QuoteUttar Pradesh has greatly benefitted from PM SVANidhi scheme: PM
QuoteBanks are reaching the doorsteps of poor to provide loans for helping the latter start their ventures: PM
QuoteFor the first time since independence street vendors are getting unsecured affordable loans: PM Modi

কিছু দেৰী পূৰ্বে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ সকলো হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰি আছিলো, তেতিয়া মই অনুভৱ কৰিলো যে সকলো সুখী হৈছে আৰু আচৰিতো হৈছো৷ পূৰ্বতে চাকৰি কৰা লোকসকলে ঋণৰ বাবে বেংকলৈ অহা-যোৱা কৰিব লাগিছিল৷ দৰিদ্ৰ লোক, পদপথৰ ব্যৱসায়ীসকলে বেংকৰ ভিতৰলৈ যোৱাৰ বিষয়ে কল্পনাও কৰিব পৰা নাছিল৷ কিন্তু আজি বেংকে নিজে তেওঁলোকৰ দুৱাৰমুখত উপস্থিত হৈছে৷ কোনো দৌৰা-দৌৰি নকৰাকৈ নিজৰ কাম আৰম্ভ কৰাৰ বাবে ঋণ পোৱা গৈছে৷ আপোনালোকৰ মুখত এই সন্তোষ দেখি মইও সন্তোষিত হৈছো৷ আপোনালোক সকলোকে আপোনালোকৰ কামৰ বাবে, আত্মনিৰ্ভৰ হৈ আগবাঢ়ি যোৱাৰ বাবে, উত্তৰ প্ৰদেশ আৰু দেশক আগুৱাই লৈ যোৱাৰ বাবে অনেক শুভকামনা জনাইছো৷

|

আৰু যেতিয়া মই আজি আপোনালোকৰ সৈতে কথা পাতি আছিলো তেতিয়া মই দেখিছো যে অতিশয় কম পঢ়া-শুনা কৰা  আৰু সামান্য দৰিদ্ৰতাৰ মাজেৰে জীৱন নিৰ্বাহ কৰা ভগ্নী প্ৰীতিয়ে ইমান অধিক আত্মবিশ্বাসেৰে আধুনিক প্ৰযুক্তিৰ বিষয়েও শিকিবলৈ ধৰিছে৷ তেওঁ নিজৰ ব্যৱসায়ক আগুৱাই লৈ যোৱাৰ বাবে কাম কৰি আছে আৰু নিজৰ পৰিয়ালকো লগত লৈ তেওঁলোকৰ চিন্তাও কৰিছে৷ ঠিক সেইদৰে বাৰাণসীৰ সতীৰ্থসকলৰ সৈতে যেতিয়া  মই কথা পাতি আছিলো তেতিয়া অৰবিন্দ মহোদয়ে যি এক কথা ক’লে সেয়া শিকিবলগীয়া কথা আৰু মই ভাবো যে দেশৰ পঢ়া-শুনা কৰা লোকেও শিকিব৷ তেওঁ সামাজিক ব্যৱধানৰ বাবে যি নিজে সামগ্ৰী প্ৰস্তুত কৰে তাৰে এটা সামগ্ৰী নিজে উপহাৰ দিয়ে, বিনামূলীয়াকৈ দিয়ে৷ যদি আপোনালোকে নিয়মসমূহ পালন কৰিছে৷ চাওক কিমান ডাঙৰ কাম এজন সৰু মানুহে কৰি আছে৷  ইয়াতকৈ ডাঙৰ অনুপ্ৰেৰণাৰ কাম কি হ’ব পাৰে৷ আৰু লক্ষ্ণৌৰ বিজয় বাহাদুৰ, তেওঁ ঠেলা চলায়৷ কিন্তু ব্যৱসায়ৰ মেনেজমেণ্ট মডেলে কিদৰে সময় বচাই কাম বৃদ্ধি কৰিব লাগে সেয়া তেওঁ ভালদৰেই আয়ত্ব কৰিছে৷ আমাৰ দেশৰ এয়াই শক্তি৷ এওঁলোকৰ দ্বাৰা দেশ  আগবাঢ়ে, এওঁলোকৰ প্ৰয়াসৰ দ্বাৰাই দেশ আগবাঢ়ে৷

|

আমাৰ হাতেৰে ঠেলা চলোৱা সতীৰ্থই ইয়াৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে, মোক কৃতজ্ঞতা প্ৰকাশ কৰিছে৷ কিন্তু মই ইয়াৰ কৃতিত্ব আমাৰ সকলো বেংকক, সকলো বেংক-কৰ্মচাৰীৰ পৰিশ্ৰমক প্ৰদান কৰিছো৷ বেংক কৰ্মীসকলৰ সেৱা ভাৱনা অবিহনে ইমান কম সময়ত এই কাম সম্পন্ন নহ’লহেঁতেন৷ আমাৰ বেংকসমূহৰ সকলো কৰ্মীক মই আজি হৃদয়েৰে অশেষ অভিনন্দন জনাইছো৷ এই আটাইবোৰ দৰিদ্ৰ লোকসকলৰ আশীৰ্বাদ পোন প্ৰথমে বেংকৰ সেইসকল লোকে লাভ কৰিব লাগে যিয়ে নিৰন্তৰে পৰিশ্ৰম কৰি আপোনালোকৰ জীৱন পুনৰাই আৰম্ভ কৰাৰ বাবে পৰিশ্ৰম কৰিছে আৰু সেইবাবে আপোনালোকৰ আশীৰ্বাদ, শুভকামনাসমূহ বেংকৰ কৰ্মচাৰীসকলে যাতে লাভ কৰে সেয়াই মোৰ কামনা হ’ব৷ আমাৰ  এই প্ৰয়াসৰ দ্বাৰা দুখীয়াসকলৰ উৎসৱসমূহো ৰঙীণ হৈ পৰিব৷ এয়া এক বহু ডাঙৰ কাম৷ কাৰ্যসূচীৰ সৈতে জড়িত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ মহোদয়, উত্তৰ প্ৰদেশ চৰকাৰৰ অন্যান্য মন্ত্ৰীগণ, উত্তৰ প্ৰদেশৰ স্বনিধি যোজনাৰ সৈতে জড়িত সহস্ৰাধিক হিতাধিকাৰী, সকলো বেংকৰ সৈতে জড়িত মহানুভৱ আৰু মোৰ মৰমৰ ভাই আৰু ভনীসকল, আজিৰ দিনটো আত্মনিৰ্ভৰ ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ দিন৷

|

কঠিনতৈকও কঠিন পৰিস্থিতিৰ মোকাবিলা এই দেশে কিদৰে কৰে, উত্তৰ প্ৰদেশৰ জনতাই কিদৰে সংকটৰ সন্মুখীন হয় এই দিনটো হ’ল সেইসমূহৰ সাক্ষী৷

ক’ৰোনাই যেতিয়া বিশ্বক আক্ৰমণ কৰিছিল তেতিয়া ভাৰতৰ দৰিদ্ৰসকলক লৈ বহু আশংকা ব্যক্ত কৰা হৈছিল৷ মোৰ দৰিদ্ৰ ভাই-ভনীসকলে কিদৰে কম সমস্যাৰ সন্মুখীন হ’ব পাৰে, কিদৰে তেওঁলোক সমস্যাৰ পৰা মুক্ত হ’ব পাৰে তাৰ বাবে চৰকাৰে বিশেষভাৱে চিন্তা কৰিছিল৷  এই চিন্তাৰ সৈতে দেশে ১ লাখ ৭০ হাজাৰ কোটি টকাৰ গৰিব কল্যাণ যোজনাৰ সূচনা কৰিলে, কোনো দুখীয়াই যাতে ভোকত শুব নালাগে তাৰ বাবে চিন্তা কৰা হ’ল৷ ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ কথা ঘোষণা কৰাত তাতে দৰিদ্ৰৰ কল্যাণক, তেওঁলোকৰ উপাৰ্জনক সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদান কৰা হ’ল৷ আৰু আজি আমাৰ দেশৰ সাধাৰণ জনতাই এয়া প্ৰমাণ কৰি দেখুৱাইছে যে তেওঁলোকে কিদৰে ডাঙৰতকৈও ডাঙৰ সমস্যা সমাধান কৰিব পাৰে৷ পিএম স্বনিধি যোজনাই দৰিদ্ৰসকলক এই শ্ৰমক সহযোগিতা প্ৰদান কৰিছে৷ আৰু আজি আমাৰ হাতেৰে ঠেলা চলোৱা বন্ধুসকলে পুনৰ নিজৰ কাম আৰম্ভ কৰিব পাৰিছে, পুনৰ আত্মনিৰ্ভৰ হৈ আগুৱাব ধৰিছে৷

|

বন্ধুসকল, দেশত ১ জুন তাৰিখে পিএম স্বনিধি যোজনা আৰম্ভ কৰা হৈছিল৷ আৰু ২ জুলাই তাৰিখে অৰ্থাৎ এমাহতেই অনলাইন প’ৰ্টেলত ইয়াৰ বাবে আবেদনো লাভ কৰা আৰম্ভ হৈছে৷

যোজনাসমূহত এই গতি দেশবাসীয়ে প্ৰথমবাৰলৈ প্ৰত্যক্ষ কৰিছে৷ দৰিদ্ৰৰ বাবে কৰা ঘোষণা ইমান শীঘ্ৰে বাস্তৱায়িত হ’ব, এয়া অতীতক পৰিলক্ষিত কৰি কোনেও কল্পনাই কৰিব পৰা নাছিল৷ পদপথৰ ব্যৱসায়ীসকলৰ বাবে গেৰাণ্টী অবিহনে সাহায্যমূলক ঋণৰ বাবে এই ধৰণৰ যোজনা স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ প্ৰণয়ন কৰা হৈছে৷ আজি দেশ আপোনালোকৰ সৈতে আছে, আপোনালোকৰ শ্ৰমক সন্মান কৰিছে৷ আজি দেশবাসীয়ে আত্মনিৰ্ভৰ অভিযানত আপোনালোকৰ যোগদানক স্বীকৃতি দিছে৷

বন্ধুসকল, এই যোজনাসমূহত আৰম্ভণিৰে পৰা  এটা কথাত গুৰুত্ব প্ৰদান কৰা হৈছে যে আমাৰ পদপথৰ ব্যৱসায়ী ভাই-ভনীসকলে যাতে কোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়৷  আৰম্ভণিতে বহু লোক এইবাবেই চিন্তিত হৈছিল কিয়নো তেওঁলোকে ঋণ গ্ৰহণ কৰাৰ বাবে কি কি কাগজ জমা দিব লাগিব, কি গেৰাণ্টী প্ৰদান কৰিব লাগিব সেয়া ভাবিবলগীয়া হৈছিল৷ এইবাবে এয়া সুনিশ্চিত কৰা হৈছে দৰিদ্ৰৰ বাবে প্ৰণয়ন কৰা যোজনাসমূহতো অন্য যোজনাৰ দৰে অধিকতম ৰূপত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হ’ব৷ কোনো কাগজৰ প্ৰয়োজন নাই, কোনো গেৰাণ্টৰ নাই, কোনো দালাল নাই, আৰু কোনো চৰকাৰী বিভাগলৈ দৌৰা-দৌৰিও কৰিব নালাগে৷  আবেদন আপোনালোকে নিজে আপলোড কৰিব পাৰে আৰু যিকোনো সাধাৰণ সেৱা কেন্দ্ৰ, নগৰপালিকাৰ কাৰ্যালয় অথবা বেংকৰ শাখালৈ গৈও আবেদন আপলোড কৰিব পাৰে৷ ইয়াৰ পৰিণামস্বৰূপে আজি যিকোনো পদপথৰ ব্যৱসায়ীয়ে নিজৰ কাম আৰম্ভ কৰাৰ বাবে আনৰ ওচৰলৈ  যোৱাৰ বাবে বাধ্য নহয়৷ বেংকে নিজে আহি ধনৰ যোগান ধৰিছে৷

বন্ধুসকল, উত্তৰ প্ৰদেশৰ অৰ্থ ব্যৱস্থাত পদপথৰ ব্যৱসায়ীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ ইমান বৃহৎ আবাদী, ইমান বৃহৎ ৰাজ্য, কিন্তু পদপথত কাম কৰাৰ বাবে অনেক লোকে নিজৰ চহৰত, নিজৰ গাঁৱত জনসাধাৰণৰ আৱশ্যকতাসমূহো পূৰণ কৰিবলৈ পাৰিছিল আৰু উপাৰ্জনো কৰিব পাৰিছিল৷ সেইবাবে পিএম স্বনিধি যোজনাৰ সুবিধা লাভ কৰাত উত্তৰ প্ৰদেশ এক নম্বৰত আছে৷ চহৰীয়া পদপথৰ ব্যৱসায়ীসকলৰ সবাতোকৈ অধিক আবেদন আজি উত্তৰ প্ৰদেশৰ পৰাই আহিছে৷  

দেশত এই পৰ্যন্ত প্ৰায় ২৫ লাখ স্বনিধি ঋণৰ আবেদন লাভ কৰা হৈছে আৰু  ১২ লাখতকৈও অধিক আবেদনৰ স্বীকৃতি প্ৰদান কৰা হৈছে৷ ইয়াৰে চাৰে ছয় লাখতকৈও অধিক আবেদন কেৱল উত্তৰ প্ৰদেশৰ পৰাই পোৱা হৈছে যাৰ প্ৰায় তিনি লাখ পসত্তৰ হাজাৰৰ আবেদনৰ অনুমোদনো জনোৱা হৈছে৷ মই উত্তৰ প্ৰদেশৰ চৰকাৰক, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ মহোদয়ক আৰু  তেওঁৰ দলটোক বিশেষভাৱে অভিনন্দন জনাবলৈ বিচাৰিছো কিয়নো তেওঁলোকে ইমান তৎপৰতাৰে পদপথৰ লোকসকলৰ বাবে চিন্তা কৰি আছে৷ মোক কোৱা হৈছে যে এতিয়া উত্তৰ প্ৰদেশত স্বনিধি যোজনাৰ ঋণ চুক্তিক ষ্টাম্প ডিউটিৰ পৰাও মুক্ত কৰা হৈছে৷ উত্তৰ প্ৰদেশত ক’ৰোনাৰ এই বিপৰ্যয়ৰ সময়ছোৱাত ছয় লাখ পদপথৰ ব্যৱসায়ীলৈ হাজাৰ টকাৰ আৰ্থিক সুবিধাও প্ৰদান কৰা হৈছে৷ ইয়াৰ বাবেও মই উত্তৰ প্ৰদেশৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো৷

বন্ধুসকল, দুখীয়াৰ নামত ৰাজনীতি কৰা লোকসকলে দেশত এনে এক পৰিৱেশৰ সৃষ্টি কৰিছিল যে দুখীয়াক যদি ঋণ প্ৰদান কৰা হয় তেন্তে তেওঁলোকে টকা ঘূৰাবই নোৱাৰিব৷ নিজে দুৰ্নীতি আৰু কমিছনৰাজত নিমজ্জিত হৈ নিজৰ বেইমানী দুখীয়াৰ মূৰত ভঙাৰ বাবে প্ৰচেষ্টা কৰিছে৷ কিন্তু মই পূৰ্বেও কৈছো, আজি পুনৰবাৰ কৈছো আমাৰ দেশৰ দৰিদ্ৰসকলে নিষ্ঠা আৰু আত্মসন্মানেৰ সৈতে আপোচ নকৰে৷ পিএম স্বনিধি যোজনাৰ জৰিয়তে দৰিদ্ৰসকলে পুনৰবাৰ এক সত্য স্থাপন কৰিছে, দেশৰ সন্মুত নিজৰ নিষ্ঠাৰ উদাহৰণ প্ৰস্তুত কৰিছে৷ আজি দেশত পদপথৰ ব্যৱসায়ীসকলক স্বনিধি যোজনাৰ ঋণ প্ৰদান কৰা হৈছে আৰু অধিকসংখ্যকে ঋণো আদায় দিছে৷ আমাৰ উত্তৰ প্ৰদেশৰ পদপথৰ ব্যৱসায়ীসকলে পৰিশ্ৰম কৰিও উপাৰ্জন কৰে আৰু কিস্তিও পৰিশোধ কৰে৷ এয়া আমাৰ দুখীয়াসকলৰ ইচ্ছাশক্তি, এয়া আমাৰ দুখীয়াসকলৰ শ্ৰমশক্তি, এয়া আমাৰ দুখীয়াসকলৰ নিষ্ঠা৷

বন্ধুসকল, পিএম স্বনিধি যোজনাৰ বিষয়ে আপোনালোকে বেংকৰ পৰা, আন সংস্থাৰ পৰা পূৰ্বেও তথ্য লাভ কৰিছে৷ ইয়াতো আপোনালোকক ইয়াৰ বিষয়ে কোৱা হৈছে৷ ইয়াৰ বিষয়ে অধিকতকৈ অধিক সংখ্যক লোকে জনাটো আৱশ্যক৷ এই যোজনাত আপোনালোকৰ বাবে ঋণ সহজে উপলব্ধ হ’ব আৰু সময়ত পৰিশোধ কৰাৰ জৰিয়তে সুতত ৭ শতাংশৰ ৰেহাইও লাভ কৰিব৷ আৰু  যদি আপোনালোকে ডিজিটেল লেনদেন কৰে তেন্তে এমাহত এশ টকা পৰ্যন্ত কেশ্ববেক হিচাপত পুনৰ আপোনালোকৰ একাউণ্টত জমা হ’ব৷ অৰ্থাৎ এই দুয়োটা কাম কৰাৰ জৰিয়তে এক প্ৰকাৰে আপোনালোকৰ যি ঋণ আছে সেয়া সুতমুক্ত হৈ পৰিব আৰু পৰৱৰ্তী সময়ত ইয়াতকৈও অধিক পৰিমাণৰ ঋণ লাভ কৰিব পাৰিব৷  এই ধন আপোনালোকে নিজৰ কাম বৃদ্ধিত, ব্যৱসায় বৃদ্ধিৰ বাবে সহায়ক হ’ব৷ বন্ধুসকল, আজি বেংকৰ যি দুৱাৰ আপোনালোকৰ বাবে মুকলি কৰা হৈছে, বেংকে যিদৰে আপোনালোকৰ ওচৰলৈ নিজে গুচি আহিছে, এয়া এদিনতেই সম্ভৱ হোৱা নাই৷ ই ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস’ নীতিৰ, বিগত বৰ্ষৰ প্ৰয়াসসমূহৰ পৰিণাম৷ ই সেইসকল লোকৰ বাবেও এক উত্তৰ যিয়ে কৈছিল যে দুখীয়াক বেংকিং প্ৰণালীৰ সৈতে জড়িত কৰাৰ দ্বাৰা একো লাভ নহ’ব৷

বন্ধুসকল, দেশত যেতিয়া দৰিদ্ৰৰ জন ধন একাউণ্ট মুকলি কৰা হৈছিল তেতিয়া বহুলোকে ইয়াৰ বিদ্ৰুপ কৰিছিল৷ কিন্তু আজি সেই জন ধন একাউণ্টেই দেশৰ দৰিদ্ৰসকলৰ কামত আহিছে, দুখীয়াসকলক আগুৱাই লৈ যোৱাৰ কামত আহিছে৷ আজি দৰিদ্ৰসকল বেংকৰ সৈতে জড়িত হৈছে, অৰ্থ ব্যৱস্থাৰ মুখ্য ধাৰাৰ সৈতে জড়িত হৈছে৷

ইমান বৃহৎ বিশ্বজনীন বিপদ, যাৰ আগত বিশ্বৰ ডাঙৰ ডাঙৰ দেশবোৰে মূৰ তল কৰিছে, সেই সংকটৰ সৈতে যুঁজত, জয় লাভ কৰাত আমাৰ দেশৰ সাধাৰণ জনতা বহু আগত আছে৷

আজি আমাৰ মাতৃ-ভগ্নীসকলে গেছত খাদ্য ৰান্ধি আছে৷ লকডাউনৰ সময়তো তেওঁলোকে ধোঁৱাৰ মাজত খাদ্য ৰান্ধিবলগীয়া হোৱা নাছিল৷ দুখীয়াসকলে বাসস্থানৰ বাবে প্ৰধানমন্ত্ৰী আৱাস লাভ কৰিছে, সৌভাগ্য যোজনাৰ বাবে ঘৰত বিদ্যুতৰ সংযোগ লাভ কৰিছে, আয়ুষ্মান যোজনাৰ অধীনত পাঁচ লাখ টকালৈ বিনামূলীয়া চিকিৎসা লাভ কৰিছে৷ আজি বীমা যোজনাৰ কবচ দৰিদ্ৰসকলেও লাভ কৰিছে৷ দৰিদ্ৰসকলৰ সমগ্ৰ বিকাশ, তেওঁলোকৰ জীৱনক লৈ সমগ্ৰ প্ৰয়াসেই হ’ল আজি দেশৰ সংকল্প৷

আজি এই উপলক্ষে যিমানবোৰ পদপথৰ ব্যৱসায়ী, যিমানবোৰ শ্ৰমিক, মজদুৰ, কৃষক জড়িত হৈছে, মই আপোনালোকক আশ্বাস প্ৰদান কৰিছো দেশে আপোনালোকৰ ব্যৱসায়ক, আপোনালোকৰ কামতক আগুৱাই লৈ যোৱাৰ বাবে, আপোনালোকৰ জীৱনক সহজ কৰি তোলাৰ বাবে কোনো আপোচ নকৰে৷

বন্ধুসকল, ক’ৰোনাৰ বাবে যি সমস্যা আপোনালোকে সন্মুখীন হ’বলগীয়া হৈছে, যি সাৱধানতাকে আপোনালোকে সুৰক্ষাৰ নিয়মসমূহ পালন কৰি আছে তাৰ বাবে মই পুনৰবাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো৷ আপোনালোকে এই সজাগতা, এই সাৱধানতাৰ সহায়ত দেশে অতি শীঘ্ৰেই এই মহামাৰীক সম্পূৰ্ণ ধৰণে হৰুৱাব পাৰিব৷ মোৰ বিশ্বাস যে অতি শীঘ্ৰেই আমি সকলোৱে লগ হৈ আত্মনিৰ্ভৰ ভাৰতৰ সপোন পূৰণ কৰিব পাৰিম৷

আৰু হয়, দুই গজৰ দূৰত্ব, মাস্কৰ প্ৰয়োজনীয়তা, এই মন্ত্ৰক আমি উৎসৱৰ বতৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব৷ এই শুভকামনাৰ সৈতে মই পুনৰবাৰ আপোনালোক সকলোকে উৎসৱৰ অশেষ শুভকামনা যাচিছোঁ, অশেষ অভিনন্দন যাচিছোঁ আৰু আপোনালোকৰ জীৱনত অধিক উন্নতি হওক তাৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো৷

অশেষ ধন্যবাদ!

  • T.ravichandra Naidu August 31, 2023

    jay shree ram🙏🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳 वंदे मातरम् वंदे मातरम् 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🙏🙏Jay shree Ram 🚩🚩🚩🚩jay shree ram🙏🙏🙏🙏🙏Jay shree Ram 🚩🚩🚩🚩jay shree ram🙏🙏🙏🙏🙏Jay shree Ram 🚩🚩🚩🚩🚩🚩🚩🚩🚩jay shree ram🙏🙏jay shree ram🙏🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳 वंदे मातरम् वंदे मातरम् 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🙏🙏Jay shree Ram 🚩🚩🚩🚩jay shree ram🙏🙏🙏🙏🙏Jay shree Ram 🚩🚩🚩🚩jay shree ram🙏🙏🙏🙏🙏Jay shree Ram 🚩🚩🚩🚩🚩🚩🚩🚩🚩jay shree ram🙏🙏🙏🙏🙏Har Har Mahadev🙏🙏namo namo namo namo namo namo namo ho Modi ji🙏Har Har Mahadev🙏🙏namo namo namo namo namo namo namo ho Modi jay shree ram🙏🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳 वंदे मातरम् वंदे मातरम् 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🙏🙏Jay shree Ram 🚩🚩🚩🚩jay shree ram🙏🙏🙏🙏🙏Jay shree Ram 🚩🚩🚩🚩jay shree ram🙏🙏🙏🙏🙏Jay shree Ram 🚩🚩🚩🚩🚩🚩🚩🚩🚩jay shree ram🙏🙏jay shree ram🙏🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳 वंदे मातरम् वंदे मातरम् 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🙏🙏Jay shree Ram 🚩🚩🚩🚩jay shree ram🙏🙏🙏🙏🙏Jay shree Ram 🚩🚩🚩🚩jay shree ram🙏🙏🙏🙏🙏Jay shree Ram 🚩🚩🚩🚩🚩🚩🚩🚩🚩jay shree ram🙏🙏🙏🙏🙏Har Har Mahadev🙏🙏namo namo namo namo namo namo namo ho Modi ji🙏Har Har Mahadev🙏🙏namo namo namo namo namo namo namo ho Modi
  • G.shankar Srivastav August 04, 2022

    नमस्ते
  • Jayanta Kumar Bhadra June 25, 2022

    Jay Jay Ram
  • Jayanta Kumar Bhadra June 25, 2022

    Jay Krishna
  • Jayanta Kumar Bhadra June 25, 2022

    Jay Ganesh
  • G.shankar Srivastav June 12, 2022

    G.shankar Srivastav
  • G.shankar Srivastav March 20, 2022

    नमो
  • शिवकुमार गुप्ता March 17, 2022

    जय भारत
  • शिवकुमार गुप्ता March 17, 2022

    जय हिंद
  • शिवकुमार गुप्ता March 17, 2022

    जय श्री सीताराम
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India dispatches second batch of BrahMos missiles to Philippines

Media Coverage

India dispatches second batch of BrahMos missiles to Philippines
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 এপ্ৰিল 2025
April 21, 2025

India Rising: PM Modi's Vision Fuels Global Leadership in Defense, Manufacturing, and Digital Innovation