে ৰাজ্যম, অৰ্থাৎ আমাৰ ৰাজ্য। বন্দে মাতৰমৰ ভাবনাৰে পৰিপূৰ্ণ এখন ৰাষ্ট্ৰ হিচাপে আমাৰ প্ৰচেষ্টাৰ এয়া এক উৎকৃষ্ট উদাহৰণ।

ভাৰতৰ আধ্যাত্মিকতাই সীতাৰাম ৰাজু গাৰুক সহানুভূতি আৰু সত্যৰ বোধ দিছিল, জনজাতীয় সমাজৰ বাবে সমভাব আৰু সন্মান দিছিল, ত্যাগ আৰু সাহস প্ৰদান কৰিছিল। যেতিয়া সীতাৰাম ৰাজু গাৰুৱে বিদেশী অধিকাৰৰ অত্যাচাৰৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২৪-২৫ বছৰ। ২৭ বছৰ বয়সত, তেওঁ এই ভাৰত মাতৃৰ বাবে শ্বহীদ হৈছিল। ৰম্পা বিপ্লৱত অংশগ্ৰহণ কৰা কিমান যুৱকে একে বয়সতে দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিছিল। স্বাধীনতা সংগ্ৰামৰ এই বীৰ-বীৰংগনাসকল আজিৰ অমৃত কালত আমাৰ দেশৰ বাবে শক্তি আৰু অনুপ্ৰেৰণাৰ উৎস। দেশৰ স্বাধীনতাৰ বাবে স্বাধীনতা আন্দোলনত যুৱসকলে আগবাঢ়ি আহি  নেতৃত্ব দিছিল। আজি নতুন ভাৰতৰ সপোন পূৰণৰ বাবে যুৱপ্ৰজন্ম আগবাঢ়ি অহাৰ এয়া সৰ্বশ্ৰেষ্ঠ সুযোগ। আজি দেশত নতুন সুযোগ আছে, নতুন মাত্ৰা মুকলি হৈছে। নতুন চিন্তা ধাৰণ হৈছে, নতুন সম্ভাৱনাৰ জন্ম হৈছে। এই সম্ভাৱনাবোৰ সাকাৰ কৰিবলৈ, আমাৰ বহু সংখ্যক যুৱক-যুৱতীয়ে এই দায়িত্ববোৰ তেওঁলোকৰ কান্ধত লৈ দেশক আগুৱাই লৈ গৈছে। অন্ধ্ৰ প্ৰদেশ হৈছে বীৰ আৰু দেশপ্ৰেমীসকলৰ ধৰণী। পিংগলী ভেংকায়াৰ দৰে স্বাধীনতা সংগ্ৰামী আছিল, যিয়ে দেশৰ পতাকা প্ৰস্তুত কৰিছিল। ই কন্নেগন্তী হনুমন্তু, কন্দুকুৰি বীৰেচলিংগম পন্টুলু আৰু পোট্টি শ্ৰীৰামুলুৰ দৰে নায়কৰ দেশ। ইয়াত উয়া-লাবাদা নৰসিংহ ৰেড্ডীৰ দৰে যোদ্ধাসকলে ব্ৰিটিছসকলৰ অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিছিল। আজি অমৃত কালত এই যোদ্ধাসকলৰ সপোন পূৰণ কৰাটো আমাৰ সকলো দেশবাসীৰ দায়িত্ব। ১৩০ কোটি দেশবাসীৰ দায়িত্ব। আমাৰ নতুন ভাৰত তেওঁলোকৰ সপোনৰ ভাৰত হ'ব লাগে। এনে এখন ভাৰত য'ত দৰিদ্ৰ, কৃষক, শ্ৰমিক, পিছপৰা, জনজাতীয় লোকসকলৰ বাবে সমান সুযোগ থাকে। যোৱা আঠ বছৰত, দেশখনে এই সংকল্প পূৰণ কৰাৰ বাবে নীতিও প্ৰস্তুত কৰিছে, আৰু লগতে অতি আন্তৰিকতাৰে কাম কৰিছে। বিশেষকৈ, দেশখনে জনজাতীয় ভাই-ভনীসকলৰ বাবে, তেওঁলোকৰ কল্যাণৰ বাবে, তেওঁলোকৰ বিকাশৰ বাবে, শ্ৰী আল্লুৰী আৰু অন্যান্য যুঁজাৰুসকলৰ আদৰ্শ অনুসৰণ কৰি দিনে-ৰাতিয়ে কাম কৰিছে।

|

স্বাধীনতা সংগ্ৰামত জনজাতীয় সমাজৰ অপৰিসীম অৱদানৰ বিষয়ে প্ৰতিটো পৰিয়ালক পৰিচিত কৰোৱাৰ বাবে অমৃত মহোৎসৱত অশেষ প্ৰচেষ্টা অব্যাহত আছে। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে, দেশত জনজাতীয় গৌৰৱ আৰু ঐতিহ্য প্ৰদৰ্শন কৰিবলৈ জনজাতীয় সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে। অন্ধ্ৰ প্ৰদেশৰ লম্বচিংঙীত "আল্লুৰী সীতাৰাম ৰাজু মেম'ৰিয়েল জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয়" নিৰ্মাণ কৰা হৈছে। যোৱা বছৰতেই, দেশে ১৫ নৱেম্বৰত ভগৱান বিৰচা মুণ্ডা জয়ন্তীক "ৰাষ্ট্ৰীয় জনজাতীয় গৌৰৱ দিৱস" হিচাপে উদযাপন কৰা আৰম্ভ কৰিছে। বিদেশী শাসনৰাজে আমাৰ জনজাতীয় লোকসকলৰ ওপৰত আটাইতকৈ বেছি অত্যাচাৰ কৰিছিল, তেওঁলোকৰ সংস্কৃতি ধ্বংস কৰিবলৈ চেষ্টা চলাইছিল। এই প্ৰচেষ্টাবোৰে সেই ত্যাগৰ অতীতক জীৱিত কৰিব। আহিবলগীয়া প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব। সীতাৰাম ৰাজু গাৰুৰ আদৰ্শ অনুসৰণ কৰি আজি দেশে জনজাতীয় যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে। আমাৰ বন সম্পদক জনজাতীয় সমাজৰ যুৱকসকলৰ বাবে নিযুক্তি আৰু সুযোগৰ মাধ্যম হিচাপে গঢ়ি তুলিবলৈ বহুতো প্ৰচেষ্টা কৰা হৈছে।

স্কিল ইণ্ডিয়া মিছনৰ জৰিয়তে জনজাতীয় কলা-কৌশলে আজি এক নতুন পৰিচয় লাভ কৰিছে। "লোকেল ফৰ ভোকেল"-এ জনজাতীয় কলা দক্ষতাক উপাৰ্জনৰ এক মাধ্যম কৰি তুলিছে। কেইবা দশক পুৰণি যি আইনে জনজাতীয় লোকসকলক বাঁহৰ দৰে বনজাত সামগ্ৰী কাটিবলৈ বাধা দিছিল, আমি সেইবোৰ সলনি কৰি বন উৎপাদনত অগ্ৰাধিকাৰ দিলোঁ। আজি চৰকাৰে বনজাত সামগ্ৰীৰ প্ৰচাৰৰ বাবে বহুতো নতুন প্ৰচেষ্টা চলাই আছে। আঠ বছৰ আগতে, মাত্ৰ ১২টা বন সামগ্ৰী এমএছপিত ক্ৰয় কৰা হৈছিল, কিন্তু আজি এমএছপিৰ ক্ৰয় তালিকাত প্ৰায় ৯০বিধ সামগ্ৰীক বন-উৎপাদন হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। দেশে বন ধন যোজনাৰ জৰিয়তে বন সম্পদক আধুনিক সুযোগৰ সৈতে সংযোগ কৰাৰ দায়িত্বও গ্ৰহণ কৰিছে। দেশত ৩,০০০তকৈও অধিক বন-ধন উন্নয়ন কেন্দ্ৰৰ লগতে ৫০,০০০ তকৈও অধিক বন-ধনৰ আত্মসহায়ক গোটেও কাম কৰি আছে। অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত জনজাতীয় গৱেষণা প্ৰতিষ্ঠানো স্থাপন কৰা হৈছে। উচ্চাকাংক্ষী জিলাসমূহৰ উন্নয়নৰ বাবে দেশে যি অভিযান চলাই আছে, সেই অভিযানে জনজাতীয় অঞ্চলসমূহকো লাভান্বিত কৰিছে। জনজাতীয় যুৱক-যুৱতীসকলৰ শিক্ষাৰ বাবে ৭৫০ খন একলব্য আদৰ্শ বিদ্যালয়ো স্থাপন কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিত মাতৃভাষাত শিক্ষা লাভৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যিয়ে  জনজাতীয় শিশুসকলক তেওঁলোকৰ অধ্যয়নত যথেষ্ট সহায় কৰিব।

"মান্যম বীৰুদ" আল্লুৰী সীতাৰাম ৰাজুৱে ব্ৰিটিছসকলৰ সৈতে সংগ্ৰামৰ সময়ত "সাহস আছে যদি মোক বাধা দিয়ক"-বুলি প্ৰত্যাহ্বান জনাইছিল। আজি দেশেও সন্মুখলৈ অহা প্ৰতিটো প্ৰত্যাহ্বান, সমস্যাক একেই সাহসেৰে সৈতে ১৩০ কোটি দেশবাসীৰ একতাৰে, শক্তিৰে সৈতে যুঁজি কৈছে-"সাহস আছে যদি আমাক বাধা দিয়ক"। আমাৰ যুৱ, আমাৰ জনজাতীয়, আমাৰ মহিলা, দলিত-নিপীড়িত-শোষিত-বঞ্চিতসকলে যেতিয়া দেশৰ নেতৃত্ব বহন কৰিব তেতিয়া একোৱেই নতুন ভাৰত গঢ় দিয়াত বাধা দিব নোৱাৰে। মই সম্পূৰ্ণ বিশ্বাসী যে সীতাৰাম ৰাজু গাৰুৰ অনুপ্ৰেৰণাই আমাক এখন ৰাষ্ট্ৰ হিচাপে অসীম উচ্চতালৈ লৈ যাব। এই মনোভাৱৰ সৈতে মই আকৌ এবাৰ অন্ধ্ৰৰ মাটিৰ পৰা মহান স্বাধীনতা সংগ্ৰামীসকলৰ চৰণত সেৱা জনাইছোঁ, আৰু আজিৰ এই দৃশ্যই, এই উৎসাহে, এই জনস্ৰোতে বিশ্বক কৈছে, দেশবাসীক কৈছে যে আমি আমাৰ স্বাধীনতাৰ নায়কসকলক পাহৰি যোৱা নাই, নাপাহৰোঁ, আমি তেওঁলোকৰ পৰা অনুপ্ৰেৰণা লৈ আগবাঢ়ি যাম। বীৰ সেনানীক শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা ইমান বৃহৎ সংখ্যক লোক, আপোনালোক সকলোকে মই আকৌ এবাৰ অভিনন্দন জনাইছোঁ।  আপোনালোক সকলোকে মই অন্তৰৰ পৰা বহুত ধন্যবাদ জনাইছোঁ।

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

ভাৰত মাতৃৰ জয়হওক!

বন্দে-মাতৰম!

বন্দে-মাতৰম!

বন্দে-মাতৰম!

ধন্যবাদ!

  • Jitendra Kumar March 25, 2025

    🙏🇮🇳
  • Lakshmana Bheema rao October 26, 2024

    great freedom fighter. country is proud of him. 👏👏👏
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA June 02, 2024

    मोदी जी 400 पार
  • MLA Devyani Pharande February 17, 2024

    नमो नमो नमो
  • Vaishali Tangsale February 14, 2024

    🙏🏻🙏🏻🙏🏻
  • ज्योती चंद्रकांत मारकडे February 12, 2024

    जय हो
  • Bharat mathagi ki Jai vanthay matharam jai shree ram Jay BJP Jai Hind September 16, 2022

    ரி
  • Laxman singh Rana September 15, 2022

    नमो नमो 🇮🇳
  • G.shankar Srivastav September 11, 2022

    नमस्ते
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India flash PMI surges to 65.2 in August on record services, mfg growth

Media Coverage

India flash PMI surges to 65.2 in August on record services, mfg growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chairman and CEO of Kyndryl, Mr Martin Schroeter meets Prime Minister Narendra Modi
August 21, 2025

Chairman and CEO of Kyndryl, Mr Martin Schroeter meets Prime Minister, Shri Narendra Modi today in New Delhi. The Prime Minister extended a warm welcome to global partners, inviting them to explore the vast opportunities in India and collaborate with the nation’s talented youth to innovate and excel.

Shri Modi emphasized that through such partnerships, solutions can be built that not only benefit India but also contribute to global progress.

Responding to the X post of Mr Martin Schroeter, the Prime Minister said;

“It was a truly enriching meeting with Mr. Martin Schroeter. India warmly welcomes global partners to explore the vast opportunities in our nation and collaborate with our talented youth to innovate and excel.

Together, we all can build solutions that not only benefit India but also contribute to global progress.”