কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী ডা০ হৰ্ষ ৱৰ্ধনজী, মুখ্য বৈজ্ঞানিক উপদেষ্টা ড০ বিজয় ৰাঘৱনজী, চিএছআইৰ-ৰ মুৰব্বী ড০ শেখৰ চি মাণ্ডেজী, বিজ্ঞান জগতৰ অন্য সকলো মহানুভৱ, ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল৷

নেচনেল ফিজিকেল লেবৰটেৰীৰ প্লেটিনাম জুবিলী সমাৰোহত আপোনালোক সকলোলৈ অশেষ অভিনন্দন থাকিল৷ আজি আমাৰ বৈজ্ঞানিকে নেচনেল এটমিক টাইম স্কেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালী ৰাষ্ট্ৰলৈ সমৰ্পিত কৰিছে আৰু লগতে দেশৰ প্ৰথমটো নেচনেল এনভাইৰনমেণ্টেল ষ্টেণ্ডাৰ্ড লেবৰটেৰীৰো আধাৰশিলা স্থাপন কৰা হৈছে৷ নতুন দশক এই নতুন শুভাৰম্ভই দেশৰ গৌৰৱ বৃদ্ধি কৰিব৷

 

বন্ধুসকল,

নৱবৰ্ষই নিজৰ সৈতে এক বৃহৎ উপলব্ধি কঢ়িয়াই আনিছে৷ ভাৰতৰ বৈজ্ঞানিকে এটা নহয়, দুটা দুটা মেড ইন ইণ্ডিয়া ক’ভিড প্ৰতিষেধক নিৰ্মাণত সফলতা লাভ কৰিছে৷ ভাৰতত বিশ্বৰ সবাতোকৈ বৃহৎ ক’ভিড প্ৰতিষেধক কাৰ্যসূচীও আৰম্ভ হ’বলৈ ধৰিছে৷ ইয়াৰ বাবে দেশৰ বৈজ্ঞানিকসকলৰ অংশগ্ৰহণ অতিশয় গৌৰৱৰ বিষয়, প্ৰতিজন দেশবাসী আপোনালোক বৈজ্ঞানিকসকল, প্ৰযুক্তিবিদসকলৰ প্ৰতি কৃতজ্ঞবোধ কৰিছে৷

 

বন্ধুসকল,

আজি সেই সময়টো স্মৰণ কৰাৰ দিন যেতিয়া আমাৰ বৈজ্ঞানিক সংস্থাই, আপোনালোক সকলোৱে ক’ৰোনাৰ সৈতে মোকাবিলাৰ বাবে, প্ৰতিষেধক বিকশিত কৰাৰ বাবে দিন-ৰাতি এক কৰি তুলিছিল৷ চিএছআইআৰ সহিতে অন্য সংস্থাই ঐক্যৱদ্ধ হৈ প্ৰতিটো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিছিল, নতুন নতুন পৰিস্থিতিৰ সমাধান সন্ধান কৰিছিল৷ আপোনালোকৰ এই সমৰ্পণে আজি দেশত এই বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহৰ প্ৰতি সজাগতা তথা সন্মানৰ এক নতুন ধাৰণাৰ সৃষ্টি কৰিছে৷ আমাৰ যুৱ সমাজে আজি চিএছআইআৰ-ৰ দৰে সংস্থাৰ বিষয়ে অধিক জানিবলৈ উৎসুক হৈ পৰিছে৷ সেইবাবে মই বিচাৰিছো যে চিএছআইআৰ-ৰ বৈজ্ঞানিকে দেশৰ অধিক সংখ্যক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে ভাৱ বিনিময় কৰক৷ ক’ৰোনাৰ সময়ছোৱাৰ নিজৰ অভিজ্ঞতা নতুন প্ৰজন্মৰ সৈতে বিনিময় কৰক৷ ইয়াৰ জৰিয়তে আগন্তুক দিনসমূহত আপোনালোক যুৱ বৈজ্ঞানিকৰ নতুন প্ৰজন্ম গঢ়াত সহায়ক হ’ব৷

|

বন্ধুসকল,

কিছু সময় পূৰ্বে আপোনালোকৰ চাৰে সাত দশকৰ উপলব্ধিৰ কথা ইয়াত আলোকপাত কৰা হৈছে৷ এই বৰ্ষসমূহত এই সংস্থাৰ অনেক মহান বিভূতিয়ে দেশলৈ সৰ্বোত্তম সেৱা আগবঢ়াইছে৷ ইয়াৰ পৰা ওলোৱা সমাধানে দেশৰ পথ প্ৰশস্ত কৰিছে৷ চিএছআইআৰ এনপিএল-য়ে দেশৰ বিকাশৰ বৈজ্ঞানিক ৰূপান্তৰণ আৰু মূল্যায়ন, দুয়োটাতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ বিগত বৰ্ষসমূহৰ উপলব্ধি আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ ওপৰত চৰ্চা কৰাৰ বাবে আজি এই সন্মিলন অনুষ্ঠিত হৈছে৷ 

বন্ধুসকল,

আপোনালোকে যেতিয়া পিছলৈ উভটি চায় তেতিয়া দেখা পাব যে আপোনালোকৰ আৰম্ভণি দাসত্বৰ পৰা বাহিৰ ওলাই ভাৰতৰ নৱ নিৰ্মাণৰ বাবে কৰা হৈছিল৷ সময়ৰ সৈতে আপোনালোকৰ ভূমিকাৰ প্ৰসাৰণ ঘটিছে, এতিয়া দেশৰ সন্মুখন নতুন লক্ষ্য উপস্থিত হৈছেহি৷ দেশে ২০২২ চনত নিজৰ স্বতন্ত্ৰতাৰ ৭৫তম বৰ্ষ পূৰণ কৰিব, ২০৪৭ চনত আমাৰ স্বাধীনতাৰ শততম বৰ্ষ হ’ব৷ এই সময়ছোৱাত আমি আত্মনিৰ্ভৰ ভাৰতৰ নতুন সংকল্পৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি নতুন মানসম্পন্ন, নতুন পৰিসৰ গঢ়াৰ দিশত আগবাঢ়িব লাগিব৷ 

বন্ধুসকল,

চিএছআইআৰ-এনপিএল এক প্ৰকাৰে ভাৰতৰ টাইম কীপাৰ হিচাপে বিবেচিত হৈছে৷ অৰ্থাৎ ভাৰতৰ সময়ৰ চোৱাচিতা কৰা, ব্যৱস্থাপনা কৰা আপোনালোকৰ দায়িত্ব৷ যিহেতু সময়ৰ দায়িত্ব আপোনালোকৰ গতিকে সময়ৰ পৰিৱৰ্তনো আপোনালোকৰ পৰাই আৰম্ভ হ’ব৷ নতুন সময়, নতুন ভৱিষ্যতৰ নিৰ্মাণো আপোনালোকৰ পৰাই আৰম্ভ হ’ব৷ 

বন্ধুসকল,

আমাৰ দেশে দশকজুৰি গুণগতমান আৰু পৰিমাপৰ বাবে বিদেশী ষ্টেণ্ডাৰ্ডৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে৷ কিন্তু এই দশকত ভাৰতে নিজৰ ষ্টেণ্ডাৰ্ডক নতুন উচ্চতা প্ৰদান কৰিব লাগিব৷ এই দশকত ভাৰতৰ গতি, ভাৰতৰ প্ৰগতি, ভাৰতৰ উত্থান, ভাৰতৰ ছবি, ভাৰতৰ সামৰ্থ, আমাৰ সামৰ্থ নিৰ্মাণ, আমাৰ ষ্টেণ্ডাৰ্ডৰ পৰাই নিৰ্ধাৰিত হ’ব৷ আমাৰ দেশত সেৱাৰ গুণগতমানেই হওক, চৰকাৰী অথবা বেচৰকাৰী খণ্ডই হওক, আমাৰ দেশত সামগ্ৰীৰ গুণগতমানেই হওক, সেয়া লাগিলে চৰকাৰ অথবা ব্যক্তিগত খণ্ডই নিৰ্মাণ কৰক, আমাৰ গুণগতমান ষ্টেণ্ডাৰ্ডেই নিৰ্ধাৰণ কৰিব যে বিশ্বত ভাৰত আৰু ভাৰতৰ সামগ্ৰীসমূহৰ শক্তি কিমান বৃহৎ৷ 

বন্ধুসকল,

এই মেট্ৰ’ল’জী, সাধাৰণ ভাষাত ক’বলৈ গ’লে পৰিমাপৰ বিজ্ঞান, ই যিকোনো বৈজ্ঞানিক উপলব্ধিৰ বাবে বুনিয়াদৰ দৰে কাম কৰে৷ যিকোনো গৱেষণা পৰিমাপৰ অবিহনে আগবাঢ়িব নোৱাৰে৷ আনকি আমাৰ নিজৰ অভিজ্ঞতাও কোনো এটা পৰিমাপত জুখিবলগীয়া হয়৷ সেইবাবে, মেট্ৰ’ল’জীক আধুনিকতাৰ আধাৰশিলা বুলি কোৱা হয়৷ যিমানেই উন্নত আপোনাৰ পদ্ধতি হ’ব সিমানেই উন্নত মেট্ৰ’ল’জী হ’ব আৰু যিমানেই বিশ্বাসযোগ্য মেট্ৰ’ল’জী এখন দেশৰ থাকিব, সেই দেশৰ বিশ্বাসযোগ্যতা বিশ্বত সিমানেই বৃদ্ধি হ’ব৷ মেট্ৰ’ল’জীয়ে আমাৰ বাবে দাপোণৰ দৰে কাম কৰে৷ বিশ্বত আমাৰ সামগ্ৰী ক’ত উপলব্ধ হৈছে, আমি কি সংশোধন কৰিব লাগিব, এই পৰিচয়, এই আত্মতত্ব মেট্ৰ’ল’জীৰ দ্বাৰাই সম্ভৱ হ’ব৷ সেইবাবে আজি যেতিয়া দেশে আত্মনিৰ্ভৰ ভাৰতৰ অভিযান, ইয়াৰ সংকল্প লৈ আগবাঢ়িছে, তেনেস্থলত আমি মনত ৰাখিব লাগিব যে ইয়াৰ লক্ষ্য সংখ্যা বৃদ্ধিৰ লগতে গুণগতমান বৃদ্ধিও সিমানেই গুৰুত্বপূৰ্ণ৷ অৰ্থাৎ স্কেলো বাঢ়ক লগতে ষ্টেণ্ডাৰ্ডো বাঢ়ক৷ আমি বিশ্বত কেৱল ভাৰতীয় সামগ্ৰী ভৰাই তুলিলেই নহয়৷ আমি ভাৰতীয় সামগ্ৰীৰ ক্ৰেতাসকলৰ হৃদয়ো জয় কৰিব লাগিব আৰু বিশ্বৰ প্ৰতিটো প্ৰান্তৰ হৃদয় জয় কৰিব লাগিব৷ মেড ইণ্ডিয়া কেৱল বৈশ্বিক চাহিদাই নহয় বৰঞ্চ বৈশ্বিক গ্ৰহণযোগ্যতাও হওক, এয়া আমি সুনিশ্চিত কৰিব লাগিব৷ আমি ব্ৰেণ্ড ইণ্ডিয়াক গুণগতমান, বিশ্বাসযোগ্যতাৰ সৈতে শক্তিশালী স্তম্ভত অধিক শক্তিশালী কৰি তুলিব লাগিব৷

|

বন্ধুসকল,

মই সুখী কিয়নো ভাৰতে এতিয়া এই দিশত ক্ষীপ্ৰতাৰে আগবাঢ়িছে৷ আজি ভাৰত বিশ্বৰ সেই দেশসমূহৰ ভিতৰত অন্যতম যাৰ ওচৰত নিজৰ নেভিগেচন ছিষ্টেম আছে৷ নাবিকৰ পৰা ভাৰতৰ এই উপলব্ধি লাভ কৰি ভাৰতে এয়া প্ৰদৰ্শিত কৰিছে৷ আজি এই দিশত ভাৰতে আন এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে৷ আজি যি ভাৰতীয় নিৰ্দেশক দ্ৰব্যৰ লোকাৰ্পণ কৰা হৈছে ই আমাৰ উদ্যোগ জগতক গুণগতমানৰ সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে উৎসাহিত কৰিব৷ এতিয়া খাদ্য, খোৱা তেল, খনিজ, গধূৰ ধাতু, কীটনাশক, ফাৰ্মা আৰু বস্ত্ৰৰ দৰে অনেক খণ্ডত নিজৰ ‘চাৰ্টিফাইড ৰেফাৰেন্স মেটেৰিয়েল ছিষ্টেম’ক শক্তিশালী কৰাৰ দিশত আমি ক্ষীপ্ৰতাৰে আগবাঢ়িছো৷ আমি সেই স্থিতিৰ দিশলৈ আগুৱাইছো য’ত উদ্যোগ নিয়ামিককেন্দ্ৰিক পদক্ষেপৰ পৰিৱৰ্তে গ্ৰাহককেন্দ্ৰিক পদক্ষেপৰ দিশ বিদ্যমান আছে৷ এই নতুন মানকৰ দ্বাৰা সমগ্ৰ দেশৰ জিলাসমূহত তাৰে থলুৱা সামগ্ৰীক বৈশ্বিক পৰিচয় প্ৰদান কৰাৰ অভিযান চলোৱা হৈছে, ইয়াৰ দ্বাৰা সকলো লাভান্বিত হ’ব৷ ইয়াৰ দ্বাৰা আমাৰ এমএছএমই খণ্ড অধিক উপকৃত হ’ব৷ কাৰণ বাহিৰৰ পৰা যি বৃহৎ নিৰ্মাণ উদ্যোগ ভাৰতলৈ আহি আছে, তেওঁলোকে ইয়াতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগান শৃংখল লাভ কৰিব৷ তাতোকৈ ডাঙৰ কথা, নতুন মানকৰ পৰা আমদানি আৰু ৰপ্তানি, দুয়োটাৰ গুণগতমান সুনিশ্চিত হ’ব৷ ইয়াৰ দ্বাৰা ভাৰতৰ সাধাৰণ উপভোক্তাইও উন্নত সামগ্ৰী লাভ কৰিব, ৰপ্তানীকাৰীৰ সমস্যা দূৰ হ’ব৷ অৰ্থাৎ আমাৰ উৎপাদন, আমাৰ সামগ্ৰী, গুণগতমানত যিমান উন্নত হ’ব সিমানেই দেশৰ অৰ্থ ব্যৱস্থাও শক্তিশালী হ’ব৷ 

বন্ধুসকল,

অতীতৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ আপোনালোকে যেতিয়াই প্ৰত্যক্ষ কৰিব দেখিব যে যিখন দেশত বিজ্ঞানত অগ্ৰগতি হৈছে সেইখন দেশ সিমানেই আগবাঢ়িছে৷ ই বিজ্ঞান, প্ৰযুক্তি আৰু উদ্যোগৰ এক মূল্য সৃষ্টিৰ চক্ৰৰ দৰে হৈছে৷ বিজ্ঞানৰ পৰা নতুন কিবা আৱিষ্কাৰ হ’লে তাৰে প্ৰযুক্তিও বিকশিত হয়৷ আৰু প্ৰযুক্তিৰ দ্বাৰা উদ্যোগ গঠন হয়, নতুন উৎপাদন হয়, নতুন সামগ্ৰীৰ সৃষ্টি হয়৷ উদ্যোগে পুনৰ নতুন গৱেষণাৰ বাবে বিজ্ঞানৰ দ্বাৰা আৱিষ্কাৰ কৰে৷ আৰু এই চক্ৰই নতুন সম্ভাৱনাৰ দিশত আগুৱাই যায়৷ চিএছআইআৰ এনপিএল-য়ে ভাৰতৰ এই মূল্য চক্ৰক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ আজি যেতিয়া দেশে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰ সৈতে আগবাঢ়িছে তেতিয়া বিজ্ঞানৰ পৰা বৃহৎ নিৰ্মাণৰ এই মূল্য সৃষ্টিৰ চক্ৰৰ গুৰুত্বও অধিক বৃদ্ধি হৈছে৷ সেইবাবে চিএছআইআৰ-এ ইয়াত বৃহৎ ভূমিকা পালন কৰিব লাগিব৷ 

বন্ধুসকল,

চিএছআইআৰ এনপিএল-এ আজি যি নেচনেল এট’মিক টাইমস্কেল দেশক সমৰ্পিত কৰিছে তাৰ দ্বাৰা ভাৰতে নেনো ছেকেণ্ড অৰ্থাৎ এক ছেকেণ্ডৰ ১ বিলিয়ন অংশ পৰ্যন্ত সময় জোখাত আত্মনিৰ্ভৰশীলতা লাভ কৰিছে৷ ২.৮ নেনো ছেকেণ্ডৰ এই যথাৰ্থতা লাভ কৰাটো এক বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছে৷ এতিয়া আন্তৰ্জাতিক ষ্টেণ্ডাৰ্ড সময়ক আমাৰ ভাৰতীয় ষ্টেণ্ডাৰ্ড সময়ে ৩ নেনো ছেকেণ্ডতকৈ কম যথাৰ্থতা পৰ্যায়ৰ সৈতে সাদৃশ্যকৰণ কৰিব পাৰে৷ ইয়াৰ দ্বাৰা ইছৰ’ৰ সৈতে আমাৰ যিমান সংস্থাই Cutting edge technology ত কাম কৰি আছে, তেওঁলোক যথেষ্ট উপকৃত হ’ব৷ ইয়াৰ দ্বাৰা বেংকিং, ৰে’লৱে, প্ৰতিৰক্ষা, স্বাস্থ্য, টেলিকম, বতৰৰ আগজাননী, দুৰ্যোগ ব্যৱস্থাপনাকে ধৰি অসংখ্য খণ্ডৰ সৈতে জড়িত আধুনিক প্ৰযুক্তিত বৃহৎ সহায়ক হ’ব৷ এয়াই নহয়, আমি যি ইণ্ডাষ্ট্ৰী ৪.০ৰ কথা কৈছো, তাতো ভাৰতৰ ভূমিকা সশক্ত হ’ব৷ 

বন্ধুসকল,

আজি ভাৰতে পৰিবেশৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিয়াৰ দিশত আগবাঢ়িছে৷ কিন্তু বায়ুৰ গুণগতমান আৰু নিৰ্গমণ পৰিমাপৰ প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি সঁজুলিলৈ আমি আনৰ ওপৰত নিৰ্ভৰশীল৷ আজি ইয়াতো আত্মনিৰ্ভৰতাৰ ক্ষেত্ৰত আমি এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছো৷ ইয়াৰ দ্বাৰা ভাৰতত প্ৰদুষণৰ সৈতে মোকাবিলা কৰাৰ বাবে অধিক সস্তীয়া আৰু কাৰ্যকৰী প্ৰণালী বিকশিত হোৱাৰ লগতে প্ৰযুক্তিৰ বৈশ্বিক বজাৰতো ভাৰতৰ অংশীদাৰীত্ব বৃদ্ধি পাব৷ আমাৰ বৈজ্ঞানিকসকলক সামূহিক প্ৰয়াসৰ দ্বাৰা ভাৰতে আজি এই উপলব্ধি লাভ কৰিছে৷ 

বন্ধুসকল,

যিকোনো প্ৰগতিশীল সমাজত গৱেষণা জীৱনৰ এক সহজাত স্বভাৱ আৰু সহজ প্ৰক্ৰিয়া হিচাপে পৰিগণিত হয়৷ গৱেষণাৰ প্ৰভাৱ বাণিজ্যিকো হয়, সামাজিকো হয় আৰু গৱেষণাই আমাৰ জ্ঞানক, আমাৰ অনুধাৱনক প্ৰসাৰ কৰাৰ ক্ষেত্ৰতো সহায়ক হয়৷ বহুবাৰ গৱেষণা কৰাৰ সময়ত এই ধাৰণা নহয় যে মূল লক্ষ্যৰ উপৰিও ই কোন দিশলৈ গতি কৰিব, ভৱিষ্যতে আন কি কামত আহিব৷ কিন্তু এয়া নিশ্চিত যে গৱেষণা, জ্ঞানৰ নতুন অধ্যায় কেতিয়াও ব্যৰ্থ নহয়৷ আমাৰ ইয়াত শাস্ত্ৰসমূহত কোৱা হয় যে আত্মা অমৰ৷ মই ভাবো যে গৱেষণাও অমৰ৷ ইতিহাসত এনে বহু উদাহৰণ আছে, জেনেটিকছৰ পিতৃ মেণ্ডেল কেতিয়া প্ৰসিদ্ধ হ’ল, তেওঁৰ মৃত্যুৰ পিছত৷ নিকোলা টেছলাৰ কামৰ সম্ভাৱনীয়তাও বহু পলমকৈ বিশ্বই বুজি পালে৷ বহু গৱেষণা আমি যি দিশত, যি উদ্দেশ্যৰ বাবে কৰো সেয়া সম্পূৰ্ণ নহয়৷ কিন্তু সেই গৱেষণাই কোনো আন খণ্ডত পথ প্ৰদৰ্শক হিচাপে বিবেচিত হয়৷ উদাহৰণ স্বৰূপে জগদীশ চন্দ্ৰ বসুয়ে কলকাতাৰ প্ৰেচিডেন্সী কলেজত মাইক্ৰ’ৱেভ সিদ্ধান্ত প্ৰস্তুত কৰিছিল, ছাৰ বসুয়ে তাক বাণিজ্যিকীকৰণ কৰাৰ দিশত আগনাবাঢ়িলে৷ কিন্তু আজি radio communication system সেই সিদ্ধান্তৰ ওপৰতেই প্ৰতিষ্ঠিত হৈছে৷ বিশ্বযুদ্ধৰ সময়ত যি গৱেষণা যুদ্ধৰ বাবে কৰা হৈছিল অথবা সেনাক ৰক্ষাৰ বাবে কৰা হৈছিল, পিছলৈ সেয়াই বিভিন্ন খণ্ডৰ উজ্জীৱিতকৰণৰ বাবে ব্যৱহাৰ কৰা হ’ল৷ ড্ৰোণো প্ৰথমে যুদ্ধৰ বাবেই নিৰ্মাণ কৰা হৈছিল৷ কিন্তু আজি ড্ৰোণৰ দ্বাৰা ফটোশ্বুটো হয় আৰু সামগ্ৰীৰ পৰিবহণো হয়৷ সেইবাবে আজি এয়া প্ৰয়োজনীয় যে আমাৰ বৈজ্ঞানিকসকল, বিশেষকৈ যুব বৈজ্ঞানিকসকলে যাতে গৱেষণাৰ cross utilization ৰ সকলো সম্ভাৱনাৰ প্ৰসাৰণ কৰক৷ তেওঁলোকৰ গৱেষণা অন্য খণ্ডত কিদৰে প্ৰয়োগ হয় সেয়া চিন্তা সদায়েই থাকিব লাগে৷ 

বন্ধুসকল,

আপোনালোকৰ সৰু এটা গৱেষণাই কিদৰে বিশ্বৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব পাৰে, তাৰে উদাহৰণ হ’ল বিদ্যুতৰ এটা উদাহৰণ৷ আজি জীৱনৰ এনেকুৱা এটা অংশ নাই, এনেকুৱা এটা পৰ্যায় নাই য’ত বিদ্যুতৰ ব্যৱহাৰ নহয়৷ পৰিবহণ, যোগাযোগ, উদ্যোগ, দৈনন্দিন জীৱন, সকলো বিদ্যুতৰ সৈতে জড়িত৷ এটা ছেমি কণ্ডাক্টৰৰ আৱিষ্কাৰৰ দ্বাৰা বিশ্ব এনেদৰে পৰিৱৰ্তিত হৈছে৷ এটা ডিজিটেল ক্ৰান্তিয়ে আমাৰ জীৱন কেনেদৰে সমৃদ্ধ কৰিছে৷ এনেকুৱা বহুতো সম্ভাৱনা এই নতুন ভৱিষ্যতত আমাৰ যুৱ গৱেষণাকাৰীৰ সন্মুখত আছে৷ আগন্তুক ভৱিষ্যত আজিৰ পৰা সম্পূৰ্ণ পৃথক হ’ব৷ বিগত ছবছৰত দেশে ইয়াৰ বাবে নতুন ধৰণে future ready eco-system নিৰ্মাণ কৰাৰ দিশত আগবাঢ়িছে৷ আজি ভাৰতে বৈশ্বিক উদ্ভাৱন ৰেংকিঙত বিশ্বৰ শীৰ্ষৰ ৫০খন দেশৰ মাজত স্থান লাভ কৰিছে৷ দেশত আজি বৈশ্বিক গৱেষণাতো গুৰুত্ব প্ৰদান কৰা হৈছে আৰু পীয়েৰ- reviewed science and engineering publicationsৰ সংখ্যাত ভাৰতে বিশ্বৰ শীৰ্ষত ৩খন দেশৰ মাজত স্থান লাভ কৰিছে৷ আজি ভাৰতত উদ্যোগ আৰু প্ৰতিষ্ঠানৰ মাজত সহযোগিতাও বৃদ্ধি কৰা হৈছে৷ বিশ্বৰ বৃহৎ বৃহৎ উদ্যোগসমূহেও ভাৰতত নিজৰ গৱেষণা কেন্দ্ৰ আৰু সুবিধা কেন্দ্ৰ স্থাপিত কৰিছে৷ বিগত বৰ্ষসমূহত এই সুবিধাৰ সংখ্যা অধিক বৃদ্ধি হৈছে৷ 

সেয়েহে বন্ধুসকল,

আজি ভাৰতৰ যুৱচামৰ ওচৰত গৱেষণা আৰু উদ্ভাৱনৰ বাবে অসীম সম্ভাৱনা আছে৷ কিন্তু আজি আমাৰ বাবে উদ্ভাৱন যিমান গুৰুত্বপূৰ্ণ সিমানেই গুৰুত্বপূৰ্ণ হ’ল উদ্ভাৱনক আনুষ্ঠানিকীকৰণ কৰা৷ এয়া কিদৰে হ’ব, বৌদ্ধিক সম্পদৰ সুৰক্ষা কিদৰে হ’ব, এয়াও আমাৰ আজিৰ যুৱচামে শিকিব লাগিব৷ আমি এয়া মনত ৰাখিব লাগিব যে আমাৰ যিমান পেটেণ্ট থাকিব, সিমানেই আমাৰ এই পেটেণ্টসমূহৰ ব্যৱহাৰ্যতা বৃদ্ধি হ’ব, আমাৰ গৱেষণাই যিমানবোৰ খণ্ডত নেতৃত্ব প্ৰদান কৰিব সিমানেই আমাৰ পৰিচয় অধিক শক্তিশালী হ’ব৷ সিমানেই ব্ৰেণ্ড ইণ্ডিয়া শক্তিশালী হ’ব৷ আমি সকলোৱে ‘কৰ্মণ্যে-বাধিকাৰস্তে মা ফলেষু কদাচন’ৰ মন্ত্ৰৰে উজ্বীৱিত হৈ কামত জড়িত হ’ব লাগিব৷ আৰু যদি এই মন্ত্ৰ কোনোবাই নিজৰ জীৱনত প্ৰয়োগ কৰিছে তেন্তে মই ভাবো এই কামটো আমাৰ বিজ্ঞানীসকলে কৰিছে৷ তেওঁলোকে গৱেষণাগাৰত এজন ঋষিৰ দৰে তপস্যাৰত হৈছে৷ ‘কৰ্মণ্যে-বাধিকাৰস্তে মা ফলেষু কদাচন’ অৰ্থাৎ কৰ্ম কৰি যোৱা, ফলৰ চিন্তা নকৰিবা৷ আপোনালোক কেৱল ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিৰেই কৰ্মযোগী নহয়, বৰঞ্চ আপোনালোক ১৩০ কোটিতকৈও অধিক ভাৰতীয়ৰ আশা আৰু আকাংক্ষা পূৰণৰ সাধকো৷ আপোনালোক সফল হৈ থাকক, এই কামনাৰ সৈতে আপোনালোকলৈ নৱবৰ্ষৰ অশেষ শুভকামনা জনালো৷ 

অশেষ ধন্যবাদ!

  • G.shankar Srivastav June 20, 2022

    नमस्ते
  • शिवकुमार गुप्ता February 26, 2022

    जय श्री राम
  • शिवकुमार गुप्ता February 26, 2022

    जय श्री सीताराम
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Laying the digital path to a developed India

Media Coverage

Laying the digital path to a developed India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
This decade is becoming the decade of Uttarakhand: PM Modi at Harsil
March 06, 2025
QuoteBlessed to be in Devbhoomi Uttarakhand once again: PM
QuoteThis decade is becoming the decade of Uttarakhand: PM
QuoteDiversifying our tourism sector, making it perennial, is very important for Uttarakhand: PM
QuoteThere should not be any off season, tourism should be on in every season in Uttarakhand: PM
QuoteOur governments at Center and state are working together to make Uttarakhand a developed state: PM

गंगा मैया की जय।

गंगा मैया की जय।

गंगा मैया की जय।

भारत माता की जय।

भारत माता की जय।

भारत माता की जय!

उत्तराखंड का म्यारा प्यारा भै-वैण्यों, आप सबी तैं मेरी सेवा-सौंली, नमस्कार!

यहां के ऊर्जावान मुख्यमंत्री, मेरे छोटे भाई पुष्कर सिंह धामी जी, केंद्रीय मंत्री श्री अजय टम्टा जी, राज्य के मंत्री सतपाल महाराज जी, संसद में मेरे साथी और भारतीय जनता पार्टी के प्रदेश अध्यक्ष महेंद्र भट्ट जी, संसद में मेरे साथी माला राज्य लक्ष्मी जी, विधायक सुरेश चौहान जी, सभी गणमान्य लोग, भाइयों और बहनों।

सबसे पहले मैं माणा गांव में कुछ दिन पहले जो हादसा हुआ है, उस पर अपना दु:ख व्यक्त करता हूं। मैं हादसे में जान गंवाने वाले साथियों के परिवारों के प्रति अपनी संवेदना प्रकट करता हूं। संकट की घड़ी में देश के लोगों ने जो एकजुटता दिखाई है, उससे पीड़ित परिवारों को बहुत हौसला मिला है।

|

साथियों,

उत्तराखंड की ये भूमि, हमारी ये देवभूमि, आध्यात्मिक ऊर्जा से ओतप्रोत है। चार धाम और अनंत तीर्थों का आशीर्वाद, जीवनदायिनी मां गंगा का ये शीतकालीन गद्दी स्थल, आज एक बार फिर यहाँ आकर, आप सब अपने परिवारजनों से मिलकर, मैं धन्य हो गया हूं। माँ गंगा की कृपा से ही मुझे दशकों तक उत्तराखंड की सेवा का सौभाग्य मिला है। मैं मानता हूँ, उन्हीं के आशीर्वाद से मैं काशी तक पहुंचा, और अब सांसद के रूप में काशी की सेवा कर रहा हूँ। और इसलिए, मैंने काशी में कहा भी था- मुझे माँ गंगा ने बुलाया है। और कुछ महीने पहले मुझे ये भी अनुभूति हुई कि जैसे मां गंगा ने मुझे अब गोद ले लिया है। ये माँ गंगा की ही दुलार है। अपने इस बच्चे के प्रति उनका स्नेह है कि आज मैं उनके मायके मुखवा गांव आया हूँ। यहाँ मुझे मुखीमठ-मुखवा में दर्शन पूजन का भी सौभाग्य प्राप्त हुआ है।

साथियों,

आज हर्षिल की इस धरती पर आया हूं तो मैं अपनी दीदी-भुलियों के स्नेह को भी याद कर रहा हूं। वो मुझे हर्षिल का राजमा और दूसरे लोकल प्रोडक्ट्स भेजती रहती हैं। आपके इस लगाव और उपहार के लिए मैं आपका आभारी हूं।

साथियों,

कुछ साल पहले जब मैं बाबा केदारनाथ के दर्शन के लिए, बाबा के चरणों में गया था, तो बाबा के दर्शन-अर्चन के बाद मेरे मुंह से अचानक कुछ भाव प्रकट हुए थे, और मैं बोल पड़ा था- ये दशक उत्तराखंड का दशक होगा। वो शब्द मेरे थे, भाव मेरे थे, लेकिन उनके पीछे सामर्थ्य देने की शक्ति स्वयं बाबा केदारनाथ ने दी थी। मैं देख रहा हूँ, बाबा केदार के आशीर्वाद से धीरे-धीरे वो शब्द, वो भाव सच्चाई में, हकीकत में बदल रहे हैं। ये दशक उत्तराखंड का बन रहा है। यहां उत्तराखंड की प्रगति के लिए नए-नए रास्ते खुल रहे हैं। जिन आकांक्षाओं को लेकर उत्तराखंड का जन्म हुआ था, उत्तराखंड के विकास के लिए जो संकल्प हमने लिए थे, नित नई सफलताओं और नए लक्ष्यों की ओर बढ़ते हुए वो संकल्प आज पूरे हो रहे हैं। इसी दिशा में, शीतकालीन पर्यटन एक और बड़ा महत्वपूर्ण कदम है। इसके माध्यम से उत्तराखंड के आर्थिक सामर्थ्य को साकार करने में बहुत बड़ी मदद मिलेगी। मैं इस अभिनव प्रयास के लिए धामी जी को, उत्तराखंड सरकार को बहुत-बहुत बधाई देता हूँ, और उत्तराखंड की प्रगति के लिए कामना करता हूँ।

|

साथियों,

अपने टूरिज्म सेक्टर को diversify करना, बारहमासी बनाना, 365 दिन, ये उत्तराखंड के लिए बहुत जरूरी है। मैं चाहता हूं कि उत्तराखंड में कोई भी सीजन हो, कोई भी सीजन ऑफ सीजन ना हो, हर सीजन में टूरिज्म ऑन रहे। अब ऑफ नहीं ऑन का जमाना। अभी पहाड़ों पर पर्यटन सीजन के हिसाब से चलता है। आप सब जानते हैं, मार्च, अप्रैल, मई, जून के महीने में बड़ी संख्या में पर्यटक आते हैं, लेकिन इसके बाद उनकी गिनती बहुत कम हो जाती है। सर्दियों में अधिकतर होटल्स, resorts और होमस्टे खाली पड़े रहते हैं। ये असंतुलन उत्तराखंड में, साल के एक बड़े हिस्से में आर्थिक सुस्ती ला देता है, इससे पर्यावरण के लिए भी चुनौती पैदा होती है।

साथियों,

सच्चाई ये है कि अगर देश-विदेश के लोग सर्दियों के मौसम में यहाँ आएं, तो उन्हें सच्चे अर्थ में देवभूमि की आभा का वास्तविक परिचय मिलेगा। विंटर टूरिज्म में यहां लोगों को ट्रैकिंग, स्कीइंग जैसी Activities का रोमांच, सचमुच में रोमांचित कर देगा। धार्मिक यात्रा के लिए भी उत्तराखंड में सर्दियों का समय बेहद खास होता है। कई तीर्थ स्थलों पर इसी समय विशेष अनुष्ठान भी होते हैं। यहां मुखवा गांव में ही देखिए, यहाँ जो धार्मिक अनुष्ठान किया जाता है, वो हमारी प्राचीन और अद्भुत परंपरा का हिस्सा है। इसलिए, उत्तराखंड सरकार का बारहमासी पर्यटन का विजन, 365 दिन के पर्यटन का विजन लोगों को दिव्य अनुभूतियों से जुड़ने का अवसर देगा। इससे यहां साल भर उपलब्ध रहने वाले रोजगार के अवसर विकसित होंगे, इसका बड़ा फायदा उत्तराखंड के स्थानीय लोगों को होगा, यहां के युवाओं को होगा।

साथियों,

उत्तराखंड को विकसित राज्य बनाने के लिए हमारी डबल इंजन सरकार मिलकर काम कर रही हैं। चारधाम-ऑल वेदर रोड, आधुनिक एक्सप्रेस-वे, राज्य में रेलवे, विमान औऱ हेलीकॉप्टर सेवाओं का विस्तार, 10 वर्षों में उत्तराखंड में तेजी से विकास हुआ है। अभी कल ही उत्तराखंड के लिए केंद्र सरकार ने बहुत बड़े निर्णय लिए हैं। कल केंद्रीय कैबिनेट ने केदारनाथ रोपवे प्रोजेक्ट और हेमकुंड रोपवे प्रोजेक्ट को मंजूरी दे दी है। केदारनाथ रोपवे बनने के बाद जो यात्रा 8 से 9 घंटे में पूरी होती है, अब उसे लगभग 30 मिनट में पूरा किया जाएगा। इससे बुजुर्गों, बच्चों, महिलाओं के लिए केदारनाथ यात्रा और सुगम हो जाएगी। इन रोप-वे प्रोजेक्ट्स पर हजारों करोड़ रुपए खर्च किए जाएंगे। मैं उत्तराखंड समेत पूरे देश को इन प्रोजेक्ट्स की बधाई देता हूं।

|

साथियों,

आज पहाड़ों पर इको लॉग हट्स, कन्वेंशन सेंटर, हेलीपैड इंफ्रास्ट्रक्चर पर फोकस भी किया जा रहा है। उत्तराखंड के टिम्मर-सैण महादेव, माणा गांव, जादुंग गांव में टूरिज्म इंफ्रास्ट्रक्चर नए सिरे से विकसित हो रहा है, और देशवासियों को पता होगा, शायद नहीं होगा, 1962 में जब चीन ने भारत पर आक्रमण किया, तब ये हमारा जादुंग गांव को खाली करवा दिया गया था, ये हमारे दो गांव खाली कर दिए गए थे। 60-70 साल हो गए, लोग भूल गए, हम नहीं भूल सकते, हमने उन दो गांवों को फिर से बसाने का अभियान चलाया है, और बहुत बड़ा टूरिस्ट डेस्टिनेशन बनाने की दिशा में हम आगे बढ़ रहे हैं। और इसी का परिणाम है कि उत्तराखंड में पर्यटकों की संख्या इस एक दशक में तेजी से बढ़ी है। 2014 से पहले चारधाम यात्रा पर हर साल औसतन 18 लाख यात्री आते थे। अब हर साल लगभग 50 लाख तीर्थयात्री आने लगे हैं। इस साल के बजट में 50 Tourist destinations को विकसित करने का प्रावधान किया गया है। इन destinations पर होटलों को इंफ्रास्ट्रक्चर का दर्जा दिया जाएगा। इससे पर्यटकों के लिए सुविधाएं बढ़ेंगी और स्थानीय रोजगार को भी बढ़ावा मिलेगा।

साथियों,

हमारा प्रयास है, उत्तराखंड के बॉर्डर वाले इलाकों को भी पर्यटन का विशेष लाभ मिले। पहले सीमावर्ती गांवों को आखिरी गाँव कहा जाता था। हमने ये सोच बदल दी, हमने कहा ये आखिरी गांव नहीं है, ये हमारे प्रथम गाँव कहा। उनके विकास के लिए वाइब्रेंट विलेज प्रोग्राम शुरू किया। इस क्षेत्र के भी 10 गांव इस योजना में शमिल किए गए हैं, और मुझे बताया गया, उस गांव से भी कुछ बंधु आज यहां हमारे सामने मौजूद हैं। नेलांग और जादुंग गांव, जिसका मैंने वर्णन किया, 1962 में क्या हुआ था, फिर से बसाने का काम शुरू किया गया है। आज यहां से जादुंग के लिए मैंने अभी-अभी बाइक रैली को रवाना किया। हमने होमस्टे बनाने वालों को मुद्रा योजना का लाभ देने का ऐलान किया है। उत्तराखंड सरकार भी राज्य में होमस्टे को बढ़ावा देने में जुटी है। जो गांव इतने दशकों तक इंफ्रास्ट्रक्चर से वंचित रहें, वहाँ नए होमस्टे खुलने से पर्यटन बढ़ रहा है, लोगों की आय बढ़ रही है।

साथियों,

आज मैं देवभूमि से, देश के पूरब-पश्चिम-उत्तर-दक्षिण, और मध्य भी, हर कोने के लोगों से, खासकर युवा पीढ़ी से, और मां गंगा के मायके से, इस पवित्र भूमि से, देश की नौज़वान पीढ़ी को विशेष रूप से आह्वान कर रहा हूं, आग्रह कर रहा हूं।

|

साथियों,

सर्दियों में देश के बड़े हिस्से में जब कोहरा होता है, सूर्यदेव के दर्शन नहीं होते, तब पहाड़ों पर धूप का आनंद मिल रहा होता है। ये एक स्पेशल इवेंट बन सकता है। और गढ़वाली में इसे क्या कहेंगे? 'घाम तापो पर्यटन', सही है ना? 'घाम तापो पर्यटन'। इसके लिए देश के कोने-कोने से लोग उत्तराखंड जरूर आयें। खासकर, हमारे कॉरपोरेट वर्ल्ड के साथी, वे विंटर टूरिज्म का हिस्सा बनें। Meetings करनी हों, conferences करनी हों, exhibitions करने हों, तो विंटर का समय और देवभूमि, इससे होनहार कोई जगह नहीं हो सकती है। मैं कॉरपोरेट वर्ल्ड के बड़े महानुभावों से भी आग्रह करूंगा, वो अपने बड़े-बड़े सेमिनार्स के लिए उत्तराखंड आएं, माइस सेक्टर को explore करें। यहाँ आकर लोग योग और आयुर्वेद के जरिए recharge और re-energise भी हो सकते हैं। देश की यूनिवर्सिटीज, प्राइवेट स्कूल्स और कॉलेज में, मैं उन सब नौज़वान साथियों से भी कहूंगा कि students के विंटर ट्रिप्स के लिए आप उत्तराखंड को पसंद कीजिए।

साथियों,

हमारे यहाँ हजारों करोड़ की इकोनॉमी, वेडिंग इकोनॉमी है, शादियों में हजारों करोड़ रूपये का खर्च होता है, बहुत बड़ी इकोनॉमी है। आपको याद होगा, मैंने देश के लोगों से आग्रह किया था- Wed in India, हिन्दुस्तान में शादी करों, आजकल लोग दुनिया के देशों में चले जाते हैं, यहां क्या कमी है भई? पैसे यहां खर्च करो ना, और उत्तराखंड से बढ़िया क्या हो सकता है। मैं चाहूँगा कि सर्दियों में destination वेडिंग के लिए भी उत्तराखंड को देशवासी प्राथमिकता दें। इसी तरह भारत की फिल्म इंडस्ट्री से भी मेरी अपेक्षाएं हैं। उत्तराखंड को मोस्ट फिल्म फ्रेंडली स्टेट का पुरस्कार मिला हुआ है। यहां तेजी के साथ आधुनिक सुविधाएं डेवलप हो रही हैं। इसलिए सर्दियों के दिनों में फिल्म की शूटिंग्स के लिए भी उत्तराखंड, पूरे भारत का फेवरेट डेस्टिनेशन बन सकता है।

साथियों,

दुनिया के कई देशों में विंटर टूरिज़्म काफी पॉपुलर है। उत्तराखंड में विंटर टूरिज़्म को बढ़ावा देने के, और इसके लिए हम ऐसे देशों से बहुत कुछ सीख सकते हैं। मैं चाहूँगा, उत्तराखंड के टूरिज़्म सेक्टर से जुड़े सभी स्टेकहोल्डर्स, होटल और resorts उन देशों की जरूर स्टडी करें। अभी मैं यहां, एक छोटी सी प्रदर्शनी लगी है, उसको मैंने देखा, बहुत प्रभावित करने वाला मुझे लगा, जो कल्पना की गई है, जो लोकेशंस तय किए गए हैं, जो आधुनिक रचनाएं खड़ी की जा रही हैं, एक-एक लोकेशन का, एक-एक चित्र इतना प्रभावित करने वाला था, जैसे मन कर रहा था, मेरे 50 साल पुरानी वो जिंदगी के दिन, मैं फिर एक बार यहां आपके बीच आकर के बिताऊ, और हर डेस्टिनेशन पर कभी जाने का मौका तलाशू, इतने बढ़िया बना रहे हैं। मैं उत्तराखंड सरकार से कहूंगा कि जो विदशों से स्टडी हो, और स्टडी से निकले एक्शनेबल प्वाइंट्स पर सक्रिय रूप से काम करे। हमें स्थानीय परंपराओं, म्यूजिक, डांस और कुजीन को बढ़ावा देना होगा। यहां कई हॉट स्प्रिंग्स हैं, सिर्फ बद्रीनाथ जी में ही है, ऐसा नहीं है, और भी है, उन क्षेत्रों को वेलनेस स्पा के रूप में भी विकसित किया जा सकता है। शांत और बर्फीले क्षेत्रों में विंटर योगा रिट्रीट का आयोजन किया जा सकता है। मैं सभी बड़े-बड़े साधु-महात्माओं को, मठ-मंदिर के मठाधिपतियों को, सभी योगाचार्यों को, उनसे भी आग्रह करूंगा कि वे साल में एक योगा कैंप अपने शिष्यों का, विंटर में उत्तराखंड में लगाए। विंटर सीजन के लिए स्पेशल वाइल्ड लाइफ सफारी का आकर्षण उत्तराखंड की विशेष पहचान बन सकता है। यानि हमें 360 डिग्री अप्रोच के साथ आगे बढ़ना होगा, हर स्तर पर काम करना होगा।

|

साथियों,

सुविधाओं के विकास के अलावा, लोगों तक जानकारी पहुंचाना भी उतना ही अहम होता है। इसके लिए मैं देश के युवा content creators, आजकल सोशल मीडिया में, बहुत बड़ी संख्या में influencers हैं, content creators हैं, वे अपने यहाँ बैठे-बैठे भी मेरे उत्तराखंड की, मेरी देवभूमि की सेवा कर सकते हैं, वे भी पुण्य कमा सकते हैं। आप देश के पर्यटन सेक्टर को गति देने में, लोगों तक जानकारी पहुंचाने में बहुत बड़ी भूमिका निभा सकते हैं, जो भूमिका निभाई है, उसका और विस्तार करने की जरूरत है। आप उत्तराखंड की विंटर टूरिज़्म की इस मुहिम का भी हिस्सा बनिए, और मैं तो चाहूंगा कि उत्तराखंड सरकार एक बड़ा कंपटीशन आयोजित करें, ये जो content creators हैं, influencers हैं, वे 5 मिनट की, विंटर टूरिज्म की प्रमोशन की फिल्म बनाएं, उनकी कंपटीशन हो और जो अच्छी से अच्छी बनाएं, उसको बढ़िया से बढ़िया इनाम दिया जाए, देशभर के लोगों को कहा जाए, आइए मैदान में, बहुत बड़ा प्रचार-प्रसार होना शुरू हो जाएगा। और मुझे विश्वास है जब ऐसे कंपटीशन करेंगे, तो नई-नई जगहों को एक्सप्लोर करके, नई-नई फिल्में बनाएंगे, लोगों को बताएंगे।

साथियों,

मुझे विश्वास है, आने वाले वर्षों में हम इस सेक्टर में तेज गति से विकास के साक्षी बनेंगे। एक बार फिर 365 दिन का, बारहमासी टूरिज्म अभियान, इसके लिए मैं उत्तराखंड के सभी भाई-बहनों को शुभकामनाएं देता हूं, बधाई देता हूं और राज्य सरकार का अभिनदंन करता हूं। आप सब मेरे साथ बोलिए-

गंगा मैया की जय।

गंगा मैया की जय।

गंगा मैया की जय।

बहुत-बहुत धन्यवाद।