আৰৱীয় সাগৰৰ ৰাণী কোচিত উপস্থিত হৈ মই অত্যন্ত সুখ অনুভৱ কৰিছো৷ নীলা সাগৰ, ক’লা পানী আৰু সুবিশাল পেৰিয়াৰ নদী, চৌদিশৰ সেউজীয়া আৰু ইয়াৰ উদ্যমী লোকে কোচিক সঁচাকৈয়ে সকলো চহৰৰ ৰাণী কৰি তুলিছে৷
ইয়াৰ পৰা মহান ভাৰতীয় ঋষি আদি শংকৰে ভাৰতীয় সভ্যতা ৰক্ষা আৰু দেশক একত্ৰিত কৰাৰ ঐতিহাসিক যাত্ৰা আৰম্ভ কৰিছিল৷
আজি এক ঐতিহাসিক দিন যে কেৰালাৰ সৰ্ববৃহৎ ঔদ্যোগিক গোটে উন্নয়নৰ পৰৱৰ্তী পৰ্যায়ত পদাৰ্পন কৰিলে৷ এয়া কেৱল ‘ঈশ্বৰৰ নিজৰ দেশ’ কেৰালাৰ বাবেই গৌৰৱৰ বিষয় নহয়, সমগ্ৰ দেশৰ বাবেই এয়া এক গৌৰৱৰ ক্ষণ৷
কোচি শোধনাগাৰৰ ভাৰত পেট্ৰ’লিয়ামে কেৰাল আৰু ইয়াৰ নিকটৱৰ্তী ৰাজ্যসমূহত যোৱা প্ৰায় ৫০ বছৰ ধৰি স্বচ্ছ ইন্ধন, ৰন্ধন গেছৰ জনপ্ৰিয়কৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷
মই মোৰ শৈশৱ আৰু যৌৱন সোঁৱৰণ কৰিলে দেখিবলৈ পাও যে বহুতো মহিলাই খৰিৰ চৌকাত জুই ধৰিবলৈ অশেষ কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল৷ তেতিয়াৰে পৰা মই সদায় সপোন দেখিছিলো যে ভাৰতবৰ্ষৰ মাতৃ–ভগ্নীসকলৰ এই অৱস্থা এদিন হলেও উন্নত কৰিব লাগিব আৰু তেওঁলোকক সুস্বাস্থৰ গৰাকী কৰি ৰাখিব লাগিব৷
চৰকাৰৰ উজ্জলা যোজনাই এই সপোনৰ উপলব্ধি কৰায়৷ মই সুখী যে এই আচনিৰ অধীনত ২০১৬ৰ মে’ৰ পৰা প্ৰায় ৬কোটি ৰন্ধন গেছৰ সংযোগ দেশৰ দৰিদ্ৰ জনগণৰ মাজত বিতৰণ কৰা হৈছে৷
বন্ধুসকল,
২৩ কোটি এলপিজি গ্ৰাহকে পহল আঁচনিৰ সৈতে জড়িত হৈছে৷
পহলে ভুৱা একাউণ্ট, একাধিক একাউণ্ট আৰু নিষ্ক্ৰিয় একাউণ্ট চিনাক্ত কৰাৰত সহায় কৰিছে৷ পহল বিশ্বৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনি হিচাপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে৷ প্ৰায় ১ কোটি গ্ৰাহকে ‘গিভ ইট আপ’ কাৰ্যসূচীৰ অধীনত এলপিজি ৰাজসাহায্য ত্যাগ কৰিছে৷
শেহতীয়া সম্প্ৰসাৰণৰ জৰিয়তে ৰন্ধন গেছৰ উৎপাদন বৃদ্ধি কৰি কোচি শোধনাগাৰে উজ্জলা যোজনালৈ এক মূল্যবান বৰঙণি আগবঢ়াইছে৷
জলবায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ভাৰত চৰকাৰে দেশত চিটী গেছ বিতৰণ নেটৱৰ্ক সম্প্ৰসাৰণ কৰি পৰিৱেশ অনুকূল পৰিবহণ ইন্ধনৰ ব্যৱহাৰক উদগণি যোগাইছে৷
খাৰুৱা তেলৰ আমদানি হ্ৰাস কৰিবলৈ চৰকাৰে ১০শতাংশ আমদানি হ্ৰাস আৰু মূল্যৱান বৈদেশিক মুদ্ৰা ৰাহি কৰাৰ দৰে কেইবাটাও নিৰ্ণায়ক পদক্ষেপ হাতত লৈছে৷
এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ তেল শোধনকাৰী দেশ ভাৰতে চাহিদাতকৈ অধিক শোধন কৰি ৰাইফাইনেৰী হাবত পৰিণত হৈছে৷
দেশৰ শোধন ক্ষমতা এতিয়া ২৪৭ এমএমটিপিএতকৈ অধিক৷ ইয়াৰ বাবে মই আইআৰইপি সময়মতে সম্পূৰ্ণ কৰা সকলোকে অভিনন্দন জ্ঞাপন কৰিছো৷
নিৰ্মাণৰ সময়ত দিনে–নিশাই কাম কৰা শ্ৰমিকসকলৰ কঠোৰ পৰিশ্ৰমকো মই স্বীকৃতি দিব বিচাৰো৷ প্ৰকল্পৰ অন্তিম সময়ছোৱাত প্ৰায় ২০হাজাৰ শ্ৰমিকে ইয়াত কাম কৰিছিল৷
বহুক্ষেত্ৰত তেওঁলোক হ’ল এই প্ৰকল্পৰ প্ৰকৃত নায়ক৷ একীকৃত শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প আছিল ভাৰত পেট্ৰ’লিয়ামক বহুমুখী কৰাৰ এক কৌশলগত পদক্ষেপ৷
মোৰ বন্ধুসকল,
পেট্ৰ’-কেমিকেলক লৈ আমি অধিক আলোচনা নকৰো যদিও ইয়ে অদৃশ্যভাৱে আমাৰ দৈনন্দিন জীৱনৰ বহু দিশ স্পৰ্শ কৰি যায়৷ অৱশ্যে অধিকাংশ কেমিকেল আন দেশৰ পৰা আমদানি কৰা হয়৷
এই পেট্ৰ’-কেমিকেল ভাৰতত নিৰ্মাণ কৰিবলৈ এয়া আমাৰ প্ৰয়াস৷
মই আশাবাদী যে ৰাজ্য চৰকাৰে পৰিকল্পনা কৰা পেট্ৰ’-কেমিকেল পাৰ্ক শীঘ্ৰে কাৰ্যকৰী হৈ উঠিব আৰু বিপিচিএলৰ পেট্ৰ’-কেমিকেল উদ্যোগে আগবঢ়োৱা ব্যৱসায়ৰ সুযোগ ৰাজ্যখনে সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব পাৰিব৷
মই জানিব পাৰি সুখী যে, বিপিচিএল আৰু আন ৰাজহুৱা খণ্ডই নিয়োগযোগ্য যুৱক–যুৱতীৰ প্ৰশিক্ষণৰ বাবে দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপন কৰিছে৷
পবিত্ৰ মহাদেৱ মন্দিৰৰ ওচৰত ইট্টামানুৰত প্ৰতিষ্ঠানৰ দ্বিতীয় চৌহদৰ আধাৰশিলা স্থাপন কৰিব মই আনন্দিত৷মই জানিব পাৰি সুখী হৈছো যে ভাৰতীয় তেল নিগমে ইয়াৰ পৰা ১২ কিলোমিটাৰ নিলগত ৫০ কোটি টকা ব্যয় সাপেক্ষে কোচিন বটলিং প্ৰকল্পত এক বৃহৎ ভাণ্ডাৰ সুবিধা মুকলি কৰিছে৷
ইয়ে এলপিজিৰ ভাণ্ডাৰ ক্ষমতা বৃদ্ধি কৰিব আৰু এলপিজি টেংকাৰৰ গতি পথ হ্ৰাস কৰিব৷
এয়া অত্যন্ত উৎসাহৰ বিষয় যে যোৱা আগষ্টত কেৰালাই যেতিয়া শতিকাৰ ভয়ংকৰ বানৰ কবলত পৰিছিল তেতিয়া বিপিচিএল কোচি শোধনাগাৰে সকলো বাধা অতিক্ৰম কৰি আগুৱাই গৈছিল৷ মই জানিব পাৰিছিলো যে বহুতো কৰ্মচাৰীয়ে পেট্ৰ’ল, ডিজেল আৰু এলপিজিৰ উৎপাদন অব্যহাত খাৰ বাবে শোধনাগাৰত থাকিয়ে কাম কৰিছিল৷ ইয়ে উদ্ধাৰকাৰী বাহন আৰু হেলিকপ্টাৰক সাহায্য আৰু উদ্ধাৰ অভিযানত সহায় কৰিছিল৷
এই উদ্যম, সামাজিক দায়বদ্ধতা আৰু উদ্ভাৱনী চিন্তা অব্যাহত ৰাখিবলৈ কোচি শোধনাগাৰক মই আহ্বান জনাও৷ ৰাষ্ট্ৰ নিৰ্মাণত কোচি শোধনাগাৰৰ অৱদানক লৈ আমি গৌৰৱান্বিত৷ মই আশা কৰো যে কোচি শোধনাগাৰে দক্ষিণ ভাৰতত পেট্ৰ’-কেমিকেল বিপ্লৱৰ নেতৃত্ব দিব আৰু নতুন ভাৰত গঢ়াৰ দিশত বৰ্ধিত প্ৰয়োজনীয়তাক সহযোগ কৰিব৷
জয় হিন্দ৷