QuoteInnovation, integrity and inclusion have emerged as key mantras in the field of management: PM
QuoteFocus is now on collaborative, innovative and transformative management, says PM
QuoteTechnology management is as important as human management: PM Modi

জয় জগন্নাথ,

জয় মা ছামালেশ্বৰী !

ওড়িশাৰ ভাই-ভনীসকললৈ অভিনন্দন।

নতুন বৰ্ছৰটো সকলোৰে বাবে সমৃদ্ধিশালী হওক।

ওড়িশাৰ ৰাজ্যপাল সন্মানীয় প্ৰফেচাৰ গণেশ লাল জী, মুখ্যমন্ত্ৰী আৰু মোৰ বন্ধু শ্ৰী নৱীন পাটনাইক মহোদয়, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ ড০ ৰমেশ পোখৰিয়াল নিশাংক জী, ওড়িশাৰ ৰত্ন ভাই ধৰ্মেন্দ্ৰ প্ৰধান জী আৰু শ্ৰী প্ৰতাপ চন্দ্ৰ সাৰাংগী জী, ওড়িশা চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল, আইআইম ছম্বলপুৰৰ অধ্যক্ষ শ্ৰীমতী অৰুন্ধতী ভট্টাচাৰ্য, সঞ্চালক প্ৰফেচাৰ মহাদেও জয়ছোৱাল জী, ফেকাল্টী ষ্টাফ আৰু মোৰ সকলো যুৱ সতীৰ্থসকল।

আজি আইআইএম কেম্পাছৰ আধাৰশিলা স্থাপনৰ লগে লগে ওড়িশাৰ যুৱ প্ৰজন্মৰ বাবে এক শক্তিশালী ভেটিও স্থাপন হ’ল। আইআইএম ছম্বলপুৰৰ স্থায়ী চৌহদে ওড়িশাক ইয়াৰ চহকী ঐতিহ্য আৰু কলা-সংস্কৃতিৰ সমান্তৰালকৈ মেনেজমেণ্টৰ বিশ্বত এক নতুন পৰিচয় দিব। নতুন বছৰৰ আৰম্ভণিতে এই আধাৰশিলা স্থাপনে আমাৰ আনন্দ দুগুণে বৃদ্ধি কৰিছে।

বন্ধুসকল,

বিগত কেইটামান দশকত দেশে এক ট্ৰেণ্ড দেখিবলৈ পাইছে। বৃহৎসংখ্যক বহুজাতিক কোম্পানীয়ে ইয়ালৈ আহে আৰু এই ভূমিৰ পৰা ব্যৱসায় সম্প্ৰসাৰণ কৰে। এই দশক আৰু এই শতিকাত ভাৰতে বিশ্বক নিজৰ প্ৰচুৰ সম্ভাৱনীয়তা প্ৰদৰ্শন কৰিছে। আজিৰ ষ্টাৰ্ট-আপ কাইলৈৰ বহুজাতিক কোম্পানী। এই ষ্টাৰ্ট-আপসমূহৰ প্ৰভাৱ সাধাৰণতে এনেকুৱা চহৰত দেখিবলৈ পোৱা যায়, যাক আমি টায়াৰ-২ অথবা টায়াৰ-৩ চহৰ বুলি কও। ভাৰতীয় যুৱ প্ৰজন্মৰদ্বাৰা গঠিত এই ষ্টাৰ্ট-আপ আৰু নতুন কোম্পানীসমূহক আগুৱাই নিবলৈ শ্ৰেষ্ঠ মেনেজাৰৰ প্ৰয়োজন আছে।

 

|

বন্ধুসকল,

মই ক’ৰবাত পঢ়িছিলো যে ভাৰতে যোৱা বছৰৰ তুলনাত এই বছৰ ক’ভিডৰ সংকটৰ পাছতো অধিক ইউনিকৰ্নছ উৎপাদন কৰিছে। আজি, কৃষিৰ পৰা মহাকাশ খণ্ডলৈ প্ৰতিটো খণ্ডত নজীৰবিহীন সংস্কাৰৰ বাবে ষ্টাৰ্ট-আপৰ সুযোগ দিনক দিনে বৃদ্ধি পাইছে। আমি এই নতুন সম্ভাৱনাসমূহৰ বাবে নিজকে সাজু কৰিব লাগিব। ভাৰতৰ আশা আৰু আকাংক্ষাৰ সৈতে আপুনি নিজৰ কেৰিয়াৰৰ দিশ নিৰ্ণয় কৰিব লাগিব। ব্ৰেণ্ড ইণ্ডিয়াক এক নতুন গোলকীয় পৰিচয় দিয়াৰ দায়িত্ব আমাৰ যুৱ প্ৰজন্মই গ্ৰহণ কৰা উচিত।

বন্ধুসকল,

আইআইএম ছম্বলপুৰৰ মিছন মন্ত্ৰ হ’ল নতুন উদ্ভাৱন, সম্পূৰ্ণতা আৰু সমগ্ৰতা। এই মন্ত্ৰৰে আপোনালোকে দেশৰ সন্মুখত নিজৰ মেনেজমেণ্ট দক্ষতা প্ৰদৰ্শন কৰিব লাগিব। যি স্থানত আইআইএমৰ স্থায়ী চৌহদ স্থাপন কৰা হৈছে তাত ইতিমধ্যে এখন চিকিৎসা বিশ্ববিদ্যালয়, এখন অভিযান্ত্ৰিক মহাবিদ্যালয়, তিনিখন অন্যান্য বিশ্ববিদ্যালয় আৰু চিআৰপিএফ তথা আৰক্ষীৰ বাবে সৈনিক স্কুল আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে। প্ৰাকৃতিক দিশৰ পৰা এই স্থান অত্যন্ত মনোমোহা। ওড়িশাৰ গৌৱৰ হিৰাকুণ্ড বান্ধ আমাৰ পৰা অধিক দূৰত নহয়। এই বান্ধৰ ওচৰত আছে দেব্ৰিগড় অভয়াৰণ্য। একেদৰে, ছম্বলপুৰী বস্ত্ৰশিল্পও দেশ-বিদেশত প্ৰখ্যাত। বান্ধা-আইকাট ফেব্ৰিক আৰু ইয়াৰ অনন্য পেটাৰ্ণ, ডিজাইন আৰু বয়নপ্ৰণালী অত্যন্ত সুকীয়া। একেদৰে, এই অঞ্চলত যথেষ্ট পৰিমাণে হস্তশিল্পৰ কাম হয়। ছম্বলপুৰৰ স্থানীয় সামগ্ৰীসমূহৰ প্ৰসাৰৰ দায়িত্ব ল’ব লাগিব আইআইএমৰ শিক্ষাৰ্থীসকলে।

বন্ধুসকল,

আপোনালোকে ভালকৈ জানে যে ছম্বলপুৰ আৰু ইয়াৰ সংলগ্ন অঞ্চলসমূহ খনিজ আৰু খনন শক্তিৰ বাবেও বিশেষভাৱে পৰিচিত। দেশৰ এই প্ৰাকৃতিক সম্পদসমূহৰ সঠিক ব্যৱস্থাপনা নিশ্চিত কৰিবলৈ আপোনালোকে নতুন ধাৰণাৰ ওপৰত কাম কৰিব লাগিব,যাতে এই সম্পদসমূহে সমগ্ৰ অঞ্চলটোৰ বিকাশ সাধন কৰিব পাৰে।

বন্ধুসকল,

মই আপোনালোকক মাত্ৰ কেইটামান উদাহৰণ দিছো। ওড়িশাত কি নাই-বন্য সম্পদ, খনিজ সম্পদ, ৰংগাবাটী সংগীত, জনজাতীয় কলা-সংস্কৃতি, হস্তশিল্প আদিৰে ভৰি আছে।

|

বন্ধুসকল,

আইআইএমৰ সকলো যুৱ সতীৰ্থই স্থানীয় সামগ্ৰীসমূহক গোলকীয় স্তৰলৈ নিয়াৰ সমাধান উলিয়াব লাগিব। মই আত্মবিশ্বাসী যে আমাৰ আইআইএম প্ৰতিষ্ঠানসমূহে দেশ আত্মনিৰ্ভৰ মিছনৰ দিশত স্থানীয় আৰু গোলকীয় সমন্বয়ৰ সেতু গঢ়িব। বিশ্বৰ প্ৰতিটো চুকে-কোণে বিয়পি থকা আপোনালোকৰ প্ৰাক্তন সতীৰ্থসকলৰ নেটৱৰ্কে এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিব পাৰে। ২০১৪ চনলৈ আমাৰ দেশত ১৩খন আইআইএম আছে। এতিয়া দেশত ২০খন আইআইএম আছে। এই বৃহৎ পৰিমাণৰ প্ৰতিভাৰ ভাণ্ডাৰে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ সফলতাত উল্লেখনীয় অৱদান আগবঢ়াব পাৰে।

 

বন্ধুসকল,

কৰ্ম পদ্ধতিৰ পৰিৱৰ্তনৰ সৈতে মেনেজমেণ্ট দক্ষতাৰ চাহিদাও সলনি হৈছে। এতিয়া টপ ডাউন অথবা টপ হেভী মেনেজমেণ্টৰ পৰিৱৰ্তে সহযোগিতামূলক, উদ্ভাৱনমূলক আৰু পৰিৱৰ্তনকামী মেনেজমেণ্টৰ সময় আহি পৰিছে। ফলত অধিক মানৱ ব্যৱস্থাপনাৰ সমান্তৰালকৈ অধিক প্ৰযুক্তিগত ব্যৱস্থাপনাও প্ৰয়োজনীয় হৈ পৰিছে।

ক’ৰোনা সংক্ৰমণৰ সময়ছোৱাত প্ৰযু্ক্তিৰ উদ্যম আৰু টীমৱৰ্কৰে দেশে কিদৰে কাম কৰিছে, ১৩০ কোটি দেশবাসীক সুৰক্ষিত কৰিবলৈ কিদৰে দায়িত্ব পালন কৰা হৈছিল, কিধৰণে পদক্ষেপ লোৱা হৈছিল-এই সকলো দিশত গৱেষণাৰ প্ৰয়োজন আছে আৰু তথ্য-পাতি প্ৰস্তুত কৰা উচিত। কিদৰে ১৩০কোটি জনতাৰ এখন দেশে সময় সময়ে নতুন নতুন পদক্ষেপ হাতত লৈছিল ? কিদৰে ভাৰতে অতি কম সময়ৰ ভিতৰত ক্ষমতা আৰু সক্ষমতাক বিস্তাৰিত কৰিছিল? এই সকলোবোৰতে আছিল মেনেজমেণ্টৰ মহান শিক্ষা। ক’ভিডৰ সময়ছোৱাত পিপিই কিটছ, মাস্ক আৰু ভেণ্টিলেটৰ্ছৰ স্থায়ী সমাধান পোৱা গ’ল।

বন্ধুসকল,

আমি এহাতে সমস্যা এটাক গ্ৰহণ কৰিছো আৰু অন্যহাতে আন এটা সমস্যাৰ স্থায়ী সমাধান কৰিছো। প্ৰত্যাহ্বানটো হ’ল নতুন বিতৰক সন্দৰ্ভত। আমি ১০,০০০ নতুন গেছ বিতৰকক নিযুক্তি দিছো। আমি সমগ্ৰ দেশত নতুন বটলিং প্লেণ্টছ সংস্থাপন কৰিছো। আমি ইয়াৰ শুধৰণি ঘটাইছো। পাইপ-লাইন কেপাচিটী আছিল প্ৰত্যাহ্বান। আমি এই ক্ষেত্ৰত কোটি কোটি টকা ব্যয় কৰিছো আৰু আজিও কাম কৰি আছো। দৰিদ্ৰ উপভোক্তাক বাছনি কৰাৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ স্বচ্ছতাৰ কাম কৰিছো, বিশেষকৈ উজ্জ্বলা যোজনা মুকলিৰ ক্ষেত্ৰত।

|

বন্ধুসকল,

দেশত আজি ২৮কোটিৰো অধিক গেছ সংযোগ আছে। ২০১৪ৰ পূৰ্বে ১৪কোটি গেছ সংযোগহে আছিল। বিষয়টো চিন্তা কৰক, ৬০ বছৰত ১৪কোটি গেছ সংযোগ। ইয়াৰ বিপৰীতে, যোৱা ৬বছৰত আমি দেশত ১৪কোটিৰো অধিক গেছ সংযোগ আগবঢ়াইছো। এতিয়া, মানুহে ৰন্ধন গেছৰ বাবে শাৰী পতা বা বাহিৰলৈ ওলাই যোৱাৰ প্ৰয়োজন নাই। ওড়িশাত উজ্জ্বলা যোজনাৰ অধীনত প্ৰায় ৫০লাখ দৰিদ্ৰ পৰিয়ালে গেছ সংযোগ লাভ কৰিছে।

বন্ধুসকল,

মই আশা কৰিছো যে আপোনালোকৰ আৰু আইআইএম ছম্বলপুৰৰ প্ৰচেষ্টাই আত্মনিৰ্ভৰশীল ভাৰতৰ অভিযানক সফল কৰি তুলিব। এই শুভ কামনাৰে বহুত বহুত ধন্যবাদ। নমস্কাৰ।

  • शिवकुमार गुप्ता February 26, 2022

    जय भारत
  • शिवकुमार गुप्ता February 26, 2022

    जय हिंद
  • शिवकुमार गुप्ता February 26, 2022

    जय श्री राम
  • शिवकुमार गुप्ता February 26, 2022

    जय श्री सीताराम
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Beyond Freebies: Modi’s economic reforms is empowering the middle class and MSMEs

Media Coverage

Beyond Freebies: Modi’s economic reforms is empowering the middle class and MSMEs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles demise of Pasala Krishna Bharathi
March 23, 2025

The Prime Minister, Shri Narendra Modi has expressed deep sorrow over the passing of Pasala Krishna Bharathi, a devoted Gandhian who dedicated her life to nation-building through Mahatma Gandhi’s ideals.

In a heartfelt message on X, the Prime Minister stated;

“Pained by the passing away of Pasala Krishna Bharathi Ji. She was devoted to Gandhian values and dedicated her life towards nation-building through Bapu’s ideals. She wonderfully carried forward the legacy of her parents, who were active during our freedom struggle. I recall meeting her during the programme held in Bhimavaram. Condolences to her family and admirers. Om Shanti: PM @narendramodi”

“పసల కృష్ణ భారతి గారి మరణం ఎంతో బాధించింది . గాంధీజీ ఆదర్శాలకు తన జీవితాన్ని అంకితం చేసిన ఆమె బాపూజీ విలువలతో దేశాభివృద్ధికి కృషి చేశారు . మన దేశ స్వాతంత్ర్య పోరాటంలో పాల్గొన్న తన తల్లితండ్రుల వారసత్వాన్ని ఆమె ఎంతో గొప్పగా కొనసాగించారు . భీమవరం లో జరిగిన కార్యక్రమంలో ఆమెను కలవడం నాకు గుర్తుంది .ఆమె కుటుంబానికీ , అభిమానులకూ నా సంతాపం . ఓం శాంతి : ప్రధాన మంత్రి @narendramodi”