PM Modi applauds DRDO scientists, says India’s missile programme is one of the outstanding programmes in the world
Govt willing to walk the extra mile with the scientific community so that it can invest time in emerging technologies and innovations for national security: PM
DRDO's innovations will play a huge role in strengthening Make in India and in promoting a vibrant defence sector in the country: PM

মুখ্যমন্ত্রী শ্রী য়েদিৰাপ্পাজী, ডিআৰডিঅ’ৰ অধ্যক্ষ ড০ জি সতীশ ৰেড্ডিজী, ডিআৰডিঅ’ৰ অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গ, এপেক্স কমিটীৰ সদস্যবৃন্দ, তৰুণ বৈজ্ঞানিক তথা পৰীক্ষাগাৰ নির্দেশকসকল৷

বন্ধুসকল, আপোনালোক সকলোকে সৰ্বপ্ৰথমে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনাইছো৷ হেপি নিউ ইয়েৰ। কাকতালীয়ভাৱে কিছুসময়ৰ পূৰ্বে তুমকুৰত কৃষকসকলৰ এক কাৰ্যসূচীত ভাগ লৈছিলো৷ এতিয়া ইয়াত দেশৰ সেনাবাহিনী আৰু বিজ্ঞানী তথা গৱেষকষক বন্ধুবৰ্গৰ মাজত আহি উপস্থিত হৈছো৷ কাইলৈ মই বিজ্ঞান কংগ্রেছত অংশগ্ৰহণ কৰিম৷ কৰ্ণাটক মোৰ এই ভ্ৰমণ, ২০২০ চনৰ প্ৰথম ভ্ৰমণকে ‘জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান আৰু জয় অনুসন্ধান’ৰ ভাৱনাৰ প্ৰতি সমর্পিত বুলি কোৱা হৈছে৷ এয়া আমাৰ প্ৰত্যেকৰে বাবে গৌৰৱৰ বিষয় যে এৰ’নটিকেল ডেভেলপমেণ্ট এষ্টাব্লিচমেণ্টৰ প্রেক্ষাগৃহত এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে, যি প্ৰতিষ্ঠানৰ জৰিয়তে আমাৰ সকলোৰে শ্ৰদ্ধেয় ড০ এপিজে আব্দুল কালাম ডিআৰডিঅ’ৰ সৈতে জড়িত আছিল৷

 

বন্ধুসকল, এই দশক নিউ ইণ্ডিয়া হিচাপে অত্যন্ত গুৰুত্বপূর্ণ। কাৰণ, ২০২০ চনটো কেৱল এটা নতুন বছৰ নহয়, এটা নতুন দশক ৰূপেও আমাৰ সন্মুখলৈ আহিছে। এই দশকে এইটো ঠিক কৰিব যে অহা বছৰসমূহত ভাৰতৰ শক্তি কেনে হ’ব, বিশ্বত আমাৰ স্থান ক’ত হ’ব। এই দশক সম্পূর্ণৰূপে দেশৰ নতুন সপোন বাস্তবায়িত কৰাৰ, আমাৰ তৰুণ উদ্ভাৱকসকলক দশক। বিশেষকৈ, সেই উদ্ভাৱকসকল, যিসকলে একবিংশ শতিকাতেই জন্মগ্ৰহণ কৰিছে অথবা একবিংশ শতিকাত যৌৱনপ্রাপ্ত হৈছে৷ যেতিয়া মই আপোনালোকক অনুৰোধ কৰিছিলো যে ডিআৰডিঅ’ক ‘নতুন চিন্তা-ভাৱনা’ আৰু নিজকে ‘নতুন আকাৰ’ প্ৰদান কৰিব লাগিব। একবিংশ শতিকাৰ সমস্যাসমূহৰ সৈতে মোকাবিলা কৰিবলৈ নতুন প্রাণশক্তিৰে কাম কৰিব লাগিব৷ ইয়াৰ অন্তৰালত মোৰ যি ভাৱনা, ইয়াৰ মানে এইটো নহয় যে যিসকলৰ বয়স ৩৬ বছৰ হৈছে, তেওঁলোক বেকাৰ হৈ গৈছে৷ মোৰ বক্তব্য হ’ল যিসকলে ৬০ বছৰ, ৫০ বছৰ বা ৫৫ বছৰ ধৰি তপস্যা কৰি এটা স্থানত উপনীত গৈছে, তেওঁলোকৰ ওপৰত ৩৫ বছৰতকৈও কম বয়সীয়া কাৰোবাক বহুৱাই দিলে বিশ্ববাসীয়ে এক নতুন ভাৰত দেখিবলৈ পাব। এই পুৰণি মানুহবোৰক সাহায্য অবিহনে নতুনসকল ওপৰত উঠি অহাটো সম্ভৱ নহয়। সেইবাবে এক সমাহাৰ অত্যন্ত প্ৰয়োজন। এই ভাৱনাৰ অন্তৰালত মোৰ এক অভিজ্ঞতাৰ কথা ক’বলৈ ওলাইছো৷ মই ৰাজনৈতিক জীৱনত বহু পলমকৈ আহিছো৷ পূৰ্বতে মই দলৰ সংগঠনৰ কাম কৰিছিলো৷ গুজৰাট নির্বাচনত প্ৰথম মই দলীয় সংগঠকৰ কাম কৰিছিলো৷ তেতিয়া ৯০ জন কর্মকর্তাই মোৰ ব্যৱস্থাপনাৰ সহায়ক আছিল৷ মই স্বেচ্ছাসেৱক ৰূপে দুই-তিন মাহ ধৰি কাম কৰিছিলো৷ কিন্তু খবৰ কাগজৰ সংবাদদাতাসকলে বিচাৰি উলিয়াইছিল যে এই ৯০ জনীয়া দলটোৰ গড় বয়স আছিল ২৩ বছৰ৷ আৰু এই ২৩ৰ গড় বয়স লৈয়েই মই প্ৰথমবাৰ নির্বাচনত জয়লাভ কৰিছিলো৷ যুৱসম্প্ৰদায়ৰ অপাৰ প্রাণশক্তি থাকে। আপুনি যিমান ভাল কাবাডী খেলুৱৈ নহওক কিয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত যিমানেই সাফল্য নাথাকক কিয়, ৬০-৭০ বছৰ বয়সত আপুনি কেৱল খেলহে চাব আৰু ১৮-২০ বছৰ বয়সীয়া নতুন খেলুৱৈসকলে যিদৰে অনুশীলন কৰিব, এটাই আনটোক তুলি আছাৰিব, দেখি ভাৱ হ’ব যে পৰিলে দুখ পালে ইত্যাদি। তৰুণ মন আৰু অভিজ্ঞ মনৰ মাজত এটা পার্থক্য থাকে। সেইবাবে বিশ্বত ডিআৰডিঅ’ক প্ৰতিযোগিতামুখী কৰি তুলিবলৈ গ’লে এই নতুন–প্ৰবীণৰ যথাযথ সমাহাৰৰ জৰিয়তে মানসিক পৰিৱর্তন আনিব লাগিব। কেতিয়াবা কেতিয়াবা এক ডাঙৰ মহীৰূহৰ তলত সৰু সৰু গছৰ গুটি অংকুৰিত হ’ব নোৱাৰে। তাৰবাবে মহীৰূহক দায়ী কৰা নাযায়৷ কিন্তু সেইবোৰক বাদ দি মুকলি স্থানত ডাঙৰ হ’বলৈ দিলে এদিন বটবৃক্ষও তেওঁলোকক লৈ গৌৰৱ কৰিব যে এই গছবোৰো কি সুন্দৰ ডাঙৰ হৈ উঠিছে। এই ভাৱনাৰ পৰাই এই পাঁচটা গৱেষণাগাৰ স্থাপন কৰা হৈছে৷ মই বিচাৰো যে তৰুণ বিজ্ঞানীসকলে ভুল কৰক, পৰীক্ষাগাৰৰ বাজেট নিঃশেষ কৰি দিয়ক। এজন বিজ্ঞানী অবিহনে জীৱন উৎসর্গা কৰি দিয়ে, নষ্ট কৰি দিয়ে–সেয়েহে দেশে কিবা এটা পায়। আপোনালোকে জীৱন উৎসর্গা কৰিছে আৰু চৰকাৰৰ ৰাজকোষত কামত লগাব নোৱাৰে৷

মই অতিশয় আনন্দিত যে উন্নত প্ৰযুক্তিৰ ক্ষেত্রত এই পাঁচটা পৰীক্ষাগাৰ স্থাপন কৰাৰ পৰামর্শ ইমান ক্ষিপ্ৰতাৰে বাস্তবায়িত হৈছে। আজি বাংগালুৰু, কলকাতা, চেন্নাই, হায়দৰাবাদ আৰু মুম্বাইত একেলগে পাঁচটা প্ৰতিষ্ঠানৰ কাম আৰম্ভ হৈছে। মই বিশ্বাস কৰো যে এই তৰুণ বিজ্ঞানীসকলে পৰীক্ষাগাৰসমূহ নতুন বৈজ্ঞানিকসকলৰ চিন্তা-ভাৱনা আৰু প্ৰয়োগক নতুন নতুন সাফল্য আনি দিব৷ এইবোৰ ডিআৰডিঅ’ ৱাই নামে চিহ্নিত হ’ব। কিন্তু কিছুদিনৰ ভিতৰতে এইবোৰ ডিআৰডিঅ’- হোৱাইত পৰিণত হ’ব৷ এই প্ৰতিষ্ঠানসমূহৰ পৰা ইমান প্ৰশ্ন উত্থাপন হ’ব যে উন্নত প্ৰযুক্তিৰ ক্ষেত্রত আমাৰ ৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ স্বৰূপ নির্ধাৰিত হ’ব৷ এই পৰীক্ষাগাৰসমূহে দেশৰ সাম্ভাব্য প্ৰযুক্তি খণ্ডত গৱেষণা আৰু উন্নয়নৰ স্বৰূপ গঢ়ি তোলাত সহায় কৰিব৷

মই নতুন বৈজ্ঞানিকসকলক কও যে এই পৰীক্ষাগাৰসমূহক আপোনালোকে কেৱল প্ৰযুক্তি পৰীক্ষা কৰাৰ বাবে ব্যৱহাৰ নকৰিব, এইবোৰে আপোনালোকৰ মেজাজ আৰু ধৈর্য্যৰো পৰীক্ষা কৰিব। আপোনালোকে সকলো সময়ত মনত ৰাখিব লাগিব যে আপোনালোকৰ প্ৰচেষ্টা আৰু নিৰন্তৰ অভ্যাসে ভাৰতক সাফল্যৰ পথত আগুৱাই নিব৷ কেৱল ইতিবাচক আৰু উদ্দেশ্যসাধনেই আপোনালোকৰ প্রেৰণাৰ উৎস হৈ উঠত৷ মনে ৰাখিব লাগিব ১৩০ কোটি জনতাৰ জীৱন নিৰাপদ আৰু সহজ কৰি তোলাৰ দায়িত্ব আপোনালোকৰ কান্ধৰ ওপৰতে ন্যস্ত আছে৷

বন্ধুসকল, আজিৰ এই কাৰ্যসূচী এক আৰম্ভণি মাত্ৰ। আপোনালোকৰ সন্মুখত কেৱল অহা এটা বছৰেই নহয়, অহা দশকটো আছে। এই এটা দশকত ডিআৰডিঅ’ৰ হস্ৰম্যাদী আৰু দীর্ঘম্যাদী ৰোডমেপ কি হ’ব, সেয়া অত্যন্ত চিন্তা-ভাৱনাৰ জৰিয়তে ঠিক কৰিব লাগিব৷ মই আন এটি পৰামর্শ দিব বিচাৰো৷ এই পাঁচটা পৰীক্ষাগাৰ, ৩৫ বছৰ ইয়াৰ কমবয়সীয়া বিজ্ঞানীসকলৰ পৰীক্ষাগাৰ হ’লেও ভৱিষ্যতে যাৰ বয়স ৩৬ হ’ব, তাক ইয়াৰ পৰা গুছি যাব নালাগে৷ তেওঁলোকৰ যেতিয়া ৩৬-৪৫ বছৰ বয়স হ’ব, অথবা ৫৫বছৰ বয়সীয়া হ’ব, তেতিয়াও কাম কৰি যাব পাৰিব৷ কিন্তু আপোনালোকে নতুন পাঁচটা ৩৫ বছৰ বয়সৰ কম বয়সীয়া নতুন বিজ্ঞানীৰ পৰীক্ষাগাৰ গঢ় দি যাব লাগিব৷ তেওঁলোক যেতিয়া আকৌ ৩৫ বছৰ বয়স পাৰ কৰিব, তেওঁলোকেও নতুনকৈ ৫টা পৰীক্ষাগাৰ গঢ় দিব লাগিব৷ এই শৃঙ্খলা চলি থাকিব, নহ’লে এই পৰীক্ষাগাৰে কাৰোবাৰ বয়স ৩২ হ’লেই ভাৱি থাকিব যে আৰু মাত্ৰ তিনি বছৰত কি কৰিম, মোৰ সকলো সপোন ভাঙি যাব৷ সেইবাবে মই আপোনালোকক এই আশ্বাস দিও যে যিমান দিনলৈকে অক্লান্ত পৰিশ্ৰমত নতুন নতুন উদ্ভাৱন কৰি যাব পাৰিব, তেতিয়ালৈকে এই পৰীক্ষাগাৰৰ আপুনি অংগ হৈ থাকিব৷ ৬০ বছৰ হৈ গ’লেও থাকিব৷ কেৱল এটাই চর্ত ৩৫ পাৰ কৰিলে আৰু ৫টা স্থাপন কৰিব লাগিব। লক্ষ্য ৰাখিব, আপোনালোকৰ প্ৰতিটো কাম নির্ধাৰিত সময়ৰ ভিতৰত আৰম্ভ হয়।

মই ডিআৰডিঅ’ক সেই উচ্চতাত চাব বিচাপো যে য’ৰ পৰা এই প্ৰতিষ্ঠানে ভাৰতীয় বৈজ্ঞানিক প্ৰতিষ্ঠানৰ লক্ষ্য নির্ধাৰণ কৰে। কেৱল ইমানেই নহয়, সমগ্ৰ বিশ্বত দৃষ্টান্ত স্থাপন কৰক৷ মই এই কথা কোৱাৰ কাৰণ হ’ল–ডিআৰডিঅ’ৰ ইতিহাস, ইয়াৰ প্ৰদর্শন আৰু আপোনালোকৰ প্ৰতি দেশবাসীৰ ভৰসা।

বন্ধুসকল, আজি দেশৰ উন্নত মেধাসম্পন্ন বৈজ্ঞানিকসকলে ডিআৰডিঅ’ত কর্মৰত। ডিআৰডিঅ’ৰ সাফল্য অসাধাৰণ। এতিয়া মই যি প্ৰদর্শনী দেখিলো, এই সাফল্যৰ সমান্তৰালভাৱে আপোনালোকৰ ভৱিষ্যৎ পৰিকল্পনা আৰু প্ৰকল্পসমূহৰ সম্পর্কেও জানিব পাৰিলো যে আপোনালোকৰ নতুন কর্মীসকলে মোক এই জটিল বিষয় ইমান সৰল ভাষাত বুজালে, যেন মইও হাতে-কামে কৰিব পাৰিম৷ স্কুলত যেতিয়া পঢ়িছিলো, তেতিয়া এইবোৰ একো বুজাই নাছিলো৷ আজি আপোনালোকে বুজাই দিছে৷ আপোনালোকে ভাৰতৰ মিছাইল কাৰ্যসূচীক বিশ্বৰ সর্বোৎকৃষ্ট কাৰ্যসূচীৰ অন্যতম কৰি তুলিছে৷ যোৱা বছৰ মহাকাশ আৰু আকাশ সীমা সুৰক্ষা ক্ষেত্রতো ভাৰতৰ সামর্থ্য নতুন উচ্চতাত উপনীত হৈছে৷ ‘A set’ নামৰ অত্যাধুনিক মহাকাশ প্ৰযুক্তিৰ সফল পৰীক্ষা নিশ্চিতভাৱে একবিংশ শতিকাত ভাৰতৰ সামর্থ্যকে সংজ্ঞায়িত কৰিব৷

আপোনালোকৰ সকলোৰে প্ৰচেষ্টাত আজি ভাৰতে বিশ্বৰ আঙুলিৰ মুৰত লিখিব পৰা কেইখনমান দেশৰ অন্যতম হৈ উঠিছে; যি দেশৰ বাবে বিমানৰ পৰা আৰম্ভ কৰি বিমান পৰিবাহী বিমানলৈকে সকলো নির্মাণৰ ক্ষমতা আছে। কিন্তু এয়াই যথেষ্ট নে? নহয়৷ বন্ধুসকল, সন্তালে যেতিয়া ভাল কাম কৰে, তেতিয়া পিতৃ-মাতৃৰ প্ৰত্যাশা বাঢ়ি যায়। ৫টা কৰিলে কয় ৭টা কৰ৷ ৭টা কৰিলে কয় ১০টা কৰ৷ আৰু যিসকলে নকৰে, তেওঁলোকৰ প্ৰতি কোনো প্ৰত্যাশাই নাথাকে৷ আপোনালোকৰ সমস্যা এয়াই। আপোনালোকৰ সাফল্যই আপোনালোকৰ প্ৰতি দেশবাসীৰ আশা বাঢ়ি গৈছে। ৰামচৰিত মানসত কোৱা হৈছে –

 কবন জো কাম কঠিন জগ মাহীঁ।

জো নহিঁ হোই তাতো তুমহ্‌ পাহীঁ।।

অর্থাৎ, পৃথিৱীত এনে কোনো কাম নাই, যিটো আপুনি কৰিব নোৱাৰে৷ আপোনালোকৰ বাবে কোনো কামেই কঠিন নহয়৷ ৰামচৰিত মানস যেতিয়া লিখা হৈছিল, তেতিয়া জনা আছিল যে ডিআৰডিঅ’ হ’ব৷মই ডিআৰডিঅ’ৰ বন্ধুসকলক ৰামচৰিত মানসৰ এই পদ্যৰ পৰা প্রেৰণা লৈ কাম কৰিবলৈ কও৷ আপোনালোকৰ ক্ষমতা অসীম, আপোনালোকে বহু কাম কৰিব পাৰে৷ নিজৰ দক্ষতাৰ পৰিধি বিস্তাৰ কৰকন, নিজৰ যোগ্যতা মান বিস্তাৰ কৰি আকাশচ একছত্ৰ ৰাজত্ব কৰাৰ সাহস দেখুৱাওক৷ এয়াই সুযোগ আৰু মই আপোনালোকৰ সৈতে আছো৷

দেশৰ প্ৰধানমন্ত্রী হিচাপে আপোনালোকৰ সন্মুখত থিয় হৈ কও যে চৰকাৰে সম্পূর্ণৰূপে আপোনালোকৰ সৈতে দেশৰ বৈজ্ঞানিকসকলৰ লগতে উদ্ভাৱকসকলৰ সৈতে কান্ধত কান্ধ মিলাই আগবাঢ়ি যোৱাৰ বাবে প্ৰস্তুত। আপোনালোকে জানে যে অনাগত দিনত আকাশ আৰু সমুদ্রৰ লগতে চাইবাৰ আৰু মহাকাশ ক্ষেত্ৰতো ষ্টেটেজিক ডায়নামিক্সে নির্ধাৰিত কৰিব৷ তদুপৰি, ইণ্টেলিজেণ্ট মেচিনে ভৱিষ্যতৰ নিৰাপত্তা ব্যৱস্থাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ দিশে অগ্ৰসৰ হৈছে। এই ক্ষেত্রত ভাৰতে একোতে পিছ পৰি নাথাকে৷ আমাৰ নাগৰিকসকলৰ সুৰক্ষাই আমাৰ সীমা সুৰক্ষা আৰু ব্যক্তিগত নিৰাপত্তাৰ বাবে ভৱিষ্যতৰ প্ৰযুক্তিৰ ক্ষেত্রত বিনিয়োগ কৰা জৰুৰী আৰু উদ্ভাৱনো অতি প্ৰয়োজনীয়।

মোৰ দৃঢ় বিশ্বাস যে নতুন ভাৰতৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষা পূৰণত আপোনালোকে নিৰন্তৰ চেষ্টা কৰি যাব৷ আপোনালোকৰ পৰিধি যেন কেৱল দেশৰ মাজতে সীমাবদ্ধ নাথাকে। ডিআৰডিঅ’ৰ দৰে প্ৰতিষ্ঠানে বিশ্বত মানৱতাক বহুত কিবা দিব পাৰে৷ বিশ্বৰ নিৰাপত্তাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে। আজি বিশ্বত বহুত দেশে আছে, যাৰ সীমান্ত আক্ৰমণৰ কোনো ভয় নাই। চৌপাশৰ সকলো দেশেই মিত্ৰ দেশ। এই ধৰণৰ দেশেও আজি বন্দুক হাতত ল’বলগীয়া হৈছে। কাৰণ, তেওঁলোকৰ দেশতো সন্ত্রাসবাদৰ কৰালগ্রাসত আক্রান্ত।

ডিআৰডিঅ’ই এই ধৰণৰ দেশবোৰৰ আভ্যন্তৰীণ নিৰাপত্তা ৰক্ষাত সহায় কৰিব পাৰে৷ মই এইধৰণৰ বহু সৰু সৰু দেশৰ নেতাৰ সৈতে মিলিত হৈ জানিব পাৰিছো তেওঁলোকৰ ক্ৰমৱর্ধমান প্ৰয়োজনীয়তাৰ কথা। সীমিত সম্পদ থকা সত্ত্বেও এই ভয়ানক বিপদৰ পৰা তেওঁলোকে দেশবাসীক ৰক্ষা কৰিবলৈ আপোনালোকে নতুন কিবা ভাবিব লাগিব৷ আমি এই ধৰণৰ সৰু সৰু দেশসমূহক অভয় দান কৰিলে সেয়া মানৱতাৰ সপক্ষে ডাঙৰ কাম হ’ব। বিশ্ব মঞ্চত ভাৰতৰ ভূমিকা আৰু অধিক সুদৃঢ় হ’ব৷

বন্ধুসকল, প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্রত ভাৰতক আত্মনির্ভৰ কৰি তুলিবলৈ ডিআৰডিঅ’ক নতুন নতুন উদ্ভাৱনৰ পোহৰ দেখুৱাব লাগিব৷ দেশত এক স্পন্দনশীল প্ৰতিৰক্ষা ক্ষেত্ৰ গঢ়ি তুলিবলৈ ‘মেক ইন ইণ্ডিয়া’ক শক্তিশালী কৰিবলৈ ডিআৰডিঅ’ৰ উদ্ভাৱন গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সেইবাবে আমাৰ ধাৰাবাহিকভাৱে প্ৰচেষ্টা চলাই যাব লাগিব, যাতে নক্সাৰ পৰা আৰম্ভ কৰি প্ৰযুক্তিৰ বিকাশলৈকে সকলো ঢাপত আমি আত্মনির্ভৰ হও। আমি এক সংহতি আৰু উদ্ভাৱনকেন্দ্রিক বাস্তু ব্যৱস্থা গঢ়ি তুলিব লাগিব৷

বন্ধুসকল, আজি ভাৰতে প্ৰতিৰক্ষা ক্ষেত্রত নতুন নতুন সংস্কাৰৰ জৰিয়তে দ্রুতগতিতে আগুৱাই গৈছে। বিশ্বত দ্রুত পৰিৱর্তশীল পৰিস্থিতিৰ নিৰিখত, প্ৰযুক্তিৰ নিৰন্তৰ উন্নতিৰ পৰিপ্রেক্ষিতত ভাৰতে কেৱল পুৰণি ব্যৱস্থাৰ ভৰসাত থাকিব নোৱাৰে৷ আমি উনবিংশ শতিকাৰ ব্যৱস্থা লৈ একবিংশ শতিকা পাৰ কৰিব নোৱাৰো৷ এসপ্তাহতে ভাৰত চৰকাৰে চীফ অফ ডিফেন্স ষ্টাফ পদ সৃষ্টি কৰি সেই পদত যোগ্যতম সেনানায়কক নিযুক্ত কৰিছে। এই চীফ অফ ডিফেন্স ষ্টাফে নিজেই বহুত পৰিৱর্তন আনিব৷ ইয়া সৈতে ডিআৰডিঅ’ৰ প্ৰত্যক্ষ যোগাযোগ থাকিব৷ বছৰৰ আৰম্ভণিতে এইটো অনুভৱ কৰা গৈছে যে ভাৰতত তিনিটা সেনাবাহিনীৰ মাজত উন্নত সংহতিৰ বাবে, যৌথতা আৰু সংহত শক্তিৰ বাবে এই ধৰণৰ পদ প্ৰয়োজন। এই পদ সৃষ্টিৰ জৰিয়তে আমাৰ চৰকাৰে দেশৰ প্ৰতি দায়বদ্ধতাৰ পৰিচয় দিছে।

বন্ধুসকল, আমাৰ পৰিৱর্তনৰ এই ধাৰাৰ সৈতে নিজকো একেৰাহে শক্তিশালী কৰি যাব লাগিব৷ এয়াই দেশৰ প্ৰত্যাশা আৰু নতুন বিজ্ঞানী পৰীক্ষাগাৰ স্থাপনৰ অন্তৰালত এই দূৰদৃষ্টিৰে কাম কৰিছে। আজি আপোনালোকে ভৱিষ্যতৰ প্ৰযুক্তিগত প্ৰত্যাহ্বান মোকাবিলা কৰাৰ বাবে ডিআৰডিঅ’ কর্মসংস্কৃতিতো নতুন প্রাণশক্তিৰ সঞ্চাৰ কৰিব৷ এই কামনাৰেই আপোনালোকৰ সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনালো৷

আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়ালৰ সকলোকে পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছা জনালো৷

বহুত বহুত ধন্যবাদ।

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Snacks, Laughter And More, PM Modi's Candid Moments With Indian Workers In Kuwait

Media Coverage

Snacks, Laughter And More, PM Modi's Candid Moments With Indian Workers In Kuwait
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to attend Christmas Celebrations hosted by the Catholic Bishops' Conference of India
December 22, 2024
PM to interact with prominent leaders from the Christian community including Cardinals and Bishops
First such instance that a Prime Minister will attend such a programme at the Headquarters of the Catholic Church in India

Prime Minister Shri Narendra Modi will attend the Christmas Celebrations hosted by the Catholic Bishops' Conference of India (CBCI) at the CBCI Centre premises, New Delhi at 6:30 PM on 23rd December.

Prime Minister will interact with key leaders from the Christian community, including Cardinals, Bishops and prominent lay leaders of the Church.

This is the first time a Prime Minister will attend such a programme at the Headquarters of the Catholic Church in India.

Catholic Bishops' Conference of India (CBCI) was established in 1944 and is the body which works closest with all the Catholics across India.