প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আফগানিস্তানৰ ৰাষ্ট্ৰপতি মহম্মদ আশ্ৰফ ঘানিৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷ এই বাৰ্তালাপ যথেষ্ট সৌহাৰ্দ্যমূলক আছিল৷
প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ঘানিক ৰাষ্ট্ৰপতীয় নিৰ্বাচনৰ প্ৰাথমিক চৰকাৰী ফলাফলৰ ঘোষণাত অভিনন্দন প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে আফগানিস্তানত সম্পন্ন হোৱা সফল নিৰ্বাচনে দেশখনত গণতন্ত্ৰৰ ভেঁটি শক্তিশালী কৰিছে৷
ঘনিষ্ঠ মিত্ৰ তথা চুবুৰীয়া দেশ হিচাপে ভাৰতে আফগানিস্তানৰ ঐক্যতা, সাৰ্বভৌমতা, গণতান্ত্ৰিক ব্যৱস্থাৰ বাহাল তথা উত্তৰণৰ সহযোগী হৈ থকাৰ প্ৰতিশ্ৰুতি দোহাৰি প্ৰধানমন্ত্ৰীয়ে আফগানৰ নেতৃত্বত দেশখনত শান্তি স্থাপনৰ প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে আফগানিস্তানৰ কৌশলগত সহযোগী হিচাপে ভাৰতে নিৰৱচ্ছিন্নভাৱে আফগানিস্তানৰ বিকাশ, নিৰাপত্তা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত সহায় প্ৰদান কৰি থাকিব৷
ৰাষ্ট্ৰপতি ঘানিয়ে প্ৰধানমন্ত্ৰী, ভাৰত চৰকাৰ তথা দেশৰ জনসাধাৰণক আফগানিস্তানৰ বিকাশত সহযোগীৰ ভূমিকাত অৱতীৰ্ণ হোৱা বাবে কৃতজ্ঞতা প্ৰকাশ কৰে৷ তেওঁ দুয়োখন দেশ মাজত সৰ্বদিশত সহযোগিতা বৃদ্ধিৰ বাবে কামনা কৰে৷
দুয়োগৰাকী নেতাই নৱবৰ্ষৰ শুভেচ্ছা বিনিময় কৰে৷
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ঘানিক ভাৰতলৈ নিমন্ত্ৰণ জনায় আৰু ৰাষ্ট্ৰপতিগৰাকীয়ে এই নিমন্ত্ৰণ স্বীকাৰ কৰে৷
It is always a delight to talk to my friend, President @ashrafghani.
— Narendra Modi (@narendramodi) December 24, 2019
Congratulated him and the people of Afghanistan on the successful conduct of presidential polls and announcement of preliminary results
India values the strong friendship with Afghanistan. https://t.co/PeTMSV80oR
India will always support Afghanistan in their developmental needs and to fulfil the aspirations of Afghanistan’s people.
— Narendra Modi (@narendramodi) December 24, 2019
Close strategic partnership between our people benefits our nations. @ashrafghani https://t.co/t6GB34goQu