QuoteGuru Gobind Singh Ji was a great warrior, philosopher poet and guru: PM Modi
QuoteGuru Gobind Singh Ji fought against oppression and injustice. His teachings to people focused on breaking the barriers of religion and caste: PM
QuoteGuru Gobind Singh Ji’s values and teachings will continue to be the source of inspiration and the guiding spirit for the mankind in years to come: PM

ৱাহে গুৰুজী কা খালসা..ৱাহে গুৰু জী কী ফতেহ!!

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন হোৱা আপোনালোক সকলো মহানুভৱক মই স্বাগতম জনাইছোঁ৷ আপোনালোক সকলোকেসমগ্ৰ দেশকে লোহৰীৰ লক্ষ লক্ষ অভিনন্দন৷ বিশেষকৈ আমাৰ দেশৰ অন্নদাতা বন্ধুসকলৰ বাবে শস্য চপোৱাৰ এই বতৰে যাতে অনন্ত সুখ লৈ আহকতাৰেই মংগল কামনা কৰিছো৷

বন্ধুসকলআজি গুৰু গোৱিন্দ সিং মহাৰাজৰ প্ৰকাশ পৰ্ব সমগ্ৰ দেশে উদযাপন কৰিছে৷ খালসা পথৰ সৃজনকৰ্তা,মানৱতাৰ পালনকৰ্তাভাৰতীয় মূল্যৰ বাবে সমৰ্পিত গুৰু গোৱিন্দ সিঙক মই শ্ৰদ্ধাৰে সেৱা জনাইছো৷ গুৰু গোৱিন্দ সিঙৰ প্ৰকাশোৎসৱ উপলক্ষে আপোনালোক বন্ধুসকলৰ সৈতে দেশ আৰু বিশ্বৰ শিখপন্থী তথা ভাৰতীয় সংস্কৃতিৰ বাবে সমৰ্পিত জনতাক মই অলেখ অভিনন্দন জনাইছো৷

বন্ধুসকলযোৱা বছৰত আমি গুৰু গোৱিন্দ সিং মহাৰাজৰ ৩৫০তম জন্মজয়ন্তী পালন কৰিছিলো৷ শিখপন্থীৰ এই গুৰুত্বপূৰ্ণ অৱকাশক স্মৰণীয় কৰি তোলাৰ বাবে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা ৩৫০ টকাৰ এক স্মাৰক মুদ্ৰা দেশবাসীলৈ উৎসৰ্গিত কৰাৰ মই সৌভাগ্য লাভ কৰিছো৷

অৱশ্যে গুৰু গোৱিন্দ সিংজীৰ মুদ্ৰা আমাৰ হৃদয়ত শ শ বছৰ ধৰি চলি আহিছে আৰু অনাগত শ শ বছৰলৈ এয়া চলি থাকিব৷ সেইবাবে যাৰ কৃতিত্ব এক মূল্যৰ ৰূপত আমাৰ জীৱনক চলমান কৰি ৰাখিছেআমাক প্ৰেৰণা প্ৰদান কৰিছেতাক স্মৰণীয় কৰি ৰখাৰ বাবে আমাৰ এয়া এক ক্ষুদ্ৰ প্ৰয়াস৷ তেওঁৰ প্ৰতি আদৰ তথা শ্ৰদ্ধা ব্যক্ত কৰাৰ এয়া এক ক্ষুদ্ৰ প্ৰয়াস আৰু সেইবাবে আমি সকলোৱে সন্তোষ অনুভূত কৰিছো৷

|

বন্ধুসকলশ্ৰী গুৰু গোৱিন্দ সিঙৰ ব্যক্তিত্বত অনেক প্ৰতিভাৰ সংগম হৈছিল৷ তেওঁ গুৰুতো আছিলেইলগতে শ্ৰেষ্ঠ ভক্তও আছিল৷

তেওঁ যিমান কুশলী যোদ্ধা আছিল সিমানেই কুশলী কবি আৰু সাহিত্যিকো আছিল৷ অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে তেওঁ যিমান আগ্ৰহী আছিল সিমানেই শান্তি স্থাপনৰ বাবেও আগ্ৰহী আছিল৷

মানৱতাৰ ৰক্ষাৰ বাবেৰাষ্ট্ৰৰ ৰক্ষাৰ বাবেধৰ্মৰ ৰক্ষাৰ বাবে তেওঁৰ সৰ্বোচ্চ বলিদানৰ বিষয়ে দেশ আৰু বিশ্ব ইতিমধ্যেই পৰিচিত৷

ইন পুত্ৰন কে কাৰণৱাৰ দিয়ে সুত চাৰ৷

চাৰ মুয়ে তো ক্যা হুৱাজীৱিত কই হাজাৰ৷৷

হাজাৰ সন্তানৰ ৰক্ষাৰ বাবে নিজৰ সন্তানকনিজৰ বংশক যিয়ে বলিদান দিছিলৰাষ্ট্ৰৰ ৰক্ষাৰ বাবেধৰ্মৰ ৰক্ষাৰ বাবে ত্যাগ আৰু বলিদানৰ ইয়াতকৈ উৎকৃষ্ট উদাহৰণ আৰু কি হব পাৰে৷

|

বন্ধুসকলবীৰত্বৰ সৈতে তেওঁৰ যি ধীৰতা আছিলধৈৰ্য আছিল সেয়া আছিল অনুপম৷ তেওঁ সংঘৰ্ষ কৰিছিল কিন্তু ত্যাগৰ অভুতপূৰ্ব নিদৰ্শন দাঙি ধৰিছিল৷ তেওঁৰ সমাজৰ বেয়া শক্তিৰ বিৰুদ্ধে যুঁজিছিল৷ উচ্চনীচজাতিভেদৰ বিৰুদ্ধে গুৰু গোৱিন্দ সিংজীয়ে সংঘৰ্ষত লিপ্ত হৈছিল৷ এই সকলো মুল্যবোধেই হল নতুন ভাৰতৰ নিৰ্মাণৰ মূলভেঁটি৷

বন্ধুসকলগুৰু চাহেবে জ্ঞানক গুৰুত্ব প্ৰদান কৰি গুৰু গ্ৰন্থ চাহিবৰ প্ৰতিটো শব্দক জীৱনৰ মন্ত্ৰ হিচাপে স্বীকাৰ কৰিছিল৷ তেওঁ কৈছিল যে এতিয়া গুৰু গ্ৰন্থ চাহিবেই হল তেওঁৰ প্ৰতিটো শব্দইয়াৰে প্ৰতিটো পৃষ্ঠাই ভৱিষ্যতৰ যুগক প্ৰেৰণা প্ৰদান কৰিব৷ আগলৈ যেতিয়া পঞ্চ প্যাৰে আৰু খালসা পন্থৰ সূচনা হতাতো সমগ্ৰ ভাৰতক একত্ৰিত কৰাৰ প্ৰয়াস কৰা হল৷

লসা পন্থৰ বিকাশ গুৰু চাহেবৰ দীৰ্ঘসময়ৰ গহীন চিন্তনমনন আৰু অধ্যয়নৰ পৰিণাম আছিল৷ তেওঁৰ বেদপুৰাণ তথা অন্য প্ৰাচীন গ্ৰন্থসমূহৰ জ্ঞান আছিল৷ গুৰু চাহেবে গুৰু নানকৰ পৰা আৰম্ভ কৰি গুৰু টেগ বাহাদুৰ পৰ্যন্ত শিখপন্থীৰ পৰম্পৰামোগল শাসনৰ সময়চোৱাত শিখপন্থীৰ সৈতে জড়িত ঘটনাসমূহৰ ব্যাপক জ্ঞান আছিল৷ দেশসমাজত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত তেওঁ নিজৰ মতামত প্ৰকাশ কৰিছিল৷

বন্ধুসকলআপোনালোকৰ অনেকে হয়তো শ্ৰী দশমগ্ৰন্থ চাহেব’ অধ্যয়ন কৰিছে৷ ভাষা আৰু সাহিত্যৰ ওপৰত তেওঁৰ যি দখল আছিল সেয়া আছিল অতুলনীয়৷ জীৱনৰ প্ৰতিটো ৰসৰ ব্যাখ্যা এনেদৰে কৰা হৈছে যি সাধাৰণতম ব্যক্তিৰো হৃদয় স্পৰ্শ কৰি যায়৷ অলংকাৰেই হওকপদশৈলীয়েই হওকচন্দই হওকপ্ৰবাহেই হওকসকলোৱে মন্ত্ৰমুগ্ধ কৰে৷ ভাৰতীয় ভাষাসমূহক লৈ তেওঁৰ জ্ঞান আৰু মোহ অতুলনীয় আছিল৷

|

বন্ধুসকলগুৰু গোৱিন্দ সিংজীৰ কাব্য ভাৰতীয় সংস্কৃতিআমাৰ জীৱনদৰ্শনৰ সৰল অভিব্যক্তিস্বৰূপ৷ যিদৰে তেওঁৰ ব্যক্তিত্ব বহুমুখী আছিল তেনেদৰেই তেওঁ কাব্যও অনেক আৰু বিবিধ বিষয়ৰ দ্বাৰা সমাহিত আছিল৷ বহু সাহিত্যিকে তেওঁৰ সাহিত্যকাৰ্যৰ পৰা প্ৰেৰণা লাভ কৰে৷

বন্ধুসকলযিকোনো দেশৰ সংস্কৃতিয়ে সেই দেশৰ মহিমাক উজ্বল কৰেসুৱগা চৰায়৷ সেয়ে সংস্কৃতিক সমৃদ্ধ কৰা আৰু তাৰ প্ৰচাৰপ্ৰসাৰ কৰা সদায়েই বিশ্বৰ শক্তিশালী সভ্যতাসমূহৰ প্ৰাথমিক কাৰ্য হয়৷ এই প্ৰচেষ্টা বিগত চাৰে চাৰি বছৰ ধৰি আমাৰ চৰকাৰে কৰি আছে৷

ভাৰতৰ ওচৰত যি সাংস্কৃতিক জ্ঞানৰ ঐতিহ্য আছে সেয়া বিশ্বৰ প্ৰতিটো কোণত প্ৰচাৰ কৰাৰ ব্যাপক প্ৰয়াস কৰা হৈছে৷ যোগৰ পৰা আৰম্ভ কৰি আয়ুৰ্বেদলৈ আমাৰ প্ৰতিষ্ঠাক পুনঃস্থাপিত কৰাত দেশ সফল হৈছে৷ এই কাম নিৰন্তৰভাৱে হবলৈ ধৰিছে৷

বন্ধুসকলবিশ্বজনীন আৰোগ্যসমৃদ্ধি আৰু শান্তিক লৈ আমাৰ ঋষিমুনি আৰু গুৰুসকলে যি বাৰ্তা প্ৰদান কৰিছিল তাৰ দ্বাৰা বিশ্বই যাতে লাভান্বিত হয়সেয়া প্ৰয়াস কৰা হৈছে৷ গুৰু গোৱিন্দ সিংজীৰ ৩৫০তম প্ৰকাশ পৰ্ব আমি পালন কৰাৰ লগতে গুৰু নানক দেৱৰো ৫৫০তম জন্মজয়ন্তী সমাৰোহৰো প্ৰস্তুতি চলিব ধৰিছে৷ এয়া আমাৰ চৰকাৰৰ সৌভাগ্য যে এই পবিত্ৰ উৎসৱসমূহৰ সৈতে জড়িত হোৱাৰ অৱকাশ আমি লাভ কৰিছো৷

চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই প্ৰকাশোৎসৱ দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত পালন কৰা হসমগ্ৰ বিশ্বতে আমাৰ ৰাষ্ট্ৰদূতৰ কাৰ্যালয়তো এই সমাৰোহৰ আয়োজন কৰা হব৷

কেৱল এয়াই নহয়আপোনালোকে এয়াও ভালদৰে জানে এতিয়া কেন্দ্ৰ চৰকাৰৰ অৰ্থক আৰু অভুতপূৰ্ব প্ৰয়াসৰ ফলত  কৰতাৰপুৰ কৰিডৰৰ নিৰ্মাণ হবলৈ ধৰিছে৷ এতিয়া গুৰু নানকে প্ৰচাৰ কৰা পথত চলা প্ৰতিজন ভাৰতীয়ই,প্ৰতিজন শিখে দূৰবীণৰ পৰিৱৰ্তে নিজৰ চকুৰে দৰ্শন কৰিব পাৰিব আৰু ভিজা নোহোৱাকৈ গুৰুদ্বাৰা দৰবাৰ সাহিবৰ দৰ্শন কৰিব পাৰিব৷

|

১৯৪৭ চনত যি ভুল কৰা হৈছিল এয়া তাৰেই প্ৰায়শ্চিত্ত৷ আমাৰ গুৰুৰ সবাতোকৈ গুৰুত্বপূৰ্ণ স্থল কেৱল কিছু কিলোমিটাৰৰ দূৰত্বত আছিল কিন্তু সেয়াও নিজৰ সৈতে ৰাখিব পৰা নগল৷ এই কৰিডৰক দ্বাৰা সেই লোকচান হ্ৰাস কৰাৰ এক প্ৰয়াস কৰা হৈছে৷

বন্ধুসকলগুৰু গোৱিন্দ সিংজীয়ে হওক অথবা গুৰু নানক দেৱজীআমাৰ প্ৰতিজন গুৰুৱে ন্যায়ৰ সৈতে অংশীদাৰ হোৱাৰ ডাঙৰ শিকনি প্ৰদান কৰিছে৷ তেওঁলোকৰ পথত অগ্ৰসৰ হৈ আজি কেন্দ্ৰ চৰকাৰে ১৯৮৪ চনত আৰম্ভ হোৱা প্ৰতিটো অন্যায়ক ন্যায় প্ৰদান কৰাৰ প্ৰয়াসত লিপ্ত হৈছে৷ দশকজুৰি মাতৃভগ্নীপুত্ৰকন্যাসকলে যিমান চকুপানী টুকিলে সেয়া মোচাৰ কামতেওঁলোকক ন্যায় প্ৰদান কৰাৰ কাম এতিয়া আইনে কৰিব৷

বন্ধুসকলআজিৰ এই পবিত্ৰ দিনটোত গুৰু গোৱিন্দ সিং মহাৰাজে দেখুৱাই যোৱা ১১ সূত্ৰীয় পথত আগবঢ়াৰ বাবে পুনৰ সংকল্প লোৱাৰ প্ৰয়োজন আহি পৰিছে৷ আজি যেতিয়া ভাৰত সশক্ত ৰাষ্ট্ৰৰ ৰূপত স্থাপিত হোৱাৰ পথত অগ্ৰসৰ হৈছে সেইসময়তে ভাৰতৰ ভাৱনাক আৰু অধিক শক্তিশালী কৰাৰ আৱশ্যকতা আহি পৰিছে৷

মোৰ বিশ্বাস যে আমি সকলোৱে গুৰুজীয়ে প্ৰচাৰ কৰা পথত আগবাঢ়ি নিজৰ সংকল্পক আৰু অধিক শক্তিশালী কৰিম৷

পুনৰ বাৰ আপোনালোক সকলোকে প্ৰকাশ পৰ্বৰ অভিনন্দন৷ আপোনালোকৰ বাবে নতুন বৰ্ষই যাতে অলেখ সুখ কঢ়িয়াই আনেএই কামনাৰ সৈতে

জো বোলেসো নিহাল!…সত্ শ্ৰী অকাল!

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PMI data: India's manufacturing growth hits 10-month high in April

Media Coverage

PMI data: India's manufacturing growth hits 10-month high in April
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Jammu & Kashmir Chief Minister meets Prime Minister
May 03, 2025

The Chief Minister of Jammu & Kashmir, Shri Omar Abdullah met the Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office handle posted on X:

“CM of Jammu and Kashmir, Shri @OmarAbdullah, met PM @narendramodi.”