It takes four words to say ‘Ease of Doing Business’, but rankings improve when the government and entire system works day in and out, by going to the grassroots level: PM
Today, India is among the most business friendly nations worldwide: PM Modi
We are moving towards Faceless Tax Administration to bring Transparency, Efficiency and Accountability in the tax system: PM

ASSOCHAM ৰ অধ্যক্ষ বালকৃষ্ণ গোৱেংকা মহোদয়, সম্পাদক জেলেৰেল দীপক সুড মহোদয়, ASSOCHAMৰ লক্ষাধিক সদস্যগণ, ভাৰতীয় উদ্যোগ জগতৰ মহান ব্যক্তিসকল, ইয়াত উপস্থিত অন্য মহানুভৱসকল, ভদ্ৰমহিলা তথা ভদ্ৰপুৰুষসকল!!!

ASSOCHAMয়ে এক বৃহৎ পৰিক্ৰমা অতিক্ৰম কৰিছে৷ শতবৰ্ষী লোক অথবা কোনো সংস্থা হ’ল অভিজ্ঞতাৰ এক ভাণ্ডাৰস্বৰূপ৷ ASSOCHAMৰ সকলো সদস্যক অশেষ শুভকামনা জনাইছো৷

মোক কোৱা হৈছে যে প্ৰায় এশটা স্থানত এই আয়োজনৰ ভিডিঅ’ কনফাৰেন্স যোগে লাইভ প্ৰদৰ্শিত কৰা হৈছে৷

এই কাৰ্যসূচীত সন্মিলিত সকলো ব্যক্তিক, উদ্যমীক আৰু বিশেষকৈ এমএছএমই খণ্ডৰ সৈতে জড়িত ব্যক্তিক অভিনন্দন জনাইছো৷

বন্ধুসকল,

২০১৯ বৰ্ষ সমাপ্ত হ’বলৈ আৰু কেইটামান দিনহে বাকী৷ ২০২০ৰ নতুন বৰ্ষ আৰু নতুন দশক আপোনালোক সকলোলৈ সুখ, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনক, আপোনালোকে নিজৰ লক্ষ্যত উপনীত হওক, এই কামনাৰ সৈতে মই মোৰ ভাষণ আৰম্ভ কৰিছো৷

বন্ধুসকল,

আপোনালোকে শতবৰ্ষ উদযাপনৰ যি বিষয়বস্তু ধাৰ্য কৰিছে সেয়া দেশৰ, দেশবাসীৰ লক্ষ্য আৰু সপোনৰ সৈতে সংযোজিত৷ আৰু ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থৱ্যস্থাৰ কথা হঠাতে উদ্ভৱ হ’ল, এনে নহয়৷ বিগত পাঁচটা বৰ্ষত দেশে নিজকে এনেভাৱে দৃঢ় কৰি তুলিছে যে এইধৰণৰ লক্ষ্যও এতিয়া সম্ভৱ হৈ উঠিছে৷ আপোনালোকে এয়া ভালদৰেই জানে যে ৫-৬ বছৰ পূৰ্বে আমাৰ অৰ্থব্যৱস্থা কেনেধৰণৰ ধ্বংসৰ দিশে ধাৱমান হৈছিল৷ আমাৰ চৰকাৰে তাক কেৱল প্ৰতিৰোধ কৰাই নহয়, বৰঞ্চ অৰ্থব্যৱস্থাত একধৰণৰ নিয়মানুৱৰ্তিতা অনুপালনৰো প্ৰয়াস কৰিছে৷

ভাৰতৰ অৰ্থব্যৱস্থা নিৰ্ধাৰিত নিয়মেৰে অগ্ৰসৰ হওক, নিৰ্ধাৰিত লক্ষ্যৰ দিশে আগবাঢ়ক, সেই উদ্দেশ্যে আমি প্ৰণালীৰ আধাৰভূত পৰিৱৰ্তন কৰিছো, চতুৰ্মুখী সিদ্ধান্ত গ্ৰহণ কৰিছো, উদ্যোগ জগতৰ দশক পুৰণি দাবী পুৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখিছো৷ আৰু সেইবাবে আজি ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ বাবে এক শক্তিশালী ভেঁটিৰ সৃষ্টি হৈছে৷ আমাৰ ভাৰতৰ অৰ্থব্যৱস্থাক আনুষ্ঠানিকীকৰণ আৰু আধুনিকীকৰণৰ দুটা গুৰুত্বপূৰ্ণ স্তম্ভত থিয় কৰোৱা হৈছে৷ ডিজিটেল লেনদেন বৃদ্ধি কৰিবলৈ বিভিন্ন উপায় যেনে জিএছটি, আধাৰ সংযোজিত লেনদেনৰ পৰা আৰম্ভ কৰি ডিবিটিলৈ আমি অৰ্থব্যৱস্থাৰ অধিকাংশ পৰিকাঠামোক আনুষ্ঠানিক প্ৰণালীলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰিছো৷ ইয়াৰ সৈতে আমি অৰ্থব্যৱস্থাক আধুনিক প্ৰযুক্তিৰ জৰিয়তে আধুনিকীকৰণ তথা দ্ৰুতশীল কৰি তোলাৰ দিশত অগ্ৰসৰ হৈছো৷

এতিয়া অনেক সপ্তাহৰ পৰিৱৰ্তে কিছু ঘণ্টাতেই উদ্যোগৰ পঞ্জীয়ন হোৱা, সীমান্তৰ সিপাৰে বাণিজ্য অট’মেচনৰ জৰিয়তে, আন্তঃগাঁথনিৰ উন্নত সংযোগৰ জৰিয়তে বন্দৰ আৰু বিমানবন্দৰসমূহত টাৰ্ণ এৰাউণ্ড সময় কম হোৱা, এই আটাইবোৰ হ’ল আধুনিক অৰ্থব্যৱস্থাৰ এক উদাহৰণ৷

বন্ধুসকল,

আজি দেশত এনে চৰকাৰ আছে যিয়ে উদ্যোগ জগতৰ কথা শুনে, তেওঁলোকৰ আৱশ্যকতাসমূহ বুজি পায় আৰু তেওঁলোকৰ প্ৰস্তাৱনাসমূহৰ ওপৰত সম্পূৰ্ণ সংবেদনশীলতাৰে কাম কৰে৷ উদ্যোগ জগতে নিবিচাৰিছিল নেকি যে দেশৰ কৰৰ জালসমূহ হ্ৰাস হওক, প্ৰতিখন ৰাজ্যৰ ভিন্ন-ভিন্ন দৰৰ চিন্তাৰ পৰা তেওঁলোক মুক্ত হওক? আমাৰ চৰকাৰে অহৰ্নিশে কাম কৰি আপোনালোকৰ এই দাবী পূৰণ কৰিলে, আমি জিএছটি লৈ আনিলো৷ এয়াই নহয়, ব্যৱসায়িক জগতৰ পৰা আমি প্ৰতিক্ৰিয়া লাভ কৰিলো তাৰ জৰিয়তে এই জিএছটিৰ সংশোধনো কৰিলো৷

বন্ধুসকল,

বৰ্ষজুৰি ভাৰতৰ উদ্যোগ জগতে ব্যৱসায়ক সৰল কৰি তোলাৰ দাবী উত্থাপন কৰি আহিছিল, প্ৰক্ৰিয়াসমূহ স্বচ্ছ আৰু সুগম কৰি তোলাৰ দাবী উত্থাপন কৰি আহিছিল৷ আপোনালোকৰ এই দাবীও আমাৰ চৰকাৰে শুনিলে৷ আজি ভাৰত বিশ্বৰ সেই শীৰ্ষৰ দহখন দেশত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে যিয়ে বিগত তিনিবছৰ ধৰি ইজ অব্ ডুয়িং বিজনেছ সূচাংকত ক্ৰমাগতভাৱে সংশোধন কৰি আহিবলৈ সমৰ্থ হৈছে৷ ১৯০খন দেশৰ সূচাংকত আমি ১৪২নং স্থানৰ পৰা আগুৱাই আহি ৬৩নং স্থানত উপনীত হৈছোহি৷ এয়া সহজ কথা নেকি?

ইজ অব্ ডুয়িং বিজনেছ কওতে যদিও চাৰিটা শব্দৰ প্ৰয়োজন হয় কিন্তু এই সূচাংকৰ পৰিৱৰ্তনৰ বাবে দিনে-ৰাতিয়ে পৰিশ্ৰম কৰা হয়, তৃণমূল পৰ্যায়ত নীতি, নিয়ম পৰিৱৰ্তন কৰা হয়৷ বিদ্যুৎ সংযোগৰ কথাই হওক, নিৰ্মাণ অনুমতিৰ কথাই হওক, আমদানি-ৰপ্তানিৰ ওপৰত ক্লীয়াৰেন্সৰ কথাও হওক, শতাধিক প্ৰক্ৰিয়া সৰলীকৰণ কৰাৰ পিছত, অনেক বাধা সম্পূৰ্ণৰূপে আঁতৰোৱাৰ পিছত এই সূচাংকৰ সংশোধন হৈছে৷ আমি আগলৈও নিৰন্তৰে এই সংশোধনৰ দিশত অগ্ৰসৰ হ’ম৷

বন্ধুসকল,

আপোনালোকে এই কথাও জানে যে উদ্যোগ আইনত এনে বহু ব্যৱস্থাপনা আছিল য’ত সৰু সৰু ভুলৰ বাবে অপৰাধমূলক ব্যৱস্থাপনা গ্ৰহণ কৰা হৈছিল৷ আমাৰ চৰকাৰে এনে বহু ব্যৱস্থাপনা নোহোৱা কৰিছে৷ বহু প্ৰক্ৰিয়াক অপৰাধৰ শ্ৰেণীৰ পৰা বাহিৰ ওলোৱাৰ কাম এতিয়াও অব্যাহত আছে৷ ঠিক সেইদৰে আমাৰ চৰকাৰে ইনভাৰ্টেড ডিউটি নোহোৱা কৰাৰ দিশতো অগ্ৰসৰ হৈছে৷ বিগত বৰ্ষসমূহৰ বাজেটত ইয়াক গুৰুত্ব প্ৰদান কৰা হৈছে৷ ইয়াৰ বাজেটৰ জৰিয়তে নিৰ্মাণত হ’বলগীয়াত ব্যয়ো কম কৰা হৈছে৷

বন্ধুসকল,

এই বছৰত অক্টোবৰৰ পৰা দেশৰ কৰ ব্যৱস্থাৰ সৈতে জড়িত আন এক ঐতিহাসিক আৰম্ভণি হৈছে৷ আমি সেই দিশত পদক্ষেপ গ্ৰহণ কৰিছো য’ত কৰদাতা আৰু আয়কৰ বিভাগৰ মাজত মানৱ হস্তক্ষেপ নাথাকিব৷ কৰ ব্যৱস্থাত স্বচ্ছতা, দক্ষতা আৰু গুণগতমান অনাৰ বাবে আমি ফে’চলেছ কৰ প্ৰশাসনৰ দিশলৈ ধাৱমান হৈছো৷

বন্ধুসকল,

ঔদ্যোগিক কৰ হ্ৰাস কৰি তাৰ প্ৰক্ৰিয়াকৰণ সৰলীকৰণ কৰাক লৈও দেশত বিভিন্ন চিন্তা-চৰ্চা কৰা হৈছিল৷ ইয়াক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কোনে গ্ৰহণ কৰিছিল? আমাৰ চৰকাৰে৷ দেশত আজি যিমানবোৰ ঔদ্যোগিক কৰ আছে তাতকৈ কম কেতিয়াও হোৱা নাই৷ অৰ্থাৎ উদ্যোগ জগতৰ পৰা সকলোতকৈ কম ঔদ্যোগিক কৰ লোৱা যদি কোনোবা চৰকাৰ আছে, সেয়া হ’ল আমাৰ চৰকাৰ৷

বন্ধুসকল,

শ্ৰম সংশোধনৰ কথাও বহু বৰ্ষজুৰি দেশত চলি আছিল৷ কিছুমান লোকে এয়াও ভাবিছিল যে এই ক্ষেত্ৰত একো নকৰাই হ’ল শ্ৰমিক বৰ্গৰ কল্যাণ৷ অৰ্থাৎ তেওঁলোকক নিজৰ অৱস্থাত এৰি দিয়া, যি যেনেকৈ চলি আছে তেনেকৈয়ে আগবাঢ়িব৷ কিন্তু আমাৰ চৰকাৰে এয়া নামানে৷

আমি ভাবো যে যি শ্ৰম শক্তি আছে তেওঁলোকৰো কল্যাণ হ’ব লাগে৷ তেওঁলোকৰ জীৱন সৰল হওক, তেওঁলোকে জীৱন নিধি লাভ কৰক, স্বাস্থ্য সেৱাসমূহৰ লাভ পাওক, এই সকলো ক্ষেত্ৰত চৰকাৰে কাম কৰিছে৷ সেয়ে শ্ৰমিক ইউনিয়নৰ প্ৰস্তাৱনাসমূহৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি, উদ্যোগসমূহৰ প্ৰস্তাৱনাসমূহৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি আমি শ্ৰমিক আইনত এনে পৰিৱৰ্তন সাধিত কৰিছো যি সময়ৰ এক আহ্বান স্বৰূপ৷ কিন্তু বন্ধুসকল, অৰ্থব্যৱস্থাক পাৰদৰ্শী কৰি তুলিবলৈ, ইয়াক শক্তিশালী কৰি তুলিবলৈ, উদ্যোগ জগতৰ কল্যাণৰ বাবে গ্ৰহণ কৰা এনে পদক্ষেপসমূহৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাই কিছুমান লোকে নিজৰ দায়িত্ব বুলি ভাবে৷

যেতিয়া ২০১৪ চনৰ পূৰ্বে অৰ্থব্যৱস্থা মৃতপ্ৰায় অৱস্থাত আছিল তেতিয়া অৰ্থব্যৱস্থাৰ বিশেষজ্ঞসকলে কিয় ৰং চাই আছিল সেয়া দেশে কেতিয়াও পাহৰিব নালাগে৷ আমি উত্তৰাধিকাৰসূত্ৰে কেনে অৰ্থব্যৱস্থা লাভ কৰিছিলো, বাতৰি-কাকতত কেনে ধৰণৰ কথা ওলাইছিল, আন্তৰ্জাতিক পৰ্যায়ৰ দেশৰ কি স্থান আছিল, মই ইমান বিস্তাৰিতভাৱে নকও৷ কিন্তু সেই সময়ত যি পৰিস্থিতি আছিল সেই প্ৰভাৱসমূহ হ্ৰাস কৰিবলৈ যি স্থায়ী উপায় আমি কৰিছো, সেয়াই ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ আধাৰ হিচাপে বিবেচিত হ’ব৷

বন্ধুসকল,

আপোনালোকে এয়া ভালদৰেই জানে যে ২০১৪ চনৰ পূৰ্বে দেশৰ বেংকিং অৱস্থাই কেনে ধৰণৰ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ তেতিয়া অৱস্থা এনে আছিল যে বেংকসমূহৰ লোকচান পূৰণ কৰাৰ বাবে প্ৰায় ৬ লাখ কোটি টকাৰ পুঁজিৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল৷

বন্ধুসকল,

চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাবে এতিয়া ১৩টা বেংকে লাভ অৰ্জন কৰিবলৈ সমৰ্থ হৈছে৷ ৬টা বেংক পিচিএৰ পৰা বাহিৰলৈ ওলাইছে৷ আমি বেংকসমূহৰ একত্ৰীকৰণৰ কামো তীব্ৰ গতিত সম্পন্ন কৰিছো৷ বেংকে এতিয়া সমগ্ৰ দেশতে নিজৰ নেটৱৰ্ক বৃদ্ধি কৰিছে আৰু বিশ্বজনীন পৰ্যায়ত অগ্ৰসৰ হৈছে৷ আমাৰ চৰকাৰে বেংকৰ কামকাজৰ সিদ্ধান্তত হস্তক্ষেপ কৰা বন্ধ কৰিছে৷

চৰকাৰৰ দখল অবিহনে দক্ষতাসম্পন্ন লোকৰ নিযুক্তি হওক, ইয়াৰ বাবে বেংক ব’ৰ্ড ব্যুৰ’ গঠন কৰা হৈছে৷ ইয়াত আৰবিআই আৰু বাহিৰৰ বিশেষজ্ঞ নিযুক্তি দি তেওঁলোকক পূৰ্ণ স্বায়ত্ব প্ৰদান কৰা হৈছে৷ এতিয়া বেংকসমূহত জ্যেষ্ঠ পদসমূহৰ নিযুক্তিত আপোনালোকে বু-বু-বা-বা শুনিবলৈ নাপায়!!!

বন্ধুসকল,

আমাৰ চৰকাৰে ভাবে যে বৰ্ধিত অৰ্থব্যৱস্থাত বহুবাৰ আমি উদ্যোগসমূহৰ অসফলতাক, তেওঁলোকৰ ব্যৰ্থতাকো স্বীকাৰ কৰিবলগীয়া হয়৷ সকলো অসফলতা কোনো আৰ্থিক অপৰাধৰ বাবে হয়, এনে নহয়৷ সেইবাবে উদ্যোগসমূহক, উদ্যোগ চলোৱাসকলে যাতে এক সুন্দৰ প্ৰস্থান পথ লাভ কৰিব পাৰে তাৰবাবে চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে৷IBC-Insolvency and Bankruptcy Codeয়ে আজি বহু উদ্যোগৰ সহায়ক হিচাপে বিবেচিত হৈছে যি ব্যৰ্থতাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এয়া চৰকাৰৰ তৰফৰ পৰা উদ্যোগসমূহলৈ এক প্ৰকাৰৰ ‘সহায়ৰ হাত’ৰ প্ৰয়াস হিচাপে বিবেচিত হৈছে যাতে উদ্যোগসমূহে নিজৰ অভিজ্ঞতাৰ পৰা শিকে আৰু ভৱিষ্যতে ভাল কাম কৰিব পাৰে৷

বন্ধুসকল,

এই যিমানবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেয়াই উদ্যোগ জগতক, তেওঁলোকৰ পুঁজিসমূহৰ সুৰক্ষা প্ৰদানত সহায়ক হ’ব৷ মই আজি ASSOCHAMৰ এই মঞ্চৰ পৰা দেশৰ বেংকিং খণ্ডৰ সৈতে জড়িত লোকসকল, ঔদ্যোগিক জগতৰ লোকসকলক এই বিশ্বাস প্ৰদান কৰিব বিচাৰিছো যে এই যি পুৰণি দুৰ্বলতাসমূহ আছিল সেয়া বহুলাংশে হ্ৰাস কৰিবলৈ আমি সক্ষম হৈছো৷ সেয়ে মুকলিকৈ সিদ্ধান্ত গ্ৰহণ কৰক, মুকলিকৈ বিনিয়োগ কৰক, মুকলিকৈ চৰ্চা কৰক৷ মই আশ্বাস প্ৰদান কৰিছো যে শুদ্ধ নিৰ্ণয় আৰু প্ৰকৃত বাণিজ্যিক সিদ্ধান্তত কোনো অনুচিত ব্যৱস্থাপনা গ্ৰহণ কৰা নহ’ব৷

বন্ধুসকল,

আজি আমি এয়া ক’ব পাৰো যে দেশৰ বেংকিং প্ৰণালীৰ ভেঁটি এতিয়া ইমান পাৰদৰ্শী আৰু শক্তিশালী হৈ পৰিছে যে সি ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্যক শক্তি প্ৰদান কৰিব পাৰে৷ আজিও আমি বিশ্বৰ ১০ সৰ্বশ্ৰেষ্ঠ এফডিআই লক্ষ্যস্থানৰ ভিতৰত আছো৷ বিগত কিছু বৰ্ষৰ পৰা ভাৰতলৈ এফডিআইৰ স্ৰোত বৃদ্ধি হৈছে৷ মই ভাবো যে এফডিআইৰ দুটা অৰ্থ আছে৷ অৱকাশৰ হিচাপত মই সেই দুয়োটাকে ব্যৱহাৰ কৰো৷ এটা অৰ্থ হ’ল বিদেশী প্ৰত্যক্ষ বিনিয়োগ যাক আপোনালোকৰ অধিকাংশই জানে৷ আৰু দ্বিতীয়টো মোৰ বাবে হ’ল ‘প্ৰথমে বিকশিত ভাৰত’৷ বিগত ২০টা বৰ্ষত যিমান এফডিআই দেশলৈ আহিছে তাৰে প্ৰায় ৫০ শতাংশ যোৱা ৫ বছৰত আহিছে৷ আমি যোৱা বছৰত নিজৰ বিশ্বজনীন প্ৰতিদ্বন্ধীতামূলক সূচাংকতো ব্যাপক সংশোধন ঘটাবলৈ সক্ষম হৈছো৷ আজি বিশ্বৰ সবাতোকৈ বৃহৎ ষ্টাৰ্ট-আপ পৰিবেশতন্ত্ৰ আমাৰ দেশত আছে৷ দেশত উদ্ভাৱন আৰু উদ্যমিতাৰ এক নতুন বাতাৱৰণৰ সৃষ্টি হৈছে৷ আজি বিশ্বৰ অধিকাংশ বিনিয়োগকাৰীয়ে ভাৰতলৈ সম্পূৰ্ণ বিশ্বাস আৰু আশাৰ সৈতে প্ৰত্যক্ষ কৰি আছে৷ ভাৰতৰ ক্ষমতাক লৈ দেশত অভুতপূৰ্ব বিশ্বাসৰ সৃষ্টি হৈছে৷

বন্ধুসকল,

এই ধনাত্মকতাৰ সৈতে আমি ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দিশলৈ আগবাঢ়িছো৷ অনাগত বৰ্ষসমূহত আন্তঃগাঁথনিত ১০০ লাখ কোটি টকাৰ বিনিয়োগে ইয়াৰ সৱলীকৰণ কৰিব৷ প্ৰতিখন ঘৰলৈ পানী যোগানৰ বাবে চাৰে তিনি লাখ কোটিৰ বিনিয়োগেও ইয়াৰ সৱলীকৰণত সহায় কৰিব৷

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ২ কোটি নতুন ঘৰৰ নিৰ্মাণ অথবা প্ৰতিজন দেশবাসীলৈ ব্যয়সাধ্য স্বাস্থ্যসেৱা প্ৰদানৰ যি সংকল্প, কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ প্ৰয়াস অথবা দেশৰ লক্ষাধিক এমএছএমই, কোটি কোটি আত্ম সহায়ক গোটৰ বাবে সহজ পুঁজি, এনে অনেক ধৰণৰ প্ৰয়াসে ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি প্ৰাপ্ত কৰাত নতুন উদ্দীপনা, নতুন বিশ্বাস প্ৰদান কৰিব৷

বন্ধুসকল,

ভাৰতীয় অৰ্থনীতিক প্ৰায় দুগুণ কৰি তোলাৰ আমাৰ এই প্ৰয়াস কেৱল দিল্লীতেই সীমাৱদ্ধ নহয়, ইয়াৰ বাবে আমি ৰাজ্যসমূহকো উদগনি প্ৰদান কৰিছো৷ নিৰ্মাণ আৰু ৰপ্তানিৰ প্ৰসাৰণৰ বাবে, মেক ইন ইণ্ডিয়াৰ প্ৰসাৰণৰ বাবে অনেক পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ প্ৰযুক্তি আৰু প্ৰতিৰক্ষা ক্ষেত্ৰসমূহত নিৰ্মাণ আমাৰ প্ৰাথমিক অগ্ৰাধিকাৰৰ বিষয় হৈ পৰিছে৷ বৈদ্যুতিক নিৰ্মাণক লৈ আমি দ্ৰুত গতিত ধাৱমান হৈছো৷

বন্ধুসকল,

এই সকলো অৰ্থ ব্যৱস্থাক লৈ আজি যি আলোচনা হৈছে, মই সেই সম্পৰ্কে ভালদৰেই পৰিচিত৷ কিন্তু সেই চৰ্চাসমূহৰ মাজত আমি এয়াও মনত ৰখা উচিত যে পূৰ্বৰ চৰকাৰৰ সময়ত এটা ত্ৰিমাসিকত জিডিপিৰ বিকাশ দৰ ৩.৫ শতাংশ হৈছিলগৈ৷ স্মৰণ কৰক, সেই সময়ত CPI headline inflation কিমান দূৰ পাইছিলগৈ? ৯.৪ শতাংশ৷ CPI core inflation কিমান হৈছিলগৈ? ৭.৩ শতাংশ!!! WPI inflation কিমান দূৰ পাইছিলগৈ? ৫.২ শতাংশ৷ বিত্তীয় হ্ৰাস কিমান হৈছিল? জিডিপিৰ ৫.৬ শতাংশ৷ সেই সময়ত জিডিপিৰ অনেক ত্ৰিমাসিক এনে আছিল যি অৰ্থ ব্যৱস্থাৰ বাবে অতিশয় নিৰাশাজনক আছিল৷ মই এই বিবাদলৈ নাযাও যে সেই সময়ত কিছুমান লোক নিশ্চুপ হৈ আছিল৷

বন্ধুসকল,

সংকল্পৰ পৰা সিদ্ধি, এই ধনাত্মক আৰু পাৰদৰ্শী পৰিবেশত আপোনালোকৰ বাবে অৱকাশৰ সৃষ্টি হৈছে৷

আপোনালোকৰ উৎসাহ পূৰ্বতকৈ সন্তোষজনক হওক, কৃষিৰ পৰা আৰম্ভ কৰি উদ্যোগসমূহৰ উৎপাদন পূৰ্বতকৈ উন্নত হওক আৰু আপোনালোকৰ দ্বাৰা সম্পত্তিৰ সৃষ্টি আৰু চাকৰিৰ সৃষ্টিও পূৰ্বতকৈ উন্নত হওক, ইয়াৰ বাবে চৰকাৰে সকলোধৰণে ভাৰতৰ উদ্যোগ জগতৰ সৈতে থিয় দিব৷ মই এই মঞ্চৰ জৰিয়তে দেশৰ উদ্যমীসকলক ক’ব বিচাৰিছো যে আপোনালোক আগবাঢ়ক, আপোনালোক সমৰ্থ, সক্ষম৷ সমগ্ৰ বিশ্বৰ বজাৰ আমাৰ সন্মুখত আছে৷ সমগ্ৰ বিশ্বকে প্ৰত্যাহ্বান জনাব পৰা শক্তি আমাৰ আছে৷ আপোনালোকৰ সংকল্প, আপোনালোকৰ সামৰ্থই ৫ ত্ৰিলিয়ন ডলাৰৰ ভাৰতৰ সপোনক বাস্তৱায়িত কৰাত বৃহৎ ভূমিকা পালন কৰিব৷

আপোনালোকৰ সমৃদ্ধ পৰম্পৰাই একবিংশ শতিকাৰ নতুন ভাৰতক বিস্তাৰিত কৰিব, শক্তিশালী কৰিব৷ আপোনালোক সকলোৱে নিজৰ প্ৰয়াসত সফল হওক, এই কামনাৰ সৈতে মই মোৰ বক্তব্য সামৰিছো৷

পুনৰবাৰ আপোনালোক সকলোলৈ অশেষ অভিনন্দন আৰু শুভকামনা থাকিল৷

ধন্যবাদ!!!

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
When PM Modi Fulfilled A Special Request From 101-Year-Old IFS Officer’s Kin In Kuwait

Media Coverage

When PM Modi Fulfilled A Special Request From 101-Year-Old IFS Officer’s Kin In Kuwait
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Under Rozgar Mela, PM to distribute more than 71,000 appointment letters to newly appointed recruits
December 22, 2024

Prime Minister Shri Narendra Modi will distribute more than 71,000 appointment letters to newly appointed recruits on 23rd December at around 10:30 AM through video conferencing. He will also address the gathering on the occasion.

Rozgar Mela is a step towards fulfilment of the commitment of the Prime Minister to accord highest priority to employment generation. It will provide meaningful opportunities to the youth for their participation in nation building and self empowerment.

Rozgar Mela will be held at 45 locations across the country. The recruitments are taking place for various Ministries and Departments of the Central Government. The new recruits, selected from across the country will be joining various Ministries/Departments including Ministry of Home Affairs, Department of Posts, Department of Higher Education, Ministry of Health and Family Welfare, Department of Financial Services, among others.