QuoteRural India declared free from open defecation #Gandhi150 #SwachhBharat
QuoteWe have to achieve the goal of eradicating single use plastic from the country by 2022: PM Modi #Gandhi150 #SwachhBharat
QuoteInspired by Gandhi Ji's vision, we are building a clean, healthy, prosperous and strong New India: PM

গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানী জী, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অন্যান্য সহযোগীবৃন্দ, নাইজেৰিয়া, ইণ্ডোনেছিয়া আৰু মালী চৰকাৰৰ প্ৰতিনিধিবৰ্গ, বিশ্বৰ বিভিন্ন দেশৰ মিচন মুৰব্বীসকল, দেশৰ বিভিন্ন স্থানৰ পৰা ইয়াত সমবেত হোৱা হাজাৰ হাজাৰ স্বচ্ছাগ্ৰহী, মোৰ শ্ৰদ্ধাৰ পঞ্চায়তৰ বন্ধুসকল তথা ভাই-ভনীসকল৷

মই আজিৰ ভাষণ আৰম্ব কৰাৰ পূৰ্বে সবৰমতীৰ এই প্ৰাংগনত উপস্থিত থকা সকলো পঞ্চায়তৰ জৰিয়তে দেশৰ সকলো পঞ্চায়, পৌৰ সভা, পৌৰনিগমৰ সকলো পৰিচালকবৃন্দ, ভগ্নীসকলক অভিনন্দন জ্ঞাপন কৰিছো, যিসকলে বিগত পাঁচ বছৰে একেৰাহে কঠোৰ পৰিশ্ৰম, ত্যাগ ভাৱেৰে পূজ্য বাপুৰ সপোন বাস্তৱত পৰিণত কৰিলে৷ তেওঁলোক সকলোকে মই প্ৰণাম জনাইছো৷

সবৰমতীৰ এই পবিত্ৰ ভূমিৰ পৰা জাতিৰ পিতা মহাত্মা গান্ধী আৰু সৰলতা আৰু সদাচাৰৰ প্ৰতীক প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী জীক প্ৰণিপাত জনাইছো, তেওঁলোকৰ চৰণত শ্ৰদ্ধা নিবেদন কৰিছো৷

|

বন্ধুসকল, পূজ্য বাপুৰ ১৫০সংখ্যক জয়ন্তীৰ পবিত্ৰ দিনেই হওক, স্বচ্ছ ভাৰত অভিযানৰ ইমান ডাঙৰ কাৰ্যসূচীয়েই হওক, শক্তিৰ উৎসৱ নৱৰাত্ৰিও চলি আছে, চাৰিওফালে দাণ্ডিয়াৰ গুঞ্জনেই হওক; এনকুৱা ব্যতিক্ৰমী সংযোগ যথেষ্ট কম দেখা যায়৷ দেশৰ বিভিন্ন স্থানৰ পৰা আমাৰ পঞ্চায়ত কৰ্মীসকল আহিছে, আপোনালোকৰ দাণ্ডিয়া দেখাৰ সৌভাগ্য হৈছে নে? দাণ্ডিয়া চাবলৈ গৈছে নে?

বাপুৰ জয়ন্তীৰ উৎসৱ সমগ্ৰ বিশ্বই পালন কৰিছে৷ কেইদিনমান পূৰ্বে ইউএইয়ে ডাক টিকট প্ৰকাশ কৰি এই কাৰ্যসূচীক আৰু অধিক স্মৰণীয় কৰিলে৷ আজি ইয়াতো ডাক টিকট আৰু মুদ্ৰা প্ৰকাশ কৰা হৈছে৷ মই আজি বাপুৰ জন্মভূমি তথা তেওঁৰ প্ৰেৰণাস্থলী, সংকল্পস্থলীৰ পৰা সমগ্ৰ বিশ্ববাসীক অভিনন্দন আৰু শুভকামনা জনাইছো৷

ভাই-ভনীসকল, ইয়ালৈ অহাৰ পূৰ্বে সবৰমতী আশ্ৰমলৈ গৈছিলো৷ মোৰ জীৱনকালত ইয়ালৈ কেইবাবাৰো অহাৰ সৌভাগ্য হৈছে৷ প্ৰত্যেকবাৰেই মোৰ পূজ্য বাপুৰ সান্নিধ্য লাভৰ অনুভৱ গৈছে, কিন্তু আজি মই আজি তাত এক নতুন শক্তি পাইছো৷ সবৰমতী আশ্ৰমতে তেওঁ স্বচ্ছাগ্ৰহ আৰু সত্যাগ্ৰহক ব্যাপক ৰূপ দিছিল৷ এই সবৰমতীৰ পাৰতে মহাত্মা গান্ধীয়ে সত্যৰ প্ৰয়োগ কৰিছিল৷

ভাই-ভনীসকল, আজি সবৰমতীৰ এই প্ৰেৰণাস্থলী স্বচ্ছাগ্ৰহৰ এক ডাঙৰ সফলতাৰ সাক্ষী হৈ ৰৈছে৷ এয়া আমাৰ সকলোৰে বাবে আনন্দ আৰু গৌৰৱৰ সূযোগ৷ সবৰমতী নদীৰ সন্মুখভাগত এই কাৰ্যসূচীৰ আয়োজন কৰাটোৱে মোক দুগুণ আনন্দিত কৰিছে৷

বন্ধুসকল, ভাৰতৰ গ্ৰামাঞ্চলৰ লোকসকলে বৰ্তমান নিজকে মুকলি স্থানত মলত্যাগমুক্ত বুলি ঘোষণা কৰিছে৷ স্ব-ইচ্ছাৰে, স্ব-প্ৰেৰণাৰ লগতে অংশীদাৰিত্বৰে চলা স্বচ্ছ ভাৰত অভিযানৰ এয়া শক্তি আৰু সফলতাৰো গতি৷ মই প্ৰতিগৰাকী দেশবাসী, বিশেষকৈ গাঁৱত বসবাস কৰা লোকসকল, আমাৰ পঞ্চায়ত কৰ্মী, বিশাল সংখ্যক স্বচ্ছাগ্ৰহীক আজি আন্তৰিকতাৰে বহুত বহুত অভিনন্দন জনাইছো৷ আজি যিসকল স্বচ্ছাগ্ৰহীয়ে এই স্বচ্ছ ভাৰতৰ বঁটা লাভ কৰিছে, তেওঁলোককো বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো৷

বন্ধুসকল, আজি মোৰ প্ৰকৃতাৰ্থত এনেকুৱা লাগিছে যে ইতিহাসৰ আপোনা-আপুনি পুনৰাবৃত্তি হৈছে৷ যিদৰে দেশৰ স্বাধীনতাৰ বাবে বাপুৰ এক আহ্বানতে লাখ লাখ ভাৰতীয় সত্যাগ্ৰহী ৰাজপথলৈ ওলাই আহিছিল, সেইদৰে স্বচ্ছাগ্ৰহৰ বাবে কোটি কোটি দেশবাসীয়ে নিজে নিজেই সহযোগিতা আগবঢ়ালে৷ পাঁচ বছৰৰ পূৰ্বে, যেতিয়া মই লালকিল্লাৰ পৰা মই স্বচ্ছ ভাৰতৰ বাবে দেশবাসীক আহ্বান জনাইছিলো, তেতিয়া মোৰ কেৱল জনবিশ্বাস আছিল আৰু বাপুৰ চিৰযুগমীয়া বাৰ্তা আছিল৷ বাপুৱে কৈছিল যে বিশ্বত যি পৰিৱৰ্তন আপুনি দেখিব বিচাৰে, প্ৰথমে সেয়া নিজৰ মাজত কৰিব লাগিব৷

এই মন্ত্ৰৰ ওপৰত বিশ্বাস কৰি আমিও ঝাৰু উঠাই ল’লো আৰু ওলাই আহিলো৷ বয়স যিয়েই নহওক, সামাজিক আৰু আৰ্থিক স্থিতি যিয়েই নহওক, স্বচ্ছতা, গৰিমা আৰু সন্মানৰ এই যজ্ঞত সকলোৱেই অংশগ্ৰহণ কৰিলে৷

ক’ৰবাত যদি কোনো কন্যাই বিয়াৰ বাৰে শৌচালয়ৰ চৰ্ত দিলে, আনফালে শৌচালয়ক সন্মানৰ ঘৰ নাম দিলে৷ যিটো শৌচালয়ৰ কথা পাতিবলৈ কেতিয়াবা দ্বিধাবোধ হৈছিল, সেই শৌচালয়েই আজি দেশৰ ভাৱনা অপৰিহাৰ্য অংগ হৈ পৰিছে৷ বলীউদৰ পৰা আৰম্ভ কৰি খেলপথাৰলৈকে স্বচ্ছতাৰ এই বৃহৎ অভিযানৰ সৈতে প্ৰত্যেকেই জড়িত হৈ পৰিল, সকলোকে প্ৰেৰণা আৰু উৎসাহিত কৰিলে৷

বন্ধুসকল, আজি আমাৰ সফলতাক লৈ বিশ্ববাসী আচৰিত হৈছে৷ সমগ্ৰ বিশ্ববাসীয়ে ইয়াৰ বাবে আমাক পুৰষ্কৃত কৰিছে, সন্মান প্ৰদান কৰিছে৷ ৬০ মাহত ৬০ কোটিতকৈ অধিক লোকক শৌচালয়ৰ সুবিধা প্ৰদান কৰা, ১১ কোটিতকৈ অধিক শৌচালয় নিৰ্মাণ কৰা, এয়া শুনি বিশ্ববাসী আচম্বিত হৈছে৷ কিন্তু মোৰ বাবে কোনো সংখ্যা, যিকোনো প্ৰশংসা, সন্মানতকৈ অধিক সন্তোষ্টি তেতিয়াহে হয়, যেতিয়া ছোৱালীসকলে কোনো চিন্তা নকৰাকৈ স্কুললৈ যোৱা দেখো৷

|

মই এই কথাত সন্তোষ্টি লাভ কৰিছো যে কোটি কোটি মাতৃ, ভগ্নীয়ে এতিয়া এক অসহনীয়া কষ্ট তথা আন্ধাৰলৈ অপেক্ষা কৰাৰ পৰা মুক্ত হৈছে৷ মই এই কথাত সন্তোষ্টি লাভ কৰিছো যে সেই লাখ লাখ কন কন শিশুৰ জীৱন ৰক্ষা পৰিছে, যি ভীষণ ৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যু হৈছিল৷ মই এই কথাত সন্তোষ্টি লাভ কৰিছো যে স্বচ্ছতাৰ বাবেই দুখীয়া লোকসকলৰ চিকিৎসা ব্যয় হ্ৰাস পাইছে৷ মই এই কথাত সন্তোষ্টি লাভ কৰিছো যে এই অভিযানৰ জৰিয়তে গ্ৰামীণ অঞ্চল, আদিবাসী অঞ্চলত বহু লোকে সংস্থাপনৰ নতুন সূযোগ পাইছে৷ আগৰ কেৱল ৰাজমিস্ত্ৰীৰ পৰিৱৰ্তে এতিয়া ভগ্নীসকলেও ৰাণীমিস্ত্ৰী হিচাপে কাম কৰাৰ সূযোগ লাভ কৰিছে৷

ভাই-ভনীসকল, স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে জীৱনৰক্ষাতো সিদ্ধি লাভ কৰিছে আৰু জীৱনৰ উন্নতি কৰা কামো কৰিছে৷ ইউনিছেফৰ এক সমীক্ষা অনুসৰি যোৱা পাঁচ বচৰত স্বচ্ছ ভাৰতৰ জৰিয়তে ভাৰতৰ অৰ্থনীতিত ২০ লাখ কোটিতকৈ অধিক ইতিবাচক প্ৰভাৱ পৰিছে৷ ইয়াৰে ৭৫ লাখতকৈ অধিক সংস্থাপন ভাৰতত লাভ কৰিছে, য’ত অধিকাংশই গাঁৱৰ ভাই-ভনীসকলে পাইছে৷

ইমানেই নহয়, এই সন্তানসকলৰ শিক্ষাৰ স্তৰত আমাৰ উৎপাদনশীলতা, উদ্যমশীলতাৰ ইতিবাচক প্ৰভাৱ পৰিছে৷ ইয়াৰ দ্বাৰা দেশৰ ভা-ভনীসকলৰ সুৰক্ষা আৰু সবলীকৰণক দিশতো ব্যাপক পৰিৱৰ্তন আহিছে৷ গাঁও, দুখীয়া আৰু মহিলা স্বাৱলম্বন আৰু সবলীকৰণক উৎসাহিত কৰা এনে পৰিৱেশ পূজ্য মহাত্মা গান্ধীয়েও বিচাৰিছিল৷ এয়াই মহাত্মা গান্ধীৰ স্বৰাজৰ মুলমন্ত্ৰ আছিল৷ ইয়াৰ বাবেই তেওঁ নিজৰ জীৱন উচৰ্গা কৰিলে৷

বন্ধুসকল, কিন্তু এতিয়া প্ৰশ্ন হৈছে আমি যি সফলতা লাভ কৰিলো, সেয়াই যথেষ্ট নে? ইয়াৰ স্পষ্ট উত্তৰ হৈছে-আজি আমি যি সফলতা লাভ কৰিলো, সেয়া নিচেই নগণ্য৷ স্বচ্ছ ভাৰতৰ বাবে আমাৰ যাত্ৰা অব্যাহত থাকিব৷

বৰ্তমান আমি শৌচালয় নিৰ্মাণ কৰিছো, শৌচালয় ব্যৱহাৰৰ অভ্যাস গঢ়িবলৈ জনসাধাৰণক উৎসাহিত কৰিছো৷ দেশৰ বৃহৎ সংখ্য লোকৰ অভ্যাসৰ পৰিৱৰ্তন স্থায়ী কৰিব লাগিব৷ চৰকাৰেই হওক, প্ৰশাসনেই হওক, গাঁও পঞ্চায়তেই হওক, সকলোৱে শৌচালয়ৰ উচিত ব্যৱহাৰ আমি সুনিশ্চিত কৰিব লাগিব৷ যিসকল লোক এতিয়াও ইয়াৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোককো এই সুবিধাৰ সৈতে জড়িত কৰিব লাগিব৷

ভাই-ভনীসকল, চৰকাৰে বৰ্তমান যি জল-জীৱন আৰম্ভ কৰিছে, তাৰ পৰা ইয়াত সহায় হ’ব৷ নিজৰ ঘৰত, নিজৰ গাঁৱত, নিজৰ কলনিৰ পানী মজুতকৰণৰ বাবে, পানীৰ পুনৰ ব্যৱহাৰৰ বাবে আমি যি প্ৰচেষ্টাই নহওক, সেয়া কৰিব লাগে৷ যদি আমি এয়া কৰিব পাৰো, তেতিয়া শৌচালয়ৰ নিয়মীয়া আৰু স্থায়ী ব্যৱহাৰৰ ক্ষেত্ৰত ই যথেষ্ট সহায় কৰিব৷ চৰকাৰে জল জীৱন অভিযানৰ বাবে চাৰে তিনি লাখ কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত লৈছে৷ কিন্তু ইয়াত দেশবাসীৰ সক্ৰিয় অংশগ্ৰহণ অবিহনে এয়া সম্পূৰ্ণ কৰাটো যথেষ্ট কঠিন৷

বন্ধুসকল, স্বচ্ছতা, পৰিৱেশ সুৰক্ষা আৰু জীৱ-জন্তুৰ সুৰক্ষা প্ৰদান-এই তিনিওটা বিষয় মহাত্মা গান্ধীৰ প্ৰিয় বিষয় আছিল৷ প্লাষ্টিক এই তিনিওটা ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বিপদ৷ সেয়েহে, ২০২২ চনৰ ভিতৰত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্ত কৰাৰ লক্ষ্যত উপনীত হ’ব লাগিব৷ যোৱা তিনি সপ্তাহত স্বচ্ছতাই সেৱাৰ জৰিয়তে সমগ্ৰ দেশত এই অভিযানৰ যথেষ্ট গতি প্ৰদান কৰা হৈছে৷ মোক জনোৱা মতে এই সময়ছোৱাত প্ৰায় ২০ হাজাৰ টন প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ কৰা হৈছে৷ এই সময়ছোৱাত এইটোও পৰিলক্ষিত হৈছে যে প্লাষ্টিকৰ কেৰী বেগ যথেষ্ট ক্ষীপ্ৰতাৰে হ্ৰাস পাইছে৷

মই এই জানিব পাৰিছো যে আজি দেশজুৰি কোটি কোটি লোকে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ নকৰাৰ সংকল্প লৈছে৷ অৰ্থাৎ, সেইবোৰ প্লাষ্টিক, যিবোৰ আমি এবাৰ ব্যৱহাৰ কৰো আৰু পুনৰ পেলাই দিও, সেই প্লাষ্টিকৰ পৰা আমি দেশক মুক্ত কৰিব লাগিব৷ ইয়াৰ দ্বাৰা পৰিৱেশৰো ভাল হ’ব, আমাৰ চহৰৰ পথ আৰু বৰ্জ্য পানী বাধা দিয়া সমস্যাৰ সমাধান হোৱাৰ লগতে আমাৰ পশুধন, সামুদ্ৰিক জীৱকূলৰো জীৱন ৰক্ষা হ’ব৷

ভাই-ভনীসকল, মই পুনৰ কৈছো যে আমাৰ এই আন্দোলনৰ মুলতে আটাইতকৈ ডাঙৰ কথাটো হৈছে ব্যৱহাৰৰ পৰিৱৰ্তন৷ এই পৰিৱৰ্তন আগতে নিজে নিজে হয়, সংবেদনাৰে হয়৷ এই শিক্ষা আমি মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ জীৱনৰ পৰা পাইছো৷

দেশে যেতিয়া গম্ভীৰ খাদ্য সংকটত যুঁজিছিল, তেতিয়া শাস্ত্ৰী জীয়ে দেশবাসীক নিজৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰিবলৈ আহ্বান জনাইছিল, কিন্তু ইয়াৰ আৰম্ভণি কৰিছিল পৰিয়ালৰ পৰা৷ স্বচ্ছতাৰ এই যাত্ৰাও আমাৰ বাবে এক পথ, য’ত আগুৱাই গৈ আমি এক লক্ষ্যত উপনীত হ’ম৷

ভাই-ভনীসকল, বৰ্তমান সমগ্ৰ বিশ্বই স্বচ্ছ ভাৰত অভিযানৰ আমাৰ এই ব্যৱস্থাপনাক শিকিব বিচাৰে, সেইবোৰ গ্ৰহণ কৰিব বিচাৰে৷ কেইদিনমান পূৰ্বে আমেৰিকাত যেতিয়া ভাৰতক গ্ল’ৱেল গোলকীপাৰ বঁটাৰে সন্মানিত কৰিছিল, তেতিয়া ভাৰতৰ এই সফলতা সমগ্ৰ বিশ্বত জনাজাত হৈ পৰে৷ মই সংযুক্ত ৰাষ্ট্ৰতো এইটো কৈছিলো যে ভাৰতে ইয়াৰ অভিজ্ঞতাসমূহ অন্য দেশৰ সৈতে শ্বেয়াৰ কৰিবলৈ সদায় প্ৰস্তুত৷ আজি নাইজেৰিয়া, ইণ্ডোনেছিয়া আৰু মালী চৰকাৰৰ প্ৰতিনিধি আমাৰ মাজত আছে৷ ভাৰতে আপোনালোকক স্বচ্ছতা, অনাময়ৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ পালে সুখী হ’ব৷

বন্ধুসকল, মহাম্তা গান্ধীয়ে সত্য, অহিংসা, স্বাৱলম্বন ইত্যাদি চিন্তাধাৰাৰ জৰিয়তে দেশক পথ দেখুৱাইছিল৷ আজি আমি সেই পথেৰে আগুৱাই স্বচ্ছ, স্বাস্থ্য, সমৃদ্ধ আৰু শক্তিশালী নতুন ভাৰত নিৰ্মাণত ব্ৰতী আছো৷ পূজ্য বাপুয়ে স্বচ্ছতাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছিল৷ স্বচ্ছতাৰ সাধক হিচাপে দেশৰ গ্ৰামীণ ক্ষেত্ৰই বৰ্তমান তেওঁক স্বচ্ছ ভাৰতৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জনাইছে৷ গান্ধীজীয়ে স্বাস্থ্যক প্ৰকৃত ধন হিচাপে গণ্য কৰিছিল আৰু দেশৰ সকলো নাগৰিক সুস্থ হৈ থকাটো বিচাৰিছিল৷ আমি যোগ দিৱস, আয়ুষ্মান ভাৰত, ফিট ইণ্ডিয়া আন্দোলনৰ জৰিয়তে এই চিন্তাধাৰাক দেশত ব্যৱহাৰ কৰাৰ প্ৰয়াস কৰি আছো৷ গান্ধীজীয়ে বসুধৈৱ কুটুম্বকমত বিশ্বাস কৰিছিল৷

|

এতিয়া ভাৰতে নিজৰ নতুন যোজনা আৰু পৰিৱেশৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতাৰ জৰিয়তে বিশ্বক বিভিন্ন প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজাত সহায় কৰি আহিছে৷ আত্মনিৰ্ভৰ, আত্মবিশ্বাসেৰে এক ভাৰত গঢ়াক সপোন আছিল বাপুৰ৷ বৰ্তমান আমি মেক ইন ইণ্ডিয়া, ষ্টাৰ্ট-আপ ইণ্ডিয়া, ষ্টেণ্ড আপ ইণ্ডিয়াৰ জৰিয়তে এই সপোনবোৰে বাস্তৱ কৰাৰ কাম লাগি আছো৷

গান্ধীজীৰ এনে এখন ভাৰত গঢ়াৰ সংকল্প আছিল, য’ত প্ৰতিখন গাঁও স্বাৱলম্বী হয়৷ ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজৰ জৰিয়তে আমি এই সংকল্পও সিদ্ধি কৰাৰ দিশত আগুৱাই নিছো৷

গান্ধীজীয়ে সমাজৰ প্ৰান্তীয় ব্যক্তিগৰাকীৰ বাবে প্ৰতিটো সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা কয়৷ আমি বৰ্তমান উজ্জ্বলা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, জন-ধন যোজনা, সৌভাগ্য যোজনা, স্বচ্ছ ভাৰতৰ দৰে যোজনাৰ শুভাৰম্ভ কৰি তেওঁৰ এই মন্ত্ৰক এক ব্যৱস্থালৈ পৰিণত কৰিলো৷

পূজ্য বাপুয়ে কাৰিকৰী দিশত জৰিয়তে নাগৰিকৰ জীৱন সৰল কৰাৰ কথা কৈছিল৷ আমি, আধাৰ, প্ৰত্যক্ষ লাভ হস্তান্তৰ, ডিজিটেল ইণ্ডিয়া, ভীম এপ, ডিজি লকাৰৰ জৰিয়তে দেশবাসীৰ জীৱন সহজ কৰাৰ প্ৰয়াস কৰিছো৷

বন্ধুসকল, মহাত্মা গান্ধীয়ে কৈছিল যে তেওঁলোকৰ ভাৰতৰ উত্থান এইবাবে বিচাৰে, কিয়নো সমগ্ৰ বিশ্বই ইয়াৰদ্বাৰা লাভান্বিত হয়৷ গান্ধীজীয়ে স্পষ্টকৈ কৈছিল যে ৰাষ্ট্ৰবাদী অবিহনে আন্তঃৰাষ্ট্ৰীয়বাদী হ’ব নোৱাৰি৷ অৰ্থাৎ আমি আমাৰ সমস্যাৱলী নিজেই সমাধান কৰিব লাগিব, তেতিয়াহে আমি বিশ্বক সহায় কৰিব পাৰিম৷ এই ৰাষ্ট্ৰবাদী চিন্তাৰেই বৰ্তমান ভাৰত আগবাঢ়ি আছে৷

বাপুৰ সপোনৰ ভাৰত-নতুন ভাৰত নিৰ্মাণ হৈছে৷

বাপুৰ সপোনৰ ভাৰত হৈছে-য’ত স্বচ্ছ, সুৰক্ষিত পৰিৱেশ৷

বাপুৰ সপোনৰ ভাৰত-য’ত প্ৰতিগৰাকী ব্যক্তি সুস্থ, ফিট হ’ব৷

বাপুৰ সপোনৰ ভাৰত-য’ত প্ৰতিগৰাকী মাতৃ-প্ৰতিগৰাকী শিশু পুষ্টিসম্পন্ন৷

বাপুৰ সপোনৰ ভাৰত-য’ত প্ৰতিগৰাকী নাগৰিকে সুৰক্ষিত অনুভৱ কৰিব৷

বাপুৰ সপোনৰ ভাৰত- যি ভেদভাৱ মুক্ত, সদ্ভাৱযুক্ত হ’ব৷

বাপুৰ সপোনৰ ভাৰত-যি সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস এই আদৰ্শৰে চলিব৷ বাপুৰ ৰাষ্ট্ৰবাদৰ এই উপাদানসমূহ বিশ্বৰ আদৰ্শৰ বাবে উপযোগী হ’ব, প্ৰেৰণাৰ কাৰক হ’ব৷

আহক, জাতিৰ পিতাৰ মূল্যবোধক প্ৰতিষ্ঠা কৰাৰ বাবে, মানৱতাৰ ভালৰ বাবে প্ৰতিগৰাকী ভাৰতীয়ই, ৰাষ্ট্ৰবাদৰ প্ৰতিটো সংকল্প সিদ্ধি কৰাৰ সংকল্প লও৷

মই আজি দেশৰ এক ব্যক্তি, এক সংকল্পৰ আহ্বান জনাইছো৷ আপোনালেকে যি সংকল্পই নলওক কিয়, সেয়া যাতে দেশৰ কামত আহে৷ দেশৰ, সমাজৰ, দুখীয়া লোকসকলৰ ভালৰ বাবে সংকল্প লওক৷ আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ এই যে এটা সংকল্প লওক আৰু নিজক কৰ্তব্যসমূহৰ বিষয়ে ভাৱক, ৰাষ্ট্ৰৰ প্ৰতি নিজৰ দায়িত্বৰ কথা ভাৱক৷

কৰ্তব্যৰ পথত চলি ১৩০ কোটি প্ৰয়াস, ১৩০ কোটি সংকল্পৰ শক্তিৰে দেশৰ কিমান কিবা-কিবি কৰিব পাৰি৷ আজিৰ পৰা আৰম্ভ কৰি অহা এবছৰলৈকে আমি একেৰাহে এই দিশত কাম কৰিব লাগিব৷ এবছৰ কাম কৰিলেই যদি আমাৰ জীৱনৰ নতুন গতি লয়, এয়া আমাৰ জীৱনশৈলী হয়, এয়াই আমাৰ কৃতজ্ঞ ৰাষ্ট্ৰৰ বাপুৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ’ব৷
এই আহ্বানৰ লগতে আৰু এটা কথা যোগ দিৱ বিচাৰিছো যে এই সফলতা কোনো চৰকাৰৰ সফলতা নহয়৷

এই যি সফলতা অৰ্জন কৰা হৈছে, সেয়া কোনো প্ৰধানমন্ত্ৰী অথবা মুখ্যমন্ত্ৰীৰ সফলতা নহয়৷

এই যি সফলতা লাভ কৰা হৈছে, সেয়া ১৩০ কোটি নাগৰিকৰ পুৰুষাৰ্থৰ বাবে লাভ কৰা হৈছে৷ সমাজৰ জ্যেষ্ঠসকসে সময়ে সময়ে নেতৃত্ব দিলে, মাগদৰ্শন কৰিলে তাৰ বাবে হৈছে৷ মই লক্ষ কৰিছো বিগত পাঁচ বছৰে সংবাদমাধ্যমে এই বিষয়টো সম্পূৰ্ণৰূপে আগুৱাই নিলে, ইতিবাচক সহায় কৰিলে, দেশত পৰিৱেশ গঢ় দিয়াত সংবাদমাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে৷

আজি মই সেই সকলোকে, যিসকলে এই কাম কৰিলে, ১৩০ কোটি দেশবাসীক আদৰপূৰ্বক প্ৰণাম জনাইছো, মই তেওঁলোকক ধন্যবাদ জনাইছো, তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছো৷

ইমানতে মই মোৰ ভাষণৰ সামৰণী মাৰিছো৷ মোৰ সৈতে আপোনালোকে কওক-
মই ক’ম মহাত্মা গান্ধী, আপোনালোক সকলোৱে দুয়োখন হাত ওপৰলৈ কৰি ক’ব–অমৰ হওক, অমৰ হওক৷

মহাত্মা গান্ধী–অমৰ হওক

মহাত্মা গান্ধী–অমৰ হওক

মহাত্মা গান্ধী–অমৰ হওক

পুনৰ বাৰ সমগ্ৰ দেশবাসীক এক ডাঙৰ সংকল্প সিদ্ধি কৰা বাবে বহুত বহুত অভিনন্দন জনাইছো৷

মোৰ সৈতে কওক-

ভাৰত মাতা কী–জয়

ভাৰত মাতা কী–জয়

ভাৰত মাতা কী–জয়
বহুত বহুত ধন্যবাদ৷

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
'Operation Sindoor on, if they fire, we fire': India's big message to Pakistan

Media Coverage

'Operation Sindoor on, if they fire, we fire': India's big message to Pakistan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi's address to the nation
May 12, 2025
QuoteToday, every terrorist knows the consequences of wiping Sindoor from the foreheads of our sisters and daughters: PM
QuoteOperation Sindoor is an unwavering pledge for justice: PM
QuoteTerrorists dared to wipe the Sindoor from the foreheads of our sisters; that's why India destroyed the very headquarters of terror: PM
QuotePakistan had prepared to strike at our borders,but India hit them right at their core: PM
QuoteOperation Sindoor has redefined the fight against terror, setting a new benchmark, a new normal: PM
QuoteThis is not an era of war, but it is not an era of terrorism either: PM
QuoteZero tolerance against terrorism is the guarantee of a better world: PM
QuoteAny talks with Pakistan will focus on terrorism and PoK: PM

প্ৰিয় দেশবাসী,

নমস্কাৰ !

যোৱা কেইটামান দিনত দেশৰ শক্তি আৰু সংযম দুয়োটাই আমি সকলোৱে প্ৰত্যক্ষ কৰিছো।মই প্ৰথমে আমাৰ শক্তিশালী ভাৰতীয় সেনাবাহিনীক প্ৰণাম জনাইছো, সশস্ত্ৰ বাহিনী, আমাৰ চোৰাংচোৱা সংস্থা, আমাৰ বিজ্ঞানী, সকলোকে মই প্ৰতিজন ভাৰতীয়ৰ হৈ প্ৰণাম জনাইছো।

আমাৰ সাহসী জোৱানসকলে ‘অপাৰেচন সিন্দুৰ’ৰ লক্ষ্যত উপনীত হ’বলৈ গৈ অপৰিসীম সাহস প্ৰদৰ্শন কৰিলে। মই তেওঁলোকৰ বীৰত্বক, তেওঁলোকৰ সাহসক, তেওঁলোকৰ পৰাক্ৰমক সমৰ্পিত কৰিছো৷ মই তেওঁলোকৰ এই পৰাক্ৰমক , আমাৰ দেশৰ প্ৰতিগৰাকী মাতৃলৈ, দেশৰ প্ৰতিগৰাকী ভগ্নী আৰু প্ৰতিগৰাকী কন্যাৰ বাবে উৎসৰ্গা কৰিছো।

 

বন্ধুসকল,

যোৱা ২২ এপ্ৰিলত পহলগামত সন্ত্রাসবাদীয়ে প্রদর্শন কৰা বৰ্বৰতাই দেশ আৰু বিশ্বক স্তম্ভিত কৰি তুলিছিল৷

বন্ধৰ দিন উদযাপন কৰিবলৈ যোৱা নিৰ্দোষ নিৰীহ নাগৰিকক ধৰ্মৰ বিষয়ে সুধি পৰিয়ালৰ সন্মুখতে, শিশুসকলৰ সন্মুখতে...

নিৰ্দয়ভাবে হত্যা কৰা হৈছিল।

এয়া আছিল আতংকৰ এক বীভৎস ছবি, এয়া আছিল নিষ্ঠুৰতাৰ ভয়ংকৰ প্ৰকাশ৷ এয়া আছিল দেশৰ সমন্বয় বিনষ্ট কৰাৰ এক ঘৃণনীয় অপচেষ্টা। মোৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে এই নাৰকীয় ঘটনাৰ বেদনা অসহনীয় আছিল।

এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশ, প্ৰতিগৰাকী নাগৰিক, সমাজ, প্ৰতিটো শ্ৰেণীৰ লোক, প্ৰতিটো ৰাজনৈতিক দল একত্ৰিত হৈ 'একেষাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থাৰ দাবীৰে থিয় দিলে।

সন্ত্ৰাসবাদীক নিঃশেষ কৰিবলৈ ভাৰতীয় নিৰাপত্তা বাহিনীক আমি পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিলো। আমি তেওঁলোকক এইক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিলো।

আৰু আজি প্ৰতিজন সন্ত্ৰাসবাদীয়ে, প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনে উপলব্ধি কৰিবলৈ বাধ্য হৈছে আমাৰ ভগ্নী-কন্যাৰ কপালৰ সেন্দুৰ মচি পেলোৱাৰ পৰিণতি কি হ'ব পাৰে ।

 

বন্ধুসকল,

অপাৰেচন সিন্দুৰ ...এয়া কেৱল এটা নাম নহয়৷এয়া দেশৰ কোটি কোটি মানুহৰ আৱেগৰ প্ৰতিফলন।

অপাৰেচন 'সিন্দুৰ' ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। ৬ মে’ৰ গভীৰ নিশা.. ৭ মে’ৰ পুৱা.. সমগ্ৰ বিশ্বই এই প্ৰতিজ্ঞা ফলাফলত পৰিণত হোৱা দেখিবলৈ পাইছে। ভাৰতীয় বাহিনীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰিছে।

তেওঁলোকৰ প্ৰশিক্ষণ কেন্দ্ৰত নিখুঁতভাৱে আঘাত কৰিছে । সন্ত্ৰাসবাদীয়ে সপোনতো কল্পনা কৰা নাছিল যে ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। কিন্তু যেতিয়া দেশখন একত্ৰিত হয়, দেশ প্ৰথমৰ মনোভাৱেৰে মানুহৰ মনবোৰ ভৰি পৰে, তেতিয়া দেশেই সৰ্বোচ্চ হৈ পৰে। তেতিয়াই শক্তিশালী সিদ্ধান্ত লোৱা হয় আৰু তাৰ ফল লাভ কৰা হয়।

ভাৰতীয় ক্ষেপণাস্ত্ৰই যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছিল, ভাৰতীয় ড্ৰোনে যেতিয়া আক্ৰমণ চলাইছিল, তেতিয়া কেৱল সন্ত্ৰাসবাদী সংগঠনৰ ভৱনবোৰেই নহয়, তেওঁলোকৰ আত্মবিশ্বাসো কঁপি উঠিছিল।

 

বহাৱালপুৰ আৰু মুৰিদকেৰ দৰে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানসমূহ এককথাত বিশ্ব সন্ত্ৰাসবাদৰ বিশ্ববিদ্যালয় স্বৰূপ হৈ পৰিছে।

বিশ্বৰ যিকোনো ঠাইত সংঘটিত হোৱা যিকোনো ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ- সেয়া ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক , লণ্ডন টিউব বোমা বিস্ফোৰণেই হওঁক বা ভাৰতত দশকজুৰি সংঘটিত হোৱা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক, ক’ৰবাত নহয় ক’ৰবাত এই ঘটনাসমূহ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা এই স্থানসমূহৰ সৈতে সংযুক্ত হৈ পৰিছে। সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নীহঁতৰ সেন্দুৰ মচি পেলাইছিল৷ সেইবাবেই ভাৰতে সন্ত্ৰাসবাদৰ এই মুখ্য কাৰ্যালয় ধ্বংস কৰিছে। ভাৰতৰ এই আক্ৰমণত ১০০ৰো অধিক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে। ইমানবোৰ সন্ত্ৰাসবাদীয়ে যোৱা ডেৰৰ পৰা তিনি দশক ধৰি পাকিস্তানত মুক্তভাৱে ঘূৰি ফুৰিছিল৷ যিসকলে পূৰ্বে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকক ভাৰতে এটা আঘাততে ধ্বংস কৰি পেলালে।

 

বন্ধুসকল,

ভাৰতৰ এই কাৰ্য্যত পাকিস্তান গভীৰভাৱে হতাশগ্ৰস্ত হৈ পৰিছে৷ সকলোতে কেৱল হতাশাৰ কলীয়া ডাৱৰে ছানি ধৰিছিল৷ তেওঁলোক বিভ্ৰান্ত হৈ পৰিছিল৷এনে বিভ্ৰান্তিকৰ অৱস্থাৰ মাজতে তেওঁলোকে আৰু এটা বেয়া কাম কৰিলে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থাক সমৰ্থন কৰাৰ পৰিৱৰ্তে পাকিস্তানে ভাৰতকহে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে।

পাকিস্তানে আমাৰ স্কুল আৰু কলেজসমূহ লক্ষ্য কৰি লৈছিল, গুৰুদ্বাৰ, মন্দিৰ, সাধাৰণ নাগৰিকৰ ঘৰ আদিও পাকিস্তানৰ আক্ৰণৰ লক্ষ্য হৈ পৰিছিল৷ এনে কাৰ্যৰ জড়িয়তে পাকিস্তানে নিজকে উদঙাই দিলে। বিশ্বই দেখিলে পাকিস্তানৰ ড্ৰোন আৰু মিছাইল কেনেকৈ ভাৰতৰ সন্মুখত খেৰৰ দৰে জ্বলি ছাই হৈ গল৷ ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সেইবোৰ আকাশতে ধ্বংস কৰি পেলালে। সীমান্তত আক্ৰমণ কৰিবলৈ সাজু হৈছিল পাকিস্তান৷ কিন্তু ইয়াৰ বিপৰীতে ভাৰতে পাকিস্তানৰ বুকুত আঘাত হানিলে। ভাৰতৰ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰই নিখুঁতভাৱে পাকিস্তানৰ লক্ষ্যস্থানত আঘাত কৰিছিল। ফলত পাকিস্তানী বায়ুসেনাৰ সেই বিমানঘাটিসমূহ ক্ষতিগ্ৰস্ত হৈছিল, যিবোৰকলৈ পাকিস্তানে গৌৰৱ কৰি আহিছিল৷ প্ৰথম তিনিদিনতে যে ভাৰতে পাকিস্তানক এনেদৰে ধ্বংস কৰিব সেয়া তেওঁলোকে কল্পনাও কৰা নাছিল । সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ আগ্ৰাসী কাৰ্য্য ব্যৱস্থাৰ পিছত পাকিস্তানে পলায়নৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিলে। পাকিস্তানে উত্তেজনা হ্ৰাস কৰিবলৈ বিশ্বক অনুৰোধ কৰিবলৈ ধৰিলে৷ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত বাধ্যবাধকতাত পৰি ১০ মে’ৰ দুপৰীয়া পাকিস্তানী সেনাই আমাৰ ডিজিএমঅ’ৰ সৈতে যোগাযোগ কৰিলে। তেতিয়ালৈকে আমি পাকিস্তানৰ সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি বৃহৎ পৰিসৰত ধ্বংস কৰি পেলাইছিলো৷ বহু সন্ত্ৰাসবাদী নিহত হৈছিল৷ আমি পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিবোৰ ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছিলোঁ৷ গতিকে, দিশহাৰা পাকিস্তানৰ পৰা এটা আবেদন কৰা হৈছিল৷ এই কথা পাকিস্তানৰ পৰা কোৱা হৈছিল যে তেওঁলোকৰ পক্ষৰ পৰা আৰু কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ তথা সামৰিক দুষ্কাৰ্য কৰা নহ’ব ৷গতিকে ভাৰতেও এই কথা বিবেচনা কৰিলে। আৰু মই আকৌ কওঁ...আমি মাত্ৰ পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু সামৰিক ঘাটিৰ বিৰুদ্ধে আমাৰ ব্যৱস্থা স্থগিতহে ৰাখিছো৷

অনাগত দিনত আমি পাকিস্তানৰ প্ৰতিটো খোজৰ হিচাব লম৷ তেওঁলোকে কি মনোভাৱ গ্ৰহণ কৰে সেয়া লক্ষ্য কৰিম৷

 

বন্ধুসকল,

ভাৰতৰ তিনিটা সেনাবাহিনী-আমাৰ বায়ুসেনা, আমাৰ সেনাবাহিনী আৰু আমাৰ নৌসেনা, আমাৰ সীমান্ত সুৰক্ষা বাহিনী-বিএছএফ, ভাৰতৰ অৰ্ধসামৰিক বাহিনী নিৰন্তৰ সষ্টম হৈ আছে ।ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ এক বলিষ্ঠ পদক্ষেপ হিচাবে পৰিগণিত হৈছে। ভাৰতে এয়া নীতিগতভাবে গ্ৰহণ কৰিছে৷ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ শক্তিশালী প্ৰমাণ হৈ পৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নতুন ৰেখা টানিছে অপাৰেচন সিন্দুৰে। এটা নতুন মান, এটা নতুন ধৰণ নিৰ্ধাৰণ কৰা হৈছে।

প্ৰথম কথা - ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উপযুক্ত উত্তৰ দিয়া হ’ব।আমি নিজৰ ধৰণে, নিজৰ চৰ্তত সঁহাৰি জনাম।

সন্ত্ৰাসবাদৰ শিপা য’ৰ পৰা বিস্তাৰিত হৈছে তাতেই আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। দ্বিতীয়তে – ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে। পাৰমাণৱিক ব্লেকমেইলৰ আৱৰণেৰে ঘেৰি ৰখা সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানসমূহত ভাৰতে এক নিখুঁত আৰু নিৰ্ণায়ক আক্ৰমণ চলাব। তৃতীয়তে, সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰখন আৰু সন্ত্ৰাসবাদৰ মালিকসকলক আমি পৃথক সত্তা হিচাপে কেতিয়াও নাচাম।

'অপাৰেচন সিন্দুৰ'ৰ সময়ত বিশ্বই আকৌ দেখিছে পাকিস্তানৰ কুৎসিত মুখ।যেতিয়া মৃত সন্ত্ৰাসবাদীক বিদায় দিয়া হৈছিল।

পাকিস্তানী সেনাৰ শীৰ্ষ বিষয়াৰ মাজত লৰাধপৰা লাগিছল। দেশ খনৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ এয়া এক ডাঙৰ প্ৰমাণ। ভাৰত আৰু আমাৰ নাগৰিকক যিকোনো ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ আমি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি যাম।

 

বন্ধুসকল,

আমি প্ৰতিবাৰেই যুদ্ধক্ষেত্ৰত পাকিস্তানক পৰাস্ত কৰিছো আৰু এইবাৰ অপাৰেচন সিন্দুৰে ইয়াত এক নতুন মাত্ৰা সংযোজন কৰিলে। আমি মৰুভূমি আৰু পৰ্বতমালাত আমাৰ সামৰ্থ্য উজ্জ্বলভাৱে প্ৰদৰ্শন কৰিছো৷ লগতে আধুনিক যুদ্ধত নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছো।এই অপাৰেচনৰ সময়ত আমাৰ মেড ইন ইণ্ডিয়া অস্ত্ৰৰ সত্যতাও প্ৰমাণিত হ’ল। আজি বিশ্বই লক্ষ্য কৰিছে- একবিংশ শতিকাৰ যুদ্ধত মেড ইন ইণ্ডিয়া প্ৰতিৰক্ষা সঁজুলিৰ সময় আহি পৰিছে।

 

বন্ধুসকল,

আমাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ মাজত গঢ় লোৱা ঐক্য। এয়া নিশ্চিতভাৱে যুদ্ধৰ যুগ নহয়৷ কিন্তু এয়া সন্ত্ৰাসবাদৰো যুগ নহয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই হৈছে এখন উন্নত পৃথিৱীৰ নিশ্চয়তা প্ৰদানৰ প্ৰথম চৰ্ত৷

 

বন্ধুসকল,

পাকিস্তানৰ সেনা, পাকিস্তান চৰকাৰে যি সন্ত্ৰাসবাদক লালন-পালন কৰি আহিছে এদিন সেই সন্ত্ৰাসবাদেই পাকিস্তানক ধ্বংস কৰিব। পাকিস্তানে যদি জীয়াই থাকিব বিচাৰে তেন্তে নিজৰ দেশত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিব লাগিব। ইয়াৰ বাহিৰে শান্তিৰ কোনো বিকল্প পথ নাই। এইক্ষেত্ৰত ভাৰতৰ স্থিতি অতি স্পষ্ট৷ আতংক আৰু আলোচনা একেলগে আগবাঢ়িব নোৱাৰে৷

সন্ত্ৰাস আৰু বাণিজ্য একেলগে আগুৱাব নোৱাৰে। আনকি পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে। আজি বিশ্ব সমাজকো ক'ব বিচাৰিছো- আমাৰ ঘোষিত নীতি হৈছে- পাকিস্তানৰ সৈতে যদি আলোচনা হয়, সেয়া হ'ব সন্ত্ৰাসবাদৰ বিষয়ত, যদি পাকিস্তানৰ সৈতে আলোচনা হয়, তেন্তে সেয়া হ'ব পাক অধিকৃত কাশ্মীৰৰ বিষয়ত৷

 

প্ৰিয় দেশবাসী,

আজি বুদ্ধ পূৰ্ণিমা।

ভগৱান বুদ্ধই আমাক শান্তিৰ পথ দেখুৱাইছে। শান্তিৰ পথো শক্তিৰ মাজেৰেই পৰিচালিত হয়৷ মানৱতা শান্তি আৰু সমৃদ্ধিৰ পথেৰে আগবাঢ়ি যাওক৷ প্ৰতিজন ভাৰতীয়ই শান্তিৰে জীয়াই থাকিবলৈ সক্ষম হওক৷ যিয়ে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পাৰিব৷

ইয়াৰ বাবে ভাৰত শক্তিশালী হ'ব লাগিব আৰু প্ৰয়োজনৰ সময়ত শক্তি ব্যৱহাৰ কৰাটোও গুৰুত্বপূৰ্ণ কথা হৈ পৰিব। যোৱা কেইটামান দিনত ভাৰতে ঠিক এনে কামেই কৰিছে।ভাৰতীয় সেনা আৰু সশস্ত্ৰ বাহিনীক পুনৰবাৰ প্ৰণাম জনাইছো।

ভাৰতবাসীৰ সাহস আৰু ঐক্যক প্ৰণাম জনাইছো।

ধন্যবাদ...

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!