Quote"মই ১২ বছৰ পূৰ্বে ৰোপণ কৰা বীজ আজি এক বিশাল বট গছ হৈ পৰিছে"
Quote"ভাৰত স্তব্ধ হ'ব নোৱাৰে বা ই ভাগৰুৱা হ'বও নোৱাৰে"
Quote"ভাৰতৰ যুৱপ্ৰজন্মই নিজেই নতুন ভাৰতৰ প্ৰতিটো অভিযানৰ দায়িত্ব লৈছে"
Quote"সফলতাৰ বাবে কেৱল এটাই মন্ত্ৰ আছে - 'দীৰ্ঘম্যাদী পৰিকল্পনা, আৰু নিৰন্তৰ প্ৰতিশ্ৰুতি'
Quote"আমি দেশৰ প্ৰতিভাক স্বীকৃতি দিয়া আৰু তেওঁলোকক সকলো প্ৰয়োজনীয় সমৰ্থন দিয়া আৰম্ভ কৰিছো"

 

নমস্কাৰ!

ভাৰত মাতা কী জয়!

গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত  জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল জী, সংসদত মোৰ সতীৰ্থ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশ অধ্যক্ষ চি আৰ পাটিল জী, গুজৰাট চৰকাৰৰ খেল ৰাজ্য মন্ত্ৰী শ্ৰী হৰ্ষ সাংঘৱী জী, সংসদত মোৰ সহযোগী শ্ৰী হংসমুখ ভাই পেটেল জী, শ্ৰী নৰহৰি আমীন, আহমেদাবাদৰ মেয়ৰ ভাই শ্ৰী কীৰিট কুমাৰ পৰমাৰ জী, মহানুভৱসকলৰ লগতে গুজৰাটৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ যুৱ বন্ধু-বান্ধৱীসকল!

মোৰ সন্মুখত এয়া যৌৱন-উচ্ছল এখন সাগৰ, এয়া উদ্দীপনা, উত্সাহৰ এক লহৰে এটা কথাই প্ৰতীয়মান কৰিছে যে গুজৰাটৰ আপোনালোক ন-জোৱানসকলে আজি আকাশ স্পৰ্শ কৰাৰ বাবে সাজু হৈছে। এয়া কেৱল খেলৰে মহাকুম্ভ নহয়, বৰং এয়া গুজৰাটৰ যুৱ-শক্তিৰো মহাকুম্ভ! মই আপোনালোক সকলো যুৱক-যুৱতীকে ‘একাদশ খেল মহাকুম্ভ’ উপলক্ষে শুভকামনা জ্ঞাপন কৰিছো। মই গুজৰাট চৰকাৰ; বিশেষকৈ যশস্বী মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেলক এই বিশাল আয়োজনৰ বাবে বহুত বহুত ধন্যবাদ দিব বিচাৰিছো। ক’ৰোনাৰ বাবে বিগত দুটাকৈ বছৰে ‘খেল মহাকুম্ভ’ অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল। পিচে, ভূপেন্দ্ৰ ভায়ে যি ভব্যতাৰে এই আয়োজনৰ শুভাৰম্ভ কৰিছে, ইয়ে যুৱ-খেলুৱৈসকলৰ মন উত্সাহ-উদ্দীপনাৰে ভৰাই তুলিছে।

বন্ধুসকল,

মোৰ মনত আছে, ১২ বছৰৰ আগতে ২০১০ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে সেই কাৰ্যকালত খেল মহাকুম্ভৰ আৰম্ভণী কৰা হৈছিল আৰু আজি মই ক’ব পাৰো যে যিটো মহান সপোনৰ বীজ মই ৰুইছিলো, আজি সিয়েই বটবৃক্ষ হৈ উঠা দেখিবলৈ পাইছো। সেই অকণমানি বীজটোৰ পৰাই আজি ইমান বিশাল এজোপা বটবৃক্ষই সাকাৰ ৰূপ পৰিগ্ৰহ কৰা দেখিবলৈ পাইছো। ২০১০ চনৰ প্ৰথমখন ‘খেল মহাকুম্ভ’ গুজৰাটে ১৬বিধ খেলত অংশগ্ৰহণ কৰা ১৩ লাখ খেলুৱৈৰ উপস্থিতিৰে অনুষ্ঠিত কৰিছিল। মোক ভূপেন্দ্ৰ ভায়ে জনাইছে যে ২০১৯ত অনুষ্ঠিত হোৱা ‘খেল মহাকুম্ভ’ত অংশগ্ৰহণকাৰী খেলুৱৈৰ সংখ্যা ১৩ লাখৰ পৰা ৪০ লাখলৈ বৃদ্ধি পাইছিল। ৩৬ বিধ সাধৰণ আৰু ২৬ বিধ ‘পেৰা-খেল প্ৰতিযোগিতা’ত ৪০ লাখ খেলুৱৈ! ‘কবড্ডী’, ‘খো-খো’ আৰু ‘ৰচী টনা খেল’ৰ পৰা ‘যোগাসন’ আৰু ‘মলখম’ পৰ্যন্ত! ‘স্কেটিং’ আৰু ‘টেনিছ’ৰ পৰা ‘ফেন্সিং’ পৰ্যন্ত প্ৰতিবিধ খেলত আমাৰ যুৱক-যুৱতীসকলে আজি অদ্ভুত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু এতিয়া এই পৰিসংখ্যা ৪০ লাখৰ পৰা ৫৫ লাখ পাইছেগৈ। ‘শক্তিদূত’ৰ দৰে কাৰ্যক্ৰমৰ জৰিয়তে ‘খেল মহাকুম্ভ’ৰ খেলুৱৈসকলক সহযোগিতা আগবঢ়োৱাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিছে। আৰু এই যি নিৰন্তৰ বিৰামহীন প্ৰয়াস কৰি থকা হৈছে, খেলুৱৈসকলে যি সাধনা কৰিছে আৰু যেতিয়া খেলুৱৈসকলে প্ৰগতি লাভ কৰে তাৰ নেপথ্যত এক দীঘলীয়া তপস্যা থাকে। যি সংকল্প গুজৰাটৰ ৰাইজে মিলি গ্ৰহণ কৰিছিল, সেই সংকল্পই আজি পৃথিৱী জুৰি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

|

নৱ-প্ৰজন্মৰ মোৰ বন্ধুসকল,

গুজৰাটৰ এই শক্তিক লৈ আপোনালোকে গৰ্ব কৰেনে? গুজৰাটৰ খেলুৱৈয়ে পৰাক্ৰম দেখুওৱা দেখি আপোনালোকে গৰ্ব কৰেনে? ‘খেল মহাকুম্ভ’ৰ পৰা ওলাবলগীয়া যুৱক-যুৱতীসকল ‘অলিম্পিক’, ‘কমনৱেল্থ’ আৰু ‘এছীয়ান গেম্ছ’-কে ধৰি বিশ্বৰ খেল প্ৰতিযোগিতাসমূহত আজি দেশৰ লগতে গুজৰাটৰ যুৱ-খেলুৱৈসকলে তেওঁলোকৰ পাৰ্গতালি প্ৰদৰ্শিত কৰি আহিছে। এনে প্ৰতিভাসমূহেই এই মহাকুম্ভৰ পৰা, আপোনালোকৰ মাজৰ পৰাই ওলাই আহিব। যুৱক-যুৱতীসকলেই খেলুৱৈ তৈয়াৰ কৰে। খেল-পথাৰত উজলি উঠে আৰু সমগ্ৰ হিন্দুস্তানৰ পতাকাখনকে পৃথিৱীত উৰায়।

বন্ধুসকল,

এটা সময় আছিল যেতিয়া খেলৰ জগতখনত ভাৰতৰ নাম কেৱল এটা বা দুটা খেলৰ ভৰসাতে টিকি আছিল। ইয়াৰ পৰিণাম এয়েই হৈছিল যে যিবিধ খেল দেশৰ গৌৰৱ আৰু পৰিচয়ৰে জড়িত হৈ আছিল, সেইবিধ খেলকে পাহৰাই পেলেৱা হৈছিল। এনেবোৰ কাৰণতে যি সময়ত খেলৰে জড়িত সংসাধন বঢ়োৱা, ক্ৰীড়া আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলগীয়া আছিল, এই ক্ষেত্ৰত যিমান গুৰুত্ব আৰোপ কৰিবলগীয়া আছিল, সেয়া এক প্ৰকাৰে স্থবিৰ হৈ পৰিছিল। ইমানেই নহয়, ৰাজনীতিৰ ক্ষেত্ৰত যেনেকৈ ‘ভাই-ভতিজাবাদ’ৰ প্ৰৱেশ ঘটিছিল, খেলৰ পৃথিৱীখনতো খেলুৱৈসকলৰ নিৰ্বাচনৰ বেলিকা পাৰদৰ্শিতাৰ অভাৱো এটা বহুত ডাঙৰ ‘ফেক্টৰ’ হৈছিল। খেলিৱৈসসকলৰ সম্পূৰ্ণ প্ৰতিভা সমস্যাৰে যুঁজোতেই ওৰ পৰিছিল। সেই চাকনৈয়াৰ পৰা পৰিত্ৰাণ পাই ভাৰতৰ যুৱ-প্ৰজন্মই আজি আকাশ চুব পাৰিছে। ‘গ’ল্ড’ আৰু ‘ছিলভাৰ মেডেল’ৰ চমকে আজি দেশৰ আত্মবিশ্বাসকো চমকিত কৰিছে আৰু অসম্ভৱক সম্ভৱ কৰাৰ উপলব্ধিও প্ৰদান কৰিছে। পৃথিৱীৰ আটাইতকৈ যুৱ-দেশখন ক্ৰীড়াৰ ক্ষেত্ৰতো এক শক্তি হিচাপে মূৰ দাঙি উঠিছে। ‘টকিঅ’ অলিম্পিক’ আৰু ‘পেৰা-অলিম্পিক’তো আমাৰ খেলুৱৈসকলে এই পৰিৱৰ্তনকে প্ৰতীয়মান কৰিছে। ‘টকিঅ’ অলিম্পিক’ত ভাৰতে  প্ৰথমবাৰৰ বাবে ৭টা পদক জয় কৰিছে। এই একেই অভিলেখেই ভাৰতৰ ল’ৰা-ছোৱালীহঁতে ‘টকিঅ’ পেৰা-অলিম্পিক’তো ৰচনা কৰিছে। ভাৰতে এই বিশ্ব-প্ৰতিযোগিতাখনত ১৯টা পদক অৰ্জন কৰিছে। হিন্দুস্তানে এতিয়া ৰৈ যাবও নোখোজে, ভাগৰি পৰিবও নোখোজে। দেশৰ যুৱ-শক্তিৰ ওপৰত মোৰ  সম্পূৰ্ণ ভৰসা আছে, দেশৰ যুৱ-খেলুৱৈসকলৰ তপস্যাৰ ওপৰত মোৰ সম্পূৰ্ণ ভৰসা আছে; মোৰ দেশৰ যুৱ- খেলুৱৈসকলৰ সপোন, সংকল্প আৰু সমৰ্পণৰ ওপৰত ভৰসা আছে। আৰু সেয়ে আজি মই লাখ লাখ যুৱক-যুৱতীৰ সন্মুখত সাহসেৰে ক’ব পাৰো যে ভাৰতৰ যুৱক-যুৱতীসকলে ইয়াক বহু দূৰলৈ লৈ যাব। এনে এটা দিন আহিব যিদিনা বহুবোৰ খেলত সোণৰ পদক একেলগে জিকা দেশসমূহৰ তালিকাত ভাৰতেও ত্ৰিৰংগা উৰুৱাবলৈ সক্ষম হ’ব।

বন্ধুসকল,

এইবাৰ ইঁউক্ৰেণৰ পৰা যিসকল ন-জোৱান উভতি আহিছে, যুদ্ধভূমিৰ পৰা আহিছে। বোমা-বাৰুদৰ মাজৰ পৰা আহিছে। কিন্তু আহি তেওঁলোকে কি কৈছে? তেওঁলোকে কৈছে ‘আজিৰ তাৰিখত ত্ৰিৰংগা পতাকাৰ মান-মৰ্যাদা কিমান সেই কথা আমি ইউক্ৰেণত উপলব্ধি কৰিব পাৰিছো’। কিন্তু বন্ধুসকল, মই আৰু এটা দৃশ্যৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰাব খুজিছো। যেতিয়া আমাৰ খেলুৱৈসকলে পদক অৰ্জন কৰি ‘প’ডিয়াম’ত থিয় হয়গৈ আৰু যেতিয়া ভাৰতৰ পতাকা উত্তোলিত হোৱা দেখিবলৈ পোৱা যায়, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ধ্বনিত হয়, আপোনালোকেও চাগৈ টেলিভিশ্বনৰ পৰ্দাত নিশ্চয় দেখিবলৈ পাইছে এই দৃশ্য, সেই মুহূৰ্তত আমাৰ খেলুৱৈসকলৰ চকুত আনন্দৰ, গৌৰৱৰ চকুলো নিগৰি বয়। এয়াই হৈছে দেশভক্তি!

|

বন্ধুসকল,

ভাৰতৰ দৰে এখন যুৱ-দেশক দিক-দৰ্শন কৰোৱাৰ ক্ষেত্ৰত আপোনালোক সকলো যুৱক-যুৱতীৰে বহুত ডাঙৰ ভূমিকা থাকে। আগন্তুক সময়াক যুৱ-প্ৰজন্মই গঢ় দিব পাৰে, আৰু তেওঁলোকেই গঢ়িব পাৰে, যিসকলে ইয়াৰ বাবে সংকল্প গ্ৰহণ কৰে, আৰু সংকল্পৰ লগতে সমৰ্পণৰ মনোভাৱেৰে নিজকে জড়িত কৰি পেলায়। আজি এই ‘খেল মহাকুম্ভ’ত গুজৰাটৰ বিভিন্ন অঞ্চলৰ পৰা, গাঁৱৰ পৰা, চহৰ কিম্বা জনপদৰ পৰা আপোনালোক লাখ লাখ যুৱক-যুৱতী ইয়াত আহি সমবেত হৈছেহি! আপোনালোকে আপোনালোকৰ সপোনবোৰক বাস্তৱ কৰাৰ বাবে দিন্-নিশাই পৰিশ্ৰম কৰি আহিছে। মই আপোনালোকৰ সপোনবোৰৰ মাজত আপোনালোকৰ অঞ্চলবোৰৰ ভৱিষ্যতক দেখিবলৈ পাইছো, আপোনালোকৰ জিলাবোৰৰ ভিৱিষ্যত দেখিবলৈ পাইছো। মই আপোনালোকৰ সপোনবোৰৰ মাজত সম্পূৰ্ণ গুজৰাট আৰু দেশৰ ভৱিষ্যত প্ৰত্যক্ষ কৰিছো। আৰু সেয়ে, আজি ‘ষ্টাৰ্টআপ ইণ্ডিয়া’ৰ পৰা ‘ষ্টেণ্ডআপ ইণ্ডিয়া’ পৰ্যন্ত, ‘মে’ক ইন ইণ্ডিয়া’ৰ পৰা ‘আত্মনিৰ্ভৰ ভাৰত’ তথা ‘ভোকেল ফৰ লোকেল’ পৰ্যন্ত, নতুন ভাৰতৰ প্ৰতিটো অভিযানৰ দায়িত্ব ভাৰতৰ যুৱক-যুৱতীসকলে নিজে আগবাঢ়ি আহি কান্ধ পাতি লৈছেহি। আমাৰ যুৱ-প্ৰজন্মই ভাৰতৰ সামৰ্থ্যক সাব্যস্ত কৰি দেখুৱাইছে।

|

মোৰ ন-জোৱান বন্ধুসকল,

আজি ‘ছফ্টৱে’ৰ’ৰ পৰা ‘স্পে’চ পাৱাৰ’ পৰ্যন্ত, ‘প্ৰতিৰক্ষা’ৰ পৰা ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ পৰ্যন্ত, প্ৰতিটো ক্ষেত্ৰতে ভাৰতে প্ৰতিপত্তি দেখুৱাবলৈ সক্ষম হৈছে। ভাৰতৰ এই শক্তিক ‘স্প’ৰ্টছ স্পিৰিটে’ বহু গুণে বৃদ্ধ কৰিব পাৰে। এয়াই আপোনালোকৰ সাফল্যৰো মন্ত্ৰ। আৰু সেয়ে মই সদায়ে কওঁ ‘যিজনে খেলে, তেঁৱেই ফুলে’! আপোনালোক সকলো যুৱক-যুৱতীলৈ মোৰ পৰামৰ্শ- ‘সাফল্যৰ বাবে কেতিয়াও ক’তো চমু বাট নিবিচাৰিব! আপোনালোকে ৰে’লৱে’ প্লেটফৰ্মত নিশ্চয় দেখিছে, কিছুমান লোকে দলঙৰ ওপৰেদি যোৱাৰ পৰিৱৰ্তে ৰে’লপথ পাৰ হৈ যায়, তাকে দেখি ৰে’লবিভাগৰ তৰফৰ পৰা লিখিবলগীয়া হয় ‘ছৰ্টকাট উইল কাট ইউ ছৰ্ট’! ‘ছৰ্টকাট’ৰ বাট তেনেই ক্ষন্তেকীয়া হয়।

বন্ধুসকল,

সাফল্যৰ কেৱল এটাই মন্ত্ৰ- ‘লং টাৰ্ম প্লানিং’, আৰু ‘কণ্টিনিউয়াছ কমিটমেণ্ট’। কোনো এবাৰৰ জয় কেতিয়াও আমাৰ অন্তিম বিজয়  হ’ব নোৱাৰে, নতুবা পৰাজয়ো! আমাৰ সকলোৰে বাবে আমাৰ বেদে কৈছে- “চৰৈৱতি চৰৈৱতি”। আজি দেশেও অনেক প্ৰত্যাহ্বানৰ মাজত, নোৰোৱাকৈ, নাভাগৰাকৈ আৰু নতশিৰ নকৰাকৈ আগবাঢ়ি গৈ আছে। আমি সকলো মিলি কঠোৰ পৰিশ্ৰম কৰি অবিৰাম আগবাঢ়ি যাব লাগিব।

বন্ধুসকল,

খেলা-ধূলাত আমি জিকাৰ বাবে ‘৩৬০ ডিগ্ৰী প্ৰদৰ্শন’ দাঙি ধৰাৰ প্ৰয়োজন হয়, আৰু পূৰা টীমটোৱেই সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিব লাগে। ইয়াত ভাল ভাল ক্ৰীড়াবিদসকল উপস্থিত আছে। আপোনালোকে কওকচোন বাৰু ক্ৰিকেটত কোনোবাটো টীমে বেটিং ভালকৈ কৰে, কিন্তু বলিং তেনেই বেয়াকৈ কৰিলে, সেইটো টীমে বাৰু বিজয় সাব্যস্ত কৰিব পাৰিবনে? অথবা টীমটোৰ এজন খেলুৱৈয়ে খুবেই ভালকৈ খেলে, কিন্তু আন কেইগৰাকী সদস্যই যদি বেয়া খেলহে প্ৰদৰ্শন কৰে তেন্তে সেইটো দলেটোৱেও বাৰু জিকিব পাৰিবনে? জিকাৰ বাবে সম্পূৰ্ণ দলটোৱেই বেটিং, বলিং আৰু ফিল্ডিং সকলো দিশতে ভাল কৰিব লাগিব।

ভাই-ভনীসকল,

ভাৰতৰ খেলক সাফল্যৰ শিখৰলৈ লৈ যাবলৈ হ’লেও দেশেও আজি এনেদৰেই ‘৩৬০ ডিগ্ৰী টীম ৱৰ্ক’ কৰাৰ প্ৰয়োজন আছে। সেয়ে, দেশে এক ‘হ’লিষ্টিক এপ্ৰোচ’ৰে কাম কৰি আছে। ‘খেলো ইণ্ডিয়া’ কাৰ্যক্ৰম এই ধৰণৰ এক ডাঙৰ উদাহৰণ। আগতে আমাৰ যুৱ-প্ৰতিভাসমূহ ছাপত পতিত হৈছিল, তেওঁলোকে সুযোগ পোৱা নাছিল। আমি দেশৰ প্ৰতিভাসমূহক বিচাৰি উলিয়াই, তেওঁলোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়ালৈ ধৰিছিলো। প্ৰতিভা থকাৰ পিচতো আমাৰ যুৱক-যুৱতীসকলে প্ৰশিক্ষণৰ অভাৱত পিচ পৰি ৰ’বলগীয়া হৈছিল। কিন্তু আজি উন্নতৰ পৰা উন্নততৰ প্ৰশিক্ষণৰ সুবিধা খেলুৱৈসকললৈ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। দেশে এই কথা সুনিশ্চিত কৰিবলৈ লৈছে, খেলুৱৈসকলে যাতে সমলৰ ক্ষেত্ৰত কোনো ধণৰ অভাৱ অনুভৱ কৰিবলগীয়া নহয়। বিগত ৭-৮ বছৰে ক্ৰীড়া বাজেটৰ পৰিমাণ প্ৰায় ৭০ শতাংশ বৃদ্ধি পাইছে। খেলুৱৈসকলৰ ভৱিষ্যতক লৈয়ো এটা ডাঙৰ চিন্তা থাকে। আপোনালোকে কল্পনা কৰিবচোন, খেলুৱৈসকলে যদি নিজৰ ভৱিষ্যতক লৈ  আশ্বস্ত হ’ব নোৱাৰে, তেওঁলোকে বাৰু খেলৰ নামত এশ শতাংশ উত্সৰ্গিত হ’ব পাৰিবনে? এই বাবেই আমি খেলুৱৈসকলে পাবলগীয়া ‘এনকাৰেজমেণ্ট এণ্ড এৱাৰ্ড’সমূহৰ ক্ষেত্ৰত ৬০শতাংশৰো অধিক বৃদ্ধি কৰিছো। বেলেগ বেলেগ আঁচনিৰ জৰিয়তে সেইসকল প্ৰশিক্ষককো পুৰস্কাৰ প্ৰদান কৰাৰ দিহা কৰা হৈছে, যিসকলে পদক অৰ্জন কৰা খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰিছিল। ইয়াৰ সুবাদতে  আজি গ্ৰামীণ এলেকাৰ পৰা, পিচপৰা শ্ৰেণীসমূহৰ পৰা, আদিবাসী সমাজৰ পৰাও সেইসকল প্ৰতিভাধৰ দেশৰ বাবে আগবাঢ়ি আহিছে, যাক লৈ দেশে গৌৰৱ কৰিব পাৰে।

বন্ধুসকল,

আমাৰ দেশৰ খেলুৱৈসকলে আৰু এটা বিচিত্ৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। আগতে আপুনি যদি কাৰোবাক কৈছিল যে মই এগৰাকী খেলুৱৈ, তেন্তে শুনোতাসকলে প্ৰায়েই সোধে- বোলে, “ঠিক আছে, তুমি বাৰু খেলুৱৈ, হওতে সকলো শিশুৱেইতো খেলা-ধূলা কৰে, পিচে, আচলতে তুমিনো কৰা কি”? অৰ্থাত্, আমাৰ দেশত খেলক সহজে স্বীকৃতি প্ৰদানেই কৰা নহৈছিল।

বন্ধুসকল,

আচৰিত নহ’ব। এই সমস্যা কেৱল আপোনাৰ সন্মুখলৈকে কেৱল অহা নাছিল। আমাৰ দেশৰ ডাঙৰ ডাঙৰ খেলুৱৈয়েও এই সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

মোৰ ন-জোৱান বন্ধুসকল,

আমাৰ খেলুৱৈসকলে প্ৰদৰ্শন কৰা সাফল্যই এতিয়ালৈ সমাজৰ এই চিন্তা-ধাৰাক সলনি কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া মানুহে এই কথা বুজিবলৈ ধৰিছে ক্ৰীড়াক্ষেত্ৰত কেৰিয়াৰ অৰ্থ ‘ৱৰ্ল্ড নাম্বাৰ ১’ হোৱাটোৱেইযে হ’ব লাগিব, এনে নহয়। ক্ৰীড়াৰে জড়িত যিকোনো সম্ভাৱনাৰে যুৱক-যুৱতীসকলে নিজৰ কেৰিয়াৰ গঢ়িব পাৰে। কোনোবা প্ৰশিক্ষক হ’ব পাৰে, কোনোবাই ‘স্প’ৰ্টছ ছফ্টৱে’ৰ’ত অসাধাৰণ কৃতিত্ব আৰ্জিব পাৰে। ‘স্প’ৰ্টছ মনেজমেণ্ট’ও ক্ৰীড়াৰে জড়িত এখন বৃহত্ ক্ষেত্ৰ। বহুসংখ্যক যুৱক-যুৱতীয়ে ক্ৰীড়াবিষয়ক লেখা-মেলাৰে সুন্দৰ কেৰিয়াৰ গঢ়ি আছে। এনেদৰেই খেলাৰ লগতে প্ৰশিক্ষক, ফিজিঅ’থেৰাপিষ্ট, ‘ডায়েটিচিয়ান’ৰ দৰে বিভিন্ন সুযোগৰ সৃষ্টি হয়। এইবোৰ ক্ষেত্ৰক যুৱক-যুৱতীসকলে নিজৰ কেৰিয়াৰৰ ৰূপত যাতে চাবগৈ পাৰে, তেওঁলোকযাতে আগবাঢ়ি যাব পাৰে, সেই লক্ষ্যৰেই দেশত ‘প্ৰফেশ্যনেল ইনষ্টিটিউট’ নিৰ্মাণ কৰি থকা হৈছে। উদাহৰণ স্বৰূপে, ২০১৮ চনত আমি মণিপুৰত দেশৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰিছিলো। ক্ৰীড়াক্ষেত্ৰৰ উচ্চ শিক্ষাৰ বাবে উত্তৰ প্ৰদেশতো ‘মেজৰ ধ্যানচাঁদ ক্ৰীড়া বিশ্ববিদ্যালয়’ স্থাপন কৰা হৈছে। ‘আইআইএম-ৰোহটক’ত ‘স্প’ৰ্ট মনেজমেণ্ট’ৰ ‘পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা’ পাঠ্যক্ৰমৰ আৰম্ভ কৰা হৈছে। আমাৰ গুজৰাটতো স্থাপন কৰা ‘স্বৰ্ণিম গুজৰাট ক্ৰীড়া বিশ্ববিদ্যালয়’ও ইয়াৰ এক ডাঙৰ উদাহৰণ। ‘স্বৰ্ণিম গুজৰাট ক্ৰীড়া বিশ্ববিদ্যালয়ে’ ইয়াত ক্ৰীড়া প্ৰেক্ষাপট গঢ়ি তোলাত বহুত ডাঙৰ ভূমিকা পালন কৰিছে। মোক কোৱা হৈছে যে গুজৰাট চৰকাৰে ক্ৰীড়া প্ৰেক্ষাপট আৰু আন্তঃগাঁথনিক আৰু অধিক ব্যাপক কৰি তোলাৰ বাবে তালুকা আৰু জিলা স্তৰত ক্ৰীড়া চৌহদো নিৰ্মাণ কৰি আছে। এইবোৰ সকলো  প্ৰয়াসে ক্ৰীড়াবিশ্বত গুজৰাট আৰু ভাৰতৰ পেছাদাৰী উপস্থিতিক আৰু অধিক শক্তিশালী কৰি তুলিব। মোৰ আৰু এটা পৰামৰ্শ হৈছে- গুজৰাটৰ বিশাল উপকূলীয় সংসাধন, আমাৰ হাতত দীঘলীয়া সামুদ্ৰিক উপকূল আছে, ইমান দীঘল সমুদ্ৰৰ পাৰক এতিয়া আমি খেলৰ বাবে, ক্ৰীড়াৰ বাবে আমাৰ এই উপকূলীয় এলেকাকো খেলৰ দিশত আগবাঢ়াই অনা উচিত। আমাৰ ইয়াত ইমানবোৰ সুন্দৰ ‘বীচ্চেছ’ আছে। ‘খেল মহাকুম্ভ’ত ‘বীচ্চ স্প’ৰ্টছ’-ৰ সম্ভাৱনা সন্দৰ্ভতো চিন্তা কৰাৰ প্ৰয়োজন আছে।

বন্ধুসকল,

আপোনালোকে যেতিয়ালৈকে খেলিব, ‘ফিট’ হৈ থাকিব, তেতিয়াহে দেশৰ সামৰ্থ্যৰে জড়িত হৈ থাকিব। তেতিয়াহে দেশৰ সামৰ্থ্যৰে আপোনালোকো ‘ভেল্যু এডিশ্যন’ কৰা একোগৰাকী মহাৰথী হৈ উঠিব। আৰু তেতিয়াই আপনালোকে ৰাষ্ট্ৰ নিৰ্মাণত আপোনালোকৰ অৱদান আগবঢ়াব। মোৰ সম্পূৰ্ণ ভৰসা আছে এই ‘খেল মহাকুম্ভ’ত আপোনালোক সকলো তাৰকাই নিজ নিজ ক্ষেত্ৰত নিশ্চিত ভাবেই উজলি উঠিব পাৰিব, নতুন ভাৰতৰ সপোনক সাকাৰ কৰিব পাৰিব। মই যুৱক-যুৱতীসকলৰ পৰিয়ালবৰ্গৰ প্ৰতিও আহ্বান জনাব খুজিছো। সময় বহুত সলনি হৈছে। যদি আপোনালোকৰ সন্তানৰ, ল’ৰাই হওক কিম্বা ছোৱালীয়েই হওক, যদি তেওঁলোকৰ খেলৰ প্ৰতি আগ্ৰহ থাকে, আপোনালোকে সেয়া বিচাৰি উলিয়াওক আৰু তেওঁলোকক উত্সাহিত কৰক। তেওঁলোকক আগবাঢ়ি যোৱাৰ বাবে উত্সাহ যোগাওক। আপোনালোকে তেওঁলোকক কেৱল কিতাপৰ পিনে ওভতাই নিয়াৰ প্ৰয়াস নকৰিব। সেইদৰেই মই প্ৰথম দিনাৰে পৰা, ‘মহাকুম্ভ’ৰ আৰম্ভণিৰ দিনটোৰ পৰাই কৈ আহিছো যে গাঁওসমূহত যেতিয়া ‘মহাকুম্ভ’ৰ কাৰ্যক্ৰম চলোৱা হয়, তেতিয়া সমগ্ৰ গাঁওখনৰে উপস্থিতি সেই কাৰ্যক্ৰমত নিশ্চিত কৰা উচিত। দৰ্শকৰ হাততালি বাজিলেও খেলুৱৈসকলৰ মনত এক নতুন উত্সাহ-উদ্দীপনাই মনোবল বৃদ্ধি কৰি তোলে। গুজৰাটৰ প্ৰতিগৰাকী নাগৰিকেই ‘খেল মহাকুম্ভ’ৰ কোনোবা নহয় কোনোবা কাৰ্যক্ৰমত সোঁশৰীৰে উপস্থিত থকা উচিত। আপোনালোকে চাবচোন, গুজৰাটেও এদিন খেলৰ জগতখনত নিজৰ কৃৰ্তিমান প্ৰতিস্থা কৰিবলৈ সক্ষম হ’ব। হিন্দুস্তানৰ খেলুৱৈসকলৰ মাজত গুজৰাটৰ খেলুৱৈয়েও শাৰী পূৰাবগৈ পাৰিব। এই আশাৰেই মই আকৌ এবাৰ ভূপেন্দ্ৰ ভাই আৰু তেওঁৰ গোটেই টীমটোক ধন্যবাদ জনাইছো। যুৱক-যুৱতীসকলক শুভকামনা জনাইছো। মোৰ সৈতে একেলগে কওক- ‘ভাৰত মাতা কী জয়’!

‘ভাৰত মাতা কী জয়’!

‘ভাৰত মাতা কী জয়’!

বহুত বহুত ধন্যবাদ!

  • Surya Prasad Dash March 09, 2025

    Jay Jagannath 🙏
  • krishangopal sharma Bjp March 03, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷
  • krishangopal sharma Bjp March 03, 2025

    मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹मोदी 🌹🙏🌹🙏🌷🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🙏🌷🙏🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹🌷🌹
  • JBL SRIVASTAVA July 04, 2024

    नमो नमो
  • MLA Devyani Pharande February 17, 2024

    जय श्रीराम
  • Vaishali Tangsale February 15, 2024

    🙏🏻🙏🏻👏🏻
  • Vaishali Tangsale February 15, 2024

    🙏🏻🙏🏻
  • Shidray s shivapur May 22, 2023

    jai modiji🙏🙏
  • Keka Chatterjee March 01, 2023

    jai hind.Bharot Mata ki jai.🙏🙏🙏🙏🙏🙏
  • Laxman singh Rana July 30, 2022

    namo namo 🇮🇳🙏🚩
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Explained: How PM Narendra Modi's Khelo India Games programme serve as launchpad of Indian sporting future

Media Coverage

Explained: How PM Narendra Modi's Khelo India Games programme serve as launchpad of Indian sporting future
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The government is focusing on modernizing the sports infrastructure in the country: PM Modi at Khelo India Youth Games
May 04, 2025
QuoteBest wishes to the athletes participating in the Khelo India Youth Games being held in Bihar, May this platform bring out your best: PM
QuoteToday India is making efforts to bring Olympics in our country in the year 2036: PM
QuoteThe government is focusing on modernizing the sports infrastructure in the country: PM
QuoteThe sports budget has been increased more than three times in the last decade, this year the sports budget is about Rs 4,000 crores: PM
QuoteWe have made sports a part of mainstream education in the new National Education Policy with the aim of producing good sportspersons & sports professionals in the country: PM

बिहार के मुख्यमंत्री श्रीमान नीतीश कुमार जी, केंद्रीय मंत्रिमंडल के मेरे सहयोगी मनसुख भाई, बहन रक्षा खड़से, श्रीमान राम नाथ ठाकुर जी, बिहार के डिप्टी सीएम सम्राट चौधरी जी, विजय कुमार सिन्हा जी, उपस्थित अन्य महानुभाव, सभी खिलाड़ी, कोच, अन्य स्टाफ और मेरे प्यारे युवा साथियों!

देश के कोना-कोना से आइल,, एक से बढ़ के एक, एक से नीमन एक, रउआ खिलाड़ी लोगन के हम अभिनंदन करत बानी।

साथियों,

खेलो इंडिया यूथ गेम्स के दौरान बिहार के कई शहरों में प्रतियोगिताएं होंगी। पटना से राजगीर, गया से भागलपुर और बेगूसराय तक, आने वाले कुछ दिनों में छह हज़ार से अधिक युवा एथलीट, छह हजार से ज्यादा सपनों औऱ संकल्पों के साथ बिहार की इस पवित्र धरती पर परचम लहराएंगे। मैं सभी खिलाड़ियों को अपनी शुभकामनाएं देता हूं। भारत में स्पोर्ट्स अब एक कल्चर के रूप में अपनी पहचान बना रहा है। और जितना ज्यादा भारत में स्पोर्टिंग कल्चर बढ़ेगा, उतना ही भारत की सॉफ्ट पावर भी बढ़ेगी। खेलो इंडिया यूथ गेम्स इस दिशा में, देश के युवाओं के लिए एक बहुत बड़ा प्लेटफॉर्म बना है।

साथियों,

किसी भी खिलाड़ी को अपना प्रदर्शन बेहतर करने के लिए, खुद को लगातार कसौटी पर कसने के लिए, ज्यादा से ज्यादा मैच खेलना, ज्यादा से ज्यादा प्रतियोगिताओं में हिस्सा, ये बहुत जरूरी होता है। NDA सरकार ने अपनी नीतियों में हमेशा इसे सर्वोच्च प्राथमिकता दी है। आज खेलो इंडिया, यूनिवर्सिटी गेम्स होते हैं, खेलो इंडिया यूथ गेम्स होते हैं, खेलो इंडिया विंटर गेम्स होते हैं, खेलो इंडिया पैरा गेम्स होते हैं, यानी साल भर, अलग-अलग लेवल पर, पूरे देश के स्तर पर, राष्ट्रीय स्तर पर लगातार स्पर्धाएं होती रहती हैं। इससे हमारे खिलाड़ियों का आत्मविश्वास बढ़ता है, उनका टैलेंट निखरकर सामने आता है। मैं आपको क्रिकेट की दुनिया से एक उदाहरण देता हूं। अभी हमने IPL में बिहार के ही बेटे वैभव सूर्यवंशी का शानदार प्रदर्शन देखा। इतनी कम आयु में वैभव ने इतना जबरदस्त रिकॉर्ड बना दिया। वैभव के इस अच्छे खेल के पीछे उनकी मेहनत तो है ही, उनके टैलेंट को सामने लाने में, अलग-अलग लेवल पर ज्यादा से ज्यादा मैचों ने भी बड़ी भूमिका निभाई। यानी, जो जितना खेलेगा, वो उतना खिलेगा। खेलो इंडिया यूथ गेम्स के दौरान आप सभी एथलीट्स को नेशनल लेवल के खेल की बारीकियों को समझने का मौका मिलेगा, आप बहुत कुछ सीख सकेंगे।

साथियों,

ओलंपिक्स कभी भारत में आयोजित हों, ये हर भारतीय का सपना रहा है। आज भारत प्रयास कर रहा है, कि साल 2036 में ओलंपिक्स हमारे देश में हों। अंतरराष्ट्रीय स्तर पर खेलों में भारत का दबदबा बढ़ाने के लिए, स्पोर्टिंग टैलेंट की स्कूल लेवल पर ही पहचान करने के लिए, सरकार स्कूल के स्तर पर एथलीट्स को खोजकर उन्हें ट्रेन कर रही है। खेलो इंडिया से लेकर TOPS स्कीम तक, एक पूरा इकोसिस्टम, इसके लिए विकसित किया गया है। आज बिहार सहित, पूरे देश के हजारों एथलीट्स इसका लाभ उठा रहे हैं। सरकार का फोकस इस बात पर भी है कि हमारे खिलाड़ियों को ज्यादा से ज्यादा नए स्पोर्ट्स खेलने का मौका मिले। इसलिए ही खेलो इंडिया यूथ गेम्स में गतका, कलारीपयट्टू, खो-खो, मल्लखंभ और यहां तक की योगासन को शामिल किया गया है। हाल के दिनों में हमारे खिलाड़ियों ने कई नए खेलों में बहुत ही अच्छा प्रदर्शन करके दिखाया है। वुशु, सेपाक-टकरा, पन्चक-सीलाट, लॉन बॉल्स, रोलर स्केटिंग जैसे खेलों में भी अब भारतीय खिलाड़ी आगे आ रहे हैं। साल 2022 के कॉमनवेल्थ गेम्स में महिला टीम ने लॉन बॉल्स में मेडल जीतकर तो सबका ध्यान आकर्षित किया था।

साथियों,

सरकार का जोर, भारत में स्पोर्ट्स इंफ्रास्ट्रक्चर को आधुनिक बनाने पर भी है। बीते दशक में खेल के बजट में तीन गुणा से अधिक की वृद्धि की गई है। इस वर्ष स्पोर्ट्स का बजट करीब 4 हज़ार करोड़ रुपए है। इस बजट का बहुत बड़ा हिस्सा स्पोर्ट्स इंफ्रास्ट्रक्चर पर खर्च हो रहा है। आज देश में एक हज़ार से अधिक खेलो इंडिया सेंटर्स चल रहे हैं। इनमें तीन दर्जन से अधिक हमारे बिहार में ही हैं। बिहार को तो, NDA के डबल इंजन का भी फायदा हो रहा है। यहां बिहार सरकार, अनेक योजनाओं को अपने स्तर पर विस्तार दे रही है। राजगीर में खेलो इंडिया State centre of excellence की स्थापना की गई है। बिहार खेल विश्वविद्यालय, राज्य खेल अकादमी जैसे संस्थान भी बिहार को मिले हैं। पटना-गया हाईवे पर स्पोर्टस सिटी का निर्माण हो रहा है। बिहार के गांवों में खेल सुविधाओं का निर्माण किया गया है। अब खेलो इंडिया यूथ गेम्स- नेशनल स्पोर्ट्स मैप पर बिहार की उपस्थिति को और मज़बूत करने में मदद करेंगे। 

|

साथियों,

स्पोर्ट्स की दुनिया और स्पोर्ट्स से जुड़ी इकॉनॉमी सिर्फ फील्ड तक सीमित नहीं है। आज ये नौजवानों को रोजगार और स्वरोजगार को भी नए अवसर दे रहा है। इसमें फिजियोथेरेपी है, डेटा एनालिटिक्स है, स्पोर्ट्स टेक्नॉलॉजी, ब्रॉडकास्टिंग, ई-स्पोर्ट्स, मैनेजमेंट, ऐसे कई सब-सेक्टर्स हैं। और खासकर तो हमारे युवा, कोच, फिटनेस ट्रेनर, रिक्रूटमेंट एजेंट, इवेंट मैनेजर, स्पोर्ट्स लॉयर, स्पोर्ट्स मीडिया एक्सपर्ट की राह भी जरूर चुन सकते हैं। यानी एक स्टेडियम अब सिर्फ मैच का मैदान नहीं, हज़ारों रोज़गार का स्रोत बन गया है। नौजवानों के लिए स्पोर्ट्स एंटरप्रेन्योरशिप के क्षेत्र में भी अनेक संभावनाएं बन रही हैं। आज देश में जो नेशनल स्पोर्ट्स यूनिवर्सिटी बन रही हैं, या फिर नई नेशनल एजुकेशन पॉलिसी बनी है, जिसमें हमने स्पोर्ट्स को मेनस्ट्रीम पढ़ाई का हिस्सा बनाया है, इसका मकसद भी देश में अच्छे खिलाड़ियों के साथ-साथ बेहतरीन स्पोर्ट्स प्रोफेशनल्स बनाने का है। 

मेरे युवा साथियों, 

हम जानते हैं, जीवन के हर क्षेत्र में स्पोर्ट्समैन शिप का बहुत बड़ा महत्व होता है। स्पोर्ट्स के मैदान में हम टीम भावना सीखते हैं, एक दूसरे के साथ मिलकर आगे बढ़ना सीखते हैं। आपको खेल के मैदान पर अपना बेस्ट देना है और एक भारत श्रेष्ठ भारत के ब्रांड ऐंबेसेडर के रूप में भी अपनी भूमिका मजबूत करनी है। मुझे विश्वास है, आप बिहार से बहुत सी अच्छी यादें लेकर लौटेंगे। जो एथलीट्स बिहार के बाहर से आए हैं, वो लिट्टी चोखा का स्वाद भी जरूर लेकर जाएं। बिहार का मखाना भी आपको बहुत पसंद आएगा।

साथियों, 

खेलो इंडिया यूथ गेम्स से- खेल भावना और देशभक्ति की भावना, दोनों बुलंद हो, इसी भावना के साथ मैं सातवें खेलो इंडिया यूथ गेम्स के शुभारंभ की घोषणा करता हूं।