প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনত অষ্ট্ৰেলিয়াৰ মাননীয় এমপি, প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ক'ভিড-১৯ৰ দ্বিতীয় লহৰৰ বিৰুদ্ধে ভাৰতৰ যুঁজৰ বাবে অষ্ট্ৰেলিয়াৰ চৰকাৰ আৰু জনসাধাৰণৰ দ্বাৰা ব্যাপক হাৰত দ্ৰুত তথা উদাৰ সহযোগিতা আগবঢ়োৱা বাবে তেওঁৰ প্ৰশংসা কৰে।

দুয়োজন নেতাই বৈশ্বিক স্তৰত ক'ভিডৰে মোকাবিলা কৰিবলৈ টীকা আৰু ঔষধৰ সস্তা আৰু ন্যায়সংগত উপলব্ধতা সুনিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত সহমত ব্যক্ত কৰে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ট্ৰিপছৰ জৰিয়তে এক অস্থায়ী ৰেহাইৰ বাবে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দ্বাৰা ডব্লিউ টি অ'ত কৰা এটা পদক্ষেপৰ ওপৰত অষ্ট্ৰেলিয়াৰ সমৰ্থন বিচাৰে।

দুয়োজন নেতাই ৪ জুন, ২০২০ত আয়োজিত ভাৰ্চুৱেল সন্মিলনৰ পিছত ভাৰত-অষ্ট্ৰেলিয়া ব্যাপক ৰণনৈতিক চুক্তি সন্দৰ্ভত হোৱা অগ্ৰগতিৰ ওপৰত মনোযোগ দিয়ে আৰু ভৱিষ্যতে সহযোগিতা শক্তিশালী কৰা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কক উৎসাহিত কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে।

দুয়োজন নেতাই মাণ্ডলিক বিষয়সমূহৰ ওপৰতো আলোচনা কৰে আৰু এটা নিয়ম আধাৰিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা তথা এটা মুক্ত, খোলা আৰু সমাবেশী ইণ্ডো-পেচিফিক ক্ষেত্ৰৰ বাবে একেলগে কাম কৰাৰ গুৰুত্ব দোহাৰে।

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey

Media Coverage

Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 জুন 2025
June 08, 2025

PM Modi’s Vision of Women-led Development – Transforming Women into Nation Builders