Quote"অমৃতকালৰ পৰৱৰ্তী ২৫ বছৰত দেশৰ উন্নয়নত আপোনাৰ দলটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব"
Quote"মহামাৰীৰ পিছত উদ্ভৱ হোৱা নতুন বিশ্ব শৃংখলাত ভাৰতে নিজৰ ভূমিকা বৃদ্ধি কৰিব লাগিব আৰু দ্ৰুত গতিত নিজকে বিকশিত কৰিব লাগিব"
Quote"একবিংশ শতিকাত স্বাৱলম্বী ভাৰত আৰু আধুনিক ভাৰত আমাৰ বাবে আটাইতকৈ ডাঙৰ লক্ষ্য, আপুনি সদায় ইয়াৰ যত্ন লোৱা উচিত"
Quote"আপোনাৰ সেৱাৰ সকলো বছৰত, সেৱা আৰু কৰ্তব্যৰ কাৰকবোৰ আপোনাৰ ব্যক্তিগত আৰু পেছাদাৰী সফলতাৰ পৰিমাপ হ'ব লাগে"
Quote"আপুনি সংখ্যাৰ বাবে নহয়, মানুহৰ জীৱনৰ বাবে কাম কৰিব লাগিব।"
Quote"অমৃতকালৰ এই যুগত আমি সংস্কাৰ গ্ৰহণ কৰিব লাগিব, প্ৰদৰ্শন কৰিব লাগিব, পৰৱৰ্তী স্তৰলৈ ৰূপান্তৰ কৰিব লাগিব, সেয়েহে আজিৰ ভাৰতে 'সবকাৰ প্ৰচেষ্টা'ৰ ভাৱনাৰে আগবাঢ়িছে
Quote"আপুনি কেতিয়াও সহজ কাম বিচাৰি নোপোৱাৰ বাবে প্ৰাৰ্থনা কৰা উচিত"
Quote"আপুনি যিমানে আৰামৰ কথা ভাবিব, আপুনি আপোনাৰ প্ৰগতি আৰু দেশৰ প্ৰগতি সিমানেই স্তব্ধ হ’ব"

আপোনালোক সকলো যুৱ-বান্ধৱক সফলতাৰে ‘বুনিয়াদী পাঠ্যক্ৰম’ সম্পূৰ্ণ কৰাৰ বাবে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো! আপোনালোকক, অকাডেমীৰে জড়িতসকলৰ লগতে আপোনালোকৰ পৰিয়ালবৰ্গক হোলীৰ শুভকামনাও জনাইছো। আজি অকাডেমীৰ তৰফৰ পৰা চৰ্দাৰ বল্লভ ভাই পেটেল জী, লাল বাহাদুৰ শাস্ত্ৰী জীৰ নামত উত্সৰ্গিত ‘পোষ্টেল চাৰ্টিফিকেট’-ও আনুষ্ঠানিক ভাবে মুকলি কৰাৰ বাবে মোৰ ভাল লাগিছে।

আজি নতুন ক্ৰীড়া-চৌহদৰ উদ্বোধন কৰাৰ লগতে ‘হে’প্পী ভেলী কম্প্লেক্স’ৰো দ্বাৰ উন্মোচন কৰা হৈছে। এই সুবিধাসমূহে ‘টীম স্পিৰিট’ৰ, স্বাস্থ্য আৰু ‘ফীটনেছ’ৰ ভাৱনাকো সবল কৰি তুলিব, অসামৰিক সেৱাক আৰু অধিক সক্ৰিয় আৰু পাৰদৰ্শী কৰি তোলাত সহযোগিতা আগবঢ়াব।

বন্ধুসকল,

বিগত বছৰসমূহত মই বহুবোৰ বেট্চৰ ‘চিভিল ছাৰ্ভেণ্ট’ৰে কথা-বতৰা পাতিছো, সাক্ষাতো কৰিছো, আৰু তেওঁলোকৰ সৈতে মই দীঘলীয়া সময়ো পাৰ কৰিছো। কিন্তু আপোনালোকৰ এইটো বেট্চ মোৰ দৃষ্টিত বহুতেই বিশেষ বুলি অনুভৱ কৰিছো। আপোনালোক ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বছৰত এই ‘অমৃত মহোত্সৱ’ৰ সময়ত আপোনালোকে কাম আৰম্ভ কৰিছে। ভাৰতে যেতিয়া স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিবগৈ, আমাৰ মাজৰ বহু লোক সেই সময়ত চাগৈ নাথাকিবগৈ। কিন্তু আপোনালোকৰ এই গোটটো সেই সময়তো থাকিব, আপোনালোকো থাকিব। স্বাধীনতাৰ এই ‘অমৃতকাল’ত, আগন্তুক ২৫টা বছৰত দেশে যিমান উন্নতি কৰিব সেই সকলোতে আপোনালোকৰ কাহিনী, আপোনালোকৰ এই দলটোৰ বহুত ডাঙৰ ভূমিকা থাকিব।

|

বন্ধুসকল,

একৈশ শতিকাৰ যিটো স্তৰত আজি ভাৰত উপনীত হৈছেহি, সমগ্ৰ পৃথিৱীয়েই আজি হিন্দুস্তানৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰিবলৈ লৈছে। ক’ৰোনাই যি পৰিস্থিতিৰ সৃষ্টি কৰিছিল, তাৰ মাজতে এক ‘ৱৰ্ল্ড অৰ্ডাৰ’-য়ে মূৰ দাঙি উঠিছে। এই নতুন ‘বিশ্ব শৃংখল’ত ভাৰতে নিজৰ ভূমিকা বৃদ্ধি কৰিব লাগিব আৰু দ্ৰুতগতিৰে নিজৰ উন্নতিও সম্ভৱ কৰিব লাগিব। বিগত ৭৫টা বছৰত আমি যি গতিৰে প্ৰগতি সম্ভৱ কৰিছো, এতিয়া তাতোকৈও বহু গুণে আগবঢ়াৰ সময় সমাগত হৈছে। আগন্তুক বছৰসমূহত আপোনালোকৰ কোনোবাই যদি কোনোবা জিলা চম্ভালিবলগীয়া হয়, কোনোবাই হয়তো কোনোবা বিভাগৰ দায়িত্ব গ্ৰহণ কৰিবলগীয়া হ’ব। কোনোবাই আক’ আন্তঃগাঁথনি নিৰ্মাণৰ কোনোবা বৃহত্ প্ৰকল্পৰ তদাৰকী কৰিবগৈলগীয়া হ’ব, হয়তো নীতি প্ৰণয়ণৰ ক্ষেত্ৰত কোনোবাজনে পৰামৰ্শ দানৰ দায়িত্ব গ্ৰহণ কৰিবলগীয়াও হ’ব। এই সকলোবোৰ কামৰ ক্ষেত্ৰত আপোনালোকে এটা কথাৰ প্ৰতি সদায়ে গুৰুত্ব দিব লাগিব, সেয়া হৈছে একৈশ শতিকাৰ ভাৰতৰ সকলোতকৈ বৃহত্ লক্ষ্য। এই লক্ষ্য হ’ব- ‘আত্মনিৰ্ভৰ ভাৰত’ৰ, আধুনিক ভাৰতৰ। এই সময়ক আমি হেৰুৱাব নোৱাৰো। আৰু সেয়ে, মই আপোনালকৰ মাজলৈ বহু আশালৈ আহিছো। এইবোৰ আশা-আকাংক্ষা আপোনালোকৰ ব্যক্তিত্ব আৰু কৰ্তব্যৰে জড়িত। আপোনালোকৰ কাম কৰাৰ ৰীতি-নীতি-পদ্ধতি, কৰ্ম-সংস্কৃতিৰেও বিজড়িত। আৰু সেয়ে মই আৰম্ভণী কৰিব খুজিছো সৰু-সুৰা কিছু কথাৰে, যিবোৰ হয়তো আপোনালোকৰ ব্যক্তিত্বৰ বাবে কামত আহিবও পাৰে।

বন্ধুসকল,

প্ৰশিক্ষণৰ সময়ত আপোনালোকক চাগৈ চৰ্দাৰ পেটেল জীৰ ‘ভিছন’, তেওঁৰ চিন্তা-ধাৰাৰ বিষয়ে অৱগত কৰা হৈছে। ‘সেৱা ভাৱ’ আৰু ‘কৰ্তব্য ভাৱ’, এই দুয়োটাৰ গুৰুত্বৰ প্ৰসংগ আপোনালোকৰ প্ৰশিক্ষণৰ এক অভিন্ন অংগ হৈ আহিছে। আপোনালোক যিমান বছৰ ধৰি এই সেৱাৰে জড়িত হৈ থাকিব, আপোনালোকে ব্যক্তিগত আৰু ‘প্ৰফেশ্যনেল’ সাফল্যৰ লেখা-জোখা এই ‘ফেক্টৰ’ৰে কৰিব লাগিব। ক’ৰবাত কেনেবাকৈ সেৱাৰ ভাৱ কমিছেনেকি, ক’ৰবাত কেনেবাকৈ কৰ্তব্যৰ পৰা বিচলিত হৈছেনেকি এই কথা, এনে ধৰণৰ প্ৰশ্ন আপোনালোকে সদায়ে নিজকে সুধি থাকিব লাগিব। নিজকে নিজেই মূল্যায়ন কৰি থাকিব লাগিব। কোনোবা লক্ষ্যকতো আওকাণ কৰি থকা নাই, সদায়ে এই কথাত সতৰ্ক দৃষ্টি ৰাখিব লাগিব। এই ক্ষেত্ৰত না কোনো ‘ডাইভাৰ্ছন’ অহা উচিত, না কোনো ‘ডাইলুশ্যন’ অহা উচিত হ’ব। যাৰ মনতে সেৱা ভাবৰ অভাৱ হয়, যাৰ মনত শাসক মনোবৃত্তিয়ে আসৰ পাতে, সেয়া লাগিলে ব্যক্তিয়েই হওক বা ব্যৱস্থাই হওক, তেওঁলোকৰ বহুত লোকচান হোৱাটো আমি সকলোৱে দেখি আহিছো। কাৰোবাৰ ক্ষেত্ৰত যেনিবা সোনকাল হয়, কাৰোবাৰ ক্ষেত্ৰত হয়তো পলম হ’ব পাৰে, কিন্তু লোকচানযে হয় সেয়া খাটাং।

বন্ধুসকল,

আপোনালোকক আৰু এটা কথা মই ক’ব বিচাৰিছো, হয়তো আপোনালোকৰ কামত আহিব পাৰে। যেতিয়া আমি ‘ছেন্ছ অব ডিউটী’ আৰু ‘ছেন্ছ অব পাৰ্পাছ’-ৰ সৈতে কামবোৰ কৰো, তেতিয়া কিন্তু কেতিয়াও, কোনো কামেই আমাৰ বাবে বোজা স্বৰূপ হৈ নুঠে। আপোনালোকো ইয়ালৈ এটা ‘ছেন্ছ অব পাৰ্পাছ’ লৈ আহিছে। আপোনালোকে সমাজৰ বাবে, দেশৰ বাবে, এক ইতিবাচক পৰিৱৰ্তনৰ অংশ হ’বলৈ আহিছে। আদেশ দি কাম কৰাৱো আৰু আজি-কালিৰ দৰে আনসকলক কৰ্তব্যবোধৰে অনুপ্ৰাণিত কৰি কাম কৰোৱাৰ মাজত আকাশ-পাতালৰ পাৰ্থক্য থাকে, বহুত ডাঙৰ ব্যৱধান থাকে। এয়া এক ধৰণৰ নেতৃত্বসুলভতাৰ গুণ, মই ভাবো সেইটো গুণক আপোনালোকে নিজেই বিকশিত কৰিব লাগিব। ‘টীম স্পিৰিট’ৰ বাবে এয়া নিতান্তই অনিবাৰ্য। সেই ক্ষেত্ৰত কোনো আপোচ কৰাটো সম্ভৱ নহয়। এয়া কৰাটো খুবেই আৱশ্যক।

বন্ধুসকল,

এতিয়াৰ পৰা কেইটামান মাহৰ পিছতে আপোনালোকে ‘ফিল্ড’ত কাম কৰিবগৈ লাগিব। আপোনালোকে আগন্তুক সময়ত জীৱনটোক, এতিয়াৰে পৰা আপোনালোকে ‘ফাইল’ আৰু ‘ফিল্ড’ৰ মাজত থকা পাৰ্থক্য বুজি কাম কৰিব লাগিব। ‘ফাইল’ত আপোনালোকে কথাবোৰৰ প্ৰকৃত অনুভৱ কৰিব নোৱাৰিব। আচল অনুভৱ কৰিবলৈ হ’লে আপোনালোক ‘ফিল্ড’লৈ যাব লাগিব। ‘ফিল্ড’ৰে জড়িত হৈ থাকিব লাগিব। আৰু মোৰ এইষাৰ কথা আপোনালোকে জীৱনজুৰি মনত ৰাখিব যে ফাইলত যিবোৰ পৰিসংখ্যা থাকে, সেয়া কেৱল সংখ্যাই কিন্তু নহয়, প্ৰতিটো  সংখ্যা, প্ৰতিটো পৰিসংখ্যাই, একোটা জীৱন হয়। সেইবোৰ জীৱনৰ কেতবোৰ সপোন থাকে, সেইবোৰ জীৱনৰো কেতবোৰ আকাংক্ষা থাকে, সেইবোৰ জীৱনৰ সন্মুখত কেতবোৰ কঠিনতাই দেখা দিয়ে, কেতবোৰ প্ৰত্যাহ্বান থাকে। আৰু সেয়ে, আপোনালোকে সংখ্যাৰ বাবে নহয়, প্ৰতিটো জীৱনৰ বাবে কাম কৰিব লাগিব। মই আপোনালোকৰ সন্মুখত মোৰ মনত উদয় হোৱা আৰু এটা ভাৱনা প্ৰকট কৰিব খুজিছো। আৰু এইটো মন্ত্ৰই আপোনালোকক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত সাহসো দিব আৰু ইয়াৰ অনুধাৱন কৰিলে আপোনালোকৰ ভুল হোৱাৰ সম্ভাৱনাও বহু পৰিমাণে কমি যাব।

বন্ধুসকল,

আপোনালোক য’লৈকে নাযাওক কিয়, আপোনালোকৰ এক উত্সাহ থাকিব, উদ্দীপণা থাকিব, কিবা একোটা নতুন কৰাৰ উদ্যম থাকিব, বহুত কিবা-কিবি থাকিব। ‘মই এই কাম কৰিম, মই এইখিনি সলাই পেলাম, সেইবোৰ উঠাই নি আঁতৰাই থ’মগৈ’ ধৰণৰ বহু কথাই মনটোক উত্তাল কৰি ৰাখিব। কিন্তু আপোনালোকক আহ্বান জনাব খুজিম যে ‘এইবোৰ ঠিক হোৱা নাই’, ‘এইবোৰ সলনি হোৱা উচিত’ বুলি ভবাৰ দৰে ভাববোৰ যেতিয়াই মনলৈ আহিব, তেতিয়াই কিন্তু আপোনালোকৰ বহু বছৰৰ পুৰণি বহুবোৰ কথা সম্প্ৰতি অপ্ৰাসংগিক হৈ উঠা যেন অনুভৱ হব, আপোনালোকৰ মনঃপুত নোহোৱা যেন লাগিবলৈ ল’ব। এইবোৰ কৰ্ম-কাণ্ডক বোজা যেন লাগিবলৈ ল’ব। আৰু তেনে লগাটো যে ভুল কথা সেই কথা মই ক’ব খোজা নাই। আপোনালোকৰ হাতত ক্ষমতা থাকিব যেতিয়া আপোনালোকে ‘এনেকৈ নহয় এনেকৈহে কৰিম’, ‘এইদৰে নকৰো, তেনেকৈয়ে কৰিম’ বুলি ভাবিব পাৰে। কিন্তু তাকে নকৰি কিছু ধৈৰ্যৰে, কথাবোৰ ভালকৈ জুকিয়াই লৈ মই যিটো পথ দেখুৱাব খুজিছো সেইটো পথেৰে আগবাঢ়িব নোৱাৰিবনে বাৰু?

বন্ধুসকল,

এটা পৰামৰ্শ দিব বিচাৰিছো, এইধৰণৰ ব্যৱস্থা এটাইনো গা কৰি উঠিবলৈ পালে কেনেকৈ, অথবা এনেবোৰ নিয়মনো কেনেকৈ কৰা হ’ল, কেনে পৰিস্থিতিত নো এই নিয়মৰ সূচনা হ’ল, কেনটো বছৰত ইয়াৰ সূচনা হ’ল, সেই সময়ৰ অৱস্থা কেনে আছিল, ফাইলৰ এটা এটা শব্দ, পৰিস্থিতিক আপোনালোকে ভিজুয়েলাইজ কৰিব যে ২০ বছৰ, ৫০ বছৰ, ১০০ বছৰৰ আগতেনো এইবোৰ নিয়ম কিয় যুগুতোৱা হৈছিল’, সেইবোৰৰ মূল কাৰকসমূহক বুজিবলৈ প্ৰয়াস কৰিব। আৰু তাৰ পিচত ভাবিব, সেইবোৰৰ সম্পূৰ্ণ অধ্যয়ন কৰিব, যি ব্যৱস্থা গঢ়ি তোলা হৈছিল, তাৰ নেপথ্যত কিবা নহয় কিবাটো যুক্তি থাকিব, কোনো ধৰণৰ চিন্তা-ভাৱনাৰ যুক্তিযুক্ততা থাকিব, কিবা প্ৰয়োজনীয়তা থাকিব। সেইবোৰ কথাৰ গুৰি পৰ্যন্ত যাব, যেতিয়া এইবোৰ নিয়ম যুগুতোৱা হৈছিল, তাৰ নেপথ্যতনো দৰাচলতে কাৰণ কি আছিল। আপোনালোকে যেতিয়া অধ্যয়ন কৰিব, কোনো এক সমস্যাৰ শিপা পৰ্যন্ত যোৱাৰ প্ৰয়াস কৰিব, তেতিয়া আপোনালোকে তাৰ স্থায়ী সমাধান সূত্ৰও আৱিষ্কাৰ কৰিব পাৰিব। ততাতৈয়াকৈ কৰা কামৰ তত্কালীন সমাধানতো সম্ভৱ হ’ব পাৰে, কিন্তু স্থায়ী সমাধান সম্ভৱ প্ৰায়েই নহয়। আৰু এই সকলোবোৰ কথাকে গম্ভীৰতাৰে অধ্যয়ন কৰিব পাৰিলে সেই ক্ষেত্ৰৰ প্ৰশাসনৰ ক্ষেত্ৰতো আপোনালোকে নিজৰ দক্ষতা সাব্যস্ত কৰিব পাৰিব। আৰু ইমানবোৰ কাম কৰাৰ পিচত আপোনালোকে যেতিয়া সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব, তেতিয়াও এটা কথা কিন্তু মনত ৰাখিব।

মহাত্মা গান্ধীয় সদায়ে কৈছিল যে আপোনাৰ সিদ্ধান্তৰে সমাজৰ অন্তিম পংক্তিত থকা ব্যক্তিসকল যদি উপকৃত হয় তেন্তে, আপুনি সেই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সংকোচ নকৰিব। মই এই কথাটোৰে এটা বাক্য সংযোজিত কৰিব খুজিছো, আপোনালোকে যিয়েই সিদ্ধান্ত গ্ৰহণ নকৰক কিয়, যি ব্যৱস্থাৰে পৰিৱৰ্তন সাধন নকৰক কিয়, তাকে সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত চিন্তা কৰি গ্ৰহণৰ প্ৰয়াস কৰিব, কাৰণ আমি ‘অল ইণ্ডিয়া চিভিল ছাৰ্ভিচেজ’ক প্ৰতিনিধিত্ব কৰিম। আমাৰ মনলৈ অহা সিদ্ধান্ত দেখাত স্থানীয় হ’লেও কিন্তু আমাৰ সপোন সমগ্ৰ দেশৰ বাবেই হ’ব।

বন্ধুসকল,

স্বাধীনতাৰ এই ‘অমৃতকাল’ত আমি ‘ৰিফৰ্ম, পাৰ্ফৰ্ম, টেন্সফৰ্ম’-ক পৰৱৰ্তি পৰ্যায়লৈ লৈ যাব লাগিব। সেয়েই আজিৰ ভাৰতে ‘সকলোৰে প্ৰয়াস’ৰ ভাৱনৰে অগ্ৰসৰ হ’ব বিচাৰিছে। আপোনালোকেও আপোনাৰ ভাৱনাৰ সৈতে এই কথা বুজিব লাগিব যে সকলোৰে প্ৰয়াস, সকলোৰে অংশীদাৰিত্বৰ শক্তি কিমান হ’ব পাৰে। আপোনালোকৰ কাম-কাজৰ ক্ষেত্ৰতো আপোনালোকে প্ৰশাসনৰ সকলোবোৰ ভাগকে জড়িত কৰি কাম কৰিবলৈ প্ৰয়াস কৰিব, সংশ্লিষ্ট সকলোকে জড়িত কৰি কাম কৰিবলৈ প্ৰয়াস কৰিবচোন, সেয়া আপোনালোকৰ বাবে ‘প্ৰথম সাহস’ হৈ উঠিব, ‘সাহসৰ প্ৰথমটো বৃত্ত’। কিন্তু ‘বৃহত্ বৃত্ত’ সামাজিক সংগঠনসমূহক জড়িত কৰিব, তাৰ পিচত সৰ্বসাধাৰণ ৰাইজক জড়িত কৰক, এক প্ৰকাৰে সকলোৰে প্ৰয়াস, সমাজৰ অন্তিমগৰাকী ব্যক্তিও আপোনালোকৰ প্ৰয়াসৰ অংশ হোৱা উচিত, তেওঁলোকৰ ‘অ’নাৰশ্বিপ’ হোৱা উচিত। আৰু আপোনালোকে যদি এই কাম কৰে চাবচোন আপোনালোকৰ শক্তি কিমান বাঢ়িব। ধৰক আমাৰ দেশৰ কোনো এখন ডাঙৰ চহৰৰ নগৰ নিগম, তেওঁলোকৰ তাততো বহু সংখ্যক ছাফাই কৰ্মী থাকে আৰু তেওঁলোকে ইমান পৰিশ্ৰম কৰে, তেওঁলোকেও চহৰখনক স্বচ্ছ কৰি ৰখাৰ বাবে আপ্ৰাণ চেষ্টা কৰি থাকে। কিন্তু তেওঁলোকৰ প্ৰয়াসৰ সৈতে যদি সকলো পৰিয়ালেই জড়িত হৈ পৰে, প্ৰতিগৰাকী নাগৰিকেই জড়িত হৈ পৰে, লেতেৰা নকৰাৰ সংকল্প গ্ৰহণৰে জন-আন্দোলন গঢ়ি তোলে, তেন্তে মোক কওকচোন, সেই ছাফাইকৰ্মীসকলৰ বাবেও প্ৰতিটো দিনেই উত্সৱৰ দৰে হৈ নুঠিবনে বাৰু? ইয়াৰ পৰিণতিত পাবলগীয়া সুফলৰ পৰিমাণটোৱো বাৰু বৃহত্ হৈ নুঠিবগৈ নে? কিয়নো সকলোৰে প্ৰয়াসে এক ইতিবাচক পৰিণতিকে কঢ়িয়াই আনে। যেতিয়া জন অংশীদাৰিত্ব সম্ভৱ হয়, তেতিয়া ‘এক আৰু এক মিলি দুই নহয়, বৰং এক আৰু এক মিলি এঘাৰ হয়’গৈ।

বন্ধুসকল,

আজি মই আপোনালোকক আৰু এটা ‘টাস্ক’ও দিব বিচাৰিছো। এই ‘টাস্ক’ আপোনালোকে সমগ্ৰ ‘কেৰিয়াৰ’ জুৰি কৰি থকা উচিত হ’ব, এক প্ৰকাৰে সেই কামক আপোনালোকে জীৱনৰ অংগ কৰি লোৱা উচিত হ’ব, এক অভ্যাস হিচাপে পালন কৰিব লাগিব। আৰু সংস্কাৰ সংক্ৰান্তত মোৰ চিধা-চিধি পৰিভাষা এয়েই হ’ব যে ‘প্ৰযত্ন সহকাৰে বিকশিত কৰা সদ-অভ্যাসৰ অৰ্থই হৈছে সংস্কাৰ’।

আপোনালোকে য’তেই কাম কৰিব, যিখন জিলাতে কাম কৰিব, আপোনালোকে মনতে সিদ্ধান্ত গ্ৰহণ কৰিব যে এইখন জিলাত ইমানবোৰ সমস্যা, ইমানবোৰ কঠিনতা আছে, য’লৈ যাব লগা আছে, তালৈ যাব পৰা নাই যদি আপোনালোকৰ ‘এনালাইছিছ’ হ’ব। আপোনালোকৰ মনলৈ এয়াই আহিব যে আগৰ সকলেনো কিয়বা এইবোৰ কাম কৰি থৈ নগ’ল, এইটোহে নকৰিলে, এনে লাগিবই। আপোনালোকে বাৰু, আপোনালোকৰ ভাগত যিটো অঞ্চলেই নপৰক কিয়, সেয়া সৰুৱেই হওক বা ডাঙৰেই হওক, আপোনালোকে এইটো কথা অন্ততঃ ঠিক কৰি ল’ব পাৰিব যে অঞ্চলটোৰ বাবে যি পাঁচোটা প্ৰত্যাহ্বান আছে, সেইকেইটাক বিচাৰি উলিয়াম। যি কেইটা প্ৰত্যাহ্বানে সেই অঞ্চলৰ জীৱনক সমস্যাৰে ভাৰাক্ৰান্ত কৰি ৰাখিছে, সেই অঞ্চলৰ লোকসকলৰ বিকাশক বাধাগ্ৰস্থ কৰিছে সেইকেইটা সমস্যাৰ সমাধান উলিয়াম।

স্থানীয় পৰ্যায়ত আপোনালোকে এইসমূহ সমস্যাক চিহ্ণিত কৰাটো খুবেই জৰুৰী। আৰু এয়া কিয়নো জৰুৰী, এই কথাও আপোনালোকক কৈ আছো ৰ’ব। আমি যেতিয়া চৰকাৰ গঠন কৰিছিলো, আমিও এনে বহুবোৰ প্ৰত্যাহ্বানক চিনাক্ত কৰিছিলো। এবাৰ যদি প্ৰত্যাহ্বানৰ চিনাক্তকৰণ হৈ যায়, তেতিয়া আমি সমাধানৰ দিশে আগবাঢ়িব পাৰো। এতিয়া যেতিয়া স্বাধীনতাৰ ইমানবোৰ বছৰ হৈ যোৱাৰ পিচতো দেশৰ দুখীয়া-দৰিদ্ৰৰ বাবে পকীঘৰ এটা হ’ব লাগেনে নেলাগে; এই এটা প্ৰত্যহ্বান আছিল। আমি সেইটো প্ৰত্যাহ্বান গ্ৰহণ কৰিছিলো। আমি তেওঁলোকক পকীঘৰ একোটা দিয়াৰ সংকল্প গ্ৰহণ কৰিছিলো আৰু ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ক দ্ৰুতগতিৰে ৰূপায়ণৰ ব্যৱস্থা কৰিছিলো।

দেশৰ অনেক জিলা বিকাশ দৌৰত বহু দশক পিচ পৰি থকাটোও এক বৃহত্ প্ৰত্যাহ্বান আছিল। এখন ৰাজ্য হয়তো বহুদূৰ আগবাঢ়ি যাবলৈ সক্ষম হৈছে, কিন্তু ৰাজ্যখনৰ দুখন জিলা কিন্তু বহু পিচ পৰি ৰৈ গৈছে। এখন জিলা হয়তো সকলো দিশতে আগবাঢ়ি যাবলৈ সক্ষম হৈছে, কিন্তু তাৰে দুটা উন্নয়ণ খণ্ড কিন্তু বহুত পছতে থাকি গৈছে। আমি ৰাষ্ট্ৰৰ ৰূপত, ভাৰতৰ ৰূপত এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলো যে এনেবোৰ জিলাক চিহ্নিত কৰা হওক আৰু ‘আকাংক্ষী জিলা’সমূহৰ নামত এক অভিযান চলোৱা হওক। আৰু এইবোৰ জিলাক ৰাজ্যৰ গড় পৰিসংখ্যাৰ সমকক্ষ কৰাৰ প্ৰয়াস আৰম্ভ কৰা হওক। যদি সম্ভৱ হয় সংশ্লিষ্ট জিলাসমূহক ৰাষ্ট্ৰীয় গড়ৰ সমকক্ষ কৰাৰো প্ৰয়াস কৰা হওক।

এনে এক প্ৰত্যাহ্বান আছিল দুখীয়া পৰিয়ালসমূহৰ বাবে বিদ্যুতৰ সংযোগ দিয়া, গেছৰ সংযোগ দিয়াৰ। আমি ‘সৌভাগ্য যোজনা’ আৰম্ভ কৰিছিলো, ‘উজ্জ্বলা যোজনা’ ৰূপায়ণ কৰি বিনামূলীয়াকৈ  গেছৰ সংযোগ দিছিলো। স্বাধীনতাৰ পিচত ভাৰতত প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছিল যেতিয়া কোনো এখন চৰকাৰে আঁচনিসমূহক ‘ছেচুৰেশ্যন’ৰ দিশত লৈ যোৱাৰ প্ৰতিশ্ৰুতি পূৰণৰে যোজনা ৰূপায়ণৰ ব্যৱস্থা কৰিছে।

এতিয়া এই পৰিপ্ৰেক্ষিতত মই আপোনালোকৰ আগত এটা উদাহৰণ দাঙি ধৰিব বিচাৰিছো। আমাৰ দেশত বেলেগ বেলেগ বিভাগসমূহৰ মাজত তাল-মিলৰ অভাৱৰ পৰিণতিত পৰিযোজনাসমূহ বছৰ পিচত বছৰ ধৰি বাধাগ্ৰস্থ হৈ আহিছিল। এনে পৰিস্থিতিও আমি দেখিছিলো যে আজি কোনোবা এটা ৰাস্তা যদি নিৰ্মাণ কৰা হৈছিল, কাইলৈ আকৌ টেলিফোন বিভাগৰ মানুহ আহি সেইটো ৰাস্তাকে খান্দি থৈ যায়হি, পৰহিলৈ আকৌ পানীৰ নলৰ বহুৱাবলৈ আন এটা বিভাগৰ মানুহে আহি কাম আৰম্ভ কৰিছেহি। সংশ্লিষ্ট বিভাগসমূহৰ মাজত সমন্বয়ৰ অভাৱৰ এই প্ৰত্যাহ্বানক চম্ভালি ল’বলৈকে আমি ‘প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লান’ যুগুতাই উলিয়াইছো। সকলো চৰকাৰী বিভাগক, সকলো ৰাজ্যক, স্থানীয় নিকায়সমূহক, প্ৰতিটো পৰ্যায়ৰ সংশ্লিষ্ট সকলো পক্ষকে আগতীয়াকৈ তথ্য অৱগত কৰি, এয়া  সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাত্, যেতিয়া আপোনালোকে প্ৰত্যাহ্বানসমূহক চিনাক্ত কৰিব পাৰিব, তেতিয়া সমাধান বিচাৰি সেই দিশত কাম কৰাও সহজ হৈ উঠে।

আপোনালোকৰ প্ৰতি মোৰ আহ্বান এই যে আপোনালোকেও ৫, ৭, ১০, যিটোকে আপোনালোকে উচিত বুলি ভাবে, এনে বোৰ প্ৰত্যাহ্বান, যিবোৰে আপোনালোকে কাম কৰা অঞ্চলসমূহত সমস্যাৰ সৃষ্টি কৰি আহিছে, সেইবোৰ সমস্যাৰ সমাধানে যদি সেই অঞ্চলসমূহৰ জনতাক সকাহ দিব পাৰে তেতিয়াতো সমস্যাৰ সমাধানে অঞ্চলবোৰত আনন্দৰ লহৰৰে সৃষ্টি কৰিব পাৰিব। তাৰ ফলত চৰকাৰৰ প্ৰতি ৰাইজৰ বিশ্বাস বাঢ়িবলৈ ধৰিব। আপোনালোকৰ প্ৰতিও তেওঁলোকৰ আদৰ বাঢ়িব। আৰু ‘মোৰ কাৰ্যকালত মই এইটো অঞ্চলক এইটো সমস্যাৰ পৰা মুক্ত কৰিহে এৰিম’ বুলি সিদ্ধান্ত গ্ৰহণ কৰকচোন।

আৰু আপোনালোকেও চাগৈ শুনিছে যে আমাৰ দেশৰ শাস্ত্ৰসমূহত ‘স্বান্ত সুখায়’ৰ কথা কোৱা হৈছে। কেতিয়াবা কেতিয়াবা জীৱনত অনেক কাম কৰাৰ পিচতো কিন্তু যিমানখিনি আনন্দ লাভ কৰিব পৰা নাযায়, নিজে সিদ্ধান্ত গ্ৰহণ কৰি কৰা এটা বা দুটা কামৰেও কিন্তু তাতোকৈ অধিক সুখ অনুভৱ কৰিব পৰা যায়। মন প্ৰশান্তিৰে ভৰি উঠে। এনে কাম কৰিলে অনাবিল আনন্দ অনুভৱ কৰিব পৰা যায়। এয়াই ‘স্বান্ত সুখায়’। এনে ‘স্বান্ত সুখায়’ যদি, ২টা বা ৫টা প্ৰত্যাহ্বানক আপোনালোকে নিজে যুগুতোৱা ৰণকৌশলৰে পৰাভূত কৰি নিৰ্মূল কৰিবলৈ সক্ষম হয়, তাৰ পৰা লাভ কৰা আনন্দই আপোনালোকৰ জীৱনক যি সন্তুষ্টি প্ৰদান কৰিব সেয়া নিতান্তই অনাবিল প্ৰশান্তিৰ হ’ব।

আপোনালোকৰ কামবোৰো এনে হোৱা উচিত যিয়ে মনক প্ৰশান্তি দিব পাৰে, আৰু যেতিয়া সেইবোৰ কামৰ হিতাধিকাৰীসকলে আপোনালোকক লগ পাব তেওঁলোকৰ মনতো যদি এনে লাগে যে ‘হয় এইগৰাকী বিষয়াই আছিল নহয় জানো, সেয়ে মোৰ কামটো ভালকৈ হৈ গৈছিল’। আপোনালোকে কোনোবা এটা অঞ্চল এৰি যোৱাৰ একুৰি বছৰ পিচতো সেইবোৰ অঞ্চলৰ লোকে মনত পেলাই থাকিব, ‘হয় ভাই সেইগৰাকী বিষয়া যে আহিছিল আমাৰ অঞ্চললৈ, এটা দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কৰি থৈ গৈছিল। বৰ ভাল কাম কৰি থৈ গৈছিল ভাই’।

মই বিচাৰো আপোনালোকেও তেনে বিষয়ৰ সন্ধান কৰিব যিবোৰ বিষয়ৰ ক্ষেত্ৰত আপোনালোকে ‘কোৱালিটেটিভ চে’ঞ্জ’ আনিবলৈ সক্ষম হ’ব পাৰিব। ইয়াৰ বাবে আপোনালোকে যদি ‘ইণ্টাৰনেশ্যনেল ষ্টাডিজ’ও কৰিবলগীয়া হয় সেয়াও কৰিব, আইনৰ অধ্যয়নো যদি কৰিবলগীয়া হয় কৰিব, প্ৰযুক্তিৰো সহায় ল’বলগীয়া হ’লে সেয়াও ল’ব, সেই ক্ষেত্ৰতো পিচ ভৰি নিদিব। আপোনালোকে ভাবি চাওকচোন, আপোনালোকৰ  কেবাশ লোকৰ শক্তি দেশৰ ভিন ভিন জিলাত একেলগে যেতিয়া প্ৰয়োগ হ’ব, আপোনালোক ৩০০-৪০০ গৰাকী লোক, অৰ্থাত্, দেশৰ অৰ্দ্ধেক জিলাত ক’ৰবাত নহয় ক’ৰবাত আপোনালোকে পদাৰ্পন কৰিবই। অৰ্থাত্ আধা হিন্দুস্তানত আপোনালোকে সকলোৱে মিলি এক নতুন আশাৰ জন্ম দিব পাৰিব। তেতিয়া কিমান ডাঙৰ পৰিৱৰ্তনৰ সূচনা হ’বগৈ ভাবকচোন। আপোনালোক অকলে নহয়, ৪০০ খন জিলাত আপোনালোকৰ এই চিন্তা, আপোনালোকৰ এই প্ৰয়াস, আপোনালোকৰ এই পদক্ষেপ, আপোনালোকৰ এই উদ্যোগে আধা হিন্দুস্তানকে প্ৰভাৱিত কৰিব পাৰিব।

বন্ধুসকল,

অসামৰিক সেৱাৰ ‘ট্ৰেন্সফৰ্মেশ্যন’ৰ এই যাত্ৰাক আমাৰ চৰকাৰে ‘ৰিফৰ্মছ’ৰে সহযোগিতা আগবঢ়াই আহিছে। ‘মিছন কৰ্মযোগী’ আৰু ‘আৰম্ভ কাৰ্যক্ৰম’ ইয়াৰ এক অংগ। মোক কোৱা হৈছে যে আপোনালোকৰ অকাডেমীতো প্ৰশিক্ষণৰ স্বৰূপ এতিয়া ‘মিছন কৰ্মযোগী’ৰ আধাৰত যুগুতোৱা হৈছে। মোৰ বিশ্বাস, ইয়াৰ বহুত সুফল আপোনালোক আটায়ে লাভ কৰিব পাৰিব। আৰু এটা কথা আপোনালোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো। আপোনালোকে এই প্ৰাৰ্থনা নিশ্চয় কৰিব যে ভৱিষ্যতে আপোনালোকে যাতে কোনো সহজ কাম কৰিবলৈ নাপায়। মই দেখিছো মই এই কথা কোৱাৰ লগে লগে আপোনালোকৰ মুখত উদ্বিগ্নতাৰ চিন পৰিস্ফূৰ্ত হৈছে।

আপোনালোকে এই প্ৰাৰ্থনা কৰিব যে আপোনালোকে যাতে কোনো সহজ কাম কৰিবলগীয়া নহয়। আপোনালোকে চাগৈ ভাবিছে যে এইজন আকৌ কেনেকুৱা প্ৰাধানমন্ত্ৰী, যিয়ে আমাক এনেকুৱা অদ্ভুত পৰামৰ্শ দিছে। আপোনালোকে সদাই খোজ-খবৰ কৰি ‘চেলেঞ্জিং জব’ৰ বাবে অপেক্ষা কৰিব। আপোনালোকে চেষ্টা কৰিব যে আপোনালোকে যাতে ‘চেলেঞ্জিং’ কামেই কৰিবলৈ পায়। ‘চেলেঞ্জিং’ কামৰ আনন্দই বেলেগ। আপোনালোকে যিমানেই ‘কম্ফৰ্ট জ’ন’ত যোৱাৰ কথা ভাবিব, সিমানেই নিজৰ প্ৰগতি আৰু দেশৰ প্ৰগতিক বাধাগ্ৰস্থ কৰিব। আপোনালোকৰ জীৱনলৈ স্থবিৰতা আহিব। কেইটামান বছৰৰ পিচত আপোনালোকৰ জীৱনটোৱেই আপোনালোকৰ বাবে বোজা হৈ উঠিব। এতিয়া আপোনালোক জীৱনৰ সেইটো পৰ্যায়ত উপনীত হৈছেহি, এতিয়াতো সময় আপোনালোকৰ হাতৰ মুঠিত। এইটো বয়সত ‘ৰিস্ক টেকিং কেপাচিটী’ সৰ্বাধিক থাকে। যোৱা কুৰিটা বছৰত আপোনালোকে যিমানখিনি কথা শিকিলে আপোনালোকে যদি প্ৰত্যাহ্বানমূলক কামৰে জড়িত হৈ পৰে তেন্তে ২-৪টা বছৰতে তাতোকৈয়ো বেছিখিনি শিকিব পাৰিব। আৰু এইযে শিকনি আপোনালোকে লাভ কৰিব সেয়া আগন্তুক ২০-২৫টা বছৰলৈ আপোনালোকৰ কামত আহিব।

বন্ধুসকল,

আপোনালোক বেলেগ বেলেগ ৰাজ্যৰ পৰা, বেলেগ বেলেগ সামাজিক পৰিৱেশৰ পৰাতো ঠিকেই আহিছে, কিন্তু আপোনালোক কিন্তু ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ গঢ়াৰ খনিকৰো হয়। মোৰ সম্পূৰ্ণ বিশ্বাস আছে আপোনালোকৰ সেৱাৰ মনোভাৱে, আপোনালোকৰ ব্যক্তিত্বৰ বিনম্ৰ্তা, আপোনালোকৰ সততাই আগন্তুক বছৰবোৰত আপোনালোকক অন্য এক পৰিচিতি প্ৰদান কৰিব। আৰু বন্ধুসকল, আপোনালোক কৰ্মক্ষেত্ৰলৈ যোৱাৰ বাবে আগ্ৰহী হৈ আছে, মইতো বহুত আগতেই পৰামৰ্শ দি থৈছো, মই নাজানো এইবাৰ হৈছে নে নাই, যেতিয়াই আপোনালোক অকাডেমীলৈ আহে তেতিয়াই একোটা দীঘলীয়া প্ৰবন্ধ লিখিব যে এইখন কৰ্মক্ষেত্ৰলৈ অহাৰ নেপথ্যত আপোনালোকক কি চিন্তাই উদগণি দিছিল, আপোনালোকেনো কি সপোন দেখিছিল, আপোনালোকেনো কেনে সংকল্প গ্ৰহণ কৰিছিল। দৰাচলতেনো আপোনালোক এইখন ক্ষেত্ৰলৈ কিয় আহিল। আপোনালোকেনো কি কৰিব বিচাৰিব। জীৱনৰ এই সেৱা মাধ্যমৰে আপোনালোকেনো ক’ত গৈ উপস্থিত হ’ব বিচাৰিব। আপোনালোকৰ সেৱা ক্ষেত্ৰসমূহকেনো আপোনালোকে কোনখিনিলৈকে লৈ যাব খুজিব। সেইবোৰ প্ৰসংগ সন্নিৱিষ্ট কৰি এখন দীঘলীয়া ৰচনা লিখি আপোনালোক অকাডেমীলৈ যাওক। সেইবোৰ ৰচনা ‘ক্লাউদ’ত সংৰক্ষিত কৰা হওক। আৰু যেতিয়া আপোনালোকে কাৰ্যকালৰ ২৫বছৰ সম্পূৰ্ণ কৰিবগৈ, ৫০টা বছৰ সম্পূৰ্ণ কৰিবগৈ আপোনালোকৰ ইয়াত ৫০ বছৰৰ পিচত সম্ভৱত এক কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয়।

প্ৰতিটো বছৰতে যিসকলে মুচৌৰী এৰাৰ ৫০ বছৰ সম্পূৰ্ণ কৰে, তেওঁলোক পুনৰ এবাৰ মুচৌৰীলৈ আহে। আপোনালোকেও ৫০ বছৰৰ পিচত, ২৫ বছৰৰ পিচত মুচৌৰীলৈ আহি আপোনালোকে আগতে লিখা ৰচনাবোৰ পঢ়িব। যিবোৰ সপোন লৈ আপোনালোক আহিছিল, যিবোৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি আপোনালোক আহিছিল ২৫ বছৰৰ পিচত সেইখন ৰচনা পুনৰাই পঢ়ি অলপ মান হিচাপ-নিকাচতো কৰিব! সঁচাকৈয়ে বাৰু যিবোৰ কাম কৰিম বুলি আপোনালোকে যাত্ৰা আৰম্ভ কৰিছিল সেই দিশত ঠিকে-
ঠাকে আগবাঢ়িব পাৰিলেনে বাৰু? হ’ব পাৰে, আপোনালোকে কৰা আজিৰ চিন্তাৰ ২০ বছৰৰ পিচত আপুনিয়েই গুৰু হৈ উঠিবগৈ পাৰে। আৰু সেয়ে এয়া খুবেই আৱশ্যক যে আপোনালোকে যদি নাই লিখা, তেন্তে সেইখন ৰচনা লিখি থৈহে এইটো কেম্পাছ ত্যাগ কৰিব দেই।

দ্বিতীয়তে, এইটো ‘কেম্পাছ’ৰ সঞ্চালকমণ্ডলীৰ প্ৰতি আহ্বান জনাব বিচাৰিছো আপোনালোকৰ প্ৰশিক্ষণৰ বহুতবোৰ ক্ষেত্ৰ আছে, আপোনালোকৰ ইয়াত পুথিভঁড়াল আছে, সকলো আছে, কিন্তু দুটা কথা আপোনালোকৰ প্ৰশিক্ষণ কাৰ্যক্ৰমৰে সংযোজিত কৰা উচিত, এক- ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ৰ এটা ভাল লেব’ৰেটৰী ইয়াত থকা উচিত আৰু আমাৰ সকলো বিষয়াকে এই বিষয়ে ভালকৈ প্ৰশিক্ষণৰ দিহা কৰা উচিত। সেইদৰে এটা ‘ডাটা গভাৰ্নেন্স’ক ‘থীম’ৰ ৰূপত আমাৰ প্ৰশিক্ষাৰ্থীসকলৰ প্ৰশিক্ষণৰ অংগ কৰা উচিত।

আৰু দ্বিতীয়তে, যদি সম্ভৱ হয় ‘কৰ্মযোগী মিছন’ত ‘ডাটা গভাৰ্নেন্স’ৰ এটা ‘চাৰ্টিফিকেট পাঠ্যক্ৰম’ আৰম্ভ কৰিব লাগে। ‘অনলাইন’ৰে পৰীক্ষাৰ ব্যৱস্থা কৰা হওক, ‘চাৰ্টিফিকেট’ লাভ কৰাৰ দিহা কৰা হওক। সেইদৰে ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ৰো এটা ‘চাৰ্টিফিকেট পাঠ্যক্ৰম’ আৰম্ভ কৰা হওক। লাহে লাহে এটা সংস্কৃতিয়ে গা কৰি উঠিবগৈ আৰু ইয়ে আধুনিক ভাৰতৰ সপোনবোৰ সাকাৰ কৰাত বহুত কাম কৰিবগৈ।

বন্ধুসকল,

আপোনালোকৰ সৈতে মুখমুখী হৈ, আপোনালোকৰ সৈতে কিছু সময় কটাই মোৰ খুবেই ভাল লাগিলহেতেন। আৰু কিছু সময় কথা পাতিব পৰাহেতেন চাগৈ আৰু ভাল লাগিলহেতেন। কিন্তু সময়ৰ অভাৱ, সংসদৰ অধিৱেশন চলি আছে। সেয়ে অসুবিধাৰ বাবে আপোনালোকৰ মাজলৈ আহিব নোৱাৰিলো। কিন্তু প্ৰযুক্তিয়ে সহায় কৰিছে, আপোনালোকৰ দৰ্শনো সম্ভৱ হৈছে। আপোনালোকৰ চেহেৰা, আপোনালোকৰ আচাৰ-আচৰণ পঢ়িব পাৰিছো। আৰু মোৰ মনলৈ অহা চিন্তাখিনি আপোনালোকৰ আগত ব্যক্ত কৰিছো।

আপোনালোক আটাইলৈকে মোৰ শুভ কামনা জনালো। বহুত বহুত অভিনন্দন।

ধন্যবাদ!!

  • krishangopal sharma Bjp December 18, 2024

    नमो नमो 🙏 जय भाजपा 🙏🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩
  • krishangopal sharma Bjp December 18, 2024

    नमो नमो 🙏 जय भाजपा 🙏🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩
  • krishangopal sharma Bjp December 18, 2024

    नमो नमो 🙏 जय भाजपा 🙏🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩
  • Chandra Kant Dwivedi December 05, 2024

    जय हिन्द जय भारत
  • JBL SRIVASTAVA July 04, 2024

    नमो नमो
  • MLA Devyani Pharande February 17, 2024

    जय श्रीराम
  • Vaishali Tangsale February 15, 2024

    🙏🏻🙏🏻👏🏻
  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp November 04, 2023

    Jay shree Ram
  • Laxman singh Rana July 30, 2022

    namo namo 🇮🇳🙏🚩
  • Laxman singh Rana July 30, 2022

    namo namo 🇮🇳🙏🌷
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Namo Drone Didi, Kisan Drones & More: How India Is Changing The Agri-Tech Game

Media Coverage

Namo Drone Didi, Kisan Drones & More: How India Is Changing The Agri-Tech Game
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
In future leadership, SOUL's objective should be to instill both the Steel and Spirit in every sector to build Viksit Bharat: PM
February 21, 2025
QuoteThe School of Ultimate Leadership (SOUL) will shape leaders who excel nationally and globally: PM
QuoteToday, India is emerging as a global powerhouse: PM
QuoteLeaders must set trends: PM
QuoteIn future leadership, SOUL's objective should be to instill both the Steel and Spirit in every sector to build Viksit Bharat: PM
QuoteIndia needs leaders who can develop new institutions of global excellence: PM
QuoteThe bond forged by a shared purpose is stronger than blood: PM

His Excellency,

भूटान के प्रधानमंत्री, मेरे Brother दाशो शेरिंग तोबगे जी, सोल बोर्ड के चेयरमैन सुधीर मेहता, वाइस चेयरमैन हंसमुख अढ़िया, उद्योग जगत के दिग्गज, जो अपने जीवन में, अपने-अपने क्षेत्र में लीडरशिप देने में सफल रहे हैं, ऐसे अनेक महानुभावों को मैं यहां देख रहा हूं, और भविष्य जिनका इंतजार कर रहा है, ऐसे मेरे युवा साथियों को भी यहां देख रहा हूं।

साथियों,

कुछ आयोजन ऐसे होते हैं, जो हृदय के बहुत करीब होते हैं, और आज का ये कार्यक्रम भी ऐसा ही है। नेशन बिल्डिंग के लिए, बेहतर सिटिजन्स का डेवलपमेंट ज़रूरी है। व्यक्ति निर्माण से राष्ट्र निर्माण, जन से जगत, जन से जग, ये किसी भी ऊंचाई को प्राप्त करना है, विशालता को पाना है, तो आरंभ जन से ही शुरू होता है। हर क्षेत्र में बेहतरीन लीडर्स का डेवलपमेंट बहुत जरूरी है, और समय की मांग है। और इसलिए The School of Ultimate Leadership की स्थापना, विकसित भारत की विकास यात्रा में एक बहुत महत्वपूर्ण और बहुत बड़ा कदम है। इस संस्थान के नाम में ही ‘सोल’ है, ऐसा नहीं है, ये भारत की सोशल लाइफ की soul बनने वाला है, और हम लोग जिससे भली-भांति परिचित हैं, बार-बार सुनने को मिलता है- आत्मा, अगर इस सोल को उस भाव से देखें, तो ये आत्मा की अनुभूति कराता है। मैं इस मिशन से जुड़े सभी साथियों का, इस संस्थान से जुड़े सभी महानुभावों का हृदय से बहुत-बहुत अभिनंदन करता हूं। बहुत जल्द ही गिफ्ट सिटी के पास The School of Ultimate Leadership का एक विशाल कैंपस भी बनकर तैयार होने वाला है। और अभी जब मैं आपके बीच आ रहा था, तो चेयरमैन श्री ने मुझे उसका पूरा मॉडल दिखाया, प्लान दिखाया, वाकई मुझे लगता है कि आर्किटेक्चर की दृष्टि से भी ये लीडरशिप लेगा।

|

साथियों,

आज जब The School of Ultimate Leadership- सोल, अपने सफर का पहला बड़ा कदम उठा रहा है, तब आपको ये याद रखना है कि आपकी दिशा क्या है, आपका लक्ष्य क्या है? स्वामी विवेकानंद ने कहा था- “Give me a hundred energetic young men and women and I shall transform India.” स्वामी विवेकानंद जी, भारत को गुलामी से बाहर निकालकर भारत को ट्रांसफॉर्म करना चाहते थे। और उनका विश्वास था कि अगर 100 लीडर्स उनके पास हों, तो वो भारत को आज़ाद ही नहीं बल्कि दुनिया का नंबर वन देश बना सकते हैं। इसी इच्छा-शक्ति के साथ, इसी मंत्र को लेकर हम सबको और विशेषकर आपको आगे बढ़ना है। आज हर भारतीय 21वीं सदी के विकसित भारत के लिए दिन-रात काम कर रहा है। ऐसे में 140 करोड़ के देश में भी हर सेक्टर में, हर वर्टिकल में, जीवन के हर पहलू में, हमें उत्तम से उत्तम लीडरशिप की जरूरत है। सिर्फ पॉलीटिकल लीडरशिप नहीं, जीवन के हर क्षेत्र में School of Ultimate Leadership के पास भी 21st सेंचुरी की लीडरशिप तैयार करने का बहुत बड़ा स्कोप है। मुझे विश्वास है, School of Ultimate Leadership से ऐसे लीडर निकलेंगे, जो देश ही नहीं बल्कि दुनिया की संस्थाओं में, हर क्षेत्र में अपना परचम लहराएंगे। और हो सकता है, यहां से ट्रेनिंग लेकर निकला कोई युवा, शायद पॉलिटिक्स में नया मुकाम हासिल करे।

साथियों,

कोई भी देश जब तरक्की करता है, तो नेचुरल रिसोर्सेज की अपनी भूमिका होती ही है, लेकिन उससे भी ज्यादा ह्यूमेन रिसोर्स की बहुत बड़ी भूमिका है। मुझे याद है, जब महाराष्ट्र और गुजरात के अलग होने का आंदोलन चल रहा था, तब तो हम बहुत बच्चे थे, लेकिन उस समय एक चर्चा ये भी होती थी, कि गुजरात अलग होकर के क्या करेगा? उसके पास कोई प्राकृतिक संसाधन नहीं है, कोई खदान नहीं है, ना कोयला है, कुछ नहीं है, ये करेगा क्या? पानी भी नहीं है, रेगिस्तान है और उधर पाकिस्तान है, ये करेगा क्या? और ज्यादा से ज्यादा इन गुजरात वालों के पास नमक है, और है क्या? लेकिन लीडरशिप की ताकत देखिए, आज वही गुजरात सब कुछ है। वहां के जन सामान्य में ये जो सामर्थ्य था, रोते नहीं बैठें, कि ये नहीं है, वो नहीं है, ढ़िकना नहीं, फलाना नहीं, अरे जो है सो वो। गुजरात में डायमंड की एक भी खदान नहीं है, लेकिन दुनिया में 10 में से 9 डायमंड वो है, जो किसी न किसी गुजराती का हाथ लगा हुआ होता है। मेरे कहने का तात्पर्य ये है कि सिर्फ संसाधन ही नहीं, सबसे बड़ा सामर्थ्य होता है- ह्यूमन रिसोर्स में, मानवीय सामर्थ्य में, जनशक्ति में और जिसको आपकी भाषा में लीडरशिप कहा जाता है।

21st सेंचुरी में तो ऐसे रिसोर्स की ज़रूरत है, जो इनोवेशन को लीड कर सकें, जो स्किल को चैनेलाइज कर सकें। आज हम देखते हैं कि हर क्षेत्र में स्किल का कितना बड़ा महत्व है। इसलिए जो लीडरशिप डेवलपमेंट का क्षेत्र है, उसे भी नई स्किल्स चाहिए। हमें बहुत साइंटिफिक तरीके से लीडरशिप डेवलपमेंट के इस काम को तेज गति से आगे बढ़ाना है। इस दिशा में सोल की, आपके संस्थान की बहुत बड़ी भूमिका है। मुझे ये जानकर अच्छा लगा कि आपने इसके लिए काम भी शुरु कर दिया है। विधिवत भले आज आपका ये पहला कार्यक्रम दिखता हो, मुझे बताया गया कि नेशनल एजुकेशन पॉलिसी के effective implementation के लिए, State Education Secretaries, State Project Directors और अन्य अधिकारियों के लिए वर्क-शॉप्स हुई हैं। गुजरात के चीफ मिनिस्टर ऑफिस के स्टाफ में लीडरशिप डेवलपमेंट के लिए चिंतन शिविर लगाया गया है। और मैं कह सकता हूं, ये तो अभी शुरुआत है। अभी तो सोल को दुनिया का सबसे बेहतरीन लीडरशिप डेवलपमेंट संस्थान बनते देखना है। और इसके लिए परिश्रम करके दिखाना भी है।

साथियों,

आज भारत एक ग्लोबल पावर हाउस के रूप में Emerge हो रहा है। ये Momentum, ये Speed और तेज हो, हर क्षेत्र में हो, इसके लिए हमें वर्ल्ड क्लास लीडर्स की, इंटरनेशनल लीडरशिप की जरूरत है। SOUL जैसे Leadership Institutions, इसमें Game Changer साबित हो सकते हैं। ऐसे International Institutions हमारी Choice ही नहीं, हमारी Necessity हैं। आज भारत को हर सेक्टर में Energetic Leaders की भी जरूरत है, जो Global Complexities का, Global Needs का Solution ढूंढ पाएं। जो Problems को Solve करते समय, देश के Interest को Global Stage पर सबसे आगे रखें। जिनकी अप्रोच ग्लोबल हो, लेकिन सोच का एक महत्वपूर्ण हिस्सा Local भी हो। हमें ऐसे Individuals तैयार करने होंगे, जो Indian Mind के साथ, International Mind-set को समझते हुए आगे बढ़ें। जो Strategic Decision Making, Crisis Management और Futuristic Thinking के लिए हर पल तैयार हों। अगर हमें International Markets में, Global Institutions में Compete करना है, तो हमें ऐसे Leaders चाहिए जो International Business Dynamics की समझ रखते हों। SOUL का काम यही है, आपकी स्केल बड़ी है, स्कोप बड़ा है, और आपसे उम्मीद भी उतनी ही ज्यादा हैं।

|

साथियों,

आप सभी को एक बात हमेशा- हमेशा उपयोगी होगी, आने वाले समय में Leadership सिर्फ Power तक सीमित नहीं होगी। Leadership के Roles में वही होगा, जिसमें Innovation और Impact की Capabilities हों। देश के Individuals को इस Need के हिसाब से Emerge होना पड़ेगा। SOUL इन Individuals में Critical Thinking, Risk Taking और Solution Driven Mindset develop करने वाला Institution होगा। आने वाले समय में, इस संस्थान से ऐसे लीडर्स निकलेंगे, जो Disruptive Changes के बीच काम करने को तैयार होंगे।

साथियों,

हमें ऐसे लीडर्स बनाने होंगे, जो ट्रेंड बनाने में नहीं, ट्रेंड सेट करने के लिए काम करने वाले हों। आने वाले समय में जब हम Diplomacy से Tech Innovation तक, एक नई लीडरशिप को आगे बढ़ाएंगे। तो इन सारे Sectors में भारत का Influence और impact, दोनों कई गुणा बढ़ेंगे। यानि एक तरह से भारत का पूरा विजन, पूरा फ्यूचर एक Strong Leadership Generation पर निर्भर होगा। इसलिए हमें Global Thinking और Local Upbringing के साथ आगे बढ़ना है। हमारी Governance को, हमारी Policy Making को हमने World Class बनाना होगा। ये तभी हो पाएगा, जब हमारे Policy Makers, Bureaucrats, Entrepreneurs, अपनी पॉलिसीज़ को Global Best Practices के साथ जोड़कर Frame कर पाएंगे। और इसमें सोल जैसे संस्थान की बहुत बड़ी भूमिका होगी।

साथियों,

मैंने पहले भी कहा कि अगर हमें विकसित भारत बनाना है, तो हमें हर क्षेत्र में तेज गति से आगे बढ़ना होगा। हमारे यहां शास्त्रों में कहा गया है-

यत् यत् आचरति श्रेष्ठः, तत् तत् एव इतरः जनः।।

यानि श्रेष्ठ मनुष्य जैसा आचरण करता है, सामान्य लोग उसे ही फॉलो करते हैं। इसलिए, ऐसी लीडरशिप ज़रूरी है, जो हर aspect में वैसी हो, जो भारत के नेशनल विजन को रिफ्लेक्ट करे, उसके हिसाब से conduct करे। फ्यूचर लीडरशिप में, विकसित भारत के निर्माण के लिए ज़रूरी स्टील और ज़रूरी स्पिरिट, दोनों पैदा करना है, SOUL का उद्देश्य वही होना चाहिए। उसके बाद जरूरी change और रिफॉर्म अपने आप आते रहेंगे।

|

साथियों,

ये स्टील और स्पिरिट, हमें पब्लिक पॉलिसी और सोशल सेक्टर्स में भी पैदा करनी है। हमें Deep-Tech, Space, Biotech, Renewable Energy जैसे अनेक Emerging Sectors के लिए लीडरशिप तैयार करनी है। Sports, Agriculture, Manufacturing और Social Service जैसे Conventional Sectors के लिए भी नेतृत्व बनाना है। हमें हर सेक्टर्स में excellence को aspire ही नहीं, अचीव भी करना है। इसलिए, भारत को ऐसे लीडर्स की जरूरत होगी, जो Global Excellence के नए Institutions को डेवलप करें। हमारा इतिहास तो ऐसे Institutions की Glorious Stories से भरा पड़ा है। हमें उस Spirit को revive करना है और ये मुश्किल भी नहीं है। दुनिया में ऐसे अनेक देशों के उदाहरण हैं, जिन्होंने ये करके दिखाया है। मैं समझता हूं, यहां इस हॉल में बैठे साथी और बाहर जो हमें सुन रहे हैं, देख रहे हैं, ऐसे लाखों-लाख साथी हैं, सब के सब सामर्थ्यवान हैं। ये इंस्टीट्यूट, आपके सपनों, आपके विजन की भी प्रयोगशाला होनी चाहिए। ताकि आज से 25-50 साल बाद की पीढ़ी आपको गर्व के साथ याद करें। आप आज जो ये नींव रख रहे हैं, उसका गौरवगान कर सके।

साथियों,

एक institute के रूप में आपके सामने करोड़ों भारतीयों का संकल्प और सपना, दोनों एकदम स्पष्ट होना चाहिए। आपके सामने वो सेक्टर्स और फैक्टर्स भी स्पष्ट होने चाहिए, जो हमारे लिए चैलेंज भी हैं और opportunity भी हैं। जब हम एक लक्ष्य के साथ आगे बढ़ते हैं, मिलकर प्रयास करते हैं, तो नतीजे भी अद्भुत मिलते हैं। The bond forged by a shared purpose is stronger than blood. ये माइंड्स को unite करता है, ये passion को fuel करता है और ये समय की कसौटी पर खरा उतरता है। जब Common goal बड़ा होता है, जब आपका purpose बड़ा होता है, ऐसे में leadership भी विकसित होती है, Team spirit भी विकसित होती है, लोग खुद को अपने Goals के लिए dedicate कर देते हैं। जब Common goal होता है, एक shared purpose होता है, तो हर individual की best capacity भी बाहर आती है। और इतना ही नहीं, वो बड़े संकल्प के अनुसार अपनी capabilities बढ़ाता भी है। और इस process में एक लीडर डेवलप होता है। उसमें जो क्षमता नहीं है, उसे वो acquire करने की कोशिश करता है, ताकि औऱ ऊपर पहुंच सकें।

साथियों,

जब shared purpose होता है तो team spirit की अभूतपूर्व भावना हमें गाइड करती है। जब सारे लोग एक shared purpose के co-traveller के तौर पर एक साथ चलते हैं, तो एक bonding विकसित होती है। ये team building का प्रोसेस भी leadership को जन्म देता है। हमारी आज़ादी की लड़ाई से बेहतर Shared purpose का क्या उदाहरण हो सकता है? हमारे freedom struggle से सिर्फ पॉलिटिक्स ही नहीं, दूसरे सेक्टर्स में भी लीडर्स बने। आज हमें आज़ादी के आंदोलन के उसी भाव को वापस जीना है। उसी से प्रेरणा लेते हुए, आगे बढ़ना है।

साथियों,

संस्कृत में एक बहुत ही सुंदर सुभाषित है:

अमन्त्रं अक्षरं नास्ति, नास्ति मूलं अनौषधम्। अयोग्यः पुरुषो नास्ति, योजकाः तत्र दुर्लभः।।

यानि ऐसा कोई शब्द नहीं, जिसमें मंत्र ना बन सके। ऐसी कोई जड़ी-बूटी नहीं, जिससे औषधि ना बन सके। कोई भी ऐसा व्यक्ति नहीं, जो अयोग्य हो। लेकिन सभी को जरूरत सिर्फ ऐसे योजनाकार की है, जो उनका सही जगह इस्तेमाल करे, उन्हें सही दिशा दे। SOUL का रोल भी उस योजनाकार का ही है। आपको भी शब्दों को मंत्र में बदलना है, जड़ी-बूटी को औषधि में बदलना है। यहां भी कई लीडर्स बैठे हैं। आपने लीडरशिप के ये गुर सीखे हैं, तराशे हैं। मैंने कहीं पढ़ा था- If you develop yourself, you can experience personal success. If you develop a team, your organization can experience growth. If you develop leaders, your organization can achieve explosive growth. इन तीन वाक्यों से हमें हमेशा याद रहेगा कि हमें करना क्या है, हमें contribute करना है।

|

साथियों,

आज देश में एक नई सामाजिक व्यवस्था बन रही है, जिसको वो युवा पीढी गढ़ रही है, जो 21वीं सदी में पैदा हुई है, जो बीते दशक में पैदा हुई है। ये सही मायने में विकसित भारत की पहली पीढ़ी होने जा रही है, अमृत पीढ़ी होने जा रही है। मुझे विश्वास है कि ये नया संस्थान, ऐसी इस अमृत पीढ़ी की लीडरशिप तैयार करने में एक बहुत ही महत्वपूर्ण भूमिका निभाएगा। एक बार फिर से आप सभी को मैं बहुत-बहुत शुभकामनाएं देता हूं।

भूटान के राजा का आज जन्मदिन होना, और हमारे यहां यह अवसर होना, ये अपने आप में बहुत ही सुखद संयोग है। और भूटान के प्रधानमंत्री जी का इतने महत्वपूर्ण दिवस में यहां आना और भूटान के राजा का उनको यहां भेजने में बहुत बड़ा रोल है, तो मैं उनका भी हृदय से बहुत-बहुत आभार व्यक्त करता हूं।

|

साथियों,

ये दो दिन, अगर मेरे पास समय होता तो मैं ये दो दिन यहीं रह जाता, क्योंकि मैं कुछ समय पहले विकसित भारत का एक कार्यक्रम था आप में से कई नौजवान थे उसमें, तो लगभग पूरा दिन यहां रहा था, सबसे मिला, गप्पे मार रहा था, मुझे बहुत कुछ सीखने को मिला, बहुत कुछ जानने को मिला, और आज तो मेरा सौभाग्य है, मैं देख रहा हूं कि फर्स्ट रो में सारे लीडर्स वो बैठे हैं जो अपने जीवन में सफलता की नई-नई ऊंचाइयां प्राप्त कर चुके हैं। ये आपके लिए बड़ा अवसर है, इन सबके साथ मिलना, बैठना, बातें करना। मुझे ये सौभाग्य नहीं मिलता है, क्योंकि मुझे जब ये मिलते हैं तब वो कुछ ना कुछ काम लेकर आते हैं। लेकिन आपको उनके अनुभवों से बहुत कुछ सीखने को मिलेगा, जानने को मिलेगा। ये स्वयं में, अपने-अपने क्षेत्र में, बड़े अचीवर्स हैं। और उन्होंने इतना समय आप लोगों के लिए दिया है, इसी में मन लगता है कि इस सोल नाम की इंस्टीट्यूशन का मैं एक बहुत उज्ज्वल भविष्य देख रहा हूं, जब ऐसे सफल लोग बीज बोते हैं तो वो वट वृक्ष भी सफलता की नई ऊंचाइयों को प्राप्त करने वाले लीडर्स को पैदा करके रहेगा, ये पूरे विश्वास के साथ मैं फिर एक बार इस समय देने वाले, सामर्थ्य बढ़ाने वाले, शक्ति देने वाले हर किसी का आभार व्यक्त करते हुए, मेरे नौजवानों के लिए मेरे बहुत सपने हैं, मेरी बहुत उम्मीदें हैं और मैं हर पल, मैं मेरे देश के नौजवानों के लिए कुछ ना कुछ करता रहूं, ये भाव मेरे भीतर हमेशा पड़ा रहता है, मौका ढूंढता रहता हूँ और आज फिर एक बार वो अवसर मिला है, मेरी तरफ से नौजवानों को बहुत-बहुत शुभकामनाएं।

बहुत-बहुत धन्यवाद।