গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, গৃহমন্ত্ৰী শ্ৰী অমৃত শ্বাহ, মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ বিমল পেটেল জী, বিষয়া, শিক্ষক, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল, অভিভাৱকসকল, অন্য বিশিষ্ট ব্যক্তি, ভদ্ৰ পুৰুষ-মহিলাসকল,
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়লৈ অহাটো মোৰ বাবে এক বিশেষ সৌভাগ্য৷ যিসকল যুৱকে দেশজুৰি প্ৰতিৰক্ষা খণ্ডত নিজৰ কেৰিয়াৰ গঢ় দিব বিচাৰে আৰু প্ৰতিৰক্ষা ক্ষেত্ৰ মানে কেৱল ইউনিফৰ্ম আৰু লাঠি নহয়, সেই ক্ষেত্ৰ বহুত ব্যাপক৷ তাত সুপ্ৰশিক্ষিত মানৱ সম্পদ গঢ় দিয়াটো সময়ৰ আহ্বান৷ সেইবাবে প্ৰতিৰক্ষা খণ্ডত একবিংশ শতিকাৰ যি প্ৰত্যাহ্বান আছে, সেই প্ৰত্যাহ্বান অনুকূল আমাৰ ব্যৱস্থাৱলীও বিকশিত হওক আৰু সেই ব্যৱস্থাসমূহো চম্ভালি লোৱা ব্যক্তিত্বও বিকশিত হওক আৰু সেই সন্দৰ্ভত এক দৃষ্টিভংগী লৈ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ স্থাপন কৰা হৈছিল৷ আৰম্ভণিতে গুজৰাটত সেইখন প্ৰতিৰক্ষা শক্তি বিশ্ববিদ্যালয় হিচাপে জনাজাত আছিল৷ পৰৱৰ্তী সময়ত চৰকাৰে সেই প্ৰতিষ্ঠানক সমগ্ৰ দেশৰ বাবে এক গুৰুত্বপূৰ্ণ বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি প্ৰদান কৰে আৰু আজি ই দেশৰ এখন দৃষ্টি, অলংকাৰত পৰিণত হ’ল, যি ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বাবে ইয়াত যি চিন্তন, মনন, শিক্ষা, প্ৰশিক্ষণ হ’ব, সেয়া ৰাষ্ট্ৰৰ ৰক্ষাৰ বাবে অনগাত সময়ত দেশৰ আভ্যন্তৰীণ খণ্ডত এক নতুন বিশ্বাস গঢ় দিব৷ আজি যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অধ্যয়ণ কৰি উত্তীৰ্ণ হৈছে, তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা জনাইছো৷
আজি এক পবিত্ৰ উৎসৱ৷ আজিৰ দিনটোতে লৱণ সত্যাগ্ৰহৰ বাবে এই ভূমিৰ পৰা দাণ্ডি যাত্ৰাৰ আৰম্ভ হৈছিল৷ ইংৰাজৰ অন্যায়ৰ বিৰুদ্ধে গান্ধীজীৰ নেতৃত্বত যি আন্দোলন আৰম্ভ হৈছিল, তাত ইংৰাজৰ নিৰ্দেশৰ বিৰুদ্ধে আমাৰ ভাৰতীয়সকলে সামূহিক সামৰ্থ্যৰ অনুমান দিছিল৷ মই দাণ্ডি যাত্ৰাত সন্মিলিত সকলো সত্যাগ্ৰহীসকলক স্মৰণ কৰিছো আৰু স্বাধীনতাৰ ৭৫ বছৰ যেতিয়া উদযাপন কৰিছো, তেনে অৱস্থাত বীৰ স্বাধীনতা সেনানীসকলক সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷
বন্ধুসকল,
আজিৰ দিনটো শিক্ষাৰ্থী, শিক্ষক, অভিভাৱকসকলৰ বাবে বহুত ডাঙৰ দিন, কিন্তু মোৰ বাবে এক স্মৰণীয় সৌভাগ্য৷ ইতিমধ্যে অমিত ভায়ে কোৱাৰ দৰে এই কল্পনাৰে এই বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে আৰু স্বাভাৱিক এই লৈ দীৰ্ঘ সময় ধৰি মন্থল হৈছিল, বহু বিশেষজ্ঞৰ পৰা মই বাৰ্তা লৈছিলো৷ বিশ্বত এই ক্ষেত্ৰত কি কি আছে ইয়াৰ অধ্যয়ন কৰিছিলো আৰু সকলো দিশ চালিজাৰি চোৱাৰ পাছত এক ক্ষুদ্ৰ ৰূপত এই গুজৰাটৰ ভূমিত ইয়াৰ আকৃতি দিয়া হয়৷ বৃটিছৰ শাসনকালত প্রতিৰক্ষাৰ বিষয়ত ধাৰণা সম্পর্কে জনাৰ বাবে আমি দেখিছো যে প্রতিৰক্ষা ব্যৱস্থাপনা সেই সময়ত দেশৰ আইন-শৃংখলাৰ অধীন আছিল। সেয়েহে, বৃটিছসকলে শক্তিশালী লোকক নিয়োগ কৰিছিল, যিসকলৰ শাসনৰ জৰিয়তে তেওঁলোকে সাম্রাজ্য পৰিচালনা কৰিছিল৷ সেই সময়ত বৃটিছসকলে বিভিন্ন জাতি-গোষ্ঠীৰ লোকক বাছনি কৰিছিল, তেওঁলোকৰ কাম আছিল ভাৰতৰ জনসাধাৰণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা, যাতে বৃটিছসকলে সহজে শাসন কাৰ্য চলাই যাব পাৰে৷ স্বাধীনতাৰ পাছত এই ক্ষেত্রত সংস্কাৰৰ লগতে আমূল পৰিৱর্তনৰ প্রয়োজন আছিল। কিন্তু দুর্ভাগ্যজনকভাৱে আমি পিছপৰি থাকিলো৷ ফলস্বৰূপে সাধাৰণ মানুহে সকলো সময়তে আৰক্ষীৰ পৰা দূৰত অৱস্থান৷
সেনাবাহিনীৰ সদস্যসকলেও ইউনিফর্ম পৰিধান কৰে৷ কিন্তু সেনাবাহিনীৰ সন্দৰ্ভত আমাৰ ধাৰণা কি? মানুহে যিকোনো সংকটৰ শেষত উপলব্ধি কৰে, যেতিয়াই তেওঁলোকৰ প্রয়োজন হয়, তেতিয়াই তেওঁলোকে সেনাবাহিনীক পাইছে৷ সেনাবাহিনী সম্পর্কে এয়াই সাধাৰণ মানুহৰ ধাৰণা। সেইবাবেই ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্রত এনে মানৱসম্পদ গঢ়ি তোলা অতি জৰুৰী, যিসকলৰ উপস্থিতিৰ বাবে সাধাৰণ মানুহৰ মনত আস্থা আৰু সদ্ভাৱ গঢ় লয়। আমাৰ প্রশিক্ষণ ব্যৱস্থাৰ পৰিৱর্তন ঘটোৱা অতি প্রয়োজন। বহুত আলোচনাৰ পাছত আজি এই বিশ্ববিদ্যালয়ক ৰাষ্ট্রীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ মর্যাদা দিয়া হৈছে৷
অতীতত নিৰাপত্তাৰ অর্থ আছিল ইউনিফর্ম, ক্ষমতা, পিষ্টল ইত্যাদি৷ বৰ্তমান সেইদিন নাই৷ প্রতিৰক্ষা খণ্ডত এতিয়া নতুন নতুন প্ৰত্যাহ্বান গঢ় লৈছে৷ আগতে এটা স্থানত কিবা ঘটনা ঘটিলে তাৰ খৱৰ সমীপৰ গাঁৱত পাওঁতেই এদিন সময় লাগিছিল৷ প্রশাসনৰ ওচৰত সেই খবৰ পাওঁতে ২৪-৪৮ ঘণ্টা লাগিছিল৷ ইয়াৰ পাছত আৰক্ষী গৈ পৰিস্থিতি নিয়ন্ত্রণ কৰাত প্রয়োজনীয় পদক্ষেপ লৈছিল৷ আজি যিকোনো খবৰ এক ছেকেণ্ডতকৈও কম সময়তে বিয়পি পৰে৷
এনে অৱস্থাত এটা স্থানত যদি সকলো ব্যৱস্থা সীমাবদ্ধ থাকে, সেই স্থানৰ পৰা ঘটনাস্থলী পাওঁতে সময় লাগিছিল৷ সেয়েহে, প্রত্যেক ইউনিটৰ সমান দক্ষতা, ক্ষমতা আৰু সমসংখ্যক সদস্য থকা প্রয়োজন। তেতিয়াহ’লে পৰিস্থিতি মোকাবিলা কৰা সম্ভৱ৷ কেৱল সংখ্যাৰ হিচাপতে নহয়, প্রতিটো পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ দক্ষ আৰু প্রশিক্ষিত মানৱসম্পদৰ প্রয়োজন, যিসকলে যিকোনো পৰিস্থিতি মোকাবিলা কৰিব পাৰিব, সকলোধৰণৰ প্রযুক্তি ব্যৱহাৰ কৰিব পাৰিব আৰু সাধাৰণ মানুহৰ মনস্তত্ত্ব সম্পর্কে তেওঁলোকৰ ধাৰণা থাকিব৷ তৰুণ প্রজন্মৰ সৈতে কিদৰে মত বিনিময় কৰিব, আকৌ গণ আন্দোলনত অংশগ্রহণকাৰী নেতৃবৃন্দৰ সৈতে কেনেকৈ পৰিস্থিতি মোকাবিলা কৰিব, যাৰ জৰিয়তে আলোচনাত বহৰ সুযোগ গঢ় লৈ উঠিব, এই সকলো দিশ তেওঁলোকে জানিব লাগিব৷
প্রতিৰক্ষা ক্ষেত্রত প্রশিক্ষণপ্ৰাপ্ত মানৱসম্পদৰ অভাৱত আলোচনাত বহাৰ সুযোগ নষ্ট হ’ব পাৰে, কেতিয়াবা এটা ভুল শব্দ প্রয়োগৰ ফলত পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰত যাব পাৰে৷ মই ক’ব বিচাৰিচো যে আমি এনে মানৱসম্পদ গঢ়ি তুলিব লাগিব, যিসকলে সমাজ বিৰোধীসকলৰ কঠোৰভাবে নিয়ন্ত্রণ কৰিব, আকৌ গণতান্ত্রিক ৰীতি-নীতি মানি জনকল্যাণক অগ্রাধিকাৰ দি সমাজৰ সৈতে সুন্দৰভাবে থাকিব। আমি প্রায়ে বিশ্বৰ বিভিন্ন প্রান্তৰ আৰক্ষীৰ সুন্দৰ ভাৱমূর্তিৰ কথা জানো৷ কিন্তু, আমাৰ দেশৰ দুর্ভাগ্য এই যে যদি কোনো চিনেমা প্ৰস্তুত কৰা হয়, তেতিয়াহ’ল দেখিব, তাত আৰক্ষীৰ চৰিত্রক ভালদৰে ফুটাই তোলা হোৱা নাই৷ সংবাদপত্রতো একেখন ছবিকে পোৱা যায়। ফলস্বৰূপে, আমি প্ৰকৃত খবৰবোৰ নাপাও৷ শেহতীয়াভাৱে, সামাজিক মাধ্যমৰ জৰিয়তে ক’ৰোনা কালৰ বহুত ভিডিঅ’ পোহৰলৈ আহিছে৷ য’ত আৰক্ষীসকলে প্রয়োজনত সাধাৰণ মানুহৰ কাষত থিয় দিছে৷ ৰাতি এজন আৰক্ষীয়ে ভোকাতুৰ লোকক খাদ্য যোগান ধৰিছে৷ অথবা লকডাউনৰ বাবে যিসকলৰ ঘৰত ঔষুধ নাই, তেওঁলোকক আৰক্ষীয়ে ঔষধ যোগান ধৰিছে৷ আৰক্ষীৰ এই মানৱীয়তাৰ ছবি ক’ৰোনাৰ সময়ত পোহৰলৈ আহিলেও সময়ৰ লগে লগে সেয়া অস্পষ্ট হৈ গৈছে৷
তাৰমানে এইটো নহয় যে সকলো শেষ হৈ গৈছে। কিন্তু আগতকৈ কিছু ধাৰণা মনৰ মাজত থকাৰ বাবে আৰু এটা নেতিবাচক পৰিৱেশত কোনোৱে যদি ভাল কিবা কৰিবলৈ যায়, তেতিয়া হ’লে তেওঁ হতাশ হৈ পৰিব। আপোনালোকে, তৰুণ বন্ধুসকলে এই পৰিৱেশ সলনি কৰক৷ আপোনালোকৰ মা-দেউতাই আপোনালোকক ইয়ালৈ পঠিয়াইছে, কাৰণ তেওঁলোকে আশা কৰে, আপোনালোকে সাধাৰণ মানুহৰ অধিকাৰ ৰক্ষা কৰিব, তেওঁলোকক নিৰাপত্তা দিব আৰু এক শান্ত ঐক্যবদ্ধ আৰু সম্প্রীতিৰ পৰিৱেশ বজাই ৰাখিব৷ এই ক্ষেত্রত আপোনালোকে নিজৰ ভূমিকা নির্ধাৰণ কৰিব লাগিব, যাতে প্রত্যেক মানুহে আনন্দৰে জীৱনধাৰণ কৰিব পাৰে আৰু যিকোনো উৎসৱ মানুহে আনন্দ আৰু গৌৰৱেৰে পালন কৰিব পাৰে। নিৰাপত্তা বাহিনী হিচাপত দেশৰ সেৱাৰ বাবে শাৰীৰিক শক্তিৰ প্রয়োজন আছে, কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে৷ সেয়েহে, আমাক প্রশিক্ষণপ্ৰাপ্ত মানৱসম্পদৰ প্রয়োজন। বৰ্তমান পৰিয়ালসমূহ সৰু হৈ গৈছে৷ আগতে যুটীয়া পৰিয়ালত মা-দেউতা, ককা-আইতা, ভাই-ভনী আৰু দাদা-বৌসকল আছিল৷ যিসকলে তেওঁলোকৰ ঘৰৰ কোনো সদস্য আৰক্ষী বিভাগত দীর্ঘদিন কৰ্তব্য সম্পাদন কৰি আহিলে তেওঁৰ যত্ন লৈছিল। সেই আৰক্ষীসকলে ঘৰত আৰাম কৰিছিল আৰু আকৌ পিছদিনা কাম যাবলৈ প্রস্তুত হৈছিল। কিন্তু, বৰ্তমান সৰু সৰু পৰিয়াল। সেয়েহে, এজন জোৱানে দিনত ৬-১৬ ঘণ্টা প্রতিকূল পৰিস্থিতিত কৰ্তব্য সম্পাদন কৰাৰ পাছত ঘৰলৈ ঘূৰি আহিলে তেওঁৰ বাবে কোনেও অপেক্ষা নকৰে৷ তেওঁৰ মা-দেউতা তাত নাই, কোনো ব্যক্তিয়ে তেওঁৰ বিচাৰ নলয়৷ এনে পৰিস্থিতিত আমাৰ নিৰাপত্তা বাহিনীসমূহৰ বাবে মানসিক চাপ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান৷ এজন জোৱানে তেওঁৰ পৰিয়াল আৰু কর্মক্ষেত্রত বিভিন্ন সমস্যাৰ কাৰণে মানসিক চাপত থাকে৷ সেয়েহে, নিৰাপত্তা বাহিনীসমূহত মনৰ চাপ হ্ৰাস কৰাৰ প্রয়োজনীয় ব্যৱস্থা লোৱা দৰকাৰ৷ এই ক্ষেত্ৰত প্রশিক্ষকৰ প্রয়োজন। প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ে এই ধৰণৰ প্রশিক্ষক গঢ় দিব পাৰে, যিসকলে ইউনিফর্ম পৰিধান কৰা মানুহবোৰৰ মেজাজ ভালে ৰখাত সহায় কৰে৷
বৰ্তমান সেনাবাহিনী আৰু আৰক্ষী বাহিনীত যোগাসনৰ বাবে বহু শিক্ষকৰ প্রয়োজন। যিসকলে মানসিক চাপ কমায়৷ এইবোৰ প্রতিৰক্ষা ক্ষেত্রত নতুন কামৰ সুযোগ।
একেদৰে, প্রযুক্তিও এতিয়া ডাঙৰ প্ৰত্যাহ্বান হৈ ঠিয় দিছে। মই দেখিছো বিশেষজ্ঞৰ অভাৱত নির্দিষ্ট সময়ত আমি যি কৰাৰ প্রয়োজন আছিল, সেয়া কৰিব পৰা নাই৷ বহুত দেৰিকৈ সেই কাম আৰম্ভ হৈছে। যেনে–চাইবাৰ নিৰাপত্তা বা অপৰাধ জগতত প্রযুক্তিৰ ব্যৱহাৰ৷ আকৌ চাওক, প্রযুক্তিয়ে অপৰাধক চিনাক্ত কৰাত সহায় কৰিছে। অতীতত ক’ৰবাত চুৰি হ’লে চোৰক বিচাৰি উলিয়াবলৈ বহু সময় লাগিছিল৷ কিন্তু, এতিয়া চিচিটিভি কেমেৰা আছে। সেয়েহে, চিচিটিভিৰ ফুটেজ চাই কোনো ব্যক্তি-বিশেষৰ গতিবিধি সম্পর্কে জানিব পৰা যায়। সেই চোৰ ধৰিবলৈ কৃত্রিম বুদ্ধিমত্তাৰ সহায় লোৱা হয়।
অপৰাধ জগতে এতিয়া প্রযুক্তি ব্যৱহাৰ কৰিছে। সেইদৰে নিৰাপত্তা বাহিনীৰ বাবে প্রযুক্তি অতি শক্তিশালী অস্ত্র হৈ পৰিছে। কিন্তু, প্রশিক্ষণ অবিহনে সঠিক লোকে কেতিয়াও সঠিক অস্ত্রৰে সঠিক সময়ত কাম কৰিব নোৱাৰে৷ আপোনালোকে যেতিয়া কেচ ষ্টাডি কৰে, তেতিয়া আপোনালোকে দেখিবলৈ পায়, কিদৰে অপৰাধীসকলে প্রযুক্তি ব্যৱহাৰ কৰি অপৰাধ কৰিছে। একদৰে প্রযুক্তি ব্যৱহাৰ কৰি এই অপৰাধ চিনাক্ত কৰা সম্ভৱ হৈছে।
বৰ্তমান প্রতিৰক্ষা ক্ষেত্রত শাৰীৰিক ব্যায়াম আৰু পেৰেড কৰাই যথেষ্ট নহয়। কেতিয়াবা আমি ভাবো যে শাৰীৰিকভাবে সক্ষম নোহোৱাৰ সত্ত্বেও আমাৰ দিব্যাংগ ভাই-ভনীসকলে প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ পৰা প্রশিক্ষণ লৈ প্রতিৰক্ষা ক্ষেত্রত কি কি কাম নোৱাৰে নে! বৰ্তমান বহুত সুযোগ আছে। এই প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ে সেইদিশত আগুৱাই আহিব লাগিব, যাতে এই সুযোগ সৃষ্টিৰ বাবে প্রয়োজনীয় ব্যৱস্থা গঢ়ি তুলিব পৰা যায়।
গৃহ পৰিক্ৰমা মন্ত্রীয়ে যিদৰে কৈছে যে গান্ধীনগৰ এতিয়া শিক্ষা জগতৰ অন্যতম কেন্দ্র হৈ পৰিছে। ইয়াত বহুত বিশ্ববিদ্যালয় আছে। তাৰ মাজত দুখন বিশ্ববিদ্যালয় পৃথিৱীৰ ক’তোৱেই নাই। সমগ্ৰ পৃথিৱীৰ ক’তো ফৰেন্সিক চায়েন্স বিশ্ববিদ্যালয় বা শিশুসকলৰ বিশ্ববিদ্যালয় নাই, যি গান্ধীনগৰত আছে।
একেদৰে, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ জৰিয়তে অপৰাধীকে চিনাক্ত কৰে বিচাৰ পোৱাৰ ক্ষেত্রত সুবিধা হ’ব। কিন্তু, ইয়াৰ প্রকৃত ফল তেতিয়াহে পোৱা যাবে, যেতিয়া এই ৩খন বিশ্ববিদ্যালয় অর্থাৎ ৰাষ্ট্রীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়, ফৰেন্সিক চায়েন্স বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ে পৃথকে নহয়, বৰঞ্চ একেলগে কাম কৰিব। তেতিয়াই আমি কাংক্ষিত ফল পাম৷
বৰ্তমান যেতিয়া মই আপোনালোকৰ মাজত আছো, তেতিয়া সকলো বিষয়াবৰ্গক অনুৰোধ কৰিম যে প্রতি তিনি মাহ মুৰে মুৰে এই ৩খন বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রী আৰু ফেকাল্টিক লৈ এক ছীম্প’জিয়ামৰ ব্যৱস্থা কৰক। ইয়াৰ জৰিয়তে দেশৰ নিৰাপত্তা ব্যৱস্থাক শক্তিশালী কৰাৰ নতুন আৰ্হি গঢ় ল’ব৷ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রীসকলে আইনী কামত ফৰেন্সিক চায়েন্সে কিদৰে সহায় কৰিব পাৰে, সেই বিষয়ে ধাৰনা লাভ কৰিব৷
যিসকলে অপৰাধীক চিনাক্ত কৰাৰ বাবে পঢ়া-শুনা কৰিছে, তেওঁলোকে দেখিব, কোনো প্রমাণক কামত লগাই তেওঁলোকে গোছৰটোৰ কিদৰে সমাধান কৰিব আৰু ফৰেন্সিক চায়েন্স বিশ্ববিদ্যালয়ৰ পৰা কিদৰে কাৰিকৰী সহায়তা পাব৷ একেদৰে, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ পৰা আইনী সহায়ৰ জৰিয়তে অপৰাধীৰ শাস্তি নিশ্চিত কৰিব আৰু দেশক ৰক্ষা কৰিব৷ যেতিয়া বিচাৰ ব্যৱস্থা সঠিক সময়ত বিচাৰ নিশ্চিত কৰে আৰু অপৰাধীকে শাস্তি দিয়ে, তেতিয়া অপৰাধীসকলেও অন্যায় কৰিবলৈ ভয় কৰিব৷
মই বিচাৰো যে প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ে এনে ছাত্র-ছাত্রী গঢ় দিয়ক, যিসকলে দেশৰ কাৰাগাৰ ব্যৱস্থা সম্পর্কে তেওঁলোক দক্ষ হয়৷ কাৰাগাৰসমূহত কিদৰে আধুনিক ব্যৱস্থা প্রয়োগ কৰিব পৰা যায়, কিদৰে কাৰাবন্দীসকল অথবা বিচাৰাধীন বন্দীসকলৰ মনস্তত্ত্ব বুজিব পৰা যায় তেওঁলোকক অপৰাধ জগতৰ পৰা ঘূৰাই আনিব পৰা যাব, সেই বিষয়ে এই বিশ্ববিদ্যালয়েৰ ছাত্র-ছাত্রীসকলে গুৰুত্বপূর্ণ ভূমিকা পালন কৰক। তেওঁলোকে জানক, কি পৰিস্থিতিতে এইবোৰ মানুহে অপৰাধ জগতত খোজ দিবলৈ বাধ্য হৈছে। প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ে এই বিষয়টোক লৈ কাম কৰাটো প্রয়োজন।
আমি এই ধৰণৰ ছাত্র-ছাত্রী গঢ় দিব নোৱাৰে নে, যিসকলে কাৰাগাৰসমূহত সংস্কাৰ আনিব পাৰে, কাৰাগাৰৰ পৰিৱেশ সলনি কৰিব পাৰে, কাৰাবন্দীৰ মনস্তত্ত্ব উপলব্ধি কৰিব পাৰে আৰু যেতিয়া কাৰাগাৰৰ পৰা এইসকল বন্দী ওলাই আহিব, তেতিয়া তেওঁলোকে যাতে ভাল মানুহ হৈ পৰে, সেয়া নিশ্চিত কৰিব। ইয়াৰ বাবে প্রয়োজন দক্ষ মানৱসম্পদ। উদাহৰণ হিচাপে ক’ব পাৰি যে যদি কোনোৱে আৰক্ষী বাহিনীত আইন-শৃঙ্খলা লৈ কাম কৰে, সেই সময়ত তেওঁক হঠাৎ কাৰাগাৰত কাম কৰিবলৈ কোৱা হয়, তেওঁ হয়তো সমস্যাত পৰিব। কাৰণ তেওঁৰ অপৰাধীক লৈ কাম কৰাৰ প্রশিক্ষণ নাই। কিন্তু এই ব্যৱস্থাৰ পৰিৱর্তন সাধন কৰা দৰকাৰ৷ মই ভাৱো যে এই ক্ষেত্রৰ প্রসাৰ ঘটোৱা প্রয়োজন, যাতে আমি তেওঁলোকক যিকোনো কামত লগাব পাৰো৷
আজি প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ এটা ভৱন উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হৈছে। যেতিয়া আমি এই বিশ্ববিদ্যালয়ৰ বাবে ভূমি বিচাৰিছিলো, তেতিয়া বহু প্রশ্ন উদয় হৈছিল, বহুত চাপ আহিছিল। সকলোৱে কৈছিল যে আপোনালোকে এইবোৰ কি কৰিছে? তাকো ইমান দূৰৈত৷ কিন্তু, মই কৈছিলো কোনোৱে যদি গান্ধীনগৰৰ পৰা ২৫-৫০ কিলোমিটাৰ দূৰলৈ পঢ়িবলৈ যায়, তাৰ বাবে সেই বিশ্ববিদ্যালয়ৰ গুৰুত্ব নকনে৷ যদি সেই বিশ্ববিদ্যালয়ৰ সম্ভাবনা থাকে, তেতিয়াহ’লে সেয়াই গান্ধীনগৰৰ কেন্দ্রস্থল হৈ পৰিব পাৰে৷ বৰ্তমান ইয়াত ইমানবোৰ ভৱন দেখি মোৰ ভাৱ হৈছে আৰম্ভণি সঠিক হৈছিল।
এই ভৱনসমূহৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব কেৱল এজন ঠিকাদাৰ বা চৰকাৰী বাজেটৰ ওপৰত নির্ভৰ নকৰে৷ ইয়াত যিসকল লোকে বসবাস কৰিব, তেওঁলোকে যদি এই ঘৰসমূহ নিজৰ বুলি ভাৱে আৰু প্রতিখন বেৰ, দৰ্জা-খিডিকী, আচবাবপত্র সঠিকভাৱে ৰক্ষণাবেক্ষণ কৰে, তেতিয়াহ’লে কোনো সমস্যা নাথাকে৷
৫০ বছৰ পূৰ্বে আহমেদাবাদত যেতিয়া আইআইএম গঢ় লৈ উঠিছিল, তেতিয়া ইয়াৰ চৌহদক দেশৰ আদর্শ চৌহদ বুলি ধৰা ধৰা হৈছিল৷ পৰৱর্তী সময়ত যেতিয়া ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় নিৰ্মাণ হ’ল, তেতিয়া সমগ্ৰ দেশৰ মানুহ ইয়াৰ প্রতি আকৃষ্ট হ’ল৷ মোৰ দৃঢ় বিশ্বাস, প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ চৌহদো অনাগত দিনত আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিব। আইআইটি, শক্তি বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ফৰেন্সিক চায়েন্স বিশ্ববিদ্যালয়ৰ সৈতে প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ প্ৰাংগনো আন এক ৰত্ন হিচাপে বিবেচিত হ’ব। সেইবাবেই আপোনালোক সকলোকে মই অভিনন্দন জনাইছো৷
মই সমাজৰ মেধাৱী ছাত্র-ছাত্রীসকলক কও যে এই বিশ্ববিদ্যালয়ক অবহেলা কৰাৰ কোনো কাৰণ নাই। দেশসেৱাৰ কামত এই বিশ্ববিদ্যালয়েও প্রচুৰ পৰিমাণে সুযোগ দিব পাৰে৷ একেদৰে, যিসকল ইয়ালৈ আহিছে, আমাৰ আৰক্ষী কর্মীসকল আৰু গৃহ মন্ত্ৰালয়ৰ বন্ধুসকল–তেওঁলোকে যেন ইয়াক সঁচাকৈয়ে এক আৰক্ষী বিশ্ববিদ্যালয় বুলি নাভাবে৷ এয়া প্রতিৰক্ষা বিশ্ববিদ্যালয়, য’ত সমগ্ৰ দেশৰ প্রতিৰক্ষাৰ বাবে মানৱসম্পদ গঢ় দিয়া হৈছে। ইয়াত যিসকল ছাত্র-ছাত্রীয়ে ডিগ্ৰী অর্জন কৰিব, তেওঁলোকে বিভিন্ন স্থানত কাম কৰিবলৈ যাব৷ এইসকল ছাত্র-ছাত্রীৰ মাজত কোনো কোনোৱে প্রতিৰক্ষা বাহিনীৰ সদস্যৰ বাবে জ্ঞান অৰ্জন কৰি বিশেষজ্ঞ হৈ পৰিব৷ কোনোৱে আকৌ অপৰাধৰে মোকাবিলা কৰিব পৰা চফটৱেৰ গঢ় দিব, য’ত বহু বিশেষজ্ঞ জড়িত থাকিব৷ কেৱল ইউনিফর্ম পিন্ধাটোৱেই জৰুৰী নহয়, একেদৰে সকলোৱে মিলি কাম কৰিলে ভাল ফল পোৱা যায়, এই ভাৱনাৰে আমি এই বিশ্ববিদ্যালয়ৰ অগ্রগতিৰ কথা বিবেচনা কৰিম৷ ফৰেন্সিক চায়েন্স বিশ্ববিদ্যালয় আৰু প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ক আমি দেশ জুৰি প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছো৷ সৰুৰে পৰা বহু ছাত্র-ছাত্রীয়ে ভাবে যে তেওঁলোকে ক্রীড়াবিদ হ’ব বা চিকিৎসক বা অভিযন্তা হ’ব৷ ইউনিফর্মৰ বিষয়ত এটা নেতিবাচক ভাৱনা সমাজৰ মাজত যদিও আছে, তথাপি মই নিশ্চিত যে যদি ইউনিফর্ম পৰা এই বাহিনীৰ সদস্যসকলে মানৱীয় মূল্যবোধক সন্মান দি কঠোৰ পৰিশ্রম কৰে, তেতিয়া হ’লে আমি সাধাৰণ মানুহৰ মাজত এই ধাৰণাৰ পৰিৱর্তন ঘটাব পাৰিম আৰু আস্থা অর্জন কৰিব পাৰিম। বৰ্তমান বেচৰকাৰী নিৰাপত্তা ক্ষেত্রত অভূতপূর্ব প্রসাৰ ঘটিছে। বহুত নতুন নতুন ষ্টার্টআপ গঢ় লৈ উঠিছে, যিসকলে কেৱল প্রতিৰক্ষা ক্ষেত্রত কাম কৰিছে। আপোনালোকৰ প্রশিক্ষণে এই ধৰণৰ নতুন ষ্টার্টআপৰ পৃথিৱীত সোমাই যোৱাত সহায় কৰিব।
যেতিয়া দেশৰ যুবসম্প্রদায়ে প্রতিৰক্ষা বাহিনীক গুৰুত্ব দিছে, সেই সময়তে আন এটা গুৰুত্বপূর্ণ দিশৰ প্ৰতি আমি খেয়াল ৰাখিব লাগিব৷ যিদৰে মই কৈছিলো আলোচনা কৰাটোও একটা শিল্প৷ উপযুক্ত প্রশিক্ষণৰ জৰিয়তে ভাল আলোচক হৈ উঠা সম্ভৱ। আন্তর্জাতিক ক্ষেত্রত এইসকল আলোচকে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে। ক্রমশঃ আপোনালোকে আন্তর্জাতিক স্তৰৰ আলোচক হৈ পৰিব৷
মই ভাৱো সমাজৰ আৰু এটা চাহিদা আছে। আপুনি যদি জনৰোষৰ মনস্তত্ত্ব সম্পর্কে অধ্যয়ণ নকৰে, বহুত মানুহে এটা স্থানতে থাকিলে, তেওঁলোকৰ চিন্তাভাৱনাক বিজ্ঞানসম্মতভাবে বিশ্লেষণ কৰিব নোৱাৰে, তেতিয়া আপুনি পৰিস্থিতিৰ মোকাবিলা কৰিব নোৱাৰিব৷ এই প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ জৰিয়তে আমি বিচাৰো এই ধৰণৰ পৰিস্থিতি মোকাবিলা কৰিব পৰা দক্ষ মানৱ সম্পদ গঢ় লৈ উঠক। দেশ ৰক্ষাৰ বাবে প্রতিটো স্তৰত আমাৰ প্রয়োজনীয় কর্মশক্তি গঢ়ি তুলিব লাগিব৷ মই আশা কৰো একেলগে আমি সেই কাম কৰিব পাৰিম।
বৰ্তমান যিসকলে পঢ়া-শুনা শেষ কৰিছে, মই তেওঁলোকক অভিনন্দন জনাইছো। কিন্তু, একেদৰে মই আপোনালোকৰ কও যে যেতিয়া আপোনালোকে ইউনিফর্মত থাকিব, তেতিয়া কোনো ভুল কাম নকৰিব৷ যেতিয়া মানৱীয়তা বজাই ৰাখিব, আপোনাৰ কামৰ মাজত সহমৰ্মিতা থাকিব, আপুনি যেতিয়া মা, ভনী, সমাজৰ পিছপৰা বা নির্যাতিত, অৱহেলিত মানুহৰ বাবে কিবা এটা কৰিব বিচাৰে, তেতিয়া আপোনাৰ এই বৃত্তিৰ সন্মান বহুগুনে বৃদ্ধি পাব৷ সেয়েহে, বন্ধুসকল, মই ভাৱো জীৱনত মানৱীয় মূল্যবোধ অত্যন্ত গুৰুত্বপূর্ণ। এই সমাজত সকলোকে লৈ আগুৱাই যোৱাৰ মানসিকতা গঢ়ি তুলিব লাগিব৷ সেয়েহে মই বিচাৰো এই পোচাকে সেই ক্ষেত্রত তাৰ প্রভাৱ বিস্তাৰ কৰক। কিন্তু, কেতিয়াও যেন সেয়া মানৱীয় মূল্যবোধ শূন্য নহয়। আমাৰ তৰুণ প্রজন্মই যদি এই ভাৱানাৰে আগুৱাই যায়, তেতিয়া হ’লে আমি ভাল ফল পোৱাটো নিশ্চিত৷
মই যেতিয়া কেইগৰাকীমান ছাত্র-ছাত্রীক ডিগ্ৰী প্ৰদান কৰিলো, তেতিয়া মই ভাৱিলো যে ইয়াত ছাত্রীৰ সংখ্যা বোধ হয় অধিক। তাক লৈ মই অত্যন্ত আনন্দিত হৈছো। অর্থাৎ আৰক্ষী বাহিনীত প্রচুৰ মহিলাই কাম কৰিছে৷ কেৱল ইমানেই নহয়, বৰ্তমান আমাৰ কন্যাসকলে সেনাবাহিনীৰ গুৰুত্বপূর্ণ পদতো অধিষ্ঠিত হৈছে৷ একেদৰে মই লক্ষ্য কৰিছো যে এনচিচিটো বিপুল সংখ্যক কন্যাই যোগ দিছে। বৰ্তমান কেন্দ্র চৰকাৰে এনচিচিৰ পৰা প্রশিক্ষিতসকলৰ বাবে আৰু অধিক সুযোগ গঢ়ি তুলিছে। সীমান্ত অঞ্চলৰ স্কুলসমূহত কেতিয়াবা কেতিয়াবা আপোনালোকেও এনচিচিৰ জৰিয়তে কাম কৰিব পাৰে।
সৈনিক বিদ্যালয়সমূহত ছোৱালীৰ নামভর্তিৰ ক্ষেত্রত কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে। আমি দেখিছো যে আমাৰ ছোৱালীসকলে প্রতিটো ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। এয়াই তেওঁলোকৰ শক্তি। যেতিয়া অলিম্পিকত বিজয় নিশ্চিত হৈছে, বিজ্ঞান আৰু শিক্ষাত কন্যাসকলে আৰু অধিক পৰিমাণে যুক্ত হৈছে, তেতিয়া মই ভাৱো যে প্রতিৰক্ষা ক্ষেত্রতো তেওঁলোকে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰিব। আমি ইয়াৰ বাবে কেতবোৰ উল্লেখযোগ্য পদক্ষেপ লৈছো৷ আমাৰ প্রথম বেটচত উত্তীর্ণ হোৱা ছাত্র-ছাত্রীসকলৰ দায়িত্ব হ’ল সেইসকলক সফল কৰি তোলা। মই আপোনালোকৰ সন্মুখত গুজৰাটৰ দুটা ঘটনা দাঙি ধৰিম৷ ইয়াৰ জৰিয়তে আপোনালোকে বুজিব পাৰিব, কিদৰে এই বিশ্ববিদ্যালয়ে গুৰুত্বপূর্ণ পৰিৱর্তন আনিব পাৰে আৰু মানৱসম্পদ উন্নয়ন সংক্রান্ত প্রতিষ্ঠান হিচাপে ইয়াৰ গুৰুত্ব কিমান। বহুদিন পূৰ্বে আহমেদাবাদৰ মহাজনসকলে, সমাজৰ বিশিষ্ট লোকসকল আৰু ব্যৱসায়ীসকলে গুজৰাটত এখন ফাৰ্মাচী কলেজ গঢ়ি তোলাৰ পৰিকল্পনা কৰে৷ ৫০ বছৰ পূৰ্বে সেই ফাৰ্মাচী কলেজে বৰ্তমানৰ গুজৰাটক ঔষধ উৎপাদন উদ্যোগৰ নেতৃত্ব দিছে৷ সেই কলেজৰ পৰা উত্তীৰ্ণ কৰা শিক্ষাৰ্থীয়ে গুজৰাটক ঔষধ উদ্যোগৰ কেন্দ্রত পৰিণত কৰিছে। ক’ৰোনাৰ পাছৰ সময়ত সমগ্ৰ বিশ্বই বৰ্তমান ভাৰতক ঔষধ ভাণ্ডাৰ হিচাপে বিবেচনা কৰিছে৷
একেদৰে, আহমেদাবাদৰ আইআইএম কোনো বিশ্ববিদ্যালয় নহয়। ইয়াৰ পৰা কোনো ডিগ্ৰী পাঠ্যক্ৰমো পঢ়ুওৱা নহয়৷ এইখন কোনো বিশ্ববিদ্যালয়ৰ অধীনত নহয়। এই প্রতিষ্ঠানৰ পৰা কেৱল চার্টিফিকেট কোৰ্চ পঢ়ুওৱা হয়। যেতিয়া এই প্রতিষ্ঠানে ইয়াৰ যাত্রা আৰম্ভ কৰে, বহুতে সেই সময়ত ভাৱিছিল ৬মাহ, ৮ মাহ বা ১২ মাহৰ এটা চার্টিফিকেট কোৰ্চৰ পৰা কি লাভ হ’ব। কিন্তু বৰ্তমান আইআইএম আগশাৰীৰ এটা প্রতিষ্ঠান। বিশ্বৰ অধিকাংশ মুখ্য কার্যর্বাহী বিষয়া এই শিক্ষানুষ্ঠানৰ পৰা উত্তীর্ণ হৈছে৷
বন্ধুসকল, মই প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ সম্ভাৱনাও দেখিছো৷ এই বিশ্ববিদ্যালয়ে ভাৰতৰ প্রতিৰক্ষা খণ্ডৰ ছবি সলনি কৰিব। আমাৰ তৰুণ প্রজন্মৰ বাবে নতুন নতুন সুযোগ আনিব। প্রথম প্রজন্মৰ বাবে দায়িত্ব অধিক। বিশেষকৈ, প্রথম সমাৱর্তনত যিসকল ছাত্র-ছাত্রীয়ে তেওঁলোকৰ ডিগ্ৰী লাভ কৰিলে, তেওঁলোকৰ দায়বদ্ধতা যথেষ্ট বেছি৷ সেহেয়ে, মই কও যিসকলে এই বিশ্ববিদ্যালয়ৰ পৰা সমৃদ্ধ হৈছে আৰু প্রথম সমাৱর্তনত তেওঁলোকৰ ডিগ্ৰী লাভ কৰিলে, তেওঁলোকে কামৰ জৰিয়তে বিশ্ববিদ্যালয়ৰ সন্মান আৰু অধিক বৃদ্ধি কৰিব৷ এয়াই আপোনালোকৰ জীৱনৰ মন্ত্র হৈ উঠক। সম্ভাৱনাপূৰ্ণ ল’ৰা-ছোৱালীৰ এই ক্ষেত্রৰ প্রতি উৎসাহিত কৰক৷ আপোনালোকে সমাজত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰিব৷
যদি আপোনালোকে এই কাম কৰিব পাৰে, তেতিয়া হ’লে মোৰ বিশ্বাস, স্বাধীনতাৰ অমৃত মহোৎসৱত যি যাত্রা আৰম্ভ হ’ল, স্বাধীনতাৰ শতবর্ষত দেশৰ প্রতিৰক্ষা খণ্ডৰ নতুন পৰিচয় গঢ় দিয়াত ই সহায় কৰিব৷ প্রতিৰক্ষা খণ্ড সম্পর্কে মানুহৰ ধাৰণা সলনি হ’ব। সাধাৰণ জনতা, সীমান্তত প্রহৰাৰত জোৱান, আপোনাৰ অঞ্চলৰ নিৰাপত্তা কর্মী–প্রত্যেকে দেখিব কিদৰে দেশক ৰক্ষা কৰাৰ ক্ষেত্রত সমাজ আৰু এটা ব্যৱস্থাই একেলগে কাম কৰিছে। স্বাধীনতাৰ শতবর্ষ যেতিয়া উদযাপন কৰা হ’ব, সেই সময়ত আমি এই শক্তিৰে সমৃদ্ধ হৈ উঠিম। সেই বিশ্বাসেৰে মই সমগ্ৰ যুৱসম্প্রদায়, তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ শুভেচ্ছা জনাইছো৷
বহুত বহুত ধন্যবাদ!