Numerous measures undertaken in the last four years to enhance the quality of life of our citizens: PM Modi
Human rights should not be about only slogans but it should be an integral part of our values: PM Modi
For us, ‘Sabka Saath, Sabka Vikas’ is about serving the people: PM Modi
With focus on justice for all, the government is increasing the number of e-Courts, strengthening the National Judicial Data Grid: Prime Minister Modi
With the use of technology, we are making the system transparent and protecting the rights of citizens: PM Modi
To empower the Divyangs, we have strengthened the Rights of Persons with Disabilities Act: PM Modi

মঞ্চত উপস্থিত মোৰ মন্ত্রী পৰিষদৰ সতীৰ্থ ৰাজনাথ সিংজি, মনোজ সিনহাজি, এনএইচআৰচিৰ অধ্যক্ষ ন্যায়াধীশ এছ এল দট্টুজি, আয়োগৰ সদস্যবৰ্গ আৰু উপস্থিত সন্মানীয় পুৰুষ-মহিলাসকল।

আজি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ২৫ বছৰ সম্পূর্ণ হৈছে। এই গুৰুত্বপূর্ণ পর্যায়ত উপনীত হোৱাৰ বাবে আপোনালোক সকলোকে, দেশৰ প্রত্যেকগৰাকী নাগৰিকক বহুত বহুত শুভেচ্ছা জনাইছো। এই গুৰুত্বপূর্ণ মুহূর্তত আপোনালোকৰ মাজলৈ আহিবলৈ পাই মোৰ যথেষ্ট আনন্দ অনুভৱ হৈছে।

বন্ধুসকল, বিগত আঢ়ৈ দশকে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে দেশৰ দৰিদ্ৰ, পীড়িত, বঞ্চিত, শোষিত সাধাৰণ জনতাৰ হৈ মাত মাতি ৰাষ্ট্ৰনির্মাণৰ পথ প্ৰদৰ্শন কৰিছে। ন্যায় আৰু নীতিৰ পথত আপোনালোকে যি ভূমিকা পালন কৰিছে, তাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ প্রতিষ্ঠানসমূহৰ দৰেই ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক ‘এ’ ষ্টেটাছ প্ৰদান কৰিছে। এয়া ভাৰতৰ বাবে গৌৰৱৰ বিষয়।

বন্ধুসকল, মানৱ অধিকাৰ ৰক্ষা কৰাটো আমাৰ সংস্কৃতিৰ গুৰুত্বপূর্ণ অংগ। আমাৰ পৰম্পৰাত সদায়েই ব্যক্তিৰ জীৱনত সমতা আৰু সাম্যৰ গৰিমাক সন্মান আৰু স্বীকৃতি প্ৰদান কৰি আহিছে। আজিৰ অনুষ্ঠানৰ শুভাৰম্ভণিতে যি শ্লোক আওঁৰোৱা হৈছে, পাছত ৰাজনাথজিয়েও বিস্তৃতভাৱে কৈছে যে ‘সর্বে ভৱন্তু সুখেন’ৰ ভাৱনা আমাৰ ঐতিহ্যৰ অংগ।

পৰাধীনতাৰ সময়ত যি দীঘদিনীয়া আন্দোলন হৈছে এয়া তাৰে এক গুৰুত্বপূর্ণ অংশ। বন্ধুসকল, স্বাধীনতাৰ পাছত এই আদর্শসমূহৰ সংৰক্ষণত এক শক্তিশালী প্রক্রিয়া বিকশিত কৰিছিল। আমাৰ দেশত তিনি তৰপীয়া শাসন ব্যৱস্থাৰ ভিতৰত এক স্বতন্ত্র আৰু নিৰপেক্ষ বিচাৰ ব্যৱস্থা, সক্রিয় সংবাদ মাধ্যম আৰু সজাগ বুদ্ধিজীৱি সমাজ আছে। অধিকাৰসমূহ সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ দৰে অনেক সংস্থা, আয়োগ আৰু ন্যায়াধীকৰণ আছে। মই এই সকলো সংস্থাৰ প্ৰতি কৃতজ্ঞতা জনাইছো, যিসকলে দৰিদ্র, মহিলা, শিশু, পীড়িত, বঞ্চিত, আদিবাসী আৰু সাধাৰণ লোকৰ অধিকাৰ ৰক্ষাৰ বাবে দায়বদ্ধ। আমাৰ পঞ্চায়তীৰাজ ব্যৱস্থা আৰু বিভিন্ন স্থানীয় প্রশাসন মানৱ অধিকাৰ ৰক্ষাৰ একো একোটা গুৰুত্বপূর্ণ অংগ। এই সংস্থাসমূহে সাধাৰণ লোকৰ আত্মসন্মান ৰক্ষা, উন্নয়নৰ সুফল প্ৰদান আৰু জনকল্যাণকামী প্রকল্পসমূহ বাস্তবায়িত কৰিবলৈ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। মহিলা আৰু সকলো ধৰণৰ বঞ্চিত লোকসকলৰ সবলীকৰণ আৰু অংশীদাৰীত্বৰ ক্ষেত্রতো এই সংস্থাসমূহৰ যথেষ্ট অৱদান আছে।

বন্ধুসকল, মানৱ অধিকাৰৰ প্রতি এই আস্থাই দেশক যোৱা শতিকাৰ সত্তৰৰ দশকত বৃহৎ সংকটৰ পৰা  উদ্ধাৰ কৰিছে। জৰুৰী অৱস্থাৰ সেই ক’লা দিনসমূহত জীৱনৰ অধিকাৰ কাঢ়ি নিছিল, বাকী অধিকাৰসমূহৰ কথা কৈ লাভেই নাই। সেই সময়ত চৰকাৰৰ বিৰুদ্ধে মাত মতা লাখ লাখ মানুহক কাৰাগাৰত বন্দী কৰা হৈছিল। ভাৰতৰ জনগণে নিজা প্ৰচেষ্টাৰে এই সংস্থাসমূহৰ সহায়ত মানৱ অধিকাৰ পুনৰুদ্ধাৰ কৰাত সফল হৈছে। সেই বাবে মই এই সকলো সংস্থা আৰু সংশ্লিষ্ট ব্যক্তিসকলৰ এই পবিত্র ক্ষণত সশ্ৰদ্ধ প্রণিপাত জনাইছো।

বন্ধুসকল, কেৱল মানৱ অধিকাৰৰ শ্লোগান দিলেই নহ’ব, আমাৰ সংস্কাৰ আৰু জননীতিৰ ভিত্তিত আগুৱাই যাব লাগিব। মই ধাৰণা কৰিছো, বিগত চাৰে চাৰি বছৰত চৰকাৰে দেশৰ দুখীয়া, বঞ্চিত আৰু শোষিত সমাজৰ লোকসকলৰ ব্যক্তি-গৰিমাৰ বিকাশত, তেওঁলোকৰ জীৱনধাৰণৰ মানদণ্ড উন্নীতকৰণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। আমাৰ চৰকাৰে ‘সবকা সাথ, সবকা বিকাশ’ মন্ত্রক দেশ সেৱাৰ মাধ্যম বুলি গণ্য কৰে আৰু এই মন্ত্রই মানৱ অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। বন্ধুসকল, আপোনালোক সকলোৱে ভালদৰেই জানে যে কন্যাসকলৰ জীৱনৰ অধিকাৰৰ সুৰক্ষাক লৈ এই দেশত কিমান প্রশ্ন উত্থাপন হয়। কন্যা সন্তানক অবাঞ্চিত বুলি ভাবি বিকৃত মানসিকতাৰ সমাজৰ এক শ্রেণীৰ সংকীর্ণমনা মানুহৰ মনত ভ্রূণ হত্যাৰ দৰে ঘটনা বৃদ্ধি পাইছিল।

আজি মই গৌৰৱেৰে ক’ব পাৰো যে ‘বেটি বচাওঁ, বেটি পঢ়াওঁ’ অভিযানৰ জৰিয়তে হাৰিয়ানা আৰু ৰাজস্থানকে ধৰি কেইবাখনো ৰাজ্যত কন্যা সন্তানৰ আনুপাতিক জন্মহাৰ বৃদ্ধি পাইছে। অনেক নিৰাপৰাধী লোকে জীৱনৰ অধিকাৰ লাভ কৰিছে। জীৱনৰ অর্থ কেৱল উশাহ-নিশাহ লোৱাই নহয়, সন্মান সহকাৰে জীয়াই থকাটোও অতি গুৰুত্বপূর্ণ।

মই আনন্দৰে কওঁ যে ‘দিব্যাংগ’-এই শব্দটিয়ে এতিয়া এক শ্রেণীৰ ভাৰতীয়ৰ বাবে সন্মানৰ সূচক হৈ উঠিছে। কেৱল ইমানেই নহয়, তেওঁলোকৰ জীৱনক সুগম কৰি তুলিবলৈ ‘সুগম্য ভাৰত’ অভিযানৰ জৰিয়তে বিভিন্ন চৰকাৰী ভৱন, বিমানবন্দৰ, ৰে’ল ষ্টেচনসমূহত বিশেষ ব্যৱস্থা কৰা হৈছে। দৰিদ্র মানুহে যাতে মুকলি আকাশৰ তলত অথবা বস্তিৰ জাৱৰ-জোঁথৰৰ মাজত জীৱনযাপন কৰিব লগা নহয়, সামান্য ঋতু পৰিৱর্তনেই যাতে তেওঁলোকৰ জীৱনৰ অভিশাপ হৈ নপৰে, সেয়া নিশ্চিত কৰিবলৈ প্রধানমন্ত্রী আৱাস যোজনাৰ জৰিয়তে দেশৰ প্রত্যেক গৃহহীনৰ বাবে ছাঁদ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অভিযান হাতত লোৱা হৈছে। আমাৰ সপোন এই যে ২০২২ চনত যেতিয়া ভাৰতে স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূর্তি উৎসৱ পালন কৰিব, তাৰ পূৰ্বেই যেন প্রত্যেকগৰাকী ভাৰতীয়ৰ একোটা নিজা ঘৰ থাকে।

বন্ধুসকল, গৃহহীনসকলক গৃহৰ লগতে উজ্জ্বলা যোজনাৰ জৰিয়তে বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ প্রদান কৰা হৈছে। এয়া কেৱল এক কল্যানকামী আঁচনিয়েই নহয়, ইয়াৰ সৈতে সাম্য আৰু মৰ্যদাৰো সম্পর্ক আছে। ইতিমধ্যে দেশৰ চাৰে পাঁচ কোটিতকৈও অধিক দুখীয়া মাতৃ-ভগ্নীৰ বাবে স্বচ্ছ ধোঁৱামুক্ত ৰান্ধনীশাল সুনিশ্চিত কৰা হৈছে।

কেৱল ইমানেই নহয়, দেশত পর্যাপ্ত বিদ্যুৎ উৎপাদন হোৱা সত্ত্বেও আমাৰ হাজাৰ হাজাৰ গাঁৱৰ কোটি কোটি পৰিয়াল অন্ধকাৰত বসবাস কৰিছিল। কাৰণ, তেওঁলোক দুখীয়া হোৱাৰ লগতে দেশৰ অতি পিছপৰা অঞ্চলত বসবাস কৰে। মই অতিশয় আনন্দিত যে অতি কম সময়ৰ ভিতৰতে আমি সেই ১৮,০০০ গাঁৱত বিদ্যুৎ যোগান ধৰিছো, যিসকলে স্বাধীনতাৰ ইমান বছৰৰ পাছতো অষ্টাদশ শতিকাৰ দৰে বিদ্যুৎ নোহোৱাকৈ জীৱনযাপন কৰিছিল। সৌভাগ্য যোজনাৰ জৰিয়তে ১০-১১ মাহৰ ভিতৰতে ডেৰ কোটিতকৈও অধিক পৰিয়ালক বিদ্যুৎ সংযোগ প্ৰদান কৰা হৈছে।

বন্ধুসকল, অন্ধকাৰ দূৰ কৰাৰ লগতে দেশৰ মাতৃভগ্নীসকলৰ মৰ্যাদা ৰক্ষাত মুকলি স্থানত শৌচ কৰাটো অন্তৰায় আছিল। বিগত চাৰি বছৰত সমগ্ৰ দেশৰ গাওঁ আৰু চহৰত ৯.২৫ কোটিতকৈও অধিক শৌচাগাৰ নির্মাণ কৰা হৈছে। ফলত, দুখীয়া মাতৃ-ভগ্নীসকলৰ বাবে পৰিচ্ছন্নতাৰ লগতে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ অধিকাৰো সুনিশ্চিত হৈছে। ইফালে, উত্তৰপ্রদেশ চৰকাৰে এই শৌচালয়ক ‘ইজ্জত ঘৰ’ নাম দিছে। প্ৰতিটো শৌচালয়ত লিখা আছে ‘ইজ্জত ঘৰ’।

দুখীয়া লোকসকলৰ জীৱন তথা তেওঁলোকৰ স্বাস্থ্যৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ আমি আয়ুষ্মান ভাৰত আঁচনিৰ শুভাৰম্ভ কৰিছো। কিছু সময়ৰ আগতে ৰাজনাথজি এই বিষয়ে বিস্তাৰিত ৰূপত কৈছে। এয়া কিমান ডাঙৰ অধিকাৰ, তাৰ প্রমাণ আপোনালোকে সদায়েই পাইছে। দেশৰ বিভিন্ন প্রান্তৰ সংবাদ মাধ্যমত যিবোৰ খবৰ প্রকাশিত হৈছে, সেইবোৰ অত্যন্ত আনন্দদায়ক। ব্যক্তিগত সম্পদৰ অভাৱত যিসকলে ইমানদিন ভাল চিকিৎসালয়ত সেৱা উপভোগ কৰিব পৰা নাছিল, আজি তেওঁলোকে উন্নত চিকিৎসা সেৱাৰ অধিকাৰ পাইছে। উদ্বোধনৰ মাত্র দুই-আঢ়ৈ সপ্তাহৰ ভিতৰতে এই আঁচনিৰ জৰিয়তে ৫০ হাজাৰতকৈও অধিক ভাই-ভনীৰ চিকিৎসা আৰম্ভ হৈছে।

বন্ধুসকল, স্বাস্থ্যৰ সমান্তৰালভাৱে স্বাধীনতাৰ কেইবা দশকৰ পাছতো কোটি কোটি দেশবাসীয়ে আর্থিক স্বাধীনতাৰ গণ্ডীৰ পৰা বঞ্চিত আছিল। সেই গণ্ডীটো কি? আঙুলিৰ মুৰত লিখিব পৰা একাংশ লোকে বেংকৰ সেৱা উপভোগ কৰিব পাৰিছিল। ইয়াৰ বিপৰীতে দেশৰ অধিকাংশ লোকেই নিজৰ সামান্য পৰিমাণৰ সঞ্চয় ৰান্ধনী ঘৰৰ টেমাত লুকুৱাই ৰাখিবলৈ বাধ্য হৈছিল। আমি এই পৰিস্থিতিৰ গুৰুত্ব অনুধাৱন কৰিয়েই জন ধন আঁচনি আৰম্ভ কৰিলো। আৰু তাৰপাছত চাওতে, চাওতে প্রায় ৩৫ কোটি জনতাই বেংকৰ একাউণ্ট খুলিলে, তেওঁলোকৰ আর্থিক স্বাধীনতাৰ অধিকাৰ সুনিশ্চিত হৈছে।

কেৱল ইমানেই নহয়, মুদ্রা যোজনাৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায়ীসকলক স্বৰোজগাৰৰ বাবে বেংকৰ পৰা কোনো ধৰণৰ গেৰাণ্টি নোহোৱাকৈ ঋণ প্ৰদান কৰা হৈছে। তেওঁলোকে এতিয়া আৰু সুদখোৰ মহাজনৰ ওপৰত নির্ভৰ কৰিব লগা নহয়।

ভাই-ভনীসকল, আমাৰ চৰকাৰে আইনৰ শাসন আৰু চৰকাৰী নীতি আৰু সিদ্ধান্তৰ জৰিয়তে নিৰন্তৰ মানৱ অধিকাৰসমূহ সুনিশ্চিত আৰু শক্তিশালী কৰিছে। শেহতীয়াভাৱে মুছলমান মহিলাসকলৰ ‘তিনি তালাক’ৰ পৰা মুক্তি দিবলৈ যি আইন প্রণয়ন কৰা হৈছে, সেয়া এই প্রক্রিয়াৰে গুৰুত্বপূর্ণ অংশ। আশা কৰো, মুছলমান মহিলাসকলৰ অধিকাৰ সংশ্লিষ্ট এই গুৰুত্বপূর্ণ প্রচেষ্টা অনাগত দিনত সংসদত স্বীকৃতি লাভ কৰিব।

গর্ভৱতী মহিলাসকলৰ দৰমহাসহ ছুটি ১২ সপ্তাহৰ পৰা বৃদ্ধি কৰি ২৬ সপ্তাহ কৰাৰ সিদ্ধান্ত এই ধাৰণাৰে অংগ। ইয়াৰ দ্বাৰা এক প্রকাৰ আমি প্রত্যেক নৱজাত শিশুৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ সক্ষম হৈছো। প্রতিটো শিশুৱে যাতে তেওঁৰ মাকক অতি কমেও ছ’মাহ কাষত পায়, সেয়া সুনিশ্চিত কৰাৰ এয়া এক ডাঙৰ সিদ্ধান্ত। বিশ্বৰ বহু উন্নত দেশত বৰ্তমানেও এইধৰণৰ সুবিধা আৰম্ভ হোৱা নাই।

আমাৰ মহিলাসকলে ‘নৈশ কৰ্তব্য’(night shift) সম্পাদন কৰাৰ ক্ষেত্রত আইনী প্রতিবন্ধকতা দূৰ কৰিবলৈ আৰু সেই সময়ত তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰে পদক্ষেপ হাতত লৈছে।

দিব্যাংগসকলৰ অধিকাৰ বৃদ্ধিকাৰী ‘ৰাইটছ অফ পার্ছন উইথ ডিজেবিলিটি এক্ট’ প্রণয়নৰ জৰিয়তে তেওঁলোকৰ বাবে চাকৰিৰ ক্ষেত্রত সংৰক্ষণ বৃদ্ধি অথবা ‘ট্ৰেন্সজেণ্ডাৰ পার্ছনছ প্রোটেকছন অফ ৰাইটছ বিল’ প্রণয়নৰ জৰিয়তে লিংগ পৰিৱর্তনকামী আৰু তৃতীয় লিংগৰ লোকসকলৰ মানৱ অধিকাৰ ৰক্ষাৰ প্রতি দায়বদ্ধতা আমাৰ চৰকাৰৰ প্রতিশ্ৰুতিৰ উদাহৰণ।

এইচআইভি পীড়িত লোকসকলৰ প্ৰতি কোনো ধৰণৰ বৈষম্য নকৰি তেওঁলোকৰ সমান অধিকাৰ সুনিশ্চিত কৰাৰ বাবেও আমি আইন প্রণয়ন কৰিছো।

বন্ধুসকল, ন্যায়্যপ্রাপ্তিৰ অধিকাৰক আৰু অধিক শক্তিশালী কৰিবলৈ চৰকাৰে ‘ই-আদালত’ৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে ‘নেচনেল জুডিছিয়েল ডাটা গ্রিড’ক শক্তিশালী কৰিছে। ইতিমধ্যে এই ‘নেচনেল জুডিছিয়েল ডাটা গ্রিড’ৰ সৈতে দেশৰ ১৭ হাজাৰতকৈও অধিক আদালতক জড়িত কৰা হৈছে। গোচৰ সংক্রান্তীয় তথ্য, বিচাৰকসকলৰ সিদ্ধান্তৰ তথ্য ইত্যাদি অনলাইনত উপলব্ধ হোৱাৰ ফলত দেশত বিচাৰ প্রক্রিয়া ত্বৰান্বিত হৈছে আৰু দীর্ঘ দিন ধৰি চলি থকা গোচৰৰ সংখ্যা হ্রাস পাইছে। দেশৰ দূৰ্গম অঞ্চলত বসবাস কৰা নাগৰিকসকলক ‘টেলি-ল’ স্কিম’ৰ জৰিয়তে আইনি পৰামর্শ প্রদান কৰা হৈছে।

ভাই-ভনীসকল, নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্রত চৰকাৰে আধুনিক প্রযুক্তিৰ ব্যৱহাৰ আৰু এই ব্যৱস্থাত স্বচ্ছতা বৃদ্ধিৰ প্রক্রিয়াও নিৰন্তৰ আগুৱাই নিছে। ইউআইডিএআই এক্ট প্রণয়নৰ জৰিয়তে চৰকাৰে আধাৰকে আইনসন্মতভাৱে শক্তিশালী কৰাৰ লগতে ইয়াৰ উপযোগিতা বৃদ্ধিৰ ফলত দেশৰ অতি দৰিদ্র লোকৰ প্ৰতি চৰকাৰী আঁচনিসমূহৰ সম্পূর্ণ সুফল পাবলৈ সক্ষম হৈছে।

আধাৰ, দেশৰ সর্ববৃহৎ প্রযুক্তি সবলীকৰণ কর্মসূচী হিচাপে পৰিগণিত হৈছে। বৰ্তমান সর্বোচ্চ ন্যায়ালয়েও চৰকাৰৰ এই ভূমিকাৰ প্রশংসা কৰিছে। একেদৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাক প্রযুক্তি দ্বাৰা স্বচ্ছ কৰি তুলি চৰকাৰে দুখীয়া লোকসকলে সুলভ মূল্যত খাদ্যদ্ৰব্য লাভ কৰাটো সুনিশ্চিত কৰিছে। অন্যথা, আগতে কি হৈছিল, কিদৰে হৈছিল–এই সকলোবোৰ আমি ভালদৰেই জানো।

এইদৰে যাতে নাগৰিকসকলে নিজৰ অধিকাৰ লাভ কৰিবলৈ সমস্যাৰ সন্মুখীন নহয়, সেয়া সুনিশ্চিত কৰিবলৈ বহুখনি সংস্কাৰ কৰা হৈছে, বহু নীতি নিয়মৰ সালসলনি কৰা হৈছে। ‘স্ব-প্ৰত্যায়ন’ক উৎসাহ যোগাৱা অথবা ভাৰতীয় সশস্ত্র সেনাৰ ‘Short Service Commission’ৰ জৰিয়তে নিযুক্ত মহিলা বিষয়াসকলৰ বাবে পুৰুষ বিষয়াসকলৰ দৰে স্থায়ী আয়োগ প্রদানৰ সিদ্ধান্ত চৰকাৰৰ এই দৃষ্টিভংগীৰে প্রতিফলন।

নীতি-নিয়মত এনেধৰণৰ বহু সৰু সৰু পৰিৱর্তনে বিস্তাৰিত পৰ্যায়ত প্রভাৱ পেলাইছে। যেনেকৈ বাহৰ সংজ্ঞা পৰিৱর্তনৰ ফলত দেশৰ প্রান্তীয় এলেকাত বসবাস কৰা আদিবাসী ভাই-ভনীসকলে এতিয়া বাহ কটা আৰু বাহৰ যোগানৰ অধিকাৰ লাভ কৰিছে। ইয়াৰ ফলত তেওঁলোকৰ উপাৰ্জন যথেষ্ট বৃদ্ধি পাইছে।

বন্ধুসকল, সকলোৰে বাবে ৰোজগাৰ, সকলোৰে বাবে পঢ়া-শুনা, সকলোৰে বাবে ঔষধ আৰু সকলোৰে সমান বিচাৰৰ ব্যৱস্থাক লৈ বহুখিনি কাম হৈছে। ফলত, কোটি কোটি ভাৰতীয়ই ভীষণ দৰিদ্ৰতাৰ পৰা মুক্তি পাইছে। দেশ দ্রুতগতিত মধ্যবিত্ত শ্ৰেণীৰ বৃহৎ অৰ্থ ব্যৱস্থাৰ দিশে আগুৱাই গৈছে। এই সাফল্যৰ আঁৰত চৰকাৰৰ প্রচেষ্টাতকৈও জন-অংশীদাৰিত্ব প্ৰচেষ্টাৰ গুৰুত্ব অধিক। দেশৰ কোটি কোটি লোকে নিজৰ কর্তব্যক বুজি পাইছে। নিজৰ ব্যৱহাৰত পৰিৱর্তন আনিবলৈ নিজকে প্রেৰণা যোগাইছে।

ভাই-ভনীসকল, আমাৰ সিদ্ধান্ত, আমাৰ কর্মসূচী তেতিয়াই স্থায়ীভাবে সফল হয়, যেতিয়াই জনসাধাৰণে স্ব-ইচ্ছাৰে সেইবোৰৰৰ সৈতে জড়িত হয়। মই নিজৰ অভিজ্ঞতাৰ ভিত্তিত ক’ব পাৰো যে জন-অংশীদাৰিত্বতকৈ ডাঙৰ সাফল্যৰ মন্ত্র একোৱেই হ’ব নোৱাৰে।

মোক জনোৱা হৈছে যে ৰূপালী জয়ন্তী সমাৰোহ উপলক্ষে ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগে সমগ্ৰ দেশত জনসজাগতা বৃদ্ধি কৰাৰ অৰ্থে বহুতো অভিযান চলাইছে। এই ক্ষেত্ৰত প্রযুক্তিৰ সহায়ো লোৱা হৈছে। কিছুসময়ৰ আগতে এই উপলক্ষে এটি ডাক টিকট উন্মোচন কৰা হয়। ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ ৱেবছাইটৰ নতুন সংস্কৰণো মুকলি কৰা হয়। ইয়াৰ ফলত নিশ্চিতভাৱে যিসকলৰ সহায়ৰ প্রয়োজন, তেওঁলোক উপকৃত হ’ব। মোৰ পৰামর্শ এই যে ছ’চিয়েল মিডিয়াৰ জৰিয়তেও ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগে ব্যাপক প্রচাৰ আৰু প্রসাৰ কৰক। মানৱ অধিকাৰৰ প্রতি সজাগতা নিশ্চয়কৈ সকলোৱে বিচাৰে। ইয়াৰ সমান্তৰালভাৱে, নাগৰিকসকলে তেওঁলোকৰ কর্তব্য, তেওঁলোকৰ দায়িত্ব সম্পর্কে মতামত আগবঢ়োৱাটোও সমানেই প্ৰয়োজন।যিসকলে নিজৰ দায়িত্ব বুজি পায়, তেওঁলোকে আনৰ অধিকাৰক সন্মান কৰিব জানে।

মই জানো, আপোনালোকৰ ওচৰলৈ বহু অভিযোগ আহে। ইয়াৰ ভিতৰত কেতবোৰ অতি গুৰুত্বপূর্ণ অভিযোগ থাকে। আপোনালোকে প্রতিটো অভিযোগৰ শুনানি দিয়ে, সেইবোৰ বিচাৰ কৰে। কিন্তু যি ক্ষেত্রত অথবা গোষ্ঠীভিত্তিক অভিযোগ আহে, তেওঁলোকৰ সম্পর্কে এটি ডাটাবেছ প্ৰস্তুত কৰি বিস্তাৰিত অধ্যয়ন কৰাটো সম্ভৱ নহয়নে? মোৰ দৃঢ় বিশ্বাস যে এই প্রক্রিয়াৰ জৰিয়তে এনে অনেক সমস্যাৰ সন্মুখীন হ’ব, যিবোৰৰ ব্যাপক সমাধান কৰাটো সম্ভৱ।

বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হ’বলৈ বৰ্তমান চৰকাৰে যিমানবোৰ প্রচেষ্টা হাতত লৈছে, সেই ক্ষেত্ৰত ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ ভূমিকা অতিশয় গুৰুত্বপূর্ণ। চৰকাৰে সদায়েই আপোনালোকৰ পৰামর্শক আদৰণী জনাইছে। দেশৰ জনসাধাৰণৰ জীৱনক উন্নত কৰিবলৈ, তেওঁলোকৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ চৰকাৰ প্রতি মুহূৰ্ত্বতে দায়বদ্ধ। পুনৰবাৰ ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ ৰূপালী জয়ন্তী উপলক্ষে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন আৰু শুভেচ্ছা জনাইছো। দেশত গঠনমূলক পৰিৱর্তনৰ বাবে আমি সকলোৱে মিলি কাম কৰি আগুৱাই যাম।

এই কামনাৰে আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ।

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India’s Biz Activity Surges To 3-month High In Nov: Report

Media Coverage

India’s Biz Activity Surges To 3-month High In Nov: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s address at the Odisha Parba
November 24, 2024
Delighted to take part in the Odisha Parba in Delhi, the state plays a pivotal role in India's growth and is blessed with cultural heritage admired across the country and the world: PM
The culture of Odisha has greatly strengthened the spirit of 'Ek Bharat Shreshtha Bharat', in which the sons and daughters of the state have made huge contributions: PM
We can see many examples of the contribution of Oriya literature to the cultural prosperity of India: PM
Odisha's cultural richness, architecture and science have always been special, We have to constantly take innovative steps to take every identity of this place to the world: PM
We are working fast in every sector for the development of Odisha,it has immense possibilities of port based industrial development: PM
Odisha is India's mining and metal powerhouse making it’s position very strong in the steel, aluminium and energy sectors: PM
Our government is committed to promote ease of doing business in Odisha: PM
Today Odisha has its own vision and roadmap, now investment will be encouraged and new employment opportunities will be created: PM

जय जगन्नाथ!

जय जगन्नाथ!

केंद्रीय मंत्रिमंडल के मेरे सहयोगी श्रीमान धर्मेन्द्र प्रधान जी, अश्विनी वैष्णव जी, उड़िया समाज संस्था के अध्यक्ष श्री सिद्धार्थ प्रधान जी, उड़िया समाज के अन्य अधिकारी, ओडिशा के सभी कलाकार, अन्य महानुभाव, देवियों और सज्जनों।

ओडिशा र सबू भाईओ भउणी मानंकु मोर नमस्कार, एबंग जुहार। ओड़िया संस्कृति के महाकुंभ ‘ओड़िशा पर्व 2024’ कू आसी मँ गर्बित। आपण मानंकु भेटी मूं बहुत आनंदित।

मैं आप सबको और ओडिशा के सभी लोगों को ओडिशा पर्व की बहुत-बहुत बधाई देता हूँ। इस साल स्वभाव कवि गंगाधर मेहेर की पुण्यतिथि का शताब्दी वर्ष भी है। मैं इस अवसर पर उनका पुण्य स्मरण करता हूं, उन्हें श्रद्धांजलि देता हूँ। मैं भक्त दासिआ बाउरी जी, भक्त सालबेग जी, उड़िया भागवत की रचना करने वाले श्री जगन्नाथ दास जी को भी आदरपूर्वक नमन करता हूं।

ओडिशा निजर सांस्कृतिक विविधता द्वारा भारतकु जीबन्त रखिबारे बहुत बड़ भूमिका प्रतिपादन करिछि।

साथियों,

ओडिशा हमेशा से संतों और विद्वानों की धरती रही है। सरल महाभारत, उड़िया भागवत...हमारे धर्मग्रन्थों को जिस तरह यहाँ के विद्वानों ने लोकभाषा में घर-घर पहुंचाया, जिस तरह ऋषियों के विचारों से जन-जन को जोड़ा....उसने भारत की सांस्कृतिक समृद्धि में बहुत बड़ी भूमिका निभाई है। उड़िया भाषा में महाप्रभु जगन्नाथ जी से जुड़ा कितना बड़ा साहित्य है। मुझे भी उनकी एक गाथा हमेशा याद रहती है। महाप्रभु अपने श्री मंदिर से बाहर आए थे और उन्होंने स्वयं युद्ध का नेतृत्व किया था। तब युद्धभूमि की ओर जाते समय महाप्रभु श्री जगन्नाथ ने अपनी भक्त ‘माणिका गौउडुणी’ के हाथों से दही खाई थी। ये गाथा हमें बहुत कुछ सिखाती है। ये हमें सिखाती है कि हम नेक नीयत से काम करें, तो उस काम का नेतृत्व खुद ईश्वर करते हैं। हमेशा, हर समय, हर हालात में ये सोचने की जरूरत नहीं है कि हम अकेले हैं, हम हमेशा ‘प्लस वन’ होते हैं, प्रभु हमारे साथ होते हैं, ईश्वर हमेशा हमारे साथ होते हैं।

साथियों,

ओडिशा के संत कवि भीम भोई ने कहा था- मो जीवन पछे नर्के पडिथाउ जगत उद्धार हेउ। भाव ये कि मुझे चाहे जितने ही दुख क्यों ना उठाने पड़ें...लेकिन जगत का उद्धार हो। यही ओडिशा की संस्कृति भी है। ओडिशा सबु जुगरे समग्र राष्ट्र एबं पूरा मानब समाज र सेबा करिछी। यहाँ पुरी धाम ने ‘एक भारत श्रेष्ठ भारत’ की भावना को मजबूत बनाया। ओडिशा की वीर संतानों ने आज़ादी की लड़ाई में भी बढ़-चढ़कर देश को दिशा दिखाई थी। पाइका क्रांति के शहीदों का ऋण, हम कभी नहीं चुका सकते। ये मेरी सरकार का सौभाग्य है कि उसे पाइका क्रांति पर स्मारक डाक टिकट और सिक्का जारी करने का अवसर मिला था।

साथियों,

उत्कल केशरी हरे कृष्ण मेहताब जी के योगदान को भी इस समय पूरा देश याद कर रहा है। हम व्यापक स्तर पर उनकी 125वीं जयंती मना रहे हैं। अतीत से लेकर आज तक, ओडिशा ने देश को कितना सक्षम नेतृत्व दिया है, ये भी हमारे सामने है। आज ओडिशा की बेटी...आदिवासी समुदाय की द्रौपदी मुर्मू जी भारत की राष्ट्रपति हैं। ये हम सभी के लिए बहुत ही गर्व की बात है। उनकी प्रेरणा से आज भारत में आदिवासी कल्याण की हजारों करोड़ रुपए की योजनाएं शुरू हुई हैं, और ये योजनाएं सिर्फ ओडिशा के ही नहीं बल्कि पूरे भारत के आदिवासी समाज का हित कर रही हैं।

साथियों,

ओडिशा, माता सुभद्रा के रूप में नारीशक्ति और उसके सामर्थ्य की धरती है। ओडिशा तभी आगे बढ़ेगा, जब ओडिशा की महिलाएं आगे बढ़ेंगी। इसीलिए, कुछ ही दिन पहले मैंने ओडिशा की अपनी माताओं-बहनों के लिए सुभद्रा योजना का शुभारंभ किया था। इसका बहुत बड़ा लाभ ओडिशा की महिलाओं को मिलेगा। उत्कलर एही महान सुपुत्र मानंकर बिसयरे देश जाणू, एबं सेमानंक जीबन रु प्रेरणा नेउ, एथी निमन्ते एपरी आयौजनर बहुत अधिक गुरुत्व रहिछि ।

साथियों,

इसी उत्कल ने भारत के समुद्री सामर्थ्य को नया विस्तार दिया था। कल ही ओडिशा में बाली जात्रा का समापन हुआ है। इस बार भी 15 नवंबर को कार्तिक पूर्णिमा के दिन से कटक में महानदी के तट पर इसका भव्य आयोजन हो रहा था। बाली जात्रा प्रतीक है कि भारत का, ओडिशा का सामुद्रिक सामर्थ्य क्या था। सैकड़ों वर्ष पहले जब आज जैसी टेक्नोलॉजी नहीं थी, तब भी यहां के नाविकों ने समुद्र को पार करने का साहस दिखाया। हमारे यहां के व्यापारी जहाजों से इंडोनेशिया के बाली, सुमात्रा, जावा जैसे स्थानो की यात्राएं करते थे। इन यात्राओं के माध्यम से व्यापार भी हुआ और संस्कृति भी एक जगह से दूसरी जगह पहुंची। आजी विकसित भारतर संकल्पर सिद्धि निमन्ते ओडिशार सामुद्रिक शक्तिर महत्वपूर्ण भूमिका अछि।

साथियों,

ओडिशा को नई ऊंचाई तक ले जाने के लिए 10 साल से चल रहे अनवरत प्रयास....आज ओडिशा के लिए नए भविष्य की उम्मीद बन रहे हैं। 2024 में ओडिशावासियों के अभूतपूर्व आशीर्वाद ने इस उम्मीद को नया हौसला दिया है। हमने बड़े सपने देखे हैं, बड़े लक्ष्य तय किए हैं। 2036 में ओडिशा, राज्य-स्थापना का शताब्दी वर्ष मनाएगा। हमारा प्रयास है कि ओडिशा की गिनती देश के सशक्त, समृद्ध और तेजी से आगे बढ़ने वाले राज्यों में हो।

साथियों,

एक समय था, जब भारत के पूर्वी हिस्से को...ओडिशा जैसे राज्यों को पिछड़ा कहा जाता था। लेकिन मैं भारत के पूर्वी हिस्से को देश के विकास का ग्रोथ इंजन मानता हूं। इसलिए हमने पूर्वी भारत के विकास को अपनी प्राथमिकता बनाया है। आज पूरे पूर्वी भारत में कनेक्टिविटी के काम हों, स्वास्थ्य के काम हों, शिक्षा के काम हों, सभी में तेजी लाई गई है। 10 साल पहले ओडिशा को केंद्र सरकार जितना बजट देती थी, आज ओडिशा को तीन गुना ज्यादा बजट मिल रहा है। इस साल ओडिशा के विकास के लिए पिछले साल की तुलना में 30 प्रतिशत ज्यादा बजट दिया गया है। हम ओडिशा के विकास के लिए हर सेक्टर में तेजी से काम कर रहे हैं।

साथियों,

ओडिशा में पोर्ट आधारित औद्योगिक विकास की अपार संभावनाएं हैं। इसलिए धामरा, गोपालपुर, अस्तारंगा, पलुर, और सुवर्णरेखा पोर्ट्स का विकास करके यहां व्यापार को बढ़ावा दिया जाएगा। ओडिशा भारत का mining और metal powerhouse भी है। इससे स्टील, एल्युमिनियम और एनर्जी सेक्टर में ओडिशा की स्थिति काफी मजबूत हो जाती है। इन सेक्टरों पर फोकस करके ओडिशा में समृद्धि के नए दरवाजे खोले जा सकते हैं।

साथियों,

ओडिशा की धरती पर काजू, जूट, कपास, हल्दी और तिलहन की पैदावार बहुतायत में होती है। हमारा प्रयास है कि इन उत्पादों की पहुंच बड़े बाजारों तक हो और उसका फायदा हमारे किसान भाई-बहनों को मिले। ओडिशा की सी-फूड प्रोसेसिंग इंडस्ट्री में भी विस्तार की काफी संभावनाएं हैं। हमारा प्रयास है कि ओडिशा सी-फूड एक ऐसा ब्रांड बने, जिसकी मांग ग्लोबल मार्केट में हो।

साथियों,

हमारा प्रयास है कि ओडिशा निवेश करने वालों की पसंदीदा जगहों में से एक हो। हमारी सरकार ओडिशा में इज ऑफ डूइंग बिजनेस को बढ़ावा देने के लिए प्रतिबद्ध है। उत्कर्ष उत्कल के माध्यम से निवेश को बढ़ाया जा रहा है। ओडिशा में नई सरकार बनते ही, पहले 100 दिनों के भीतर-भीतर, 45 हजार करोड़ रुपए के निवेश को मंजूरी मिली है। आज ओडिशा के पास अपना विज़न भी है, और रोडमैप भी है। अब यहाँ निवेश को भी बढ़ावा मिलेगा, और रोजगार के नए अवसर भी पैदा होंगे। मैं इन प्रयासों के लिए मुख्यमंत्री श्रीमान मोहन चरण मांझी जी और उनकी टीम को बहुत-बहुत बधाई देता हूं।

साथियों,

ओडिशा के सामर्थ्य का सही दिशा में उपयोग करके उसे विकास की नई ऊंचाइयों पर पहुंचाया जा सकता है। मैं मानता हूं, ओडिशा को उसकी strategic location का बहुत बड़ा फायदा मिल सकता है। यहां से घरेलू और अंतर्राष्ट्रीय बाजार तक पहुंचना आसान है। पूर्व और दक्षिण-पूर्व एशिया के लिए ओडिशा व्यापार का एक महत्वपूर्ण हब है। Global value chains में ओडिशा की अहमियत आने वाले समय में और बढ़ेगी। हमारी सरकार राज्य से export बढ़ाने के लक्ष्य पर भी काम कर रही है।

साथियों,

ओडिशा में urbanization को बढ़ावा देने की अपार संभावनाएं हैं। हमारी सरकार इस दिशा में ठोस कदम उठा रही है। हम ज्यादा संख्या में dynamic और well-connected cities के निर्माण के लिए प्रतिबद्ध हैं। हम ओडिशा के टियर टू शहरों में भी नई संभावनाएं बनाने का भरपूर हम प्रयास कर रहे हैं। खासतौर पर पश्चिम ओडिशा के इलाकों में जो जिले हैं, वहाँ नए इंफ्रास्ट्रक्चर से नए अवसर पैदा होंगे।

साथियों,

हायर एजुकेशन के क्षेत्र में ओडिशा देशभर के छात्रों के लिए एक नई उम्मीद की तरह है। यहां कई राष्ट्रीय और अंतर्राष्ट्रीय इंस्टीट्यूट हैं, जो राज्य को एजुकेशन सेक्टर में लीड लेने के लिए प्रेरित करते हैं। इन कोशिशों से राज्य में स्टार्टअप्स इकोसिस्टम को भी बढ़ावा मिल रहा है।

साथियों,

ओडिशा अपनी सांस्कृतिक समृद्धि के कारण हमेशा से ख़ास रहा है। ओडिशा की विधाएँ हर किसी को सम्मोहित करती है, हर किसी को प्रेरित करती हैं। यहाँ का ओड़िशी नृत्य हो...ओडिशा की पेंटिंग्स हों...यहाँ जितनी जीवंतता पट्टचित्रों में देखने को मिलती है...उतनी ही बेमिसाल हमारे आदिवासी कला की प्रतीक सौरा चित्रकारी भी होती है। संबलपुरी, बोमकाई और कोटपाद बुनकरों की कारीगरी भी हमें ओडिशा में देखने को मिलती है। हम इस कला और कारीगरी का जितना प्रसार करेंगे, उतना ही इस कला को संरक्षित करने वाले उड़िया लोगों को सम्मान मिलेगा।

साथियों,

हमारे ओडिशा के पास वास्तु और विज्ञान की भी इतनी बड़ी धरोहर है। कोणार्क का सूर्य मंदिर… इसकी विशालता, इसका विज्ञान...लिंगराज और मुक्तेश्वर जैसे पुरातन मंदिरों का वास्तु.....ये हर किसी को आश्चर्यचकित करता है। आज लोग जब इन्हें देखते हैं...तो सोचने पर मजबूर हो जाते हैं कि सैकड़ों साल पहले भी ओडिशा के लोग विज्ञान में इतने आगे थे।

साथियों,

ओडिशा, पर्यटन की दृष्टि से अपार संभावनाओं की धरती है। हमें इन संभावनाओं को धरातल पर उतारने के लिए कई आयामों में काम करना है। आप देख रहे हैं, आज ओडिशा के साथ-साथ देश में भी ऐसी सरकार है जो ओडिशा की धरोहरों का, उसकी पहचान का सम्मान करती है। आपने देखा होगा, पिछले साल हमारे यहाँ G-20 का सम्मेलन हुआ था। हमने G-20 के दौरान इतने सारे देशों के राष्ट्राध्यक्षों और राजनयिकों के सामने...सूर्यमंदिर की ही भव्य तस्वीर को प्रस्तुत किया था। मुझे खुशी है कि महाप्रभु जगन्नाथ मंदिर परिसर के सभी चार द्वार खुल चुके हैं। मंदिर का रत्न भंडार भी खोल दिया गया है।

साथियों,

हमें ओडिशा की हर पहचान को दुनिया को बताने के लिए भी और भी इनोवेटिव कदम उठाने हैं। जैसे....हम बाली जात्रा को और पॉपुलर बनाने के लिए बाली जात्रा दिवस घोषित कर सकते हैं, उसका अंतरराष्ट्रीय मंच पर प्रचार कर सकते हैं। हम ओडिशी नृत्य जैसी कलाओं के लिए ओडिशी दिवस मनाने की शुरुआत कर सकते हैं। विभिन्न आदिवासी धरोहरों को सेलिब्रेट करने के लिए भी नई परम्पराएँ शुरू की जा सकती हैं। इसके लिए स्कूल और कॉलेजों में विशेष आयोजन किए जा सकते हैं। इससे लोगों में जागरूकता आएगी, यहाँ पर्यटन और लघु उद्योगों से जुड़े अवसर बढ़ेंगे। कुछ ही दिनों बाद प्रवासी भारतीय सम्मेलन भी, विश्व भर के लोग इस बार ओडिशा में, भुवनेश्वर में आने वाले हैं। प्रवासी भारतीय दिवस पहली बार ओडिशा में हो रहा है। ये सम्मेलन भी ओडिशा के लिए बहुत बड़ा अवसर बनने वाला है।

साथियों,

कई जगह देखा गया है बदलते समय के साथ, लोग अपनी मातृभाषा और संस्कृति को भी भूल जाते हैं। लेकिन मैंने देखा है...उड़िया समाज, चाहे जहां भी रहे, अपनी संस्कृति, अपनी भाषा...अपने पर्व-त्योहारों को लेकर हमेशा से बहुत उत्साहित रहा है। मातृभाषा और संस्कृति की शक्ति कैसे हमें अपनी जमीन से जोड़े रखती है...ये मैंने कुछ दिन पहले ही दक्षिण अमेरिका के देश गयाना में भी देखा। करीब दो सौ साल पहले भारत से सैकड़ों मजदूर गए...लेकिन वो अपने साथ रामचरित मानस ले गए...राम का नाम ले गए...इससे आज भी उनका नाता भारत भूमि से जुड़ा हुआ है। अपनी विरासत को इसी तरह सहेज कर रखते हुए जब विकास होता है...तो उसका लाभ हर किसी तक पहुंचता है। इसी तरह हम ओडिशा को भी नई ऊचाई पर पहुंचा सकते हैं।

साथियों,

आज के आधुनिक युग में हमें आधुनिक बदलावों को आत्मसात भी करना है, और अपनी जड़ों को भी मजबूत बनाना है। ओडिशा पर्व जैसे आयोजन इसका एक माध्यम बन सकते हैं। मैं चाहूँगा, आने वाले वर्षों में इस आयोजन का और ज्यादा विस्तार हो, ये पर्व केवल दिल्ली तक सीमित न रहे। ज्यादा से ज्यादा लोग इससे जुड़ें, स्कूल कॉलेजों का participation भी बढ़े, हमें इसके लिए प्रयास करने चाहिए। दिल्ली में बाकी राज्यों के लोग भी यहाँ आयें, ओडिशा को और करीबी से जानें, ये भी जरूरी है। मुझे भरोसा है, आने वाले समय में इस पर्व के रंग ओडिशा और देश के कोने-कोने तक पहुंचेंगे, ये जनभागीदारी का एक बहुत बड़ा प्रभावी मंच बनेगा। इसी भावना के साथ, मैं एक बार फिर आप सभी को बधाई देता हूं।

आप सबका बहुत-बहुत धन्यवाद।

जय जगन्नाथ!